অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

 

ম’য়া ম’য়া ৰোগৰ কৰ্মশালাঃ

 

উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ উচ্চ-মানবিশিষ্ট চিকিৎসা প্ৰতিষ্ঠান জি এন আৰ চি হস্পিতালৰ সহযোগত গুৱাহাটী নিউৰ’লজিকেল ছ’চাইটীয়ে গুৱাহাটীৰ তাজ ভিভাণ্টাত ম’য়া ম’য়া ৰোগ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ অবিৰত চিকিৎসা শিক্ষাৰ আয়োজন কৰা হৈছিল। জাপানৰ আচাহিকাৱাৰ জাপানীজ ৰেডক্ৰছ হস্পিতালৰ স্নায়ুশল্য বিভাগৰ অধ্যক্ষ কাটছুমি টাকিজাৱা অনুষ্ঠানটিত মুখ্য সমল ব্যক্তিৰূপে উপস্থিত থাকে।

অনুষ্ঠানটিত উপস্থিত থাকি জি এন আৰ চিৰ গ্ৰুপ অব্ হস্পিতালৰ স্নায়ুশল্য বিভাগৰ সঞ্চালক তথা গুৱাহাটী নিউৰ’লজিকেল ছচাইটীৰ প্ৰতিষ্ঠাপক সভাপতি ডাঃ নভনীল বৰুৱাই কয়- ‘অনুষ্ঠানটিত উপস্থিত সকলো চিকিৎসকৰ হৈ মই অধ্যাপক কাটছুমি টাকিজাৱাৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৰোগটিৰ বিষয়ত জনসচেতনতাৰ অভাৱ তথা লক্ষণসমূহ আৰু কাৰণ আদিৰ বিষয়ে অজ্ঞতাৰ কাৰণে দিনে দিনে বহু লোক ম’য়া ম’য়া ৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে। চি এম ইখনে এই অঞ্চলত ম’য়া ম’য়া ৰোগৰ চিকিৎসা ব্যৱস্থাক বহু দূৰ আগবঢ়াই নিব’।

মগজুৰ নিম্নাংশত বন্ধ হৈ যোৱা ধমনীৰ বাবে ম’য়া ম’য়া ৰোগ হ’ব পাৰে। ই শিশু তথা প্ৰাপ্তবয়স্ক সকলোকে আঘাত কৰিব পাৰে। এই ৰোগ প্ৰথমে জাপানত আৱিষ্কাৰ হৈছিল আৰু জিনীয় সম্বন্ধৰ ফলত উত্তৰ-পূৰ্বাঞ্চলতো ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা যায়। যিবোৰ শিশু ষ্ট্ৰ’কত আক্ৰান্ত হয়, তাৰে ছয় শতাংশৰে কাৰণ এই ম’য়া ম’য়া ৰোগ। ম’য়া ম’য়া এক প্ৰকাৰৰ সময়ৰ লগত বাঢ়ি গৈ থকা ৰোগ। য’ত মগজুলৈ ৰক্ত পৰিবাহী ধমনীসমূহ ক্ৰমান্বয়ে ঠেক হৈ আহে আৰু এটা পৰ্যায়ত বন্ধ হৈ পৰে। ইয়াৰ ফলত মগজুলৈ তেজ চলাচল কমি যায় আৰু ই ষ্ট্ৰ’কৰ কাৰক হৈ পৰে। ষ্ট্ৰ’কত আক্ৰান্ত ব্যক্তি পৰৱৰ্তী পৰ্যায়ত সম্পূৰ্ণ পক্ষাঘাতত ভোগে বা খুব কম বয়সতে মৃত্যুমুখত পৰে। কেৱল অস্ত্ৰোপচাৰৰ জৰিয়তেহে এই ৰোগৰ চিকিৎসা সম্ভৱ। অস্ত্ৰোপচাৰৰ পৰৱৰ্তী পৰ্যায়ত মগজুলৈ তেজৰ চলাচল বাঢ়ি যায়, ফলত ৰোগীগৰাকী ষ্ট্ৰ’কৰ পৰা ৰক্ষা পৰে।

জি এন আৰ চি হস্পিতালৰ দিছপুৰৰ স্নায়ুশল্য বিভাগৰ মুখ্য পৰামৰ্শদাতা ডাঃ এন কে দাসৰ তত্ত্বাৱধানত ৰোগটি সম্পৰ্ভত এখন কৰ্মশালাও অনুষ্ঠিত হয়। জি এন আৰ চিৰ গ্ৰুপ অব হস্পিতালৰ স্নায়ুশল্য বিভাগৰ সঞ্চালক তথা গুৱাহাটী নিউৰ’লজিকেল ছ’চাইটীৰ প্ৰতিষ্ঠাপক সভাপতি ডাঃ নভনীল বৰুৱাই কয়- ‘আমাৰ কৰ্মশালাখনৰ জৰিয়তে আমি তাৎক্ষণিকভাৱে ৰোগীক সহায় কৰিবলৈ সমৰ্থ হওঁ। তদুপৰি এই চি এম ইখন আৰু কৰ্মশালাখনে আমাক পৰৱৰ্তী পৰ্যায়ত ম’য়া ম’য়া ৰোগীসকলক চিকিৎসা প্ৰদানত যথেষ্ট সহায় কৰিব’।

(উৎসঃ অসমীয়া খবৰ, মৃণাল আলি হাজৰিকা)।

কলেষ্টেৰ’ল আৰু স্বাস্থ্যঃ

 

দুবছৰমান আগৰ কথা। মুম্বাইৰ ৩৮ বছৰীয়া ৰঘুৰাম থাকেৰেই হঠাতে সামান্য বুকুৰ বিষ অনুভৱ কৰে।  কেইমিনিটমানৰ ভিতৰতে বিষ নাইকিয়া হয়। পিছদিনা পুৱাতে পুনৰ তেওঁৰ বুকুৰ বিষ হয়। ক্ষন্তেকৰ পাছতে নাইকিয়া হয়। সিদিনা কেইবাবাৰো তেনেকুৱা বিষ হয়। তেওঁ পৰিয়ালৰ চিকিৎসকজনৰ পৰামৰ্শ লয়, কিয়নো তেওঁ জানে যে তেওঁৰ পৰিয়ালৰ কেইবাজনৰো হৃদৰোগ হোৱাৰ ইতিহাস আছে। দুবছৰমান আগেয়ে ভায়েকৰ হৃদপিণ্ডৰ বাইপাছ অস্ত্ৰোপচাৰ হৈ গৈছে। পিছৰ বছৰত মাকৰ পেচমেকাৰ ল’বলগীয়া হয়। ৰঘুৰামৰ ই চি জি (ই চি জি- ইলেক্ট্ৰ’কাৰ্ডিঅ’গ্ৰাম) কৰা হয়। দেখা গ’ল তেওঁৰ হৃদপিণ্ডৰ কোনো ৰোগ হোৱা নাই। চিকিৎসকজনে ৰায় দিলে, বুকুৰ মাংসপেশীৰ সংকোচন হোৱাৰ ফলত বুকুৰ বিষ হৈছে। কিন্তু কিছুদিন পাছত নিচেই পুৱাতে তেওঁৰ তীব্ৰ বুকুৰ বিষ হ’ল। সেই বিষ হনুলৈকে বিস্তাৰিত হৈছে। শোৱাৰ পৰা উঠি তেওঁ বিছনাতে বহিল। ক্ষন্তেক পাছতে জ্বৰঘামে ঘামিলে। সেইদিনা বৰষুণ হৈছিল। বতৰ কিছু ঠাণ্ডা আছিল। তথাপি প্ৰচুৰ ঘাম নিঃসৰণ হোৱা বাবে তেওঁ চিন্তিত হয়। পুনৰ বিছনাত বাগৰ দিয়ে। তাৰ পাছত অচেতন হৈ পৰে। কিছু সময়ৰ পাছত তেওঁৰ জ্ঞান ফিৰি আহে। পৰিবাৰক কথাটো কৈ চাহ একাপ খালে। ৰঘুৰামে চিন্তা কৰিলে, তেওঁৰ হৃদৰোগ হ’ব পাৰে, নহ’বও পাৰে। আগদিনা নিশা তেওঁৰ ভাল টোপনি নহ’ল। তাৰ ফলতো এনেকুৱা হ’ব পাৰে বুলি ভাবিলে। কিন্তু তেওঁৰ পৰিবাৰে ঘটনাটো সহজভাৱে ল’ব নোৱাৰি ৰঘুৰামৰ মাকলৈ ফোন কৰিলে। ততাতৈয়াকৈ মাক আহিল। দুয়ো আলোচনা কৰি ৰঘুৰামক এগৰাকী হৃদৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ গ’ল। বিশেষজ্ঞজনে প্ৰয়োজনীয় পৰীক্ষা কৰাৰ পাছত ৰায় দিলে, ৰঘুনাথৰ হাৰ্ট এটেক হৈছে। ৰঘুনাথে গ’মেই পোৱা নাছিল যে তেওঁৰ তেজত কলেষ্টেৰ’লৰ মাত্ৰা যথেষ্ট বৃদ্ধি হৈছে। ইয়াৰ ফলত হৃদপিণ্ডলৈ ৰক্ত-সৰহবৰাহকাৰী ধমনীৰ বেৰত কলেষ্টেৰ’ল জমা হৈছে। তাৰ ফলত ধমনীৰ ভিতৰত ফলকৰ সৃষ্টি হৈছে। এইবাবেই হৃদপিণ্ডলৈ অক্সিজেনযুক্ত ৰক্তপ্ৰবাহত বাধাৰ সৃষ্টি হৈছে। ইয়াৰ ফলতেই তেওঁৰ হাৰ্ট এটেক হৈছে। তদুপৰি কিছু ক্ষেত্ৰত কলেষ্টেৰ’লৰ ফলক ভাঙি যায়। এনেকুৱা হ’লে তেজত খলমাৰ সৃষ্টি হয়। ৰঘুৰামৰ ক্ষেত্ৰত তেনেকুৱাই ঘটিছিল। খলমাও ৰক্তসঞ্চাৰণত বাধাৰ সৃষ্টি কৰে। ধূমপান কৰিলে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। ৰঘুৰামে ধূমপান কৰিছিল। সকলো মিলি তেওঁৰ কম বয়সতে হাৰ্ট এটেক হয়। ৰঘুৰামৰ ক্ষেত্ৰত হৃদপিণ্ডৰ দুডাল ধমনীত বাধাৰ সৃষ্টি হৈছিল। ‘এণ্ডিঅ’প্লাষ্টী’ কৰি ৰঘুৰামক আসন্ন মৃত্যুৰ পৰা বচোৱা হৈছিল।

কলেষ্টেৰ’লনো কি ? ই হ’ল স্নেহ পদাৰ্থসদৃশ দ্ৰব্য। সৰহখিনি কলেষ্টেৰ’ল তৈয়াৰ কৰে যকৃতে। আমাৰ শৰীৰৰ কোষবোৰৰ আৱৰণীৰ সংহতিক ৰক্ষণাবেক্ষণ দিয়ে। তদুপৰি হৰম’ন আৰু ডি এন এ তৈয়াৰ কৰাৰ ক্ষেত্ৰতো কলেষ্টেৰ’ল অতি প্ৰয়োজনীয়। কলেষ্টেৰ’ল অবিহনে মগজুৰ ক্ৰিয়াকলাপ সূচাৰুৰূপে সংঘটিত নহয়।

কলেষ্টেৰ’ল বুলিলে একাধিক কলেষ্টেৰ’লসদৃশ দ্ৰব্যসমূহ বুজায়। চিকিৎসকে তেওঁৰ জৈৱমেদ সংৰচনা দিলে কলেষ্টেৰ’ল, ট্ৰাইগ্লিচাৰাইড, উচ্চ ঘনত্বৰ জৈৱমেদ (এইচ ডি এল- হাই ডেনচিটি লিপিড), নিম্ন ঘনত্বৰ জৈৱমেদ (এল ডি এল- ল’ ডেনচিটি লিপিড) আৰু অতি নিম্ন ঘনত্বৰ জৈৱমেদক (ভি এল ডি এল- ভেৰী ল’ ডেনচিটি লিপিড) বুজায়। উচ্চ ঘনত্বৰ জৈৱমেদক স্বাস্থ্য সহায়কাৰী জৈৱমেদ বোলা হয়। নিম্ন আৰু অতি নিম্ন ঘনত্বৰ জৈৱমেদক বোলা হয় স্বাস্থ্য হানিকাৰক জৈৱমেদ।

তেজত জৈৱমেদসমূহৰ স্বাভাৱিক মাত্ৰা এনেধৰণৰঃ

 

কলেষ্টেৰ’লঃ সৰ্বাধিক ২০০ মিলিগ্ৰাম

উচ্চ ঘনত্বৰ জৈৱমেদঃ

পুৰুষ- ৫০ মিলিগ্ৰাম বা ততোধিক

মহিলা- ৪০ মিলিগ্ৰাম বা ততোধিক

নিম্ন ঘনত্বৰ জৈৱমেদঃ সৰ্বাধিক ১০০ মিলিগ্ৰাম

অতি নিম্ন ঘনত্বৰ জৈৱমেদঃ ০ৰ পৰা ৩০ মিলিগ্ৰাম।

কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস-বৃদ্ধিৰ ক্ষেত্ৰত খাদ্যৰ অৰিহনা আছে। স্নেহ পদাৰ্থৰ দৈনিক ৩০০ মিলিগ্ৰামৰ ভিতৰত থাকিলে ভাল। সংপৃক্ত স্নেহ পদাৰ্থ (ঘি, মাখন, ক্ৰীম, কেতবোৰ জন্তুৰ চৰ্বি) পৰিহাৰ কৰাই শ্ৰেয়। পৰিহাৰ্য আন এবিধ স্নেহ পদাৰ্থ হ’ল ট্ৰেন্সফেট। সংসাধিত খাদ্যত (প্ৰচেচড্ ফুড) যথেষ্ট পৰিমাণৰ ট্ৰেন্সফেট থাকে। অসংপৃক্ত ভেষজ তেল ব্যৱহাৰ কৰক। অত্যধিক চেনিযুক্ত খাদ্য কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি কৰে। অৱশ্যে কণী আৰু মাছৰ স্নেহ পদাৰ্থ সংপৃক্ত নহয়। তদুপৰি মাছৰ চৰ্বিত স্বাস্থ্যবৰ্ধক অ’মেগা- ৩ ফেটী এচিড থাকে। যথেষ্ট পৰিমাণৰ টাটকা শাক-পাচলি, দাইল, গোটা শস্য, ফলমূল, বাদাম আৰু মাছ খাওক। তদুপৰি গজালি মগু আৰু বুটমাহেও কলেষ্টেৰ’লৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে।

কলেষ্টেৰ’লৰ মাত্ৰা নিয়ন্ত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত জীৱনশৈলীৰ পৰিৱৰ্তনেও অৰিহণা যোগায়। আৰামৰ আৰু এলেহুৱা জীৱনশৈলী পৰিহাৰ কৰক। সক্ৰিয় হওক। নিয়মিতভাৱে ব্যায়াম কৰক। খোজকঢ়া এবিধ সহজ আৰু ভাল ব্যায়াম। দৈনিক কমেও ৩০ মিনিট খৰকৈ খোজ কাঢ়ক। চাইকেল চলোৱা, সাঁতোৰা আদিও ভাল ব্যায়াম। মেদবহুলতা হ’লে অধিক পৰিশ্ৰমী ব্যায়াম কৰাৰ প্ৰয়োজন হয়। জীমৰ সহায়ো ল’ব পাৰে। খাদ্য নিয়ন্ত্ৰিত কিন্তু সন্তুলিত হোৱা উচিত। তেজত কলেষ্টেৰ’লৰ মাত্ৰা অধিক হ’লে ঔষধ ব্যৱহাৰো কৰিবলগীয়া হব। এইক্ষেত্ৰত চিকিৎসকসকলে টেষ্টিন’জাতীয় ঔষধ খোৱাৰ পৰামৰ্শ দিয়ে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

শিশুৰ উদ্বেগজনিত ৰোগঃ

 

হঠাতে কাষৰ বৰুৱাৰ ঘৰত হুৱাদুৱা লাগিল। বৰুৱাৰ লগত পৰীক্ষাৰ ৰিজাল্ট আনিবলৈ ওলোৱা আঠ বছৰীয়া পুত্ৰ ৰাহুল মূৰ ঘূৰাই বাগৰি পৰিল। লগে লগে ৰাহুলক ওচৰতে থকা চিকিৎসালয়খনলৈ লৈ যোৱা হ’ল।

সকলোৱে পৰীক্ষালৈ ভয় কৰে। শিশুসকলো ইয়াৰ ব্যতিক্ৰম নহয়। কিন্তু ৰিজাল্টৰ কথা শুনিলেই যিসকলৰ মূৰ ঘূৰাই, শৰীৰৰ উত্তাপ বাঢ়ে, বমি হয় তেন্তে ই এক ভাবিবলগীয়া কথা। ইয়াৰ আৰম্ভণি কিন্তু পৰীক্ষাৰ সময়ৰ পৰাই। আগৰ পৰা অমনোযোগী হোৱাৰ বাবে পৰীক্ষাৰ ফলাফললৈ ভয় কৰে। এনেধৰণে এনজাইটিত ভোগা শিশুৱে যেতিয়া কোনো কথাতে মন বহুৱাব নোৱাৰে, তেতিয়া হতাশাত ভোগে।

প্ৰত্যেক শিশুৰে এখন কাল্পনিক জগত আছে। সিহঁতে সেই কাল্পনিক জগতখনত থাকি ভাল পায়। শিশুসকলে যদিও সহজে যিকোনো পৰিস্থিতিত মিলি যাব পাৰে, তাৰে ভিতৰত কিছুমান ব্যতিক্ৰমী শিশুও আছে। এইসকল শিশুৱে সহজে কাৰো লগত মিলা-মিচা কৰিব নিবিচাৰে। অকলশৰে থাকি এওঁলোকে ভাল পায়। এনে ধৰণৰ শিশুৱে বিদ্যালয়লৈ যাব নিবিচাৰে, লগত সমনীয়াৰ ওচৰ নাচাপে আৰু পঢ়াতো মন বহুৱাব নোৱাৰে। ই এক মানসিক ৰোগ। কেতিয়াবা স্নায়ুৰ দুৰ্বলতাৰ কাৰণেও এনে ৰোগ হ’ব পাৰে। কিছুমান শিশুৱে লাজ আৰু ভয়ৰ কাৰণেও জনা কথাও সুধিলে নকয়। তেওঁলোকৰ মনত ভয়- উত্তৰ ভুল হয় যদি! সকলোৰে আগত লাজ পাব লাগিব।...ইত্যাদি কথা চিন্তা কৰি উত্তৰ দিবলৈ আগ্ৰহ নকৰে আৰু মানসিক অশান্তিত ভোগে। পঢ়া-শুনাত মন বহুৱাব নোৱাৰাৰ কাৰণেই পৰীক্ষা আহিলে শিশুটি হতাশাত ভোগে। পৰীক্ষাৰ কাৰণে নহয় ভয়ৰ কাৰণে মনত উদ্বেগৰ সৃষ্টি হয়। ৰিজাল্ট বেয়া হ’লে কি হ’ব- এই কথাটো চিন্তা কৰি শিশুটিয়ে মানসিক অস্থিৰতাত ভোগে। এনে ব্যতিক্ৰমী শিশুক পিতৃ-মাতৃ বা অভিভাৱকে মানসিকভাৱে সকাহ দিবলৈ চেষ্টা কৰা উচিত। শিশুটিক বুজাব লাগে যে পৰীক্ষাত কিমান নম্বৰ পালে সেইটো ডাঙৰ কথা নহয়। বিষয়বস্তুৰ জ্ঞানহে আচল কথা। একো নুবুজাকৈ ভাটোৰ দৰে মুখস্থ কৰি ভাল ৰিজাল্ট কৰাতকৈ বিষয়বস্তুটো ভালকৈ বুজি নিজে লিখি কম নম্বৰ পালেও একো ভাবিবলগীয়া নাই। এই ক্ষেত্ৰত শিশুটিয়ে কম নম্বৰ পালেও অভিভাৱক বা পিতৃ-মাতৃয়ে ঠাট্টা কৰিব নালাগে বা মাৰ-পিট, গালি-গালাজ কৰিব নালাগে। আনৰ ওচৰতো এই বিষয় লৈ কথা ক’লে শিশুটি সংকোচিত হৈ পৰিব। সেয়ে কেতিয়াও শিশুটিক কম নম্বৰ পোৱাৰ কাৰণে আনৰ ওচৰত বেয়াকৈ ক’ব নালাগে। বৰং শিশুটিক নিৰ্ভয়তাহে দিব লাগে যাতে মনৰ ভিতৰত থকা সকলো ভয়, সংকোচ আঁতৰাই স্বাভাৱিকভাৱে সকলোৰে লগত মিলিব পাৰে। অভিভাৱকৰ অকণমান নিৰ্ভয়তাই শিশুটিক স্বাভাৱিকভাৱে আগবাঢ়িবলৈ সহায় কৰিব। অৱশ্যে শিশুটি যদি বেছিকৈ মানসিকভাৱে ভাগি পৰে তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

(উৎসঃ অসমীয়া খবৰ, ললিতা শৰ্মা লহকৰ)।

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top