প্ৰ্তিদিন কিছু সময় ব্যায়াম কৰাটো স্বাস্থ্যৰ কাৰণে যে খুবেই উপকাৰী এই কথা ন-কৈ দোহৰাৰ প্ৰয়োজন নাই। কিন্তু সদায় ব্যায়াম কৰাৰ কাৰণে সময় উলিয়াব নোৱৰাসকলে যদি সপ্তাহত অন্তত চাৰি-পাঁচ দিনো ব্যায়াম কৰে তেনেহ’লে দীৰ্ঘদিনলৈ যৌৱন অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব। তদুপৰি এনে ব্যক্তিৰ হৃদযন্ত্ৰ বহুদিনলৈ তজবজীয়া হৈ থকাৰ লগতে এওঁলোকৰ জীৱনলৈ বৃদ্ধত্বও মন্থৰ গতিত আহে। অতি শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নৰপৰা প্ৰাপ্ত তথ্যৰ আধাৰত আমেৰিকাৰ টেক্সাছ ইউনিভাৰ্ছিটীৰ গৱেষক বেঞ্জামিন লেবিনে এই কথা প্ৰকাশ কৰে। অধ্যয়নৰ কালত গৱেষকগৰাকীয়ে জানিব পাৰে যে মানৱ শৰীৰত থকা বিভিন্ন আকাৰৰ ধমনীৰ ওপৰত ব্যায়ামৰ মাত্ৰাই প্ৰভাৱ পেলায়। সপ্তাহত দুইৰ পৰা তিনি দিনলৈ ৩০ মিনিটকৈ কৰা ব্যায়ামে মধ্যম আকাৰৰ ধমনীবোৰ ৰুক্ষ হোৱাত বাধা প্ৰদান কৰে। আনহাতে, আকৌ ডাঙৰ আকাৰৰ ধমনীবোৰৰ কাৰ্যক্ষমতা সূচাৰু কৰি ৰাখিবলৈ সপ্তাহত কমেও চাৰি-পাঁচবাৰকৈ ব্যায়াম কৰাটো প্ৰয়োজনীয়। অধ্যয়নৰ কালত গৱেষক লেৱিনে লগতে এই কথাও জানিব পাৰে যে সদায় কিছু সময় ব্যায়াম কৰাৰ জৰিয়তে বয়সস্থজনেও হৃদয়ৰ সুস্বাস্থ্য অক্ষুণ্ণ ৰাখিব পাৰে। সেয়ে দীৰ্ঘ সময়লৈ ডেকা হৈ থাকিবলৈ সকলোকে সপ্তাহত অন্ততঃ চাৰি-পাঁচদিনকৈ ব্যায়াম কৰাৰ পৰামৰ্শ আগবঢ়াইছে গৱেষক বেঞ্জামিন লেৱিনে।
আমাৰ পেট ভালে থকাত যকৃতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে যকৃতৰ সুস্বাস্থ্য অটুট থকাটো স্বাস্থ্যৰ বাবে খুবেই দৰকাৰী। খুব সোনকালেই যকৃতৰ ৰোগক প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলোৱাটো সম্ভৱ হৈ উঠিব। শেহতীয়াকৈ বৃটেইনৰ ইউনিভাৰ্ছিটী কলেজ লণ্ডনৰ গৱেষক অধ্যাপক উলিয়াম ৰোছেনবাৰ্গে এনেকুৱা এটি ৰক্ত পৰীক্ষা পদ্ধতি উদ্ভাৱন কৰি উলিয়াইছে যাৰ সহায়ত যকৃত ৰোগৰ লক্ষণ পৰিসফুট হোৱাৰ পূৰ্বেই ৰোগ ধৰা পেলোৱাটো সম্ভৱ হৈ উঠিব। গৱেষকগৰাকীৰ মতে, মাত্ৰ ৩০ ৰ পৰা ৩৫ মিনিটৰ ভিতৰত কৰিব পৰা এই ৰক্ত পৰীক্ষাৰ জৰিয়তে প্ৰাৰম্ভিক অৱস্থাতে লিভাৰ ফাইব্ৰ’ছিছ ৰোগ ধৰা পেলোৱাটো সম্ভৱ হ’ব। লিভাৰ ফাইব্ৰ’ছিছৰ ফলত যকৃত বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। গৱেষকগৰাকীয়ে আশা ব্যক্ত কৰে যে নতুন উদ্ভাৱনে ফাইব্ৰ’ছিছৰ জটিল ৰূপ চিনাক্তকৰণতো সহায়ক হ’ব। তদুপৰি কম খৰচতে যকৃতৰ নিয়মীয়া পৰীক্ষাৰ পথো খোল খাব এতিয়াৰে পৰা। গৱেষক উইলিয়াম ৰোছেনবাৰ্গৰ মতে, আহি থকা দিনবোৰত এই নতুন উদ্ভাৱনে যকৃত সুস্থ ৰখাত মানৱ সমাজক বাৰুকৈয়ে সহায় কৰিব।
উৎস: দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 2/8/2023