অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বিচিত্ৰা-

স্বাস্থ্য বিচিত্ৰা আলোচনা কৰা হৈছে

এক’মডেছন-


এক’মডেছন হ’ল চকুৰ এটা স্বাভাৱিক প্রক্রিয়া য’ত ওচৰৰ সৰু বস্তু, যেনে— কিতাপৰ সৰু আখৰ, বেজীৰ ফুটা ইত্যাদি। চাবলৈ চকুযোৰে এক বিশেষ পদ্ধতি অৱলম্বন কৰে। আমাৰ দৃষ্টিশক্তি দূৰৈৰ বস্তু চাবৰ কাৰণে সাজু হৈ থাকে সেই অৱস্থাত দূৰৰ পৰা পোহৰৰ ৰশ্মি চকুৰ কৰ্ণিয়া আৰু লেনচে প্রতিসৰিত কৰি ৰেটিনাত ফ’কাচ কৰেগৈ। ওচৰৰ বস্তু চাবলৈ খোজোঁতে এনে অৱস্থাত পোহৰৰ ৰশ্মি ৰেটিনাত বহুত পাছত পৰেগৈ। সেই ৰশ্মিক ৰেটিনাত ফ’কাচ কৰিবলৈ চকুৰ লেন্সখনে তাৰ পাৱাৰ বঢ়াব লগীয়া হয়। সেয়া কৰিবলৈ গৈ তাৰ আকৃতি সলনি কৰি প্ৰায় গোলাকাৰ হৈ পৰে। এনেদৰে গোলাকাৰ হোৱাৰ ফলত ইয়াৰ পোহৰ প্ৰতিসৰিত কৰাৰ ক্ষমতা বহু বাঢ়ি যায়, ফলত ওচৰৰ পৰা অহা পোহৰৰ ৰশ্মি সঠিকভাৱে ৰেটিনাত ফ’কাচ হয়গৈ আৰু তেতিয়া আমি কিতাপৰ সৰু আখৰ, বেজীৰ ফুটা সহজে ধৰিব পাৰোঁ।

চকুত লেন্সখন প্রায় গোলাকাৰ হৈ শক্তি বৃদ্ধি কৰা কার্যত চিলিয়েৰী পেশী নামৰ এবিধ চকুৰ ভিতৰৰ পেশী আৰু চাচ্‌পেনচৰী লিগামেণ্ট নামৰ লেন্সখন সঠিক স্থানত ধৰি ৰখা সূতাৰ নিচিনা কিছুমান মিহি বস্তুৰ অৰিহণা আছে। সৰু বস্তুটো চাওঁতে চিলিয়েৰী পেশীটোৰ সংকোচন ঘটে আৰু চাচ্‌পেনচৰী লিগামেণ্টৰ শিথিলকৰণ হয়।

সাধাৰণ ফটোৰ দৰে ষ্টুডিঅ’ত পজিটিভ কৰি চোৱা হৈছিল। আজিকালি কেমেৰাবিলাকত ডিজিটেল পদ্ধতি প্রয়োগৰ ফলত পোনে পোনে কম্পিউটাৰৰ স্ক্রিনত ফটোবোৰ জিলিকি উঠে। এই ফটোবোৰ পৰীক্ষা কৰি সংশ্লিষ্ট চিকিৎসকজনে ৰেটিনাৰ বিভিন্ন অসুখ নির্ণয় কৰে। এই পদ্ধতিৰ ব্যৱহাৰ আটাইতকৈ বেছি ডায়েবেটিক ৰেটিন’পেথি নামৰ অসুখত কৰা হয়। ইয়াৰ উপৰি বার্ন ৰেটিনেল ভেইন অক্লুজ’ন, চেণ্ট্ৰেল ৰেটিনেল ভেইন অক্লুজ’ন, ইল্‌চ ডিজিজ, চি এছ চি আৰ আৰু চিচটইড মেকুলাৰ ইডিমা নামৰ অসুখত ব্যৱহাৰ কৰা হয়।

এই পদ্ধতিৰ কোনো কু-ফল নাই। কেইবা ঘণ্টামানলৈ প্ৰস্ৰাৱ হালধীয়া হয়। আৰু ছালখন অলপ হালধীয়া ৰঙৰ হোৱা দেখা যায়। কেতিয়াবা বমি বমি ভাব হয়। আৰু কেতিয়াবা বমি বমি ভাব হয় আৰু কেতিয়াবা বমি হ’বও পাৰে।

ডা: নাৰায়ণ বৰদলৈ, দৈনিক জনমভূমি।

খোৱাৰ পৰা বিপদ-


লোভ স্বৰণ মানৱ জীৱনৰ এটা কঠিন কাম। লোভ সম্বৰণৰ বাবে মানুহক লাগে এটা দৃঢ় প্রতিজ্ঞা। ভীষ্ম প্রতিজ্ঞাৰ লগতহে এই প্রতিজ্ঞাক মিলাব পাৰি। বহু মানুহে এই প্রতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে বাবে বিভিন্ন অসুখ-বিসুখৰ পৰা হাত সাৰিব নোৱাৰে। কিন্তু ইয়াৰ মাজতো এনে লোক আছে, যিসকলে লোভক জয় কৰিব পাৰিছে। তেওঁলোকে যি নাখাওঁ বুলি ঠিক কৰিছে নোখোৱাকৈ থাকিব পাৰে| তাৰ মাজতো তেনে বহু লোক আছে, যিসকলে অতি হিচাপ ৰাখি খোৱা-বোৱা কৰে। মন স্থিৰ। সাধাৰণ খাদ্যতে তেওঁলোক সুখী। কোৱা হয় খাদ্যৰ ক্ষেত্ৰত যি লোভ সম্বৰণ কৰিব পাৰিছে, সেইসকল প্রকৃততেই সার্থক ব্যক্তি। তেওঁলোকৰ আছে মনৰ দৃঢ়তা। সেইসকলৰ মাজত আত্মশক্তি বিৰাজমান হৈ থাকে আৰ যিকোনো কাম কৰিবৰ বাবে সাহসী লাভ কৰে। পবিত্ৰ ভাব লৈ সচেতনভাৱে খোৱাসকলৰ এটা সাত্ত্বিক ভাবৰ উদয় হয়। এই সাত্ত্বিক ভাবে মানুহক বহু সৎ কাম কৰিবলৈ উপযুক্ত কৰি তোলে। আমাৰ বেদ-উপনিষদ, পুৰণি শাস্ত্ৰ, ৰামায়ণ-মহাভাৰত এই সকলোতে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত আধ্যাত্মিকতা নিহিত হৈ থকা দেখিবলৈ পাওঁ। আজি আমাৰ চাৰিওফালে খাদ্য-বিলাসৰ এনে প্রাচুর্য দেখিবলৈ পোৱা গৈছে, যিবোৰৰ গুণগত মানৰ প্রতি সদায় সন্দিহান। তেনে ক্ষেত্ৰত খাদ্য কলা বা খাদ্যশাস্ত্ৰৰ ক্ষেত্ৰত আমি বাৰু অতীতলৈ ঘূৰি চোৱাই ভাল হ’ব নেকি?

লেখিকা: ৰাণু দাস চৌধুৰী, অসম বাণী।

ব্যায়ামৰ বিষয়ে-


  • প্রতিদিনে নির্দিষ্ট সময়ত ব্যায়াম কৰা উচিত। পুৱাৰ সময়টো সকলোতকৈ উত্তম বুলি ধৰা হয়।
  • জানি আচৰিত নহ’ল— মধ্যাহ্নত ভোজনৰ সময়চোৱাও ব্যায়ামৰ পক্ষে ভাল সময়। এই সময়ত সৰ-সুৰা দুটামান ব্যায়াম কৰিলে বুভুক্ষু ভাবটো নোহোৱা হয়। তাৰ ফলত কম খালেই চলি যায়। গতিকে অতিৰিক্ত চর্বি জমা হোৱাৰ পৰা ৰক্ষা পৰিব।
  • সন্ধিয়া সময়ত ব্যায়াম কৰিলে গোটেই দিনটোৰ ভাগৰ, টেনছন নোহোৱা হয়। শুবলৈ যোৱাৰ আগেয়ে ব্যায়াম কৰিবলৈ হ’লে খোৱা-বোৱা কৰাৰ দুঘণ্টা পাছতহে ব্যায়াম কৰিব। মনৰ হতাশা, টেনছন আদি দূৰ হয়। টোপনি ভাল হয়।
  • প্ৰতিদিনে ব্যায়াম কৰাটো দৰকাৰী। ইয়াৰ পৰা যথেষ্টখিনি উপকাৰ পোৱা যায়।
  • ব্যায়াম কৰি থকাৰ মাজতে ব্যায়াম বন্ধ কৰিবলগীয়া হ’লে পাছত পুনৰ আৰম্ভ কৰিলে প্রথমৰ পৰা আৰম্ভ কৰা উচিত।
  • লক্ষ্য ৰাখিব লাগে ব্যায়াম কৰাৰ সময়ত হৃদপিণ্ড আৰু মাংসপেশীৰ ওপৰত যেন বেছি চাপ নপৰে। বুকুত অস্বস্তি বা বিষ অনুভৱ কৰিলে, মূৰ ঘূৰালে কিম্বা বমি বমি ভাব আহিলে লগে লগে ব্যায়াম বন্ধ কৰি দিব লাগে।
  • ধীৰ লয়ত ব্যায়াম আৰম্ভ কৰিব লাগে। দ্রুত গতিত আৰম্ভ কৰিলে মাংসপেশী আৰু অস্থিসন্ধিৰ ওপৰত চাপ পৰিব। হৃদপিণ্ডৰ ওপৰতো চাপ পৰে। সুস্থবোধ কৰাৰ পৰিৱৰ্তে দুর্বলহে লাগিব পাৰে।
  • আৰম্ভণিতে দৌৰা বা জগিং কৰাৰ পৰিৱৰ্তে খোজ কঢ়াই ভাল। শৰীৰ যেতিয়া ব্যায়ামত অভ্যস্ত হৈ পৰিব, তেতিয়াহে আচল ব্যায়ামবোৰ কৰিব।
  • ব্যায়ামৰ আগে আগে অলপ পৰ 'ৱাৰ্ম-আপ' কৰি লোৱা উচিত। অর্থাৎ ব্যায়ামৰ বাবে শৰীৰক প্রস্তুত কৰি লোৱা দৰকাৰ। ইয়াৰ ফলত পেশীৰ জড়তা লাহে লাহে শিথিল লৈ আহে। ব্যায়াম কৰাত অসুবিধা নাথাকে।
  • ‘ৱাৰ্ম-আপ’ৰ ক্ষেত্ৰত একে স্থানতে মৃদুগতিত তিনি-চাৰি মিনিট দৌৰিব (spot running)। দুই-তিনি মিনিট হাত-ভৰিৰ পটা ঘূৰাই, পেশী চালনা কৰিব। ‘ৱাৰ্ম আপ’ৰ ফলত হৃদপিণ্ডই প্ৰয়োজনীয় অক্সিজেন লাভ কৰিব, ৰক্তচাপ সুষম হৈ উঠিব।

লেখিকা: প্ৰাচী কাশ্যপ, অসম বাণী।

নাৰীৰ বাবে ফিজিকেল ফিটনেছ-


ঘৰৰ ভিতৰতে হওক বা বাহিৰতে হওক নাৰীৰ কামৰ অন্ত নাই। ঘৰুৱা কামৰ উপৰি চৰকাৰী বিভাগক নেতৃত্ব দিয়া, বহুজাতিক কোম্পানীৰ শীৰ্ষ পদত থাকি কোম্পানীটোৰ আয় বৃদ্ধি কৰা, স্বামীৰ স’তে সমানে চাকৰি কৰি উপার্জন কৰা, সামাজিক আন্দোলনৰো নেতৃত্ব দিয়া আদি সীমাহীন কামত নিজকে উপযুক্ত কৰি তুলিছে আজিৰ নাৰীসকলে। এই দৈনন্দিন কামৰ লগতে বিবাহিতা মহিলাই সন্তান জন্ম দিয়াৰ পৰা প্ৰতিপালন কৰি ডাঙৰ-দীঘল কৰা আটাইতকৈ ডাঙৰ কামটো আছেই। মুঠতে নাৰীৰ কামৰ আহৰি নাই। এনে অৱস্থাত নিজৰ শৰীৰ সুস্থ-সবল কৰি ৰখাটো অর্থাৎ ‘ফিজিকেল ফিট’ হৈ থকাটো প্ৰতিগৰাকী নাৰীৰ বাবে অতি দৰকাৰী কথা। এই প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি সাম্প্রতিক কালত মহিলাৰ 'ফিজিকেল ফিটনেছ’ বিষয়টো যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে। ‘ফিজিকেল ফিটনেছ’ ৰ অৰ্থ হ’ল ব্যায়াম বা এক্সাৰচাইজৰ জৰিয়তে শৰীৰটো সুচল কৰি ৰখা অর্থাৎ শৰীৰৰ মাংসপেশী বা হাড়ৰ গাঁঠিৰ বিষ দূৰ কৰা, উঠা-বহা কৰোতে লাভ কৰা বিসংগতি আঁতৰ কৰা, সর্বোপৰি মানসিক অৱসাদৰ পৰা মুক্তি লাভ কৰা। সেই দৃষ্টিকোণৰ পৰা মানৱ শৰীৰ আৰু মনক সুস্থ কৰি ৰখাৰ বাবে প্রয়োজনীয় অনুশীলনেই হৈছে ব্যায়াম।

শৈশৱ কালৰ প্ৰথমভাগ (৩-৪ বছৰ) বাদ দি নাৰীৰ জীৱনৰ প্ৰতিটো কালতে সুকীয়া সুকীয়া ব্যায়ামৰ প্রয়োজনীয়তা আছে। জীৱনৰ প্রথমভাগত শিশুৱে হাত-ভৰি জোৰেৰে চলাচল কৰা, খেলা-ধূলা, দৌৰা-ঢপৰা কৰা বাবে সিহঁতৰ বাবে সুকীয়া ব্যায়ামৰ প্রয়োজন নহয়। ৭ বছৰ বয়সৰ পৰা ১৩-১৪ বছৰ বয়সলৈকে মুক্ত মনে থকা, খোজ কাঢ়ি দূৰলৈ যোৱা, কৰা, নাচ-গান আদি কৰাৰ জৰিয়তে ব্যায়াম চলি থাকে। গাভৰু বয়সত সকলো কাম কৰিবলৈ মনৰ যি উৎসাহ সি একপ্রকাৰ মানসিক ব্যায়াম। এই ব্যায়ামে জীৱনটো এটা গতিত আগ বঢ়াই নিবলৈ প্রেৰণা দিয়ে। তথাপি এই সময়ছোৱাত অভিভাৱকসকলে বিশেষকৈ মাতৃগৰাকীয়ে কন্যা শিশুৰ শাৰীৰিক-মানসিক তথা বৌদ্ধিক বিকাশৰ প্ৰতি দৃষ্টি দিয়াটো প্রয়োজন। এইখিনি সময়ত সদ্যযৌৱনাসকলে ঘৰতে ফ্ৰীহেণ্ড অথবা ওচৰৰ কোনো ফিট্‌নেছ চেণ্টাৰলৈ গৈ যন্ত্রৰ জৰিয়তে নিয়মিত ব্যায়াম কৰিবলৈ যত্ন কৰা উচিত। কম বয়সত শৰীৰটোৰ প্ৰতি সচেতনতা আহিলে সমগ্র জীৱনতে সেই চেতনা থাকি যোৱা সম্ভৱ। তদুপৰি সময়খিনি ভালদৰে ব্যৱহাৰ কৰাটোও এটা গুৰুত্বপূর্ণ কথা। অনবৰত টিভি চাই থকা বা ম’বাইল ফোনত কথা পতাতকৈ ই নিশ্চয় ফলদায়ক।

বিবাহ নাৰী জীৱনৰ আন এটা অধ্যায়। বিবাহৰ পাছত গৰ্ভধাৰণ কালটো নাৰীৰ বাবে গুৰুত্বপূর্ণ সময়। চিকিৎসা বিজ্ঞানীৰ মতে, নাৰীয়ে গৰ্ভধাৰণ কালত ধীৰ-স্থিৰভাৱে, ভয়-শঙ্কা বহিতকৈ কিছুমান বিপদমুক্ত ব্যায়াম কৰিব পাৰে। গৰ্ভৱতী নাৰীয়ে কৰা নিয়মীয়া ব্যায়ামৰ ফলত স্বাভাৱিক প্রস্ৰাৱ (Normal delivery)ৰ সম্ভাৱনীয়তা বৃদ্ধি পায়। এই সময়ছোৱাত নিয়মীয়াকৈ যোগাসন, প্রাণায়াম, অনুলোম-বিলোম আদি কৰি থাকিলে মনৰ উদ্বেগ উৎকণ্ঠা হ্রাস পায় তথা মানসিক উন্নতি হয়। কিন্তু দৰকাৰী কথাটো হ’ল- এই সময়ত কষ্টকৰ ব্যায়াম কৰা নিশ্চয় উচিত নহয়। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামর্শ লোৱা উচিত। প্রাক-প্ৰসৱৰ ব্যায়ামৰ দৰে প্রসবোত্তৰ কালৰ ব্যায়ামেও এগৰাকী নাৰীৰ পূৰ্বৰ স্বাস্থ্য সোনকালে ঘূৰাই অনাত সহায় কৰে। এই ক্ষেত্ৰতো চিকিৎসকৰ লগত আলোচনা কৰি জানি ল’ব লাগে শাৰীৰিক অৱস্থা কি পর্যায়ত আছে। এইটো ঠিক যে সন্তান জন্ম দিয়াৰ পাছত নাৰীৰ শৰীৰৰ বহুখিনি পৰিৱর্তন হয়। কেইটিমান শাৰীৰিক ব্যায়ামৰ জৰিয়তেই শৰীৰটো পুনৰ পূৰ্বৰ অৱস্থালৈ আনিব পৰা যায়। এইখিনি সচেতনতাৰ অভাৱতে বিয়া-বাৰু, সন্তান জন্ম দিয়াৰ পাছত আমাৰ বেছিভাগ নাৰীয়ে শৰীৰৰ সৌন্দর্য তথা স্বাস্থ্য হৰুৱাই পেলায়।

একেদৰে আদহীয়া মহিলায়ো শৰীৰ সন্তুলন কৰি ৰখাৰ লগতে মানসিক অৱসাদ আঁতৰাই ৰাখিবলৈ সাধাৰণ ব্যায়াম কৰা একান্তই প্রয়োজন। প্রাণায়াম-ধ্যান আদিতো কৰিবই লাগে। কম বয়সৰ পৰা শৰীৰ সচেতন হৈ ফিটনেছক গুৰুত্ব দি আহিলে বৃদ্ধ কালতো শৰীৰটোৰ পৰা অন্ততঃ কিছু হ'লেও আৰাম পাই থাকিব। বাৰ্ধক্য কালৰ ৰোগ, বিষ-কোব আদিৰ পৰা কিছু হ’লেও সকাহ পাই থাকিব। শৰীৰৰ যতনৰ লগত মনৰ যতনৰো গভীৰ সম্পর্ক আছে। মনৰ অৱস্থা  যদি ঠিকে নাৰাখে ব্যায়াম কৰিও তাৰ সুফল নাপাব। কিন্তু এইটো ঠিক নিয়মীয়া ব্যায়ামে মানব অবস্থা ভালে ৰাখে। গতিকে দেহ-মন ভালে ৰখাটোৱেই এগৰাকী নাৰীৰ বাবে সম্পূর্ণ ফিট্‌নেছৰ অর্থ বহন কৰে। নাৰী এটা পৰিয়ালৰ চালিকা শক্তি নিজৰ চাকৰি, ঘৰুৱা সম্পূর্ণ দায়িত্ব, পৰিয়ালৰ লোকৰ মাজত আৱেগিক সম্পর্কৰ সকলো দায়িত্ব, পৰিয়ালৰ লোকৰ মাজত আৱেগিক সম্পৰ্কৰ সকলো দায়িত্ব নাৰীয়েই পালন কৰি আহিছে। এই সকলো দায়িত্ব কান্ধত লৈ আগ বাঢ়ি যাবলৈ নাৰীক ফিটনেছৰ একান্ত প্রয়োজন।

লেখিকা: সীমা চক্ৰৱৰ্তী, অসম বাণী।

স্বাস্থ্য ধৰি ৰখাত ফল-মূলৰ অৱদান-


ব্ৰিটিছ খাদ্য বিশেষজ্ঞসকলে মত প্রকাশ কৰে যে আমাৰ ভাৰতীয় লোকসকলে পর্যাপ্ত পৰিমাণৰ ফল-মূল নাখায়। কথাষাৰ মিছা নহয়। এটা সমীক্ষাত পোৱা গৈছে শতকৰা ৩.৩ ভাগ ভাৰতীয় মানুহেহে ফল-মূল খোৱাত গুৰুত্ব দিয়ে। বিশেষজ্ঞসকলৰ মতে, দিনটোত তিনিবাৰ হ’লেও ফল-মূল খাব লাগে। আমাৰ অসমভূমি বিভিন্ন ফল-মূলেৰে উভৈনদী। আমাৰ ৰাজ্যখনৰ লোকে সেই ফল-মূলৰ স্বাদ নোলোৱাটো আচৰিত হ’বলগীয়া কথা। অৱশ্যে এতিয়াও চহৰৰ গাঁৱৰ ল’ৰা-ছোৱালীয়ে সতেজ ফল-মূলবোৰৰ জুতি ল’বলৈ অধিক সুবিধা পায়। কিন্তু দুখৰ বিষয় জনসংখ্যা বৃদ্ধি পোৱাত, পৰিয়ালৰ লোক ভাগ ভাগ হোৱাত গছ-গছনিৰে ভৰা বাৰীবোৰৰ গছ কাটি মানুহে থকা ঘৰ নিৰ্মাণ কৰি লোৱাত গাঁওবোৰতো মূল্যৱান ফল-মূলৰ গছ কমি আহিছে। এজোপা ফলৰ গছ কাটিলে বা গছজোপা মৰি গ’লে আন এজোপা ৰোৱা মনোভাব আমাৰ বেছিভাগৰে নাই। এইবাবেও বহু ফল-মূলৰ গছ কমি আহিছে।

আমাৰ মানুহে গাঁৱৰ মাটিত হোৱা অমিতা-মধুৰিআম, আমলখি, লেটেকু, পনিয়ল, লিচু খোৱাতকৈ বজাৰৰ আপেল-আঙুৰ খালেহে ফল খোৱা বুলি ভাবে। কিন্তু এই আবতৰীয়া ফল-মূলৰ উৎপাদনৰ বাবে বহু পৰিমাণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক দ্রব্য ব্যৱহাৰ কৰা হয় বাবে এই দ্রব্য আমাৰ শৰীৰত প্ৰৱেশ কৰি কিমান অনিষ্ট কৰে ভাবি চাইছেনে? আজি উন্নত দেশবোৰত ৰাসায়নিক সাৰ বা কীটনাশক দ্রব্য ব্যৱহাৰ কৰি উৎপাদন কৰা যিকোনো খাদ্য-সামগ্ৰী খোৱাৰ অনুপযোগী বা নিকৃষ্ট বুলি মানুহে পৰিত্যাগ কৰিছে আৰু জৈৱিক সাৰৰ গুৰুত্ব দিনে দিনে বাঢ়িছে। কিন্তু আমাৰ দেশত কথা বেছি কাম কম। আমাৰ দেশতো বর্তমান জৈবিক সাৰৰ কথা-বতৰা চলিলেও বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী হোৱাটো বৰ আশা কৰিব পৰা নাযায়, সেয়েহে ল’ৰা-ছোৱালীক অধিক দাম দি আপেল-আঙুৰ কিনি খুৱাব নোৱাৰিলেও দুখ নকৰি গাঁৱৰ মানুহে বজাৰত বেচিবলৈ অহা মধুৰি, অমিতা, কল, বগৰী, লেটেকু, পনিয়ল, ৰবাব টেঙা, আম খুৱাই মনত বেছিহে শান্তি লভিব পাৰে। তদুপৰি অনুপযুক্ত সংৰক্ষণ আৰু দূৰৰ পৰা আনিবলগীয়া অর্থাৎ দূৰণিবটীয়া পৰিবহণৰ বাবেও এনেবোৰ ফল-মূলৰ ভিটামিন, খনিজ পদাৰ্থ বা ফলত থকা পানীৰ পৰিমাণ কমি যায়। গতিকে কল্পনা কৰক দামত কিনা এনে দোষযুক্ত ফলতকৈ আমাৰ মাটিৰ ফল-মূলবোৰ খোৱাটো কিমান লাভজনক।

হাততে পোৱা দুবিধমান ফলৰ বিষয়ে

ক) আমি সদায় দেখি থকা মধুৰিআমত কিমান যে পুষ্টিগুণ আছে, ভাবিব নোৱাৰি। ইয়াত ৮২.৫ শতাংশ পানী, ১৪.৫ শতাংশ কার্বহাইড্রেট, প্র’টিন ১.৫ শতাংশ, ফেট, ০.২ শতাংশ, মিনাৰেল ০.৮ শতাংশ, ফছফৰাছ ০.০৪ শতাংশ। তদুপৰি কেলচিয়াম, আইৰন, ভিটামিন-চি, বি, বি. কেলৰি যথোপযুক্তভাবে উপলব্ধ। পকা মধুৰিআম খালে পেটৰ গৰম ভাব নাইকিয়া হয়। মধুৰিআমৰ কোঁহ-পাতৰো ঔষধি গুণ আছে। এনে এবিধ ফলক অৱজ্ঞা কৰিব পৰা যায়নে?

অমিতা এবিধ অসাধাৰণ ফল যাক পাচলি হিচাপেও ব্যৱহাৰ কৰা হয়। পকা অমিতা নিয়মীয়াকৈ খালে অজীর্ণ, পাকস্থলীৰ ৰোগ, অর্শ আদি ভাল হয়। মহিলাসকলৰ মাহেকীয়া ঋতুস্ৰাৱৰ পৰিমাণ কমিলে বা অনিয়মীয়া হ’লে কেঁচা অমিতা খালে উপকাৰ পোৱা যায়। কাঠ আচিনা, খৰ আদি চর্মৰোগত অমিতাৰ আঠাৰ ব্যৱহাৰ আমাৰ সমাজত আগৰপৰাই চলি আহিছে। অমিতাত থকা বিটা কেৰাটিনে ঘা বা কেঞ্চাৰ প্ৰতিৰোধ কৰে। কোষ্ঠকাঠিন্য দূৰ কৰে।

কল নিয়মীয়াকৈ খালে বৃক্কৰ বেমাৰৰ পৰা ৰক্ষা পাব পাৰি বুলি বিশেষজ্ঞসকলে কৈ আহিছে। দৃষ্টিশক্তি, দেহৰ ওজন, তেজৰ পৰিমাণ সঠিক ৰখাত কলে সহায় কৰে। উচ্চ ৰক্তচাপ থকা ৰোগীয়ে দৈনিক দুটা কল খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে বুলি বিশেষজ্ঞসকলে প্রকাশ কৰিছে। কলত কাৰ্ব’হাইড্রেট, ভিটামিন, খনিজ পদার্থৰ উপৰি আঁহজাতীয় দ্রব্যও নিহিত থাকে। কল খালে কোষ্ঠকাঠিন্য আৰু ছালৰ বেমাৰ উপশম হয়। শাৰীৰিক শ্রম বা ব্যায়াম কৰাৰ পাছত কল খালে লগে লগে শক্তি ঘূৰাই পায়।

লেখিকা: অশুংমা শইকীয়া, অসম বাণী।

দংশনজনিত বিষ নিৰাময়ত বিশল্যকৰণী-


এই পৃথিৱীত এনে কিছুমান উদ্ভিদ আছে যিবিলাকে কটা-ছিঙা হ’লে তেজ ওলোৱা বন্ধ কৰে নতুবা বিষৰ পৰা পৰিত্ৰাণ কৰে। কীট-পতংগই কামুৰিলে বা শুং আদিয়ে বিন্ধিলে বিষৰ পৰা মুক্তি পাবলৈ এনে এবিধ উদ্ভিদ আছে যাক বিশল্যকৰণী বুলি জনা যায়। বিশল্যকৰণী উদ্ভিদজোপা মানুহে প্রত্যক্ষ কৰিছে যদিও সেইজোপাই যে বিশল্যকৰণী গছ নাজানে বাবেই তাৰ উপকাৰিতা সম্বন্ধেও অজ্ঞ। আমি সৰুৰে পৰা জনা বিশল্যকৰণীজোপা দেখাত চাৰি ফুটমান ওখ ঠাল-ঠেঙুলিযুক্ত সেউজীয়া জোপোহা উদ্ভিদ। ইয়াৰ পাতৰ আকৃতি অনুসৰি কেইবাপ্ৰকাৰ দেখা যায়। গাঢ় সেউজীয়া পাতবোৰ ঠাৰিডালত একান্তৰভাৱে ওলায়। এবিধ বিশল্যকৰণীৰ পাতবোৰ বগা সেউজীয়া মিহলি। প্রতিখিলা পাত ছিঙিলে বগা গাখীৰ সদৃশ ৰস ওলায়। বগা ৰসবোৰৰ এণ্টিছেপটিক আৰু এন্টিবায়টিক গুণ থকা বুলি জনা যায়।

মহাভাৰতত বিশল্যকৰণীৰ ৰস প্রয়োগ কৰি ভীষ্ম কুৰুক্ষেত্ৰ যুদ্ধত আহত যোদ্ধাসকলক আৰোগ্য কৰাৰ কথা উল্লেখ আছে। আমি জনা বিশল্যকৰণীৰ বগা ৰস কটা ঘাত প্রয়োগ কৰিলে অতি সোনকালে তেজ বন্ধ হয়, বিষ কমি শুকোৱাতো সহায় কৰে। গেলা ঘাডোখৰত ৰস দি শুকানকৈ ৰাখিলে ঘা শুকায়। ঘাডোখৰ গাত হৈ গ’লে কেইবাদিনো ৰস দিলে মঙহে পূৰ হৈ যায়। পানীয়ে খোৱা ঠাইত দিলে বিষৰ পৰা উপশম হোৱাৰ উপৰি আৰোগ্য লাভ হয়।

নখচুকীয়া হ’লে পাত বটি নতুবা ৰস কেইটোপালমান দিলে বিষ ভাল হোৱাৰ উপৰি নখচুকীয়া শুকাই যাব। কেতিয়াবা কডো বৰল, মৌমাখি আদিয়ে বিন্ধিলে বিষত মানুহৰ মৃত্যু হোৱা খবৰ পোৱা যায়। এনে পতংগবোৰে বিন্ধিলে বিষাক্ত শুং এডাল শৰীৰত ৰৈ যায় বাবে বিষটো বৃদ্ধি পায়। শুংডাল উলিয়াই লগে লগে বিশল্যকৰণীৰ বগা ৰস এটোপাল দিলেই পাঁচ মিনিটমানৰ পাছতে বিষ নাইকিয়া হোৱাৰ উপৰি পদার্থখিনি প্রসাৰিত হ’ব নোৱাৰাকৈ থিতাতে আৱদ্ধ কৰি ৰাখিব পৰা গুণো আছে। আক্রান্ত হোৱা ঠাইডোখৰ ফুলি গ’লে পাত কেইখিলামান মিহিকৈ বটি প্রলেপ লগাই পাঁচ মিনিটমান ৰাখিলেই ফুলা অংশ স্বাভাবিক অৱস্থালৈ ঘূৰি আহিব। ভোমোৰা, বৃশ্চিক, মকৰা আদিয়ে দংশন কৰিলেও বিশল্যকৰণীয়ে আৰোগ্য কৰিব পাৰে। মাছৰ ভিতৰত শিঙিৰ বিষ অতি বেছি। এনে বিষো বিশল্যকৰণীৰ বগা ৰসে নিৰাময় কৰিব পাৰে। বিহ ফোঁহা, খহু আদি শুকান হোৱাত সহায়ক। সৰ্পদংশনত আক্ৰান্ত অংশত লগে লগে বিশল্যকৰণীৰ বগা ৰসটো বেছি পৰিমাণে দিব লাগে। পাত অলপ বটি দংশন কৰা অংশত বান্ধি ৰাখিলেও বিষমুক্ত হ’ব পাৰে। প্রাথমিক চিকিৎসা হিচাপে বিশল্যকৰণীৰ ৰস ব্যৱহাৰ কৰি ভাল হ’লেও চিকিৎসকৰ ওচৰত নিয়াৰ প্রয়োজন হ’লে নিব লাগে।

‘সহজলভ্য বন দৰবৰ গুণ’ নামৰ গুণাৰাম খনিকৰৰ গ্রন্থখনত পোৱা মতে, ৰক্ত পিত্ত ৰোগত ৩০ গ্ৰামকৈ বিশল্যকৰণীৰ ৰস খালে আৰোগ্য হয় বুলি জনা যায়। সন্তানৰ জন্মৰ পাছত হোৱা ৰক্তস্ৰাৱত বিশল্যকৰণীৰ ৰস পাণ কৰিলে বন্ধ হোৱাৰ কথাও উল্লেখ আছে। নাকেদি তেজ বাহিৰ হ’লে বিশল্যকৰণীৰ ৰস কেইটোপালমান দিলে উপশম পাব বুলিও প্রকাশ।' শৰীৰত যিকোনো আঘাতত তেজ ওলোৱা, কটা-ছিঙা হ’লে তেজ বন্ধ কৰা, বিষ কমোৱা, ঘা শুকোৱা আদি অনেক গুণ বিশল্যকৰণী নামৰ উদ্ভিদত নিহিত হৈ থকা বাবে বিশল্যকৰণী  নামৰ উদ্ভিদত নিহিত হৈ থকা বাবে বিশল্যকৰণী মাটিত বা টাবত হ’লেও ৰোপণ কৰি উপকাৰিতা প্রমাণ কৰক।

লেখিকা: কবিতা ফুকন, অসম বাণী।

সুস্বাস্থ্যৰ বাবে চাহ-


যিকোনো সময়তে আমাৰ মন-প্রাণ সতেজ কৰি তুলিবলৈ একাপ ভাল চাহৰ প্রয়োজন। চাহ খোৱাৰ ক্ষেত্ৰত আমাৰ বহু লোকৰে কোনো বাধ্যবাধকতা নাথাকে। সাধাৰণতে পূৱা-গধূলি খোৱা চাহ কাপৰ উপৰি আমি যিকোনো সময়তে চাহ কাপ আগ্ৰহেৰে খাওঁ। চাহ কাপে আনে এক ৰাজসিক মেজাজ, আমেজ আৰু অফুৰন্ত প্রাণশক্তি। চাহ কেৱল এবিধ পানীয় নহয়, ইয়াৰ সৈতে আমাৰ আছে এটা সুকীয়া সম্পর্ক, যি আমাৰ শাৰীৰিক আৰু মানসিক চাহিদা পূৰণ কৰে। আচলতে চাহ মানুহৰ জীৱনৰ এক পিয়লা উষ্ণ অনুভূতি বুলিও ক’ব পাৰি। প্রাণদায়ী পানীৰ পিছতে চাহৰ স্থান। অতিথিক আপ্যায়নৰ ক্ষেত্ৰত সৰ্ব্ব প্রথমেই আছে চাহৰ স্থান।

এইসমূহ কথা হ’ল-ৰীতি-নীতিৰ। কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীতো চাহৰ গুণাগুণ নথকা নহয়। বিশেষকৈ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চাহৰ ভূমিকা আছে। গৱেষণাৰ দ্বাৰা জানিব পৰা মতে, কেইবিধমান চাহে কেন্সাৰ, হৃদৰোগ আৰু ভূমিকা গ্রহণ কৰিছে। আনহাতে ওজন কমোৱা, তেজত ক’লেষ্টেৰলৰ মাত্রা কমোৱা, মানসিক সক্রিয়তা বৃদ্ধিত চাহৰ কার্যকাৰিতা অনস্বীকার্য।

গ্ৰীণ টি, লেমণ্ড টি, হোৱাইট টি আদিয়ে আমাক বেলেগ বেলেগ ধৰণে লাভান্বিত কৰে|

গ্ৰীন টি

অধিক সংখ্যকৰ বাবে পছন্দৰ চাহ। বিশেষকৈ ওজন কমোৱাৰ বাবে আগ্রহীসকলৰ বাবে এই চাহৰ বাহিৰে আন কোনো বিকল্প নাই। এই চাহত থকা এন্টি অক্সিডেন্টে শৰীৰৰ বিভিন্ন ৰোগ প্রতিৰোধক হিচাপে কাম কৰে। বিশেষকৈ এলঝাৰ্মাৰ আৰু পাৰকিনচ’নচ জাতীয় স্নায়ুজনিত ৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কমায়। সতেজ গ্রীন টি সামান্য মিঠা আৰু বাদামৰ দৰে সোৱাদযুক্ত হয়। ভালকৈ এই চাহ তৈয়াৰ কৰিব জানিলে তিতা নহয়।

ব্লেকটি

চাহপ্রেমীসকলৰ মাজত এই চাহৰ বিপুল সমাদৰ দেখিবলৈ পোৱা যায়। ব্লেক টি উচ্চ মানৰ (৫০%-৬০%) কেমেইন পোৱা যায়। সমীক্ষাৰ দ্বাৰা প্রমাণিত যে ধূমপানৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা আমাৰ হাঁওফাঁওৰ বাবে ব্লেক টি ভীষণ উপযোগী। আন্থৰেই ষ্ট্রোকৰ সম্ভাৱনা কমায়। ইয়াত থকা থিয়াফ্লাডিন আৰু থিয়াৰুবিনজ নামৰ এণ্টি অক্সিডেন্টে উচ্চ মাত্ৰাত থকা বাবে তেজত ক’লেষ্টেৰলৰ মাত্রা কমোৱাত সহায় কৰে|

হোৱাইট টি

চাহৰ জগতখনত আটাইতকৈ সুস্বাদু এই চাহ। সম্প্রতি কৰা গৱেষণা মতে, প্ৰচেছ কৰা চাহতকৈ এই হোৱাইট টিত আনকি কেন্সাৰ প্ৰতিৰোধী গুণাগুণ আছে। হোৱাইট টি সুবাসিত হোৱাৰ উপৰি মিঠা। বজাৰত উপলব্ধ ইনচটেণ্ট চাহসমূহত চাহৰ গুণাগুণ একেবাৰে পোৱা নাযায় বুলি ক’লেও ভুল কোৱা নহ’ব। এইজাতীয় চাহ পান কৰাৰ আগেয়ে স্বাস্থ্যৰ ক্ষতিকৰ কি কি উপাদানেৰে এই চাহ প্রস্তুত কৰা হৈছে পঢ়ি চোৱা প্ৰয়োজন।

দুবিধ গুৰুত্বপূর্ণ কাৰকে চাহত থকা কেফেনৰ পৰিমাণক প্রভাবিত কৰে। প্রথম চাহ উতলোৱা পানীখিনিৰ গৰমৰ পৰিমাণ আৰু দ্বিতীয়তে কিমান সময় ধৰি চাহপাত পানীখিনিত তিয়াই থোৱা হৈছে। কম তাপমাত্ৰাত চাহপাত দি উতলালে আৰু কম সময় ধৰি তিয়াই থ’লে কেফেনৰ পৰিমাণ কমকৈ নিৰ্গত হয়। কিন্তু মন কৰিবলগীয়া যে অত্যাধিক পৰিমাণৰ কেফেন গ্রহণ কৰিলে উৎকণ্ঠা বৃদ্ধি পায়। আৰু পৰিমাণ কমি গ’লেও মানসিক অৱসাদ ভৰি পৰিব পাৰে। কিন্তু আনন্দৰ বিষয় এয়ে যে চাহত থকা এল থিয়ানিন নামৰ ৰাসায়নিক পদার্থৰ বাবে স্নায়ু আৰু মন দুয়োকে শান্ত আৰু শীতল কৰি ৰখাত সহায় কৰে| সেয়ে অনেকৰ ক্ষেত্ৰত দেখা যায় গভীৰ ৰাতি চাহ খোৱাৰ পাছতো সুন্দৰকৈ টোপনি যাব পাৰে।

প্রকৃততে চাহ এনে এবিধ উদ্দীপক পানীয় যি কম সময়ৰ ভিতৰতে সক্রিয় অনুভূতি প্রমাণ কৰে। মন কৰিবলগীয়া যে ভোক লাগি থকা সময়ত একাপ চাহে আপোনাৰ ভোক নোহোৱা কৰিব পাৰে। খাদ্যৰ প্রতি আগ্রহ কমি যায়। ফলত অধিক পৰিমাণৰ খাদ্য শৰীৰে নোপোৱাৰ বাবে ক্লান্তিভাব আহিব ধৰে। সেয়েহে শুদা পেটত চাহ পান উচিত নহয়। চাহ পান প্রকৃততে এটি আনন্দদায়ক অনুভূতি। সেয়ে যেতিয়াই চাহ পান কৰে তেতিয়াই উন্নত মানৰ আচৰণ মিশ্ৰণৰ চাহ পান কৰিব লাগে। যিকোনো সময়ত যিকোনো ধৰণৰ চাহ খোৱা অনুচিত।

লেখিকা: শ্ৰুতি জৈন, অসম বাণী।

নানা গুণেৰে সমৃদ্ধ দৈ-


দৈ এবিধ অতি পুষ্টিকৰ খাদ্য। ইয়াত যথেষ্ট পৰিমাণে প্ৰ’টিন, খনিজ লৱণ আৰু ভিটামিন থাকে। গাখীৰত থকা কেলচিয়ামতকৈ দৈত থকা কেলচিয়াম মানৱ দেহৰ বাবে অতি উপকাৰী। তদুপৰি দৈত পোৱা যায় মানৱ দেহৰ পৰম উপযোগী ভিটামিন চি, কার্বহাইড্রেট, চর্বি, কেলৰি, খনিজ দ্রব্য, আইৰন আদি।

মানৱ দেহৰ সৌন্দর্যবর্ধনৰ উপৰি মানসিক-শাৰীৰিক শক্তিবর্ধনতো দৈৰ আছে অন্যতম গুণ। ইয়াত থকা বেক্টেৰিয়াই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে, ছাল মসৃণ কৰি তোলে। ছালৰ ৰোগ, এলাৰ্জী, ফোঁহা, শালমন আদিত দৈ প্রয়োগ কৰিলে যথেষ্ট উপশম হয়। নিয়মীয়াকৈ দৈ, খালে দেহৰ সৌন্দর্য বৃদ্ধি হয়। প্রতিদিনে দৈ খোৱা মানুহৰ চুলি সৰা, চুলিৰ অকালপক্কতাৰ পৰা হাত সৰাৰ উপৰি চুলিৰ সৌন্দৰ্য্যও বৃদ্ধি কৰিব পাৰে।

দৈ এবিধ অতি কোমল খাদ্য। সেয়েহে সকলো খাদ্যৰ ভিতৰত লৈ মানৱ দেহত অতি সোনকালে জীণ যায়। শিশু, বৃদ্ধ, ৰোগাক্ৰান্ত ব্যক্তিসকলৰ বাবে দৈক অন্যতম খাদ্যৰূপে প্রতিপন্ন কৰা হৈছে। সকলোৰে বাবে দৈ এবিধ সুস্বাস্থ্যৰ কাৰক আৰু ৰোগ নাশকৰূপে খাদ্য বিশেষজ্ঞ (Food specialist) সকলে ঘোষণা কৰিছে। দৈয়ে মানুহৰ পাকস্থলীৰ অধিকাংশ ৰোগ নিৰাময় কৰাত অধিক অৰিহণা যোগায়। এইবোৰৰ ভিতৰত পাকস্থলীৰ ঘা, কৌষ্ঠকাঠিন্য, জণ্ডিচ, ডায়েৰীয়া আদি উল্লেখযোগ্য। গাখীৰৰ কাৰ্বহাইড্রেট ‘লক্‌টজ’ৰ সৈতে দৈৰ ‘লেক্‌টিক’ এচিড সংমিশ্রণেই পাকস্থলী (stomach)ৰ এইবোৰ ৰোগ নিৰাময়ৰ মূল কাৰকৰূপে প্রমাণিত হৈছে বুলি জনা যায়।

অনিদ্ৰা আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে দৈ উত্তম আহাৰ। এনে ৰোগীয়ে দৈনিক আহাৰৰ লগত পর্যাপ্ত পৰিমাণে দৈ খাব লাগে। আনহাতে, দৈনিক আহাৰত দৈ খোৱা ব্যক্তিয়ে দীর্ঘজীৱন লাভ কৰাৰ লগতে সুস্বাস্থ্যৰ গৰাকী হ’ব পাৰে। নিয়মিতভাৱে দৈ খোৱা লোকৰ ৰোগৰ প্রতিৰোধ ক্ষমতা দৈ নোখোৱা লোকতকৈ অধিক সবল হয়। বিজ্ঞানী আৰ চিকিৎসক বিশেষজ্ঞসকলে ঘোষণা কৰিছে যে নিয়মীয়াকৈ দৈ খোৱা মানুহে বহুমূত্ৰ আৰু হৃদৰোগৰ পৰা যথেষ্ট সকাহ পাব পাৰে। দৈত গাখীৰতকৈ কেলচিয়াম আৰু ফছফৰাছৰ পৰিমাণ অধিক থকাৰ কাৰণে গৰ্ভৱতী আৰু দুগ্ধপাণ কৰোৱা মাতৃৰ লগতে শিশুৰ বাবেও দৈ হৈছে এবিধ ব্যতিক্ৰমী পুষ্টিকাৰক খাদ্য। গতিকে এটা সুস্থ-সবল ৰোগমুক্ত জীৱন যাপনৰ বাবে আমাৰ দৈনন্দিন খাদ্য তালিকাখনত দৈকো অন্তর্ভুক্ত কৰাত মনোনিৱেশ কৰা উচিত।

উল্লেখ্য যে মানৱ সমাজ জীৱনত অতীতৰে পৰা ৰন্ধন কলাত দৈৰ ব্যৱহাৰ হৈ আহিছে। বিভিন্ন ধৰণৰ শাক-পাচলিৰ আঞ্জা, মাছ-মাংস, কণী আদিৰ সৈতে দৈ খোৱা হয়। ৰুচি অনুসৰি মানুহে চেনি, গুৰ, নিমখ, মৌ আদি মিহলাই ভাতৰ লগত দৈ খায়। বিভিন্ন আঞ্জা ৰন্ধাতো দৈৰ ব্যৱহাৰ কৰা হয়। বিভিন্ন উৎসৱ-পাৰ্বন, পূজা-পাতল, বিয়া-সবাহ আদিত দৈৰ ব্যৱহাৰ অপৰিহার্য। পবিত্ৰ আৰু শুভ খাদ্যস্বৰূপে মানৱ সমাজত দৈৰ স্থান অন্যতম। আলহী-অতিথিক আপ্যায়ন কৰিবলৈ প্রথমে দৈৰে তৈয়াৰ কৰা জলপান এবাটি আগবঢ়োৱাটো মানুহে পৰম ধৰ্মৰ কাম বুলি বিবেচনা কৰে।

দৈ সাধাৰণতে গৰ-ম’হৰ গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। পৃথিৱীৰ কিছুমান দেশত ঘোঁৰা আৰু ভেৰা ছাগলীৰ গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰে। এই ক্ষেত্ৰত ৰুছিয়া বিশেষভাৱে উল্লেখনীয়। আমাৰ দেশ ভাৰতবৰ্ষৰ প্রায় সকলো ৰাজ্যতে গৰু-ম’হৰ গাখীৰ দৈ তৈয়াৰৰ বাবে যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়। অসমৰ নানা জাতি-জনগোষ্ঠীৰ মানুহৰ বাবে ম’হৰ গাখীৰৰ পৰা তৈয়াৰ কৰা দৈ অতি প্রিয় আৰু স্বাস্থ্যৰ পক্ষে উপকাৰী হিচাপে বিবেচিত হৈছে।

লেখক: ঘনশ্যাম দাস, অসম বাণী।

এলাহ এক ভয়ংকৰ শত্ৰু-


বহুসময়ত মানুহে মানুহৰ শত্ৰুতা কৰে। কিন্তু নিজে ঠিকে থাকিলে মানুহে শত্ৰুত কৰি মানুহৰ একো হানি-বিঘিনি ঘটাব নোৱাৰে। ঘটালেও সেয়া তেনেই সাময়িক। হয়তো কিছুসময়ৰ বা কিছুদিনৰ বাবে মনত শোক-দুখ আঘাত পোৱা যায়।

কিন্তু সময়ে সেয়াও সহনীয় কৰি তোলে। মানুহে পুনৰ নিজৰ কামত মগন হৈ পৰে। গতিকে মানুহে কৰা শত্ৰুতা-প্রবঞ্চনা এইবোৰৰ কোনো প্রভাৱ জীৱনত পেলোৱা উচিত নহয়; বৰঞ্চ উপকাৰহে হয়। মানুহ চিনি পোৱা যায়। তেনে মানুহ পৰিত্যাগ কৰি পুনৰ আগ বাঢ়ি যাব পৰা যায়। কিন্তু এলাহ নামৰ সেই ভয়াবহ মানসিক অৱস্থাটো? এলাহে মানুহৰ জীৱনত বহুতো অৱনতি আনে। পঢ়া-শুনা জীৱনত ভাল ফলাফল নহয় এলাহৰ বাবে। কাৰণ এলাহৰ বাবেই হয়তো যিমান কষ্ট কৰি পঢ়িব লাগিছিল। সিমানখিনি কষ্ট কৰা নহ’ল। যাৰ বাবে চাকৰি প্ৰাপ্তি আদিৰ ক্ষেত্ৰত পিছ পৰি ৰ’ব লগা হ’ল। পঢ়া কালৰ এলাহৰ বাবে গোটেই জীৱন ভূগিবলগীয়াও হয় একপ্রকাৰ। এলাহৰ বাবে মানুহ অপৰিস্কাৰ হয়। ধুবলগীয়া কানি-কাপোৰ সময় মতে ধোৱা নহয়। ঘৰুৱা চাফ-চিকুণতাত পিছ পৰি ৰয়। পাকঘৰ বিশৃংখল হৈ ৰয়। সেয়েহে এনে ধৰণৰ এলাহে নাৰীক বহু সময়ত লাজত পেলায়। এলাহৰ বাবে আমাৰ মহিলাসকলৰ হানি হোৱা আন এটা দিশ হৈছে মহিলাৰ স্বাস্থ্য। বেছিভাগ মহিলাই এলাহৰ বাবেই শৰীৰৰ বাবে উপকাৰী সামান্য দুটামান কৰিবলগীয়া বায়ামো নকৰে। তেওঁলোকৰ কথা হ’ল সময় নাই। কিন্তু স্বাস্থ্যৰ দিশটো মনত ৰাখিলে যিকোনো প্ৰকাৰে সময় উলিয়াই ল’ব লাগিবই। তাৰ বাবে লাগে মনৰ দৃঢ়তা। মহিলাসকলেই গোটেই ঘৰখন চোৱা-চিতা কৰে। স্বামী-সন্তানৰ খোৱা-বোৱা, কাপোৰ-কানি সকলো মহিলাগৰাকীয়েই চম্ভালে। কাৰোবাৰ কিবা সমস্যা হ’লেও মহিলাগৰাকীৰ ওপৰত বহুতো দায়িত্ব আহি পৰে। তেনে ক্ষেত্ৰত মহিলাগৰাকী যদি বর্ধিত ওজনৰ হয়, অকণমান কষ্ট কৰিলেই কেঁপাবলগীয়া হয়, কঁকাল-আঁঠু আদিৰ বিষত ভূগি থাকিবলগীয়া হয়, ডায়েবেটিছ-প্ৰেছাৰ এইবোৰৰ কথা আছেই— তেনে এগৰাকী মহিলাৰ বাবে ঘৰ, স্বামী-সপ্তান, ঘৰৰ চাফ-চিকুণতা ৰক্ষা ইমানবোৰ কাম কেনেকৈ সম্ভৱ হ’ব?

এনে অৱস্থাৰ পৰা হাত সাৰিবলৈ মহিলাসকলে কিছু আগৰ পৰাই শৰীৰ বা স্বাস্থ্যৰ বাবে সচেতন হ’লে অন্ততঃ বহু সমস্যা কমাই ৰাখিব পাৰে। প্রথমেই মহিলাসকলে শৰীৰৰ ওজন কমাই ৰখা, শৰীৰ আটিল কৰি ৰখাৰ প্ৰতি আগ্রহী হ’ব লাগে। তাৰ বাবে ৩০-৪০ বছৰ বয়সৰ পৰাই খোৱা-বোৱাৰ প্রতি সাৱধান আৰু নিয়মিত ব্যায়ামত গুৰুত্ব দিবই লাগিব। ব্যায়ামৰ প্ৰতি যিসকলে এলাহ কৰে সেইসকললৈ কেইটিমান দিহা দিয়া হ’ল—

শৰীৰৰ ওজন যাতে নাবাঢ়ে, তাৰ প্রতি দৃঢ় সংকল্প লওক। যিসকলৰ ইতিমধ্যে ওজন বাঢ়িছে সেইসকলে ওজন কমোৱাৰ প্রতি মনতে প্রতিজ্ঞা কৰক। সেই মানসিক অৱস্থা গঢ়ি ল’বৰ বাবে প্রথমতে ধ্যান কৰিবলৈ লওক। যেতিয়ালৈকে মনক দৃঢ় কৰিব নোৱাৰে তেতিয়ালৈকে ধ্যান অব্যাহত ৰাখক। ধ্যানৰ যোগেদি নিজক বুজাওক— আপোনাৰ বাবে শৰীৰ সুঠাম কৰি ৰখা কিমান জৰুৰী। ৰোগ প্রতিহত কৰি ৰখা কিমান জৰুৰী। সুন্দৰ দেহ এটাই জীৱন সুন্দৰ কৰি তোলে। সেই জীৱনটো আপুনি বিচাৰে। এই চেতনাবোধ দৃঢ় কৰি লওক গভীৰ ধ্যানৰ মাজেদি। ধ্যানৰ দ্বাৰা যেতিয়া আপুনি জ্ঞানপ্রাপ্ত হ’ব দেখিব— নিয়মিত ব্যায়ামৰ প্রতি আপুনি আগ্রহী হৈ উঠিছে। ব্যায়াম নকৰিলে অপৰাধ কৰা যেন বোধ হ’ব। নতুনকৈ উপলব্ধি কৰা জীৱনবোধ, সময় মতে কৰা কামবোৰ, নিয়ম-শৃংখলাই আপোনাক সুখী কৰি কৰিছে।

  • নিজকে অনবৰত স্মার্ট কৰি ৰাখিব। বয়সৰ কথা মনলৈ নানিব। যেন সপোনৰ মাজত অফুৰন্ত কর্মশক্তি আছে। আপুনি সকলো কাম কৰিব পাৰে সেই ভাব অনবৰত মনত লৈ ফুৰিব। সেই মনটোৱে ব্যায়াম কৰিবলৈ আপোনাক অনুপ্ৰেৰণা যোগাব।
  • সোনকালে শোৱা আৰ সোনকালে উঠাই বহু সমস্যাৰ সমাধান আনে। পৰৰ সহায় লোৱাতকৈ অনবৰত আত্মনিৰ্ভৰশীল হোৱাৰ মন এটা থাকিলে নিজক ঠিকে ৰখাৰ বাসনা এটা অনবৰত নিজৰ মাজত থাকে। কাৰণ শৰীৰ ঠিকে থাকিলে সকলো কামৰ বাবে আপুনি "ফিট্‌’। এই "ফিটনেছ’ দিব কেৱল ব্যায়মে। সেইবাবে ব্যায়াম কৰিবলৈ কেতিয়াও এলাহ কৰিব নালাগে।

লিখক: দীপমণি হাজৰিকা, অসম বাণী।

আঁহজাতীয় খাদ্য আৰু সুস্বাস্থ্য--


আজিৰ পৰা কেইদশকমান আগলৈকে আঁহজাতীয় খাদ্যৰ গুণাগুণ সম্পর্কে বিশেষ চর্চা হোৱা দেখা নগৈছিল। অকল শৌচ খোলোচা কৰাৰ ক্ষেত্ৰতহে আঁহজাতীয় খাদ্যৰ গুৰত্ব দিয়া হৈছিল। কিন্তু বর্তমান বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত আঁহজাতীয় খাদ্যৰ অনবদ্য ভূমিকা প্রমাণিত হৈছে। আঁহজাতীয় খাদ্যই ৰক্তচাপ আৰু কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে। ফলত হাৰ্ট এটেকৰ সম্ভাৱনা হ্রাস কৰে। ওজন কমোৱাৰ ক্ষেত্ৰতো এই খাদ্যই সহায় কৰে। কেন্সাৰকে ধৰি বিভিন্ন ৰোগৰ ক্ষেত্ৰত আঁহজাতীয় খাদ্যই প্রতিষেধকৰূপে কাম কৰে বুলি গৱেষণাৰ পৰা প্রমাণিত হৈছে। আনকি বহুমূত্র ৰোগীসকলেও এই খাদ্যৰ পৰা উপকৃত হ’ব পাৰে। অৱশ্যে বহুমূত্র ৰোগীৰ ক্ষেত্ৰত আলু, ভাত, ব্রেড আদি বিভিন্ন আঁহজাতীয় খাদ্য বাৰণ কৰা আছে।

সাধাৰণতে দুই ধৰণৰ আঁহযুক্ত খাদ্য পোৱা যায়। এবিধ দ্রবীভূত, আনবিধ অদ্রবীভূত। দ্রবীভূত আঁহবিধ সাধাৰণতে ওট, বার্লি, কাবুলি বুট, গাজৰ, সেউজীয়া মটৰ, মিঠা আলু, ফুলকবি, মধুৰিআম, আপেল, টেঙাজাতীয় ফল, যেনে-কমলা আৰু আঙুৰ ইত্যাদি। অদ্ৰৱীভূত আঁহ থকা খাদ্যসমূহ হ’ল ঘেঁহু, মাকৈ আদিৰ পাতল চোকোৰা, ব্ৰেড, বিভিন্ন প্রকাৰৰ বীন, বাদাম, নানা জাতীয় ফল আৰু পাচলি এই দুয়ো প্রকাৰৰ আঁহ থকা খাদ্য সুস্বাস্থ্য ৰক্ষাত অতি প্রয়োজনীয়।

ভাৰতীয় ৰন্ধন-প্ৰকৰণত বিভিন্ন প্রকাৰৰ মাহ আৰু বীন প্ৰচুৰ পৰিমাণে ব্যৱহৃত হয়। আগৰ তুলনাত আমি অসমীয়াসকলেও এনেকুৱা খাদ্যত অভ্যস্ত হৈছো। এয়া এটা সুলক্ষণ। কিয়নো আমিষ আহাৰতকৈ এই মাহজাতীয় খাদ্যসমূহ আঁহসমৃদ্ধ হোৱা বাবে বিভিন্ন ৰোগৰ উৎস কলে’ষ্টৰলক নিয়ন্ত্রণ কৰে। কিন্তু এটা কথা মনত ৰখা উচিত যে অন্যান্য শোধিত খাদ্যতকৈ আঁহজাতীয় খাদ্য হজম কৰিবলৈ বেছি টান। হ’লেও চিন্তাৰ প্রয়োজন নাই। একেকোবে বেছিকৈ খোৱাৰ পৰিৱৰ্তে অলপ অলপকৈ এনে খাদ্যৰ পৰিমাণ বঢ়াব লাগে। দেখিব সময়ত শৰীৰত গ্রহণযোগ্যতা বৃদ্ধি পাইছে। সেইদৰে প্রথম আঁহজাতীয় খাদ্য খাবলৈ লওঁতে শৰীৰটোৱে কেলচিয়াম, আইৰণ, অন্যান্য খনিজ পদাৰ্থ আহৰণ কৰাত কিছু বিজুতি ঘটে। গতিকে সুষম-সমতাপর্ণ আহাৰৰ তালিকা প্রস্তুত কৰা উচিত। তেতিয়া কিছুদিনৰ ভিতৰতে সমস্যাবোৰ দূৰ হোৱাৰ লগতে সুস্বাস্থ্যৰ পথত অগ্ৰসৰ হ’ব পাৰি।

লেখিকা: সীমা চক্ৰৱৰ্তী, অসম বাণী।

চকুযুৰিৰ যতন-

 

সৌন্দর্য বৰ্ধনৰ ক্ষেত্ৰত চকুযুৰিয়ে আমাৰ মুখমণ্ডলত এক বিশেষ ভূমিকা গ্রহণ কৰে। ক’বলৈ গ’লে চকুযুৰি মুখমণ্ডলৰ আটাইতকৈ আকর্ষণীয় অংগ। সৌন্দর্যবর্ধনৰ উপৰি চকুযুৰিৰ বাবেই যে আমি এই সুন্দৰ পৃথিৱীখন দেখিছো, সেই কথা পাহৰিব নালাগে আৰু সেয়ে আমি কিছুমান যতনৰ যোগেদি চকুযুৰি সুস্থ-সবল কৰি ৰাখিবলৈ যত্ন কৰিব লাগে|

  • চকুৰ ক্ষেত্ৰত যিকোনো কাম কৰিবলৈ ওলোৱাৰ আগেয়ে প্রথমেই আমি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
  • সদায় নিজৰ চশমাযোৰ পৰিস্কাৰকৈ ৰাখিবলৈ যত্ন কৰক।
  • আনৰ চশমা নিপিন্ধিব।
  • যদি মধুমেহ বা উচ্চ ৰক্তচাপৰ ৰোগী হয়, তেনেহ’লে মাজে-মাজে ডাক্তৰক চকুযুৰি দেখুৱাবলৈ নাপাহৰিব।
  • ডাক্তৰৰ পৰামর্শ নোলোৱাকৈ চকুত কোনো ধৰণৰ আইড্রপ নিদিব।
  • চশমা আৰু কনটেক্ট লেন্সৰ ভিতৰত চশমা অধিক উপকাৰী।
  • বর্তমান প্ৰদূষণ আৰু পর্যাপ্ত পৰিমাণে পোষণ নোপোৱা বাবে আমাৰ চকুযুৰি বেয়া হ’বলৈ ধৰিছে।
  • চকুযুৰি সবল হৈ থাকিবলৈ ডাক্তৰৰ পৰামর্শ অনুসৰি ঔষধ সেৱন কৰক।
  • চকুৰ বাবে থকা ব্যায়াম কৰাটো দৰকাৰী।
  • একেলেথাৰিয়ে বহু সময় ধৰি কম পোহৰত চকুৰ কাম কৰিব নালাগে।
  • সেউজীয়া গছ-গছনি, পাহাৰ আদিলৈ দৃষ্টি নিক্ষেপ কৰাটো খুবেই প্রয়োজন।

লেখিকা: শ্ৰুতি জৈন, অসম বাণী।

 


3.38095238095
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক