অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বাৰ্তাঃ

স্বাস্থ্য বাৰ্তাঃ

(ক) পিতলৰ আচবাবে হস্পিতালৰ সংক্ৰমণ ৰোধ কৰিব পাৰেঃ হস্পিতালৰ বিছনাৰ ৰেলিঙে ৰোগীৰ শৰীৰলৈ সংক্ৰমণকাৰী বেক্টেৰিয়া প্ৰসাৰিত কৰে। সেয়া ৰোধ কৰিবলৈ আমেৰিকাৰ কেইখনমান হস্পিতালত তামৰ ৰেলিং ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰমাণিত হৈছে যে তামে বেক্টেৰিয়া, ইষ্ট আৰু ভাইৰাছ ধ্বংস কৰে আৰু হস্পিতালৰ সংক্ৰমণৰ হাৰ ৫০ শতাংশ হ্ৰাস পায়। কিছুমান হস্পিতালত ৰেলিঙৰ উপৰি আন আচবাবত তাম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে তামৰ চুইচ বৰ্ড, শৌচাগাৰৰ ফ্লাছাৰ, স্নানাগাৰ ৰেলিং, টেবুলৰ উপৰভাগ আদি।

(খ) অধিক পৰিমাণে দৈ খালে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়ঃ সৰহকৈ দৈ খালে ডায়েবেটিছৰ সম্ভাৱনা ১৮ শতাংশ হ্ৰাস পায়। হাভাৰ্ডত কৰা এক গৱেষণাৰ পৰা এই কথা জানিব পৰা গৈছে। দৈত যথেষ্ট পৰিমাণে প্ৰোবায়’টিক থাকে আৰু ই ইনচুলিনৰ সংবেদনশীলতা উন্নত কৰে আৰু প্ৰদাহ প্ৰশমিত কৰে। অৱশ্যে এই সন্দৰ্ভত অধিক গৱেষণা তথা সম্পৰীক্ষাৰ প্ৰয়োজন আছে।

লেখক:ডাঃ জীৱন দত্ত বৰুৱা

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate