অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য-বাৰ্তা :

 

ব্ৰেড-ছয়াবিন আৰু স্তন কৰ্কট -

স্তন কৰ্কট ৰোগত আক্ৰান্ত মহিলাই যত দূৰ সম্ভৱ ব্ৰেড তথা ছয়াবিনৰ দৰে খাদ্য খোৱাৰপৰা নিলগত থাকিব লাগে। এই পৰামৰ্শ আগবঢ়াইছে আমেৰিকাস্থিত স্ক্ৰিপছ ৰিছাৰ্চ ইনষ্টিটিউটৰ গৱেষক ডাঃ গেৰী ছিউজডকে। অতি শেহতীয়াকৈ কৰা এক অধ্যয়নৰ জৰিয়তে গৱেষক ডাঃ ছিউজডকে জানিব পাৰে যে ব্ৰেড-ছয়াবিনৰ দৰে খাদ্য পদাৰ্থত এনেকুৱা এবিধ যৌগ পোৱা যায় যিয়ে কৰ্কট ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ প্ৰভাৱ হ্ৰাস কৰে। গৱেষকগৰাকীৰ মতে ব্ৰেড-ছয়াবিনত থকা জিন’ষ্ট্ৰোজিন্স নামৰ ৰাসায়নিক যৌগৰ বাবে কৰ্কট ৰোগত ব্যৱহৃত এষ্ট্ৰোজেন দৰবৰ প্ৰভাৱ কম হ’ব পাৰে। গৱেষণাৰ জৰিয়তে গৱেষকগৰাকীয়ে লগতে জানিব পাৰে যে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ২০১৫ চনত স্বীকৃতি লাভ কৰা পালব’ছিছলিবলেট্ৰ’জেন দৰব ব্যৱহাৰ কৰা মহিলাই জিন’ষ্ট্ৰেজিন্স যোগ সমৃদ্ধ খাদ্য পদাৰ্থ সীমিত পৰিমাণত গ্ৰহণ নকৰিলে ৰোগৰ পৰা সহজে আৰোগ্য হোৱাৰ আশা ক্ষীণ হয়। গৱেষকগৰাকীৰ মতে লেট্ৰ’জেল দৰবে এণ্ট্ৰোজেনৰ উৎপত্তিত বাধা প্ৰদান কৰাৰ লগতে কৰ্কট কোষৰ শ্ৰীবৃদ্ধি হ্ৰাস্ব কৰে। আনহাতে, পালব’ছিছলিবে কৰ্কট কোষৰ বিভাজনত বাধা দিয়ে। কিন্তু ব্ৰেড-ছয়াবিন জাতীয় খাদ্য নিয়মীয়াকৈ খাই থাকিলে এনে দৰবে সূচাৰুৰূপে প্ৰভাৱ বিস্তাৰ কৰিবলৈ অপাৰগ হয় বুলি প্ৰকাশ কৰে গৱেষক ডাঃ গেৰী ছিউছডকে।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

শেহতীয়া উন্নীতকৰণ: : 7/11/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate