অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

 

(১) কেঞ্চাৰৰ স্থানান্তকৰণ নিয়ন্ত্ৰণঃ মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠান (আই আই টি)ৰ গৱেষকসকলে কেঞ্চাৰৰ স্থানান্তৰণ ৰোধ কৰাৰ নতুন উপায় উদ্ভাৱন কৰিছে। ৰোগৰ স্থানান্তকৰণ হ’ল কেঞ্চাৰৰ প্ৰাথমিক স্থানৰ পৰা শৰীৰৰ অন্য স্থানলৈ বিস্তাৰণ। এনেকৈ স্থানান্তৰ ৰোধ কৰিব পাৰিলে কেঞ্চাৰজনিত ৰোগৰ ফলত হোৱা মৃত্যুৰ সংখ্যা বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব।

প্ৰাথমিক কেঞ্চাৰ অস্ত্ৰোপচাৰ, কেম’থেৰাপী আৰু বিকিৰণৰ দ্বাৰা চিকিৎসা কৰিব পাৰি, কিন্তু স্থানান্তকৃত কেঞ্চাৰৰ চিকিৎসা অদ্যৱধি প্ৰচণ্ড প্ৰত্যাহ্বান হৈ ৰৈছে। কেঞ্চাৰৰ স্থানান্তকৰণ ৰোধ কৰাত এটা হেঙাৰ হ’ল কেঞ্চাৰ কাণ্ড কোষ। অৱশ্যে এই দিশত জীৱভৌতিক প্ৰক্ৰিয়া অধ্যয়ন কৰা হোৱা নাছিল। সংকোচন প্ৰৱণতা চালন শক্তি হ’ল এক গুৰুত্বপূৰ্ণ জীৱভৌতিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াই কেঞ্চাৰক বিস্তাৰিত আৰু সংযুক্ত হোৱাত সহায় কৰে। উদাহৰণস্বৰূপে স্তন কেঞ্চাৰ কোষৰ বৰ্ধিত সংকোচন প্ৰৱণতাই কেঞ্চাৰ কোষক প্ৰাথমিক স্থানৰ পৰা দেহৰ অন্যান্য স্থানলৈ বিস্তাৰিত হোৱাত সহায় কৰে। এই দিশত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে কেঞ্চাৰ কোষবোৰৰ সংকোচন প্ৰৱণতাই স্তন কেঞ্চাৰ, ডিম্বকোষৰ কেঞ্চাৰ আৰু মেলান’মাৰ কোষবোৰৰ স্থানান্তৰণ বৃদ্ধি কৰে।

গৱেষণাৰ মুখ্য ব্যক্তি ড ৰাহুল পুৰৱাৰ মতে, তেওঁলোকৰ গৱেষণাৰ দ্বাৰা তেওঁলোকে কেঞ্চাৰ কাণ্ড কোষবোৰ কোন নিৰ্দিষ্ট পথেৰে স্থানান্তকৃত হয় সেই কথা জানিব পৰা গৈছে। কেঞ্চাৰ কোষবোৰ বহিঃকোষীয় আধাৰক আক্ৰমণ কৰি স্থানান্তৰিত হয়। এই কথাও জানিব পৰা গৈছে যে কেতবোৰ ঔষধ ব্যৱহাৰ কৰি কেঞ্চাৰ কোষৰ স্থানান্তকৰণ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যায়।

কোষৰ সংকোচন প্ৰৱণতা নিয়ন্ত্ৰণ কৰে দুই প্ৰকাৰৰ উৎসেচকৰ দ্ৰব্যই। তাৰ ভিতৰত আছে মায়’ছিন লঘু শৃংখল কাইনেজ আৰু ৰ’ক। ঔষধ ব্যৱহাৰ কৰি ৰ’ক নিষ্ক্ৰিয় কৰিব পাৰি আৰু কোষৰ সংকোচন প্ৰৱণতাও ৰোধ কৰিব পাৰি। এইদৰে কেতবোৰ নিৰ্দিষ্ট ঔষধকে ব্যৱহাৰ কৰি কেঞ্চাৰ কোষৰ স্থানান্তকৰণ ৰোধ কৰিব পাৰি। অৱশ্যে এই দিশত অধিক গৱেষণাৰ প্ৰয়োজন হ’ব।

নতুন এণ্টিবায়’টিক উদ্ভাৱনৰ প্ৰচেষ্টাঃ

 

ভাৰতীয় গৱেষকসকলে এনে এক নতুন লক্ষ্য চিনাক্ত কৰিছে যাৰ সহায়ত ভালেমান বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণ সফলভাৱে নিৰাময় কৰিব পৰা যাব। এই নতুন লক্ষ্য দুবিধ প্ৰ’টিনৰ দ্বাৰা গঠিত। এই প্ৰ’টিনে বেক্টেৰিয়াক জৈৱ অনুত্বক সৃষ্টি কৰাত সহায় কৰে। এই জৈৱ অনুত্বকে বেক্টেৰিয়াক সফলভাৱে সংক্ৰমণ কৰাত অৰিহণা যোগায়। জৈৱ অনুত্বকে বেক্টেৰিয়াক অত্যধিক উত্তাপ অথবা চাপৰ নিচিনা ৰুক্ষ পৰিৱেশৰ পৰা সুৰক্ষা দিয়ে। ভাৰতীয় গৱেষকসকল বেছিলাচ এনথ্ৰাক্সৰ জৈৱ অনুত্বক সৃষ্টিৰ ক্ষেত্ৰত আণৱিক সংকেতৰ স্থিতি নিশ্চিত কৰিছে। অদ্যৱধি এণ্টিবায়’টিক উৎপাদনৰ ক্ষেত্ৰত ৰোগৰ কাৰক বেক্টেৰিয়াকে লক্ষ্য কৰি লোৱা হয়, জৈৱ অনুত্বক নহয়। বিজ্ঞানীসকলে বেক্টেৰিয়াই কেতিয়া, কেনেকৈ জৈৱ অনুত্বক উৎপাদন কৰে, তাৰ উত্তৰ সন্ধান কৰি আছে। এক সম্ভাৱনা হ’ল বেক্টেৰিয়াৰ বহিৰ্ভাগত সংবেদী ইন্দ্ৰিয় আছে। এই সংবেদী ইন্দ্ৰিয়ই জৈৱ অনুত্বক সৃষ্টিৰ সংকেত লাভ কৰে। গৱেষণাগাৰত বিজ্ঞানীসকলে বেক্টেৰিয়াত সংকেত প্ৰেৰণ প্ৰক্ৰিয়াৰ অনুসন্ধান কৰিছিল। তেওঁলোকে বেক্টেৰিয়াৰ দেহত থকা PrKc আৰু তদজাতীয় প্ৰ’টিনৰ ওপৰত অধ্যয়ন কৰিছিল। দেখা গ’ল PrKc প্ৰ’টিন অপসাৰণ কৰিলে বেক্টেৰিয়াৰ জৈৱ অনুত্বকৰ উৎপাদন বন্ধ হয়। গতিকে গৱেষকসকলে PrKc প্ৰটিনৰ জৈৱ অনুত্বক প্ৰক্ৰিয়া অধ্যয়ন আৰম্ভ কৰে। এক তত্ত্ব হ’ল PrKc-এ বিভিন্ন প্ৰ’টিনৰ সৈতে ফছফেট সংযোজিত কৰে। জৈৱ অনুত্বক সৃষ্টিৰ বাবে PrKc-এ কিবা সংকেত লাভ কৰে আৰু সেই সংকেত বেক্টেৰিয়াৰ বহিৰ্ভাগৰ পৰা অন্তৰ্ভাগলৈ পঠিয়ায়। অন্তৰ্ভাগত GroEL আৰু অন্যান্য প্ৰ’টিনে সংকেত গ্ৰহণ কৰে। জৈৱ অনুত্বকৰ সৃষ্টিৰ ৰহস্য থাকে GroEL প্ৰ’টিনত ইয়াত ফছফেট সংযোজিত হ’লে কোষৰ ভিতৰত কেতবোৰ পৰিঘটনা সংঘটিত হয়, ইয়াৰ ফচল হ’ল জৈৱ অনুত্বক। বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে GroEL প্ৰ’টিন নিয়ন্ত্ৰণ কৰে PrKc প্ৰ’টিনে। বেক্টেৰিয়াৰ এই প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰি বহুসংখ্যক বেক্টেৰিয়াৰ ক্ষেত্ৰত ফলপ্ৰসূ এণ্টিবায়’টিক তৈয়াৰ কৰিব পৰা যাব। আশা কৰা হৈছে এণ্টিবায়’টিক প্ৰতিৰোধী বেক্টেৰিয়াৰ সংক্ৰমণো নিয়ন্ত্ৰণ কৰিব পৰাকৈ নতুন এণ্টিবায়’টিক উদ্ভাৱন কৰিব পৰা যাব।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

ডায়েবেটিছৰ বিৰুদ্ধে কিদৰে যুঁজিবঃ

 

সাম্প্ৰতিক বিশ্বত ভয়াবহ ৰোগ হিচাপে চিহ্নিত ৰোগবিধৰ নামেই হৈছে ডায়েবেটিছ। এইবিধ ৰোগক আমাৰ ভাষাত কোৱা হয় মধুমেহ বা বহুমূত্ৰ ৰোগ। আমাৰ শৰীৰ বা দেহত অন্যান্য ৰোগ হ’লে যিদৰে আৰম্ভণিতে ৰোগৰ উমান পোৱা যায় ডায়েবেটিছ বা মধুমেহ ৰোগৰ ক্ষেত্ৰত এই কথা নাখাটে। এই ৰোগবিধ শৰীৰত আৰম্ভ হোৱাৰ কথা ৰোগীয়ে প্ৰথমাৱস্থাত বা ভালেমান দিনলৈকে গমেই নাপায়। নীৰৱে এই ৰোগবিধে আমাৰ দেহত বাহ লৈ আমাৰ শৰীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংগ, যেনে- কলিজা, স্নায়ু, বৃক্ক, লিভাৰ, চকু আদিৰ নীৰৱে ক্ষতিসাধন কৰি থাকে। ৰোগীয়ে যেতিয়া দেহত এই ৰোগবিধৰ উপস্থিতিৰ উমান পায় তেতিয়া ৰোগবিধ ইতিমধ্যে দেহত পূৰঠ হৈ উঠিছে আৰু ৰোগীৰ ওপৰত উল্লিখিত অংগসমূহৰো ব্যাপক ক্ষতিসাধন কৰিছে। এনে কাৰণতে ডায়েবেটিছ ৰোগক মানুহৰ নীৰৱ ঘাতক বুলি কোৱা হয়। ই এনে এবিধ মাৰাত্মক ৰোগ যে কোনো ঔষধ-পাতিৰ দ্বাৰাই এই ৰোগ সম্পূৰ্ণভাৱে আৰোগ্য কৰাও সম্ভৱ নহয়। এনে কাৰণতে ডায়েবেটিছ বা মধুমেহ দুৰাৰোগ্য ব্যাধি হিচাপে চিহ্নিত হৈছে। আমাৰ শৰীৰে যিটো অৱস্থাত শৰ্কৰাজাতীয় পদাৰ্থ গ্ৰহণ কৰিব নোৱাৰা হয় সেই অৱস্থাত তেজত শৰ্কৰা বা চেনিৰ পৰিমাণ বাঢ়ি গৈ ই মূত্ৰাশয়ৰ জৰিয়তে নিৰ্গত হয় আৰু ইয়াকে ডায়েবেটিছ ৰোগ বোলা হয়। ৰোগবিধত শৰীৰত কোনো বিষ-কোপ অনুভূত নহয় বাবে ৰোগীয়ে ৰোগ হোৱাৰ উমানেই নাপায়। ফলত শৰীৰত ভিতৰি ভিতৰি ৰোগ নীৰৱে পূৰঠ হৈ গৈ থাকে আৰু শৰীৰত যেতিয়া চেনিৰ মাত্ৰা খুব বেছি হয় তেতিয়াহে এই ৰোগবিধৰ উপস্থিতিৰ কথা ৰোগীয়ে ধৰিব পাৰে।

আমাৰ শৰীৰৰ বিভিন্ন পাচক গ্ৰন্থিৰ সমন্বয়ত ক্লোমযন্ত্ৰ গঠিত হৈছে। এই ক্লোমযন্ত্ৰৰ পৰা নিৰ্গত ইনচুলিন বা ক্লোমৰসে শৰ্কৰাৰ বিপাকীয় ক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰে। ফলত শৰীৰত তাপ আৰু শক্তি উৎপন্ন হয়। কোনো কাৰণত এই ক্লোমযন্ত্ৰ দুৰ্বল হৈ পৰিলে বা ক্লোমৰস বা ইনচুলিন নিৰ্গত কৰিবলৈ সক্ষম নহ’লে শৰীৰৰ তন্তু বা কোষকলাৰ ভিতৰত শৰ্কৰা দগ্ধ বা দাহিত নহয়। এনে অৱস্থাত তেজৰ লগত শৰ্কৰা বিজাতীয় পদাৰ্থৰূপে সঞ্চিত হ’বলৈ ধৰে আৰু শৰীৰত নানা উপসৰ্গই দেখা দিয়াৰ ফলতে ডায়েবেটিছ ৰোগৰ উৎপত্তি হয়। অধিক মিঠাজাতীয় খাদ্যবস্তু গ্ৰহণ, শৰীৰৰ মেদবহুলতা, মানসিক অশান্তি, অত্যধিক কৰ্মৰ চাপ, মানসিক উদ্বেগ আদিয়ে আমাৰ শৰীৰৰ ক্লোমযন্ত্ৰ দুৰ্বল কৰি শৰীৰত ডায়েবেটিছৰ উদ্ভৱ ঘটায়। এই ৰোগৰ উদ্ভৱে ৰোগীৰ শৰীৰ ক্ষীণকায় আৰু দুৰ্বল কৰি তোলে, ঘনাই প্ৰস্ৰাৱ হয়, পিয়াহ লাগে, ভোক লাগে, ওজন হ্ৰাস পায়, শৰীৰত তাপৰ মাত্ৰা কমে, শৰীৰত হোৱা ঘা সোনকালে নিশুকায়, দেহ অৱশ অৱশ লাগে, মেজাজ খিংখিঙীয়া হয়, সময়ত কলিজা, বৃক্ক, স্নায়ু, লিভাৰ, চকু আদিৰ ক্ষতিসাধন কৰি ৰোগীক নানা যন্ত্ৰণাৰ সন্মুখীন কৰাই মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।

(উৎসঃ অসমীয়া খবৰ)।

বৰষুণৰ বতৰত হ’ব পৰা ৰোগঃ

 

বৰষুণ বহুতৰে প্ৰিয়। বহুতৰে আকৌ বৰষুণত তিতাৰ চখো আছে। কিন্তু বৰষুণত তিতাৰ ফলত আপুনি বেমাৰত পৰিব পাৰে। বৰষুণত তিতলে কি কি বেমাৰ হোৱাৰ আশংকা থাকে তাৰ ওপৰত এক অৱলোকন-

ছালৰ সংক্ৰমণঃ

বৰষুণত তিতাৰ ফলত আপোনাৰ ছালৰ সংক্ৰমণ হ’ব পাৰে। ইয়াৰ লক্ষণসমূহ হ’ল খজুৱতি, ছাল ৰঙা পৰা, ছাল অতি কোমল হৈ যোৱা আৰু বগা দাগ পৰা। এনে লক্ষণ দেখা পালে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ অথবা এণ্টিফাংগাল ঔষধ ব্যৱহাৰ কৰিব লাগে।

চকুৰ সংক্ৰমণঃ

এনে বতৰত চকুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰৱল। বেক্টেৰিয়াৰ পৰা হোৱা সংক্ৰমণৰ ফলত চকুৰ এটা বিশেষ অংশ পুৰিবলৈ ধৰে আৰু পানী ওলাবলৈ ধৰে। ইয়াৰ উপৰি চকু ৰঙা পৰে। এনে সংক্ৰমণ হ’লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

কাণৰ বাহিৰৰ অংশত সংক্ৰমণঃ

কাণৰ ভিতৰত অধিক খজুৱতি, কাণৰ বিষ আৰু কাণ বন্ধ হৈ গ’লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লৈ এণ্টিবায়টিক ঔষধ সেৱন কৰিব লাগে।

টাইফয়েডঃ

বেক্টেৰিয়াৰ পৰা হোৱা সংক্ৰমণৰ ফলত বহু দিনলৈ জ্বৰ হৈ থাকিলে টাইফয়েডৰ আশংকা থাকে। অধিক ডায়েৰীয়াৰ সমস্যা, বমি অথবা আভোক হোৱাটো এনে ৰোগৰ লক্ষণ।

হেপাটাইটিছ ‘ই’ আৰু হেপাটাইটিছ ‘এ’-

ভাইৰাছৰ প্ৰভাৱত যকৃতত জ্বলা-পোৰা অনুভৱ কৰা, হালধীয়া পৰা, ভোক নলগা, জ্বৰ, বমি আদি হেপাটাইটিছ ‘ই’ৰ লক্ষণ। আনহাতে এইসমূহ লক্ষণৰ উপৰি হেপাটাইটিছ ‘এ’ৰ এটা লক্ষণ হ’ল অধিক ভাগৰ লগা আৰু ডায়েৰীয়া। সময় থাকোঁতেই চিকিৎসকৰ পৰামৰ্শ লৈ এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰা যায়।

(উৎসঃ অসমীয়া খবৰ)।

হেপাটাইটিছ প্ৰতিৰোধঃ

 

সমগ্ৰ বিশ্বতে প্ৰতিবছৰে বহু নিযুত ব্যক্তি হেপাটাইটিছ ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰ বহু সংখ্যক লোকৰ এই ৰোগত মৃত্যু হয়। হেপাটাইটিছ ‘এ’, ‘বি’, ‘চি’, ‘ডি’, ‘ই’ আৰু ‘জি’ ভাইৰাছৰ সংক্ৰমণৰ বাবে মানৱ শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ যকৃতত হোৱা এবিধ প্ৰদাহজনিত ৰোগ হ’ল ভাইৰেল হেপাটাইটিছ। সাধাৰণতে হেপাটাইটিছ ‘এ’ আৰু ‘ই’ ভাইৰাছে একুইট হেপাটাইটিছ ৰোগ সৃষ্টি কৰে। এই ভাইৰাছ মিহলি দূষিত খাদ্য আৰু পানী খালে এইবিধ ভাইৰেল হেপাটাইটিছ ৰোগ হয়। ই কমদিনৰ বাবে থাকে আৰু তুলনামূলভাৱে কম ভয়াবহ। কিন্তু হেপাটাইটিছ ‘বি’, ‘চি’ আৰু ‘ডি’ ভাইৰাছৰ সংক্ৰমণৰ বাবে হোৱা হেপাটাইটিছ যথেষ্ট জটিল আৰু ভয়াবহ। আজিৰ তাৰিখত সমগ্ৰ বিশ্বত প্ৰায় ৫০০ নিযুত ব্যক্তি হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত আৰু প্ৰায় ১.৫ নিযুত হেপাটাইটিছ ৰোগীৰ বছৰি মৃত্যু হয়। প্ৰতি ১২ জন লোকৰ ভিতৰত এজন লোকৰ হেপাটাইটিছ ‘বি’ বা ‘চি’ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে হেপাটাইটিছ ‘বি’ ভাইৰাছৰ দ্বাৰা সংঘটিত হেপাটাইটিছ ‘বি’ ৰোগত বিশ্বত অতি কমেও দুশ কোটি ব্যক্তি আক্ৰান্ত হৈ আছে আৰু ইয়াৰ প্ৰায় ৩৬০ নিযুত ব্যক্তিৰ অৱস্থা গুৰুতৰ। ভাৰতবৰ্ষত প্ৰায় ৩৭ নিযুত ব্যক্তি হেপাটাইটিছ ‘বি’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত। প্ৰতি বছৰে সমগ্ৰ বিশ্বতে হেপাটাইটিছ ‘বি’ ৰোগত আক্ৰান্ত প্ৰায় ৬ লাখ লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হয়। হেপাটাইটিছ ‘চি’ ভাইৰাছৰ দ্বাৰাই গোটেই বিশ্বতে প্ৰায় ১৮৫ নিযুত আৰু ভাৰতবৰ্ষত প্ৰায় ১২ নিযুত ব্যক্তি আক্ৰান্ত হৈ আছে। ভাৰতৰ ভিতৰত সৰ্বাধিক সংক্ৰমণ থকা ৰাজ্য দুখন হ’ল পঞ্জাৱ (৫.২ শতাংশ) আৰু অৰুণাচল প্ৰদেশ ( ৭.২৯ শতাংশ)। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে ৯৬ হেজাৰ লোক হেপাটাইটিছ ‘চি’ৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছ এই ৰোগত আক্ৰান্ত লোকৰ তেজ, দেহৰ নানাবিধ ৰস, বীৰ্য, যোনিৰস, লেলাউটি আদি থাকে। এই ভাইৰাছবোৰৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ তেজ বা দেহৰস যদি সুস্থ ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰে তেন্তে সেই ব্যক্তিজন এইবোৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। এই ভাইৰাছবোৰৰ দ্বাৰা সংক্ৰমিত ব্যক্তিহে এই ভাইৰাছ বিয়পোৱা একমাত্ৰ উৎস। হেপাটাইটিছ ‘বি’ আৰু ‘চি’ অসুৰক্ষিত যৌন সম্পৰ্ক, অসুৰক্ষিত ৰক্তগ্ৰহণ, দেহৰসৰ মিলন, বীজাণুমুক্ত নকৰা একেটা বেজীকে দুই-তিনিজনে ব্যৱহাৰ কৰা, একেটা বেজীৰে টাটু কৰা আৰু সংক্ৰমিত মাতৃৰ পৰা গৰ্ভৰ সন্তানলৈ বিয়পিব পাৰে। শল্য চিকিৎসক, প্ৰসূতি চিকিৎসক, দন্ত চিকিৎসক, চিকিৎসাসেৱাৰ সৈতে জড়িত ব্যক্তি, যৌনকৰ্মী, নাপিত, বেজীৰে ড্ৰাগছ লোৱা ব্যক্তি আৰু এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মাতৃৰ কেঁচুৱা আদি হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা অধিক। হেপাটাইটিছ ‘বি’ৰ দ্বাৰা সংক্ৰমিত লোক হেপাটাইটিছ ‘ডি’ৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে। বহুতো এইচ আই ভি ৰোগী হেপাটাইটিছ ভাইৰাছৰ দ্বাৰাও সংক্ৰমিত হোৱা দেখা যায়।

হেপাটাইটিছ ‘বি’, ‘চি’ আৰু ‘ডি’ ভাইৰাছ সংক্ৰমণ এক নীৰৱ ঘাতক। এনে হেপাটাইটিছ ৰোগ ভয়াবহ হোৱাৰ মূলতে হ’ল, এই ৰোগত আক্ৰান্ত লোকসকলৰ শৰীৰত প্ৰথম অৱস্থাত কোনোধৰণৰ বিশেষ লক্ষণ প্ৰকাশ নাপায়। ফলত ৰোগীয়ে গম নোপোৱাকৈয়ে লিভাৰটো নষ্ট হ’বলৈ আৰম্ভ কৰে আৰু পিছলৈ লিভাৰ চিৰোছিছ, লিভাৰৰ কৰ্কট ৰোগ আৰু লিভাৰ ফেইলৰ আদিৰ সৃষ্টি হৈ ৰোগীৰ জীৱনলৈ সংশয় নামি আহে। পিছলৈ লিভাৰ প্ৰতিস্থাপন কৰাব লগাও হ’বগৈ পাৰে। সাধাৰণতে অন্তিম পৰ্যায়তহে এই ৰোগ ধৰা পৰে আৰু তেতিয়ালৈকে চিকিৎসকৰ কৰিবলগীয়া একো নাথাকে। সেয়েহে বহু ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হয়। উল্লেখ্য যে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ সমগ্ৰ বিশ্বৰ বাবে এইডছতকৈও বেছি ভয়াৱহ। এইচ আই ভি ৰোগতকৈ হেপাটাইটিছ ‘বি’ ১০০ গুণে অধিক সংক্ৰমক আৰু ই বিশ্বৰ অষ্টম হত্যাকাৰী ৰোগ।

কিন্তু ভাইৰেল হেপাটাইটিছ ৰোগ প্ৰতিৰোধযোগ্য আৰু আৰম্ভণিতে চিকিৎসা কৰিলে জটিলতা আঁতৰাব পাৰি। হেপাটাইটিছ ‘এ’ আৰু ‘বি’ৰ প্ৰতিৰোধৰ বাবে ভেকচিন দিলেই হয়। ইয়াৰ উপৰি হেপাটাইটিছ ‘বি’, ‘চি’ আদি ৰোগ প্ৰতিৰোধৰ বাবে দাড়ি খুৰোৱা ব্লেড আনে ব্যৱহাৰ কৰাৰ পাছত ব্যৱহাৰ কৰিব নালাগে, ডিচপোজেবল চিৰিঞ্জহে ব্যৱহাৰ কৰিব লাগে, টাটু কৰিব নালাগে, পৰীক্ষা কৰা ৰক্তহে গ্ৰহণ কৰিব লাগে, আনৰ তেজ বা ৰক্তজাত সামগ্ৰী খালী হাতেৰে চুব নালাগে, অসুৰক্ষিত যৌন সংগম কৰিব নালাগে, আনৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব নালাগে, পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰি সদায় হাত ভালকৈ ধুই আহাৰ খাব লাগে, স্বাস্থ্যসন্মত জীৱন-যাপন কৰিব লাগে, মদ্যপান ত্যাগ কৰি স্বাস্থ্যসন্মত খাদ্য খাব লাগে আৰু দূষিত খাদ্য, পানী আদি খাব নালাগে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

সূৰ্য ৰশ্মিৰ প্ৰভাৱঃ

 

সূৰ্যৰ ৰশ্মিত আল্ট্ৰা-ভায়োলেট বা অতি বেঙুনীয়া ৰশ্মি আছে। ই বায়ুমণ্ডলৰ সকলোতে উপচি পৰে। ৰশ্মিত জড়িত চুম্বকীয় নানা তৰংগও আছে। চকুৰে দেখা নোপোৱা নানা ক্ষতিকাৰক ৰশ্মিও প্ৰচুৰ পৰিমাণে আছে। বায়ুমণ্ডলৰ অ’জন স্তৰে কেৱল কিছু ক্ষতিকাৰক ৰশ্মিকহে শোষণ কৰিব পাৰে।

আনহাতে অতি বেঙুনীয়া ৰশ্মি তিনি শ্ৰেণীত ভাগ কৰিব পাৰি- দীৰ্ঘ, মধ্য আৰু হ্ৰস্ব তৰংগ দৈৰ্ঘ। যথাক্ৰমে ৩২০-৪০০ এন এম (১ ন্যানোমিটাৰ ১০ মিটাৰ) বা আল্ট্ৰা-ভায়োলেট ‘এ’ ৰশ্মি ২৯০-৩২০ এন এম এম বা তাৰো কম তৰংগ দৈৰ্ঘযুক্ত আল্ট্ৰা-ভায়োলেট ৰশ্মি ‘চি’ ৰশ্মি। পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত, একমাত্ৰ অতি বেঙুনীয়া ‘বি’ ৰশ্মি ছালৰ কলেষ্টেৰলৰ পৰা এ-ভিটামিন, ডি-থ্ৰি তৈয়াৰ কৰাত সহায় কৰে। এইটো তৈয়াৰ কৰিবলৈ হ’লে ৰ’দত কমপক্ষেও আধা ঘণ্টা আমাৰ বাবে দেহৰ ছাল মুক্ত ৰাখিব লাগে। তেতিয়া পৰৱৰ্তী ৪৮ ঘণ্টা ধৰি প্ৰি-ভিটামিন ডি-থ্ৰি আমাৰ ছালৰ এক প্ৰকাৰৰ ভিটামিন ‘ডি’ উৎপন্ন হ’ব পাৰে। কিন্তু খুব বেছি ভিটামিন ‘ডি’ তৈয়াৰীও ভাল নহয়। তেতিয়া মেলানিন নামৰ ত্বকৰ ৰঞ্জক পদাৰ্থ, লুমিষ্টেৰল আৰু ট্যাকিষ্টেৰল নামৰ দুটি পদাৰ্থৰ সহায়ত প্ৰি-ভিটামিন বি-থ্ৰিক নিয়ন্ত্ৰণ কৰি থাকে। ইয়াৰ লগতে তৰংগ দৈৰ্ঘযুক্ত বি বেঙুনীয়া ৰশ্মিয়ে আমাৰ ছালক বেছি পুৰি দিব পাৰে। ফলত ফোহাও দেখা দিব পাৰে। অৰ্থাৎ যাৰ ছালৰ মেলানিন ৰঞ্জক পদাৰ্থ কম তেনেকুৱা ব্যক্তি বেছি আক্ৰান্ত হ’ব পাৰে। কম তৰংগ দৈৰ্ঘযুক্ত ‘চি’ শ্ৰেণীৰ অতি বেঙুনীয়া ৰশ্মি ছালৰ জীৱাণু নাশ কৰাত সহায় কৰে। আধুনিক চিকিৎসা সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত, বিনা ঔষধে বহুতো জটিল চৰ্মৰোগ- শ্বেতী, চেৰোছিছ, চুলকানিৰ অসুখ নোহোৱা হয়। আনকি নৱজাতকৰ জণ্ডিচ বেমাৰে বিলিৰুবিন ঘটি মস্তিষ্কৰ আচ্ছন্নতা দূৰ কৰাত ৰশ্মি অতি দৰাকীৰ। অধিক তৰংগ দৈৰ্ঘযুক্ত অতি বেঙুনীয়া ৰশ্মি ছালৰ গভীৰতালৈ প্ৰৱেশ কৰিলে ছালৰ কেঞ্চাৰ ৰোগে দেখা দিব পাৰে। বেছি ঔষধ গ্ৰহণ কৰিলে ছাল অতি সংবেদনশীল হৈ পৰে আৰু তেতিয়া ছাল ক’লা হৈ উঠিব পাৰে। সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত আমাৰ আৰু বহুতো বেমাৰ হ’ব পাৰে।

সূৰ্যৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ’লে কি কৰিবঃ

  • বেছি ৰ’দ লোৱাটো এৰাই চলিব লাগে। বেছি ৰ’দত কঢ়া ৰঙৰ পোছাক পিন্ধিব নালাগে। ছান্ গ্লাছ আৰু ছাতি ব্যৱহাৰ কৰা উচিত।
  • জিংক-অক্সাইড, ক্যাওলিন সমৃদ্ধ ক্ৰীম বা লোচন শৰীৰৰ উন্মুক্ত স্থানত যেনে- হাত, মুখত ঘঁহি কাম কৰা উচিত।
  • পৰ্যাপ্ত পৰিমাণে জলপান, অ’ আৰ এছ, ডাবৰ পানী, নিমখ আৰু নেমুৰ ৰস মিশ্ৰিত চৰবত পানীয় হিচাপে গ্ৰহণ কৰাটো ভাল।
  • সূৰ্য স্নানৰ পাছত শীতল পানীৰে গা ধোৱাটো বাঞ্ছনীয়। সূৰ্যস্নানে ছালৰ ৰক্তজালিকাৰ ৰক্তনলী স্ফীত কৰে। অধিক ৰক্ত চলাচলৰ ফলত ছালৰ নানা পুষ্টিও ভৰি পৰে। ভিটামিন ‘ডি’ও পূৰ্ণ হৈ পৰে। ইয়াৰ ফলত শীতল পানীৰ স্নানে প্ৰসাৰিত ৰক্তজালিকাক সংকুচিত কৰে। ফলত ভিটামিন ‘ডি’ ৰক্তৰ মাধ্যমত দেহৰ ভিতৰত প্ৰৱেশ কৰি লিভাৰ আৰু বৃক্কক যোগান ধৰে।
  • সূৰ্যস্নান নকৰি পৰ্যায়ক্ৰমে গৰম পানী ঠাণ্ডা পানীৰে গাধুলে ছালৰ ৰক্ত চলাচল বৃদ্ধি পায়। ফলত ছাল উজ্জ্বল আৰু স্বাস্থ্যৱান হোৱা দেখা যায়।

(উৎসঃ অসমীয়া খবৰ, অলকা ডেকা কলিতা)।

কৃত্ৰিম গৰ্ভঃ

জন্মদাত্ৰীৰ দৰেই কৃত্ৰিম গৰ্ভ সৃষ্টিৰ দাবী কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীসকলে। তেওঁলোকে কৈছে যে, সম্প্ৰতি তেওঁলোকে এনে এটি গৰ্ভ সৃষ্টি কৰি উলিয়াইছে য’ত ভৱিষ্যতে প্ৰিমেচিউৰ বা অকালতে জন্ম হোৱা শিশুক জীয়াই ৰাখিবলৈ সহায় কৰা হ’ব। এই অতিৰিক্ত জৰায়ু সহায়তা যন্ত্ৰটি ভেঁড়াৰ ওপৰত পৰীক্ষা কৰি সফলতা লাভ কৰিছে বিজ্ঞানীসকলে। গৱেষক দলটোৰ মতে, তেওঁলোকৰ উদ্দেশ্য হ’ল প্ৰিমেচিউৰ শিশুৰ হাওঁফাওঁ বা অন্যান্য অংগ-প্ৰত্যংগ যাতে সঠিকভাৱে বাঢ়িব পাৰে, সেয়া নিশ্চিত কৰা। এই যন্ত্ৰটি মূলতঃ এটি প্লাষ্টিক বেগ, যাৰ ভিতৰত আছে কৃত্ৰিম এমনিউটিক ফ্লুইড। ইয়াৰ ভিতৰৰ পৰিৱেশ বহু জৰায়ুৰ ভিতৰৰ পৰিৱেশৰ দৰে একে। বিজ্ঞানীসকলে ধাৰণা কৰিছে যে, অহা তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত মানৱ দেহত এই প্ৰক্ৰিয়া পৰীক্ষা কৰি চাবলৈ প্ৰস্তুত চলাইছে বিজ্ঞানীসকলে।

(উৎসঃ সাদিন)।

ক্ষতিকাৰক মিথেনৰ নিঃসৰণ দুগুণে বাঢ়িছেঃ

 

সমগ্ৰ বিশ্বৰ উষ্ণতা বৃদ্ধিৰ বাবে দায়ী গ্ৰীনহাউছৰ গেছসমূহৰ ভিতৰত আটাইতকৈ দায়ী হ’ল মিথেন গেছ। সেয়েহে পৰিৱেশ বিজ্ঞানীসকলে এই গেছৰ নিঃসৰণ কমাবলৈ প্ৰায়ে আন্দোলন কৰি থাকে। ‘ছাইন্স জাৰ্নাল নেচাৰ’ৰ গৱেষণাত প্ৰকাশ পাইছে যে, মিথেনৰ নিঃসৰণ বিষয়ক যি ধাৰণা আগে প্ৰচলিত আছিল সেয়া সম্পূৰ্ণ ভুল, বাস্তৱত নিঃসৰণৰ পৰিমাণ আৰু বেছি। এই গৱেষণাত ইয়াকো কোৱা হৈছে যে, তেল, গেছ বা কয়লা নিঃসৰণৰ সময়ত আগেয়ে যি ধাৰণা কৰা হৈছিল তাৰ তুলনাত ২০ৰ পৰা ৬০ শতাংশ বেছি পৰিমাণৰ মিথেন নিঃসৰণ হয়। গৱেষক দলৰ প্ৰধান ষ্টেফান চয়েটজেৰ মতে, আগেয়ে মিথেন নিঃসৰণ বিষয়ক যিবোৰ পৰিমাপক আছিল, সেয়া বাস্তৱত ভুল। প্ৰকৃততে বৰ্তমান মিথেনৰ উৎপাদনৰ হাৰ প্ৰচলিত ধাৰণাৰ প্ৰায় দুগুণ। বায়ুমণ্ডলত মিথেনৰ পৰিমাণ কাৰ্বন-ডাই-অক্সাইডৰ তুলনাত বহু কম হ’লেও এই গেছ উষ্ণতা বৃদ্ধিত ২৮ গুণ বেছি কাৰ্যকৰী। গ্ৰীনহাউছ এফেক্টৰ বাবে দায়ী গেছসমূহৰ ভিতৰত মিথেনৰ অৱস্থান দ্বিতীয়। ২০০৭ চনৰ পাচৰে পৰা বায়ুমণ্ডলত ইয়াৰ হাৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে।

(উৎসঃ সাদিন)।

চকুত ছানি পৰা ৰোগঃ

 

চকুৰ ছানি মূলতঃ তিনি প্ৰকাৰৰ- কৰ্টিকেল কেটৰেক, পেষ্টিত ছাব কেপছুলৰ কেটৰেক আৰু নিউক্লিয়াৰ স্ক্নোৰোছিছ। নিউক্লিয়াৰ স্ক্নোৰোছিছত ৰেটিনাৰ ফাইবাৰসমূহ একেলগে গোট খায়। সেইবাবে ইয়াৰ মাজেৰে পোহৰ অধিক হাৰত প্ৰতিসৰিত হয়। আনহাতে আশী বছৰৰ এজন ব্যক্তিয়েও ভালদৰে দেখা পায়। তেওঁলোকে ভাবে যে, তেওঁলোকৰ চকু ভালেই আছে, চিকিৎসাৰ প্ৰয়োজন কিয় ? দৰাচলতে চকুৰ পটা তেনে বয়সত বাঢ়ি যোৱাৰ ফলত ৰেটিনাৰ ওপৰত চাপ পৰি একাংশ ৰোগীয়ে নেদেখা হয়। কিন্তু তেওঁলোকৰ দৃষ্টিশক্তি ভালেই থাকে।

চকুৰ ছানি পৰা প্ৰতিকাৰ কৰিবৰ বাবে চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজনীয়। ছানি পৰা হৈছে এক ফিজিঅ’লজিকেল পদ্ধতি। যিদৰে বয়স হ’লে ব্যক্তিৰ চুলি পকে, ছাল শোটোৰা পৰে, তেনেদৰে চকুত ছানি পৰাও এক বয়সজনিত সমস্যা। সেইবাবে চিকিৎসকে ভালদৰে পৰীক্ষা কৰি চকুৰ ছানি পৰা, চকুৰ অন্য সমস্যা ভালদৰে চাই প্ৰতিকাৰ কৰিব পাৰে।

প্ৰথমে চছমা দি চেষ্টা কৰা হয়, যদিহে দৃষ্টিশক্তিৰ পৰিৱৰ্তন হয়, যদিহে চছমাৰ দ্বাৰা দৃষ্টিশক্তি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণাধীন নহয়, তেতিয়া ছানি পৰা ৰোগৰ একমাত্ৰ চিকিৎসা হ’ল অস্ত্ৰোপচাৰ কৰা।

চকুৰ ছানি পৰা এক প্ৰচলিত ৰোগ। অনেকৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিয়ে। চল্লিশ বছৰৰ পিছত ব্যক্তিৰ এই সমস্যাই দেখা দিয়ে। কোনো লোকৰ আকৌ জন্মৰ সময়ত বা শৈশৱ কালতো হ’ব পাৰে। তদুপৰি চকুৰ কোনো সংক্ৰমণজনিত ৰোগ বা চাপ অধিক(গ্লুক’মা), উচ্চ মায়’পিয়া থাকিলে এই সমস্যা হোৱাৰ সম্ভাৱনা থাকে। এই সমস্যাই দেখা দিলে অনতিপলমে চিকিৎসকৰ কাষ চপাটো জৰুৰী।

(উৎসঃ সাদিন)।

ইউৰিক এচিড হ্ৰাসকাৰী খাদ্যঃ

 

মানৱ দেহৰ অন্যতম উপাদান হৈছে ইউৰিক এচিড। কাৰ্বন, হাইড্ৰ’জেন, অক্সিজেন আৰু নাইট্ৰ’জেনৰ সহায়ত তৈয়াৰী এই যৌগই আমাৰ খাদ্য পাচন অথবা হজম কৰাত সহায় কৰে। শৰীৰৰ পিউৰিন নামৰ অংশই মূলতঃ ইউৰিক এচিড তৈয়াৰ কৰে। কিন্তু শৰীৰত ইউৰিক এচিডৰ উপকাৰিতাৰ বিপৰীতে বহু ক্ষতিকাৰক দিশো আছে। সেইবাবেই শৰীৰত ইউৰিক এচিডৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাটো অত্যাৱশ্যকীয়। ইউৰিক এচিড বৃদ্ধি পোৱাৰ কাৰণসমূহ হ’ল অতিৰিক্ত ওজন, অতিৰিক্ত সুৰাপান, পিউৰিন অংশক গধুৰ কৰি তোলা খাদ্য সেৱন, হাইপ’থাইৰয়েডিজম, নিৰ্দিষ্ট ডিউৰেটিক্স (ক্ৰমাগতভাৱে বৃক্কৰ পানী আৰু লৱণৰ পৰিমাণ কমি অহা)। ইয়াৰ উপৰি অতিৰিক্ত প্ৰ’টিনো ইউৰিক এচিড বৃদ্ধিৰ বাবে দায়ী। শৰীৰৰ তেজত উচ্চ হাৰত ইউৰিক এচিড থকা অৱস্থাটোক হাইপ’ৰুৰিকেমিয়া বোলা হয়। ইউৰিক এচিডৰ মাত্ৰা অধিক হ’লে বাত ৰোগেও দেখা দিয়ে। সেইবাবে নিয়মিত খাদ্যাভ্যাসৰ এক সন্তুলিত মাত্ৰাই শৰীৰত ইউৰিক এচিডৰ হাৰ কমাই ৰাখে। তেনে কিছু ইউৰিক এচিড হ্ৰাসকাৰী খাদ্যৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

  • অলিভ অইলঃ শৰীৰত ইউৰিক এচিডৰ হাৰ হ্ৰাস কৰাত অলিভ অইল বা জলফাইৰ তেল অতি উপকাৰী। অলিভ অইলত প্ৰদাহৰোধী ক্ষমতা আছে। ইউৰিক এচিডৰ প্ৰদাহৰ পৰা হাত সাৰি থাকিবলৈ শাক-পাচলিৰ আঞ্জা, চালাড আদিত নিয়মিতভাৱে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে।
  • বাদামঃ বিশেষ ধৰণৰ বাদাম, যেনে- আলমণ্ড, মেকাডেমিয়া বাদাম আৰু আখৰোটত সাধাৰণতে পিউৰিনৰ পৰিমাণ কম থাকে, যি ইউৰিক এচিডৰ বৰ্ধিত মাত্ৰা স্বাভাৱিক পৰ্যায়লৈ অনাত সহায় কৰে। এনে বাদামত থকা পিউৰিনৰ পৰিমাণ মাত্ৰ ৪০ মিলিগ্ৰাম। আমি সচৰাচৰ খোৱা সাধাৰণ বাদাম এৰাই চলা উচিত, কিয়নো এনে বাদামত থকা পিউৰিনৰ পৰিমাণ ৮০ মিলিগ্ৰাম।
  • নেমু পানীঃ ইউৰিক এচিড প্ৰতিৰোধত ছাইট্ৰিক এচিড (কমলা বা নেমুত থকা বিশেষ এচিড) অতি উপকাৰী। নেমুত ভিটামিন চি আৰু ছাইট্ৰিক এচিড থাকে। ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে এটি নেমুৰ ৰস এগিলাচ গৰম পানীত মিহলাই প্ৰতিদিনে দুই-তিনিবাৰ খোৱাটো উচিত।

(উৎসঃ সাদিন)।

থেলাছেমিয়াঃ

 

প্ৰত্যেক বৰ্ষৰ ৮ মে’ তাৰিখে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পালিত হয় বিশ্ব থেলামেছিয়া দিৱস। কিন্তু থেলামেছিয়াৰ বিষয়ে বৰ্তমানেও বহু লোকৰ অৱগত নহয়। দৰাচলতে থেলাছেমিয়া তেজৰ এক বিশেষ ৰোগ। ই কৰ্কট বা এইডছৰ দৰে ৰোগ নহয়। থেলাছেমিয়া এক জীনগত ৰোগ। ব্যক্তিৰ শৰীৰৰ কোষত থকা জীনে এই ৰোগ বহন কৰে।

আমাৰ শৰীৰৰ তেজত লোহিত ৰক্ত কণিকা থাকে বাবেই আমাৰ তেজৰ বৰণ ৰঙা হয়। তদুপৰি তেজতেই হিম’গ্লবিন নামৰ বিশেষ ৰঞ্জক পদাৰ্থও থাকে। এই হিম’গ্লবিনে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন সৰবৰাহ কৰে। থেলাছেমিয়া নামৰ জীনগত অথবা বংশগত ৰোগত ৰোগীৰ শৰীৰত বিশেষ ত্ৰুটিপূৰ্ণ হিম’গ্লবিন তৈয়াৰ হয়। সাধাৰণতে লোহিত ৰক্ত কণিকাৰ আয়ুসকাল ১২০ দিন। কিন্তু ত্ৰুটিপূৰ্ণ হিম’গ্লবিনৰ বাবে বা হিম’গ্লবিন সঠিক ৰূপত তৈয়াৰ নহ’লে লোহিত ৰক্ত কণিকাৰ আয়ুসকাল হ্ৰাস পায়। তদুপৰি লোহিত ৰক্ত কণিকাসমূহ সহজেই ভাঙি যায়। এই অৱস্থাত অস্থিমজ্জাৰ বাবে একেই হাৰত লোহিত ৰক্ত কণিকা তৈয়াৰ কৰাটো সম্ভৱ হৈ নুঠে। সেইবাবে ৰক্তহীনতাইও দেখা দিয়ে। তাৰ পৰাই নানান উপসৰ্গ স্পষ্ট হৈ পৰে। এয়াই হৈছে থেলাছেমিয়া।

থেলাছেমিয়া বহু প্ৰকাৰৰ। ত্ৰুটিপূৰ্ণ হিম’গ্লবিনো কেইবাধৰণৰ। এই সকলো পৰ্যবেক্ষণ কৰি ক’ব পাৰি যে, থেলাছেমিয়া মূলতঃ দুই প্ৰকাৰৰ- আলফা থেলাছেমিয়া আৰু বিটা থেলাছেমিয়া। সমীক্ষা অনুসৰি, পৃথিৱীত বিটা থেলাছেমিয়াতকৈ আলফা থেলাছেমিয়াত ভোগা ৰোগীৰ সংখ্যা অধিক। কিন্তু অধিকাংশ ক্ষেত্ৰত আলফা থেলাছেমিয়া তীব্ৰ নহয়। বহু ৰোগীৰ ক্ষেত্ৰত এই ৰোগৰ উপসৰ্গ নিৰ্ধাৰণ কৰিবও পৰা নাযায়। সেইবাবে এনে ৰোগীয়ে স্বাভাৱিক জীৱন-যাপন কৰে। আনহাতে বিটা থেলাছেমিয়া দুই প্ৰকাৰৰ- বিটা থেলাছেমিয়া মাইনৰ আৰু বিটা থেলাছেমিয়া মেজৰ। বিটা থেলাছেমিয়া মাইনৰক থেলাছেমিয়া ট্ৰেইট বা কেৰিয়াৰ বোলে।

থেলাছেমিয়া ট্ৰেইট আৰু থেলাছেমিয়া ভিন্ন। ইয়াৰ মূল কাৰণ হ’ল ৰোগৰ বাহক। অধিকাংশ ক্ষেত্ৰত এনে ৰোগীৰ ক্ষেত্ৰত থেলাছেমিয়াৰ লক্ষণ প্ৰকাশিত নহয়। অনেক ৰোগীয়ে অজানিতেই গোটেই জীৱন এই ৰোগ শৰীৰত বহন কৰে। কোনো কোনো ৰোগীৰ ক্ষেত্ৰত সামান্য ৰক্তহীনতা পৰিলক্ষিত হয়। পিতৃ আৰু মাতৃ উভয়ে থেলাছেমিয়া ট্ৰেইট হ’লে তেওঁলোকৰ সন্তানৰ শতকৰা ২৫ জনেই থেলাছেমিয়া ৰোগত আক্ৰান্ত হয়।

থেলাছেমিয়া ৰোগৰ উপসৰ্গসমূহ মূলতঃ ৰক্তহীনতাৰ বাবে সৃষ্টি হোৱা উপসৰ্গ। যেনে- ক্লান্তি, অৱসাদগ্ৰস্ততা, শ্বাস-প্ৰশ্বাসত কষ্ট, মূৰ্ছা যোৱা ইত্যাদি। কোনো কোনো ক্ষেত্ৰত ত্ৰুটিপূৰ্ণ হিম’গ্লবিনৰ বাবে লোহিত ৰক্তকণিকা অধিক হাৰত ভাঙি গ’লে জণ্ডিজ হয় আৰু তাৰ ফলত শৰীৰৰ বৰণ হালধীয়া হৈ পৰে। প্ৰস্ৰাৱৰ বৰণো হালধীয়া হয়। প্লীহাৰ আকাৰ বৃদ্ধি পায়। যকৃতৰ আকাৰো বৃদ্ধি পায় আৰু হাড় থুনুকা হৈ পৰে। চেহেৰাৰো বিশেষ পৰিৱৰ্তন হয়। নাসিকা হাড় বাঢ়ি যায়। ক্ৰমান্বয়ে ৰোগীৰ ক্ষেত্ৰত কিছু বিশেষ জটিলতাও দেখা যায়। ৰক্তহীনতাৰ বাবেই ৰোগীক সঘনে তেজ দিলে শৰীৰত আইৰনৰ মাত্ৰা বাঢ়ি যায় আৰু এই আইৰন ৰোগীৰ হৃদপিণ্ড, যকৃত, অগ্নাশয়, অণ্ডকোষ আদিত জমা হয়। এই পৰ্যায়টি অধিক সংকটজনক হৈ পৰে। কিয়নো অতিৰিক্ত আইৰন জমা হোৱাৰ বাবেই ৰোগীৰ কিছু অংগ বিকল হ’বলৈ আৰম্ভ কৰে। এনে সময়ত প্ৰকৃত চিকিৎসা লাভ নকৰিলে ৰোগীৰ মৃত্যুও হ’ব পাৰে। সঘনে ৰক্ত পৰিসঞ্চালন কৰাৰ বাবেই ৰোগী অন্যান্য ৰক্তজনিত সংক্ৰামক ৰোগতো আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এনে ৰোগীৰ হেপাটাইটিছ হোৱাৰ আশংকা অধিক।

থেলাছেমিয়া ৰোগ চিনাক্ত কৰাৰ মূল উপায় হ’ল তেজৰ হিম’গ্লবিন ইলেক্ট্ৰ’ফৰেছিছ পৰীক্ষা কৰা। তেজৰ নিয়মিত পৰীক্ষা কৰাই থাকিলে ৰক্তহীনতাৰ মাত্ৰাৰ বিষয়ে অৱগত হ’ব পাৰি। আনহাতে থেলাছেমিয়াত লোহিত ৰক্তকণিকাৰ আকাৰ সৰু হৈ যায়। তেজৰ নিয়মিত পৰীক্ষাত সেই বিষয়টিও ধৰা পৰে। ইয়াৰ পৰা থেলাছেমিয়া ৰোগত আক্ৰান্ত হোৱা সন্দৰ্ভত প্ৰাথমিক উমান পাব পাৰি। তদুপৰি ডি এন এ পৰীক্ষা কৰালেও এই ৰোগ চিনাক্ত কৰিব পাৰি। মূৰৰ এক্স-ৰে আৰু পেটৰ আল্ট্ৰাছাউণ্ড আদিতো থেলাছেমিয়া চিনাক্ত হয়। থেলাছেমিয়া ৰোগৰ মূল চিকিৎসা হ’ল ৰক্ত পৰিসঞ্চালন। প্ৰতি চাৰি সপ্তাহৰ মূৰে মূৰে এনে ৰোগীক তেজ দিয়াটো জৰুৰী। ইয়াৰ ফলত আইৰন বৃদ্ধি পালে যাৱতীয় ঔষধৰ দ্বাৰা তাৰ মাত্ৰা হ্ৰাস কৰিব পাৰি। থেলাছেমিয়া ৰোগত আক্ৰান্ত ৰোগীৰ বাবে আয়ৰন সমৃদ্ধ খাদ্য তথা আয়ৰনৰ ঔষধ সম্পূৰ্ণৰূপে নিষিদ্ধ। ৰোগীৰ প্লীহাৰ আকাৰ বৃদ্ধি পালে অস্ত্ৰোপচাৰ কৰাৰো থল আছে। মূলতঃ থেলাছেমিয়াৰ অস্থিমজ্জা প্ৰতিষ্ঠাপনেই স্থায়ী চিকিৎসা যদিও ই যথেষ্ট ব্যয়বহুল। বিশ্বসংস্থাৰ এক সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বৰ প্ৰায় দহ কোটিৰো অধিক লোকে বিভিন্ন ধৰণে বিটা থেলাছেমিয়াৰ জীন বহন কৰে। প্ৰতিবছৰে প্ৰায় এক লাখ শিশু থেলাছেমিয়া ৰোগৰ জীন বহন কৰিয়েই ভূমিষ্ঠ হয়। সেইবাবেই বৰ্তমান এই ৰোগৰ প্ৰতিৰোধৰ বাবে সচেতনতা অতি প্ৰয়োজনীয় হৈ পৰিছে। বিবাহৰ পূৰ্বে তেজ পৰীক্ষাৰ দ্বাৰা থেলাছেমিয়া ৰোগৰ ৰোগীৰ বিষয়ে জনাটোও বৰ্তমান নিতান্তই প্ৰয়োজনীয়। কিয়নো দুগৰাকী থেলাছেমিয়া জীন বহনকাৰী ব্যক্তিৰ মাজত বিবাহ নোহোৱাটো নিশ্চিত কৰিব পাৰিলে থেলাছেমিয়া ৰোগৰ হাৰ হ্ৰাস কৰিব পাৰি বুলি চিকিৎসা বিজ্ঞানী তথা গৱেষকসকলে উল্লেখ কৰে। আনহাতে গৰ্ভাৱস্থাতো গৰ্ভত থখা শিশুৰ কোৰিঅ’নিক ভিলিয়াছ ছাম্পলিং, এমিন’ছেনটিছছ আৰু ফিটাৰ ব্লাড ছেম্পলিং নামৰ তিনিটা বিশেষ পৰীক্ষাৰ দ্বাৰা থেলাছেমিয়া ৰোগ নিৰ্ধাৰণ হ’লে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যকীয়। তদুপৰি থেলাছেমিয়াত আক্ৰান্ত ৰোগীসকলে নিজৰ খাদ্যাভ্যাসৰ ওপৰত ধ্যান দিয়াটো অতি প্ৰয়োজনীয়। এই সন্দৰ্ভত এন টিভিৰ এক সাক্ষাৎকাৰত এপ’লো হাস্পতালৰ হেমাটলজি বিভাগৰ চিকিৎসক ডাঃ মুজাহিদা ৰহমানে কয়- থেলাছেমিয়া ৰোগীয়ে যিহেতু নিয়মিতভাৱে ৰক্ত পৰিসঞ্চালন কৰিয়েই জীয়াই থাকে, সেইবাবেই তেওঁলোকৰ শৰীৰত অধিক আয়ৰন জমা হোৱা দেখা যায়। সেইবাবেই তেনে ৰোগীয়ে আয়ৰন জাতীয় খাদ্য খোৱাটো নিষেধ। ইয়াৰ ফলত অংগ বিকল হোৱাৰ আশংকা থাকে।

পৃথিৱাৰ বিভিন্ন দেশত বৰ্তমান উক্ত উপায়সমূহেৰে থেলাছেমিয়া ৰোগ প্ৰতিৰোধ কৰাৰ প্ৰয়াস কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা অনুসৰি অহা ৫০ বছৰত থেলাছেমিয়াই সমগ্ৰ পৃথিৱীজুৰি এক বৃহৎ সমস্যাৰূপে দেখা দিব পাৰে। এই ৰোগৰ প্ৰতিৰোধৰ বাবেই সচেতনতাৰ আৱশ্যক। এই ক্ষেত্ৰত চৰকাৰী, ব্যক্তিগত, সামাজিক তথা গণমাধ্যম সহায়ক হৈ উঠিব পাৰে।

(উৎসঃ সাদিন)।

মনোযোগ বৃদ্ধিত সহায়কাৰী খাদ্যঃ

মানুহ দৈহিক তথা মানসিক উভয় দিশতে স্বাস্থ্যৱান হৈ থাকিবৰ বাবে এখন স্বাস্থ্যসন্মত আহাৰ তালিকা অতি প্ৰয়োজনীয়। মানুহৰ মগজু সঠিকৰূপে পৰিচালিত হ’বৰ বাবে পুষ্টিৰ প্ৰয়োজন, এই পুষ্টি পুষ্টিকৰ খাদ্যৰ দ্বাৰা লাভ কৰিব পাৰি। বৈজ্ঞানিক গৱেষণা অনুসৰি এনে কিছু খাদ্য আছে, যিয়ে মগজুৰ কাৰ্যকাৰিতা বৃদ্ধি কৰি মানুহৰ মনোযোগ বৃদ্ধিত সহায় কৰে। এনে কিছু খাদ্যৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

  • গ্ৰীন টীঃ গৱেষণা অনুসৰি, গ্ৰীন টীয়ে মগজুৰ কাম-কাজ সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। ইউনিভাৰছিটী অব্ বেচ্চেলৰ এক সমীক্ষা অনুসৰি গ্ৰীন টীয়ে মগজুৰ বৈদ্যুতিক সংযোগ বৃদ্ধি কৰে। যি লোকে দৈনিক দুই-তিনি পিয়লা গ্ৰীন টী পান কৰে, তেওঁলোকে কামত অধিক মনোযোগ দিব পাৰে।
  • কফিঃ শৰীৰৰ ক্লান্তি দূৰ কৰাৰ ক্ষেত্ৰত কফি অতি উপকাৰী। এই কফিয়ে মনোযোগ বৃদ্ধি কৰাতো সহায় কৰে। কফিত কেফেইন নামৰ এক উপাদান পোৱা যায়, যি তেজত অক্সিজেনৰ পৰিমাণ সঠিক কৰি ৰাখে, যি মনোযোগ বৃদ্ধিত সহায়ক হয়।
  • চৰ্বিযুক্ত মাছঃ চৰ্বি অথবা তেলযুক্ত মাছে আচৰিতভাৱে মনোযোগ বৃদ্ধিত সহায় কৰে। এনে মাছত অ’মেগা-৩, ই পি এ ডি এছ এ থাকে যিয়ে মনোযোগ বৃদ্ধিত সহায় কৰে। সাধাৰণতে অ’মেগা-৩ৰ নাটনিৰ ফলত মানুহৰ স্মৰণ শক্তি হ্ৰাস পায়।
  • পানীঃ শৰীৰ সুস্থ কৰি ৰখাৰ বাবে প্ৰতিদিনে ৮-১০ গিলাচ পানী খোৱাটো অতি আৱশ্যকীয়। পানীয়ে মগজুক শক্তি প্ৰদান কৰি থাকে, যাৰ বাবে মগজুৱে সঠিকভাৱে কাম কৰিব পাৰে। ই স্মৰণশক্তি বৃদ্ধি কৰাৰ লগতে চিন্তা কৰাৰ ক্ষমতাও বৃদ্ধি কৰে।
  • পালেং শাকঃ পালেং শাকত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট লুটিন থাকে, যিয়ে কোনিটিভ ক্ষয় হ্ৰাস কৰে। ই স্মৃতিশক্তি প্ৰখৰ কৰাত অতি উপকাৰী।
  • বাদামঃ বাদামত প্ৰচুৰ পৰিমাণে ভিটামিন ‘ই’ আৰু এণ্টিঅক্সিডেণ্ট আছে, যি মনোযোগ বৃদ্ধিত সহায়ক। তদুপৰি বাদামত প্ৰয়োজনীয় এমিন’ এচিডো থাকে।
  • বিটঃ মনোযোগ বৃদ্ধিৰ ক্ষেত্ৰত বিট অতুলনীয়। বিটে ৰক্তসঞ্চালন সঠিক কৰি ৰাখে। মগজুত অক্সিজেনৰ প্ৰবাহ সঠিকভাৱে ৰখাত বিট উপকাৰী।

এনে এক খাদ্য তালিকাই বৃদ্ধি কৰিব আপোনালোকৰ মনোযোগ শক্তি।

(উৎসঃ সাদিন)।

3.11538461538
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক