অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

অনিদ্ৰাৰ বনৌষধ

 

  • মানসিক উত্তেজনা বশতঃ বা মানসিক চিন্তাৰ কাৰণে টোপণি নাহিলে সুষুণি শাকৰ (পানী চেঙেৰী) ৰস বা ক্কাথ কৰি খালে সুনিদ্ৰা হয়। (দুই চামুচ)।
  • গুড়ৰ লগত পিপলিৰ গুড়ি মিহলাই নিশা শোৱাৰ সময়ত খালে ভাল টোপনি হয়।
  • ত্ৰিফলাৰ ক্কাথ দুই চামুচত এক চামুচ মৌ মিহলাই শোৱাৰ আগতে খালে সুনিদ্ৰা হয়।
  • জটামাংসী এনিশা তিয়াই ৰখা পানী একাপত জাতি জালুক চূৰ্ণ এক গ্ৰাম মিহলাই খালে ভাল টোপনি হয়।
  • কাঁটা খুতৰাৰ ৰস বা বনসটৰ ৰস নাইবা সৰু মানিমুনিৰ ৰস তিনি চামুচ শোৱাৰ আগতে খালে ভাল টোপনি হয়।
  • মানসিক উত্তেজনাত টোপনি নাহিলে পাতেগজাৰ পাত বটি মূৰত ভৰণ দিলে টোপনি হয়।
  • উন্মাদ, ৰক্তচাপ বা মানসিক উত্তেজনাৰ কাৰণে টোপনি নাহিলে সৰ্পগন্ধাৰ ৰস দুই চামুচ নাইবা সৰ্পগন্ধা ৰিষ্ট দিনে দুবাৰকৈ খালে টোপনি হয়।
  • অশ্বগন্ধাৰ চূৰ্ণ ৫ গ্ৰাম আৰু মৌ বা চেনি এক চামুচ মিহলাই বা গাখীৰ একাপৰ লগত নিশা শোৱাৰ সময়ত খালে ভাল টোপনি হয়।
  • পানী লাউৰ তৰকাৰী কৰি ভাতৰ লগত খালে ভাল টোপনি হয়। ইয়াৰ গুটিও উপকাৰী।
  • গাজৰৰ ৰস তিনি/চাৰি চামুচৰ লগত জতামাংসীৰ ৰস দুই চামুচ মিহলাই নিশা শোৱাৰ সময়ত খালে ভাল টোপনি হয়।
  • গোলনেমুৰ ৰসত সমপৰিমাণে সৰিয়হৰ তেল মিহলাই মূৰ আৰু ভৰিৰ তলুৱাত মালিচ কৰিলে টোপনি হয়।

উৎস : দেওবৰীয়া সম্ভাৰ।

 

অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ ডেৰ মিনিট

প্ৰায়ে মানুহৰ মুখত শুনা যায় যে যোৱা নিশা ভাত খাই উঠি মোৰ সৈতে সুন্দৰ ভাৱে কথা পাতি মানুহজন / মানুহজনী শুইছিল। কি হ’ল জানো নিশা প্ৰস্ৰাৱ কৰিবলৈ বিছনাৰ পৰা উঠি বাথৰুমলৈ যোৱা লগে লগে হঠাৎ ঢলি পৰি মানুহজন / মানুহজনী ঢুকাই থাকিল। হয়, প্ৰায়ে এনেক্কুৱা হোৱা দেখা যায়। সম্পূৰ্ণ ভাৱে সুস্থ যেন দেখা বাবে খৰধৰকৈ বিছনাৰ পৰা উঠি বাথৰুমলৈ যোৱাতে বাথৰুমত হঠাৎ ঢলি পৰি হয়তো ষ্ট্ৰোক হৈ, মূৰত আঘাত পাই ব্ৰেইন হিম’ৰেজ হৈ অথবা হাৰ্ট ফেইলাৰ হৈ অকালতে মৃত্যুমুখত পৰিব পাৰে।

সাধাৰণতে নিশা নিদ্ৰাৰত অৱস্থাত মানুহৰ হৃদযন্ত্ৰৰ ধপধপনি কমি যায়। সম্পূৰ্ণ জিৰণিত থকাৰ বাবে নিদ্ৰাৰত অৱস্থাত মানুহৰ অংগ – প্ৰত্যংগবোৰক কমকৈ অক্সিজেন আৰু পৰিপুষ্টি লাগে। ফলত মানৱ শৰীৰত কমকৈ ৰক্ত প্ৰবাহিত হ’লেও হয়। এই কাৰণে নিশা শুই থাকোতে মানুহৰ হৃদযন্ত্ৰ কমকৈ কাৰ্যক্ষম হৈ থাকে। কিন্ত নিশা অথবা পুৱা প্ৰস্ৰাৱ কৰাৰ বাবে বিছনাৰ পৰা হুৰমূৰকৈ উঠিয়েই বাথৰুমলৈ খোজ দিলে আমাৰ মস্তিস্কই হাইপ’ক্সিয়াত ভোগে, কাৰণ তাৎক্ষণিক ভাৱে শুই থাকোতে কম কাৰ্যক্ষম হৈ থকা হৃদযন্ত্ৰই মস্তিস্কক সৰহকৈ ৰক্ত প্ৰবাহিত কৰি পৰ্যাপ্ত অক্সিজেন যোগান ধৰিব নোৱাৰে। ফলত মস্তিস্কৰ হাইপ’ক্সিয়া হৈ মূৰ ঘূৰাই পৰি যাব পাৰে। হঠাৎ পৰি গ’লে মূৰত আঘাত পাই ব্ৰেইন হিম’ৰেজ হৈ মানুহৰ অকাল মৃত্যু হ’ব পাৰে। তদুপৰি ষ্ট্ৰোক হ’ব পাৰে। মানুহজন / মানুহজনী যদি হৃদৰোগী হয়, তেন্ত ঘপককৈ বিছনাৰ পৰা উঠি খোজ দিবলৈ যোৱাৰ লগে লগে শুই থাকোতে কম কাযক্ষম হৈ থকা হৃদযন্ত্ৰই হঠাৎ অধিক কাম কৰিব লগা হোৱা বাবে হাৰ্ট ফেইলাৰ হ’ব পাৰে। আনহাতে মানুহজনব বা মানুহজনী যদি উচ্চ ৰক্তচাপত ভুগি থাকে, তেন্তে ঘপককৈ বিছনাৰ পৰা উঠাৰ লগে লগে ৰক্ত চাপ ঘপককৈ বাঢ়ি গৈও ষ্ট্ৰোক অথবা হাৰ্ট ফেইলাৰ হৈ অকাল মৃত্যু হ’ব পাৰে। সাধাৰণতে এনে দুৰ্ঘটনাবোৰ শীতকালত পুৱতি নিশা অথবা ৰাতিপুৱাও লগে লগে প্ৰস্ৰাৱ কৰিবলৈ ঘপককৈ উঠি গ’লেই অধিক হোৱা দেখা যায় যদিও গৰম কালিও এনে ঘটনা ঘটে। শীতকালত এনে ঘটনা অধিক ঘটাৰ কাৰণ হ’ল নিশা বিছনাত গৰম কাপোৰৰ উম লৈ ভালকৈ শুই থকা যায়। হঠাৎ লেপ বা কম্বল এৰি ঠাণ্ডালৈ ওলাই অহাৰ লগে লগে ঠাণ্ডা লাগি শৰীৰৰ ছিম্পেথেটিক স্নায়ুতন্ত্ৰ অধিক সক্ৰিয় হো উঠি কেটেক’লেমাইন অধিক নিঃসৰণ কৰি ৰক্তচাপ হঠাৎ অধিক বঢ়াই দি ৰক্তনলীকা ফটাই ষ্ট্ৰোক কৰে। তদুপৰি আমাৰ শৰীৰৰ ওলাই থকা হাত আৰু ভৰিত ঠাণ্ডা লগা বাবে ৰেনাউণ্ডছ ফেন’মেনন অনুসৰি হাত – ভৰিৰ ৰক্তবাহী নলিকাবোৰ সংকুচিত হৈ ৰক্তচাপ বঢ়োৱাৰ লগতে হাত – ভৰি জঠৰ কৰি পৰি যাব পৰা অৱস্থাৰ সৃষ্টি কৰিব পাৰে। নিয়মিত ভাৱে হৃদৰোগ বা উচ্চৰক্তচাপৰ ঔষধ থকাৰ পিছতো অসাৱধান হ’লে এনেকুৱা হ’ব পাৰে।

অলপ সাৱধান হৈ তলত কোৱা ধৰণে গ্ৰীষ্ম বা জাৰকালি সকলো পৰিৱেশতে মাথোঁ ডেৰে মিনিট খৰচ কৰিলেই সমাজত এনে দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু হোৱা ঘটনা বহুত কমাই ৰাখিব পাৰি। নীৰোগী লোকে এনে কৰিলে এনে দুৰ্ঘটনাৰ পৰা এশ শতাংশ বাচি থকাৰ লগতে হৃদৰোগ বা উচ্চ ৰক্ত চাপৰ ৰোগীয়ে নিয়মিত ঔষধ গ্ৰহণ কৰি এনে কৰিলে এনে দুৰ্ঘটনা বহুতো কমাই ৰাখিব পাৰি। যিকোনো ব্যক্তিয়ে কোনো অৱস্থাতে নিশা অথবা পুৱতি নিশা প্ৰস্ৰাৱ কৰাৰ বাবে বিছনাৰ পৰা ঘপককৈ উঠি নামি যাব নালাগে। নামি যোৱাৰ আগতে ডেৰ মিনিট ধৈৰ্য ধৰি তলত দিয়া কাম খিনি কৰিব। প্ৰস্ৰাৱ কৰিবলৈ ঘপককৈ বিছনাৰ পৰা নুঠিব। আধা মিনিট বিছনাতে থাকি ইকাটি – সিকাটিকৈ লৰচৰ কৰিব আৰু দীঘলকৈ উশাহ – নিশাহ ল’ব। ইয়াৰ পিছত আধা মিনিট বিছনাতে বহি থাকি গা – মূৰ লৰাই, হাত – ভৰি মেলি দি দীঘলকৈ উশাহ – নিশাহ ল’ব। ইয়াৰ পিচৰ আধা মিনিট সময় ভৰি মজিয়াত লগাই বিছনাৰ কাষত বহি লৈ দীঘলকৈ উশাহ – নিশাহ ল’ব। ইয়াৰ পিচতহে বিছনাৰ পৰা নামি লাহে লাহে খোজ দি বাথৰুমলৈ প্ৰস্ৰাৱ কৰিবলৈ যাব। এনেদৰে মুঠ ডেৰ মিনিট সময় খৰচ কৰিলেই ব্যক্তি এজনৰ হৃদযন্ত্ৰই নৰ্মেল ভাৱে কাম কৰিবলৈ আৰম্ভ কৰি মস্তিস্কক প্ৰয়োজনীয় ৰক্ত যোগান ধৰি অক্সিজেন দি ব্ৰেইন হাইপ’ক্সিয়া নোহোৱা কৰিব। তদুপৰি হৃদযন্ত্ৰই নৰ্মেল ভাৱে কাম কৰিবলৈ প্ৰয়োজনীয় সময় পাব। ফলত মূৰ ঘূৰাই পৰি গৈ ষ্ট্ৰোক হোৱা, মূৰত আঘাত পাই ব্ৰেইন হিম’ৰেজ হোৱা থবা হাৰ্ট ফেইলাৰ হোৱা আদি পৰা বাচি থাকি অকাল মৃত্যুৰ পৰা হাত সাৰি থাকিব পাৰে।

কি নকৰিব :

  • যিকোনো অৱস্থাতে নিশা অথবা পুৱতি নিশা প্ৰস্ৰাৱ কৰাৰ বাবে বিছনাৰ পৰা ঘপহকৈ উঠি নামি নাযাব।
  • বেমাৰী আৰু বয়সীয়াল লোকে নিশা অকলে উঠি বাথৰুমলৈ প্ৰস্ৰাৱ কৰিবলৈ যাব নালাগে। পৰিয়ালৰ কোনোবা ডেকা এজনক জগাই লগত লৈ যাব লাগে।
  • শোৱা ৰুমৰ মজিয়াত আৰু বাথৰুমৰ মজিয়াত পানী পৰি থাকিবলৈ নিদিব। মজিয়া শুকান কৰি ৰাখিব। পানী পৰি থাকিলে মজিয়া পিছল হৈ থকা বাবে পিছলি পৰি দুৰ্ঘটনাত পতিত হ’ব পাৰে।
  • একেবাৰে অসুস্থ আৰু বৃদ্ধ লোকে নিশা প্ৰস্ৰাৱ কৰিবলৈ বাথৰুমলৈ নাযাব। নিশা প্ৰ্স্ৰাৱ কৰাৰ বাবে বিছনাৰ ওচৰতে পাত্ৰ ৰাখি, আনৰ সহায় লৈ প্ৰ্স্ৰাৱ কৰিব।
  • শীতকালত বেমাৰী আৰু বৃদ্ধ লোকে প্ৰস্ৰাৱ কৰি ভৰি ঠাণ্ডা পানীৰে ধুব নালাগে। এনে কৰিলে হঠাৎ ঠাণ্ডা লাগি দুৰ্ঘটনা হ’ব পাৰে।
  • নিশা সৰহকৈ পানী নাখাব। নিশা বেছি পানী খালে সঘনাই প্ৰস্ৰাৱ কৰিব লাগে। পুৱা শুই উঠি আৰু দিনত সঘনাই পানী খাব।

 

লেখক : ডাঃ ধৰ্মকান্ত কুম্ভকাৰ।

উৎস : দেওবৰীয়া সম্ভাৰ।

 

বিন্যাস অনুসৰি কেশৰ যতন

 

প্ৰথমে চুলিকোছাৰ গাঁথনি বা বিন্যাস আৰু অৱস্থাৰ বুজ লৈ ইয়াৰ সঠিক যতন লোৱাত গুৰুত্ব দিয়া উচিত। কাৰণ চুলিৰ দাঁথনিলৈ লক্ষ্য ৰাখিহে চুলিৰ যতন ল’লে সুফল লাভ কৰিব পাৰি। চুলিৰ গাঁথনি বা বিন্যাস ভেদে ইয়াৰ যতন লোৱাৰ পদ্ধতিও সুকীয়া সুকীয়া। তদুপৰি চুলিৰ অৱস্থাটোলৈ লক্ষ্য ৰাখিব লাগিব। মনত ৰাখিব আপোনাৰ কোনো বন্ধু – বান্ধৱীয়ে চুলিত হেয়াৰ স্পা কৰি সুফল পালেও সেয়া আপোনাৰ চুলিৰ বাবে উপযোগী নহ’বও পাৰে। উদাহৰণ স্বৰুপে আজিকালিযুৱক – যুৱতীসকলে নিজকে ফেশ্বনেবল লুক এটা দিবলৈ চুলিত হেয়াৰ ষ্টাইল কৰে। এনে হেয়াৰ ষ্টাইল কৰোতে চুলিত বিভিন্ন ধৰণৰ ৰাসায়নিক সামগ্ৰী ব্যৱহাৰৰ লগতে ভিন্ন পদ্ধতি গ্ৰহণ কৰিব লগা হয়। গতিকে এন বহু ক্ষেত্ৰত আপুনি চুলিকোছাৰ সঠিক যতন লোৱাত কেতিয়াবা বিমোৰত পৰিব লগীয়া হয়। এনে অৱস্থাত আপুনি অভিজ্ঞ চুলিৰ বিশেষজ্ঞৰ সহায় লোৱা নিতান্তই আৱশ্যক। কাৰণ অভিজ্ঞ চুলি বিশেষজ্ঞইহে আপোনাৰ চুলিৰ প্ৰকাশ আৰু গাঁথনি অনুসৰি উচিত পৰামৰ্শ আগবঢ়াব পাৰিব। চুলি বিশেষজ্ঞ সকল কেৱল হেয়াৰ ষ্টাইলিষ্টেই নহয়, তেওঁলোকক চুলিৰ চুলিৰ চিকিৎসক বুলিয়ে অভিহিত কৰিব পাৰি। একোছা সুন্দৰ চুলি লাভ কৰিবলৈ চুলিৰ নিয়মিত যতন আপুনি ঘৰতেই ল’ব পাৰে। ইয়াৰ বাবে দৈনিক চেলুনলৈ যাব নালাগে। সকলো প্ৰকাৰৰ চুলিতে প্ৰিকণ্ডিশ্বনিং কৰা অতি দৰকাৰী। প্ৰিকণ্ডিশ্বনিং অৰ্থাৎ চুলি ধোৱাৰ পূৰ্বে পাঁচ মিনিটৰ বাবে চুলিত তেল লগোৱা উচিত। এনেদৰে নিয়মিত কৰাৰ লগতে মাজে – সময়ে অলপ অলপকৈ চুলি খিনি সুৰক্ষা দিয়াৰ লগতে যিকোনো শেহতীয়া ষ্ট্ৰণ্ডৰ চুলিৰ ষ্টাইল কৰিলেও নৰ্মেল শ্বেম্পুৰে চুলি ধুব পাৰে। গতিকে ইয়াৰ দ্বাৰা বুজা যায় সঠিক পদ্ধতিৰে চুলিৰ যতন ল’লে চিন্তাৰ কোনো কাৰণ নাই। চুলিৰ গাঁথনি অনুসৰি সঠিক পদ্ধতিৰে চুলিৰ যতন ল’ব পাৰিলে আপুনি নিশ্চয় লাভ কৰিব একোছা স্বাস্থ্যোজ্জ্বল চুলি।

ৰ’দে পোৰা ছালৰ ক’লা চামনি নিৰ্মূলত প্ৰাকৃতিক দিহা

 

আপুনি যেতিয়া ঘৰৰ ভিতৰতে থাকিব, তেনে সময়তো আপুনি ছালত এনুৱা ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। যদিহে আপুনি ব্যৱহাৰ কৰা ময়শ্বাৰাইজাৰ অতিপাত তেলেতীয়া হয়, তেন্তে ছাল আঠালেতীয়া বা অনমনীয় হৈ উঠে। এনে স্থলত ছালখনত ‘নন কমিড’জেনিক ছানস্ক্ৰীন’ ব্যৱহাৰে ছাল খনৰ ৰন্ধ্ৰ্সমূহ বন্ধ হৈ পৰাৰ লগতে খজুৱতি আদি হোৱাৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে।

  • ৰ’দে পোৰা ছাল উজ্জ্বল কৰি তোলাত অমিতা আৰু নাৰিকলৰ গাখীৰৰ যথেষ্ট গুণাগুণ আছে। গতিকে অমিতা আৰু নাৰিকলৰ গাখীৰ একেলগে মিহলাই এটা পেক প্ৰস্তুত কৰি মুখমণ্ডলক সানক। প্ৰায় ডেৰ ঘণ্টাৰ পিছত মুখখন পানীৰে ধুই পেলাব। ইয়াৰ পিছত ট’নাৰ বা আইচেৰে মুখখন পৰিষ্কাৰ কৰি লৈ একুৱা বেছড ছানস্ক্ৰীনেৰে ছালখন ময়শ্ব কৰিবলৈ নাপাহৰিব।
  • ৰ’দৰ তাপে ছালত সৃষ্টি কৰা ক’লা চামনি দূৰ কৰাৰ এক অন্যতম ঘৰুৱা প্ৰাকৃতিক উপকৰণ হ’ল মাহ – হালধি। গ্ৰীষ্মকালি বিভিন্ন কাৰণত ছাল প্ৰদূষিত হৈ উঠে। এই ক্ষেত্ৰত ছালৰ বাবে মাহ – হালধি অতি উত্তম। যিহেতু ই এণ্টিবেক্টেৰিয়েলযুক্ত। তদুপৰি ছালত শালমইনা বা তেনে উপসৰ্গ সৃষ্টি হ’লে হালধিৰ ফেচমাষ্ক ব্যৱহাৰ কৰা অতি দৰকাৰী।
  • আধা চামুচ দৈ, এক চামুচ পিহি লোৱা তিঁয়হ, এক চামুচ আলু (পিহি লোৱা) এক চামুচ মৌ একেলগে মিহলাই ল’ব। এই মিশ্ৰণৰ পেক এতিয়া আপুনি ছালত লগাই ৰাখক। ১৫ মিনিটৰ পিচত পানীৰে ধুই পেলাব। ইয়াৰ পিছত ট’নাৰ লগাই ছাল খন পৰিষ্কাৰ কৰক।

 

উৎস : দেওবৰীয়া সম্ভাৰ।

 

হোমিঅ’পেথিক ঔষধৰ পাৰ্শ্বক্ৰিয়া আৰু ইয়াৰ প্ৰতিকাৰ

 

সৰ্বদাধাৰণ লোকৰ ধাৰণঅ এটা আছে যে হোমিঅ’পেথিক ঔষধৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। কিন্ত এই ধাৰণঅ সমূলি ভূল। হোমিঅ’পেথক চিকিৎসা পদ্ধতিৰ মূল সূত্ৰটি হৈছে – Likes are treated by likes, অৰ্থাৎ হুলেৰে হুল কাঢ়ে। যদি কোনো চিকিৎসকে সেই সূত্ৰ নামানি ৰোগ আৰু ঔষধৰ মিল নথকা কোনো ঔষধেৰে চিকিৎসা কৰে তেনেহ’লে ৰোগীজনৰ স্বাস্থ্যৰ বৃহৎ ক্ষতি কৰিব পাৰে। ইয়াৰ কাৰণ আমি হোমিঅ’পেথিক চিকিৎসা শাস্ত্ৰৰ ‘অৰ্গানন অব মেডিছিন’ত লিখা প্ৰধান সূত্ৰবোৰ (Fundamental principles) বিশ্লেষণ কৰিলেই ওলাই পৰে।

অৰ্গানন অব মেডিছিনত লিপিবদ্ধ প্ৰথম সূত্ৰটো হৈছে সাদৃশ্যৰ সূত্ৰ। এই সূত্ৰমতে এজন ৰোগীক আৰোগ্য কৰিবলোঐ এনে এবিধ ঔষধ প্ৰদান কৰা হয়, যি ঔষধ এজন সুস্থ সবল মানুহক খুৱাই দিলে ৰোগীজনে প্ৰকাশ কৰা লক্ষণবোৰ প্ৰকাশ কৰে। এই লক্ষণবোৰ মানুহৰ ওপৰত পৰীক্ষা কৰি মেটেৰিয়া মেডিকাত লিপিবদ্ধ কৰা হৈছে। এটা সাধাৰণ উদাহৰণৰ দ্বাৰা সেই সূত্ৰ বুজিবলৈ চেষ্টা কৰা হওক। ধৰা হওক এজন ৰোগীৰ জ্বৰ আৰু খুব মূৰৰ বিষ হৈ আছে, মূৰটো বিষত ফাটি যাওঁ যেন হৈছে, ৰোগী জনে কিছু সময়ৰ মূৰে মূৰে যথেষ্ট পৰিমাণে পানী খায়, সমগ্ৰ গাৰ বিষ, বিষটো মনে মনে বহি থাকিলে ভাল লগা যেন লাগে, কেইবাদিনো ধৰি মানুহজন কৌষ্ঠাকাঠিন্য ৰোগত ভুগি আছে। ৰোগী জনৰ শুকান কাহ আছে আৰু ডিঙিটো সুৰসুৰাই থাকে। এই লক্ষণবোৰ মেটেৰিয়া মেডিকাৰ ব্ৰায়’নিয়া নামৰ ঔষধটিত লিখা আছে। সেয়েহে ৰোগী জনক সেই ঔষধ বিধ প্ৰদান কৰাৰ বাবে মানুহ জন সুস্থ হৈ উঠিল। এনেদৰে মানুহ জন সুস্থ হৈ উঠিল। এনেদৰে মানুহজনৰ (ৰোগী) লক্ষণ আৰু ঔষধৰ লক্ষণৰ সাদৃশ্য হোৱাকেই সাদৃশ্যৰ সূত্ৰ বোলে। যদি কোনো চিকিৎসকে এই নীতি নামানি চিকিৎসা কৰে, তেনেহ’লে ৰোগী জনৰ স্বাস্থ্যৰ বৃহৎ ক্ষতি হ’ব পাৰে।

এককৰ সূত্ৰ : এই সূত্ৰ মতে এজন ৰোগীক, তেওঁ প্ৰকাশ কৰি থকা সমগ্ৰ লক্ষণৰ ভিত্তিত এবাৰত এবিধ ঔষধহে প্ৰদান কৰা হয়। অৰ্থাৎ উপৰিউক্ত উদাহৰণটোৰ ৰোগী জনৰ জ্বৰ, মূৰৰ বিষ, পানীখোৱা আদি সমগ্ৰ লক্ষণৰ ভিত্তিত কেৱল এবিধহে দৰৱ (ব্ৰায়’নিয়া) দিব লাগে। কিন্ত তাকে নকৰি যদি কোনো এজন চিকিৎসকে সেইবিধ নামানি ৰোগী জনক মূৰৰ বিষৰ বাবে ‘বেলেডোনা’ আৰু জ্বৰ, গাৰ বিষৰ বাবে ‘ৰাস্কটস্ক’ নামৰ ঔষধ দুবিধ দিয়ে তেনেহ’লে সেই দুবিধ ঔষধে সাময়িক ভাৱে ৰোগী জনৰ ৰোগ উপশম কৰিব পাৰিলেও ভৱিষ্যতে ৰোগী জনৰ স্বাস্থ্যৰ অভাৱনীয় ক্ষতি কৰিব পাৰে। কাৰণ ৰোগী জনৰ সমগ্ৰ লক্ষণ প্ৰকাশ কৰা ঔষধ বিধ হৈছে ব্ৰায়’নিয়া। তৎসত্ত্বেও যদি আংশিক লক্ষণৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ কেইবাবিধো ঔষধৰ দ্বাৰা ৰোগটিৰ চিকিৎসা কৰিবলৈ চেষ্টা কৰে, তেনেহ’লে সেই আংশিক ভাৱে মিলা ঔষধৰ আন আন প্ৰধান লক্ষণবোৰ মিলি অদূৰ ভৱিষ্যতে ৰোগীজনৰ দেহত জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে।

এনে ৰোগৰ বিধান সহজ নহয়।

সূক্ষ্মতাৰ সূত্ৰ : এই সূত্ৰ মতে এজন ৰোগীক সদায় সূক্ষ্ম মাত্ৰাতহে দৰব দিব লাগে আৰি যিমান পাৰি কম পুনৰাবৃত্তি কৰাই ঔষধ দিব লাগে। অৰ্থাৎ ৰোগ নাশ কৰিবলৈ যিমান খিনি ঔষধৰ প্ৰয়োজন সিমান খিনি ঔষধৰ প্ৰয়োজন সিমান খিনিহে এজন ৰোগীক দিব লাগে। এটা উদাহৰণৰ দ্বাৰা সূত্ৰটো বুজিবলৈ যত্ন কৰা হওক। ধৰি লোৱা হ’ল, সেই ৰোগী জনক ব্ৰায়’নিয়া নামৰ ঔষধ বিধ দুপালি খুউৱাৰ পাছতেই তেওঁ আৰোগ্য হ’ল। কিন্ত তেওঁক যদি দুপালি ঔষধৰ সলনি ছপালি ঔষধ খাবলৈ দিয়া হয়, তেনেহ’লে অতিৰিক্ত চাৰি পালি ঔষধে মানুহ জনক ক্ষতি কৰিব। যিহেতু হোমিঅ’পেথিক ঔষধৰ ক্ৰিয়াটো হৈছে ই মানুহৰ দেহত একেধৰণৰ লক্ষণ সৃষ্টি কৰি ৰোগবিধ নাশ কৰে। সেয়েহে অত্যাধিক ঔষধ সেৱনে মানুহ জনৰ হৈ থকা ৰোগ বিধকেই অভাৱনীয় হাৰত বৃদ্ধি কৰিব পাৰে। সেয়েহে চিকিৎসকে দৰৱ প্ৰদান আৰু প্ৰস্তুত কৰণ বিধি নামানিলে ৰোগীৰ প্ৰচুৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। তদুপৰি মেটেৰিয়া মেডিকাত কিছুমান বিসদৃশ ঔষধো লিপিবদ্ধ হৈ আছে। সেইবোৰ ঔষধৰ এবিধৰ লগত আন বিধৰ কোনোপধ্যেই মিল নহয়। তেনে ঔষধো একেলগে প্ৰদান কৰিলে মানুহৰ দেহৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে।

আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো হোমিঅ’পেথিক চিকিৎসা পদ্ধতি দ্বিতীয় জনপ্ৰিয় আৰু বহুল ব্যৱহৃত চিকিৎসা পদ্ধতি। তৎসত্ত্বেও মানুহৰ সজাগতাৰ অভাৱত অসমৰ চুকে-কোণে সৃষ্টি হোৱা স্বয়ম্ভূ হোমিঅ’পেথিক চিকিৎসক সকলে জধে – মধে চিকিৎসা কৰি জনস্বাস্থ্যৰ অভহাৱনীয় ক্ষতি কৰিছে। সেয়েহে সময় থাকোঁতেই জনত সজাগ হৈ এই স্বয়ম্ভূ চিকিৎসক সকলক বৰ্জন কৰি নিজৰ আৰু ভৱিষ্যৎ প্ৰজন্মক হ’ব পৰা ভয়াবহ ক্ষতিৰ পৰা ৰক্ষা কৰা উচিত।

 

লেখক : ডা° উৎপল শৰ্মা,উৎস : প্ৰান্তিক।




3.19047619048
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top