অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তাঃ

স্বাস্থ্য বাৰ্তা লিখা হৈছে

 

যক্ষ্মা ৰোগৰ নতুন চিকিৎসাঃ

 

ভাৰতীয় গৱেষকসকলে শালগছৰ পাতত থকা বাৰ্জেনিন নামৰ এবিধ ফাইট’কেমিকেল ব্যৱহাৰ কৰি নিগনিৰ হাঁওফাঁওত স্থিতি লোৱা যক্ষ্মা ৰোগৰ বীজাণুৰ সংখ্যা ৬০ দিনৰ ভিতৰত এশ গুণ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। যক্ষ্মা ৰোগ চিকিৎসাৰ বাবে সচৰাচৰ ব্যৱহৃত এণ্টিবায়’টিকসমূহে পোনপটীয়াকৈ ৰোগৰ বীজাণু ধ্বংস কৰে। আনহাতে বাৰ্জেনিনে আক্ৰান্ত নিগনিৰ ৰোগ প্ৰতিৰোধ শক্তি স্পন্দিত কৰি ৰোগৰ বীজাণু ধ্বংস কৰাত সহায় কৰে। বাৰ্জেনিনে বৃহৎ ভক্ষক কোষৰ ভিতৰত থকা বীজাণু ধ্বংস কৰিব পৰাকৈ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে বাৰ্জেনিনে যক্ষ্মা ৰোগৰ বীজাণুৰ সংখ্যা হ্ৰাস কৰে আৰু ৰোগৰ ঔষধৰ সৈতে ব্যৱহাৰ কৰিলে ই যক্ষ্মা ৰোগ সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। এই তথ্য প্ৰকাশ কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আণৱিক ভেষজ বিদ্যা বিভাগৰ গোৱৰ্ধন দাসে। যিহেতু বাৰ্জেনিনে পোনপটীয়াকৈ যক্ষ্মাৰ বীজাণু ধ্বংস নকৰে, ৰোগ প্ৰতিৰোধ শক্তিহে বৃদ্ধি কৰে, গতিকে এই দ্ৰব্য এণ্টিবায়’টিকৰ সৈতে ব্যৱহাৰ কৰিলে এণ্টিবায়’টিক প্ৰতিৰোধী যক্ষ্মাৰ বীজাণু ধ্বংস কৰাৰ ক্ষেত্ৰতো সহায়ক হ’ব পাৰে।

গৱেষণাটো কৰা হৈছে যক্ষ্মাত আক্ৰান্ত নিগনিৰ ওপৰত। দেখা গৈছে বাৰ্জেনিন ব্যৱহাৰ কৰি নিগনিৰ ৰোগ প্ৰতিৰোধ শক্তি স্পন্দিত কৰিব পাৰি। এনেদৰে নিগনিৰ আক্ৰান্ত কোষবোৰৰ ভিতৰত থকা যক্ষ্মাৰ বীজাণু ধ্বংস কৰিব পাৰে। অৱশ্যে বাৰ্জেনিনে সংক্ৰমিত নিগনিৰ যক্ষ্মা সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰে। লগত নিৰ্দিষ্ট এণ্টিবায়’টিকৰ ব্যৱহাৰ কৰিলেহে ৰোগ সম্পূৰ্ণৰূপে নিৰাময় হ’ব।

গৱেষণাৰ পৰা এই কথাও জানিব পৰা গৈছে যে বৃহৎ ভক্ষক কোষৰ উপৰি বাৰ্জেনিনে অন্য ৰোগ প্ৰতিৰোধী শক্তি সৃষ্টিকাৰী ‘টি’কোষৰ ওপৰতো ক্ৰিয়া কৰে। তদুপৰি যক্ষ্মা ৰোগত সৃষ্টি হোৱা মাংসোৎসাদনীয় ক্ষতৰ সংখ্যাও হ্ৰাস কৰে। বাৰ্জেনিনে নাইট্ৰিক অক্সাইড আৰু চাইট’কাইনৰ মাত্ৰাও বৃদ্ধি কৰে। ইণ্টাৰফেৰ’নগামাৰ মাত্ৰাও বৃদ্ধি কৰে। এইবোৰ পদাৰ্থই আক্ৰান্ত নিগনিৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে।

বাৰ্জেনিন সম্পৰ্কে প্ৰথমে চিন্তা কৰিছিল কৰ্ণাটকৰ বেলগামস্থিত পৰম্পৰাগত ঔষধৰ গৱেষণা কৰা সংস্থাৰ সঞ্চালক ডাঃ দেৱপ্ৰসাদ চট্টোপাধ্যায়ে। তেওঁ লক্ষ্য কৰিছিল যে জনজাতীয় লোকসকলে বিভিন্ন ঘাৰ শুকান হিচাপে শালগছৰ পাত ব্যৱহাৰ কৰিছিল। গতিকে তেওঁ এই সম্পৰ্কত কিছু গৱেষণা আৰম্ভ কৰে। পিছলৈ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰচুৰ গৱেষণা কৰি বাৰ্জেনিন ঔষধি গুণ সম্পৰ্কে নিশ্চিত হয়। মানুহৰ ক্ষেত্ৰত এনে পৰীক্ষা কৰিলেহে বাৰ্জেনিন যক্ষ্মা ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা হ’ব।

হৃদপিণ্ডৰ আঘাত- চিকিৎসাৰ বাবে আমগছৰ ব্যৱহাৰঃ

 

দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইম্‌ছ)ৰ চিকিৎসকৰ এটা দলে গৱেষণা কৰি জানিব পাৰিছে যে আমগছৰ বিভিন্ন অংশৰ পৰা আহৰণ কৰা মেংগিফেৰিনে ডায়েবেটিছ ৰোগত ভোগা এন্দুৰৰ হৃদপিণ্ডৰ আঘাত প্ৰতিৰোধ কৰিব পাৰে। হাৰ্ট এটেকৰ পাছত হৃদপিণ্ডলৈ পুনৰ ৰক্ত প্ৰৱাহিত হয়। ইয়াৰ ফলত হৃদপিণ্ডৰ কোষ আঘাতপ্ৰাপ্ত হয়। মেংগাফেৰিনে এই আঘাত ৰোধ কৰিব পাৰে। মেংগাফেৰিন আমগছৰ ছাল, পাত আৰু ফলত পোৱা যায়। ইয়াৰ কেইবাটাও লাভপ্ৰদ গুণ থাকে। যেনে- মুক্তমূলক প্ৰতিৰোধিতা, টেমুনা ৰোধক, কেঞ্চাৰ ৰোধক, ডায়েবেটিক ৰোধক, বেক্টেৰিয়া ৰোধক আদি।

অধ্যয়নৰ পৰা গৱেষকসকলে এন্দুৰৰ তিনিটা গোটৰ শৰীৰত ডায়েবেটিছ ৰোগ সৃষ্টি কৰে। প্ৰথম গোট এন্দুৰৰ হৃদপিণ্ডত আঘাত সৃষ্টি কৰা নহয়। দ্বিতীয় গোটৰ হৃদপিণ্ডত আঘাত সৃষ্টি কৰা হয়, কিন্তু মেংগাফেৰিন ব্যৱহাৰ কৰা নহয়। তৃতীয় গোটৰ এন্দুৰৰ ক্ষেত্ৰত ২৮ দিন মেংগাফেৰিন ব্যৱহাৰ কৰা হয়। তাৰ পাছত হৃদপিণ্ডত আঘাত সৃষ্টি কৰা হয়। আটাইবোৰ এন্দুৰ মাৰি বিভিন্ন মাপাংক অধ্যয়ন কৰা হয়।

দেখা গ’ল, মেংগাফেৰিন ব্যৱহাৰ কৰা গোটৰ এন্দুৰবোৰৰ হৃদপিণ্ডৰ ৰক্তপ্ৰৱাহৰ শক্তি বৃদ্ধি পায়, যুক্তমূলক দ্ৰব্য স্বাভাৱিক অৱস্থালৈ আহে, হৃদপিণ্ডৰ কোষৰ স্ফীতি ৰোধ হয় আৰু কোষ ধ্বংস ৰোধ হয়। আঘাত সত্ত্বেও হৃদপিণ্ডৰ মাংসপেশীৰ হৰণ-ভগন নোহোৱাকৈ থাকে।

অধ্যয়নৰ পৰা এই কথাও জানিব পৰা গৈছে যে ডায়েবেটিছ ৰোগীৰ তেজত থকা চেনিয়ে এবিধ বিশেষ প্ৰ’টিন উৎপন্ন কৰে। এই প্ৰ’টিনে ৰোগীৰ দেহত বিভিন্ন জটিলতাৰ সৃষ্টি কৰে। মেংগাফেৰিনে এই প্ৰ’টিনৰ মাত্ৰা হ্ৰাস কৰি হৃদপিণ্ডৰ সুৰক্ষা দিয়ে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

গৰমৰ দিনৰ আন্ত্ৰিক ৰোগঃ

 

আমাৰ ৰাজ্যখনত প্ৰতি বছৰে বিশেষকৈ গৰমকালি জলবাহিত ৰোগত ভালেমান ব্যক্তি আক্ৰান্ত হয় আৰু ইয়াৰ এক বুজনসংখ্যকৰ মৃত্যু হয়। জলবাহিত বিভিন্ন ৰোগৰ ভিতৰত আন্ত্ৰিক ৰোগবোৰ হৈছে গুৰুত্বপূৰ্ণ। দূষিত খোৱাপানী সেৱনৰ বাবেই ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত আন্ত্ৰিক ৰোগৰ প্ৰকোপ বেছি। গৰমৰ দিন আৰু বাৰিষা কালত পানীৰ প্ৰদূষণৰ মাত্ৰা তুলনামূলকভাৱে বেছি হয়। এনেবোৰ কাৰকৰ প্ৰভাৱত এইখিনি সময়ত হোৱা নানা আন্ত্ৰিক ৰোগবোৰৰ ভিতৰত অন্যতম হৈছে ডায়েৰীয়া। মাত্ৰাৰ ভিন্নতা থাকিলেও আবাল-বৃদ্ধ-বণিতা নিৰ্বিশেষে সকলোৱেই এই ৰোগত এইখিনি সময়ত আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা বিৰাজমান। এইখিনিতে মই পৰিসাংখ্যিক দৃষ্টিকোণৰ পৰা স্বীকৃত সত্য এটি উল্লেখ কৰিমহঁক। বছৰটোৰ যিকোনো সময়তে এজন ব্যক্তি ডায়েৰীয়াকে ধৰি নানা ধৰণৰ আন্ত্ৰিক ৰোগত আক্ৰান্ত হয় যদিও মে’ৰ পৰা জুলাই মাহৰ ভিতৰত এই ৰোগৰ প্ৰকোপ বেছিকৈ অনুভূত হয়।

স্বাভাৱিক গুণাগুণবিশিষ্ট নিয়মীয়াভাৱে হোৱাৰ পৰিৱৰ্তে অত্যধিক বেছিবাৰলৈকে পনীয়া ধৰণৰ শৌচ হ’লে ডায়েৰীয়া হোৱা বুলি আখ্যা দিয়া হয়। ব্যক্তিভেদে শৌচাভ্যাসৰ ভিন্নতা থাকিব পাৰে। কোনো ধৰণৰ আগজাননী অবিহনে অকস্মাতে ৰোগ আৰম্ভ হয়। ৰোগীৰ উপসৰ্গৰ বাহ্যিক প্ৰকাশৰ ওপৰত ভিত্তি কৰি ডায়েৰীয়া বা পেটচলা বা পেট বোৱা ৰোগৰ দুটা প্ৰকাৰ থাকে- Acute (অকস্মাতে উৎপত্তিজনিত) আৰু Chronic (দীৰ্ঘকালীন)। কোনো এজন ব্যক্তি পাছৰ বিধত আক্ৰান্ত হোৱা বুলি কোৱা হয় যদিহে তিনি সপ্তাহতকৈ বেছি সময় একেলেথাৰিয়ে পেট চলা ৰোগত ভুগি থাকে। আনহাতে মাথোঁ ৩-৫ দিনৰ ভিতৰত উপসৰ্গবোৰৰ বাহ্যিক প্ৰকাশ ঘটিলে প্ৰথমবিধত আক্ৰান্ত হোৱা বুলি ধৰা হয়। একিউট ডায়েৰীয়া পথ্যৰ জৰিয়তে বা স্বতঃস্ফূৰ্তভাৱে প্ৰশমিত হয় যদিও চিকিৎসকৰ পৰামৰ্শ লোৱা সমীচীন। অন্যথা পুনৰাক্ৰমণ বা অন্যান্য আনুষংগিক জটিলতা সৃষ্টিৰ শংকা বিৰাজমান।

পেটচলা ৰোগৰ শ্ৰেণী বিভাজনঃ

 

ৰোগ সৃষ্টিকাৰী কাৰকৰ ওপৰত নিৰ্ভৰ কৰি এইবিধ ৰোগৰ কেইবাটাও প্ৰকাৰ আছে। এইবোৰৰ ভিতৰত অন্যতম উল্লেখনীয় কেইবিধমান হৈছে- (১) বেক্টেৰিয়াজনিত (২)ভাইৰাছজনিত (৩) পৰজীৱীঘটিত আৰু (৪) দৰবৰ পাৰ্শ্বক্ৰিয়াজনিত। ইয়াৰে ভিতৰত প্ৰথম দুবিধৰ বাবেই সতকাই ৰোগবিধৰ সৃষ্টি হয়। যিবোৰ বেক্টেৰিয়াৰ বাবে ডায়েৰীয়া ৰোগৰ সৃষ্টি হয়, সেইবোৰৰ ভিতৰত কেইবিধমান হৈছে ই-কোলাই, কেম্পাইলোবেক্টাৰ, ছালমোনেলা, ছিগেলা। ইয়াৰ প্ৰথমবিধ পৰিস্থিতিসাপেক্ষে অন্ত্ৰত নিৰপেক্ষ স্থিতি অৱলম্বন কৰে যদিও সুবিধাজনক পৰিস্থিতিৰ (দুৰ্বল দৈহিক সুৰক্ষা ব্যৱস্থা) গইনা লৈ ই ৰোগৰ সৃষ্টি কৰে। বেক্টেৰিয়াঘটিত ৰোগৰ হেতুকে তৰল শৌচৰ লগত তেজৰ বহিৰ্গমন ঘটে। সময়সাপেক্ষে বিজলুৱা দ্ৰৱৰো বহিৰ্গমন ঘটে। আনুষংগিকভাৱে জ্বৰ উঠিব পাৰে। ঘাইকৈ অপৰিষ্কাৰ খোৱাপানী আৰু খাদ্যবস্তুৰ বিষক্ৰিয়াৰ হেতুকে শৰীৰত বেক্টেৰিয়াৰ প্ৰৱেশ ঘটে।

ইয়াৰ বিপৰীতে ভাইৰাছঘটিত পেটচলা ৰোগৰ হেতুকে পনীয়া শৌচ হয় যদিও তেজ আৰু বিজলুৱা দ্ৰব্যৰ বহিৰ্গমন নঘটিবও পাৰে। আনহাতে এনেধৰণৰ পেটচলা ৰোগত বমি হয় আৰু লগতে পেটৰ কামোৰণি অনুভূত হয়। শৈশৱকালীন পেটচলা ৰোগৰ ঘাই হেতু হৈছে ভাইৰাছ।

পৰজীৱীঘটিত আক্ৰমণ হৈছে পেটচলা ৰোগৰ আন এটা গুৰুত্বপূৰ্ণ কাৰক। জিয়াৰ্ডিয়া লামব্ৰিকইড নামৰ পৰজীৱীবিধৰ ভূমিকা এইক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয়। দূষিত খোৱাপানী সেৱনৰ মাধ্যমেদি এইবিধ পৰজীৱীৰ অনুপ্ৰৱেশ শৰীৰত ঘটে।

কেতিয়াবা আকৌ কেতবোৰ দৰব ভক্ষণৰ পাছত পাৰ্শ্বক্ৰিয়াৰূপে পেট চলিব পাৰে। এইক্ষেত্ৰত বিশেষভাৱে কেতবোৰ এণ্টিবায়’টিক শ্ৰেণীভুক্ত দৰবৰ উপৰি ভেঁকুৰনাশক দৰবৰ বিষয়েও উল্লেখ কৰিব পাৰি। শৰীৰৰ ভিতৰত ঘটা কিছুমান বিক্ৰিয়াৰ স্বাভাৱিক গুণধৰ্ম ব্যাহত হোৱাৰ হেতুকেই পেটচলা ৰোগৰ উৎপত্তি হয়। এই সন্দৰ্ভত মই সবিস্তাৰিত বৰ্ণনা নিদিওঁ যদিও এইবোৰৰ ভিতৰত এক উল্লেখনীয় বিক্ৰিয়া হৈছে ‘অ’ছম’ছিছ’।

উপসৰ্গসমূহঃ

কাৰক অনুযায়ী উপসৰ্গৰ ভিন্নতাৰ বিষয়ে মই ইতিমধ্যে উল্লেখ কৰিছোৱেই। ভাইৰাছঘটিত পেটচলা ৰোগত সাইলাখ পানীৰ লেখীয়া শৌচ বাৰম্বাৰ হ’ব পাৰে। পৰৱৰ্তী সময়ত শৌচৰ প্ৰকৃতি চাউল ধোৱা পানীৰ দৰে হয়। ৰোগীয়ে কিমান বাৰ বাহিৰলৈ গৈছে তাৰ কোনো লেখ নোহোৱা পৰ্যায় প্ৰাপ্তি হয়। অৱসাদগ্ৰস্ততা হেতুকে (ঘাইকৈ ইলেক্ট্ৰোলাইট আৰু তৰল দ্ৰব্যৰ শৌচৰ সৈতে বহিৰ্গমনৰ ফলত) ৰোগীৰ কাম-বন কৰিবলৈ সমূলি মন নোহোৱা হয়। নিৰ্জলীভৱনৰ হেতুকে ৰোগীৰ জিভা শুকাই যায়। ক্ৰমান্বয়ে ৰোগীৰ অৱস্থাৰ অৱনতি ঘটিলে হাত-ভৰি চেঁচা পৰে আৰু আনুষংগিকভাৱে প্ৰস্ৰাৱৰ পৰিমাণ টুটি যায়। নাড়ীৰ স্পন্দনৰ নিৰিখ ক্ষীপ্ৰতৰ হয় আৰু শ্বাস-প্ৰশ্বাসৰ মাত্ৰা দ্ৰুততৰ হয়। এই অৱস্থাটিক চিকিৎসা বিজ্ঞানৰ ভাষাত Peripheral Circulatory Failure বোলে। সৰ্বসাধাৰণৰ ভাষাত এই অৱস্থাটিক শ্ব’ক বোলে। শেহান্তৰত আক্ৰান্ত ব্যক্তিগৰাকীৰ চেতন অৱস্থাৰ অৱনতি অজ্ঞান হৈ যাবও পাৰে। সময়সাপেক্ষে জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে এষাৰ কথা অনস্বীকাৰ্য যে পেটচলা বা ডায়েৰীয়া ৰোগত ভোগা প্ৰতিগৰাকী ব্যক্তিয়েই যে অৱধাৰিতভাৱে এই অৱস্থাটিত আক্ৰান্ত হ’ব সেই কথা সত্য নহয়। ইমানখিনি আলোচনা কৰাৰ পাছত এই ৰোগৰ বিপক্ষে গ্ৰহণযোগ্য প্ৰতিষেধকমূলক ব্যৱস্থাৰ বিষয়ে দুষাৰমান কমহঁক।

প্ৰথম আৰু অতি গুৰুত্বপূৰ্ণ কথাষাৰ হৈছে যে গৰমৰ দিনত আৰু বিশেষকৈ বাৰিষাৰ সময়ছোৱাত যিকোনো উৎসৰ পৰা খোৱাপানী সেৱন কৰা অনুচিত। আজিকালি বজাৰত বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানে প্ৰস্তুত কৰা মিনাৰেল ৱাটাৰৰ বটল ক্ৰয়ৰ বাবে সহজতে পোৱা যায় যদিও ইয়াৰ কিছুমানৰ গুণগত মান সম্বন্ধে সন্দেহৰ অৱকাশ আছে।

দ্বিতীয়তে, কেঁচা ফল আৰু শাক-পাচলি খোৱাৰ পূৰ্বে বিশুদ্ধ (সম্ভৱপৰ ক্ষেত্ৰত উতলোৱা) পানীৰে ভালদৰে ধুব লাগে।

(৩) প্ৰধানমন্ত্ৰীৰ ‘স্বচ্ছ ভাৰত’ অভিযানৰ সুপ্ৰভাৱ সমগ্ৰ দেশতেই ভালকৈয়ে পৰিছে যদিও আমাৰ সমাজত প্ৰচলিত নিতান্তই গৰ্হিত এটা অভ্যাসৰ অৱলুপ্তি এতিয়াও ঘটা নাই। সেয়া হৈছে মুকলি আকাশৰ তলত য’তে ত’তে শৌচ-প্ৰস্ৰাৱ কৰাৰ কুপ্ৰথাটি। ইয়াৰ ফলত ৰোগীৰ মল যিকোনো উৎসৰ (খাল, পুখুৰী, নদী) পানীৰ সৈতে মিহলি হ’ব পাৰে। এনে উৎসৰ পৰা আহৰণ কৰা পানী সঠিকভাৱে ফিল্টাৰ কৰি উতলাই খাব লাগে। অন্যথা ৰোগৰ বীজাণু বিস্তাৰৰ শংকা থাকে।

(৪) আমাৰ সমাজত (ভাৰতীয়সকলৰ মাজত) প্ৰচলিত আন এক গৰ্হিত তথা স্বাস্থ্য হানিদায়ক প্ৰথা হৈছে ৰাজহুৱা স্থানত (খাল, দোং, পুখুৰী) কানি-কাপোৰ ধোৱা। ইয়াৰ জৰিয়তে পেটৰ বেমাৰৰ বীজাণু বিয়পিব পাৰে।

(৫) পেটচলা ৰোগৰ বীজাণু বিস্তাৰৰ আন এক উৎস হৈছে হাতৰ আঙুলিৰ নখ। দীঘলকৈ ৰখা নখত জমা হোৱা ময়লাৰ মাধ্যমেদি ৰোগৰ বীজাণু আহাৰ গ্ৰহণৰ সময়ত মুখেদি খাদ্যনলীত প্ৰৱেশ কৰে।

(৬) গৰমকালি সময়সাপেক্ষে অসহনীয় উত্তাপৰ পৰা সকাহ লভিবলৈ আমি ভক্ষণ কৰা কেতবোৰ খাদ্যৰ জৰিয়তেও পেটচলা ৰোগৰ বীজাণু মানৱ দেহত প্ৰৱেশ কৰে। এনেবোৰৰ ভিতৰত উল্লেখনীয় হৈছে শীতল পানীয় আৰু আইচক্ৰীম। এনেবোৰ খাদ্য-সামগ্ৰী প্ৰস্তুতিৰ সময়ত যদিহে দূষিত পানী ব্যৱহাৰ কৰা হয় য’ত নেকি ই-কোলাই বীজাণু থাকে, তেনেহ’লে খাদ্য গ্ৰহণকাৰী ব্যক্তিগৰাকীৰ শৰীৰত এনে বীজাণুৱে ক্ৰিয়া কৰি পেটচলা ৰোগৰ সৃষ্টি কৰে।

মোখনিত কওঁ যে পেটচলা ৰোগ হ’লে জিৰণিৰ অত্যন্ত দৰকাৰ। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সঠিক পৰীক্ষা-নিৰীক্ষাৰ ফলাফলৰ আধাৰত দৰব সেৱন কৰিব লাগে। অ’ আৰ এছৰ এইক্ষেত্ৰত এক উল্লেখনীয় তথা অনবদ্য ভূমিকা আছে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

বায়ু প্ৰদূষণত সুৰক্ষা প্ৰদানকাৰী ভিটামিন-বিঃ

 

পৃথিৱীৰ বাতাৱৰণত ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষণৰ ফলত মানুহৰ নানা বেমাৰ-আজাৰ, এলাৰ্জী আনকি মৃত্যু হোৱা দেখা যায়। ইয়াৰ ফলত আনকি অন্য জীৱ যেনে- জন্তু, শস্য আদিৰ ক্ষতি কৰে আৰু পৰিৱেশৰ, প্ৰকৃতিৰ বহুতো ক্ষতিসাধন কৰে।

গৱেষণা কৰি পোৱা গৈছে যে বায়ু প্ৰদূষণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা ভিটামিন ‘বি’য়ে কিছু পৰিমাণে সুৰক্ষা প্ৰদান কৰিব পাৰে। বি বি চিৰ পৰা জানিব পৰা গৈছে যে যুক্তৰাষ্ট্ৰৰ গৱেষকে গৱেষণা কৰি দেখিছে যে উচ্চ মাত্ৰাত ভিটামিন- ‘বি’ গ্ৰহণ কৰিলে মাৰাত্মক বায়ু প্ৰদূষণৰ বাবে যি ক্ষতি হয় তাৰ পূৰাপূৰি পূৰণ কৰা সম্ভৱ হয়।

বায়ু প্ৰদূষণজনিত ক্ষতিপূৰণত ভিটামিন ‘বি’য়ে প্ৰকৃততে প্ৰভাৱ পেলায়। ইয়াৰ ওপৰত আৰু গৱেষণাৰ প্ৰয়োজন।

বিশ্বজুৰি বায়ু প্ৰদূষণ দিনক দিনে গভীৰ উদ্বেগৰ কাৰণ হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যানুযায়ী বিশ্বৰ ৯০ শতাংশ মানুহ দূষিত বায়ুৰ মাজত বাস কৰে।

গৱেষণাত প্ৰাথমিকভাৱে কিছু লোকক বিশুদ্ধ বতাহত ৰাখি শৰীৰৰ প্ৰতিক্ৰিয়া পৰ্যবেক্ষণ কৰা হয়। পাছত মাৰাত্মক দূষিত বায়ুৰ মাজত ৰাখি উচ্চ মাত্ৰাত ভিটামিন ‘বি’ খুওৱা হয়। এনেদৰে চাৰি সপ্তাহ গৱেষণা কৰি পোৱা গৈছে ভিটামিন ‘বি’য়ে মাৰাত্মক বায়ু প্ৰদূষণজনিত ক্ষতি ২৮ শতাংশৰ পৰা ৭৬ শতাংশলৈ কমাবলৈ সক্ষম হয়।

গৱেষক দলৰ প্ৰধান হাৰ্ভাৰ্ড স্কুল অব্ পাব্লিক হেল্‌থ জিয়া ঝংৰ ভাষ্য অনুসৰি ‘যেতিয়া ভিটামিন ‘বি’ প্ৰয়োগ কৰা হয় বায়ু প্ৰদূষণজনিত ক্ষতি প্ৰায় পূৰাপূৰি পূৰণ কৰিব পাৰিছে’। গৱেষণাত খুব উচ্চ মাত্ৰাত ভিটামিন ‘বি’ ব্যৱহাৰ কৰিছে।

প্ৰয়োজনীয় ‘বি’ খাদ্যপ্ৰাণ শৰীৰত থাকিলে শৰীৰৰ খাদ্য জীন নিওৱা ক্ষমতা অটুট থাকে। শৰীৰত এই খাদ্যপ্ৰাণৰ অভাৱ হ’লে শৰ্কৰাজাতীয় খাদ্য জীন নাযায় ফলত শৰীৰ দুৰ্বল হয়, স্নায়ু দৌৰ্বল্য ৰোগ, হৃদ ৰোগ আদি নানা ৰোগে শৰীৰ আক্ৰমণ কৰে। এই ‘বি’ খাদ্যপ্ৰাণৰ অভাৱত বেৰি-বেৰি ৰোগ, শোথ ৰোগ আৰু আংশিক পক্ষাঘাত ৰোগ হয়। ‘বি’ খাদ্যপ্ৰাণে শৰীৰ বৃদ্ধিত সহায় কৰে। তিৰোতাৰ শৰীৰত এই খাদ্যপ্ৰাণ পৰিমিত পৰিমাণে নাথাকিলে অতিৰজঃ ৰোগ হয়, গৰ্ভৱতীৰ গৰ্ভস্থ সন্তান নষ্ট হয়। এই খাদ্যপ্ৰাণৰ অভাৱত মানুহ অল্পায়ু হয় আৰু কম বয়সতে জড়তাই শৰীৰ আক্ৰমণ কৰে, শিশুৰ মুখত আৰু জিভাত ঘা হয়।

ছয়াবীন, গাজৰ, ঢেঁকীত বনা চাউল, মাহ, যাঁতত বনা আটা, বাৰ্লি, মগু, মচুৰ দাইল, ফুলকবি আদিত সৰ্বাধিক ‘বি’ খাদ্যপ্ৰাণ থাকে। আন আন শ্বেতসাৰজাতীয় খাদ্য, নাৰিকল, বাদাম, আলুগুটি, ৰঙা আলু আৰু শাক-পাচলি আদি সকলো খাদ্যতে কম-বেছি পৰিমাণে ‘বি’ খাদ্যপ্ৰাণ আছে।

মাখন, ঘিউ, তেল আদি চৰ্বিজাতীয় খাদ্যত আৰু চেনি, গুৰ আদি খাদ্যত ‘বি’ খাদ্যপ্ৰাণ নাথাকে।

ভিটামিন ‘বি’ৰ লগতে পুৱা বিশুদ্ধ বায়ু সেৱন কৰিলে বায়ু প্ৰদূষণত ৰক্ষা পাব পাৰি। তদুপৰি প্ৰাণায়াম বায়ু প্ৰদূষণত সুৰক্ষা প্ৰদানকাৰী।

(উৎসঃ অসমীয়া খবৰ, নন্দিতা দাস)।

মানৱ শৰীৰত সীহৰ বিষক্ৰিয়াঃ

 

অতি প্ৰাচীন কালৰে পৰাই সীহ নামৰ মৌলটোৰ বিষয়ে মানুহে জানিছিল। ইয়াৰ লেটিন নাম প্লামবামৰ (Plumbum) পৰাই ইয়াৰ ৰাসায়নিক চিহ্ন Pb হ’ল। খ্ৰীঃ পূঃ ৭০০০ত ইজিপ্তত চৰু, কলহ আদিত চকচকীয়া প্ৰলেপ দিয়াত ইয়াক ব্যৱহাৰ কৰা হৈছিল। বেবিলনৰ বিখ্যাত ওলমা উদ্যানৰ জলীয় বাষ্প ধাৰণ কৰিবৰ বাবে মজিয়া হিচাপে সীহৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল। ৰোমানসকলে পানী পৰিবাহী পাইপ আৰু এই সম্বন্ধীয় কাম-কাজত সীহ ব্যৱহাৰ কৰিছিল। গধুৰ ধাতৱ মৌলবোৰৰ ভিতৰত ভূ-পৃষ্ঠত সীহৰ পৰিমাণেই বেছি। বহুতো কামত সীহ ধাতুবিধ ব্যৱহাৰ কৰা হয়। বিশেষভাৱে উল্লেখযোগ্য ব্যৱহাৰবোৰ হৈছে- বেটেৰী তৈয়াৰ কৰা, কেব্‌লৰ আভৰণ দিয়া, ধাতু জোৰা লগোৱা, ৰংবোৰ লো আৰু তীখাৰ বস্তুৰ ওপৰত মামৰে ধৰা ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

পৰিৱেশ প্ৰদূষণ আৰু লে’ড বা সীহঃ

 

লে’ডক পাৰা (মাৰ্কিউৰী) আৰু কেডমিয়ামৰ সমান বিষাক্ত বুলি গণ্য কৰা নহয় যদিও আমাৰ উপভোক্তা সমাজত ইয়াৰ পয়োভৰ ইমানেই বেছি যে প্ৰকৃততে সীহ আটাইতকৈ মাৰাত্মক বিষাক্ত ধাতু। আন গধুৰ ধাতুবোৰৰ তুলনাত বায়ুমণ্ডলতো লে’ডৰ পৰিমাণ বেছি। বায়ুমণ্ডলত প্ৰৱেশ কৰা লে’ডৰ সৰহভাগেই গাড়ী-মটৰত ব্যৱহাৰ কৰা লে’ডযুক্ত ইন্ধনৰ দহনৰ পৰা অহা। আজি কিছু বছৰৰ আগলৈকে গাড়ী-মটৰৰ ইন্ধনত প্ৰতিঘাতী যৌগ হিচাপে টেট্ৰাথাইল লে’ডক ডাইক্ল’ৰ মিথেনক স্কেভেঞ্জাৰ হিচাপে লৈ ব্যৱহাৰ কৰা হৈছিল। এনে লে’ডযুক্ত ইন্ধনৰ দহনত উৎপন্ন হোৱা গুৰুত্বপূৰ্ণ কণিকা পদাৰ্থবোৰ হৈছে PbCL2। বায়ুমণ্ডলৰ পৰা সিক্ত আৰু শুষ্ক পতন পদ্ধতিৰে লে’ড আঁতৰাব পাৰি। এই কাৰণতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ব্যস্ত বাট-পথসমূহৰ কাষৰ মাটি গছ-গছনিত লে’ডৰ পৰিমাণ যথেষ্ট বেছি পোৱা যায়। ব্যস্ত জনবহুল নগৰাঞ্চলত বাস কৰা ব্যক্তি এজনে বায়ুমণ্ডলৰ পৰা প্ৰতিদিনে ২০০-৩০০ মাইক্ৰ’গ্ৰাম লে’ড গ্ৰহণ কৰে। গুৰুত্বপূৰ্ণ কথাটো হৈছে পানী শোধন কৰা পদ্ধতি যিমানেই উন্নত নহওক ইয়াৰ বাবে ব্যৱহাৰ কৰা সঁজুলি যিমানেই নিখুঁত নহওক গুৰুত্বপূৰ্ণ পেৰামিটাৰসমূহৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই ধাৰ্য কৰি দিয়া নিৰাপদ সীমা ৰাষ্ট্ৰীয় মান্যতাৰ ভিতৰত ৰখাটো সহজসাধ্য নহয়। ইয়াৰ বাবে বাৰে বাৰে শোধন কৰোঁতে বহুতো খৰচ পৰে। এইটো কাৰণতে মিনাৰেল ৱাটাৰ আৰু ছফ্‌ট ড্ৰিংকছৰ ব্যৱসায় কৰা কোম্পানীসমূহে এই কথাটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। বিভিন্ন দেশৰ আইনী ব্যৱস্থাত থকা সুৰুঙাইদি সেইকাৰণে এই কোম্পানীবোৰ সততে সাৰি যাব পাৰে।

জনস্বাস্থ্যৰ প্ৰতি কৰা ক্ষতি বা ভাবুকি এইবোৰৰ ওচৰত গুৰুত্বহীন হৈ পৰে। দেশৰ বাসিন্দাসকলক বিশুদ্ধ খোৱাপানী যোগান ধৰা প্ৰতিখন দেশৰ চৰকাৰৰ প্ৰধান আৰু প্ৰথম দায়িত্ব।

কেন্দ্ৰীয় চৰকাৰে সেয়ে মিনাৰেল ৱাটাৰ আৰু ছফ্‌ট ড্ৰিংকছৰ ব্যৱসায় কৰা বহুজাতিক কোম্পানীবোৰ ৰাসায়নিক বিশ্লেষণ কৰি পেৰামিটাৰবোৰৰ পৰিমাণ উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া উচিত। এইক্ষেত্ৰত চৰকাৰে কৰ্প’ৰেট খণ্ডৰ সৈতে আপোচ কৰিলে সেইটো দেশদ্ৰোহিতাৰ সমপৰ্যায়ৰ হ’ব।

(উৎসঃ অসমীয়া খবৰ, উপেন দত্ত)।

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top