অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

বিশ্ব যক্ষ্মা দিৱস, ২৪ মাৰ্চঃ

 

যক্ষ্মা ৰোগ সম্পৰ্কে সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে ২৪ মাৰ্চৰ দিনটো বিশ্ব যক্ষ্মা দিৱস হিচাপে পালন কৰা হয়। ১৮৮২ চনৰ এই দিনটোতে ৰবাৰ্ট কখ্ নামৰ এজন জাৰ্মান বিজ্ঞানীয়ে যক্ষ্মা ৰোগৰ জীৱাণু আৱিষ্কাৰ কৰিছিল। বায়ুৱে যক্ষ্মা ৰোগৰ বীজাণু বহন কৰে বুলিও তেওঁ প্ৰমাণ কৰি দেখুৱায়। যিসময়ত বিজ্ঞানীজনে বাৰ্লিনত তেওঁৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে, তেতিয়া সমগ্ৰ ইউৰোপ আৰু আমেৰিকাত যক্ষ্মা ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছিল। এনেক্ষেত্ৰত ৰবাৰ্ট কখৰ আৱিষ্কাৰ আছিল মানৱ জীৱনৰ বাবে এক উল্লেখনীয় ঘটনা। অতি প্ৰাচীন কালৰে পৰা চিকিৎসকসকলে যিবোৰ ৰোগক দুৰাৰোগ্য বুলি আখ্যা দিছিল, তাৰ ভিতৰত যক্ষ্মা ৰোগো আছিল অন্যতম। তদুপৰি শৰীৰে যাতে যক্ষ্মা ৰোগৰ প্ৰতিষেধক ক্ষমতা অৰ্জন কৰিব পাৰে, তাৰ বাবে বি চি জি ছিটাৰো প্ৰৱৰ্তন হৈছে। প্ৰতিষেধক ছিটাৰ দৰে যক্ষ্মা ৰোগৰ মহৌষধ ষ্ট্ৰেপ্টোমাইছিনৰ আৱিষ্কাৰো চিকিৎসা বিজ্ঞানৰ বাবে এক উল্লেখনীয় ঘটনা। ইয়াৰ অধিকাংশই হ’ল তৃতীয় বিশ্বৰ বাসিন্দা।। এনেক্ষেত্ৰত বিশ্ব যক্ষ্মা দিৱসে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

 

এণ্টিবায়’টিক কি ?

 

যিবোৰ ঔষধে ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰক (বেক্টেৰিয়া) ধ্বংস কৰিব পাৰে অথবা সিহঁতৰ বৃদ্ধিত বাধা জন্মায়, তেনেবোৰ ঔষধকেই এণ্টিবায়’টিক বোলে। যেনেঃ পেনিচিলিন, ষ্ট্ৰেপট’মাইছিন, টেট্ৰাচাইক্লিন, এৰিথ্ৰ’মাইছিন ইত্যাদি। সৰ্বপ্ৰথম আৱিষ্কৃত এণ্টিবায়’টিকবিধ হ’ল- পেনিচিলন।১৯২৯ চনত আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল।ৰোগীয়ে এণ্টিবায়’টিক গ্ৰহণ কৰোতে যথেষ্ট সাৱধান হোৱা উচিত। কাৰণ-এণ্টিবায়’টিক সদায়ে অৰ্হতাসম্পন্ন ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে গ্ৰহণ কৰিব লাগে। অপ্ৰয়োজনত অথবা ভুল পৰিমাণত এণ্টিবায়’টিক গ্ৰহণ কৰিলে পাছলৈ ই ফলপ্ৰসূ নহ’ব পাৰে। আকৌ এণ্টিবায়’টিক গ্ৰহণৰ ফলত অপকাৰী অণুজীৱবোৰ ধ্বংস হোৱাৰ লগতে শৰীৰৰ ভিতৰত বাস কৰা উপকাৰী অণুজীৱবোৰৰো মৃত্যু ঘটিব পাৰে। তেতিয়াহ’লে আমাৰ শৰীৰত ঘটা ক্ৰিয়াসমূহ (যেনেঃ পাচন ক্ৰিয়া) বাধাগ্ৰস্ত হ’ব পাৰে যাৰ ফলত আমি আন ৰোগত আক্ৰান্ত হ’ব পাৰো। সেয়েহে আমি এণ্টিবায়’টিক গ্ৰহণ কৰোতে যথেষ্ট সাৱধান হোৱা উচিত।

(উৎসঃ জিজ্ঞাস)।

2.96
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top