অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

চকু নমা বা জয়বাংলা

 

কেঁচুৱাৰ চকু নামিলে বা জয়বাংলা হ’লে মাকৰ গাখীৰতকৈ উৎকৃষ্ট দৰৱ একো নাই। মাকৰ গাখীৰ চামুচত লৈ নহয়, চকুটো মেলি লৈ চেপি দিব লাগে। এনেদৰে ২/৩ দিন দিলে ভাল হৈ যায়। আনকি ডাঙৰ মানুহৰ চকুতো তেনেদৰে চেপি দিলে ভাল হৈ যায়।

 

লেখিকা : চম্পাৱতী দেৱী।

উৎস : নন্দিনী।

শীতত প্ৰয়োজন ফলমূল আৰু শাক – পাচলি-

 

  • কমলা : শীতকালৰ এই ফালে আমাৰ শৰীৰত যথেষ্ট ইন্ধন যোগায়। শৰীৰটোক ঠাণ্ডাৰ পৰা বচাই ৰখাত সহায় কৰাৰ উপৰিও কমলাত থকা এণ্টি অক্সিডেণ্টৰ বাবে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাও বৃদ্ধি হয়।
  • পালেং শাক : এই বতৰত আন আন শাকৰ উপৰিও পালেং শাক যথেষ্ট পৰিমাণে ওলোৱা দেখা যায়। পালেং শাকত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ মজুত থকাৰ উপৰিও পুষ্টিকাৰক উপাদান পোৱা যায়।
  • মধুৰিআম : শীতত হৃদযন্ত্ৰৰ শক্তি বঢ়াবলৈ মধুৰিআম খাওক। লৌহ পদাৰ্থৰ উপৰিও লাইক’পিন থকা বাবে আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়।
  • গাজৰ : গাজৰত ভিটামিন এ, বি, চি, ডি, ই আৰু কে আদি সকলো ভিটামিনেই পোৱা যায়। কেঁচাকৈ খোৱাৰ উপৰিও হালোৱা তৈয়াৰ কৰিও খাব পাৰে।
  • কিৱি : বিদেশী ফল হ’লেও আজিকালি ইয়াৰ খেতি ভাৰততো কৰা হয়। প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা হেতুকে ই আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়।
  • আপেল : প্ৰতিদিনে এটাকৈ খালে নানা ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পৰা যায়। আপেলত এণ্টি অক্সিডেণ্ট থকাৰ উপৰিও প্ৰ’টিনেৰে ভৰপূৰ, যাৰ দ্বাৰা শৰীৰ মজবুত হয়।

ইয়াৰোপৰি শীতত ওলোৱা সকলো ধৰণৰ শাক খোৱাৰ উপৰিও পাচলিৰ ভিতৰত ৰঙালাউ আৰু পিঁয়াজ প্ৰচুৰ পৰিমাণে খাব লাগে। আকৌ বাদাম তেলত ভজা হওক্ বা শুকান – শৰীৰটো গৰমাই ৰাখিবলৈ ইয়াক খাব লাগে। বজাৰত কিনিবলৈ পোৱা বাদাম টফী লগত ৰাখিব পাৰে।

শীতৰ চেঁচা আৰু শুকান বতাহে আমাৰ ছাল খন নষ্ট কৰে, ফলত ছাল তথা হাত – ভৰি আদিৰ যতন ল’ব লগা হয়। আকৌ অধিক খাদ্য গ্ৰহণৰ উপৰিও এলাহৰ বাবে ব্যায়াম, খোজকঢ়া কমি যোৱাৰ বাবে ওজন বাঢ়িবলৈ ধৰে, কিন্ত উপায় নোহোৱা হয়।

কেইটিমান ভেষজ টিপ্‌চ ছালৰ বাবে :

  • আধা চামুচ সৰিয়হৰ তেল, এচামুচ বেচন, অকণমান গাখীৰেৰে এটা পেষ্ট তৈয়াৰ কৰি মুখত সানক। কিছুসময় ৰাখি লাহে লাহে ঘঁহি এৰুৱাই পেলাওক। পৰিষ্কাৰ পানীৰে ধুই পেলাব। মুখ মণ্ডল বগা, কোমল হ’ব।
  • ব্ৰাউন চুগাৰ আৰু অলিভ অইল মিহলাই লাহে লাহে মুখ খনত মালিচ কৰাৰ দৰে লগাওক। পৰিষ্কাৰ পানীৰে ধোৱক, মুখ খন সুন্দৰকৈ পৰিষ্কাৰ হ’ব।
  • এই বতৰত বজাৰত ষ্ট্ৰ’বেৰি পোৱা যায়। এটা ষ্ট্ৰ’বেৰি ভাঙি মুখ মণ্ডলত সানক, চকুৰ গুৰিত নলগাব। দহ মিনিট সময়ৰ পিছত ধুই ময়শ্বাৰাইজাৰ লগাব। এই পেকে মৃত কোষবোৰ আঁতৰ কৰে। ফলত মুখলৈ উজ্জ্বলতা আনে।
  • বিলাহীৰ ৰসত বাদাম পিহি এটা পেষ্ট তৈয়াৰ কৰি ল’ব। এই পেষ্ট শৰীৰত সানি দহ মিনিট মান ৰখাৰ পিছত ঘঁহি ঘঁহি ধোৱক, ছাল মিহি হ’ব।
  • ছানবাৰ্ণৰ পৰা ৰক্ষা পাবলৈ মাটিদাইল পিহি দৈৰ সৈতে মিহলাই লগাওক। বিশ মিনিটমান ৰখাৰ পিছত ঠাণ্ডা পানীৰে ধোৱক।
  • ব্লেকহেড্‌চৰ পৰা মুক্তি পাবলৈ হালধি গুড়িৰ লগত ধনিয়া শাকৰ পেষ্ট মিহলাই লগাওক।
  • মুখৰ ছালৰ স্থিতিস্থাপকতা বজাই ৰাখিবলৈ মাকৈ-আটাৰ লগত গাখীৰৰ সৰ মিহলাই লেপ তৈয়াৰ কৰি সানি থওক। শুকালে ধুব। এই লেপে মৃত কোষবোৰ আঁতৰই ছালখন কোমল কৰে।

 

  • এচামুচ (সৰু) মিল্ক পাউডাৰ, কণীৰ বগা অংশ আৰু আধা চামুচ মৌ মিহলাই মুখমণ্ডলক লগাওক। ই সৰু সৰু বলিৰেখা দূৰ কৰিব।
  • চকুৰ তলৰ ক’লা দাগ আঁতৰ কৰিবলৈ বাদাম এৰাতি তিয়াই থৈ ৰাতিপুৱা পিহি নেমুৰ ৰসৰ সৈতে মিহলাই প্ৰভাৱিত হোৱা ঠাইৰ ওপৰত লেপ লগাই কিছু সময় ৰাখি ধোৱক।

হাত-ভৰিৰ যতন কেনেদৰে ল’ব ?

শীতৰ এই বতৰত মুখ মণ্ডলৰ যতন আমি যেনেতেনে লওঁ, কিন্ত হাত আৰু ভৰি দুখন অৱহেলিত হৈ পৰে। হাত আৰু ভৰিৰ ছালত তৈল গ্ৰন্থি কম, সেয়ে শীতত ইয়াৰ যতন বেছিহে ল’ব লাগে। তাতে আকৌ মহিলা সকলে চাবোন আৰু পানীৰ কাম বেছি কৰিব লাগে।

  • বাচন, কাপোৰ আদি ধোৱাৰ পৰত চাৰ্জিকেল গ্ল’ভছ পিন্ধি ল’ব পাৰে।
  • হাত-ভৰি অধিক শুকান হ’লে বাদাম তেল অলপ গৰম কৰি মালিচ কৰিব পাৰে।

বেচন, দৈ আৰু হালধি একেলগে মিহলাই স্নান কৰিবলৈ যোৱাৰ আগতে পেষ্ট তৈয়াৰ কৰি সানি থওক। বিশ মিনিটমানৰ পিছত লাহে লাহে ঘঁহি কুহুমীয়া পানীৰে ধোৱক।

  • কেতিয়াবা হাতখন কোমল কৰিবলৈ গৰম পানীত কিছু সময় ডুবাই থওক।
  • এই বতৰত কমলা যথেষ্ট পৰিমাণে পোৱা যায়। এটা কমলা কাটি ৰসবোৰ হাত – ভৰিত লগালে দেখিব ছালখন কোমল হৈছে।
  • নখবোৰলৈ উজ্জ্বলতা আনিবলৈ নেমুৰ বাকলিৰে ঘঁহি দিব।
  • নখবোৰ বাৰে বাৰে ভাঙি গ’লে ডাক্টৰৰ পৰামৰ্শ অনুসৰি কেলছিয়াম গ্ৰহণ কৰিব পাৰে।
  • বাহিৰলৈ ওলাই গ’লে সদায় বন্ধ জোতা পিন্ধিব লাগে।
  • বহু মহিলাৰে ঘৰত খালী ভৰিৰে থকা অভ্যাস, কিন্ত শীতৰ এই সময় ছোৱাত ঠাণ্ডা তথা শুকান বতৰৰ বাবে অধিক ক্ষতিহে কৰিব। অৰ্থাৎ ছাল শুকান তথা টান হৈ পৰে।
  • বাহিৰৰ পৰা অহাৰ পিছত কুহুমীয়া গৰম পানীৰে ভৰি দুখন ভালকৈ ধুই ফুটক্ৰীম সানিব পাৰে।
  • কপাহী মোজা পিন্ধিব যাতে ধূলি – মাকতি সোমাব নোৱাৰে।
  • খোজকঢ়াৰ অভ্যাস কৰক, কাৰণ ইয়াৰ দ্বাৰা তেজ চলাচল ভালকৈ হয়।

শীতত বাঢ়ি অহা ওজন – আন এক সমস্যা :

সাধাৰণতে শীত কালত খোৱা – বোৱাৰ প্ৰতি অধিক আগ্ৰহ হয়। আনহাতে উৎসৱ – পাৰ্বণ আদিৰ উপৰিও খ্ৰীষ্টমাছ, নতুন বছৰত বিবাহ আদিৰ আনন্দতো ভিন্ন ধৰণৰ খাদ্য আমাৰ খোৱা হয়। তাতে আকৌ শীত বুলি আমাৰ এলাহো কিছু বৃদ্ধি হয়, ফলত শুই – বহি থকাৰ সময় বাঢ়ি গৈ লাহে লাহে আমাৰ ওজন বাঢ়িবলৈ ধৰে। কিন্ত অকণমান সতৰ্কতা অৱলম্বন কৰিলে মনৰ পছন্দ অনুসৰি খালেও আমাৰ ওজন বৃদ্ধি নোহোৱাকৈ ৰাখিব পাৰি।

  • শীতকালত অনেক বিবাহ হয়। সাধাৰণতে এখন বিয়াত অনেক ধৰণৰ খাদ্যৰ উপৰিও অধিক তেল-মছলা, মাছ-মঙহ, ড্ৰাই ফ্ৰুটচ্‌যুক্ত ডিচ, মিঠাই আদিৰ সমাহাৰ ঘটে। যিকোনো এজনে এনে খাদ্যৰ পৰা নিজকে দূৰৈত ৰাখিব নোৱাৰে। ফলত এনে খাদ্যই ওজন বৃদ্ধিত অৰিহণা যোগায়। গতিকে এই জাতীয় খাদ্য প্ৰয়োজনতকৈ অলপ কমাই খাবলৈ যত্ন কৰক।
  • অধিক ঠাণ্ডাৰ সময়ছোৱাত সাধাৰণতে ব্যায়াম কৰি থকা সকলেও ব্যায়াম কৰা বন্ধ কৰে। খোজকঢ়া বন্ধ কৰে। ফলত ফেট বাৰ্ণ হোৱা সকলো পথেই বন্ধ হৈ পৰে। সেয়ে এনে অভ্যাস সমূহ আগৰ দৰেই চলাই থাকিবলৈ যত্ন কৰক।
  • শীতকালত সাধাৰণতে আমাৰ পানী খোৱা একেবাৰে কমি যায়। পানী কমাই খোৱাও শকত হোৱাৰ আন এক কাৰণ, কিয়নো শৰীৰটোৰ পৰা বিভিন্ন কাৰণত হোৱা টক্সিনসমূহ ওলাই যাবলৈ নাপায়।
  • শীতকালত ব্যায়াম আমাৰ বাবে অতি দৰকাৰী। ব্যায়ামৰ দ্বাৰা কেৱল আমাৰ ওজনহে সীমিত কৰি ৰাখিব পাৰি এনে নহয়, শৰীৰটো গৰম কৰি ৰখাটো সহায় কৰে। কিয়নো ব্যায়ামৰ দ্বাৰা বেজল মেটাবলিক ৰেট BMR নিয়ন্ত্ৰণত থকাৰ ফলত অনাৱশ্যকীয় চৰ্বি আঁতৰ কৰাত সহায় কৰে।
  • কম কেল’ৰিৰ খাদ্য খাওক। মিঠা খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। ঘিউ, মাখন, ক্ৰীম জাতীয় খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব।
  • আঁহযুক্ত আহাৰ খোৱাৰ দৰকাৰ।
  • গোটেই বছৰটোৰ ভিতৰত শীতকালতেই অধিক ফলমূল, শাক-পাচলি আদিৰে বজাৰ ভৰি পৰে, গতিকে আপুনিও ইয়াৰ পৰা সম্পূৰ্ণ লাভাম্বিত হ’বলৈ যত্ন কৰক। গাজৰ, মূলা, শাক-পাচলি সম্পূৰ্ণৰুপে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। এই সমূহৰ চূপ তথা চালাড তৈয়াৰ কৰি খাব পৰা যায়।
  • ইয়াৰোপৰি বিলাহী, পালেং, নহৰু, কমলা আৰু অমিতা আদি কেৱল মাথোন আমাৰ ছালৰ বাবে নহয়, সঠিক মাত্ৰাত ওজন ধৰি ৰখাতো সহায় কৰে। তাৰোপৰি পালেং শাকৰ দ্বাৰা কেলছিয়াম তথা হিমগ্ল’বিন দুয়োটাই পোৱা যায়।
  • ওজন কমাবলৈ শকত নহ’বলৈ এটা গুৰুত্বপূৰ্ণ কথা হ’ল – কোনো ধৰণৰ ক্ৰছডায়েট বা বহু দীঘলীয়া সময়লৈকে নোখোৱাকৈ নাথাকিব। এনে উপযুক্ত নিয়ম পালন কৰিলে মেটাবলিজিম সঠিক হো থকাৰ উপৰিও ওজন নিয়ন্ত্ৰিত হোৱাৰ উপৰিও স্বাস্থ্যবান হৈ থাকিব।

মুঠতে শীতৰ সময়ছোৱাত সম্পূৰ্ণ আনন্দ লাভ কৰক, কেৱল অলপ সতৰ্কভাৱে।

কেইটিমান জৰুৰী টিপচ্‌ :

  • সেউজীয়া শাক – পাচলি আহাৰত সন্নিবিষ্ট কৰক।
  • ফল আৰু শাক – পাচলি প্ৰচুৰ পৰিমাণে খাওক।
  • সদায় আঁহযুক্ত খাদ্য খাওক।
  • বাদাম আদি তেলেৰে নাভাজি সেকি অৰ্থাৎ শুকানকৈ ভাজি খোৱাত গুৰুত্ব দিয়ক।
  • খাদ্যত কম তেল ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে।
  • অধিক সময়লৈ ভোকত নাথাকিব।
  • শীতৰ দিন কেইটাত কুহুমীয়া পানী খাবলৈ যত্ন কৰক।

 

উৎস : নন্দিনী।

চুলি সৰাৰ কাৰণ :

 

চুলি সৰাৰ কাৰণ বহুত হ’ব পাৰে। উফি, বীজাণু সংক্ৰমণ, ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ, অতি বেছি গৰম বা ঠাণ্ডা পোৱাটো। ড্ৰায়াৰৰ ব্যৱহাৰ, ষ্ট্ৰং আয়ৰণ আদি ব্যৱহাৰ কৰিলেও চুলি সৰিব ধৰে। ষ্ট্ৰেইটেনিং, স্মুথনিং, ৰিবণ্ডিং আদি বেছিকৈ কৰিলেও চুলি ঋব পাৰে। শাৰীৰিক অসুস্থতা যেনে প্ৰসূতি ৰোগ, কৰ্কট ৰোগ, থাইৰয়ড, ৰক্তচাপ, হৃদৰোগ, মধুমেহ, বহুমূত্ৰ আদি ৰোগত চুলি সৰিব পাৰে। ইয়াৰ উপৰিও জণ্ডিচ, টায়ফয়ড, গেষ্ট্ৰিক আদিত চুলি সৰিব পাৰে। অইন নেলাগে পানী লগা জ্বৰ বা গ্ৰহণীৰ ৰোগতো চুলি সৰাৰ ভয় থাকে। ভয় লাগি যায় নহয়নে? এয়া শৰীৰৰ পৰিৱৰ্তনৰ ফল। মানসিক অশান্তি, টোপনি নোহোৱা আদি কাৰণতো চুলি সৰিব পাৰে। আনকি খাদ্যৰ অসন্তলনৰ কাৰণেও চুলি সৰে।

সাধাৰণতে চুলি সৰিলে অৱশ্যে লা কেৰাটিন প্লাছ আৰু পাৰ্ল নেচাৰেল ব্যৱহাৰ কৰিলেই ভাল হয়। ইয়ৰ উপৰিও নৰসিংহ পাতৰ ৰস আৰু সৰিয়হ পিহা সমান পৰিমাণত ল’ব। ইয়াক কাপোৰেৰে এটা টোপোলা বান্ধিব। নাৰিকল তেল আৰু তিলতেল গৰম কৰিব। এই টোপোলাটো তাতে ডুবাই থ’ব। ইয়াক ৮-১০ ঘণ্টা এনেকৈ ৰাখিব। এই তেল চুলিত ৰাতি লগাব।ৰাতিপুৱা ঔটেঙাৰ বীজেৰে ধুব। ইয়াক তিনি মাহ কৰিব। সুফল পাব।

চুলিৰ আগ ফাটিলে :

চিঞ্জিং কৰালে ভাল পাব। ঘৰতে লা কেৰাটিন প্লাছ ৰাতি লগাব। ৰাতিপুৱা পাৰ্ল নেচাৰেল চেম্পুৰে ধুব। পিত্ৰইছ বেলেঞ্চ ২ মিনিট লগাই চুলি অঁতাব। ভাল পাব। ইয়াৰ উপৰিও ২ টা কণী সম্পূৰ্ণ ৰুপে ফেটিব, ২ চামুচ মৌৰ লগত মিহলাই চুলিৰ গুড়িৰ পৰা আগলৈ লগাব। ১ ঘণ্টা ৰাখি পাৰ্ল নেচাৰেল শ্বেম্পুৰে ধুব। স্বাভাৱিক শুকাবলৈ দিব।

ইয়াৰ উপৰিও যিমান পাৰে খাদ্য গ্ৰহণ কৰাত অধিক মনোযোগ দিব। বতৰৰ ফলমূল যেনে ৰবাৰ টেঙা, কমলা, ঢুপকণা, চকলা আদি খাব। ইয়াত যথেষ্ট পৰিমাণত খাদ্যপ্ৰাণ খ, গ থাকে। আৰ্দ্ৰতা থাকে আৰু অত্যাৱশ্যকীয় সুগন্ধি তেল থাকে, যিয়ে চুলিৰ স্বাস্থ্য ভাল কৰে। চুলি বৃদ্ধি কৰে। জলফাই, বগৰীত যথেষ্ট খাদ্যপ্ৰাণ থকাৰ উপৰিও কলাজেন থাকে বাবে চুলিৰ গুৰি মজবুত কৰে। উফি আদি হোৱাত বাধা দিয়ে।

গাখীৰ, ঘিউ, মৌ ইত্যাদি নিয়মিত ৰুপত খালে চুলিৰ কোনো সমস্যাই নহয়। মাছ, চয়াবিন চুলিৰ বাবে বৰ ভাল। গাজৰ, পালেং, বন্ধাকবি, মূলা আদি খালে চুলিৰ বাবে অত্যন্ত ভাল। ইয়ত যথেষ্ট পৰিমাণত খাদ্যপ্ৰাণ আৰু খনিজ থাকে, যাৰ ফলত চুলিৰ স্বাস্থ্য উন্নত হয়। বিটা কেৰাটিন থাকে গাজৰত, যাৰ ফলত চুলি বঢ়াৰ লগতে সৰা বন্ধ কৰে আৰু স্বাভাৱিক জ্যোতি বাঢ়ে।

চুলিৰ উফি :

চুলিৰ উফি নোহোৱা কৰিবলৈ টি ট্ৰী চিকিৎসা কৰাব পাৰে। নাইবা বৈদ্যুবুতী কটিকা আয়ুৰ্বেদিক তেল ৰাতি লগাই থওক। ৰাতিপুৱা পাৰ্ল নেচাৰেল চেম্পুৰে ধুব। একেৰাহে সাত-দহ দিন কৰিলে ভাল পাব। ঘৰতে পোৱা পদিনা পাতৰ ৰস আৰু টেঙেচি পাতৰ ৰস সম পৰিমাণত মিহলাই লগালেও সুফল লাভ কৰিব পাৰিব।

লেখিকা : মধুমিতা শইকীয়া।

উৎস : নন্দিনী।

শীতত সজীৱ আৰু উজ্জ্বল ছালৰ বাবে

 

শীতকালত ল’বলগীয়া ছালৰ যতনৰ কেইটিমান কিটিপ উল্লেখ কৰা হ’ল :

  • এটা কল পিটিকি লৈ তাত দুচামুচ মৌ মিলাওক। কলত প্ৰচুৰ পৰিমাণৰ ভিটামিন থাকে আৰু ই এবিধ এণ্টি এজিং এজেণ্ট (Anti aging agent) হিচাপে কাম কৰে। মৌ ছালৰ এবিধ প্ৰাকৃতিক ময়শ্বাৰাইজাৰ। এই মিশ্ৰণৰ ব্যৱহাৰে আপোনাৰ ছাল খন পুনৰুজ্জীৱিত কৰাত সহায় কৰে।
  • এটা পকা কল পিটিকি তাৰ লগত একাপ অ’টমিলৰ গুড়ি আৰু অলপ মান কুহুমীয়া গাখীৰ মিলাই লওক। এই মিহি মিশ্ৰণটো আপোনাৰ মুখ মণ্ডলত লগাই ১০-১৫ মিনিট থৈ দিয়ক। পিছত ঠাণ্ডা পানীৰে মিশ্ৰণটো ধুই পেলাওক। সপ্তাহত এবাৰকৈ এই মিশ্ৰণটো ব্যৱহাৰ কৰক।

ঠাণ্ডা বতৰে আপোনাৰ চুলি খিনি শুকান আৰু ঠুনুকা কৰে। তলত শীত কালত ল’ব লগা চুলিৰ যতনৰ কেইটিমান উপায় উল্লেখ কৰা হ’ল :

  • আপোনাৰ চুলি খিনি গৰম পানীৰে ধোৱাৰ পৰা আঁতৰি থাকক। পানী খিনিৰ উষ্ণতা কুহুমীয়াৰ পৰা মধ্যমীয়া কৰি লওক।
  • প্ৰতিবাৰ চুলি ধোৱাৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰাটো নিশ্চিত কৰক।
  • Hair Straighteners, Curlers আৰু হেয়াৰ ড্ৰায়াৰৰ ব্যৱহাৰ সীমিত কৰক। অগত্যা যদি Hair styling কৰিব লগা হয়, এবিধ ধুব নলগা কণ্ডিচনাৰ চুলিত প্ৰথমে লগাই লওক।
  • নিয়মীয়াকৈ চুলিৰ আগ কটাওক (Trim)। আপোনাৰ চুলি খিনি শুকান আৰু ফাটি যোৱা চুলিৰ আগ খিনি নোহোৱা কৰিবলৈ ই এক সহজ উপায়।
  • ঠাণ্ডা আৰু বতাহ বলি থকা বতৰত চুলি খিনি এটা টুপী অথবা এখন স্কাৰ্ফেৰে ঢাকি ৰাখক।
  • চুলি আৰ্দ্ৰতা পূৰ্ণ কৰি ৰাখিবলৈ হেয়াৰ ছিৰাম ব্যৱহাৰ কৰক।
  • সপ্তাহত দুবাৰকৈ মূৰটো (Scaip) অলিভ অইলেৰে মালিচ কৰক। ই আপোনাৰ মূৰৰ তেজ চলাচল বৃদ্ধি কৰাৰ লগতে চুলিৰ গুৰিত থকা প্ৰাকৃতিক তেলৰ ক্ষতিপূৰণত সহায় কৰে।

ঠাণ্ডা বতৰে আপোনাৰ হাত আৰু ভৰিৰ ছালো শুকান কৰি তোলে। এই সমস্যাৰ কিছু প্ৰতিকাৰ তলত উল্লেখ কৰা হ’ল :

আপোনাৰ ভৰি খন নিয়মীয়াকৈ নানান দুৰ্ব্যৱহাৰৰ সন্মুখীন হয়। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ভৰিৰ গোৰোহাৰ ছাল খন টান হো পৰে। এনে হোৱাৰ সকলোতকৈ উল্লেখযোগ্য কাৰণ হ’ল খালী ভৰিৰে খোজ কঢ়া। আপোনাৰ ভৰি খনৰ উপযুক্ত যতন নল’লে গোৰোহাৰ এই টান ছাল খন ফটাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াক ৰোধ কৰিবলৈ ভৰিৰ উপযুক্ত যত্ন লোৱাৰ লগতে মোজা পিন্ধি থকাটো বাঞ্ছনীয়।

ৰাতি শোৱাৰ আগতে ৩-৫ টা ভিটামিন ‘E’ Capsule ফালি লৈ অন্তৰ্বস্তু (Content) খিনি এটা বাটিত লৈ লওক। ইয়াৰ লগত এচামুচ অলিভ অইল লৈ এটা মিশ্ৰণ তৈয়াৰ কৰক। হাত – ভৰি কুহুমীয়া পানীৰে ভালকৈ ধুই এই মিশ্ৰণটোৰে মালিচ কৰক। ৰাতিপুৱা হাত – ভৰিৰ ছালত পাৰ্থক্যটো নিজেই অনুভৱ কৰিব।

 

লেখিকা : কৃষ্ণা ভাগৱতী, সৌন্দৰ্য বিশেষজ্ঞ।

উৎস : নন্দিনী।

 

 

 

2.68
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top