অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

অষ্টিঅ'মেলেচিয়াৰ পৰা সাৱধান


অষ্টিঅ'মেলেচিয়াৰ অর্থ হ’ল কোমল হাড়। হাড় কোমল হৈ যোৱাৰ মূল কাৰণ হ’ল ভিটামিন-‘ডি’ৰ অভাৱ। ভিটামিন-ডিৰ অভাৱৰ ফলত খনিজ উপাদান কেলচিয়াম আৰু ফচফৰাচে শৰীৰৰ হাড় ঠিকমতে গঠন কৰিব নোৱাৰে। আৰু হাড়ত কেলচিয়াম আৰু ফচফৰাচ কম থাকিলে হাড় কোমল হয়। যাৰ ফলত হাড় দুর্বল হৈ সহজে ভাঙে। এয়া কেৱল বয়সস্থজনৰ ক্ষেত্ৰতহে হয়। শিশুৰ ক্ষেত্ৰত এনে হ’লে তাক ৰিকেট বোলা হয়। অষ্টিঅ'মেলেচিয়া মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। সাধাৰণতে গৰ্ভাৱস্থাত এয়া বেছিকৈ ঘটে। অষ্টিঅ'মেলেচিয়া অষ্টিঅ'পৰাছিছৰ দৰে একে নহয়। এই দুয়োটা অসুখতে হাড় ভাঙি যাব পাৰে। কিন্তু অষ্টিঅ'মেলেচিয়াত হাড় আৰু টান নহয়।

আমাৰ শৰীৰৰ হাড়বোৰ টান হ’বলৈ কিছু খনিজ উপাদানৰ প্রয়োজন হয়। যদি আমাৰ শৰীৰত সেই উপাদানবোৰ পৰ্যাপ্ত পৰিমাণে নাথাকে তেন্তে আমাৰ অষ্টিঅ'মেলেচিয়া হ’ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ‘ডি’ গ্ৰহণ নকৰাৰ ফলত শৰীৰত হাড়ৰ ক্ষয় হয়। ভিটামিন ‘ডি’ সাধাৰণতে সূৰ্যৰ ৰশ্মিৰ পৰা পোৱা যায়। তদুপৰি প্রয়োজনসাপেক্ষে ভিটামিন ‘ডি’ৰ চাপ্লিমেণ্টো গ্ৰহণ কৰিব পাৰে। গেষ্ট্ৰিকৰ বাইপাছ ছাৰ্জাৰী, পাকস্থলীৰ অস্ত্ৰোপচাৰ, লিভাৰ বা কিড্‌নীৰ অসুখৰ ফলতো শৰীৰত ভিটামিন ‘ডি’ গ্ৰহণৰ ক্ষমতাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। কিড্‌নীয়ে ঠিকমতে এচিড নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও শৰীৰৰ ভিটামিন ‘ডি’ৰ অভাৱ ঘটে। তদুপৰি বংশগত কাৰণতো অষ্টিঅ'মেলেচিয়া হ’ব পাৰে।

অষ্ট্রিঅ’মেলেচিয়াৰ কেইটিমান বিশেষ লক্ষণৰ বিষয়ে আমি জানি লওঁ আহক— কোনো বিশেষ আঘাত নোপোৱাকৈ শৰীৰৰ হাড় ভাঙি যোৱা বা অলপতে ভাগৰুৱা অনুভৱ কৰা। বহাৰ পৰা উঠিলে কষ্ট পোৱা বা চিৰি বগালে কষ্ট অনুভৱ কৰা আদিয়েই অষ্টিঅ’মেলেচিয়াৰ প্ৰধান লক্ষণ।

তেজ পৰীক্ষাৰ জৰিয়তে শৰীৰত ভিটামিন ‘ডি’ৰ মাত্ৰা নিৰূপণ কৰিব পাৰি। তদুপৰি এক্স-ৰেৰ জৰিয়তেও হাড়ৰ অৱস্থা নিৰূপণ কৰিব পাৰি। ব'ন মিনাৰেল ডেনচিটী স্কেনৰ জৰিয়তে হাড়ৰ কেলচিয়াম আৰু ফছফেটৰ পৰিমাণে নিৰূপণ কৰিব পৰা যায়। কেতিয়াবা আকৌ সঠিক ৰোগ নির্ণয় কৰিবলৈ হাড়ৰ বায়োপ্‌চিও কৰোৱাব লগা হয়।

যদিহে পর্যাপ্ত পৰিমাণৰ ভিটামিন ‘ডি’ৰ অভাৱৰ ফলত অষ্টিঅ'মেলেচিয়া হয়, তেন্তে খাদ্যত যথেষ্ট পৰিমাণৰ ভিটামিন ‘ডি’ গ্ৰহণত মনোযোগ দিব লাগে। কিছু নির্দিষ্ট খাদ্য তথা ছাপ্লিমেন্ট গ্রহণ কৰাটো জৰুৰী। সম্পূর্ণ শস্যজাতীয় খাদ্য (চিৰিয়েল), পনীৰ, কণী, মাছ, গাখীৰ, কমলাৰ ৰস আৰু দৈ আদি ভিটামিন ‘ডি’ সমৃদ্ধ খাদ্য। বহু সময়জুৰি ৰ’দত থাকিলেও শৰীৰে ভিটামিন ‘ডি’ গ্ৰহণ কৰিব পাৰে। অৱশ্যে এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈ সঠিক ছানস্কীন গ্ৰহণ কৰাটো জৰুৰী। কিয়নো অতিৰিক্ত ৰ’দৰ পৰা আকৌ কেতিয়াবা স্কীন কেঞ্চাৰৰ আশংকাও বৃদ্ধি পায়। সেয়ে অষ্টিঅ'মেলেচিয়াৰ সমস্যা বাঢ়ি গ’লে চিকিৎসকৰ লগত পৰামৰ্শ কৰি অধিক মাত্ৰাত কেলচিয়াম আৰু ভিটামিন ‘ডি’ ছাপ্লিমেণ্ট গ্রহণ কৰিব পাৰে। অন্যথা সমস্যা বাঢ়ি গ’লে প্রয়োজন হ’ব অস্ত্ৰোপচাৰৰ।

 

কোনবোৰ খাদ্য হৃদৰোগীয়ে নাখাব?


আমাৰ শৰীৰৰ ভিতৰত অবিৰামভাবে তেজ পাম্প কৰি থকা গুৰুত্বপূর্ণ অংগটো

হৈছে হৃৎপিণ্ড। হৃৎপিণ্ড সুস্থ থাকিলেহে আমাৰ শৰীৰটোও সুস্থ হৈ থাকে। সাধাৰণ লোকেও স্বাস্থ্যৰ বাবে উপকাৰী খাদ্যবোৰহে খাব লাগে। গতিকে হৃদৰোগীসকল খাদ্যৰ প্ৰতি অধিক সচেতন হৈ থাকিব লাগে। কাৰণ হৃৎপিণ্ডৰ বাবে উপকাৰী খাদ্য খালে হৃদৰোগৰ জটিলতা কমে। হৃৎপিণ্ডৰ বাবে উপকাৰী খাদ্যসমূহ হ’ল—শাক-পাচলি, শস্য, ফলমূল, ক্ৰীম বা চর্বি নথকা দুগ্ধজাত খাদ্য, চৰ্বিহীন মাংস, মাছ আদি। কিছুমান খাদ্যক হৃদৰোগীয়ে এৰাই চলা উচিত আৰু খাদ্যগ্ৰহণৰ সময়ত তেওঁলোক বেছ সতর্ক হৈ থকাটো উচিত। তদুপৰি বর্তমান আধুনিক গৱেষণাবোৰৰ ফলত পুৰণা ধ্যান-ধাৰণাবোৰ অচল হোৱাত ৰোগী বিভ্ৰান্তও হৈ পৰে। উদাহৰণস্বৰূপে, পুৰণি ধাৰণা অনুসৰি ডায়েটৰী কল’ষ্টেৰল, ছ’ডিয়াম আৰু চর্বিযুক্ত খাদ্যবোৰ হৃদৰোগীৰ কাৰণে ক্ষতিকাৰক। অধ্যাপক জেফ ভলেক্‌ নামৰ ওহাইঅ’ ষ্টেট ইউনিভাৰচিটিৰ ফুড চায়েন্সৰ খাদ্য গৱেষকজনৰ মতে সাম্প্রতিক কিছুমান গৱেষণাত দেখা গৈছে যে, ডায়েটৰী চেচুৰেটেড্‌ ফেট গ্ৰহণ কৰাৰ সৈতে হৃদৰোগৰ(কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ) কোনো সম্পর্ক নাই। অধ্যাপক ভলেকৰ মতে তথাপিও তেজত চেছুৰেটেড ফেটৰ (চর্বি) উপস্থিতি তেজত থাকিলে হৃদৰোগৰ আশংকা কিন্তু বাঢ়ি যায়। ডায়েটৰী বা খাদ্যজনিত চর্বি আৰু ক’লেষ্টেৰলক লৈ কৰা এক গৱেষণাত দেখা গৈছে যে, খাদ্যত এনে দ্রব্য থাকিলেও যে ই আপোনাৰ শৰীৰত তেনে ক’লেষ্টেৰল বা চর্বি বঢ়াই নুতুলিবও পাৰে। ইমানবোৰ নতুন আৰু পুৰণি বিতর্কিত মন্তব্য অথবা আলোচনা চলি থাকিলেও সঁচা অৰ্থত হৃদৰোগীসকলে কি খাদ্য খাব, সি সঁচাকৈয়ে ঠিক কৰি লোৱাটো এক গুৰুত্বপূর্ণ বিষয়। কেটপাটন নামৰ ক্লীভলেণ্ড ক্লিনিকৰ ‘হার্ট এণ্ড ইনষ্টিটিউট’ৰ আহাৰ বিশেষজ্ঞগৰাকীৰ মন্তব্য হ’ল— ‘খাদ্যই আমাৰ শৰীৰত পুষ্টি প্রদান কৰে নতুবা আমাৰ শৰীৰক বিষাক্ত কৰি তোলে।” বহুল অৰ্থত হৃৎপিণ্ডৰ কাৰণে ক্ষতিকাৰক খাদ্যবোৰৰ এখন তালিকা তলত দিয়া হৈছেঃ

ছ’ডা/কোমল পানীয়

কোমল পানীয়ত প্ৰচুৰ পৰিমাণে চেনি থাকে, যি ধমনীৰ বেৰৰ ওপৰত চাপৰ সৃষ্টি কৰে। আনহাতে ছ’ডা পান কৰিলে তেজত চেনিৰ মাত্রা বৃদ্ধি পায় আৰু কাৰ্ডিঅ'স্কুলাৰ ৰোগ হোৱাৰ আশংকাও বৃদ্ধি হয়। গতিকে ছ’ডা জাতীয় কোমল পানীয়ক হৃদৰোগীয়ে পৰিহাৰ কৰা উচিত।

সেকা আহাৰ

সেকা বা বে’ক কৰা খাদ্যত প্ৰচুৰ পৰিমাণে চেনি থকাৰ কাৰণে তেনে খাদ্য হৃদৰোগীৰ বাবে বর্জনীয়। চর্বি আৰু চেনিয়ে ধমনীৰ কাম-কাজত বাধাৰ সৃষ্টি কৰে আৰু তেজতো চেনিৰ মাত্রা বৃদ্ধি কৰে। এই চর্বি আৰু চেনি কাডিঅ’ভাস্কুলাৰ হৃদৰোগৰ কাৰণ হৈ পৰে।

পৰিশোধিত খাদ্য

কেট্‌চাপ (ketchup), বগা পাওৰুটি, কম চর্বিযুক্ত দৈ, চালাদ ড্রেচিং, পাস্তা, চচেজ, বাৰ্বিকিউ চচেজ আদি পৰিশোধিত খাদ্যবোৰ হৃৎপিণ্ডৰ বাবে অতিশয় ক্ষতিকৰ। গতিকে তেনে খাদ্য খোৱাৰ পৰা বিৰত থাকিব।

নতুন এক গৱেষণাৰ মতে মাখন হৃৎপিণ্ডৰ বাবে ক্ষতিকাৰক নহয় অথচ মার্জাৰিন নামৰ চর্বিযুক্ত দ্রব্যবিধ অতি ক্ষতিকাৰক। কাৰণ ইয়াত “ট্রান্সফেট’ নামৰ এবিধ চর্বি থাকে, যি হৃৎপিণ্ডৰ ৰোগ সৃষ্টি কৰে। ট্রান্সফেট নামৰ চৰ্বিবিধ মার্জাৰিন, কফি, ক্রীম আৰু হাইড্র’জেনেটেড তেল হৃদৰোগীসকলে খাব নালাগে।

 

ডায়বেটিছৰ পৰা কেনেকৈ দূৰত থাকিব ?


ডায়বেটিছহীন জীৱন! আজিৰ দিনত যেন এক অলৌকিক সপোন। কি চহৰ, কি গাঁও; প্রায়সংখ্যক লোকেই আজি ডায়বেটিছ বা মধুমেহ ৰোগত আক্রান্ত। তদুপৰি এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে কিডনী, চকু, ভৰিকে ধৰি শৰীৰৰ বিভিন্ন অংগৰ ক্ষতিসাধন হয়। ডায়বেটিছ প্ৰতিৰোধৰ কিছুমান উপায় আজি আলোচনাৰ বিষয়।

ওজন কেতিয়াও বাঢ়িবলৈ দিব নালাগে। ওজনৰ ভাৰসাম্য সদায় নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব লাগে। যিবোৰ খাদ্যই ওজন বৃদ্ধি কৰে সেইবোৰ এৰি চলিবলৈ যত্ন কৰিব লাগে। তদুপৰি মূল খাদ্য গ্ৰহণৰ আধাঘণ্টামানৰ পূর্বে এগিলাচ পানী সেৱন কৰিব পাৰিলে ভাল। দিনটোত যিমান পাৰি পানী পান কৰিবলৈ যত্ন কৰিব লাগে। ভাত বা ৰুটীৰ লগত শাক-পাচলি বেছিকৈ খাব লাগে। খোৱাৰ সময়ত টিভি চাই বা কথাপতি খাদ্যগ্ৰহণ কৰিব নালাগে। কথাটো শুনিলে হাঁহি উঠা যদিও এয়া বিশেষজ্ঞৰে মত হয়। বিশেষজ্ঞসকলৰ মতে খাবলৈ বহি টিভি চাই থাকিলে বা কথা পাতি থাকিলে বেছিকৈ খোৱা হয়। সেয়ে মনোযোগেৰে কমাই খোৱাৰ যত্ন কৰিব লাগে৷ খাদ্য তালিকাত ডালচেনি ৰাখিব লাগে৷ ই তেজৰ গ্লুক'জৰ পৰিমাণক সদায় স্থিতিশীল ৰখাত সহায় কৰে। মানসিক চাপো ডায়েবেটিছ ৰোগ সৃষ্টিৰ অন্য এক কাৰক। সেয়ে সদায় মানসিক চাপমুক্ত হৈ থকাৰ যত্ন কৰক। মানসিক চাপমুক্ত হৈ থাকিবলৈ দীৰ্ঘ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰাৰ উপৰি ধ্যান কৰিব লাগে। প্ৰত্যেকদিনে ভালদৰে টোপনি যাব লাগে। বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে, ভালদৰে টোপনি নাহিলেও ডায়বেটিছ হোৱাৰ আশংকা বাঢ়ি যায়। সেয়ে প্রতিদিনে সাতৰ পৰা আঠঘণ্টা পর্যন্ত শুব লাগে।

 

ভ্ৰমণৰ সময়ত সুস্থ থকাৰ উপায়


ভ্ৰমণৰ সময়ত সুস্থ থকাতো অতিকৈ প্রয়োজনীয় কথা। কিয়নো আমি ভ্ৰমণ কৰিবলৈ গৈ অসুস্থ হৈ পৰিলে ফুৰা-চকা বা যিকোনো কাম কৰিয়েই শান্তি নাপাম। তদুপৰি অসুস্থতাৰ বাবে ভ্ৰমণৰ সম্পূর্ণ আনন্দ নষ্ট হৈ যাব পাৰে। ভ্ৰমণ সাধাৰণতে পৰিয়াল বা বন্ধু-বান্ধৱৰ লগতেই কৰা হয়। এজন যদি যাত্ৰাপথত অসুস্থ হৈ পৰে তেন্তে সকলোৰে বাবে এই ভ্ৰমণ পীড়াদায়ক হৈ উঠিব পাৰে। সেয়ে ক’ৰবালৈ ফুৰিব বা কিবা কামত ভ্ৰমণ কৰিবলৈ গ’লে কেইটামান দিশত চকু দিব লাগে। বিশেষকৈ জ্বৰ, চৰ্দি, কাহ, পেটৰ বিষ, মূৰৰ বিষ, পেটৰ অসুখ আদিৰ ঔষধ কোনো ডাক্তৰৰ লগত পৰামৰ্শ কৰি লগত লৈ যাব লাগে। তদুপৰি নিয়মিত ব্যৱহাৰ কৰা ঔষধ অলপ বেছিকৈ লৈ যাব লাগে। এণ্টিচেপিটক ক্রীম বা বিষৰ মলম লগত লৈ যাব লাগে। ভ্ৰমণৰ সময়ত বমি কৰাৰ সম্ভাৱনা থাকিলে চিকিৎসকৰ পৰামৰ্শ মৰ্মে ঔষধ লৈ যাব লাগে। প্রয়োজনীয় দুই এবিধ খাদ্য যেনে—বিস্কুট, কেক আদি কিছুমান শুকান খাদ্য পাৰিলে লগত লৈ যাব লাগে। বিশেষ প্রয়োজনত কেতিয়াবা তাকেই কামত আহে। ভ্ৰমণৰ সময়ত শিশু লগত থাকিলে আৰু বেছি সাৱধানতা অৱলম্বন কৰিব লাগে। শিশুৰ প্রয়োজনীয় ঔষধসমূহলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে৷ পৰাপক্ষত শিশুটিৰ বাবে কিছুমান প্রয়োজনীয় খাদ্য লগত লৈ যাব পাৰিলে ভাল। এনেধৰণৰ সৰু সৰু কথাত সতর্ক হ’ব পাৰিলে আপুনি ভ্ৰমণৰ সময়ত সম্ভাৱনীয় বিপদৰ পৰা হাত সাৰি থাকিব পাৰিব।

বৃদ্ধাৱস্থাৰ যতন


বয়োজ্যেষ্ঠসকলৰ খাদ্যতালিকা

আজিৰ নবীনজনেই এদিন প্রবীণ হ'বগৈ। সমাজ এখন আগুৱাই নিয়াৰ ক্ষেত্ৰত জ্যেষ্ঠসকলে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। তথাপি যেন সমাজত তেওঁলোকৰে গুৰুত্ব কম। সাধাৰণতে, ষাঠি বছৰৰ ঊৰ্ধৰ এজন ব্যক্তি বুলি ক’লে আমাৰ সকলোৰে মনলৈ এনে ভাব আহে যেন এতিয়া আৰু ব্যক্তিজনে কাম কৰাৰ সকলো শক্তি হেৰুৱাই পেলাইছে। লাহে লাহে বয়স বাঢ়ি অহাৰ লগে লগে পৰিয়ালৰ বাকী সদস্যবোৰেও যেন তেওঁক অৱহেলা কৰিবলৈ লয়। কিন্তু এনেদৰে আমি জ্যেষ্ঠজনক অৱহেলা নকৰি তেওঁলোকক সুস্থ কৰি ৰখাত অধিক গুৰুত্ব দি সমাজৰ গুৰু দায়িত্ব পালন কৰাত উদগনি জগাব পাৰো।

বয়োজ্যেষ্ঠ ব্যক্তি এজনক সুস্থ ৰাখিবলৈ হ’লে তেওঁলোকৰ খাদ্যাভ্যাসত অধিক গুৰুত্ব দিব লাগিব। কিয়নো জ্যেষ্ঠসকলৰ হজমৰ ধাৰাবাহিকতা বহুক্ষেত্ৰতে কমি অহা দেখিবলৈ পোৱা যায়। সেয়ে বয়সিয়াল লোক এজনে যিকোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নোৱাৰা হৈ আহে। এই বয়সত এজন ব্যক্তিক যিকোনো ধৰণৰ ৰোগে হেঁচা মাৰি ধৰিব পাৰে। ডায়েবেটিচ, হৃদৰোগ, ৰক্তচাপ, পাকস্থলীৰ সমস্যা আদিকে ধৰি নানান ৰোগে এজন ব্যক্তিক হেঁচা মাৰি ধৰিব পাৰে। সেয়ে এনেবোৰ বিষয়ৰ প্রতি গুৰুত্ব দি বয়সিয়াল লোকৰ খাদ্য তালিকা প্ৰস্তুত কৰিব লাগে। দিনটোৰ কেলৰিৰ চাহিদা পূৰণ হোৱাকৈ বয়সিয়াল লোকে খাদ্য গ্ৰহণ কৰিব লাগে। তদুপৰি কম গ্ৰহণ কৰিলে ভাল। অৱশ্যে ৰোগ অনুসৰি যিবোৰ খাদ্য ব্যক্তি বিশেষে গ্ৰহণ কৰিব নালাগে তেনে খাদ্য এৰাই চলাটো নিতান্তই জৰুৰী। উদাহৰণস্বৰূপে, এজন ডায়েবেটিছ ৰোগত আক্রান্ত ৰোগীয়ে মিঠা ত্যাগ কৰিব পাৰিলেহে তেওঁ সুস্থভাবে জীয়াই থাকিব পাৰে। তদুপৰি বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰত চর্বি জমা হোৱাৰ প্ৰৱণতা বাঢ়ি যায়। গতিকে খাহী মাংস, ঘী, মাখন, মেৱনিজ আদি কমকৈ খাবলৈ যত্ন কৰিব লাগে। উচ্চ ৰক্তচাপ থকা ব্যক্তিয়ে পনীৰ, নিমখ জাতীয় খাদ্য একেবাৰে বাদ দিব লাগে। সাধাৰণতে দুই-আঢ়ৈ ঘণ্টাৰ মূৰে মূৰে বয়সিয়াল লোকে যদি কম কমকৈ খাই থাকে তেন্তে তেওঁলোকৰ পাকস্থলীও নিৰাপদে থাকে। এনেদৰে নিয়ম মানি চলিব পাৰিলে বয়সিয়াল লোকো নিৰোগী হৈ বহু বয়সলৈ কর্মঠহৈ থাকিব পাৰে।

বাৰ্ধক্যৰ বাবে যিবোৰ সমস্যা হয়

মানৱ জীৱনৰ শেষ পর্যায় বৃদ্ধাৱস্থা। বাৰ্ধক্যৰ দিশে আগবঢ়াৰ লগে লগে বহু ধৰণৰ শাৰীৰিক সমস্যাই আমাৰ দেহত আগুৰি ধৰে। লগে লগে শাৰীৰিক পৰিবর্তনেও দেখা দিয়ে। এই বয়সত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাৰ ফলত বিভিন্ন ৰোগে শৰীৰত থিতাপি লয়। বাৰ্ধক্যজনিত কেইটিমান বিশেষ ৰোগ আজি এই আলোচনাৰ বিষয়।

সাধাৰণতে বয়সিয়াল নাৰী-পুৰুষ উভয়ৰে ক্ষেত্ৰত এই সমস্যাই দেখা দিয়ে। পুৰুষৰ ক্ষেত্ৰত প্র’ষ্টেট গ্রন্থিৰ সমস্যা হ’লে প্ৰথমে প্ৰস্ৰাৱৰ সমস্যাই দেখা দিয়ে।

বয়স বাঢ়ি অহাৰ লগে লগে কাণেৰে কমকৈ শুনা বা চকুৰে কমকৈ দেখাৰ সমস্যা বহুতৰে ক্ষেত্ৰত দেখা যায়। সেয়ে বহুসময়ত আত্মবিশ্বাসো কমি আহে৷ যাৰ ফলত চাৰিওদিশ বিষন্নতাই ছানি ধৰে। বহু বয়সিয়াল লোক আকৌ আগ্ৰাইটিছৰ সমস্যাত আক্রান্ত হোৱা দেখা যায়। গাঁঠিৰ বিষত ইফাল-সিফাল কৰিবলৈও কষ্ট হয়। বৃদ্ধ বয়সৰ ই এক ডাঙৰ সমস্যা।

স্মৃতিভ্ৰমো বৃদ্ধ বয়সৰ এক চিৰাচৰিত ৰোগ৷ মানুহ, সময়, বস্তু ক’ৰবাত ৰাখি পাহৰি যোৱাৰ লগতে কথা ক’বলৈও বহুতে পাহৰি যায়। তদুপৰি এলজাইমাৰ ৰোগৰো প্রকোপ বৃদ্ধি হয়। এই বয়সত এনেবোৰ সমস্যাৰ উপৰি চুলি পকা, দাঁতৰ সমস্যা আদিও বৃদ্ধাৱস্থাৰ এক এৰাব নোৱাৰা ৰোগ।

বৃদ্ধ বয়সৰ বেয়া অভ্যাস ক্ষতিৰ কাৰণ হ’ব পাৰে

যিকোনো অভ্যাস গঢ়ি তোলা সহজ, বিশেষকৈ বেয়া অভ্যাস সহজে গঢ়লৈ উঠে। প্রতিদিনে একেইবোৰ কাম কৰোঁতে কৰোঁতে অভ্যাসত পৰিণত হয়। কিছুমান কাম বৃদ্ধসকলৰ মাজত গঢ় লৈ উঠিলে স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰকৰূপে পৰিগণিত হয়। উদাহৰণস্বৰূপে, সময় কটোৱাৰ বাবে বহুতে নখকামুৰি থাকে। তদুপৰি দুঃচিন্তা বা চাপ নিয়ন্ত্ৰণত ৰাখিবলৈও বহুতকে এনে কৰা দেখা যায়। এনেকৈ নখ কামুৰি থাকিলে কেতিয়াবা নখ এৰায়ো যায়। নাৰীৰ তুলনাত আকৌ পুৰুষেহে এই বেয়া অভ্যাসটো বেছিকৈ কৰা দেখা যায়। কিন্তু এনে সাধাৰণ বেয়া অভ্যাসটোৱে আমাৰ শৰীৰৰ কিভাবে ক্ষতিসাধন কৰে? দাঁতেৰে নখ কামোৰা এই বেয়া অভ্যাসটোৰ বাবেই নখৰ বিকৃতি হোৱাৰ লগতে দাঁতৰ বাহিৰৰ স্তৰৰ ক্ষতিসাধন হয়। নখত লাগি থকা ক্ষতিকাৰক জীৱাণু পেটৰ ভিতৰলৈ গৈ বহু দীঘলীয়া অসুখত ভুগিব পাৰে। বমি, পেটত কৃমি, সংক্রমণ, তেজ প্ৰদূষণ আদিও হ’ব পাৰে। এই অভ্যাস আঁতৰাবলৈ আমি প্রতি সপ্তাহত মেনিকিউৰ কৰিব লাগিব আৰু টেটোৰ দৰে কোনো বস্তু নখত লগাব লাগিব। দুঃচিন্তা বা উদ্বেগক মোকাবিলা কৰিবলৈ আমি অতি সোনকালে মনোৰোগ চিকিৎসকৰ কাষ চাপিব লাগে।

বহুতেই আকৌ চিকিৎসকৰ পৰা বহু কথা লুকুৱাই ৰাখে। ঔষধ খোৱা সম্পর্কেও বহুতেই চিকিৎসকক মিছা কথা কয় আৰু প্রকৃত সমস্যাও চিকিৎসকৰ পৰা লুকুৱাই ৰাখে।

বৃদ্ধ বয়সটোৱেই আচলতে সমস্যাৰ কাৰণ। এই বয়সত প্রেচ্‌কিপ্‌চনত দিয়া কেবাটাও ঔষধ ৰোগীয়ে নিয়ম অনুসৰি গ্ৰহণ নকৰি একেলগে গ্ৰহণ কৰে। যাৰ ফলত বিৰূপ প্রতিক্রিয়া হ’ব পাৰে। সেয়ে চিকিৎসকৰ পৰামৰ্শ মৰ্মে নিয়ম অনুসৰি ঔষধবোৰ গ্ৰহণ কৰিব লাগে। চিকিৎসকৰ ওচৰলৈ যোৱাৰ পূর্বেই নিজৰ সমস্যাবোৰ ভালদৰে কাগজ এখনত লিখি থ'ব লাগে, যাতে কোনো সমস্যা বাদ পৰি নাযায়।

বৃদ্ধ বয়সত টোপনি কমি যোৱাটো আন এটি ডাঙৰ সমস্যা। বেথ ইছাবেল ভেকনেচ মেডিকেল চেণ্টাৰ ব’ষ্টনৰ গৱেষকসকলে দেখুৱাইছে যে, কেনে বয়সৰ ব্যক্তিৰ টোপনি কমি যায়, ৰাতি সাৰে থাকে বা চিন্তা কৰিয়েই ৰাতিটো পাৰ কৰি দিয়ে। আচলতে এই বয়সত মগজুৰ কোষবোৰ কমি গৈ থাকে। মগজুৰ কোষ আকৌ টোপনি সমস্যাৰ লগত সম্পর্কিত। টোপনি কম হ’লে দিনটো গা বেয়া লাগি থাকে, কামত মন নবহে আদি সৰু সৰু সমস্যাবোৰৰ লগতে হৃদৰোগ, ডায়েবেটিছ, ষ্ট্রোক, উচ্চ ৰক্তচাপ আদিৰ দৰে মাৰাত্মক ৰোগেও বয়সিয়াল লোকক হেঁচা মাৰি ধৰে। সেয়ে ৰাতি দেৰিলৈকে সাৰে থকাৰ অভ্যাস ত্যাগ কৰি শোৱা কোঠাটো আন্ধাৰ কৰি সাধাৰণ তাপমাত্ৰাত ৰাখি শুবলৈ যত্ন কৰিব লাগে। শুবলৈ যোৱাৰ প্ৰায় এঘণ্টামান পূর্বেই শৰীৰৰ লগতে মনটোকো শোৱাৰ বাবে প্রস্তুত কৰি তুলিলে টোপনি গভীৰ হোৱাৰ আশা কৰিব পাৰি।

স্মৃতিভ্ৰম

স্মৃতিভ্ৰম বা ডিমেনচিয়াত আক্রান্ত ৰোগীৰ স্মৃতিশক্তি, বুদ্ধি লাহে লাহে কমি আহিবলৈ ধৰে। বিশেষভাবে বয়সিয়াল লোকৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ দেখা যায়। আৰু এই সমস্যাই অতি লাহে লাহে মানৱ শৰীৰত প্ৰভাৱ বিস্তাৰ কৰে। ভিটামিন বি ৰ অভাৱ, ধূম্ৰপান, মদ্যপান, আলঝেইমাৰ, মস্তিষ্কৰ ৰোগ আদিৰ কাৰণে স্মৃতিভ্ৰমৰ সমস্যা হয়। স্মৃতিভ্ৰমৰ কিছু লক্ষণ আজিৰ এই আলোচনাৰ বিষয়।

প্রাথমিক অৱস্থাত ডিমেনচিয়াত আক্রান্ত ৰোগীয়ে হ্রস্বম্যাদী স্মৃতিভ্ৰমৰ সমস্যাত ভোগে৷ এনে অৱস্থাত হয়তো ৰোগীয়ে সাম্প্রতিক সময়ৰ ঘটনা পাহৰি যোৱাৰ লগতে মানুহৰ নাম আৰু ঠাইৰ নামো পাহৰি যায়। আনৰ লগত যোগাযোগ কৰিবলৈ অসুবিধা পায়। কোনো বিষয় ভালদৰে বিশ্লেষণ কৰিব নোৱাৰে। কথা ক’বলৈ বা লিখিবলৈ সমস্যা হয়। যুক্তিসংগত কথা ক’ব নোৱাৰা হৈ আহে। স্মৃতিভ্ৰমৰ সমস্যা হ’লে ব্যক্তিজনে সঠিকভাবে চিন্তা কৰিব নোৱাৰা হৈ আহে। মাজে মাজে ব্যক্তিবিশেষে পাহৰি যায় তেওঁ ক’ত আছে বা সেই স্থানলৈ কেনেকৈ আহিল। নিজৰ বস্তু আদি ক’ত থৈছে সেই কথাও পাহৰি যায়। স্মৃতিভ্ৰমৰ ফলত বিষন্নতাই ছানি ধৰে। কোনো কথাতে মনোযোগ দিব নোৱাৰা হৈ আহে। নিজৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো অমনোযোগী হৈ পৰে।

বয়সিয়াল লোকৰ চৰ্মৰোগ

 

বয়সিয়াল লোকৰ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ ছালৰো পৰিবর্তন হ’বলৈ ধৰে। আমাৰ জীৱনশৈলী, খাদ্য, বংশগত কাৰণ অথবা বিভিন্ন ধৰণৰ ব্যক্তিগত অভ্যাস, যেনে— ধূম্ৰপান, মাদকদ্রব্য আদি গ্ৰহণৰ বাবেও ছালৰ বহু পৰিবর্তন হয়। তদুপৰি সূৰ্যৰ পোহৰো আমাৰ ছাল ক্ষতিগ্ৰস্ত কৰাৰ অন্যতম কাৰণ। সূৰ্যৰ আলট্রাভায়’লেট পোহৰ বা অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত আমাৰ ছালৰ ক্ষয়-ক্ষতি হয়। বয়স বৃদ্ধিৰ লগে লগে ছালৰ ৰুক্ষতা বাঢ়ি যায়, শুকাই পাতল হৈ যায়, তদুপৰি ছাল ঢিলা হৈ ওলমি পৰে আৰু বিনাইন গ্রোথ বা শৰীৰত সৰু ক’লা ক’লা টিউমাৰ হয়।

বৃদ্ধ বয়সৰ এটি অন্যতম সমস্যা হৈছে বলিৰেখা বা ৰিংকলছ৷ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত এনে হোৱা দেখা যায়। বলিৰেখাৰ পৰা প্ৰতিকাৰ পাবলৈ ছানব্লক লগোৱা অভ্যাস কৰিব লাগে। এই বয়সত ছালে স্থিতিস্থাপকতা হেৰুৱায়। নাক, চকুৰ কোণ, কপাল, গাল আদি মুখৰ বিভিন্ন ঠাইত ছাল ঢিলা হৈ পৰে। শুকান ছাল আকৌ বয়সিয়াল লোকৰ এক এৰাব নোৱাৰা সমস্যা। এই সময়ত শৰীৰৰ তৈলগ্ৰন্থি কমি যায়, যাৰ ফলত ছাল শুকান হৈ পৰে। শুকান ছালত এক পাতলীয়া খজুৱতি অনুভৱ হয়। এই সমস্যাৰ পৰা ৰক্ষা পাবলৈ ছালক মইশ্বৰাইজৰ কৰিব লাগে। এই ক্ষেত্ৰত বিশুদ্ধ পেট্রলিয়াম জেলী ব্যৱহাৰ কৰা আটাইতকৈ উপযোগী। গা ধোৱাৰ পাচত শৰীৰৰ পৰা ভিজা ভাৱে আঁতৰি যোৱাৰ পূর্বেই পেট্রলিয়াম জেলীৰে সম্পূৰ্ণ গা মালিচ কৰিব লাগে। তদুপৰি প্ৰচুৰ পৰিমাণে লোচন ব্যৱহাৰ কৰিব লাগে। ক্ষাৰহীন চাবোন বা শ্বাৱাৰ জেল ব্যৱহাৰ কৰিব পাৰিলে ভাল। প্রতিদিনে গা ধোওতে চাবোন ব্যৱহাৰ কৰিব নালাগে। তদুপৰি ডায়েবেটিচ, থাইৰয়েড, কেন্সাৰ, কিড্‌নিৰ সমস্যা আদিৰ বাবেও ছাল শুকান হৈ পৰে। এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শলৈ ঔষধ সেৱন কৰিব লাগে।

সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি ছালৰ কেন্সাৰৰ প্ৰধান কাৰণ। শৰীৰত যদি কোনো অস্বাভাৱিক পৰিবর্তন লক্ষ্য কৰে তেন্তে দেৰি নকৰি চিকিৎসকৰ কাষ চাপিব লাগে। অৱশ্যে বয়সৰ লগে লগে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ ফলত ছালত কিছুমান বাদামী ৰঙৰ দাগ পৰিবলৈ ধৰে। মুখ, হাত আৰু বাহুত প্ৰধানকৈ এই সমস্যাই দেখা দিয়ে।

যিসকল বয়সিয়াল লোক বিভিন্ন শাৰীৰিক সমস্যাৰ ফলত শয্যাশায়ী হৈ পৰে বা ইফাল-সিফাল কৰিব নোৱাৰা হয়, তেওঁলোকৰ ক্ষেত্ৰত বেচু এটি অন্যতম সমস্যা। ইফাল-সিফাল কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ শৰীৰৰ সংবেদনশীলতা কমি যায়। এনে অৱস্থাত ৰোগীক ইফাল-সিফাল আনে কৰোৱাই দিব লাগে। ৰোগীক চাফ-চিকুণকৈ ৰাখিব লাগে। ঘনে ঘনে ড্ৰেছিং কৰি দিব লাগে। সমস্যা বাঢ়ি গ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

বয়সিয়াল লোকৰ ছালৰ অসুখৰ ক্ষেত্ৰত প্রতিকাৰতকৈও জৰুৰী প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ। বাহিৰলৈ ওলোৱাৰ পূর্বে ছানস্ক্ৰীন লগোৱা জৰুৰী। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৰিত্ৰাণ পাবলৈ হাত সম্পূর্ণ ঢাক খোৱাকৈ পোছাক পৰিধান কৰিব লাগে। ছালৰ কোনো পৰিবর্তন বা সৰু ফোঁহা জাতীয় কিবা দেখা পালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। এইবোৰৰ উপৰি বয়সৰ লগে লগে ছালৰ অন্যান্য সমস্যায়ো আমাক হেঁচা মাৰি ধৰে। সেয়ে প্রয়োজন অনুসৰি চিকিৎসকৰ পৰামর্শ লোৱাৰ লগতে নিয়মিত ছালৰ যত্ন ল’ব লাগে।

 

গৰ্ভস্থ সন্তানৰ মাৰাত্মক ৰোগ


আমাৰ ধাৰণা যে, শিশুটিয়ে পৃথিৱীৰ পোহৰ দেখাৰ পাচত সি বা তাই নানা ৰোগত আক্রান্ত হ’ব পাৰে। পিচে নানা গৱেষণাৰ ফলত গম পোৱা গৈছে। কেতিয়াবা এগৰাকী মাতৃয়ে নিজৰ অজ্ঞাতেই তেওঁৰ গৰ্ভস্থ সন্তানলৈ এক ধৰণৰ পৰজীৱী বা বীজাণুৰ সংক্রমণ কৰি থাকে। এই প্রক্রিয়াটোক বোলা হয় টক্সোপ্লাজমোচিছ্‌ আৰু সংক্রমিত হোৱা মাৰাত্মক পৰজীৱী বা বীজাণুবিধৰ নাম হ’ল— টক্সোপ্লাজমা গোণ্ডাই। সৌভাগ্যক্রমে এই মাৰাত্মক বীজাণুবিধৰ সংক্ৰমণ বা ইন্‌ফেক্সন প্রতি এহেজাৰজন শিশুৰ মাজত মাত্ৰ এজন বা দুজন শিশুৰহে হয়। চিকিৎসকসকলৰ মতে দেহত বিসংগতি অথবা ত্ৰুটীৰে সৈতে জন্ম লাভ কৰা শিশুৰ ক্ষেত্ৰত প্ৰায়ে দায়ী হোৱা প্রক্রিয়াটোৰ নাম হৈছে— টক্সোপ্লাজমোচিছ্‌। এই সংক্রমণ প্রক্রিয়াটোত জড়িত ত্রিশ শতাংশ শিশুৰেই স্নায়ুতন্ত্র অথবা দৃষ্টিশক্তিৰ ৰোগ হয়। জন্ম হোৱাৰ প্ৰথমভাগত এই ৰোগত আক্রান্ত শিশুটিক দেখাত স্বাভাৱিক যেন লাগিলেও বছৰটো ঘূৰাৰ লগে লগে সেই শিশুটিৰ মাজত অন্ধত্ব, কুষ্ঠৰোগ অথবা মানসিক প্রতিবন্ধকতাই দেখা দিয়ে। এনে ভয়ানক ত্ৰুটীবোৰ ৰোধ কৰিবলৈ এটাই উপায় আছে যদিহে শিশু এটি মাতৃগৰ্ভত থাকোতেই কিছুমান চিকিৎসা সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা নিয়মিতভাবে কৰা যায়। তদুপৰি এনে ৰোগৰ প্রতি সচেতন হ’বলৈ ৰাইজকো শিক্ষা দিব লাগে যাতে শিশুৰ জন্মৰ পূর্বেই মাতৃগৰাকীৰ কিছুমান পৰীক্ষা কৰোৱা হয় আৰু ৰোগ প্ৰতিৰোধৰ বাবে গৰ্ভৱতী মহিলাই যেন কিছুমান কাম কৰাৰ পৰা আঁতৰত থাকে।

টক্সোপ্লাজমোচিছ্‌ আৰু পোহনীয়া জীৱ-জন্তু

আগতেই উল্লেখ কৰা হৈছে যে, টক্সোপ্লাজমোচিছ্‌ নামৰ মাৰাত্মক ৰোগবিধৰ বীজাণুবিধৰ নাম হৈছে-টক্সোপ্লাজমা গোণ্ডাই। ক’ৰ পৰা আহে এই মাৰাত্মক বীজাণু। সেই বীজাণু আপোনাৰ কাষতে আছে— আপোনাৰ মৰমৰ পোহনীয়া মেকুৰীজনীয়েই এই ভয়ানক বীজাণু আপোনাৰ শৰীৰলৈ সংক্রমিত কৰি আছে। চিকিৎসা বিজ্ঞানীসকলৰ মতে আপুনি যদি মেকুৰীৰ সংস্পৰ্শলৈ আহে তেন্তে এই জীৱাণুবিধ আপোনাৰ শৰীৰলৈ সংক্ৰমিত হয়। বহুতো এনে মহিলা আছে যে, মৰমৰ মেকুৰীজনীক নিজৰ লগতে বিছনাত শুৱাই থ’ব খোজে। তাতে সেই মহিলা যদিহে গৰ্ভৱতী হয়, তেওঁৰ দেহে যদি এই জীবাণুৰ বিৰুদ্ধে এণ্টিবডি বা প্ৰতিৰোধকক তৈয়াৰ কৰিব নোৱাৰে তেন্তে এই বীজাণুবিধে প্লেচেণ্টাৰ জৰিয়তে গৈ গৰ্ভস্থ শিশুটিৰ অনিষ্ট সাধন কৰে। তদুপৰি গৰ্ভত থকা ভ্ৰূণৰ বিকাশৰ সময়ত যদি মাতৃগৰাকী যদিহে এই বীজাণুৰ দ্বাৰা আক্রান্ত হৈ পৰে, তেন্তে সেই ভ্ৰূণৰপৰা জন্ম হ'বলগীয়া শিশুটিৰ বাবে এই সংক্রমণ অতি ভয়াৱহ হৈ পৰিব। অৱশ্যে চিকিৎসকসকলে এইটোও কৈছে যে, মাতৃগৰাকীয়ে যদি গৰ্ভাৱস্থাৰ তিনিটা মাহ অতিক্রম কৰি যাব পাৰে, তেন্তে মাতৃগৰাকী এনে ৰোগত আক্রান্ত হ’লেও তাৰ ফলাফল ইমান ভয়াৱহ হৈ নপৰে। চলাই থকা সমীক্ষাবোৰত ধৰা পৰিছে যে, শতকৰা ৩৫ জন লোকেই এই ভয়ানক বীজাণুবোৰ বহন কৰি থাকে। পিচে এই বীজাণুবোৰে মানৱ দেহৰ মাংসপেশী আৰু অন্যান্য কলা বা টিচ্যুত নিস্ক্রিয় অৱস্থাত শুই থাকে। আনহাতে প্ৰায় ১০ শতাংশ লোকে এনে সক্রিয় হৈ থকা বীজাণুৰ দ্বাৰা যেতিয়া আক্রান্ত হৈ পৰে, তেতিয়া তেওঁলোকে এক বা দুসপ্তাহৰ দৰে ইনফ্লুৱেঞ্জাসদৃশ ৰোগত ভুগিব লাগে। এইক্ষেত্ৰত সাধাৰণ জ্বৰ, গাৰবিষ, মূৰৰ বিষ, ছালত ক্ষুদ্র ফোঁহাৰ উৎপত্তি হয়। তাৰ লগতে পেট জ্বলা-পোৰা কৰে, চকুতো বিষ অনুভৱ কৰা যায়। ৰোগত আক্রান্ত হোৱা সময়খিনিত ৰোগীজনৰ লিম্ফেগ্ৰন্থি ফুলি উঠে।

চিকিৎসকসকলৰ মতে মেকুৰীৰ সংস্পৰ্শলৈ অহাৰ উপৰিও ভালকৈ নিসিজা মাংস (বিশেষকৈ জন্তুৰ) খালেও এই ভয়ানক বীজাণু শৰীৰলৈ সংক্ৰমিত হয়।

কেনেকৈ বীজাণুৰ সংক্ৰমণত বাধা দিব?

গৰ্ভৱতী মহিলা এগৰাকীৰ দেহত বীজাণুৰ সংক্ৰমণৰ বিকাশ নঘটে বা ঘটিব নোৱাৰে, তাৰ কাৰণে মহিলাগৰাকীক গৰ্ভধাৰণৰ পূর্বেই টক্সোপ্লাজমোচিছ্‌ৰ বাবে স্ক্রিনিং কৰাব লাগিব। এনে স্ক্রিনিং পদ্ধতিত যদি ফলাফল পজিটিভ বা যোগাত্মক হয়। তেন্তে আমি বুজিব লাগিব সেই মহিলাগৰাকীয়ে বীজাণুবোৰৰ বিৰুদ্ধে এণ্টিবডি বহন কৰিছে; গতিকে এইক্ষেত্ৰত কোনো ভয়ৰ কাৰণ নাই। পিচে স্ক্রিনিং পৰীক্ষাত যদি নিগেটিভ বা ঋণাত্মক ফলাফলহে ধৰা পৰে তেন্তে আমি বুজিব লাগিব যে, সেইগৰাকী মহিলাই বীজাণুৰ সংক্রমণক এৰাই চলিবৰ কাৰণে সতর্ক হ’ব লাগিব। এনে মহিলাক গৰ্ভধাৰণ কৰাৰ পূর্বেই নানা ধৰণৰ তেজ পৰীক্ষা কৰাব লাগে। তেজত এণ্টিবডিৰ উপৰিও লিম্ফগ্রন্থিৰ বায়োপ্সি পৰীক্ষা কৰিলেহে টক্সোপ্লাজমোচিছ্‌ ৰোগটো নির্ণয় কৰাটো সম্ভৱপৰ হ’ব। এটি সুস্থ সন্তান পাবলৈ হ’লে মাতৃগৰাকীৰ দেহৰ ইমিউনিটিক (Immune) জুলীয়া দ্রব্যবিধৰ বিশ্লেষণ আৰু ভ্ৰূণৰ তেজৰ নমুনা পৰীক্ষা কৰাটো প্রয়োজনীয়। যদিহে ভ্ৰূণটো বীজাণুৰ দ্বাৰা সংক্ৰমিত হৈছে, তেনেহ’লে ভ্ৰূণটোৰ জন্মগত ত্ৰুটী বা বিসংগতি সীমিত অথবা প্ৰতিৰোধ কৰিবলৈ সেই গৰ্ভৱতী মাতৃগৰাকীৰ কাৰণে ড্রাগ-থেৰাপি আৰম্ভ কৰিব লাগিব। উপযুক্ত চিকিৎসা পদ্ধতিত ৰোগীগৰাকীক পাইৰিমেথানিন আৰু চাল্‌ফাডিমিডিন ঔষধ দুবিধৰ মিশ্রণ সেৱন কৰিবলৈ দিয়া হয়। সংক্ৰমণৰ বৃদ্ধি কমাবৰ কাৰণে এই ঔষধৰ মিশ্রণটো মাতৃগৰাকীৰ ওপৰত তেওঁৰ গৰ্ভাৱস্থাতে প্রয়োগ কৰা হয়। আন এবিধ বিধান দিয়া ঔষধৰ নাম হৈছে-স্পাইৰামাইছিন। এইবিধ ঔষধ ইউৰোপ মহাদেশত ব্যাপকভাবে ব্যৱহাৰ কৰা হয়। পিচে ফুড এণ্ড ড্রাগ এডমিনিষ্ট্ৰেচন সংস্থাটোৰ বিশেষ অনুমতি অবিহনে পৃথিৱীৰ আন কোনো দেশতে এইবিধ ঔষধৰ ব্যৱহাৰ নিষিদ্ধ কৰি দিয়া হৈছে। জন্মগত ত্ৰুটীৰ জটিলতা কমাবলৈ হ’লে গৰ্ভৱতী মহিলাগৰাকীয়ে যতি নপৰাকৈ ড্রাগ-থেৰাপি চিকিৎসা চলাই যাব লাগিব।

বীজাণুবিধৰ সংক্রমণ কেনেকৈ প্ৰতিৰোধ কৰিব ?

টক্সোপ্লাজমা গোণ্ডাই নামৰ এই মাৰাত্মক বীজাণুবিধক প্ৰতিৰোধ কৰিবলৈ হ’লে আপুনি নিম্নলিখিত ব্যৱস্থাবোৰ গ্ৰহণ কৰক:

(ক) বেছিভাগ লোকৰ ঘৰতে পোহনীয়া মেকুৰী থাকেই। সাৱধান হ’ব যাতে পোহনীয়া হ’লেও সেই মেকুৰীয়ে আপোনাৰ শোৱনিকোঠাত সোমাব নোৱাৰে।

(খ) যদিহে মেকুৰী পোহাৰ অভ্যাসটো আপুনি এৰিবলৈ টান পাইছে তেন্তে পোহনীয়া মেকুৰীটোক এন্দুৰ অথবা পোক-পৰুৱা চিকাৰ কৰাটো বন্ধ কৰক। কথাটো নিশ্চয় আপোনাৰ বৰ আচহুৱা যেন লাগিছে; কাৰণ, ঘৰত থকা এন্দুৰক নিধন কৰিবলৈকে বহুতে মেকুৰী পোহে; তদুপৰি এন্দুৰ হৈছে মেকুৰীৰ বৰ প্রিয় খাদ্য।

এইবোৰৰ উপৰিও আপোনাৰ পোহনীয়া মেকুৰীক কেঁচা মাংস খাবলৈ নিদিব। আপোনাৰ ৰন্ধা পাত্ৰ-চচ্‌পেন, কেৰাহী আদিৰ উপৰি আপুনি আহাৰ খোৱা বাটি-কাঁহীত মেকুৰীয়ে যাতে মুখ দিবলৈ নাপায় তাৰ কাৰণে অত্যন্ত সাৱধান হওক।

(গ) যিবোৰ স্থানত মেকুৰীয়ে মল ত্যাগ কৰে, সেইবোৰ স্থানৰ পৰা দূৰত থাকক। মেকুৰীটোৱে যাতে আপোনাৰ বিছনাখনত নতুবা আপোনাৰ কোলাত বহিবলৈ কোনোমতেই সুবিধা নাপায়।

(ঘ) মাংস ৰন্ধাৰ সময়ত চকু দিব, যাতে উচ্চ তাপ মাত্ৰাতহে মাংস ৰন্ধা হয়, কেতিয়াও আধাসিজা মাংস নাখাব।

(ঙ) ঘৰখনলৈ কিনি অনা কেঁচা মাংস আহিবই। কেঁচা মাংসখিনি ধোৱা-পখলা কৰাৰ পিচত আপোনাৰ হাত দুখন চাবোন বা ঔষধি জুলীয়া (ডেটল, ছেভলন আদি) দ্রব্যৰে খুব ভালকৈ ধুব।

পোহনীয়া প্রাণীয়ে স্বাস্থ্যলৈ বিপদ মাতে

পোহনীয়া প্রাণীবোৰক নিশ্চয় আপুনি বৰ মৰম কৰে। কিন্তু এই পোহনীয়া প্ৰাণীবোৰেই আপোনাৰ স্বাস্থ্যৰক্ষাৰ কাৰণে বৰ বিপজ্জনক হৈ পৰে। ওপৰত পোহনীয়া মেকুৰী যে গৰ্ভৱতী মাতৃৰ প্ৰতি অতি বিপজনক সেই বিষয়ে উল্লেখ কৰা হৈছে। পিচে চিকিৎসকসকলে চলোৱা সমীক্ষা কিছুমানত ধৰা পৰিছে যে, আমাৰ পোহনীয়া বা আনৰ ঘৰৰ পৰা অহা পাৰ চৰাইবোৰো কিন্তু আমাৰ স্বাস্থ্যৰ প্ৰতি বিপজ্জনক। এই পাৰ চৰাইবোৰক কেৱল গাঁৱতেই নহয় চহৰৰো আবাসিক অঞ্চল, মন্দিৰ-মছজিদবোৰতো দেখা পোৱা যায়৷ ‘ডিফিউজ পাৰেইকাইমাল’ নামৰ ৰোগটো হৈছে মানুহৰ হাওঁফাওঁৰ ৰোগ—এই ৰোগক চমুকৈ ডিপি এল ডি বুলিও কোৱা হয়। এই ৰোগটো পাৰ চৰাইৰ পৰাই সংক্ৰমিত হয়। যদিহে আপোনাৰ আশে-পাশে থকা ঘৰবোৰৰ পৰাও পাৰ চৰাই আহি আপোনাৰ ঘৰ বা চোতালত পৰেহি, তেতিয়াও কিন্তু ডি পি এল ডি নামৰ হাওঁফাওঁৰ ৰোগটো হোৱাৰ আশংকা কমি নগৈ বাঢ়িহে যাব। এই ৰোগত আক্রান্ত হোৱা ব্যক্তিয়ে উশাহ-নিশাহ লোৱাত কষ্ট পায়।লাহে লাহে এই শ্বাস-প্রশ্বাসৰ কষ্টবোৰ কিন্তু বাঢ়ি গৈ থাকে। এটা সময়ত এনে শ্বাস-প্ৰশ্বাসৰ কষ্টত ভোগা কোনো ৰোগীয়ে কাম-কাজ কৰিব নোৱাৰা হৈ পৰে। বুকুৰ চিটি-স্কেন কৰি আপুনি এই ৰোগ নির্ণয় কৰিব পাৰিব। পিচে উল্লেখযোগ্য কথাটো হ’ল যে এই ৰোগৰ চিকিৎসা নাই বুলিয়েই ক’ব পাৰি। সেয়েহে ঘৰত পাৰ নোপোহাই ভাল। আনকি চুবুৰিত থকা পাৰবোৰকো চাউল আদি খাবলৈ দি সিহঁতক আসৈ নিদিয়ে যেন।

দেশত পাশ্চাত্য সংস্কৃতিৰ লগতে আহিছে ঘৰৰ ভিতৰত কুকুৰ পোহাৰ সংস্কৃতি। পাশ্চাত্যৰ লোকৰ অনুকৰণত আমাৰ শোৱনি কোঠাতো পোহনীয়া কুকুৰ অবাধ গতিত হ’ল। পিচে পোহনীয়া কুকুৰেও আপোনাৰ স্বাস্থ্যৰ বাবে বিপদৰ কাৰণ হৈ পৰে। কুকুৰৰ মলৰ জৰিয়তে আপুনি গোল বা ঘূৰণীয়া কৃমিৰ দ্বাৰা আক্রান্ত হ’ব পাৰে। ইয়াৰ উপৰি কুকুৰৰ জৰিয়তে আপোনাৰ হাওঁফাওঁ, যকৃৎ, মগজু আদি অংগবোৰ 'হাইড্রেটিক চিষ্ট্‌’ ৰোগ নামৰ এবিধ মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পুৰামাত্ৰাই সম্ভাৱনা থাকে।

সেইদৰে মেকুৰীও এটা জনপ্রিয় পোহনীয়া জন্তুৰ শাৰীত পৰিলেও গৰ্ভাৱস্থাত টক্সোপ্লাজমোচিছ্‌ নামৰ মাৰাত্মক ৰোগবিধত যে আক্রান্ত হোৱা যায়, সেই বিষয়ে ওপৰত উল্লেখ কৰা হৈছে। এই মাৰাত্মক ৰোগৰ ফলতে বিকলাংগ সন্তানৰ জন্ম হয়। বর্তমান সমগ্ৰ বিশ্বৰ পৰাই যক্ষ্মা ৰোগবিধ প্রায় নিৰ্মূল হোৱাৰ পথত। তথাপিও অলপতে যক্ষ্মা ৰোগত আক্রান্ত হোৱা কেইজনমান ৰোগীক লৈ এটা সমীক্ষা চলোৱা হৈছিল। সমীক্ষাটোত গম পোৱা গ’ল যে, দুজন ৰোগী মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল। তাৰ মাজৰে আন দুজন ৰোগীৰ পোহনীয়া জন্তু আছিল মেকুৰী৷ গম পোৱা গ’ল যে, পোহনীয়া মেকুৰীয়ে টক্সোপ্লাজমোচিছ্‌ ৰোগবিধৰ উপৰিও যক্ষ্মা ৰোগ হোৱাৰো আশংকা বঢ়াই তোলে। কুকুৰ, মেকুৰীৰ সংস্পৰ্শত থাকিলে গেষ্ট্রিক, ডায়েৰিয়া, টাইফয়েড ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। পোহনীয়া প্ৰাণীৰ মল, লালতি, আঁচোৰৰ মাধ্যমত উক্ত ৰোগবোৰত আপুনি আক্রান্ত হ’ব পাৰে। সেয়েহে এতিয়াৰ পৰা সাৱধান হওক। পোহনীয়া প্ৰাণীক স্পর্শ কৰাৰ পাচতে ঔষধি চাবোনেৰে ভালকৈ হাত দুখন ধুই পেলাব। পোহনীয়া প্রাণী ঘৰত থাকিলে মানুহ এজমা বা হাঁপানি ৰোগত আক্রান্ত হ’ব পাৰে, গৱেষকসকলে কয় যে, এজমাৰ আন এটা প্রধান উৎস হৈছে পোহনীয়া প্রাণী। শোৱাকোঠাত পোহনীয়া প্ৰাণীৰ প্ৰৱেশ নিষিদ্ধ কৰক। তেনে প্ৰাণীক নিয়মীয়াকৈ ছিটা দিব লাগে। পোহনীয়া প্রাণী অসুস্থ হোৱাৰ লগে লগেই প্ৰাণীটোৰ চিকিৎসা কৰাওক।

 

আমি কিয় দেহৰ ওজন কমোৱাটো উচিত?

 

মেদবহুল শব্দটোৱে প্ৰকৃততে কি বুজায়? : শৰীৰত যদি অতিৰিক্ত চর্বি বাঢ়ি যায়, তেনে আপোনাৰ ওজন যাক কোৱা হয় Mass Index সি বাঢ়ি যায়। বয়স অনুযায়ী স্বাস্থ্যবিদসকলে বডি মাছ্‌ ইণ্ডেক্স (Body Mass Index) বা ওজন কিমান হোৱাটো উচিত তাক নিৰূপণ কৰিছে। উদাহৰণস্বৰূপে এজন প্রাপ্তবয়স্ক লোকৰ যদিহে ১৮ৰ পৰা ২৩ ৰ ভিতৰত যদি বি এম আই (BMI) থাকে, তেন্তে তেওঁৰ স্বাস্থ্য ঠিকেই আছে বুলি ধৰি ল’ব পাৰি। যদিহে BMI ৰ মাত্ৰা যদি ৩০ ৰ ঊৰ্ধলৈ যায়, তেন্তে সেই ব্যক্তিজন দ্বিতীয় শ্রেণীৰ মেদবহুলতাত থাকিব। বি এম আই (BMI) যদি চল্লিশৰ ঊৰ্ধলৈ গুচি যায়, তেন্তে ব্যক্তিজন মৰ্বিড অবেছিটি (Morbid Obessity) বা তৃতীয় শ্ৰেণীৰ মেদবহুলতাত অন্তর্ভুক্ত হ’ব। পুৰুষৰ ক্ষেত্ৰত তেওঁৰ বি এম আই (BMI) যদি পঁচিশৰ ওপৰলৈ যায়— প্রথম শ্রেণী (Grade-1), ত্ৰিশৰ ঊৰ্ধত থাকিলে দ্বিতীয় শ্রেণী (Grade-2), চল্লিশৰ ঊৰ্ধত থাকিলে তৃতীয় শ্ৰেণীৰ (Grade-3) মেদবহুলতাত অন্তর্ভুক্ত হ’ব। এয়া হৈছে মেদবহুলতা জোখা এক পদ্ধতি। সাধাৰণভাবে ক’বলৈ গ’লে- আমি যদি বৰ্ধিত পৰিমাণৰ কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰো- বিশেষভাবে অতিৰিক্ত চর্বি জাতীয় খাদ্য খাওঁ, তেন্তে আমাৰ মেদবহুলতা বাঢ়ি যাব। এনে কেলৰি যদি আমি শৰীৰটোৰ বিভিন্ন অংশত ই জমা হ’বলৈ ধৰিব। তেতিয়া আমি দেখিবলৈ পাম যে, আমাৰ শৰীৰটোৰ আকাৰ নষ্ট হ’বলৈ ধৰিছে। এই অতিৰিক্ত কেল’ৰি জমা হোৱাৰ ফলত কাৰোবাৰ হাত দুখন শকত হয় অথবা কোনোজনৰ পেটটো বাঢ়ি যায়। ল’ৰা-ছোৱালীবোৰৰ গাইনয়েড্‌ বা এনড্রয়েড নামৰ চর্বিবোৰ বাঢ়ি যায়। কেতিয়াবা দেখা যায় উপৰি উক্ত দুয়োবিধ চর্বিয়েই বাঢ়ি গৈছে। তলপেট অথবা ওপৰৰ পেটতো মেদবহুলতাৰ সৃষ্টি হয়। কোনো কোনোৰ ক্ষেত্ৰত আকৌ মধ্যম স্থানতো মেদ বা চর্বি জমা হ’ব পাৰে। পিচে সঁচা কথাত ক’ব পাৰি যে, অতিৰিক্তভাবে খোৱাৰ ফলতেই মেদবহুলতাৰ সৃষ্টি হয়। বহুতে ধাৰণা কৰে যে, চর্বিজাতীয় খাদ্য খালেহে মেদবহুলতাৰ সৃষ্টি হয়। প্রকৃততে আমি প্ৰচুৰ পৰিমাণে শৰ্কৰা জাতীয় খাদ্য খাওঁ যেনেঃ ভাত, ৰুটী, চিৰা, মুৰী ধৰণৰ খাদ্যবোৰো কিন্তু মেদবহুলতাৰ কাৰণ হৈ পৰে; কাৰণ এই ধৰণৰ খাদ্যবোৰে আমাৰ শৰীৰটো চর্বি হিচাপে ধৰা দিয়ে। আপুনি যিহকেই অতিৰিক্ত পৰিমাণত খাব, সেই খাদ্যয়েই শৰীৰটোৰ কোনো কামত নালাগি শৰীৰত মেদ বা চর্বি তৈয়াৰ কৰিবলৈ ধৰে। গতিকে তেল বা চর্বিজাতীয় খাদ্যকেই নহয়, আনবোৰ খাদ্য খাওঁতেও সীমিত পৰিমাণতহে খাওক।

শৰীৰৰ ওপৰত মেদবহুলতাৰ কুপ্ৰভাৱ: মেদবহুলতাৰ মাত্রা বা জোখ বি এম আই হিচাপে ল’লেও শিশুসকলৰ ক্ষেত্ৰত কিন্তু বি এম আইক বেলেগ ধৰণে জোখা হয়। বর্তমান আমি দেখিবলৈ পাইছো যে, শিশুসকলৰ ক্ষেত্ৰতো বি এম আইৰ পৰিমাণ বেছিকৈ বাঢ়িবলৈ লৈছে। আচলতে মেদবহুলতা হৈছে এক ৰোগৰ দৰে। যদিহে আপুনি আপোনাৰ মেদবহুলতাক নিয়ন্ত্ৰণ কৰিব পাৰে তেন্তে আপুনি ডায়েবেটিছ উচ্চ ৰক্তচাপ ৰোগকে ধৰি হৃদ ৰোগ, যকৃৎ বা লিভাৰৰ ৰোগ, বৃক্ক বা কিডনীৰ ৰোগ- আনকি কেন্সাৰ ৰোগকো প্ৰতিৰোধ কৰিব পাৰিব। তাৰ কাৰণ হৈছে যেতিয়াই আপোনাৰ ওজন অত্যধিক হৈ পৰিব, তেতিয়াই আপোনাৰ শৰীৰত থকা প্ৰতিটো অংগই ক্ষতিগ্ৰস্ত হৈ পৰিব। আমাৰ ভৰি দুটা আৰু ৰাজহাড়ডালৰ নির্দিষ্ট পৰিমাণৰ ওজন বহন কৰাৰ কাৰণেহে ক্ষমতা থাকে। যেতিয়াই আমাৰ ওজন অতিৰিক্ত হয়, সেই ওজনে ভৰি দুটা আৰু ৰাজহাড়ৰ ওপৰত চাপৰ সৃষ্টি কৰে। আনহাতে অতিৰিক্ত ওজনৰ দৰেই শৰীৰটোৰ অতি কম ওজনৰ হোৱাটোও কিন্তু বেছি ক্ষতিকাৰক। গতিকে আমি সকলো সময়তে সঠিক ওজনৰ হৈ থকা উচিত। যিসকলৰ শৰীৰৰ ওজন অধিক পৰিমাণৰ হয়, তেওঁলোকৰ শৰীৰত নানাধৰণৰ ৰোগৰ সৃষ্টি হয়, তেওঁলোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও কমি যায়।

শিশুসকলৰ ওজন অতি বৃদ্ধি পালে, তেওঁলোকে খেল-ধেমালি কৰিব নোৱাৰে। মগজুৱেও সঠিকভাবে কাম-কাজ নকৰে, বুদ্ধিও কম থাকে। তদুপৰি তেওঁলোকৰ স্মৃতিয়ে ভালকৈ কাম নকৰে, আত্মবিশ্বাসো হেৰুৱায়। শিশু অৱস্থাৰ পৰাই যদি অতিৰিক্ত ওজনক নিয়ন্ত্ৰণ কৰিব পৰা যায়, শিশুটি বহুদিন ধৰি সুস্থ হৈ থাকিব পাৰিব। বেছিভাগ মাতৃয়েই তেওঁৰ শিশু সন্তানটি শকত-আৱত হ’লে ভাল পায়। মাকবোৰৰ ধাৰণা হৈছে— তেওঁৰ সন্তানটিৰ প্ৰতি মাহতেই এক কেজিকৈ ওজন বাঢ়ি যাব লাগে। পিচে এটা বছৰতেই শিশুটিৰ বহুত পৰিমাণৰ ওজন বাঢ়ি যায়। মাতৃসকলে বুজি নাপায় যে, শিশুটিয়ে তেতিয়া খেল-ধেমালি কৰি থাকে। সি যি ধৰণৰেই খাদ্যকে গ্ৰহণ কৰে, সেই খাদ্যৰেই কেলৰি গ্ৰহণ কৰে—ই হ’ল এক স্বাভাৱিক প্রক্রিয়া। যেতিয়াই শিশুটিৰ মেদবহুলতা বাঢ়ি যাব, সি কমকৈ খেল-ধেমালি কৰিবলৈ ল'ব। মাতৃসকলে হয়তো দুষ্ট শিশু সন্তানক পছন্দ নকৰে। পিচে দুষ্ট শিশুৰেই কিন্তু শৰীৰটো ঠিকে থাকে। শিশুটিৰ শৰীৰ সুস্থ থকাৰ বাবে আমি তাৰ পৰিয়ালৰ বুৰঞ্জী জনাটোৰ প্রয়োজন আছে আৰু যিকোনো খাদ্য শিশুটিৰ শৰীৰৰ কাৰণে প্রয়োজন আছে। মাকবোৰে শিশুটিক যিমান পাৰে সিমান পৰিমাণৰ খাদ্যকেই জোৰ কৰি খুৱাব খোজে। কিন্তু ভাবি নাচায় যে, শিশুটিৰ পাকস্থলীটোনো কিমান কণ ডাঙৰ? যিহেতু আমাৰ তুলনাত শিশুটিৰ পাকস্থলীটো বহুত সৰু, সেয়েহে শিশুটিক আঢ়ৈ ঘণ্টা বা তিনি ঘণ্টাৰ মূৰে মূৰেহে খাবলৈ দিব। এনে কিছুমান মাতৃও আছে যে, তেওঁলোকে নিশা বাৰ বজাৰ পৰা পুৱালৈকে শিশুটিক খুৱাবলৈ চেষ্টা কৰি থাকে। টোপনি যোৱা শিশুক খুৱাব নালাগে, কাৰণ শুই থকা শিশুটিয়ে খাদ্যৰ কেলৰিপুষ্টি বা হজম কৰিবলৈ আন একো মাধ্যম বা সাহায্য নাথাকে। তদুপৰি তাৰ ফলত শিশুটিৰ হজমৰ ক্ষেত্ৰত সমস্যাৰো সৃষ্টি হ’ব পাৰে। বেছিভাগ শিশুৱে পুৱা আহাৰ খাব নোখোজে, কাৰণ বহুত মাতৃয়ে শিশুটিক এবছৰ বা তিনিবছৰ বয়সলৈকে নিশা টোপনিৰ মাজতে আহাৰ খুৱাই থাকে। শিশুটিক যদি স্বাস্থ্যৱান হিচাপে গঢ়ি তুলিব খোজে, তেন্তে এনে কাম কেতিয়াও নকৰিব।

 

আপোনাৰ নাকে ঘোৰ্ঘোৰাই নেকি?


নাকৰ ঘোৰ্ঘোৰণিৰ শব্দই মানুহক লাজত পেলায় কাৰণ আপুনি গভীৰ নিদ্ৰাত পৰিলেহে আপোনাৰ নাকে ঘোৰ্ঘোৰায়, সেয়ে এই অসুবিধাটো আপুনি নিজে গম নাপায়, আনেহে আপোনাক ক’লে গম পায়। পশ্চিমীয়া দেশত পতিৰ নাকৰ ঘোৰ্ঘোৰণিত অতিষ্ঠ হৈ পত্নীয়ে বিবাহ বিচ্ছেদৰ আবেদন কৰাৰ অনেক উদাহৰণ আছে। যিয়েই নহওক আপোনাৰ নাকৰ ঘোৰ্ঘোৰণিয়ে আনৰ নিদ্ৰাত ব্যাঘাত জন্মায়, সেই সঁচা কথা। নিশব্দ বা গভীৰ টোপনিৰ কাৰণে আমাৰ প্রয়োজন হয় দেহৰ পেশীবোৰৰ শিথিলতা যাৰ কাৰণে আমাৰ টোপনিৰ গুণগত মানদণ্ড উত্তম হৈ পৰে। আনহাতে টোপনিত নাক ঘোৰ্ঘোৰোৱা প্রক্রিয়াটোক ‘শ্লিপএগনিয়া’ বোলা হয়।  টোপনি অহাৰ পৰত ১০ ছেকেণ্ড বা তাৰ বেছি সময় আমাৰ শ্বাস-প্রশ্বাস সম্পূর্ণ অথবা অলপ পৰিমাণে বন্ধ যদি হৈ যায় তেতিয়া ইয়াৰ কাৰণে আমাৰ শৰীৰৰ অক্সিজেন শতকৰা তিনিভাগতকৈ যদিহে অধিক অংশ কমি যায়, তেতিয়া সেই প্রক্রিয়াটোক ‘শ্লিপএগনিয়া’ বোলে।

টোপনিত নাকৰ ঘোৰ্ঘোৰণিৰ সমস্যাটো কমাবলৈ হ’লে আমাৰ শৰীৰৰ পেশীবোৰ শিথিল হোৱা, তেজৰ চলাচল অতি উত্তম হোৱাৰ লগতে টোপনিৰ হৰম’নবোৰৰ ভালকৈ নিঃসৰণ হোৱাটোৰ অতি প্রয়োজন। যদিহে আপোনাৰ নাকৰ ঘোৰ্ঘোৰণিৰ সমস্যাটো অতি মাত্ৰাৰ হয় তেন্তে আপুনি চিকিৎসকৰ ওচৰলৈ গৈ পৰামর্শ লোৱাটো উচিত। পিচে আপুনি হয়তো নাজানে যে নাকৰ ঘোৰ্ঘোৰণি কমোৱাত কিছুমান বিশেষ খাদ্য খালেও এই সমস্যাৰ ক্ষেত্ৰত আপুনি উপকৃত হ’ব। ঘোৰ্ঘোৰণি সমস্যা কমোৱাৰ বাবে আপুনি তলত দিয়া খাদ্যবোৰ গ্ৰহণ কৰক।

খাদ্যৰ উপাদানসমূহ

আপেল এটা, এটা নেমুৰ সম্পূৰ্ণ ৰস, এটা পূৰঠ গাজৰৰ ৰস, সামান্য পৰিমাণৰ আদা।

খাদ্যৰ প্ৰস্তুত প্ৰণালী

ওপৰত দিয়া আটাইবোৰ উপাদান মিহলাই মিক্সিত গুৰি কৰক। টোপনিত পৰাৰ আধাঘণ্টাৰ পূর্বে আপুনি উপযুক্ত মিশ্রণবিধ খাব।

আদাৰ গুণ

আদাই আমাৰ তেজ চলাচল বঢ়োৱাত সহায় কৰে। হজম পেশীবোৰক শিথিল কৰে।

আপেলৰ গুণ

আপেলত পটাচিয়াম আৰু ভিটামিন বি-৬ থাকে। এই উপাদানবোৰে আপোনাৰ ভাল বা গভীৰ টোপনি অহাৰ ক্ষেত্ৰত সহায় কৰে। তদুপৰি আপেলত থকা ভিটামিন চিয়ে আমাৰ শ্বাস-প্ৰশ্বাস উত্তম হোৱাত সহায় কৰে। তদুপৰি টোপনিত পৰাৰ পূর্বে শৰীৰটোক শিথিল কৰাত সহযোগিতা আগবঢ়ায়।

নেমুটেঙাৰ গুণ

নেমুৰ ৰস খালে ভাল টোপনি আহে। নেমু ৰসত থাকে আলকেলাইন্‌। আলকেলাইনে আমাৰ খাদ্য হজম কৰা প্রক্রিয়াটোক সহায় কৰে।

গাজৰৰ গুণ

আমি জানো যে, গাজৰত আলফা কেৰোটিন থাকে। যি আমাৰ গভীৰ টোপনি অহাৰ বাবে সহায় কৰে।

উৎস: সাদিন

2.90476190476
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক