অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য-বাৰ্তা :

স্বাস্থ্য-বাৰ্তাৰ বিষয়ে লিখা হৈছে ।

  • আমাৰ তেজৰ কলেষ্টেৰলৰ মাত্ৰা কম কৰি ৰখাটো স্বাস্থ্যসন্মত । স্বাস্থ্যবিজ্ঞানীসকলে এই পৰিমাণ ২০০ মিলিগ্ৰামৰ তলত ৰখাৰ পৰামৰ্শ দিয়ে । অধ্যয়নৰ পৰা দেখা গৈছে যে কেঁচুৱাৰ দেহত থকা কলেষ্টেৰল সম-পৰিমাণৰ হ’লে অধিক স্বাস্থ্যসন্মত হয় । অৰ্থাৎ ১৫০ মিলিগ্ৰামতকৈ কম পৰিমানৰ কলেষ্টেৰল থাকিলে বেছি ভাল । এনে পৰিমাণৰ কলেষ্টেৰল থাকিলে হৃৎপিণ্ডৰ ৰক্তসঞ্চালন তন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা ভালেখিনি হ্ৰাস পায় । অতি-সম্প্ৰতি এক অধ্যয়নৰ পৰা এই তথ্য পোৱা গৈছে । লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ বিজ্ঞানীসকলে ৫,০০০ মানুহৰ ওপৰত এই অধ্যয়ন কৰিছিল । তেওঁলোকে দহটা এনে অধ্যয়ন কৰিছে । তেওঁলোকে কৈছে- তেজৰ কলেষ্টেৰলৰ মাত্ৰা যথাসম্ভৱ কম কৰি ৰাখিলে হাৰ্ট এটেক, ষ্ট্ৰ’ক, অন্যান্য মাৰাত্মক হৃদৰোগ, উচ্চ ৰক্তচাপৰ সম্ভাৱনা এক- তৃতীয়াংশ হ্ৰাস পায় ।
  • বুকু জ্বলা-পোৰা কৰিলে কেতবোৰ ঔষধে উপশম ঘটায় ঠিকেই, কিন্তু এই ঔষধসমূহে কেন্সাৰ ৰোগীৰ, বিশেষকৈ পাকস্থলীৰ কেন্সাৰৰ ক্ষেত্ৰত ৰোগীৰ অৱস্থা জটিল কৰি তুলিব পাৰে । জামা অঞ্চ’লী জাৰ্নেলত প্ৰকাশিত আলকোট বিশ্ববিদ্যালয়ৰ অধ্যয়ন এটাত এই কথা কোৱা হৈছে । অধ্যয়নকাৰীসকলে লক্ষ্য কৰিছে যে বুকু জ্বলা নিৰাময়ৰ বাবে বাৰম্বাৰ কৰা প্ৰ’টন পাম্প নিয়ন্ত্ৰণ (Proton Pump inhibitor) ঔষধে পাকস্থলীৰ কেন্সাৰ চিকিৎসাৰ বাবে ব্যৱহৃত কেপাচিটাবাইন (Capacitabine) ঔষধৰ কাৰ্যকাৰিতা ব্যাহত কৰে । গতিকে বুকু জ্বলা ৰোগৰ বাবে ব্যৱহৃত ঔষধ জধে-মধে খোৱা উচিত নহয়, চিকিৎসকৰ পৰামৰ্শ লৈহে খাব লাগে ।
  • এই কথা ইতিমধ্যে জানিব পৰা গৈছে যে পুৱা অতি সোনকালে শয্যা ত্যাগ কৰাসকলে দিনত সম্পূৰ্ণ সফলতাৰে কাম-কাজ কৰাত অসুবিধা পায় । আনহাতে গৱেষণাৰ পৰা এই কথাও জানিব পৰা গৈছে যে যিসকলে দিনৰ সলনি নিশাৰ ভাগত কাম কৰিবলগীয়া হয় তেওঁলোকেও কাম-কাজত সম্পূৰ্ণ মনোযোগ দি কাম কৰিব নোৱাৰে । কিন্তু অধ্যয়নৰ পৰা এই তথ্যও জানিব পৰা গৈছে যে পুৱা সোনকালে শয্যা ত্যাগ কৰাসকলে নিশা কাম কৰাসকলতকৈ কামত অধিক ভুল কৰে । স্বাস্থ্যবিজ্ঞানীসকলৰ মতে দিনে নূন্যতম ৭ ঘণ্টা গভীৰ টোপনি যোৱাটো প্ৰয়োজনীয় । ইয়াতকৈ কম সময় টোপনি গ’লে কামত মনোযোগ বিঘ্নিত হয় ।
  • গৰ্ভাৱস্থাত মহিলাই কেনে ধৰণৰ খাদ্য খায়, তাৰ ওপৰত সন্তানৰ শৰীৰৰ চৰ্বিৰ মাত্ৰা আৰু ওজন নিৰ্ভৰ কৰে । যিসকল মহিলাই অধিক চৰ্বিযুক্ত আৰু চেনিযুক্ত আহাৰ খায়, তেওঁলোকৰ সন্তানৰ মেদবহুলতা হোৱাৰ সম্ভাৱনা অধিক । আমেৰিকান জাৰ্নেল অৱ ফিজিঅ’লজীত এই তথ্য সম্বলিত নিবন্ধ এটি প্ৰকাশিত হৈছে । নিবন্ধৰ লেখকসকলে এন্দুৰৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা এই তথ্য জানিব পাৰিছে । যদিও গৰ্ভৱতী মহিলাৰ বাবে অধিক পৰিমাণৰ খাদ্যৰ প্ৰয়োজন, সেই খাদ্য কম চৰ্বিযুক্ত আৰু কম চেনিযুক্ত পুষ্টিকৰ তথা সন্তুলিত খাদ্য খালে এনে সমস্যাৰ সৃষ্টি নহয় ।
  • যিসকল লোকৰ বৃক্ক তথা মূত্ৰতন্ত্ৰৰ পাথৰ হয়, তেওঁলোকৰ ক্ষেত্ৰত হাড় ভগাৰ সম্ভাৱনা অধিক হয় বুলি জানিব পৰা গৈছে । এদল ব্ৰিটিছ গৱেষকে বৃক্ক তথা মূত্ৰতন্ত্ৰৰ পাথৰত ভোগা ৫২,০০০ লোক আৰু এনে ৰোগত নোভোগা ৫,১৭,০০০ লোকৰ ওপৰত অধ্যয়ন কৰিছিল । অধ্যয়নৰ ৫ বছৰ পিচত দেখা গৈছিল যে বৃক্ক তথা মূত্ৰতন্ত্ৰৰ পাথৰত ভোগাসকলৰ ক্ষেত্ৰত হাড় ভগাৰ প্ৰৱণতা অধিক হয় । পুৰুষৰ ১০ শতাংশ আৰু মহিলাৰ ৫২ শতাংশৰে এনে হোৱাৰ সম্ভাৱনা থাকে । পাথৰত ভোগা লোকসকলৰ প্ৰস্ৰাৱত অধিক কেলচিয়াম নিৰ্গত হয় আৰু হাড়ৰ কেলচিয়ামৰ মাত্ৰা হ্ৰাস পায় । তাৰ ফলতেই হাড় ভগাৰ প্ৰৱণতা বৃদ্ধি পায় ।
  • আমেৰিকাৰ ডিউক বিশ্ববিদ্যালয়ত হৃদৰোগত ভোগা পুৰুষ আৰু মহিলাৰ ওপৰত এক অধ্যয়ন কৰা হৈছিল । এই অধ্যয়নত ৰোগীসকলক ষ্ট্ৰেছযুক্ত পৰিস্থিতিত ৰাখি হৃৎপিণ্ডিৰ ক্ৰিয়া-কলাপ নিৰীক্ষণ কৰা হৈছিল । অধ্যয়নৰ পৰা দেখা গ’ল, মহিলা ৫১ শতাংশ আৰু পুৰুষৰ ৪৯ শতাংশ ৰোগীৰ হৃৎপিণ্ডলৈ তেজৰ সঞ্চৰণৰ মাত্ৰা হ্ৰাস পাইছে । অনুচক্ৰিকাৰ মখাবন্ধাৰ প্ৰৱণতাও ষ্ট্ৰেছযুক্ত অৱস্থাত বৃদ্ধি পায়- পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বৃদ্ধি পায় । এই তথ্যই তেজ পৰীক্ষা কৰা ঔষধৰ মাত্ৰা নিৰ্ধাৰণত চিকিৎসকসকল সহায় কৰিব ।
  • আমাৰ অন্ত্ৰত থকা বেক্টেৰিয়াসমূহ সময়ৰ তাৰতম্যৰ প্ৰতি সংবেদনশীল । এই তথ্যই ইংগিত দিয়ে যে ই শৰীৰৰ ওজনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । ইজৰাইলৰ এদল গৱেষকে এই সন্দৰ্ভত মানুহ আৰু নিগনিৰ ওপৰত অধ্যয়ন কৰিছিল । দেখা গৈছে যে জেটলগ’ হ’লে বেক্টেৰিয়াসমূহৰ ক্ৰিয়া-কলাপৰ পৰিৱৰ্তন ঘটে আৰু ওজন বৃদ্ধি পায় । বিশেষজ্ঞসকলে অনুভৱ কৰে যে প্ৰবায়’টিক সম্পূৰক ঔষধ ব্যৱহাৰ কৰিলে ওজন বৃদ্ধিৰ সম্ভাৱনা নিয়ন্ত্ৰণ কৰিব পাৰি ।
  • দুপৰীয়াৰ আহাৰৰ ক্ষেত্ৰত কিছু সাৱধানতা লোৱাৰ প্ৰয়োজনীতা আছে । সাধাৰণতে চেণ্ডৱিছ খোৱাত গুৰুত্ব দিয়া হয় । চেণ্ডৱিছে দিনটোৰ প্ৰয়োজনীয় ছ’ডিয়াম ২,৩০০ মিলিগ্ৰামৰ ৩০ শতাংশ পূৰণ কৰে । চেণ্ডৱিছ খোৱাসকলে দিনে ৬০০ মিলিগ্ৰাম ছ’ডিয়াম পায় আৰু কেলৰিও পায় ৩০০ কেলৰি । গতিকে সাৱধান হ’ব । চেণ্ডৱিছ খোৱাটো স্বাস্থ্যসন্মত বুলি ভাবি নাথাকি অন্য খাদ্যও খোৱাৰ অভ্যাস কৰক ।

    লেখক : ডা: জীৱন দত্ত বৰুৱা

    উৎস :- জি এনআৰচি স্বাস্থ্য

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top