অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

স্বাস্থ্যধন পৰমধন


স্বাস্থ্য বুলি ক’লে আমি সাধাৰণতে শাৰীৰিক শক্তি আৰু মানসিক প্রশান্তিৰ সমাহাৰকেই বুজো। সুস্বাস্থ্য বুলিলে নিৰোগী শাৰীৰিক অৱস্থাকে বুজায়। অকল মানুহৰেই নহয় জীৱজগতৰ সকলো প্রাণীৰে কাৰ্যকৰণৰ অংকুৰ হৈছে স্বাস্থ্য।

এই বিশ্বব্ৰহ্মাণ্ডত জীৱশ্রেষ্ঠ মানুহকে ধৰি সকলো প্রাণীয়ে কর্ম কৰিব লাগে আৰু কৰিবলৈ বাধ্য হয়। তাৰ ভিতৰতে যিসকল লোকে নিজৰ দায়িত্ব বুজি দৈনিক প্ৰয়োজনীয় আৰু উপকাৰত অহা কৰ্মত প্রবৃত্ত হয় অথবা আত্মনিয়োগ কৰে, তাৰ পৰা নিজৰটো উপকাৰ হয়েই, আনকি নিজৰ পৰিয়ালবৰ্গ তথা আত্মীয়স্বজন, বন্ধু-বান্ধৱো উপকৃত হয়। এই সকলো কামৰ বাবে প্রথমতে লাগিব এটা সুন্দৰ স্বাস্থ্য। কাৰণ স্বাস্থ্য ভালে নাথাকিলে কোনো কাম কৰিবলৈ মন নাযায়। আনকি নিজৰ খোৱা-বোৱা কামখিনি কৰিবলৈও বোজা যেন হৈ পৰে। সেয়েহে বুজিব লাগিব যে সকলো সুখৰ মূলতে হৈছে স্বাস্থ্য। ধনহীন লোক দুখী-দৰিদ্ৰ হ’ব পাৰে, কিন্তু যাৰ স্বাস্থ্য বেয়া অর্থাৎ অসুস্থ লোক তাৰ সমানো দুখী নাইও সত্য। কথাতেই কয়—

সুখ নাই সুখ নাই কত ধৰুৱাৰ।

সুখ নাই সুখ নাই চিৰৰুগীয়াৰ।।

গতিকে ৰুগীয়াজন অর্থাৎ অসুস্থ স্বাস্থ্যৰজন যে অকল নিজেহে দুখ-কষ্ট অশান্তি আদি ভোগ কৰে। এনে নহয়, নিজৰ পৰিয়ালবৰ্গ তথা আত্মীয়স্বজনকো অনেক কষ্ট দিয়ে। ‘স্বাস্থ্যধন পৰম ধন’। স্বাস্থ্যৱান লোকজনেহে প্রকৃত সুখী। তেওঁহে প্রকৃত সুখ অনুভৱ কৰিব পাৰে। স্বাস্থ্যহীনজন ধনৰ ওপৰত বহি থাকিলেও প্রকৃত সুখৰ সোৱাদ নাপায়।

স্বাস্থ্য ৰক্ষাৰ কিছুমান নির্দিষ্ট নিয়ম আছে। এই বিষয়ে বিভিন্ন কিতাপ-পত্ৰ, টিভি ইত্যাদিত আজিকালি প্ৰচাৰ কৰিয়ে থাকে। যোগ, ব্যায়াম আদিৰ দ্বাৰা স্বাস্থ্য অটুট ৰাখিব পাৰি, তদুপৰি উচ্চ ৰক্তচাপ, মধুমেহ, বিষ ইত্যাদি বর্তমান জনসাধাৰণৰ মাজত সর্বাত্মক হৈ পৰা ৰোগবোৰো নিয়ন্ত্ৰণ কৰিব পাৰি। এই নিয়মবোৰ আমি ডাঙৰবোৰে যেনেদৰে মানি চলিব লাগে, তেনেদৰে ল’ৰা-ছোৱালীবোৰকো সৰুৰে পৰা শিকাব লাগে। তদুপৰি পুৱা সোনকালে উঠা, নিয়মীয়া পৰিশ্রম কৰা, নিয়মিত খাদ্যাভাস, নির্মল পানী সেৱন কৰা আদি ল’ৰা-ছোৱালীয়ে সৰুৰে পৰা অভ্যাস কৰিব লাগে। যিবোৰ অনিয়ম আৰু কু-অভ্যাস সেইবোৰ সৰুৰে পৰাই ত্যাগ কৰিবলৈ শিকাব লাগে। তেনে নকৰিলে স্বাস্থ্যৰ অৱনতি ঘটে। অসমীয়াত এষাৰ কথা আছে— ‘দেহাই বেহা”, ইংৰাজীত যাক কোৱা হয় 'health is wealth — স্বাস্থ্যই উন্নতিৰ মূল। গতিকে স্বাস্থ্য অটুট ৰাখিবলৈ নিজেও যত্ন কৰিব লাগে আৰু ল’ৰা-ছোৱালীকো সৰুৰে পৰা শিকাব লাগে। আজিকালিৰ এই প্ৰদূষিত পৰিৱেশত সুস্বাস্থ্যৰ কাৰণে স্বাস্থ্যকৰ ঠাইৰো অভাৱ। সেয়েহে আজিৰ ল’ৰা-ছোৱালীয়ে সৰু কালৰ পৰাই স্বাস্থ্যকৰ পৰিৱেশৰ অভাৱত বিভিন্ন ৰোগত আক্রান্ত হোৱা দেখা যায়। বিশেষকৈ গ্রামাঞ্চলত বিশুদ্ধ খোৱাপানীৰ অভাৱত আৰ্চেনিক, ফ্ল’ৰাইডযুক্ত পানী সেৱন কৰি বহুতো ল’ৰা-ছোৱালী পংগু হোৱা বাতৰি আমি দেখিবলৈ-শুনিবলৈ পাইছো। ইয়াৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি সেইবিষয়ে সকলোৱে চিন্তা কৰা প্রয়োজন। নিজকে সুস্থ-সবল কৰি ৰাখিবলৈ আমি যেনেদৰে যত্ন কৰাটো, তেনেদৰে আমাৰ ভৱিষ্যৎ প্রজন্মবোৰকে স্বাস্থ্য ৰক্ষাৰ নীতি-নিয়মখিনি সুচাৰুৰূপে পালন কৰি নিজৰ স্বাস্থ্য সুস্থ-সবল কৰি ৰাখিবলৈ সৰুৰে পৰা শিকাব লাগে।

সৰ্বৰোগনাশক ঘেঁহুৰ অংকুৰ-


ঘেঁহুৰ অংকুৰ সৰ্বৰোগ নাশক গুণেৰে পৰিপূৰ্ণ। সকলো সেউজীয়া উদ্ভিদতে যদিও ক্লৰ'ফিল থাকে, ঘেঁহুৰ অংকুৰত থকা ক্লৰ'ফিল কিন্তু বিশিষ্ট গুণেৰে ভৰপূৰ। ঘেঁহুৰ অংকুৰৰ বিষয়ে গৱেষণা কৰি গৱেষক কৰি ডা: এন বিগমোৰে প্রমাণ কৰিছে যে ঘেঁহুৰ অংকুৰত থকা ক্লৰ'ফিল মানুহৰ তেজৰ সৈতে ৪০ শতাংশ সহজে মিলি যায়। সেয়েহে ঘেঁহুৰ অংকুৰৰ পৰা প্রাপ্ত ক্লৰ'ফিলক ‘সেউজীয়া ৰক্ত’ (green blood) বুলিও কোৱা হয়।

ঘেঁহুৰ অংকুৰৰ ৰসে দুৰাৰোগ্য কৰ্কট, কুষ্ঠৰোগ, পক্ষাঘাত, বাত, গাঁঠিৰ বিষ, ৰক্তদোষ, হাপানী, যক্ষ্মা, বদহজম, কুকুৰিকণা, চুলিৰ নানা সমস্যাৰ উপৰি নীৰৱ ঘাতকস্বৰূপ মধুমেহ ৰোগো আৰোগ্য কৰিব পাৰে।

আয়ুর্বেদিক বৈদ্যসকলে অমৃত ৰসৰ আখ্যা দিয়া ঘেঁহুৰ অংকুৰৰ ৰস সদায় পান কৰিব পাৰিলে শৰীৰৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পোৱাৰ লগতে ই নতুন ৰক্তকোষো নির্মাণ কৰে। সেয়ে ৰক্তহীনতা ৰোগীৰ বাবে ই মহৌষধো। ঘেঁহুৰ অংকুৰে বহু ৰোগৰ বীজাণুও ধ্বংস কৰি ৰোগ আৰোগ্য হোৱাত সহায় কৰে। সুস্থ বা অসুস্থ সকলো লোকৰে লাভদায়ক ঘেঁহুৰ অংকুৰৰ ৰসে গুৰিৰ পৰা ৰোগৰ পুলি-পোখা পর্যন্ত ধ্বংস কৰিব পাৰে।

ঘৰতে গজাওক, ঘেঁহুৰ অংকুৰ

প্রথমতে আপুনি কমেও ৮-১০টামান বহল ট্ৰে আকাৰৰ প্লাষ্টিক, মাটিৰ টাব বা ডাঙৰ টেমা কাটিলৈ সাৰুৱা মাটি (গোবৰ, কেঁচু সাৰ, জৈবিক সাৰযুক্ত)ৰে ভৰাই দিয়ক। ৰাতি ১০০ গ্রামমান ঘেঁহু তিয়াই পিছদিনা সেইখিনি মাটিৰে ভৰা পাত্ৰটোত আধা ইঞ্চি পোত যোৱাকৈ ছটিয়াই দিয়ক। এইদৰে এদিনৰ অন্তৰত প্ৰতিটো পাত্রতে গুটি সিচি দিয়ক। ঘেঁহুবোৰৰ গজালি নেমেলালৈকৈ পুৱা-গধূলি এবাৰকৈ পানী ছটিয়াই থাকক। মন কৰিব পাত্ৰবোৰ যেন ছাঁ আৰু পর্যাপ্ত বতাহ পাই থাকে। এসপ্তাহমানৰ ভিতৰত যেতিয়া প্রথম পাত্ৰৰ ঘেঁহুৰ অংকুৰ ছয়-সাত ইঞ্চিমান হয়, তেতিয়া ই প্রয়োগৰ বাবে উৎকৃষ্ট হয়।

কেনেকৈ প্ৰয়োগ কৰিব

পাত্ৰৰ পৰা ঘেঁহুৰ অংকুৰবোৰ শিপাৰে সৈতে উভালি আনি ভালদৰে ধুই শিপাবোৰ কাটি পেলাওক। এতিয়া অংকুৰবোৰ পটা বা মিক্সিত পিহি ৰস উলিয়াই প্রতিদিনে ৫০ মিঃ লিঃকৈ পুৱা-গধূলি পান কৰক।

মনত ৰাখিব

ঘেঁহুৰ অংকুৰৰ ৰসত নিমখ বা নেমু নিমিহলাব। অৱশ্যে পদিনা বা বিশুদ্ধ মৌ মিহলাব পাৰে।

ৰসবোৰ তিনি ঘন্টামানৰ ভিতৰত পান কৰক।

 

উৎস:- উষা দেৱী অসম বাণী, প্ৰসাদ দাস অসম বাণী।

2.76
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top