অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

দেহটো সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্য খাব?

 

দেহটো সচল কৰি ৰাখিবলৈ আমি দিনত কেইবাবাৰো আহাৰ গ্ৰহণ কৰিব লগা হয়। সেয়ে এনেবোৰ আহাৰত দৰাচলতে কিনো থাকে অথবা খোৱাৰ পিছত শৰীৰলৈ গৈ কি কৰে, এইবিলাক কথা আমি সকলোৱে জনা উচিত। তাৰোপৰি প্ৰয়োজনীয় মাত্ৰাত আহাৰ গ্ৰহণ নকৰিলে শৰীৰত কেনেধৰণৰ বিপৰ্যয় হ’ব পাৰে সেইটোও জনা উচিত। এনেবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ আমাৰ দেহৰ বাবে ভাল বা উপযুক্ত খাদ্য নিৰ্বাচন কৰাত সহায় হয়। মনত ৰখা ভাল যে, আমাৰ ভাৰতীয় খাদ্য সম্ভাৰ প্ৰয়োজনীয়ভাৱে অতি ভাল খাদ্য। ঘেঁহু, চাউল, বিভিন্ন ধৰণৰ দাইল, শাক-পাচলিৰে ভাৰতীয় খাদ্য পুষ্টি গুণসম্পন্ন।

খাদ্যৰ পুষ্টিগুণ:

যিবোৰ খাদ্য আমি খাওঁ, সেই খাদ্যবোৰত থকা পুষ্টিকৰ উপাদানকে খাদ্যৰ পুষ্টিগুণ বোলা হয়। সাধাৰণতে আমি পাঁচধৰণৰ পুষ্টিগুণ থকা খাদ্য খাওঁ- কাৰ্বোহাইড্ৰেট, প্ৰোটিন, ফেট বা চৰ্বি, ভিটামিন আৰু খনিজ। যেনে- চাউলত কাৰ্বোহাইড্ৰেট, দাইলত প্ৰোটিন ৰন্ধন তেলত চৰ্বি ইত্যাদি। কিছুমান খাদ্য বস্তুত আকৌ কেবাটাও পুষ্টিগুণ থাকে। যেনে- গাখীৰ। দেহৰ শক্তিৰ যোগান ধৰিবলৈ কাৰ্বোহাইড্ৰেট, প্ৰোটিন আৰু চৰ্বি বেছি পৰিমাণে প্ৰয়োজন হয়। ভিটামিন আৰু খনিজৰ আৱশ্যকতা ইয়াৰ তুলনাত কম। ইহঁতে দেহক শক্তিৰ যোগান নধৰে যদিও দেহৰ ভিতৰত সচল হৈ থকা বহুতো কাৰ্য প্ৰক্ৰিয়া সুচাৰুৰূপে চলিবলৈ এইবিলাকে সহায় কৰে।

শক্তি কি?

গাড়ী এখনে পেট্ৰলৰ পৰা শক্তি আহৰণ কৰাৰ দৰে আমিও খাদ্যৰ পৰা শক্তি পাওঁ। কাৰ্বোহাইড্ৰেট বা শৰ্কৰাজাতীয় খাদ্য আমাৰ পৰিপাক প্ৰণালীৰ ভিতৰত গ্লুকোজলৈ ৰূপান্তৰিত হৈ শৰীৰক শক্তি যোগায়। প্ৰয়োজনীয় অতিৰিক্ত শৰ্কৰা লিভাৰ আৰু মাংসপেশীৰ গ্লাইকোজেনৰ ৰূপত সঞ্চিত হৈ থাকে। বাহিৰৰ পৰা সময়মতে খাদ্যৰ যোগান নাপালে তেনেদৰে জমা হোৱা গ্লাইকোজেন পুনৰ গ্লুকোজলৈ ৰূপান্তৰিত হঈ কোষবোৰলৈ যায় আৰু শৰীৰে একেৰাহে প্ৰয়োজনীয় শক্তি উৎপাদন কৰি থাকিবলৈ সক্ষম হয়। প্ৰোটিন জাতীয় খাদ্যৰ প্ৰথম আৰু প্ৰধান কাম হ’ল- শৰীৰৰ গঠন সঠিকভাৱে ৰক্ষা কৰা। অৱশ্যে দীঘলীয়াকৈ উপবাসে থাকিলে খাদ্যৰ পৰা আহৰণ সঞ্চয় কৰি ৰখা প্ৰোটিন ভাঙি শৰীৰে এমিনো এচিড তৈয়াৰ কৰে আৰু এই এমিনো এচিড লিভাৰলৈ গৈ গ্লুকোজলৈ ৰূপান্তৰিত হৈ দেহত শক্তিৰ যোগান ধৰে। ফেট বা চৰ্বিজাতীয় খাদ্যও শৰীৰত সঞ্চিত হৈ থাকে আৰু প্ৰয়োজনত এই চৰ্বি ভাঙি শৰীৰে গ্লুকোজলৈ পৰিৱৰ্তন কৰি লয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা চৰ্বিও শৰীৰৰ শক্তি উৎপাদন কাৰ্যত ব্যৱহৃত হয়।

এই শক্তি আমি কেনেকৈ জুখিম? কাপোৰ যেনেদৰে মিটাৰ, সময় যেনেদৰে ঘন্টা, মিনিট হিচাবে জোখা হয়, তেনেদৰে এই শক্তি জোখাৰ একক হ’ল- কিলো কেলৰি। সাধাৰণভাবে বুলিয়েই কোৱা হয়। এজন বয়স্ক লোক বহি বা জিৰণি লৈ থকা অৱস্থাত আধাৰ শক্তিৰ প্ৰয়োজনীয় পৰিমাণ হ’ল ১৫০০ কেলৰি। কাম কৰা বা শাৰীৰিক সক্ৰিয়তাৰ বাবে অতিৰিক্ত ১২০০ বা ১৪০০ কেলৰিৰ দৰকাৰ। গতিকে এজন স্বাভাৱিক মানুহৰ প্ৰয়োজনীয় মুঠ কেলৰিৰ পৰিমাণ হ’ল- ২৭০০ৰ পৰা ২৯০০। মহিলাসকলক ইয়াতকৈ কম কেলৰিৰ দৰকাৰ গৰ্ভাৱস্থা আৰু দুগ্ধপানৰ সময়ছোৱাত তেওঁলোকক অতিৰিক্ত কেলৰিৰ আৱশ্যক হয়।

এতিয়া আমি জানিলো যে, কাৰ্বোহাইড্ৰেট, প্ৰোটিন আৰু ফেটৰ জৰিয়তে দেহলৈ শক্তিৰ সঞ্চাৰ হয়। কিন্তু এইবাৰনো দৰচলতে কি- সেই কথাও আমি জনা দৰকাৰ।

কাৰ্বোহাইড্ৰেট:

সমগ্ৰ পৃথিৱীৰ মানুহৰে শক্তিৰ প্ৰধান উৎস হ’ল কাৰ্বোহাইড্ৰেট। চাউল, ঘেঁহু, বজ্ৰা, জোৱাৰ(Pearl milet), ৰাগী(Finger miler বা Nachni)আদিত প্ৰচুৰ পৰিমাণে মগু ৰূপত শ্বেতসাৰ(Starch, কাৰ্বোহাইড্ৰেট) থাকে। আলু, কল, চেনি, গুড় আদি এনে ধৰণৰ খাদ্য। চেনি আৰু গুড়ত কাৰ্বোহাইড্ৰেট কেন্দ্ৰীভূত হৈ থাকে আৰু এনেবিলাক দ্ৰব্য অতি সহজতে হজম হৈ দৈহিক শক্তিৰ যোগান ধৰে। বীনজাতীয় শস্য(cereal) আৰু চেনী বা গুড় খোৱাৰ পৰা আমি খোৱাৰ আনন্দ বা সন্তুষ্টি আৰু শক্তি দুয়োটাই লাভ কৰো। সেয়ে আমাৰ খাদ্যৰ বাবে এইবিলাক অতি গুৰুত্বপূৰ্ণ। এক গ্ৰাম কাৰ্বোহাইড্ৰেটে আমাৰ শৰীৰত চাৰি গ্ৰাম কেলৰি শক্তিৰ যোগান ধৰে।

শাক-পাচলিত শ্বেতসাৰ(Starch):

কিছুমান শাক-পাচলিত এবিধ জটিল ধৰণৰ কাৰ্বোহাইড্ৰেট থাকে যাক ‘ডায়েটাৰি ফাইবাৰ’ বোলা হয়। ইয়াক মানুহে হজম কৰিব নোৱাৰে কিন্তু জন্তুৱে পাৰে। এনে ফাইবাৰত কম পৰিমাণে থকা কঠিন অংশই(Roughage) খাদ্যক পাচক অংগলৈ সৰবৰাহ কৰাত সহায় কৰে। সেয়ে পাচলিত থকা কঠিন অংশই সোৱাদৰ বিভিন্নতা অনাৰ উপৰিও ভিটামিন আৰু খনিজৰো যোগান ধৰে। চোকোৰা থকা চাউল, ঘেঁহু আদিতো ডায়েটাৰি ফাইবাৰ থাকে।

প্ৰোটিন:

তিনিটা মুখ্য পুষ্টি গুণসম্পন্ন খাদ্যৰ ভিতৰত প্ৰোটিন অন্যতম, যিটো আমাৰ দেহৰ বাবে অতি আৱশ্যক। আমাৰ দেহৰ মাংসপেশী, হাড়, তেজ, মস্তিষ্ক, ছাল ইত্যাদি সকলো কোষতে প্ৰোটিন থাকে। ঘৰ এটাৰ সজাৰ বাবে যেনেকৈ ইটাৰ গাঁথনি দিয়া হয়, ঠিক তেনেকৈ প্ৰোটিনেও দেহৰ গাঁথনি নিৰ্মাণ কৰে। যেতিয়া দেহৰ কোনো কোষ ভাঙি পৰে বা তাৰ ব্যৱহাৰ শেষ হয়, প্ৰোটিনে তাৰ জোৰা-তাপলি মৰা বা কোষ সলনি কৰাৰ কাম কৰে। অতিৰিক্তভাৱে দেহৰ ভিতৰৰ বিভিন্ন ক্ৰিয়া সুচাৰুৰূপে চলাত প্ৰোটিনে এটা মুখ্য ভূমিকা লয়। প্ৰোটিনৰ অভাৱত দেহৰ এনেবোৰ প্ৰক্ৰিয়া বন্ধ হৈ জীৱনটোকে স্তব্ধ কৰি দিব পাৰে।

আগতেই কোৱা হৈছে যে কাৰ্বোহাইড্ৰেটৰ দৰে প্ৰোটিনকো দেহটোৱে শক্তিৰ উৎস হিচাবে ব্যৱহাৰ কৰে। একগ্ৰাম প্ৰোটিনক এনেদৰে ব্যৱহাৰ কৰি চাৰি কেলৰি শক্তি পোৱা যায়। কিন্তু প্ৰোটিনক এনেকৈ কেলৰিলৈ দহন কৰাটো এক এক প্ৰকাৰৰ অপচয়। সেয়ে প্ৰয়োজনীয় শক্তিৰ বাবে যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট খাব লাগে আৰু প্ৰোটিনে সম্পন্ন কৰা নিৰ্দিষ্ট কামৰ বাবেহে প্ৰোটিন মজুত ৰাখিব লাগে।

আমাৰ খোৱা খাদ্যত প্ৰোটিনৰ পৰিমাণ আৰু ইয়াৰ গুণাগুণ কেনে ধৰণৰ সেই সম্পৰ্কেও জনা উচিত। প্ৰোটিনক এনিমেল, ভেজিটেবল, মিল্ক আদি আহাৰৰ তালিকা অনুসৰি ভগাই লোৱা হয়। এনিমেল প্ৰোটিন হ’ল মাছ, মাংস, কণী, গাখীৰ আদি। এইবোৰ অতি উচ্চ প্ৰোটিন সমৃদ্ধ খাদ্য। যদি কণীৰ পুষ্টিমূল্য ৯০ দিয়া হয়, তেন্তে গাখীৰ, আৰু মাংসৰ পুষ্টি মূল্য ৭০ দিয়া হ’ব। অৱশ্যে ভেজিটেবল প্ৰোটিনৰ নম্বৰ কম। দাইল আৰু দানাজাতীয় শস্যৰ প্ৰোটিনমূল্য ৫০ৰ পৰা ৫৫। ঘেঁহুৰ ৪৫। কিন্তু এককভাৱে ব্যৱহাৰ কৰাতকৈ দুবিধ প্ৰোটিন সংযুক্তভাৱে ব্যৱহাৰ কৰিলে তাৰ পুষ্টিমূল্য অধিক হ’ব। যেনে দাইলৰ সৈতে ভাত বা দাইলৰ সৈতে ৰুটি খালে মুঠ প্ৰোটিনৰ পৰিমাণ অধিক হয়। আকৌ দাইলৰ সৈতে ভাত বা ৰুটিৰ লগতে গাখীৰ বা দৈ খালে অধিক প্ৰোটিন পোৱা যায়।

ভাৰতবৰ্ষত বা অসমতো বৰ দৰকাৰী প্ৰোটিনৰ এটা মুখ্য উৎস হ’ল- দাইল। আমি বিভিন্ন ধৰণৰ দাইল খাওঁ- মগু, মচুৰ, ৰহৰ, বুট, মাটিমাহ আদি। এই আটাইবোৰতে দৰকাৰী প্ৰোটিন পোৱা যায়। দ্বিতীয় গুৰুত্বপূৰ্ণ উৎস হ’ল- বিভিন্ন ধৰণৰ বাদাম, যেনে- কাজুবাদাম, চীনাবাদাম, নাৰিকল আৰু তিল, উৰুহী, লেচেৰা মাহ আদি পাচলি। কাঠফুলা আৰু ছয়াবিন প্ৰোটিনৰ উৎকৃষ্ট উৎস। চয়াবিনত থকা প্ৰোটিনৰ পৰিমাণ হৈছে শতকাৰ ৪২.৩ ভাগ। চাউল, আটা বা এনে ধৰণৰ ধানজাতীয় শস্যক(মিলত খুন্দা) প্ৰোটিন সমৃদ্ধ খাদ্য হিচাবে গণ্য কৰা নহয়। যিহেতু এইবোৰত ৬ৰ পৰা ৯ শতাংশহে প্ৰোটিন থাকে। কিন্তু যিহেতু আমি দৈনিক যথেষ্ট পৰিমাণে এনে খাদ্য খাওঁ, সেয়ে ইয়াৰ পৰা দেহলৈ কিছু পৰিমাণে প্ৰোটিন সৰবৰাহ নোহোৱাকৈ নাথাকে। এনে খাদ্য আৰু দাইলৰ জৰিয়তে ভাৰতীয় মানুহৰ দেহলৈ প্ৰোটিন সৰবৰাহ হয়।

চৰ্বি:

চৰ্বি আমাৰ দেহৰ বাবে তৃতীয় প্ৰয়োজনীয় উপাদান। সাধাৰণভাৱে আমি ৰন্ধন তেল, বনস্পতি বা ঘিউৰপৰা এই চৰ্বি পাওঁ। যেনেদৰে চেনি মানেই হ’ল কাৰ্বোহাইড্ৰেট, তেনেদৰে তেল বা ঘিউ মানেই হ’ল চৰ্বি। গাখীৰ, বাদাম, তৈলবীজৰ পৰাও চৰ্বি পাওঁ। এনেবোৰ খাদ্যত প্ৰোটিনৰ লগতে চৰ্বিও থাকে। চৰ্বি দেহত ইন্ধন হিচাবে শোষিত হয় আৰু কাৰ্বোহাইড্ৰেট বা প্ৰোটিনতকৈ বেছি শক্তি উৎপন্ন কৰে। চলিড ফেট যেনে- ঘিউ, বনস্পতি, বাদাম, তিল, সৰিয়হ তেল, এই আটাইবোৰে আমাক সম পৰিমাণৰ শক্তিৰ যোগান ধৰে। দেশৰ বিভিন্ন ঠাইত বিভিন্ন তেলৰ ব্যৱহাৰ হোৱাৰ মূলতে হ’ল ইয়াৰ গোন্ধ আৰু স্বাদ। এইবোৰে আঞ্চলিক বৈশিষ্ট্য কিছুমানো দাঙি ধৰে। যেন- নাৰিকল তেল কেৰালাত, সৰিয়হ তেল অসম আৰু পশ্চিমবঙ্গত বেছিকৈ ব্যৱহাৰ হয়। যদিও সকলোধৰণৰ তেলৰে এনেধৰণৰ পুষ্টগুণ আছে, তথাপিও বাঢ়ি অহা কিছামন ৰোগৰ বাবে বৰ্তমান সময়ত চালফ্লাৱাৰ বা সূৰ্যমুখী, কপাহবীজ, বাদাম, তিল আদি তেলৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হ’ল এনেবোৰ তেলত প্ৰয়োজনীয় ফেটি এচিড(essential fatty acids)বা EFA উচ্চ হাৰত পোৱা যায়। আনহাতে সৰিয়হ বা নাৰিকল তেল আৰু ঘিঁউত ইয়াৰ পৰিমাণ কম। বৰ্তমান সময়ত জনা গৈছে যে যিহেতু আধুনিক জীৱনত পৰিশ্ৰম বা শ্ৰমসাধ্য্ কামৰ পৰিমাণ কম সেয়ে এনেধৰণৰ চলিড ফেট খোৱাৰ পৰা দেহত কলেষ্টেৰল জমা হোৱাৰ সম্ভাৱনা বাঢ়ে। ইয়ে ৰক্তবাহিনীত চাপ সৃষ্টি কৰি হৃদযন্ত্ৰৰ কাৰ্য ব্যাহত কৰি তোলে। EFA সমৃদ্ধ তেল খোৱাৰ পৰা হৃদযন্ত্ৰৰ এনে আশংকা হ্ৰাস পায়।

ভিটামিন:

আমাৰ বহুতৰে মনত ভিটামিনৰ সৈতে এটা যাদুকৰী সম্পৰ্ক আছে। এইটো সঁচা যে অতি কম পৰিমাণৰ ভিটামিনেও আমাৰ শৰীৰৰ কোনো ৰোগত নাটকীয়া প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে ভিটামিনে দেহৰ সঠিক কাৰ্যক্ষমতা চলাই থাকিবলৈ বিশেষ ভূমিকা লয়। দেহৰ সকলো অংগৰ কাৰ্যকুশলতাৰ বাবে ভিটামিনৰ প্ৰয়োজন অপৰিহাৰ্য।

বেছিভাগ ভিটামিনকে ইংৰাজী বৰ্ণমালাৰ আখৰ যেনে A, B,(ইয়াৰ আকৌ কেইবাটাও ভাগ) C, D, আদিৰে নামকৰণ কৰাৰ কোনো বিশেষ কাৰণ নাই। প্ৰথম আৱিষ্কাৰৰ সময়ত ইয়াক এনেদৰে চিহ্নিত কৰা হৈছিল। মুঠতে প্ৰায় একডজনমান ভিটামিন আছে। বিভিন্ন ভিটামিনে বিভিন্ন ধৰণে কাম কৰে। ভিটামিন ‘এ’য়ে কৰা এটা নিৰ্দিষ্ট কাম হ’ল চকুৰ দৃষ্টিশক্তি অটুট ৰখা কামটো। অৱশ্যে চকুৰ লেন্স বা আনুসংগিক গঠন শৰীৰবৃত্তীয় ৰচনা। কিন্তু ইয়াৰ দৃষ্টি শক্তিৰ ৰসায়নিক ক্ৰিয়া চলে ভিটামিন ‘এ’ৰ সহায়ত। সেয়ে, ‘এ’ ভিটামিন কম হোৱাৰ অৰ্থই হ’ল দৃষ্টিশক্তিৰ সমস্যা সৃষ্টি হোৱা- বিশেষকৈ কম পোহৰত। যদি কোনো শিশুৱে খাদ্যত প্ৰয়োজনীয় ভিটামিন ‘এ’ নাপায়, তেন্তে সম্পূৰ্ণ দৃষ্টিহীন হৈ পৰাৰ সম্ভাৱনা থাকে। আমাৰ দেশত এইটো এটা অতি দুখৰ কথা যে, হাজাৰ হাজাৰ শিশু অন্ধ হৈ পৰাৰ এটা মুখ্য কাৰণ হ’ল- তেওঁলোকে সঠিক পৰিমাণৰ খাদ্য খাবলৈ নাপায়। ভিটামিন ‘এ’ থকা খাদ্যবোৰ হ’ল- ঘিঁউ, গাখীৰ, দৈ, কণীৰ কুহুম আৰু জন্তু বা চৰাই জাতীয় প্ৰাণীৰ লিভাৰ। এনেবিলাক খাদ্যৰ জৰিয়তে লাভ কৰা প্ৰোটিনবোৰক ‘এনিমেল প্ৰোটিন’ বোলা হয়। তাৰোপৰি হালধীয়া ৰঙৰ বেছিভাগ ফল-মূল বা পাচলিত এই ভিটামিন বেছিকৈ থাকে। কেৰোটিন শব্দটো ইংৰাজী carrot শব্দৰ পৰা আহিছে। কেৰোটিন সমৃদ্ধ খাদ্যবোৰ আমাৰ পাচনতন্ত্ৰত ভিটামিন ‘এ’লৈ পৰিৱৰ্তিত হয়। সেয়ে আমাৰ খাদ্যত যাতে যথেষ্ট পৰিমাণে কেৰোটিন সমৃদ্ধ খাদ্য থাকে, তাৰ প্ৰতি চকু দিব লাগে। পালেং শাক, ধনিয়াপাত, পদিনা, ৰঙালাউ, পকা অমিতা, আম, বিলাহী, গাজৰ আদি এনেধৰণৰ কেৰোটিন সমৃদ্ধ খাদ্য।

ভিটামিন ‘বি’ হ’ল এটা গ্ৰুপ বা শ্ৰেণী য’ত B1, B2, B3, B6, B12 আদি বিভিন্ন ভাগ থাকে। কিছুমান ক্ষেত্ৰত এনে ভিটামিনক সাধাৰণ নাম দিয়া ফয়। যেনে B1ক থায়মিন, B2ক ৰিবোফ্লেবিন, B6ক পাইৰিডক্সিন, B12ক চাইন’ কবালামিন ইত্যাদি। নিয়াচিন, ফলিক এচিড,ৰ্বায়োটিন পেন্টোথেনিক এচিড আদি ভিটামিনক এইবোৰ নামেৰেই জনা যায়। B শ্ৰেণীভুক্ত প্ৰতিটো ভিটামিনৰে দেহৰ কাৰ্যকলাপত নিৰ্দিষ্ট ভূমিকা আছে। যেনে- মস্তিষ্কৰ কাম-কাজ, চুলিৰ বাঢ়ন, জিভা, ছালৰ মসৃণতা, তেজৰ লোহিত ৰক্তকণিকা সৃষ্টি, কোষৰ উপযুক্ত বৃদ্ধি ইত্যাদি। গৰ্ভৱতী মাতৃ আৰু দুগ্ধদাত্ৰী মাতৃক ফলিক এচিড আৰু ভিটামিন বি১২ ৰ বিশেষভাৱে প্ৰয়োজন হয়। কাৰণ ইয়ে ৰক্তাল্পতা প্ৰতিৰোধ কৰে। বি শ্ৰেণীযুক্ত ভিটামিন- দাইল, গাখীৰ, দুগ্ধজাত সামগ্ৰী, কণী, শাক-পাচলি, মাংস, বাদামজাতীয় শস্যৰ পৰা পোৱা যায়।

ভিটামিন ‘চি’ক টেঙা ভিটামিন বুলিবও পাৰি। ইয়াৰ উৎস সম্পৰ্কেও সাধাৰণলোকে জানে। আমলখি, জলফাই, মধুৰি আম, জামু, বন্ধাকবি আদিত প্ৰচুৰ পৰিমাণে এই ভিটামিন থাকে। ঠাণ্ডাৰ পৰা হোৱা সংক্ৰমণ ৰোধ কৰা আৰু দাঁত, হাড়ৰ শক্তিশালী বৃদ্ধিৰ বাবে ভিটামিন ‘চি’ৰ আৱশ্যক। হাড়ৰ গঠনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ ভিটামিন হ’ল ‘ডি’। কেলচিয়াম হাড়লৈ সৰবৰাহ হোৱাটো এই ভিটামিনে নিশ্চিত কৰে। মাখন, ঘিঁউ, মাছৰ তেলত এই ভিটামিন পোৱা যায়। দৈনিক কিছু সময় ৰ’দত থিয় হৈ বা বহি থাকিলে একো নকৰাকৈয়ে দেহে এই ভিটামিন লাভ কৰে। ঘৰৰ বাহিৰত খেলা-ধূলা কৰিলে শৰীৰে এই বিধ ভিটামিন পাব পাৰে। মূৰত ওৰণি বা গোৰ্খা পিন্ধি ঘৰৰ ভিতৰত সোমাই থকা মহিলাসকলে আৰু যিসকলে দেহটো বা ছালখন অনবৰতে ঢাকি ৰাখে, তেওঁলোকে প্ৰাকৃতিকভাৱে পোৱা এই ভিটামিনৰ পৰা বঞ্চিত হয়। অৱশ্যে এনেদৰে ভিটামিন ‘ডি’ সৰবৰাহ হ’বলৈ দেহত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু ফচফৰাছ থকা দৰকাৰ।

খনিজ:

আমাৰ দেহৰ বাবে প্ৰয়োজনীয় সৰ্বশেষ পুষ্টি হ’ল মিনাৰেল বা খনিজ। সাধাৰণ নিমখ বা চডিয়াম ক্ল’ৰাইড খনিজৰ আটাইতকৈ ডাঙৰ উৎস। খনিজ উপাদানৰ ভাণ্ডাৰ স্বৰূপ এইবিধ দ্ৰব্যও দেহৰ বাবে প্ৰয়োজনীয়। আন কামৰ বাহিৰেও তেজৰ চাপ নিয়ন্ত্ৰণৰ বাবে ই আৱশ্যকীয়। বিভিন্ন ধৰণৰ খনিজ পদাৰ্থই শৰীৰৰ পোষণ তন্ত্ৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ছডিয়াম, পটাছিয়াম, মেগনেচিয়াম, কেলচিয়াম, লো, তাম, দস্তা আদি খনিজ পদাৰ্থ শৰীৰৰ উপযুক্ত কৰ্যক্ষমতাৰ বাবে দৰকাৰ। আমি খোৱা বিভিন্ন ফল-মূল, শাক-পাচলি, মাছ-মঙহৰ জৰিয়তে এনে খনিজ দেহলৈ সৰবৰাহ হয়। অসমৰ মানুহৰ খাদ্য তালিকাত এনেবোৰ বস্তুৰ অভাৱ কমেইহে দেখা যায়। নিয়মিতভাৱে প্ৰতিদিনৰ খাদ্যত এইবোৰ কিছুপৰিমাণে খাই থাকিব পাৰিলে আমাৰ শৰীৰত পৰিপুষ্টিৰ অভাৱ নহয়।

পানী:

এনেধৰণৰ পুষ্টিগুণ সম্পন্ন খাদ্য খোৱাৰ উপৰিও প্ৰতিদিনে প্ৰচুৰ পানী খাব লাগে। দেহৰ বিভিন্ন অংগৰ কাম-কাজ সূচাৰুৰূপে চলিবলৈ পানীৰ দৰকাৰ। পানীয়ে দেহৰ তাপ স্বাভাৱিক অৱস্থাত ৰাখে। ‘বি’ ভিটামিন দেহত সৰবৰাহ হ’বলৈ পানীৰ দৰকাৰ। তেনেকৈ দেহৰ ভিতৰত কিছুমান প্ৰয়োজনীয় ৰসায়নিক প্ৰক্ৰিয়াৰ বাবেও পানীৰ দৰকাৰ। খোৱাপানী আৰু খাদ্যত থকা পানীৰ জৰিয়তে দেহৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰা হয়। গাখীৰত ৮০ৰ পৰা ৯০ শতাংশ; মাংস, কণী আৰু আলুত ৭০ শতাংশ পানী থাকে। তেনেকৈ বেছিভাগ ফল-মূল আৰু পাচলিতো যথেষ্ট পৰিমাণে পানীয়েই থাকে। আমাৰ শৰীৰৰো মুঠ ওজনৰ ৭০ শতাংশই পানী।

 

ছালৰ সৌন্দৰ্য সম্পৰ্কে থকা কিছু ভুল ধাৰণা:

 

স্বাস্থ্য সচেতন আৰু সৌন্দৰ্য সচেতন লোকসকলে তেওঁলোকৰ দেহ আৰু মুখাৱয়বৰ ছাল নিৰোগী তথা সুন্দৰ কৰি ৰখাৰ বাবে অশেষ যত্ন লোৱা দেখা যায়। উজ্জ্বল, সতেজ আৰু নিকা ছাল সুস্বাস্থ্যৰ পৰিচায়ক। কিন্তু ছালৰ যতন লোৱাৰ ক্ষেত্ৰত প্ৰচলিত কেতবোৰ ভুল ধাৰণাই বহুতকে বিভ্ৰান্ত কৰা দেখা যায়। আমাৰ এই লেখাটিত এনে কেতবোৰ ভুল ধাৰণাৰ বিষয়ে আলোচনা পকৰা হৈছে।

  • প্ৰচলিত ধাৰণা: বয়স প্ৰতিৰোধী সামগ্ৰী(Anti aging products) ৪০ বছৰ বয়সৰ পিছতহে ব্যৱহাৰ কৰিব লাগে।

প্ৰকৃত সত্য: জন্মৰ দিনাৰে পৰা আমাৰ দেহৰ কোষৰ সংখ্যা বৃদ্ধি আৰু পৰিৱৰ্তন হৈ থাকে। গতিকে ২৫-ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত ছালত বয়সৰ চাপ পৰা প্ৰক্ৰিয়াটো দ্ৰুত হয়। গতিকে কম বয়সৰ পৰাই ছালৰ যথোচিত যত্ন ল’লেহে ছালত বয়সৰ চাপ পৰাটো বিলম্বিত কৰিব পাৰি। ছালৰ বৈশিষ্ট্য পৰীক্ষা আৰু সেই অনুসৰি ছালৰ কেনে ধৰণৰ যত্ন লোৱাটো প্ৰয়োজন, সেই বিষয়ে জানিবৰ বাবে এজন চৰ্মৰোগ বিশেষজ্ঞৰ ওচৰ চপা উচিত।

  • প্ৰচলিত ধাৰণা: যিমানেই উচ্চ মাত্ৰাৰ এছ পি এফ ব্যৱহাৰ কৰা হয়, সিমানেই ভাল।

প্ৰকৃত সত্য: এছ পি এফ ৩০ ছানস্ক্ৰীণে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি ৯৬ শতাংশ প্ৰতিৰোধ কৰাৰ বিপৰীতে এছ পি এফ ১৫-ই ৯৪ শতাংশ প্ৰতিৰোধ কৰিব পাৰে। অৰ্থাৎ এছ পি এফ ৩০-তকৈ এছ পি এফ ১৫-ই মাত্ৰ ২ শতাংশ কমকৈ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰে। গতিকে এছ পি এফ ১০, ৩০ বা ৫০- যিয়েই ব্যৱহাৰ নকৰক কিয়, ফলাফল প্ৰায় একেই পোৱা যায়। তদুপৰি এইবোৰৰ প্ৰভাৱ কেইঘন্টামানৰ বাবেহে থাকে, গতিকে এবাৰ ছানস্ক্ৰীণ ব্যৱহাৰ কৰাৰ কেইঘন্টামান পিছত প্ৰয়োজন সাপেক্ষে পুনৰ ব্যৱহাৰ কৰিব লাগে।

  • প্ৰচলিত ধাৰণা: স্ক্ৰাবিং কৰিলে মুখৰ ছাল পৰিষ্কাৰ হৈ থাকে আৰু ব্ৰণ নোলায়।

প্ৰকৃত সত্য: স্ক্ৰাবিং কৰিলে মুখৰ ছালত থকা প্ৰতিৰোধকাৰী তেল প্ৰভৃতি নাইকিয়া হৈ যায় আৰু তেতিয়া বেক্টেৰিয়াই মুখৰ ছালত খোপনি পুতি লৈ ছালৰ ক্ষতি সাধন কৰিবলৈ সুবিধা পায়। স্ক্ৰাবিং কৰাৰ পৰিৱৰ্তে এবিধ সাধাৰণ ক্লীনজাৰ ব্যৱহাৰ কৰিব লাগে আৰু লগতে ৰাতি ময়শ্চাৰাইজাৰ বা পুৱা ছানক্ৰীম ব্যৱহাৰ কৰিব লাগে।

  • প্ৰচলিত ধাৰণা: ডাৱৰীয়া বতৰত গাৰ ছাল ৰ’দে পুৰিব নোৱাৰে।

প্ৰকৃত সত্য: আকাশত মেঘ থকা অৱস্থাতো সূৰ্যৰ ৰশ্মি পৃথিৱীৰ উপৰিভাগলৈ আহিব পাৰে, গতিকে বতৰ যেনেকুৱাই নহওক কিয় প্ৰতিদিনে ছানক্ৰীম ব্যৱহাৰ কৰি উচিত। তদুপৰি এছ পি এফ যুক্ত মেকআপ ল’লেই সূৰ্যৰ ৰশ্মিৰ পৰা সুৰক্ষা পোৱা যাব বুলি ভবাটো ভুল। এনেদৰে সূৰ্যৰ ৰশ্মিৰ পৰা সুৰক্ষা পাবলৈ হ’লে সাধাৰণ মেকআপৰ ১৫ গুণ অধিক মেকআপ ল’ব লাগিব।

  • প্ৰ্চলিত ধাৰণা: শালমনৰ ভিতৰৰ পূঁজ চেপি উলিয়াই পেলাব লাগে।

প্ৰকৃত সত্য: আইচবাৰ্গ এটাৰ ওপৰত সামান্য অংশ সাগৰ পৃষ্ঠৰ ওপৰত ওলাই থকাৰ দৰে শালমনৰ পূঁজৰো সামান্য অংশ বাহিৰফালে থাকে। অধিকাংশ পূঁজ থাকে ছালৰ ভিতৰফালে। গতিকে শালমন এটাৰ পূঁজখিনি চেপি উলিয়াবলৈ যত্ন কৰিলে ছালৰ ভিতৰ ফালে থকা পূঁজখিনি আৰু বেছি ভিতৰলৈহে সোমাই যায়। সেইবাবেই এটা শালমনৰ পূঁজ চেপি উলিয়াই শালমনটো ভাঙি দিয়াৰ পিছত তাৰ কাষতে আৰু এটা শালমন উক দিয়ে। সেয়েহে শালমনবোৰ নিজে ভাণুগি নিদি, ইয়াক প্ৰাকৃতিকভাৱে আপোনা-আপুনি ভাঙি যাবলৈ দিয়াই শ্ৰেয়। তথাপি আপোনা-আপুনি ভাঙি যোৱালৈ ধৈৰ্য ধৰি থাকিব নোৱাৰিলে শালমনবোৰ ভাঙিব লাগে এনেদৰে- প্ৰথমে এখন উমাল কাপোৰেৰে শালমনবোৰ হেঁচি ধৰিব লাগে, য়যাতে শালমনবোৰ কোমল হৈ পৰে। তাৰ পিছত শালমন একোটা চেপি ধৰাৰ পৰিৱৰ্তে তাৰ চাৰিও কাষত অলপ অলপকৈ হেঁচা দিব লাগে, এনে কৰাৰ পিছতো শালমনটো ভাঙি নগ’লে বুজিব লাগিব যে শালমনটো ভাঙি যাব পৰা অৱস্থাত উপনীত হোৱা নাই। এনে পৰিস্থিতিত কেইঘন্টামান পিছত পুনৰ একেটা পদ্ধতিৰে শালমনবোৰ ভাঙিবলৈ যত্ন কৰিব লাগে।

  • প্ৰচলিত ধাৰণা: লেজাৰ পদ্ধতিৰে দেহৰ কোনো এক অংশৰ পৰা পূৰ্ণ শতাংশ নোম আঁতৰাব পাৰি।

প্ৰকৃত সত্য: লেজাৰ পদ্ধতিৰে মুখৰ ৭৫ শতাংশগ আৰু গাৰ ৯০ শতাংশ নোমহে আঁতৰাব পাৰি, অৰ্থাৎ লেজাৰ পদ্ধতিৰে পূৰ্ণ শতাংশ নোম আঁতৰোৱা সম্ভৱ নহয়। এবাৰ ৭লেজাৰ নোম আঁতৰোৱাৰ পিছত আকৌ নোম নগজিবলৈ বছৰেকত অন্তত: এবাৰ লেজাৰ পদ্ধতি কৰিব লগা হয়। অৱশ্যে শৰীৰৰ অবাঞ্চিত নোম আঁতৰালে স্বস্তি অনুভৱ কৰাৰ লগতে আত্মবিশ্বাস ঘূৰি আহে আৰু আনৰ ওচৰত অধিক আকৰ্ষণীয় হৈ পৰে। গতিকে লেজাৰ পদ্ধতিৰে শৰীৰৰ অবাঞ্ছিত নোম আঁতৰোৱাটো সমৰ্থনযোগ্য।

  • প্ৰচলিত ধাৰণা: ডাঢ়ি খুৰোৱাৰ ফলত ডাঢ়িবোৰ ডাঠ হয়।

প্ৰকৃত সত্য: বহুতে ডাঢ়ি খুৰোৱাৰ ফলত ডাঢ়ি ডাঠ হয় আৰু দ্ৰুত গতিত বাঢ়ে বুলি ভাবে যদিও প্ৰকৃততে এয়া ভ্ৰান্ত ধাৰণাহে। ডাঢ়ি খুৰাওঁতে কটা যায় আৰু তেতিয়া ওপৰ ভাগৰ পাতল অংশখিনি ছালৰ সামান্য বাহিৰলৈ ওলাই থাকে, এনে অৱস্থাত ডাঢ়ি ডাঠ হৈ পৰা বুলি ধাৰণা হ’ব পাৰে। এবাৰ ডাঢ়ি খুৰোৱাৰ পিছত ডাঢ়িখিনি বাঢ়ি আহিবলৈ পৰ্যাপ্ত সময় দিলে, ডাঢ়িখিনি পুনৰ মিহি আৰু নৰম হৈ পৰিব। কিন্তু বহুতে তেওঁলোকৰ ডাঢ়ি বাঢ়িবলৈ সুযোগ নিদিয়ে, তেওঁলোকে জীৱনত প্ৰথমবাৰৰ বাবে ডাঢ়ি খুৰোৱাৰ পিছৰ পৰাই নিয়মিতভাৱে ডাঢ়ি খুৰাই থাকে। ডাঢ়ি খুৰোৱাৰ ফলত কিছুমান অবাঞ্ছিত নোম গজি উঠিব পাৰে। এই অবাঞ্ছিত নোমবোৰ উঘালি পেলাবলৈ যত্ন কৰা অনুচিত। তাৰ পৰিৱৰ্তে লেজাৰৰ সহায়ত স্থায়ীভাৱে এই নোমবোৰ আঁতৰাই পেলাব লাগে। অবাঞ্ছিত নোম আঁতৰোৱাৰ এক নিৰাপদ উপায় হ’ল লেজাৰৰ সহায় লোৱাটো

 

বনৌষধি পৰিচয়:

 

লতাকস্তুৰী(বনকপাহি):

(Hibiscus abalmoschus Abolmaschus moschatus):

ই কৰ্পূৰাদি বৰ্গৰ বনৌষধি। নৈসৰ্গিক ক্ৰমানুসাৰ কাৰ্পাস কুলৰ বনৌষধি।

সংস্কৃতত ইয়াক লতাকস্তুৰিকা, কালকস্তুৰিকা, হিন্দীত লতাকস্তুৰী, কস্তুৰী দানা, মূষ্কদানা, বেংগলীত লতাকস্তুৰী, অসমত বনকপাহি বোলে।

পৰিচয়:

ই গুল্মজাতীয় বনৌষধি। ইয়াৰ গছ দেখাত প্ৰায় ভেন্দিগছৰ দৰেই। ঠাই বিশষে ৮-১০ ফুটমান ওখ ঠাল-ঠেঙুলিৰে জোপোহা হৈ থকা দেখা যায়। ইয়াৰ গছ ঠুনুকা। পাত প্ৰথম অৱস্থাত স্থল পদুম পাতৰ দৰেই বহল দেখা যায়। পাতবোৰ প্ৰথম অৱস্থাত পাঁচকোণীয়া হয়। পাতবোৰৰ কাষ কটা কটা যেন দেখা যায়। বয়স হ’লে গছৰ পাতৰ আকাৰ পৰিৱৰ্তন হৈ প্ৰায় ভেন্দি গছৰ দৰে পাত-ফুল লাগে আৰু ফলো প্ৰায়ে ভেন্দিৰ দৰেই হয়। ইয়াৰ প্ৰায় সৰ্বাংগেই শুং থকা দেখা যায়। ফুলবোৰ হালধীয়া, দেখিবলৈ ধুনীয়া হয়। ইয়াৰ গছ লেহুকা হোৱা কাৰণে আন গছ বা হাবি-বননিক আশ্ৰয় কৰি থকা বাবেই সম্ভৱত: ইয়াক লতাকস্তুৰী বোলে। ফলবোৰ পকিলে শুকাই পাঁচ ভাগত বিভক্ত হৈ পৰে। প্ৰত্যেক ভাগত সৰু দুটাকৈ বৃক্কাকাৰ গুটি হয়। গুটিবোৰ সুগন্ধি। কস্তুৰীৰ দৰে গোন্ধ পোৱা যায়। ইয়াৰ পাত, চাল, ফলত বিজলুৱা পদাৰ্থ পোৱা যায়।

গুণ:

তিক্ত, লঘু, শীতবীৰ্য, ঘৰ্মকাৰক, তীক্ষ্ণ, স্বাদিষ্ট, বীৰ্যবৰ্ধক, ৰুক্ষ, কটুবিপাক, মধুৰ, চক্ষুৰ হিতকৰ, বস্তি শোধক, বস্তিৰোগ, কফ, পিপাসা, মুখৰোগ, লালাস্ৰাব, বমি, বাত, মুখ দুৰ্গন্ধ আৰু অৰুচি নিবাৰক, কান্তিবৰ্ধক, কফপিত্ত নাশক, বাতানুলোমক, গ্ৰাহী, হৃদয়োত্তেজক, মূত্ৰপ্ৰবৰ্তক, বৃষ্য, পুতিমেহ, শুক্ৰদৌৰ্বল্য, শ্বাস আদি ৰোগ নিবাৰক, বলপুষ্টি বৰ্ধক। ইয়াৰ মাত্ৰা এক গ্ৰাম।

  • স্বৰভংগ আৰু কন্ঠৰোগত ইয়াৰ সম্পূৰ্ণ গছ গুড়ি কৰি চিলিমত লৈ ধঁপাত খোৱাৰ দৰে খালে উপকাৰ হয়।
  • মুখৰ দুৰ্গন্ধ আৰু অৰুচি নিবাৰণৰ বাবে ইয়াৰ গুটি মুখত লৈ থাকিলে মুখ পৰিষ্কাৰ আৰু সুগন্ধি হয় আৰু ৰুচি বাঢ়ে।
  • অজীৰ্ণ আৰু বাতবিকাৰত ইয়াৰ গুটি বটলত ভৰাই ৰেক্টিফাইড স্পিৰিট পাঁচশ গ্ৰামত তিয়াই থ’ব। যাতে বটলৰ ভিতৰত বতাহ সোমাব নোৱাৰে, তাৰ বাবে ভালকৈ কৰ্ক লগাই সাত দিন ৰাখিব আৰু প্ৰত্যেক দিনে বটলটো তিনি-চাৰিবাৰকৈ জোকাৰিব। সাত দিনৰ পিছত বিছৰ পৰা পঁচিছ গ্ৰামকৈ পানীৰ লগত দিনে দুই-তিনিবাৰকৈ খালে অজীৰ্ণ, উদবাত অপতন্ত্ৰক, আদি বাতবিকাৰ, দুৰ্বলতা কফ আৰু হৃদয়বিকাৰ সহ শ্বাস আদি ৰোগ উপশম হয়।
  • পুয়েমহত(গণৰিয়া) পেচাবৰ লগত পূঁজ পৰা ৰোগত ইয়াৰ শিপা, চাল আৰু পাত থেতেলিয়াই এশ গ্ৰাম মান পানীত মোহাৰিব। যেতিয়া পানীখিনি বিজলৰ দৰে হ’ব তেতিয়া চেকি মিচিৰি মিহলাই দহ গ্ৰামৰ পৰা বিছ গ্ৰামলৈকে দিনে তিনি-চাৰিবাৰকৈ খালে উক্ত ৰোগ আৰোগ্য হ’ব।
  • শুকান কাহত ইয়াৰ পাতৰ ৰস মৌৰ লগত খালে কফ পাতল হৈ ওলাই যায় আৰু কষ্ট দূৰ হয়।

বিয়নী সাবটা(শালপৰ্ণী):

(Desmodium gangeticum, differsum):

ই গুডুচ্যাদি বৰ্গৰ শিম্বীকুলৰ বনৌষধি বিশেষ।

ইয়াক সংস্কৃতত দীৰ্ঘপত্ৰা, অংশুমতী, শালপৰ্ণী, স্থিৰা, সৌম্যা, ত্ৰিপৰ্ণী, পীৱৰী, গুহা, বিদাৰীগন্ধা, দীৰ্ঘাঙ্গীঘ্ৰ, হিন্দীত সৰিবণ, শালপৰ্ণী, বেংগলীত শালপৰ্ণী, শালানী, অসমত ডাঙৰ বিয়নীসাবটা বোলে।

পৰিচয়:

ই গুল্মজাতীয় বনৌষধি। ইয়াৰ গছ আঠ-দহ ফুটমান ওখ আৰু আঙুলিৰ সমান বা আঙুলিতকৈয়ো শকত হয়। ইয়াৰ পাত গছবোৰৰ প্ৰত্যেক গাঁঠিয়ে গাঁঠিয়ে সোঁফালে একোটাকৈ পাত হয়। ইয়াৰ দুই-ডেৰ ইঞ্চিমান আগলৈ বাওঁফালে আনটো পাত হয়। এনেকৈ ক্ৰমে গছবোৰৰ দুয়োফালে আগলৈ পাত হয়। পাতবোৰ দেখাত প্ৰায় বগা আজ্ঞাচিতাৰ পাতৰ দৰে হয় যদিও ইয়াৰ পাত বেছি সেউজীয়া আৰু পাতল। ইয়াৰ পত্ৰকোণৰ পৰা ঠাল-ঠেঙুলি ওলাই গছবোৰ জোপোহা হৈ থকা দেখা যায়। পাতবোৰ ছয়-সাত ইঞ্চিমান দীঘল, আঢ়ৈ-তিনি ইঞ্চিমান বহল আগজোঙা হয়। পাতবোৰৰ মাজেৰে ঠাৰিবোৰৰ গুৰিৰ পৰা আগলৈ একোডাল সিৰ থাকে আৰু লগতে সৰু দুদাল সিৰ পাতৰ মাজৰ ঘাই সিৰডালৰ দুয়োকাষে থকাও দেখা যায়। ইয়াৰ পত্ৰকোণৰ পৰা ডাল আৰু ঠাল-ঠেঙুলি, পুষ্পমঞ্জুৰী ওলায়। ফুল ছয় ইঞ্চিৰ পৰা দহ ইঞ্চিমান দীঘল পুষ্পমঞ্জুৰীত অপৰাজিতা ফুলৰ আকৃতিক সৰু সৰু বগা ফুল আহিন-কাতি মাহত হয়। ইয়াৰ ফল-ফুল সৰি যোৱাৰ পিছত ধানৰ শিহৰ(ঠোকৰ) দৰে ঠোকত সৰু সৰু চেপেটা চেইৰ দৰে এডাল ঠাৰিত বহুতো ফল হয়। ফলবোৰ পূৰঠ হৈ শুকালে ক’লা হয়। এই ফলবোৰৰ ওপৰত শুঙৰ দৰে পদাৰ্থ থাকে। যাৰ বাবে ইয়াৰ ফলবোৰ গৰু-ছাগলী বা মানুহৰ গাত নাইবা কানি- কাপোৰত লাগি ধৰে। ফলবোৰ সহজে এৰি নপৰে। যেনেকৈ দুই বিয়নী লগ হ’লে ইজনীয়ে সিজনীক সাবটি ধৰি এৰিব নোখোজে, তেনেকৈ বিয়নী সাবটাৰ ফল গাত বা কানি কাপোৰত লাগিলে এৰিব নোখোজে এই বাবেই সম্ভৱত: ইয়াক আমাৰ ইয়াত বিয়নীসাবটা নামেৰে পৰিচিত হৈ আহিছে আৰু আছে।

আন একপ্ৰকাৰৰ বিয়নী সাবটা আছে যাৰ পাত বেল পাতৰ দৰে ত্ৰিপৰ্ণী অৰ্থাৎ বেলপাতৰ ঠাৰিডালৰ দুয়োকাষে দুটা আৰু ঠাৰিডালৰ আগত এটা, এনেকৈ তিনিটা পাত লগ হৈ এটা পূৰ্ণ বেলপাতৰ দৰে ইয়াৰো পাত হয়। আন সকলো লক্ষণ একেই। দুয়োবিধ ফল শুকালে ফাটি গুটিবোৰ ওলাই পৰে। গুটিবোৰ তিলৰ দৰে হয়।

গুণ:

তিক্ত, মধুৰ ৰস, উষ্ণবীৰ্য, বিপাক মধুৰ, ই ত্ৰিদোষ নাশক, জ্বৰ, প্ৰমেহ, অৰ্শ, শোথৰোগ, অতিসাৰ, ক্ষত কাহ, ক্ষয় আদি ৰোগ নাশক, বৃংহন, বলকৰ, বমি আৰু কৃমিনিবাৰক, ৰসায়ন গুণযুক্ত। ইয়াৰ মাত্ৰা চাৰি গ্ৰাম।

  • তীব্ৰ বাতিকজ্বৰত শালপৰ্ণ্যাদি ক্কাথ শালপৰ্ণী, বৈৰালৰ শিপা, সিদ্ধিলতা, অনন্তমূল আৰু ডাঙৰ কিচমিচ প্ৰত্যেকবিধৰে পাঁচ গ্ৰামকৈ লৈ থেতেলিয়াই চাৰিশগ্ৰাম পানীত সিজাই এশ গ্ৰাম থকাত নমাই চেকি লৈ দুভাগ কৰি পুৱা আৰু ভাতিবেলা খালে উপকাৰ হয়।
  • অতিসাৰ ৰোগত শালপৰ্ণাদি ক্কাথ শালপৰ্ণী, পৃশ্লিপৰ্ণী আৰু তামোলৰ চাল সমানে মুঠ বিছ গ্ৰামকৈ থেতেলিয়াই তিনিশগ্ৰাম পানীত সিজাই এশ গ্ৰাম থকাত নমাই চেকি মৌৰ লগত খালে সকলো প্ৰকাৰৰ অতিসাৰ আৰোগ্য হয়।
  • আধ কপালি, মূৰৰ বিষত শালপৰ্ণীৰ শিপাৰ ক্কাথৰ নস্য ল’লে উপকাৰ হয়।
  • সুখ প্ৰসৱাৰ্থে শালপৰ্ণীৰ শিপা চাউল খচা পানীৰ লগত বটি নাভি আৰু তল পেট, যোনিত লেপ দিলে বিনা কষ্টে প্ৰসৱ হয়। প্ৰসংগ ক্ৰমে ইয়াকো উল্লেখ কৰো যে সৰু তেতেলীৰ পুলিৰ সম্পূৰ্ণ শিপা(নিছিঙাকৈ তুলি) প্ৰসৱ বেদনা হোৱা তিৰোতাৰ কপালৰ আগত চুলিত বান্ধি কপালত পৰাকৈ হয়। তেনেহ’লেও বিনা কষ্টে প্ৰসৱ হ’ব। প্ৰসৱ হোৱাৰ লগে লগে শিপাডাল পেলাই দিব। নহ’লে গৰ্ভাশয় বাহিৰ হ’ব পাৰে,

 

উৎস:স্বাস্থ্য

 

 

 

 

 

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক