মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য বিভ্ৰান্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বিভ্ৰান্তি

স্বাস্থ্য বিভ্ৰান্তি

যিদৰে স্বাস্থ্যৰ যত্ন লাগে, সেইদৰে নিজৰ শৰীৰটোৰ প্ৰতি সচেতন হোৱা খুবেই প্ৰয়োজন। কিন্তু সচেতন হ’লেই নহ’ব – সেই সচেতনতা কিমান বিজ্ঞানসন্মত, কিমান সঠিক আৰু শুদ্ধ – এই কথাবোৰ জনাও খুবেই প্ৰয়োজন। যি কোনো স্বাস্থ্যজনিত সমস্যা বা ৰোগ-ব্যাধিৰ উদ্ভৱ হ’লেই ‘ইটো খাব নাপায়’, ‘সিটো খাব নাপায়’, ‘ইটো কৰিব নালাগে’, ‘সিটো কৰিব নালাগে’ ইত্যাদি ধৰণৰ এনেকুৱা কিছুমান প্ৰচলিত ধাৰণাৰ বশৱৰ্তী হৈ পৰোঁ যে সেইবোৰ ধাৰণাৰ ভুল-শুদ্ধ অথবা সেইবোৰ ধাৰণাৰ বৈজ্ঞানিক ভিত্তি আছেনে নাই – এইবোৰৰ বিষয়ে বিচাৰ কৰি চোৱাৰ প্ৰয়োজনবোধেই নকৰোঁ। এই ধৰক জ্বৰ হৈছে। গতিকে ইটো খাব নোৱাৰিব, সিটো খাব নোৱাৰিব জাতীয় নিষেধাজ্ঞা। তদুপৰি আকৌ ঠাণ্ডা লগাব নোৱাৰিব, যেনেঃ ফেন চলাব নোৱাৰিব, এ চি (যদি আছে) চলাব নোৱাৰিব ইত্যাদিবোৰ আছেই। আকৌ মধুমেহ ৰোগ হোৱাৰ লগে লগে আলু খোৱা বন্ধ। খাব নোৱাৰিব চেনি, মাংসও। আমাৰ ককা, আজোককাৰ দিনৰ পৰাই আমি এই কথাবোৰ বিশ্বাস কৰি আহিছোঁ। এনে কথাবোৰৰ কিমান সত্যতা আছে, এই কথাবোৰ বিজ্ঞানভিত্তিক হয়নে নহয় সেই বিষয়ে আমি চিন্তা কৰাৰো প্ৰয়োজনবোধ কৰা নাই। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা যদি চোৱা যায় তেতিয়াহ’লে ভাইৰেল ফিভাৰৰ লগত ফেন চলালে ঠাণ্ডা লগাৰ কোনো সম্পৰ্কই নাই। আকৌ মধুমেহ ৰোগীয়ে সিজোৱা আলু আৰু আলুৰ তৰকাৰী খোৱাতো আপত্তি নাই। মাথোঁ তেলত ভজা আলু নাখালেই হ’ল। আচলতে আমি সঁচা বুলি খামোচ মাৰি ধৰি অহা বহু ধাৰণাই একো একোটা ভুল ধাৰণা। সেই ভুলবোৰৰ পৰা সৃষ্টি হৈছে একো একোটা ‘মীথ’। স্বাস্থ্য সম্পৰ্কে নিজকে যিমানেই সচেতন বুলি নকওঁ লাগে, আমাৰ এই সচেতনতা অনেক সময়ত বহু ভুল ধাৰণাৰ ওপৰত আধাৰিত। তেনে বহু ভুল ধাৰণাক মনৰ পৰা আঁতৰাই পঠিয়াব যাতে পাৰে সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই বিশেষজ্ঞৰ পৰামৰ্শৰে আমাৰ এই লেখা। ক’ব পাৰে স্বাস্থ্য সম্পৰ্কীয় প্ৰচলিত ধ্যান-ধাৰণাক দূৰলৈ ঠেলি সত্য প্ৰতিষ্ঠাৰ ই এক বিনম্ৰ প্ৰয়াস।

সাধাৰণ সমস্যাবোৰত প্ৰচলিত ধাৰণা বনাম প্ৰকৃত সত্য

 

 

(১)

আমাৰ বিশ্বাস খাদ্য সামগ্ৰী মাটিত পৰি গ’লে লগে লগে তাক তুলি খাই পেলাব লাগে। তাকে নকৰিলে শত্ৰুৱে আসৈ পাই বুলি বিশ্বাস কৰা হয়। ই আচলতে অন্ধবিশ্বাস বা ভ্ৰান্ত ধাৰণা। প্ৰকৃত সত্যটো হ’ল এক ছেকেণ্ডৰ বাবেও খাদ্যৰ অলপমান ক্ষুদ্ৰ সামগ্ৰীও যদি মাটিত পৰি ৰয়, তেনেহ’লে সেই খাদ্য বুটলি খাব নালাগে। কাৰণ পৰি যোৱা খাদ্যত প্ৰচুৰ পৰিমাণে বেক্টেৰিয়াৰ সংক্ৰমণ হ’ব পাৰে।

 

(২)

যিকোনো শাৰীৰিক গঠনৰ মানুহৰ ক্ষেত্ৰতে উচ্চ মাত্ৰাৰ কলেষ্টৰেল থাকিব পাৰে। গতিকে খীণ মানুহৰ কলেষ্টৰেলৰ সমস্যা নাথাকে বুলি ভবা কথাটো ভুল। শকত-আৱত মানুহৰ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বেছি থকা সম্ভৱ যদিও খীণ মানুহৰো এনে সমস্যা থাকিব পাৰে। গতিকে খীণ ব্যক্তিসকলেও কলেষ্টৰেল নিয়মিত পৰীক্ষা কৰা প্ৰয়োজন। শৰীৰৰ ওজন বাঢ়িলেই যে কলেষ্টৰেলৰ সমস্যাত ভূগিব সেই কথাও সত্য নহয় বা শৰীৰৰ ওজন বৃদ্ধিয়েই একমাত্ৰ কাৰণো নহয়। আপুনি কিমান পৰিশ্ৰমী, আপোনাৰ খাদ্যাভ্যাস কেনেধৰণৰ – এইবোৰৰ ওপৰতো নিৰ্ভৰ কৰে শৰীৰত থকা কলেষ্টৰেলৰ পৰিমাণ।

(৩)

ঠাণ্ডা পৰিৱশতেই পানী লগা, জ্বৰ, কাহ ইত্যাদি হোৱাৰ সম্ভাৱনা বেছি বুলি ভবাটো এটা ভ্ৰান্ত ধাৰণা। আচলতে বীজাণুৰ সংক্ৰমণৰ পৰাহে পানী লগা জ্বৰ আদি হয়। এই সংক্ৰমণৰ ফলত ঠাণ্ডা লাগিব পাৰে বা লাগে। কিন্তু কোনো ঠাণ্ডা পৰিৱেশে দেহৰ ইমিউনিটী ব্যৱস্থাক প্ৰভাৱিত নকৰে। অৱশ্যে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা একেবাৰে নষ্ট হৈ গ’লে বেলেগ কথা। বহুতে ভাবে এ চিও ঠাণ্ডা লগাৰ অন্যতম এটা কাৰণ। আচলতে কথাটো তেনেকুৱা নহয়। এয়াৰ কণ্ডিশ্যনাৰে বায়ুৰ আৰ্দ্ৰতা দূৰ কৰে, যাৰ ফলত মিউকাছৰ ৰক্ষাকৰ্তা তৰপটো শুকাই যায়। সেই কাৰণেই এয়াৰ কণ্ডিশ্যনাৰৰ পৰা ঠাণ্ডা লগা বুলি ধাৰণা হয়।

(৪)

ৰাতি আহাৰ গ্ৰহণ কৰাৰ পাছত লগে লগে দাঁত ব্ৰাছ কৰিব লাগে বুলি যিটো ধাৰণা প্ৰচলিত হৈ আহিছে সেয়া আচলতে ভুল ধাৰণা। ৰাতিৰ আহাৰ খোৱাৰ পাছত লগে লগে দাঁত ব্ৰাছ কৰিলে দাঁতৰ এনামেল ক্ষয় যায়। বিশেষকৈ ফলাহাৰ, মিঠাই, চ’ডা, মাছ, মাংস আদি খোৱাৰ এঘণ্টাৰ পাছতহে দাঁত ব্ৰাছ কৰিব লাগে।

(৫)

চাপে মানুহক ভিতৰি ভিতৰি বুঢ়া কৰি তোলে। এই কথা সত্য। কিন্তু চাপৰ ফলত মানুহৰ চুলি পকে বুলি ভবা কথাটো ভুল। চাপৰ লগত চুলি পকাৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

(৬)

বুকুৰ বিষৰ পৰাই হাৰ্ট এটেক আৰম্ভ হয় বুলি ভবা কথাটোৰ কোনো বৈজ্ঞানিক সত্যতা নাই। হাৰ্ট এটেক হ’লে উশাহত কষ্ট হয়, অত্যন্ত ক্লান্ত যেন লাগে, উৎকণ্ঠা বাঢ়ে, শৰীৰ ঘামে, পিঠি, কান্ধ আদিত বিষ হয়। এনেকুৱা লক্ষণবোৰে দেখা দিলে লগে লগে চিকিৎসকৰ কাষ চপা ভাল। পাৰিবাৰিক হাৰ্ট এটেকৰ দৃষ্টান্ত থকাসকলে কিছু সচেতন হোৱা প্ৰয়োজন।

(৭)

কাৰ্বহাইড্ৰেট সম্পৰ্কেও আমি লৈ আহিছোঁ কিছুমান ভ্ৰান্ত ধাৰণা। কাৰ্বহাইড্ৰেট স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি আমাৰ বহুতেই বিশ্বাস কৰে। এনে ধাৰণা বিশ্বাসৰ কোনো বিজ্ঞানসন্মত ভিত্তি নাই। আচলতে সন্তুলিত আহাৰৰ বাবে কাৰ্ব’হাইড্ৰেট খুবেই প্ৰয়োজনীয়। বিশেষকৈ যিসকলে ব্যায়াম কৰে সেইসকলৰ বাবে কাৰ্ব’হাইড্ৰেট অত্যন্ত প্ৰয়োজনীয়। কাৰ্ব’হাইড্ৰেটৰ লগত, মাখন, ক্ৰীম, চৰ্বি জাতীয় পদাৰ্থ ভক্ষণ কৰিলেহে শৰীৰত চৰ্বি জমা হৈ শকত হৈ শকত পৰাৰ সম্ভাৱনা থাকে। কাৰ্ব’হাইড্ৰেটজাতীয় খাদ্যই পেট পূৰ্ণ কৰি ৰাখ, ফলত ভোক কমকৈ লাগে।

শিশুৰ ক্ষেত্ৰত থকা ভুল ধাৰণাসমূহ

 

শিশুৰ সু-স্বাস্থ্য আৰু বিকাশ – এইখিনিনিৰ্ভৰ কৰে পিতৃ-মাতৃৰ ওপৰত। কাৰণ এটা সুস্থ পৰিৱেশতসন্তানক ডাঙৰ-দীঘল কৰাৰ দায়িত্বও পিতৃ-মাতৃৰে। গতিকে সন্তানক মানুহ কৰাৰ ক্ষেত্ৰত পিতৃ-মাতৃসকলেপ্ৰচলিত ভুল আৰু ভিত্তিহীন বিষয়বোৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব লাগিব।

(১)

ডাঙৰ হ’লেহে বোলে শিশুৰ ব্যক্তিত্বৰ বিকাশ ঘটে। ই কিন্তু শুদ্ধ নহয়। শুদ্ধ কথাটো হ’ল – জন্মৰ কেইবছৰমানৰ ভিতৰতে শিশুৰ ব্যক্তিত্বৰ বিকাশ ঘটে। বয়স বাঢ়ি আহিলে কিন্তু স্বভাৱ পৰিৱৰ্তন কৰাটো অসম্ভৱ হৈ পৰে। গতিকে শৈশৱত কৰা ভুলবোৰ তেতিয়াই বুজাই বঢ়াই শুধৰাই দিব লাগে। ইমানৰ পাছতো যদি শিশুটো যদি অবাধ্য হয় তেতিয়া হ’লে শিশুটোৰ লগত কথা পতা বন্ধ কৰি দিব লাগে। তাক মৰম স্নেহো কৰিব নালাগে। মাৰ-পিট বা গালি-শপনিৰে শাসন কৰাতকৈ উল্লিখিত পদ্ধতি বেছি ফলদায়ক। শিশুটোক শিশু হিচাপে চোৱা প্ৰয়োজন। তেনে কৰিলে শিশুৰ আত্মবিশ্বাস বাঢ়িব আৰু আন দহজনৰ লগত ভাৱৰ আদান-প্ৰদান কৰিব পাৰিব।

(২)

সন্তান মেধা বা পৰীক্ষাত প্ৰথম হ’লেই ভাল, নহ’লেই বেয়া – এনে চিন্তা ভুল। শিশুক নিগনি দৌৰত নমাব নালাগে। হেঁচাৰ মাজত প্ৰথম কেইটামান বছৰ শিশুটোৱে ভাল ফলাফল লাভ কৰিলেও সঁচাকৈয়ে যদি মেধা সম্পন্ন নহয় তেতিয়া হ’লে এটা সময়ত গতি ৰুদ্ধ হৈ যাব। ফলত হতাশ হ’ব আৰু মানসিক বিকাশত জটিলতা আহি পৰিব।

(৩)

বিকাশৰ সময়খিনিত শিশুক গাখীৰ খুৱাব লাগে। ই অত্যন্ত জৰুৰী। পৰৱৰ্তী সময়ত গাখীৰৰ প্ৰয়োজনীয়তা পূৰ কৰে অন্যান্য আহাৰে।কিন্তু গোটেই জীৱন গাখীৰ খাবই লাগিব বোলা যুক্তিটো শুদ্ধ নহয়। ই এক ভুল ধাৰণা মাত্ৰ।

(৪)

শিশুক সঘনাই খুৱাব লাগে। ই আমাৰ প্ৰচলিত ধাৰণা। ই কিন্তু শুদ্ধ ধাৰণা নহয়। সঘনাই খুৱাই থাকিলে শিশুৰ ভোক নোহোৱা হয়। ফলত প্ৰয়োজনীয় খাদ্য ঠিক মতে খাব নোৱাৰা হয়। শেষত হিতে বিপৰীত হয়গৈ।

(৫)

শিশুৰ কপালৰ এফালে কাজলৰ ফোঁট দিয়াটো আমাৰ এটা প্ৰচলিত নিয়ম। আনৰ মুখ নালাগিবৰ বাবেই এই নিয়ম পালন কৰি অহা হৈছে। ই এক প্ৰকাৰৰ অন্ধবিশ্বাস। কাজলৰ ফোঁট হ’ল – পোৰা কাৰ্বন। গাড়ী-নটৰৰ ধোঁৱা, পথৰ ধূলি যিমান মাৰাত্মক তাতকৈও বেছি ভয়াবহ এই কাজলৰ ফোঁট।

(৬)

চাবোনেৰে গা ধুৱালে শিশুৰ বোলে ঠাণ্ডা লাগে। ই এটা ভুল ধাৰণা। আচলতে চাবোনেৰে গা ধুৱালে চাবোন নাকত লাগে আৰু নাকেৰে পানী ওলাবলৈ ধৰে। এই কথাই ঠাণ্ডা লগাটো নুবুজায়।

(৭)

মাজনিশা শিশুক এবাৰ আহাৰ খুৱাব লাগে বুলি আমাৰ বহু পিতৃ-মাতৃয়ে বিশ্বাস কৰি আহিছে। এই বিশ্বাস ভিত্তিহীন। দিনটো নাখালেও ৰাতি টোপনিৰ পৰা জগাই শিশুক আহাৰ খুৱাব নালাগে। খুৱালে শিশুৰ স্বাস্থ্যৰ অৱনতিহে হ’ব পাৰে। ভোক লাগিলে শিশু নিজেই টোপনিৰ পৰা উঠিব।

(৮)

ডায়েৰিয়া হ’লে আমাৰ প্ৰায় সকলো পিতৃ-মাতৃয়েই সন্তানক আহাৰ খাবলৈ নিদিয়ে, একেবাৰে বন্ধ কৰি দিয়ে। তেনে কৰিলে ডায়েৰিয়া ভাল হ’ব বুলি ভাবে। ই আচলতে শুদ্ধ ধাৰণা নহয়। আচলতে খাবলৈ দিবহে লাগে। সহজতে হজম হ’ব পৰা উচিত পৰিমাণৰ খাদ্য খুৱাব লাগে যাতে সন্তানৰ স্বাস্থ্য দুৰ্বল হৈ নপৰে।

(৯)

শৈশৱৰে পৰা সন্তানৰ চুলিত তেল সানিলে চুলি স্বাস্থ্যৱান আৰু ভাল হয় বুলি আমাৰ বহুতৰে এটা ধাৰণা আছে। আচলতে শৈশৱত তেল সানিলে মূৰটো লেতেৰা হোৱাৰ বাহিৰে আন একো ভাল কাম নহয়।

 

(১০)

নিমোনিয়া হ’লে বেছি কাপোৰ-কানি পিন্ধাই ৰাখিব লাগে বুলি ভবা কথাটো আচলতে শুদ্ধ নহয়। নাকেৰেও ঠাণ্ডা শৰীৰৰ ভিতৰলৈ সোমায়। এই কাম বন্ধ কৰাও সম্ভৱ নহয়। যিখিনি বা যিমানখিনি কাপোৰ পিন্ধিলে সন্তানে আৰাম অনুভৱ কৰে সিমানখিনি কাপোৰহে পিন্ধিব লাগে। বেছিকৈ কাপোৰ পিন্ধালে সন্তানে খুলিও পেলাব পাৰে। খুলি পেলালে আকৌ পিন্ধাব নালাগে।

ডায়েট মীথ

 

ডায়েট সম্পৰ্কে আমাৰ মাজত বহু ভুল ধাৰণা আছে। কাৰোবাৰ মুখত ডায়েট সংক্ৰান্তীয় কিবা কথাশুনিলেই কোনো বাচ-বিচাৰ নকৰাকৈ আমি তাকেই মানি চলোঁ। কাৰোবাৰ বাবে উপকাৰী ডায়েট আনএজনৰ বাবে অপকাৰীও হ’ব পাৰে। তেনে কিছু ভুল ধাৰণা আৰু সেইবোৰৰ সংক্ষিপ্ত ব্যাখ্যা দাঙি ধৰাহ’ল।

(১)

খাদ্যৰ লগত কেঁচা নিমখ খাব নালাগে, ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক – এই কথা আমি সকলোৱেই বিশ্বাস কৰোঁ। সত্য কথাটো হ’ল কেঁচা নিমখ আৰু তৰকাৰী দাইলত দিয়া নিমখৰ মাজত কোনো পাৰ্থক্যই নাই। নিমখ কিমান খাইছে সেইটোহে মূল কথা। মাত্ৰাধিক নিমখ শৰীৰৰ বাবে ক্ষতিকাৰক। গতিকে নিমখ বেছিকৈ নোখোৱাই ভাল।

(২)

আমাৰ এটা ধাৰণা আছে যে পুৰাকলত প্ৰচুৰ পৰিমাণৰ ‘আইৰণ’ থাকে। ই ভুল। পুৰাকলত সামান্য পৰিমাণৰ আইৰণহে থাকে। পুৰাকলত ‘টেটিন’ নামৰ এবিধ পদাৰ্থ থাকে। ‘টেটিন’ আৰু ‘আইৰণ’ মিলি যি যৌগ তৈয়াৰ হয় সেইখিনি শৰীৰে গ্ৰহণ নকৰে, শৌচৰ লগত ওলাই যায়। ৰক্তহীনতাত ভোগাসকলৰ বাবেও পুৰাকল উপযুক্ত খাদ্য নহয়। কাৰণ ই আইৰণৰ ছাপ্লিমেণ্ট নহয়।

(৩)

আমি ভবাৰ দৰে ‘ৰেড মীট’ স্বাস্থ্যৰ বাবে অত্যন্ত বেয়া খাদ্য নেকি! ‘ৰেড মীট’ত প্ৰচুৰ পৰিমাণৰ আইৰণৰ লগতে প্ৰচুৰ চৰ্বিও থাকে। গতিকে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু চৰ্বি অংশ বাদ দি অলপ অলপ ‘ৰেড মীট’ খালে কোনো অনিষ্ট নহয়। বিশেষকৈ ল’ৰা-ছোৱালীক চৰ্বিবহীন ‘ৰেড মীট’ খুৱাব লাগে।

 

(৪)

কলেষ্ট্ৰৰেল মানেই ক্ষতিকাৰক বুলি ভবাটো আমাৰ ভুল ধাৰণা। কলেষ্ট্ৰৰেল শৰীৰৰ বাবে খুবেই প্ৰয়োজনীয়। কলেষ্ট্ৰৰেলযুক্ত খাদ্য একেবাৰে নোখোৱাকৈ থাকিব নালাগে। কিন্তু খোৱাৰ মাত্ৰা কম হ’লে ভাল।

(৫)

মাখনত তুলনাত মাৰ্জাৰিণ স্বাস্থ্যৰ বাবে উপকাৰী বুলি কৰা ধাৰণাটো এটা ভুল ধাৰণা। মাৰ্জাৰিণ কলেষ্ট্ৰৰেলমুক্ত হ’লেও ফেট মুক্ত নহয়। কলেষ্ট্ৰৰেল ফেটৰেই এটা অংশ। মাখনৰ দৰে মাৰ্জাৰিণতো থাকে এশ শতাংশ চৰ্বি।

(৬)

দৈ গাখীৰৰ লগত ঠাণ্ডাৰ কোনো সম্পৰ্ক নাই। গতিকে ঠাণ্ডা লাগিলে দৈ খোৱা উচিত নহয় বুলি কোৱা কথাটো শুদ্ধ নহয়। ফ্ৰীজত ৰখা যিকোনো বস্তু খালেই এই সমস্যা হ’ব পাৰে।

(৭)

ফলৰ ৰল খালে ঘাঁ বা চিলাই কৰা কটা-ছিঙা পকি যায় বুলি থকা আমাৰ ধাৰণাটো আচলতে ভুল ধাৰণা। সত্যটো হ’ল – ফলৰ ৰসে ঘাঁ শুকুৱাত সহায়হে কৰে। সেই কাৰণে ঘাঁ বা চিলাই আদিত ফলৰ ৰস খাবলৈহে পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে।

(৮)

উচ্চ ৰক্তচাপৰ লগত যদি কিডনিৰ সমস্যা থাকে তেতিয়াহ’লে তেনে ব্যক্তিয়ে পটাচিয়াম ক্ল’ৰাইড খালে সমস্যা বাঢ়ি যাব পাৰে। কিডনিৰ সমস্যাত ভোগাসকলৰ বাবে এই নিমখ ক্ষতিকাৰক। গতিকে উচ্চ ৰক্তচাপত ভোগাসকলে পটাচিয়াম ক্ল’ৰাইড নিমখ খোৱা ভাল বুলি ভবা কথাটো ভুল।

কিছুমান বিশেষ অসুখৰ ক্ষেত্ৰত

বিশেষ কিছুমান অসুখৰ ক্ষেত্ৰত আমি বহু সময়ত বহুবোৰ ভুল ধাৰণা পোষণ কৰি আহিছোঁ। সেইবোৰ ভুলধাৰণাৰ বশৱৰ্তী হৈ আমি বছৰ বছৰ ধৰি এনেকুৱা কিছুমান নিময় মানি আহিছোঁ যিবোৰে হয়তো হিতেবিপৰীতহে কৰিছে।

(১)

প্ৰয়োজনতকৈ বেছি পানী খোৱাটো শৰীৰৰ কাৰণে সঁচাকৈ ভালনে? আমিতো ভাল বুলিয়েই ভাবোঁ। আচলতে কিডনি আৰু হাৰ্টৰ সমস্যা নথকাসকলেহে বেছিকৈ পানী খাব লাগে। এই দুটা সমস্যাত ভোগাসকলে বেছি পানী খালে সমস্যা বাঢ়ি যাব পাৰে।

(২)

জণ্ডিচ ৰোগত আক্ৰান্তসকলে জ্বলা-পোৰা, মচলা আৰু চৰ্বিযুক্ত খাদ্য খাব নালাগে। খালে অসুখ বাঢ়ি যাব বা হজমৰ সমস্যা হ’ব তেনে কোনো সম্ভাৱনা কিন্তু নাই। প্ৰকৃত কথাটো হ’ল – জণ্ডিচ ৰোগত আক্ৰান্ত হ’লে ভোক কমি যায়। চৰ্বি জাতীয় খাদ্যই ভোক হ্ৰাস কৰে। গতিকে ৰোগত আক্ৰান্ত হৈ থকাৰ সময়ত চৰ্বি জাতীয় খাদ্য খালে ভোক একেবাৰে নোহোৱা হোৱাৰ সম্ভাৱনা থাকে। সেই কাৰণে সেই সময়খিনিত ফেট জাতীয় খাদ্য কমকৈ খোৱা ভাল।

(৩)

‘সৰু আই’ বা ‘ভাইৰেল ফিভাৰ’ত নিৰামিষ খাদ্যহে খোৱা উচিত বুলি থকা ধাৰণাটো শুদ্ধ নহয়। কাৰণ ‘সৰু আই’ বা ‘ভাইৰেল ফিভাৰ’ত শৰীৰৰ ইমিউনিটী ছিষ্টেম দুৰ্বল হৈ পৰে। গতিকে ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে সেই সময়ত মাছ, কণী, কুকুৰাৰ মাংস আদি খাব লাগে বুলিহে মত পোষণ কৰে বিশেষজ্ঞসকলে।

(৪)

ডাবৰ পানী খালে ঠাণ্ডা নালাগে। জ্বৰ-কাহ আদি নহয়। এজমা হ’লে ডাবৰ পানী বেছিকৈহে খাব লাগে। কাৰণ ডাবৰ পানীত থাকে পটাচিয়াম যিটো এজমা ৰোগীৰ বাবে উপকাৰী। গতিকে এজমা ৰোগীয়ে ডাবৰ পানী খাব নালাগে বুলি চলি অহা ধাৰণাটো ভুল ধাৰণা।

চিকিৎসকৰ পৰামৰ্শ আৰু নিৰ্ভৰযোগ্য উৎসৰ পৰা এই লেখাৰতথ্যসমূহ সংগ্ৰহ কৰা হৈছে যদিও নিজৰ জীৱন যাত্ৰাত ইযাৰবিধানসমূহৰ প্ৰয়োগৰ পূৰ্বে ঘৰুৱা চিকিৎসকৰ পৰামৰ্শ লোৱাবাঞ্ছনীয়।

লিখক : শৈলেন কুমাৰ নাথ

2.87301587302
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top