অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তাঃ

স্বাস্থ্য বাৰ্তা লিখা হৈছে

 

মজিয়াত পৰা খাদ্য আৰু বীজাণুঃ

বহুতেই বিশ্বাস কৰে যে মজিয়াত পৰা খাদ্য তৎকালেই তুলি লৈ খালে একো বেমাৰ নহয়। এই সন্দৰ্ভত ৰাটজাৰ বিশ্ববিদ্যালয়ত এটা পৰীক্ষা কৰা হৈছিল। পৰীক্ষকসকলে চাৰিবিধ খাদ্য- তৰমুজ, পাওৰুটী, বাটাৰ লগোৱা পাওৰুটী আৰু আঠালেতীয়া মিঠাই চাৰিধৰণৰ মজিয়াত (ষ্টেইনলেছ ষ্টিল, ছিৰামিক টাইলছ, কাঠ আৰু কাৰ্পেট) বিভিন্ন সময়ৰ বাবে (এক ছেকেণ্ডতকৈ কম, পাঁচ ছেকেণ্ড, ত্ৰিশ ছেকেণ্ড আৰু পাঁচ মিনিট) পেলাই ৰাখি পাছত তুলি লৈ পৰীক্ষা কৰিলে। দেখা গ’ল যে দীৰ্ঘ সময়ৰ বাবে পেলাই ৰখা খাদ্যদ্ৰব্য অধিক বীজাণুৱে দূষিত কৰে। অৱশ্যে সময়ে একমাত্ৰ কাৰক নহয়। ষ্টেইনলেছ ষ্টিল, ছিৰামিক টাইলছে কাৰ্পেটতকৈ অধিক বীজাণু শোষণ কৰে। তিতি থকা খাদ্যই (তৰমুজ) শুকান খাদ্যতকৈ অধিক পৰিমাণৰ বীজাণু শোষণ কৰে। ফলাফল এনেধৰণৰ- বিভিন্ন পৰিৱেশত খাদ্যলৈ এক ছেকেণ্ডতকৈ কম সময়তে বীজাণু শোষণ কৰি লব পাৰে।

স্তনৰ কেঞ্চাৰ আৰু আই ভি এফঃ

 

স্বাস্থ্য-বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি ধাৰণা কৰিছিল যে আই ভি এফ কৰিলে এসময়ত স্তনৰ কেঞ্চাৰ হ’ব পাৰে। কিয়নো এনেধৰণৰ নিসেচনত ইষ্টাডিয়ল আৰু প্ৰজেষ্টেৰণৰ বেজী দিয়া হয়। এই হৰম’ন অধিক পৰিমাণে শৰীৰত থাকিলে স্তনৰ কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। কিন্তু ১৯ হেজাৰৰো অধিক মহিলাৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা দেখা গৈছে যে ১৯৮০ৰ দশক আৰু ১৯৯০ দশকৰ আগছোৱাত আই ভি এফ বা মহিলাসকলৰ স্তনৰ কেঞ্চাৰৰ সম্ভাৱনা সাধাৰণ মহিলাতকৈ অধিক নহয়। অৰ্থাৎ আই ভি এফৰ সৈতে স্তন কেঞ্চাৰৰ সম্ভাৱনা নাই।

দিবানিদ্ৰা আৰু ডায়েবেটিছঃ

 

আপুনি দিনত এক ঘণ্টাতকৈ অধিক সময় শোৱে নেকি- যদি শোৱে আপোনাৰ ডায়েবেটিছ হৈছে নেকি পৰীক্ষা কৰক। তিনি লাখ ব্যক্তিৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ৬০ মিনিটতকৈ অধিক সময়ৰ দিবানিদ্ৰাই টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা ৪৫ শতাংশ বৃদ্ধি কৰে। কিন্তু এই কথা স্পষ্ট নহ’ল- অধিক দিবানিদ্ৰাৰ বাবে ডায়েবেটিছ হয় নে ডায়েবেটিছৰ কাৰণে অধিক দিবানিদ্ৰা হয়।

বটলত থকা ধাতু আৰু স্বাস্থ্যঃ

অধিক পৰিমাণৰ পানীয় কোকাকোলা আদি নাখাব। ই মাথোন অধিক কেলৰীযুক্তই নহয়, এইবোৰত সীহ, কেডমিয়াম আৰু ক্ৰমিয়ামৰ লেখীয়া ধাতৱ দ্ৰব্যও থাকে। কলকাতাত কৰা এক অধ্যয়নৰ পৰা দেখা গৈছে যে এই পানীয় পেক কৰা পলিথাইলিন পেৰেটথেলেট বটলত অধিক পৰিমাণে এই ধাতুসমূহ পোৱা যায়। এই ধাতুবোৰ কেঞ্চাৰৰ কাৰক হ’ব পাৰে। তদুপৰি মগজু, স্নায়ুতন্ত্ৰ, বৃক্ক আৰু শ্বাসতন্ত্ৰৰ বিকাৰো হ’ব পাৰে।

বেক্টেৰিয়াৰোধী চাবোন হানিকাৰক হ’ব পাৰেঃ

আমেৰিকাৰ খাদ্য আৰু ঔষধি প্ৰশাসনে (এফ ডি এ) বেক্টেৰিয়াৰোধী চাবোনত ব্যৱহাৰ কৰা কেতবোৰ দ্ৰব্য নিষিদ্ধ কৰিছে। এইবোৰ হ’ল ট্ৰাইক্ল’ছান, ট্ৰাইক’কাৰ্বন আৰু অন্যান্য বেক্টেৰিয়াৰোধী দ্ৰব্য। জন্তুৰ ওপৰত কৰা পৰীক্ষাত দেখা গৈছে যে ট্ৰাইক্ল’ছানে হৰম’নৰ বিসংগতি সৃষ্টি কৰিব পাৰে। এই কথাও জানিব পৰা গৈছে যে বেক্টেৰিয়াৰোধী চাবোন সাধাৰণ চাবোনতকৈ অধিক কাৰ্যক্ষম নহয়। অৱশ্যে হস্তপোষক (হেণ্ড ছেনিটাইজাৰ) আৰু মলচক নেপকিন (ৱাইপ) সাধাৰণতে হানিকাৰক দ্ৰব্য নাথাকে বুলি জানিব পৰা গৈছে।

প্ৰ’ষ্টে গ্ৰন্থিৰ কেঞ্চাৰৰ নতুন চিকিৎসাঃ

প্ৰ’ষ্টে গ্ৰন্থিৰ কেঞ্চাৰৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ চিকিৎসা উপলব্ধ হৈছে। অষ্ট্ৰেলিয়াৰ ডীকিন বিশ্ববিদ্যালয়ত কৰা এক অধ্যয়নৰ পৰা দেখা গৈছে যে ডক্সেৰুবিচিন আৰু গৰুৰ গাখীৰত থকা লেক্টোফেৰিণৰ মিশ্ৰণ কৰি প্ৰ’ষ্টে কেঞ্চাৰৰ ফলপ্ৰসূ চিকিৎসা কৰিব পাৰি। যিবোৰ কেঞ্চাৰ কেম’থেৰাপীৰ দ্বাৰা নিৰাময় কৰিব নোৱাৰি, তেনে ক্ষেত্ৰত এই নতুন চিকিৎসা কাৰ্যকৰী হ’ব পাৰে। অৱশ্যে ডক্সেৰুবিচিন মগজু, হৃদপিণ্ড আৰু বৃক্কৰ বাবে অতিশয় বিষাক্ত বুলি চিনাক্ত কৰা হৈছে। এই দিশত আৰু অধিক পৰীক্ষা-নিৰীক্ষা চলি আছে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top