মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য বিচিত্ৰাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বিচিত্ৰাঃ

স্বাস্থ্য বিচিত্ৰা লিখা হৈছে

 

স্মাৰ্টফোন-টিভিৰ বাবেই শিশুৰ মাজত বৃদ্ধি পাইছে ডায়েবেটিছঃ

 

এই প্ৰজন্মৰ শিশুসকল সৰুৰে পৰাই যথেষ্ট আগবঢ়া। অতি কম বয়সতে বিভিন্ন যন্ত্ৰপাতি যেনে- টিভি, স্মাৰ্টফোন, টেবলেট আদি ব্যৱহাৰ কৰিবলৈ নিজে নিজে জনা হৈ যায় তেওঁলোক। ইয়াৰ পৰা বুজা যায় তেওঁলোকৰ মগজু কিমান উন্নত। জ্যেষ্ঠসকলেও তথ্য-প্ৰযুক্তিত উন্নত হ’ব বুলি ভাবিয়েই শিশুসকলৰ হাতত তুলি দিয়ে স্মাৰ্টফোন। পঢ়া-শুনাৰ অত্যধিক বোজাৰ বাবে খেলা-ধূলা কৰিবলৈ কম সময়হে পোৱা এই শিশুসকলে যিখিনি সময় পায় সেয়াও খেলাৰ সলনি স্মাৰ্টফোন, টেবলেট নাইবা টিভিত ভিডিঅ’ গেম জাতীয় খেলা খেলি অতিবাহিত কৰে। সেইবাবেই তেওঁলোকৰ কোনো ধৰণৰ শাৰীৰিক কচৰৎ নহয়। শেহতীয়াভাৱে চলা এক সমীক্ষাত প্ৰাপ্ত তথ্য অনুসৰি যিসকল শিশুৱে দিনটোৰ অধিক সময় স্মাৰ্টফোন নাইবা টিভিৰ সন্মুখত বহি কটায় তেওঁলোক ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। অস্বাস্থ্যকৰ খাদ্য খোৱাৰ অভ্যাস, প্ৰয়োজনতকৈ কম পৰিশ্ৰম আৰু বংশগত কাৰণতো ডায়েবেটিছ হ’ব পাৰে। সাধাৰণতে প্ৰাপ্তবয়স্ক লোকসকলৰ মাজতহে এই ৰোগবিধ অধিক পৰিমাণে হোৱা দেখা যায় যদিও সম্প্ৰতি শিশুসকলো ৰোগবিধত অধিক পৰিমাণে আক্ৰান্ত হোৱা দেখা যায়। গৱেষকসকলৰ মতে সম্প্ৰতি শিশুসকলে কম্পিউটাৰ, টেবলেট, স্মাৰ্টফোন আদিত অধিক সময় অতিবাহিত কৰে। ফলত তেওঁলোকৰ শৰীৰত ফেট আৰু ইনছুলিনৰ মাত্ৰা বৃদ্ধি পায়। প্ৰায় ৪৫০০ শিশুৰ মাজত চলা সমীক্ষাটোত দেখা গৈছে যে যিসকল শিশুৱে দিনৰ দুঘণ্টাৰো অধিক সময় স্মাৰ্টফোন, কম্পিউটাৰ, টেবলেট, টিভিৰ সন্মুখত অতিবাহিত কৰিছে তেওঁলোক টাইপ-২ ডায়েবেটিছত আক্ৰান্ত হৈছে।

 

যৌন উত্তেজনা বঢ়ায় শুকান জলকীয়াইঃ

 

ৰন্ধন কাৰ্যত শুকান জলকীয়াৰ ব্যৱহাৰ অবিহনে খাদ্যৰ সঠিক জুতি আমি যেন অনুভৱ নকৰো। দাইলৰ পৰা মাছৰ জোল, মাংস আদি বিভিন্ন ব্যঞ্জনত শুকান জলকীয়াৰ ব্যৱহাৰ আমি প্ৰায়ভাগেই কৰো। বহুতৰেই অৱশ্যে ধাৰণা আছে যে বেছি শুকান জলকীয়া খোৱাৰ ফলত পাকস্থলীৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ শংকা থাকে। কিন্তু ই ভুল ধাৰণা। বৰং সুস্বাস্থ্য অটুট ৰখাত শুকান জলকীয়াৰ আছে অনেক গুণ। শুকান জলকীয়াৰ উপকাৰিতা এনে ধৰণৰ-

(১) যৌন উদ্দীপনা বৃদ্ধি কৰেঃ শুকান জলকীয়াত থকা কেপছাইচিনে যৌন উত্তেজনা বৃদ্ধি কৰে। যিয়ে এণ্ডোৰফিনৰ ক্ষৰণ বঢ়ায় আৰু যৌন চাহিদা বৃদ্ধি কৰে।

(২) ইমিউনিটী বঢ়ায়ঃ শুকান জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ আৰু ‘চি’ থাকে। নিতৌ শুকান জলকীয়া খোৱা লোকৰ নাকৰ বিন্ধা পৰিষ্কাৰ হৈ থাকে। ইয়াৰ উপৰি অন্ত্ৰ, মূত্ৰনলী আৰু হাঁওফাঁওৰ কোনো সংক্ৰমণ নহয়।

(৩) বিষ উপশম কৰেঃ আৰ্থ্ৰাইটিছ বা বাত বিষৰ ক্ষেত্ৰত শুকান জলকীয়াৰ আছে যথেষ্ট সুফল। শুকান জলকীয়াত থকা পেপছাইচিনে যিকোনো ধৰণৰ গাঁঠিৰ বিষ, মাংসপেশীৰ বিষ, অষ্ট্ৰিঅ’ আৰ্থ্ৰাইটিছৰ যন্ত্ৰণা উপশম কৰে।

(৪) চকু ভালে ৰাখেঃ শুকান জলকীয়াত থকা ভিটামিন ‘এ’ চকুৰ বাবে অতি উপকাৰী। ৰেটিনাৰ কোষৰ ক্ষয় ৰোধ কৰে।

(৫) ৰক্তচাপ হ্ৰাস কৰেঃ শৰীৰত কলেষ্টেৰল হ্ৰাস কৰাত শুকান জলকীয়াৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। প্লেটলেট বা অনুচক্ৰিকাক গোট মৰাত বাধা নিদিয়ে। তেজত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰে। ধমনী প্ৰসাৰিত কৰে। হাইপাৰটেনছন কমায়। ফলত ৰক্তচাপ হ্ৰাস পায় আৰু হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম হয়।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

3.03846153846
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top