অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা-

স্বাস্থ্য বাৰ্তা লিখা হৈছে

ভাইৰেলত সতৰ্ক হ’বঃ

 

বতৰ সলনি হোৱাৰ পৰত ভাইৰেল জ্বৰৰ প্ৰকোপ বৃদ্ধি পায়। এই সময়ত ভাইৰেলত অনেক মানুহ আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। আপুনিও হয়তো ইয়াৰ পৰা ৰক্ষা পোৱা নাই। পৰিৱেশজনিত কাৰণ আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধক ব্যৱস্থাত হোৱা ভিতৰুৱা পৰিৱৰ্তনৰ ফলত এই ৰোগ হয়। শিশু, বৃদ্ধ আৰু জটিল ৰোগত আক্ৰান্ত ব্যক্তিক ভাইৰেলে বেছিকৈ আক্ৰমণ কৰে। তথাপি আপুনিও কেতিয়াও ভাইৰেলক সহজভাৱে নল’ব।

ৰোগৰ স্বৰূপঃ

ভাইৰেল জ্বৰ হ’ল বিষাণু (ভাইৰাছ)ৰ সংক্ৰমণৰ পৰা উৎপন্ন হোৱা জ্বৰ। এইবিধ জ্বৰ সাধাৰণ জ্বৰৰ তুলনাত অনেক দীঘলীয়া হয় আৰু যন্ত্ৰণাদায়ক। বতৰ পৰিৱৰ্তনৰ লগে লগে তাপমানৰ তাৰতম্য ঘটাৰ ফলত ভাইৰাছৰ সক্ৰিয়তা আৰু সংক্ৰমণৰ প্ৰকোপ বৃদ্ধি পায়।

লক্ষণঃ

  • বিষাণুৰ সম্পৰ্কলৈ অহাৰ লগে লগে প্ৰবল জ্বৰ উঠে।
  • ছৰ্দি আৰু গাৰ কঁপনি উঠে।
  • সমগ্ৰ শৰীৰত প্ৰচণ্ড বিষ উঠে আৰু ডিঙিত চেৰচেৰণি উঠে।
  • মূৰৰ বিষ হয় আৰু নাকৰ পৰা পানী ওলায়।
  • চকু ৰঙা পৰাৰ দৰে লক্ষণ দেখা যায়।

উপচাৰঃ

ভাইৰেলত আক্ৰান্ত হ’লে বিষাণুবোৰৰ সংক্ৰমণৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধক ব্যৱস্থা দুৰ্বল হৈ পৰে। ইয়াৰ ফলত আন কোনো সংক্ৰমণ বা ৰোগে মূৰ দাঙি উঠিব পাৰে। ইয়াৰ ভিতৰত অন্যতম হ’ল নিমোনিয়া, মস্তিষ্কৰ জ্বৰ, হেপাটাইটিছ আদি। অতিপাত জ্বৰ উঠিলে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী পেৰাচিটামল সেৱন কৰিব পাৰে। আন সমস্যাবোৰৰ ক্ষেত্ৰতো কেৱল ডাক্তৰৰ পৰামৰ্শ অনুযায়ীহে লক্ষণবোৰৰ অনুসাৰে ঔষধ গ্ৰহণ কৰিব।

প্ৰতিৰক্ষাঃ

যিকোনো বস্তু খোৱাৰ পূৰ্বে চাবোনেৰে ভালদৰে হাত দুখন ধুব। সদায় পৰিষ্কাৰ, সতেজ তথা স্বাস্থ্যসন্মত খাদ্যহে গ্ৰহণ কৰিব। প্ৰয়োজনাধিক শাৰীৰিক পৰিশ্ৰম নকৰিব আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ফ্লু বা কফ-জ্বৰৰ টীকা (ভেক্সিন) ল’ব।

 

পেটৰ চৰ্বি হ্ৰাসৰ উপায়ঃ-

 

নিয়ন্ত্ৰণহীন খাদ্য আৰু  জাংক ফুডৰ আধিক্যৰ ফলত আজিকালি মেদবহুলতাৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। খাদ্যত চখ থকা ব্যক্তিৰ বাবে কিছুমান স্বাদিষ্ট আহাৰ খোৱাৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰাটো অধিক কষ্টকৰ। শৰীৰত চৰ্বি মাত্ৰাধিকভাৱে বৃদ্ধি পালে পেট বাহিৰলৈ ওলাই আহে। লগতে হাত-ভৰি, ডিঙি, কঁকাল আদিতো চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে। ফলত শৰীৰ সুঠাম হৈ নাথাকে আৰু নানা ৰোগেও হাতবাউলি দিবলৈ আৰম্ভ কৰে। বহু লোকে বিচাৰিও পেটৰ চৰ্বি দূৰ কৰিবলৈ সক্ষম নহয়। কিন্তু কেতবোৰ সৰল উপায়েৰেও সেই কাৰ্য সমাধা কৰিব পাৰি।

  • প্ৰথমেই মনত ৰাখিব যে কোনো আহাৰ খোৱাৰ তাৎক্ষণিক পাছতে পানী নাখাব। বৰঞ্চ আহাৰ খোৱাৰ কমেও ডেৰ ঘণ্টাৰ পাছতহে পানী খাব লাগে।
  • ভোজনৰ পৰত সংযম বজাই ৰাখিব, অৰ্থাৎ প্ৰয়োজনতকৈ কমাই খাব।
  • তৈলাক্ত আৰু মিঠা আহাৰৰ বিপৰীতে শাক-পাচলি, চালাড আৰু ফল খাদ্য তালিকাত বেছিকৈ অন্তৰ্ভুক্ত কৰিব।
  • আহাৰত চাউল, আলু আৰু ঘিউৰ ব্যৱহাৰ কমাই কৰিব।
  • সপ্তাহত কমেও এদিন একমাত্ৰ তৰল আহাৰ গ্ৰহণৰ নিয়ম কৰি লওক। অন্যথা কেৱল গাখীৰ আৰু ফলহে খাব।
  • দৈনন্দিন কৰ্মসূচীত বিভিন্ন ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰিব।
  • দিনটোত দুই-তিনিবাৰ কমেও ৩০ মিনিটকৈ খোজ কাঢ়িব।
  • ঘেঁহুৰ সলনি বুট বা গোমধান আদিৰ পৰা তৈয়াৰী আটা ব্যৱহাৰ কৰিব। পুৱাৰ আহাৰত ফলৰ ৰস আৰু পাতলীয়া খাদ্য গ্ৰহণ কৰিব।
  • পুৱা শুই উঠি খালী পেটত এগিলাছ কুহুমীয়া গৰম পানীত এচামুচ মৌ আৰু নেমুৰ ৰস মিহলাই খাব।
  • আহাৰ সদায় লাহে লাহে আৰু ভালদৰে চোবাই খাব।
  • দিনটোত কমেও ১২-১৩ গিলাচ পানী খাব আৰু প্ৰয়োজনীয় নিদ্ৰা গ্ৰহণ কৰিব।
  • পেটৰ চৰ্বি কমাবলৈ আপুনি নিমখ খোৱাৰ মাত্ৰাও হ্ৰাস কৰিব লাগিব আৰু সদায় চাপমুক্ত হৈ থাকিব লাগিব।

 

আগন্তুক দিনবোৰত মনত ৰাখিবঃ

 

গৰমৰ দিনবোৰত কিছুমান কথা মনত ৰখা উচিত। গৰমৰ দিনত মানুহৰ প্ৰধান সমস্যা হ’ল প্ৰখৰ ৰ’দ আৰু শৰীৰৰ ঘাম। ৰ’দ আৰু ঘামৰ কাৰণতে ছাল সম্পৰ্কীয় বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। ইয়াৰ উপৰি গৰমৰ দিনবোৰত পেটৰ বিভিন্ন ৰোগৰ সমস্যাতো ভোগে অনেক লোকে। সেয়ে নিম্নোক্ত পৰামৰ্শকেইটাৰ প্ৰতি এই দিনবোৰত গুৰুত্ব আৰোপ কৰিব পাৰিলে আপোনাৰ স্বাস্থ্য উৎকট গৰমতো সবল হৈ থাকিব।

  • গৰমৰ দিনবোৰত সবাতোকৈ গুৰুত্ব প্ৰদান কৰিবলগীয়া বিষয় হ’ল খোৱা-বোৱা। এই সময়খিনিত যিমান পাৰি শীতল পানী আৰু ঠাণ্ডা খাদ্য খাব লাগে। অৰ্থাৎ বিভিন্ন ফলৰ ৰস, দৈ, লচ্চী, ঠাণ্ডা ফল আদি।
  • অতিপাত ৰ’দ দিছে, অথচ আপুনি কোনো কামত বাহিৰলৈ যাব লাগে। তেনে অৱস্থাত শৰীৰৰ ছাল সূতাৰ কাপোৰেৰে ঢাকি ল’ব। ইয়াৰ ফলত ছাল ৰ’দে পুৰিব নোৱাৰে।
  • পানীৰ সমস্যা যদি নাথাকে তেন্তে সম্ভৱ হ’লে দিনে কমেও তিনিবাৰ গা ধুব। ইয়াৰ ফলত আপোনাৰ শৰীৰ সতেজ হৈ থাকিব।
  • নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আপোনাৰ মুখ নিৰ্মল তথা শীতল পানীৰে ধুই থাকিব। চাবোনৰ প্ৰয়োগ যথাসম্ভৱ কমকৈ কৰিব।
  • বাহিৰৰ খাদ্য পৰাপক্ষত নোখোৱাই ভাল। যিমান পাৰি ফলাহাৰ বেছিকৈ কৰিব।
  • গৰমৰ দিনবোৰত সূতা আৰু পাতল ৰঙৰ কাপোৰ পৰিধান কৰা উচিত।

 

মূৰৰ বিষৰ পৰা ৰেহাই পাওকঃ

 

প্ৰচণ্ড গৰমতো কেতিয়াবা মানুহৰ মূৰৰ বিষ উঠে। অতি ব্যস্ততাত যেতিয়া মানুহক প্ৰৱল উত্তাপেও পৰিশ্ৰান্ত কৰি তোলে, তেতিয়াই মূৰ কামোৰিব পাৰে। তেনে সমস্যাই আপোনাক দিনে-নিশাই আমনি দিব পাৰে। অৱশ্যে চিন্তা নকৰিব। ঘৰতে কেতবোৰ উপায়েৰে আপুনি এই সমস্যাৰ পৰা ৰেহাই পাব পাৰে।

  • ১০ গ্ৰাম ধনীয়া, গুটিৰে স’তে পাঁচ গ্ৰাম শুকান আমলখি এটা মাটিৰ বাচনত এগিলাচ পানীৰে নিশা তিয়াই থওক। পুৱা সেইখিনি মিহলি কৰি মিচিৰি অলপ দি ভালদৰে ঘুটি লৈ খাওক।
  • ধনীয়া পাত পিচি লৈ কপালত সানি থ’লেও মূৰৰ বিষ ভাল হয়।
  • সামান্য পৰিমাণৰ নিমখ জিভাত থৈ ১০ মিনিটৰ পাছত এগিলাছ ঠাণ্ডা পানী খালেও মূৰৰ বিষ ভাল হয়।
  • ৬২ গ্ৰাম পানীত ৩ গ্ৰাম বা একেবাৰে কম পৰিমাণৰ নিমখ মিহলাই সেই পানীখিনি শুঙিলেও মূৰৰ বিষৰ পৰা আৰাম পোৱা যায়।
  • ঠাৰিৰে সতে তেজপাত পিচি তাত পানী মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক। সেই মিশ্ৰণটো সামান্য পৰিমাণে গৰম কৰি কপালত সানিলেও মূৰৰ বিষৰ পৰা আৰাম পোৱা যায়।
  • ডালচেনিত কিছু পানী দি পিচি লৈ গৰম কৰি কাণৰ লতি বা কপালত সানিলেও লাভ হয়।
  • তুলসীৰ পাত শুকুৱাই ছাঁত থৈ দিব। সময়ত সেইখিনি পিচি লৈ শুঙিলেও মূৰৰ বিষ ভাল হয়।
  • এটা তৰমূজ এখন মখমলৰ কাপোৰত লৈ ভালদৰে চেপক আৰু ৰসখিনি এটা কাঁচৰ গিলাচত ভৰাই লওক। সেই ৰসত মিচিৰি মিহলাই পুৱা খালে মূৰৰ বিষৰ পৰা আৰাম পাব।
  • সেমেকা মাটিৰ লেপ মূৰত সানিলেও মূৰৰ বিষ আঁতৰ হয়।

যৌন ইচ্ছা হেৰাইছে নেকি-

 

সকলো ব্যক্তিয়েই নিজৰ বৈবাহিক জীৱনটো সুখেৰে অতিবাহিত কৰিব বিচাৰে। ইয়াৰ কাৰণে ব্যক্তিজনে যথাসম্ভৱ প্ৰয়াসো কৰে। কিন্তু মানুহক এনে কিছু ৰোগে আক্ৰমণ কৰে, যিবোৰ হয়তো গম নাপায় আৰু তেওঁৰ যৌন চেতনাও হ্ৰাস পাবলৈ ধৰে। ফলত তেওঁৰ বৈবাহিক জীৱনটোও ধ্বংসৰ সন্মুখত পৰাৰো উপক্ৰম ঘটে। বিভিন্ন বয়সত মানুহৰ যৌন সম্পৰ্কীয় ৰোগ, যৌন অক্ষমতা, ছেক্স হৰম’ন সম্পৰ্কীয় সমস্যাবোৰ সৃষ্টি হ’ব পাৰে। যৌন সম্বন্ধীয় ৰোগ আৰু অক্ষমতা আদি সমস্যাৰ পৰা ৰেহাই পাবলৈ মানুহে ঔষধ সেৱন কৰে। কিন্তু এনে ঔষধ সেৱনৰ ফলত তেওঁৰ ছেক্স হৰম’ন কিদৰে ক্ষতিগ্ৰস্ত হ’ব পাৰে, সেই বিষয়ে অজ্ঞাত হৈ ৰয়। ছেক্স হৰম’ন ক্ষতিগ্ৰস্ত হোৱাৰ ফলত কেতিয়াবা মানুহৰ কামোত্তেজনাও হ্ৰাস পাব পাৰে। ফলত শাৰীৰিক সম্পৰ্কৰ প্ৰতি তেওঁৰ অনীহা সৃষ্টি হয়। কিন্তু এনে সমস্যা কিয় হয়, সেই বিষয়েও মানুহে জনা উচিত।

  • কেতিয়াবা ঔষধৰ সেৱনতো মানুহৰ যৌন জীৱনত বিৰূপ প্ৰভাৱ পৰে। কেতবোৰ ঔষধ সেৱন কৰিলে ছেক্স হৰম’নত গভীৰ প্ৰভাৱ পৰে। অৱশ্যে একমাত্ৰ ঔষধৰ কাৰণেই যে আপোনাৰ যৌন জীৱনৰ প্ৰতি অনীহাৰ সৃষ্টি হৈছে, সেইটো কোৱাও ভুল হ’ব।
  • এনে কেতবোৰ ঔষধ আছে যিবোৰ মানুহে সচৰাচৰ সাধাৰণ ৰোগ দূৰ কৰিবলৈ ব্যৱহাৰ কৰে। কিন্তু সেইবোৰ ঔষধ সেৱন কৰিলেও মানুহৰ কামোত্তেজনা হ্ৰাস পাবলৈ আৰম্ভ কৰিব পাৰে। উচ্চ ৰক্তচাপৰ ঔষধ, হৰম’ন সম্পৰ্কীয় ঔষধ, বিষ নিবাৰক, এজমাৰ ঔষধ, এণ্টি-ডিপ্ৰেচনৰ ঔষধ, আলচাৰৰ চিকিৎসাৰ ঔষধ আদি নিয়মিতভাৱে গ্ৰহণ কৰিলে মানুহৰ যৌন ইচ্ছা হ্ৰাস পাব পাৰে।
  • কেতিয়াবা শীঘ্ৰপতনৰ সমস্যাৰ বাবেও মানুহৰ যৌন ইচ্ছা কমিবলৈ আৰম্ভ কৰে। মানুহে যৌন সংগমৰ পৰত হঠাতে তেওঁৰ সক্ষমতা সম্পৰ্কত শংকিত হৈ পৰিলে তেওঁৰ শীঘ্ৰপতন ঘটিব পাৰে।
  • কেতিয়াবা যৌনতা সম্পৰ্কীয় ভ্ৰম বা কল্পনাৰ কাহিনীৰ বাবেও মানুহৰ কাম ইচ্ছা হ্ৰাস পাব পাৰে। বন্ধু বা আন কোনো মাধ্যমৰ জৰিয়তে প্ৰাপ্ত ভুল তথ্য, কেতবোৰ কু-অভিজ্ঞতা, যৌন কাৰ্যৰ প্ৰতি সম্পূৰ্ণৰূপে সচেতন নোহোৱাৰ ফলতো যৌন ইচ্ছা হ্ৰাস পায়।
  • পৰিয়ালৰ প্ৰতি থকা দায়িত্বৰ বোজা আৰু অতিমাত্ৰা ব্যস্ত জীৱনশৈলীৰ ফলত সৃষ্টি হোৱা মানসিক অৱসাদো যৌন ইচ্ছা হ্ৰাসৰ কাৰণ হ’ব পাৰে।
  • প্ৰষ্টেট গ্ৰন্থি অধিক বৃদ্ধি পোৱা বা যৌন বিকাৰৰ পৰাও ছেক্স হৰম’নত সালসলনি দেখা দিব পাৰে।
  • শৰীৰত টেষ্ট’টেৰন হৰম’নৰ স্তৰ হ্ৰাস পালেও যৌন সংগমত লিপ্ত হোৱাৰ বাসনা ম্লান হয়।
  • শৰীৰত যৌন সম্পৰ্কীয় দুৰ্বলতাৰ সৃষ্টি হ’লে আৰু আন কোনো ৰোগৰ বাবে শৰীৰ দুৰ্বল হ’লেও তাৰ পোনপটীয়া প্ৰভাৱ ব্যক্তিজনৰ যৌনশক্তিত পৰে।
  • যৌন সংগম বা পুৰুষৰ শাৰীৰিক অৱয়বৰ প্ৰতি ভুল ধাৰণাৰ বশৱৰ্তী হ’লে কোনো কোনো মহিলাৰ যৌন ইচ্ছা হ্ৰাস পায়।

বিঃ দ্ৰঃ- বিভিন্ন বয়সত যৌনতা সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হোৱাৰ বাবেও মানুহৰ মনৰ পৰা যৌন সংগমৰ প্ৰতি থাকিবলগীয়া ৰুচি নোহোৱা হৈ পৰে। যৌন সম্পৰ্কীয় যিকোনো বিকাৰ বা ৰোগৰ লক্ষণ অনুভৱ কৰিলেই ততালিকে চিকিৎসকৰ কাষ চাপি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

 

বাতৰিত দৃষ্টি ৰাখিবঃ

 

আপুনি যদি দীৰ্ঘজীৱন বিচাৰিছে, তেন্তে নিয়মিতভাৱে যিকোনো ধৰণৰ খবৰ-বাতৰিৰ সতে যুক্ত হৈ থাকিব। অলপতে এক গৱেষণাত গম পোৱা গৈছে যে বিভিন্ন বাতৰি আৰু সাময়িক বিষয়বোৰৰ সন্দৰ্ভত খবৰ ৰখা লোক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হয়। লগতে তেওঁৰ জীৱনো দীঘলীয়া হয়। ‘ডেইলী মিৰ’ৰ’ নামৰ কাকতখনত প্ৰকাশিত বাতৰি অনুযায়ী যিসকলে সঘনাই বাতৰি কাকত, টেলিভিছন আৰু ইণ্টাৰনেটৰ বাতৰিৰ ওপৰত চকু ৰাখে, তেওঁলোকে আনৰ তুলনাত অধিক স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰে। কিন্তু বাতৰিৰ পৰা আঁতৰি থকাসকলৰ ক্ষেত্ৰত তেনে দেখা নাযায়। গৱেষণাত পোৱা গৈছে যে বাতৰিৰ সতে অধিক যুক্ত হৈ থকা লোকে বিভিন্ন ফল আৰু মাছ প্ৰচুৰ পৰিমাণে খায়। ফলত শৰীৰৰ মেদ বৃদ্ধি, হৃদৰোগ বা কৰ্কট ৰোগ আদিৰ আশংকা তেওঁলোকৰ কম।

 

আপোনাৰ অভ্যাস, আপোনাৰ স্বাস্থ্যঃ

 

বহু মানুহে নিজেই বিভিন্ন ৰোগ শৰীৰলৈ মাতি আনে।কিন্তু সেই ৰোগ আঁতৰাবলৈ চিকিৎসকৰ কাষ চাপিবলগীয়া হয়। কিন্তু আয়ুৰ্বেদৰ মতে মানুহৰ কেতবোৰ সৰু সৰু অভ্যাসেই হ’ল বিভিন্ন ৰোগৰ প্ৰধান কাৰণ। দৈনন্দিন জীৱনৰ স’তে জড়িত হৈ থকা কেতবোৰ নিয়ম যদি আপুনি কঠোৰভাৱে পালন কৰে, তেন্তে আপোনাৰ সু-স্বাস্থ্য সদায় অটুট থাকিব। অৰ্থাৎ সেই নিয়মখিনি আপোনাৰ অভ্যাসত পৰিণত কৰিব লাগিব।

নিদ্ৰাৰ পৰিসৰঃ

আমাৰ শৰীৰক যিদৰে পৰ্যাপ্ত আহাৰৰ প্ৰয়োজন, সেইদৰে নিদ্ৰাৰ প্ৰয়োজনীয়তাও অপৰিসীম। এজন স্বাস্থ্যৱান ব্যক্তিক নিতৌ অতি কমেও আঠ ঘণ্টা নিদ্ৰাৰ প্ৰয়োজন। কিন্তু মনত ৰাখিব যে অতিমাত্ৰা সময় শোৱাও স্বাস্থ্যৰ পক্ষে হানিকাৰক। শোৱাকোঠাত টিভি, কম্পিউটাৰ বা আন কোনো ইলেক্ট্ৰ’নিক সামগ্ৰী ৰাখিব নালাগে। তেনে সামগ্ৰীৰ উপস্থিতিয়ে মানুহৰ নিদ্ৰা হৰণ কৰিব পাৰে।

গৰম পানী গ্ৰহণঃ

কোনো লঘু আহাৰ গ্ৰহণ কৰাৰ পাছত এগিলাচ কুহুমীয়া গৰম পানী খাব লাগে। এই অভ্যাসে আপোনাৰ পাচনশক্তি বৃদ্ধি কৰিব আৰু গাৰ ছাল উজ্জ্বল হ’ব। ইয়াৰ উপৰি সমগ্ৰ দিনটোত কমেও আঠ গিলাচ নিৰ্মল পানী পান কৰাটো অতি আৱশ্যকীয়। ইয়াৰ ফলত শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ মূত্ৰৰ জৰিয়তে বাহিৰলৈ ওলাই যাব।

৩০ মিনিটৰ শ্ৰমঃ

সপ্তাহৰ ছটা দিন জিমলৈ নোযোৱাকৈও আপুনি সু-স্বাস্থ্য অটুট ৰাখিব পাৰে। প্ৰতিদিনে আধা ঘণ্টা সময় খোজকাঢ়িয়েই আপুনি স্বাস্থ্য উন্নত কৰি ৰাখিব পাৰে। ঘৰতে কেতবোৰ আসন, যোগ, ব্যায়াম আদিও কৰিব পাৰে। সাঁতোৰ, নৃত্য আৰু চাইকেল চালনাৰেও শৰীৰ সুস্থ কৰি ৰাখিব পাৰি। নতুবা দৈনিক আধা ঘণ্টা সময় কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰিও সু-স্বাস্থ্য অটুট ৰাখিব পাৰি।

স্বাস্থ্যসন্মত আহাৰঃ

আপুনি যদি শৰীৰৰ ওজন হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে খালী পেটত থকাৰ ভুল কেতিয়াও নকৰিব। আহাৰৰ তালিকাত প্ৰ’টিন, কেলছিয়াম আৰু ভিটামিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব। টিভি চোৱাৰ সময়ত স্নেক্স খোৱাৰ অভ্যাস পৰিহাৰ কৰি ফল, ফলৰ ৰস বা চুৰুহা আদি খোৱাৰ অভ্যাস কৰিব।

মস্তিষ্কৰ সক্ৰিয়তাঃ

আপোনাৰ শৰীৰ সুস্থ কৰি ৰাখিবলৈ যিদৰে শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন, সেইদৰে মস্তিষ্কৰ বাবেও কেতবোৰ ব্যায়ামৰ প্ৰয়োজন। অৰ্থাৎ মগজু সকলো সময়তে সক্ৰিয় কৰি ৰখা উচিত। কোনো কাম নথকা সময়তো মগজু ব্যৱহাৰ কৰি থকা উচিত। সেই সময়ত কোনো পাজল্ গেম বা ক্ৰছৱৰ্ড খেলিব পাৰে। তেনে কাৰ্যৰ দ্বাৰা মগজু সকলো সময়তে সক্ৰিয় হৈ থাকিব।

ধূমপান ত্যাগঃ

সু-স্বাস্থ্যৰ বাবে ধূমপানৰ অভ্যাস ত্যাগ কৰা অতিশয় প্ৰয়োজনীয়। ধূমপান ত্যাগ কৰাৰ পাছত মানুহে কেতিয়াবা শৰীৰৰ ওজন বৃদ্ধি হোৱা বুলি অনুভৱ কৰিব পাৰে। কিন্তু তেনে চিন্তা মনৰ পৰা আঁতৰাই পেলোৱা উচিত। পৰিয়ালৰ সদস্য, বন্ধু-বৰ্গ আৰু সহকৰ্মীৰ সতে দীৰ্ঘসময় অতিবাহিত কৰিলে তেনে কু-অভ্যাস এৰাত সহায় হয়।

 

(উৎসঃ দৈনিক অগ্ৰদূত)।

3.10526315789
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top