মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য বিষয়ক বিভিন্ন কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বিষয়ক বিভিন্ন কথা

জ্বলন এটি জৰুৰীকালীন অৱস্থা

জুইয়ে পোৰা বা অন্য উৎসৰ পৰা হোৱা জ্বলন এটি অত্যন্ত জৰুৰীকালীন অৱস্থা। প্রায়ক্ষেত্ৰতে এনে পোৰা ৰোগী বা তেওঁৰ আত্মীয়স্বজনে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। এনে এটা সময়ত এটি সুস্থিৰ চিন্তাধাৰা আৰু তাৎক্ষণিক চিকিৎসা প্রথম চর্ত, যি ৰোগীজনৰ পৰৱৰ্তী তাৎক্ষণিক আৰু সুদূৰপ্ৰসাৰী ফলাফলৰ (outcome) বাবে নির্ণায়ক হয়।

পোৰা বুলিলে সাধাৰণতেই জুইৰ কথাই মনলৈ আহে যদিও আন আন উৎস, যেনে— বৈদ্যুতিক বার্ণ, কেমিকেল বার্ণ বা বজ্ৰপাতত যথেষ্ট সংখ্যক লোক আহত হয়। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত গৰম পানীয়ে পোৰাৰ উদাহৰণ বেছি। আনহাতে মহিলাসকলে প্ৰায়ে ৰান্ধনীশালৰ দুৰ্ঘটনাৰ চিকাৰ হয়। বর্তমান কিছুক্ষেত্ৰত যেনে— যৌতুক হত্যা, এচিড আক্ৰমণ আদি প্রায়ে দেখা যায় যদিও সচৰাচৰ শিশুৰ লগত হোৱা দুর্ঘটনা আৰু ৰান্ধনীশালত মহিলাৰ লগত সংঘটিত পোৰাৰ সংখ্যা আৰু বেছি।

ফেক্টৰী আদিত প্ৰায়ে কেমিকেল বার্ণ হয়। সেইদৰেই পথাৰত বজ্ৰপাত পৰা, বৈদ্যুতিক কাম কৰা লোকৰ ইলেট্রিক বার্ণ হয়। কেতিয়াবা কাৰেণ্ট লাগি কোনো কোনো লোকৰ হাত-ভৰি বা আঙুলি আদি মৰি যোৱাও দেখা যায়। বন্ধ কোঠা আদিত ধোঁৱাই কৰা ক্ষতি কেতিয়াবা মৃত্যুৰ কাৰণ হ’ব পাৰে। বন্ধ কোঠাৰ পৰা সেয়ে লগে লগেই বাহিৰলৈ অহাটো প্রয়োজন। সেইদৰেই জুই লগা ব্যক্তিজনে জুই নুমাবৰ কাৰণে দৌৰাদৌৰি কৰিব নালাগে, তাৰ সলনি মাটিত বাগৰি দিলেই জুই নুমাই যায়। জুই লগা স্থানবোৰ পৰিষ্কাৰ পানীত ডুবাই ৰাখিব লাগে অতি কমেও ২০ মিনিট, নহ’লে পৰিষ্কাৰ কাপোৰ ঠাণ্ডা পানীত ডুবাই লগাব লাগে। কোনো ঘৰুৱা বস্তু দেহৰ পোৰা অংশত লগোৱা উচিত নহয়। কেমিকেল বাৰ্ণৰ ক্ষেত্ৰত প্রায় ৩০ মিনিটমান পানী ঢালিব লাগে আৰু কেমিকেল লাগি থকা পোছাক ইত্যাদি সলাই দিব লাগে।

হাস্পতাললৈ নিয়াৰ পথত ৰোগীৰ বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ যাতে ঠাণ্ডা নালাগে সেইটো মন কৰিব লাগে। বাটত যিমান পাৰি পানী খুৱাব লাগে বা দৰকাৰত ৰিংগাৰ লেক্টেট (RL) চেলাইন লগাব লাগে। বর্তমান আমাৰ ৰাজ্যৰ প্ৰায় সকলো মেডিকেল কলেজ, চিভিল হাস্পতালৰ লগতে বহুতো প্রাইভেট হাস্পতালত পোৰা ৰোগীৰ চিকিৎসা হয়। ইয়াৰ উপৰিও কিছু কিছু স্থানত যেনে— গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, নগাঁও চিভিল হস্পাতাল, ধুবুৰী চিভিল হাস্পতাল, ডিগবৈ অইল হাস্পতাল আৰু প্ৰাইভেটৰ ভিতৰত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত বার্ণ ইউনিট আছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এখন বাৰখন বিছনাযুক্ত বাতানুকুল বাৰ্ণ ইউনিট আছে। ইয়াত পোৰা ৰোগী এজনৰ সকলো ধৰণৰ চিকিৎসা কৰা হয়। ৰোগীৰ সুবিধাৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইমার্জেন্সি সুবিধাৰ লগতে ৰোগীসকলৰ পোৰা ঘা ডোখৰ শুকুৱাবলৈ নিয়মিতভাৱে ড্ৰেছিং আদি কৰা হয়। সংক্রমণ ৰোধৰ ওপৰতো বিশেষভাৱে চকু দিয়া হয়। নুশুকুৱা ঘাৰ বাবে ডেব্রিদমেণ্ট অর্থাৎ মৰা ছালবোৰ এৰুৱাই দিয়া, চর্ম সংস্থাপন (স্কীন গ্রাষ্টিং) কৰা হয়। কোনো কোনো ক্ষেত্ৰত অস্ত্ৰোপচাৰৰো প্ৰয়োজন হয়। সুস্থিৰ খাদ্য (Balanced diet) পোৰা ৰোগীৰ কাৰণে অত্যন্ত আৱশ্যক। বেছিকৈ পোৰা ৰোগীক বৰ বেছিকৈ প্ৰ’টিন, ভিটামিন আৰু মিনাৰেলৰ প্রয়োজন। বাৰ্ণ ইউনিটত থকা ডায়েটিছিয়ানসকলে এইবোৰ দিশত চকু দিয়ে।

পোৰা ৰোগীৰ ক্ষেত্ৰত আন এটি গুৰুত্বপূর্ণ অথচ সততে পাহৰা বিষয় হৈছে মানসিক সাহস আৰু সুস্থিৰতা। বহুক্ষেত্ৰত এনে ৰোগীক মানসিক চিকিৎসকৰ সহায়ৰ প্রয়োজন হয়।

কিছুমান ক্ষেত্ৰত এনে ৰোগীৰ পৰৱৰ্তী কালত ছাল আৰু মাংসপেশী ইত্যাদিৰ সংকোচন হয়। কোনো কোনো ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন অনুসৰি কৰা হয়।

ঘৰলৈ উভতি যোৱাৰ পিছতো বহুতো ধৰণৰ পৰামৰ্শ আগবঢ়োৱা হয়। নিয়মীয়া চেক্‌আপ তথা নিয়ম অনুযায়ী দুই-তিনি বছৰৰ যত্নত এজন ৰোগীয়ে এক সুস্থ জীৱন লাভ কৰিব পাৰে।

জুই নালাগিবলৈ

  • খাদ্যসামগ্ৰী ৰান্ধোতে গেছ বা ষ্ট’ভ আদিৰ ওচৰত থিয় হওঁতে নিজৰ পিন্ধা সাজযোৰৰ প্রতি সাৱধান হওক। মহিলাসকলৰ শাৰীৰ আঁচল বা চিন্থেটিক সাজ-পাৰৰ দ্বাৰা অধিক বিপদ হোৱা দেখা যায়।
  • যিকোনো ৰন্ধা পাত্র গেছ চৌকাৰ ওপৰত থৈ গেছ জ্বলাই পাহৰি নাযাব।
  • প্ৰকৃততে আমাৰ প্ৰতিখন ঘৰতে Kitchen fire extinguisher ৰাখিব লাগে।
  • এনে যিকোনো সামগ্ৰী যি সততে জুই লাগিব পাৰে তেনে সামগ্ৰী জুইৰ ওচৰৰ পৰা আঁতৰাই ৰাখিব লাগে।

এই সকলোবোৰৰ উপৰিও আটাইতকৈ প্রয়োজনীয় ৰন্ধা-বঢ়া কৰা গেছ বা ষ্ট’ভটো নিৰাপদ মক্ত হোৱাটো প্রয়োজন।

লিখক: ডা: পৰেশ বৰুৱা।

 

অষ্টিঅ’আৰ্থাইটিছ


সাধাৰণতে বয়স্ক লোক আৰু মহিলাসকল অষ্টিঅ' আৰ্থাইটিছ ৰোগত বেছিকৈ আক্রান্ত হোৱা দেখা যায়। সমীক্ষাৰ পৰা দেখা গৈছে, ৪০-৫০ বছৰ বয়সৰ আশে-পাশে থকা লোকৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰভাৱ অধিক যদিও কোনো ৰোগ বা আঘাতৰ ফলতো কোনো ব্যক্তিৰ আদবয়সতে এই ৰোগ হ’ব পাৰে।

অষ্টিঅ' আৰ্থাইটিছ হৈছে মানুহৰ হাড়ৰ সন্ধি বা গাঁঠিত উৎপন্ন হোৱা এক ৰোগ। হাড়ৰ গঠিত হোৱা সকলো ৰোগৰ ভিতৰত এই ৰোগৰ ফলতে মানুহৰ হাড়ৰ গাঁঠিবোৰ আটাইতকৈ বেছিকৈ আক্রান্ত হয়। সাধাৰণতে অতিৰিক্ত ব্যৱহাৰৰ ফলত গাঁঠি ক্ষয়প্রাপ্ত হৈ এই ৰোগ হোৱা দেখা যায়। শৰীৰৰ কোনো অংশৰ হাড়ৰ গাঁঠিৰ যদি ব্যৱহাৰ কম হয়, তেন্তে সেই গাঁঠি কেতিয়াও অষ্টিঅ’আৰ্থাইটিছ ৰোগত আক্রান্ত নোহোৱাকৈ থাকিব পাৰে। সেইকাৰণে তুলনামূলকভাৱে কম ব্যৱহৃত হোৱা শৰীৰৰ উদ্ধাংশৰ গাঁঠিতকৈ নিম্নাংশৰ গাঁঠিত এই ৰোগৰ মাত্রা অধিক হোৱা দেখা যায়। সাধাৰণতে শৰীৰৰ অধিকতৰ ওজন বহনকাৰী গাঁঠি যেনে আঁঠু, উৰু আৰু ৰাজহাড় আদিত এই ৰোগ সহজে হোৱা দেখা যায়। এই ৰোগৰ ফলত হাড়ৰ সন্ধিৰ বিকলতা বৃদ্ধি পায়। সাধাৰণতে হাড়ৰ গাঁঠিৰ জন্মগত দোষ, বাধাপ্রাপ্ত ৰক্তপ্রবাহ, পূর্বে আঘাতপ্রাপ্ত হোৱা বা বিশেষ কোনো ৰোগত আক্রান্ত হাড়ৰ গাঁঠি আদিত এই ৰোগ বেছিকৈ হোৱা দেখা যায়।

অষ্টিঅ’আৰ্থাইটিছ হ’লে হাড়ৰ গাঁঠিবোৰ লৰচৰ কৰাত সুচল হোৱাকৈ সেইবোৰৰ মাজত থকা পিচল গ্ৰীজৰ দৰে পদার্থবিধ (Synovial Fluid) শুকাই যায় আৰু দুডাল হাড়ক সংযোগ কৰা কছনৰ দৰে কোমল কাৰ্টিলেজ (Cartilage) নামৰ পদার্থবিধ ক্ষয়প্রাপ্ত হয়। তেতিয়া লৰচৰ কৰাৰ সময়ত দুডাল হাড়ৰ মাজৰ ব্যৱধান কমি গৈ সংঘর্ষ হয়। এই সংঘৰ্ষৰ ফলত দুয়োফালৰ হাড়েই ক্ষয়প্রাপ্ত হৈ যোৱাৰ ফলত হাড়ৰ গাঁঠিবোৰৰ বিষ হয় আৰু ব্যক্তিজনে সংশ্লিষ্ট অংগবিধ লৰচৰ কৰিবলৈ অসুবিধা পায়। তদুপৰি এই ক্ষয়প্রাপ্ত হোৱা হাড়বোৰৰ সীমাৱৰ্তী অঞ্চলত হাড়ৰ কোষ বৃদ্ধি হৈ জোঙা আকৃতিৰ নতুন হাড় সদৃশ পদার্থৰ সৃষ্টি হয়। এইবোৰক অষ্টিঅ'ফাইট (Osteophyte) বোলা হয়। এই পদার্থবোৰৰ সৃষ্টিৰ ফলতো হাড়ৰ বিষ হয়। চিকিৎসা শাস্ত্ৰত দুই ধৰণৰ অষ্টিঅ’আৰ্থাইটিছ ৰোগ দেখা যায়— সঠিক কাৰণ নির্ণয় নোহোৱাকৈ হোৱা প্রাথমিক বা প্রাইমাৰী অষ্টিঅ’আৰ্থাইটিছ আৰু কোনো বিশেষ কাৰণ নির্ণয় হোৱা গৌণ বা ছেকেণ্ডেৰী অষ্টিঅ' আৰ্থাইটিছ। প্রাইমাৰী অষ্টিঅ' আৰ্থাইটিছৰ ক্ষেত্ৰত কোনো বেমাৰ বা পূর্বে আঘাতপ্রাপ্ত হোৱাৰ কথা জনা নাযায়। সাধাৰণতে স্বাভাৱিক বয়স বৃদ্ধিৰ ফলতে এনেধৰণৰ অষ্টিঅ’আৰ্থাইটিছ ৰোগ হয়। গৌণ বা ছেকেণ্ডেৰী অষ্টিঅ'আৰ্থাইটিছ সাধাৰণতে হাড়ৰ গাঁঠিত হোৱা বিভিন্ন অস্ত্ৰোপচাৰ, আঘাত, শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতা, কিছুমান বেমাৰ যেনে, ৰিউমেটইড আর্থাইটিছ, গাউট, ডায়েবেটিছ, হৰম’নজনিত কোনো ৰোগ আদিৰ ফলত হ’ব পাৰে। শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতাৰ সৈতে অষ্টিঅ’আৰ্থাইটিছৰ অতি ওচৰ সম্পর্ক। সেয়ে এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাটো অতি জৰুৰী। ইয়াৰ বাহিৰেও শৰীৰৰ সমানুপাতিক নোহোৱা কিছুমান বিসংগতিমূলক ক্রীড়া বা খেল-ধেমালি, দীঘলীয়া সময়জুৰি অবিৰামভাৱে খোজকঢ়া, চিৰি বগোৱা আদিও এই ৰোগৰ কাৰক হ’ব পাৰে। দৈনিক কামৰ তালিকাত আমাৰ আঁঠুকেইটাই আমাৰ শৰীৰৰ ওজনতকৈ প্রায় দুইৰ পৰা সাত গুণ ওজন বহন কৰে। কিন্তু এই ওজনৰ পৰিমাণ আৰু বৃদ্ধি হ’লে তাৰ পৰা উৎপন্ন চাপেও এই ৰোগ সৃষ্টিত অৰিহণা যোগায়।

সাধাৰণতে বয়স্ক লোক আৰু মহিলাসকল অষ্টিঅ’আৰ্থাইটিছ ৰোগত বেছিকৈ আক্রান্ত হোৱা দেখা যায়। সমীক্ষাৰ পৰা দেখা গৈছে, ৪০-৫০ বছৰ বয়সৰ আশে-পাশে থকা লোকৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰভাৱ অধিক যদিও কোনো ৰোগ বা আঘাতৰ ফলতো কোনো ব্যক্তিৰ আদবয়সতে এই ৰোগ হ’ব পাৰে। তদুপৰি মহিলাৰ ৰজোনিবৃত্তিৰ (Menopause)  পাৰ্শ্বক্ৰিয়া হিচাপেও হাড়ৰ গঠন ঠুনুকা হৈ এই ৰোগত আক্রান্ত হোৱাৰ আশংকা প্রবল দেখা যায়।

আৰম্ভণিতে এই ৰোগৰ গতি বৰ লেহেমীয়া যদিও সময় বাগৰাৰ লগে লগে ইয়াৰ গতি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। হাড়ৰ গাঁঠিৰ সঞ্চালনত বাধা আহে আৰু এই বাধা ক্ৰমাতও বৃদ্ধি পায়। কিছুমান হাড়ৰ গাঁঠি, বিশেষকৈ কৰঙনৰ গাঁঠিত কালক্ৰমত নানান বিসংগতিয়ে দেখা দিয়ে।

অষ্টিঅ'আৰ্থাইটিছ ৰোগৰ সঠিক নির্ণয়ৰ বাবে প্রাথমিকভাৱে এক্স-ৰে'ৰ সহায় লোৱা হয়। অভিজ্ঞ চিকিৎসকে ইয়াৰ ভিত্তিতে ৰোগীলৈ প্রয়োজনীয় দিহা-পৰামর্শ আগবঢ়ায়। অষ্টিঅ’আৰ্থাইটিছ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে সঠিক জীৱনশৈলীৰ প্রয়োজন। বেছিসংখ্যক ৰোগীৰ ক্ষেত্ৰত কোনো বিশেষ ধৰণৰ চিকিৎসাৰ প্রয়োজন নহয় যদিও কিছুমান তেনে ব্যক্তিয়ে অবাবতে কঠিন বা দুৰাৰোগ্য ৰোগৰ আশংকাত চিকিৎসকৰ কাষ চাপে। সেইসকল ব্যক্তিক চিকিৎসকে প্রয়োজনীয় দিহা-পৰামর্শেৰে ভৰষা প্রদান কৰাহে দৰকাৰ। ব্যক্তিগৰাকীয়ে নিজৰ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই হাড়ৰ গাঁঠিৰ সঞ্চালন সীমিত কৰি হাড়ৰ ক্ষয়ৰ পৰিমাণ কমাব বা ৰোধ কৰিব পাৰে। কিন্তু যেতিয়া অধিক সক্রিয় চিকিৎসাৰ প্রয়োজন হয়, তেতিয়া ফিজিঅ’থেৰাপি (আক্রান্ত স্থানত যথোপযুক্ত তাপ প্রয়োগ আৰু পেশী সবলকাৰী ব্যায়াম আদি), বিষ নিৰাময়ক ঔষধৰ প্রয়োগ আৰু অন্যান্য ঔষধ-পাতিৰ দ্বাৰা চিকিৎসা কৰা হয়। এনে চিকিৎসাৰ দ্বাৰাও ৰোগ উপশম নহ’লে অভিজ্ঞ অস্থিৰোগ চিকিৎসকৰ কাষ চাপি উন্নত চিকিৎসা, অস্ত্ৰোপচাৰ আদিৰ সহায় ল’ব পাৰে।

লিখক: ডা: দিগন্ত ফুকন, অস্থিৰোগ বিশেষজ্ঞ।

ম’লাৰ গৰ্ভধাৰণ


ম’লাৰ গৰ্ভধাৰণ বুলি বা হাইডেটিফৰ্ম ম’ল বুলি এটা ৰোগৰ কথা শুনিছেনে? স্বাভাৱিক গৰ্ভধাৰণৰ বিষয়েতো সকলোৱে জানেই, লগতে একট’পিক প্ৰেগনেন্সি, মিছকেৰেজ আদি শব্দও বহুতেই জানে। কিন্তু হাইডেটিফৰ্ম ম’ল? হাইডেটিফৰ্ম ম’লো গৰ্ভধাৰণেই, কিন্তু ই এটা Placenta বা ফুলৰ ৰোগ। এই ৰোগত জৰায়ুটো ভ্ৰূণৰ সলনি আঙুৰৰ থূপৰ দৰে বস্তুৰে ভৰি থাকে।

আজিৰে পৰা প্রায় পঁচিশ বছৰ আগতে যেতিয়া প্রথম MBBS পাছ কৰি এটা যাত্ৰা আৰম্ভ কৰিছিলো, তেতিয়া জনা নাছিলো কি কি অভিজ্ঞতাৰ সন্মুখীন হ’ম। কিন্তু কেতিয়াবা কিছুমান সৰু সৰু অথচ মনত ৰেখাপাত কৰা ঘটনা সদায় স্মৃতিপটত থাকি যায়।

ম’লাৰ গৰ্ভধাৰণ বুলি বা হাইডেটিফর্ম ম’ল (Molar Pregnancy or Hydatiform mole) বুলি এটা ৰোগৰ কথা শুনিছেনে ? স্বাভাৱিক গৰ্ভধাৰণৰ বিষয়েতো সকলোৱে জানেই, লগতে একট’পিক প্ৰেগনেন্সি, মিছকেৰেজ আদি শব্দও বহুতেই জানে। কিন্তু হাইডেটিফর্ম ম’ল ? হাইডেটিফর্ম ম’লো গৰ্ভধাৰণেই, কিন্তু ই এটা Placenta বা ফুলৰ ৰোগ। এই ৰোগত জৰায়ুটো ভ্ৰূণৰ সলনি আঙুৰৰ থুপৰ দৰে বস্তুৰে ভৰি থাকে। Hydatiform Mole শব্দটো আহিছে গ্ৰীক শব্দ Hydatid-ৰ পৰা। Hydatid অর্থাৎ পানী (বা জুলীয়া পদার্থ) ভর্তি মোনা। আমাৰ বহুতে হয়তো এটা অসুখৰ লগত পৰিচিত; সেইটো হৈছে লিভাৰৰ বা যকৃতৰ Hydatid cyst ৰোগ। দুয়োটা ৰোগ সম্পূর্ণ পৃথক অথচ নাম একেই। গতিকে বহুতকে বিবুদ্ধিত পেলায়।

২০০৭ চনৰ মার্চ মাহৰ ৰাতিপুৱা, এজনী প্রায় ১৭ বছৰীয়া জয়ন্তীয়া ছোৱালী মোৰ চেম্বাৰলৈ আহিল। তাইৰ তিনিমাহৰ পৰা ঋতুস্ৰাৱ বন্ধ হৈ আছিল আৰু এসপ্তাহৰ পৰা অলপ অলপকৈ ৰক্তস্ৰাৱ হৈ আছে। তাইক তাইৰ দেউতাক আৰু খুৰাকে চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ আহিছে। ছোৱালীজনী শ্ৰমিক শ্রেণীৰ আৰু আধা অসমীয়া আৰু আধা হিন্দীৰে তাই বুজাই দিলে যে তাই অবিবাহিতা আৰু তাইৰ তিনিমাহৰ গৰ্ভধাৰণ হৈছে। পেচাবত প্ৰেগনেন্সি টেষ্ট কৰোতেও পজিটিভ ওলাল। দৈহিক পৰীক্ষাত কিন্তু তাই পাঁচমাহৰ গৰ্ভৱতী আছিল। সাধাৰণতে জনজাতীয় মহিলাসকল নিৰ্ভীক আৰু সঁচা কথা কয়। গতিকে সকলোখিনি উপসর্গ চাই প্ৰাথমিক ডায়গ্ন’চিছ (Provisional diagnosis) হাইডেটিফর্ম ম’ল আৰু মাল্টিপল প্ৰেগনেন্সি (Multiple pregency) বুলি লিখি কিছু পৰীক্ষা কৰিবলৈ দিলো। আলট্ৰাচাউণ্ডত বেমাৰ হাইডেটিফর্ম ম’ল বুলি প্রমাণ হ’ল আৰু ৰোগিনীক ম’ল cvacuation-ৰ বাবে প্রস্তুত কৰা হ’ল। হিমগ্ল’বিন খুব কম কাৰণে এবটল তেজ দিয়া হ’ল আৰু পিছদিনা জেনেৰেল এনাস্থেছিয়া দি তাইৰ ম’লৰ টেমুনাবোৰ উলিয়াই দিয়া হ’ল। তাইৰ তেজত HCG নামৰ হৰম’নৰ পৰিমাণ বহুত বেছি আছিল বাবে সময়ে সময়ে চেক্‌আপত মতা হ’ল। এবছৰলৈকে তাই আহি থাকিল আৰু সম্পূর্ণ সুস্থ হ’ল।

দ্বিতীয়টি ঘটনা (দুর্ঘটনা) ওপৰৰ ঘটনাটোৰ প্রায় এমাহৰ পিছত হৈছিল। এজনী ১৮ বছৰীয়া ছোৱালী খুব জ্বৰ আৰু কাহ লৈ গুৱাহাটীৰ কাষৰীয়া ঠাইৰ পৰা আহি আছে বুলি জেনেৰেল প্রেকটিছনাৰ ডাক্তৰ এজনে ফোন কৰিলে। তেতিয়া ইতিমধ্যে মোৰ যাবৰ সময় হোৱাত মই ক’লো যে জ্বৰ-কাহৰ কাৰণে মেডিচিন ডাক্তৰক দেখুওৱা ভাল হ'ব। ডাক্তৰজনে তেতিয়া ক’লে যে ৰোগীৰ জৰায়ুত ফাইব্রইড এটাও আছে (এবিধ জৰায়ুত হোৱা টিউমাৰ), গতিকে মেডিচিন ডাক্তৰৰ লগতে ময়ো থাকিলে ভাল। ৰোগী যেতিয়া আহি চিকিৎসালয় পালে, প্রথম দেখাতেই শোচনীয় যেন লাগিল। তাইৰ জ্বৰ আছিল ১০৪°, কাহো আছিল আৰু লগতে তলপেটটো ফুলি আছিল। ফুলা ঠাইটুকুৰা নাভিলৈকে আছিল। আলট্ৰাচাউণ্ড ৰিপ’ৰ্টত এটা বহুত ডাঙৰ ফাইব্ৰইড থকা দেখুৱাইছিল। ৰোগীক ভর্তি কৰাই প্রাথমিক চিকিৎসা আৰম্ভ হ’ল। কিন্তু সম্ভাৱ্য সকলো কাৰণৰ বাবে (জ্বৰৰ) পৰীক্ষা কৰাৰ পিছতো একো পোৱা নগ’ল। ৰোগীৰ জ্বৰ প্ৰায় পোন্ধৰ দিনৰ পৰা আছিল আৰু জ্বৰৰ ঔষধত কমিছিল যদিও একেবাৰে নেৰা হ’ল। ছোৱালীজনীক আগতে খুব গোপনে পূর্বতে গৰ্ভৱতী হোৱাৰ কথা সোধা হৈছিল যদিও তাই অস্বীকাৰ কৰিছিল। একো বাট নেপাই কৌশলেৰে তাইৰ প্ৰেগনেন্সি টেষ্ট কৰা হ’ল আৰু পজিটিভ আহিল। আলট্ৰাচাউণ্ডত এইবাৰ Choriocarcinoma (কৰিঅ’কাৰচিন’মা) বুলি আহিল। বুকুৰ X-ray টো মেটাষ্টেছিছ আহিল। তেজতো HCG নামৰ হৰম’ন বহুত বেছি আছিল। ৰোগীয়ে কিন্তু কোনোমতে সৈ নাকাঢ়ে পূৰ্বতে কিবা ভুল হৈছিল বুলি। তাইক বুজোৱা হ’ল যে তাইৰ অসুখটো গৰ্ভধাৰণৰ লগত জড়িত, সেয়া লাগিলে গর্ভপাত হওক বা স্বাভাৱিক প্রসৱেই হওক। তেতিয়া ৰোগী যি উচ্চতৰ মাধ্যমিকৰ ছাত্রী আছিল, ক’লে যে দুবছৰৰ আগতে ঘৰৰ সকলোৰে অগোচৰে দুমাহৰ গৰ্ভপাত কৰাইছিল। ৰোগীৰ অভিভাৱকক সকলোখিনি বুজাই তাইক কেম'থেৰাপিৰ বাবে বি বৰুৱা কেন্সাৰ হাস্পতাললৈ পঠোৱা হ’ল। কিন্তু অভিভাৱকে ৰোগীক ঘৰলৈহে লৈ গ’ল আৰু কেইদিনমান পিছত ৰোগীৰ মৃত্যু হ’ল।

উপৰোক্ত দুয়োটা ঘটনা অবিবাহিতা গাভৰু ছোৱালীৰ। এই ৰোগ গৰ্ভধাৰণৰ লগত জড়িত, গতিকে বিবাহিতা মহিলাৰো এই ৰোগ নিশ্চয় হয়। এই ৰোগৰ বিষয়ে জনা মানুহ আপেক্ষিকভাৱে কম। দুগৰাকী অবিবাহিতা ৰোগীৰ উদাহৰণ দিয়াটো ইও এটা কাৰণ। আমাৰ সমাজত বিবাহ বহির্ভূত গৰ্ভধাৰণ লাজৰ আৰু অপমানৰ কাৰণ।

সেয়ে বিবাহ বহির্ভূত সম্বন্ধৰ পৰা উৎপত্তি হোৱা সন্তান কাৰো কাম্য নহয়। সেয়ে কোনো নাৰীয়ে এনেদৰে গৰ্ভধাৰণ কৰিলে যেনেতেনে গর্ভপাত কৰাবলৈ যিকোনো সুযোগ লয়। পৰৱৰ্তী কালত গৰ্ভধাৰণৰ লগত সম্বন্ধ থকা ডাঙৰ অসুখ (যেনে কৰিঅ’কাৰচিন’মা) হ’লে ৰোগৰ চিনাক্ত কাৰণত অসুবিধা আহি পৰে। কাৰণ কোনো কোনো ক্ষেত্রত ৰোগীৰ বাবে গোপনীয়তা ৰক্ষা কৰাটো জীৱনতকৈও ডাঙৰ হ’ব পাৰে।

ওপৰত আলোচনা কৰা দুয়োবিধ ৰোগৰ বিষয়ে অলপ জানো আহক। জেছেটেছ'নেল টফ’ব্লাছটিক ডিজিজ (Gestational Trophoblastic Disease) এনে এবিধ ৰোগ, যি প্লেচেণ্টা (Placenta) বা ফুলত হয় আৰু কর্কট ৰোগলৈও ৰূপান্তৰিত হ’ব পাৰে। আনহাতে ইয়েই এটা কৰ্কট ৰোগ, যাক বহুখিনি বিয়পি যোৱাৰ পিছতো সম্পূৰ্ণকৈ আৰোগ্য কৰিব পাৰি। কৰিঅ’কাৰচিন’মা এটা কর্কট ৰোগ, আনহাতে ম’লাৰ গৰ্ভধাৰণ কৰ্কট ৰোগ নহয়, কিন্তু ইয়াৰ পৰা কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা সর্বাধিক। পৃথিৱীৰ সকলো দেশতে কিন্তু এই ৰোগ সমানে নহয়। এছিয়া দেশত এই ৰোগ বেছিকৈ হয়। আমেৰিকা আৰু ব্ৰিটেইনত প্রতি ১:৩০০০ আৰু ১:২০০০ ৰ ভিতৰত দেখা যায়। আনহাতে ভাৰতত ১:১৫০ আৰু চীনত ১:১৬০ জনৰ ভিতৰত হোৱা দেখা যায়। টাইৱানত ইয়াৰ হাৰ প্ৰতি ১:৮২ জনৰ ভিতৰত হোৱা দেখা যায়। সেইদৰে কৰ্কট ৰোগ হিচাপে দেখা দিয়া সম্ভাৱনাও এছীয় দেশত বেছি (১০-১৫%)। সাধাৰণতে নিন্ন মধ্যবিত্ত পৰিয়ালৰ মহিলাৰ এই ৰোগ বেছিকৈ হোৱা দেখা যায়। ইয়াৰ পৰা এইটো অনুমান কৰা হৈছে যে খাদ্যৰ গুণাগুণৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। খাদ্যাভ্যাস আৰু এই ৰোগৰ সম্বন্ধ থকাটো নিশ্চিত, কাৰণ এছীয় মূলৰ লোকসকলে ভাত খায় এইসকল লোকেই যেতিয়া বিদেশত বসবাস কৰে আৰু খাদ্যাভ্যাস সলনি কৰে, তেতিয়া ৰোগৰ সম্ভাৱনাও সেই দেশৰ নিচিনাই হয়। ইয়াৰ উপৰিও খুব কম বয়সীয়া মহিলা বা বেছি বয়সৰ মহিলাৰ ক্ষেত্ৰত এই ৰোগৰ সম্ভাৱনা বেছি যেন লাগে।

ম’লাৰ গৰ্ভধাৰণ যেতিয়া সম্পূর্ণ হয় (complete mole), তেতিয়া তাৰ ক্ৰম’জ’ম বেছিভাগতে 46xx হয় আৰু প্রায় ১০% ক্ষেত্ৰত 46xy হয়। complete mole ত ভ্ৰূণ নাথাকে। অসম্পূর্ণ বা Partial Mole-ত ক্ৰম’জম ৬৯ টা থাকে। অসম্পূর্ণ ম’লত ভ্ৰূণ থাকিব পাৰে আৰু অস্বাভাৱিক হ’ব পাৰে। ৰোগৰ লক্ষণসমূহ হ’ল— ৰক্তস্ৰাৱ, জৰায়ুৰ আকাৰ বেছি ডাঙৰ হোৱা, উচ্চ ৰক্তচাপ, অতিমাত্রা বমি হোৱা ইত্যাদি। এই ৰোগ ধৰা পেলাবলৈ আলট্ৰাচাউণ্ড প্রথম আৰু প্রধান সহায় হয়। ইয়াৰ উপৰিও তেজত HCGৰ পৰিমাণ নির্ণয় কৰাটো, ৰোগ নির্ণয় আৰু চিকিৎসা দুয়োটাৰ বাবে দৰকাৰী। HCG বা Human Choriong Gonadotrophin এবিধ হৰম’ন, যি গৰ্ভাৱস্থাৰ সময়ত বাঢ়ি যায়। স্বাভাৱিক গৰ্ভধাৰণত ইয়াৰ মূল্য বহুত, কাৰণ ই গভৰ্ভাৱস্থাক স্থিৰতা প্রদান কৰে। কিন্তু ম’লাৰ গৰ্ভধাৰণত ইয়াৰ পৰিমাণ বহুত বাঢ়ি যায়।

কৰিঅ’কাৰচিন’মা Placenta বা ফুলৰে কর্কট ৰোগ। এই ৰোগ সাধাৰণতে ৫০% ক্ষেত্ৰতে হাইডেটিফর্ম ম’লৰ পিছত হয়, ২৫%ৰ ক্ষেত্ৰত গৰ্ভপাতৰ পিছত, ২০%ৰ ক্ষেত্ৰত সম্পূর্ণ গৰ্ভধাৰণৰ পিছত আৰু প্রায় ৫% ক্ষেত্ৰত Ectopic Pregnancy (জৰায়ুৰ বাহিৰত হোৱা গৰ্ভাৱস্থা)ৰ পিছত হয়। কর্কট ৰোগটো এটা স্বাভাৱিক প্ৰসৱ বা সন্তান জন্ম দিয়াৰ বা গৰ্ভপাতৰ বহু বছৰৰ পিছতো হ’ব পাৰে; কিন্তু সাধাৰণতে এটা ম’লাৰ গৰ্ভধাৰণৰ দুবছৰৰ ভিতৰত হয়। সময়ৰ দীঘলীয়া ব্যৱধানৰ বাবে ৰোগ নির্ণয় কঠিন হয়। এই ৰোগৰ লক্ষণসমূহ হ’ল অনিয়মীয়া ৰক্তস্ৰাৱ বা ঋতুস্ৰাৱ বন্ধ থকা, জ্বৰ উঠা, উশাহৰ কষ্ট বা কফৰ লগত তেজ যোৱা (যদি ৰোগটো ইতিমধ্যে হাঁওফাওঁলৈ বিয়পি গৈছে) আদিৰ লগতে মৃগীৰোগৰ নিচিনা লক্ষণ দেখা যাব পাৰে।

অনাকাংক্ষিত গৰ্ভধাৰণ প্ৰতিৰোধ কৰা অতি আৱশ্যক। কাৰণ এনে হ’লে গর্ভপাত কৰাটো অতি সহজ উপায় বুলি বেছিভাগ মহিলাই ভাবে। আজিকালি অভাৰ দা কাউন্টাৰ (Over the counter) গৰ্ভপাত কৰা ঔষধ কিনি খায়ো গৰ্ভপাত কৰোৱা মহিলাই সৰ্বাধিক। এনে সহজ উপায়েৰে গৰ্ভপাত কৰি কোনো কোনো মহিলাই কেইটা গৰ্ভপাত কৰাইছিল তাৰো হিচাপ পাহৰে। গৰ্ভনিৰোধক ব্যৱস্থা গ্ৰহণ আদি মানি চলিলে বহু অবাঞ্ছিত ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু ইয়াৰ লগতে অসুখৰ চিনাক্তকৰণ সহজ হয়।

উপসংহাৰ

এটি সৰু সঁচা কাহিনীৰে আলোচনাটি সামৰিব খুজিছো। ছোৱালীজনীৰ নাম জয়া (সঁচা নাম নহয়)। গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ পৰা প্রায় ১০ বছৰ মান আগতে অনিয়মিত মাহেকীয়াৰ বাবে মোৰ কাষ চাপিছিল। তাই বয়স তেতিয়া আছিল ২৪ বছৰ। স্বামীৰ লগত মনোমালিন্য হৈ দুবছৰে পিতৃ-মাতৃৰ ঘৰত আশ্রয় লৈ আছে। স্বামীগৃহত থাকোতে দুবাৰ গৰ্ভপাত কৰাইছিল। পৰীক্ষাত দেখা গ’ল যে জৰায়ুৰ আকাৰ যথেষ্ট ডাঙৰ, ৰক্তস্ৰাৱ হৈ আছে, ৰক্তহীনতাও বহুত আছে। লগতে ৰোগীৰ কাহ আৰু কফত তেজ আছিল, পেচাবত গৰ্ভধাৰণ পৰীক্ষা পজিটিভ আহিল। তেতিয়া অন্যান্য সকলো পৰীক্ষাৰ পিছত কৰিঅ’কাৰচিন’মা বুলি চিনাক্ত হ’ল। ৰোগীয়ে নিয়মমতে কেম'থেৰাপি শেষ কৰিলে আৰু তাৰ বিবাহৰ নিমন্ত্রণ দিবলৈ আৰু লগতে প্রয়োজনীয় উপদেশ ল’বলৈ। তাৰো তিনিবছৰ মানৰ পিছত এটি কন্যা সন্তানৰ মাতৃ হৈছিল।

উপৰোক্ত ঘটনাৱলীৰ প্ৰত্যেকটোৰ পৰা এটা কথা জানিব পাৰি যে সু-চিকিৎসাৰে ৰোগীৰ জীৱন বহুক্ষেত্ৰতে বচাব পাৰি। নিজেই নিজৰ চিকিৎসা কৰিবলৈ গ’লে বা ঔষধ খালে বিপদ মাতি অনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

লেখিকা: ডা: মমতা শৰ্মা, স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ।

প্ৰাকৃতিক উপাদানেৰে সৌন্দৰ্য চৰ্চা


বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদানেৰে ভৰপূৰ আমাৰ অসম। প্রকৃতিৰ বুকুত সহজতে পাব পৰা এই উপাদানসমূহেৰে আমি ছাল আৰু চুলিৰ যতন ল’ব পাৰো। আচলতে ক’বলৈ গ’লে এই প্রাকৃতিক উপাদানেৰে কৰা ছাল-চুলিৰ যতনহে সকলোতকৈ শ্রেষ্ঠ বুলি মই ভাবো। মাত্র আমি সঠিকভাৱে জানিব লাগিব যে কোনটো উপাদান আমাৰ ছাল-চুলিৰ গঠন অনুযায়ী কিভাৱে ব্যৱহাৰ কৰিব লাগিব। আজি আমি প্রকৃতিৰ বুকুত খুব সহজে পোৱা প্রাকৃতিক উপাদানেৰে (ফলমূল, গছৰ পাত আদি) কেনেকৈ সৌন্দর্য চর্চা কৰিব পাৰি তাৰেই আলোচনা কৰোহক।

তিয়ঁহ

সহজলভ্য ফলৰ ভিতৰত এবিধ হ’ল তিয়ঁহ। ৰ’দত ছাল পুৰিলে আমি যদি তিয়ঁহৰ ৰস কপাহৰ সহায়ত ছালত ২০ মিনিটকৈ নিয়মিত লগাওঁ, তেন্তে ৰ’দে পোৰা ছালখন লাহে লাহে স্বাভাৱিক হয়। চকুৰ তলত ক’লা দাগ পৰিলেও তিয়ঁহৰ ৰস লগালে ক’লা দাগ আঁতৰে। যিহেতু ইয়াত চিলিকন থাকে, চিলিকনে উফি আঁতৰোৱাতো সহায় কৰে। গতিকে শ্বেম্পু কৰাৰ ২০ মিনিট আগতে scalpত তিয়ঁহৰ ৰস লগালে উফি আঁতৰিব।

তুলসীৰ পাত

সৌন্দর্যচর্চাত তুলসী পাতৰ গুৰুত্ব অপৰিসীম। ছাল-চুলি সতেজ কৰি ৰাখিবলৈ তুলসী পাতৰ ৰসে বহুখিনি সহায় কৰে। শালমইনা দূৰ কৰিবলৈ দুচামুচ তুলসী পাতৰ ৰস, দুচামুচ মুলতানী মাটি একেলগে ভালদৰে মিহলাই শালমইনাৰ ওপৰত আধাঘণ্টামান লগালে শালমইনা ভাল হয়। সপ্তাহত চাৰিদিনমান লগাব লাগিব। তুলসী পাতৰ ৰস উলিয়াই ফ্রিজত থৈ দিয়ক। ঠাণ্ডা হ’লে কপাহৰ সহায়ত মুখত লগাওক। টোনাৰৰ কাম কৰিব। ছালৰ উজ্জ্বলতা কমিলে তুলসী পাতৰ ৰসৰ লগত চন্দন পাউডাৰ মিহলাই ছালত লগাওক। ছালৰ উজ্জ্বলতা বাঢ়িব। তুলসী পাতে চুলিৰ সৌন্দৰ্য বঢ়োৱাতো সহায় কৰে। উফি আঁতৰাবলৈ চুলি শ্বেম্পু কৰাৰ ১০ মিনিট আগতে তুলসীৰ ৰস মূৰত লগাওক। তুলসী পাত বেক্টেৰিয়ানাশক হোৱা হেতুকে ই উফি দূৰ কৰাৰ লগতে মূৰৰ ছালত হোৱা বিভিন্ন ধৰণৰ ৰোগো ভাল কৰে।

পকা অমিতা

যিসকলৰ ছালত ক’লা দাগ পৰিছে, তেওঁলোকে পকা অমিতা পিটিকি নিয়মিত ছালত ২০ মিনিটকৈ লগালে ছালৰ ক’লা দাগ আঁতৰে | দাগহীন ছালতো পকা অমিতা পিটিকি লগাব পাৰে। ছাল উজ্জ্বল আৰু নিমজ হ’ব।

নিমপাত

নিমপাত বীজাণুনাশক। ছাল বা চুলিত যিকোনো বেক্টেৰিয়াই আকর্ষণ কৰিলে নিমপাতৰ ৰসৰ ব্যৱহাৰেৰে তৎক্ষণিক সুফল পোৱা যায়। যেনে মুখত শালমইনা হ’লে নিমপাতৰ লেপন নিয়মিত সপ্তাহত ৩ দিনকৈ লগালে খুব কম সময়ত শালমইনা আঁতৰে। ঘামচি দূৰ কৰিবলৈও নিমপাতৰ ভূমিকা অপৰিসীম। এমুঠি নিমপাত ২ লিটাৰ পানীত উতলাই ১ লিটাৰ হ’লে চেকি লৈ ঠাণ্ডা কৰি ফ্রিজত ভৰাই থ’ব। ইয়াক আমি সদায় টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো।

বিলাহী

বিলাহীত প্রাকৃতিক ব্লিচৰ গুণ থকা হেতুকে ই ছাল বগা কৰাত সহায় কৰে। নিয়মিত বিলাহীৰ ৰসেৰে ছাল মাছাজ কৰিলে ছালৰ ৰং উজ্জ্বল আৰু বগা হয়। কিছুমানৰ ছালত সৰু সৰু ফোঁহা হোৱা দেখা যায়। এনেকুৱা হ’লে দুচামুচ বিলাহীৰ ৰস আৰু কেঁচা গাখীৰ মিহলাই লগালে ছালত হোৱা সৰু সৰু ফোঁহাবোৰ নিৰ্মূল হয়।ু

জেতুকা পাত

ছাল-চুলি যতনৰ ক্ষেত্ৰত জেতুকা পাতৰ ব্যৱহাৰ আজিৰ নহয়, বহু যুগ ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে। জেতুকা পাত হাত আৰু ভৰিত লগালে ই সৌন্দর্য বঢ়োৱাৰ লগতে হাত-ভৰিত হোৱা কিছু ৰোগো নিৰ্মল কৰে। যিসকলৰ ছালত বাৰ্ধক্যৰ চাপ পৰিছে, তেওঁলোকে জেতুকা পাত সিদ্ধ কৰা পানী মুখত নিয়মিত লগালে বাধক্যৰ ছাপ লাহে লাহে আঁতৰে।

আমলখি

আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা হেতুকে আমলখি অবিহনে প্রাকৃতিকভাৱে ছাল-চুলিৰ পৰিচর্যা কৰাটো সিমান ফলপ্রসূ নহয়। চুলি সৰা, উফি আৰু অকালপক্কতা হ’লে নিয়মিতভাৱে আমলখিৰ ৰস Scalp ত শ্বেম্পু কৰাৰ আধাঘণ্টা আগতে লগালে এই সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি।

তেজপাত

তেজপাতৰ গুণাগুণ কম-বেছি পৰিমাণে আমাৰ সকলোৰে জ্ঞাত। দুখিলা তেজপাত পিহি ঘৰত পতা দৈৰ লগত মিহলাই নিয়মিত ছালত লগালে ছালত হোৱা ক’লা দাগ দূৰ হয়। ৰন্ধনৰ ক্ষেত্ৰত তেজপাতৰ ব্যৱহাৰে বিভিন্ন ধৰণৰ আভ্যন্তৰীণ ৰোগ নিৰাময় কৰে। আকৌ বহুতৰে ঘামৰ দুৰ্গন্ধ ওলোৱা দেখা যায়। এইক্ষেত্ৰত তেজপাত সিজোৱা পানীৰে গা ধুলে ঘামৰ দুৰ্গন্ধ আঁতৰে।

জবাফুল

খুব সহজে হাতৰ কাষত পাব পৰা এবিধ ফুল হ’ল জবাফুল। ৮/১০ পাহ জবাফুল, একাপ ঘৰত পতা দৈ আৰু এটা পকা কলৰ পেষ্ট কৰি চুলিত লগালে চুলিৰ শ্ৰীবৃদ্ধি হয়। আকৌ চুলি সৰা বন্ধ কৰিবলৈ জবাফুলৰ পেষ্টৰ লগত মেথী গুড়ি মিহলাই নিয়মিত scalpত লগালে চুলি সৰা বন্ধ হয়।

প্রকৃতিৰ বুকুত পোৱা এইকেইবিধ ফল, ফুল, পাতৰ বাহিৰেও আৰু অনেক ফল, ফুল, পাত আছে, যিবিলাকৰ গুণাগুণ অপৰিসীম— যাক আমি এটা অধ্যায়তেই লিখি শেষ কৰিব নোৱাৰিম। পৰৱর্তী সময়ত সেই বিলাকৰ গুণাগুণৰ বিষয়ে বহলাই আলোচনা কৰিম।

উৎস: অসমীয়া প্ৰতিদিন।

 

নীৰৱ ঘাতক উপসৰ্গবিহীন স্বাস্থ্য সমস্যা


সাধাৰণতে উপসৰ্গবোৰৰ জৰিয়তে শৰীৰত সৃষ্টি হোৱা বিভিন্ন ৰোগৰ বাহ্যিক প্রকাশ ঘটে। অর্থাৎ ৰোগৰ উপস্থিতিৰ বিষয়ে এজন ব্যক্তি সেই মুহুৰ্তত অৱগত হয়— যেতিয়া নেকি বিভিন্ন ধৰণৰ উপসৰ্গই মানুহজনৰ দেহ মন আগুৰি ধৰে। পাছে চিন্তনীয় দিশটো হৈছে যে উপসৰ্গবিহীনভাৱেও নানা ৰোগে শৰীৰত সংগোপনে থিতাপি ল’ব পাৰে। আনহাতে সময় বা পৰিস্থিতি সাপেক্ষে উপসৰ্গবোৰে এনে ৰূপত উদ্ভাসিত হয় যে সংশ্লিষ্ট ব্যক্তিজন যে সঁচাকৈয়েই ৰুগ্ন সেইবিষয়ে সকলোৰে মনত সন্দেহৰ অৱকাশ ৰৈ যায়।

ক্লান্তিবোধ, মনৰ উগুল-থুগুল ভাৱৰ বুৰবুৰনিৰ অত্যাচাৰৰ বাবে আমি কেতিয়াও চিকিৎসকৰ কাষ নেচাপো। পাছে এনে ধৰণৰ সমস্যা নানা ৰোগৰ উপস্থিতিৰ সূচক হ’ব পাৰে। অপুষ্টিৰ (Malnutrition) প্রসঙ্গটি এইখিনিতে উত্থাপিত হয়। ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহ বিশেষভাৱে নাৰী আৰু শিশু এইটি অৱস্থাৰ ভুক্তভোগী। আনুষঙ্গিকভাৱে নাৰীসকলৰ গৰিষ্ঠসংখ্যকেই ৰক্তহীনতাত আক্রান্ত হয়।

সামান্য পৰিশ্রম কৰিলেই আক্রান্ত ব্যক্তিগৰাকীয়ে ভাগৰুৱা অনুভৱ কৰে। শাৰীৰিক শক্তি টুটি যোৱা বুলি ৰোগীয়ে অভিযোগ কৰিব পাৰে। প্রয়োজনীয় মাত্ৰাত খাদ্যপ্রাণ কেলছিয়াম বা অন্যান্য মৌলিক দ্রব্যৰ শৰীৰত অভাৱ ঘটিলে এনে অৱস্থাৰ সৃষ্টি হয়। সময় সাপেক্ষে ৰক্তচাপ কমি যাব পাৰে। এনে পৰিস্থিতিৰ উদ্ভৱ হ’লে মূৰ আচন্দ্ৰাই ধৰে বা ঘূৰাব পাৰে। ফলত দৈহিক ভাৰসাম্যতা টুটিব পাৰে বা সম্পূর্ণভাৱে বিনষ্ট হ’ব পাৰে। ফলত মানুহজনে নিজৰ স্থিতি (Posttion) অটুট ৰাখিবলৈ অসমর্থ হয়। কাৰ্ব'হাইড্রেট আৰু গ্লুক’জৰ মাত্রা টুটে। ইয়াৰ ফলত নিম্ন ৰক্তচাপৰ সৃষ্টি হয়। এইখনিতে প্রাসঙ্গিকভাৱে উত্থাপিত এটি প্রশ্ন হৈছে যে ৰক্তচাপ কিমান টুটিলে নিম্ন ৰক্তচাপত (Hypotension) আক্রান্ত হোৱা বুলিব পাৰে। বিশেষভাৱে নাৰীৰ ক্ষেত্ৰত দেখা যায় যে স্বাভাৱিকতেই বহুতৰে ৰক্তচাপ কমেই থাকে। স্বাভাৱিক জীৱন যাত্রা এইসকল নাৰীয়ে অটুট ৰাখিবলৈ সমর্থ হয়। অৱশ্যে পুৰুষৰ ক্ষেত্ৰতো একেষাৰ কথাই প্রযোজ্য। চিকিৎসা বিজ্ঞানৰ সংজ্ঞা অনুযায়ী কোনো ব্যক্তিৰ ৰক্তচাপ ৮০/৫০ মিঃ মিঃ পাৰাস্তম্ভতকৈ কমি গ’লে নিন্ন ৰক্তচাপত আক্রান্ত হোৱা বুলি ধৰা হয়।

তদুপৰি অন্যান্য কেতবোৰ দৈহিক চিহ্নৰ (Physical Signs) প্ৰতি আমি যথাযথ গুৰুত্ব আৰোপ নকৰো যদিও এইবোৰে অপুষ্টিৰ উপৰিও অন্যান্য বিভিন্ন ৰোগৰ উপস্থিতিৰ ইঙ্গিত বহন কৰে। নাৰীৰ ক্ষেত্ৰত মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া হোৱা বা দৈহিক ওজন হ্রাসৰ বিষয়ে এইখিনিতে উল্লেখিব পাৰি। এই দুয়োটা উপসৰ্গই অপুষ্টিৰ বাদেও থায়ৰইডৰ ৰোগ বা জৰায়ুৰ ৰোগৰ ইঙ্গিত বহন কৰে। অৱশ্যে এনিমিয়া বা ৰক্তহীনতাও এনে ধৰণৰ উপসৰ্গৰ কাৰক হ’ব পাৰে। তদুপৰি আজিকালি বৰ্দ্ধিত নিৰিখত দেখা দিয়া বহুমূত্র ৰোগৰ হেতুকেও এনে উপসর্গ দেখা দিয়ে।

বহুমূত্র ৰোগৰ প্ৰাদুৰ্ভাৱ ভাৰতত ইমানেই বাঢ়িছে যে আমাৰ দেশখনক বিশ্বৰ 'বহুমূত্র ৰোগৰ ৰাজধানী’ বুলি আখ্যা দিয়া হয়। সমগ্ৰ দেশখনতে থকা বহুমূত্র ৰোগীৰ সংখ্যা আজিৰ তাৰিখত ৭০ নিযুতৰো অধিক। এই বহুমূত্র ৰোগৰ বহিপ্রকাশ তিনিধৰণে ঘটিব পাৰে—

(১) উপসর্গবিহীন ধৰণৰ

(২) সতকাই দেখা দিয়া (Classical) উপসৰ্গবোৰ, যিবোৰ আৰম্ভণিতে Poly শীৰ্ষক ইংৰাজী শব্দাংশ থাকে।

এইকেইটা হৈছে-

(১) Polyurea  (প্ৰস্ৰাৱৰ মাত্ৰা বৃদ্ধি)

(২) Polyphagia (বেছিকৈ ভোক লগা) আৰু

(৩) Polydipsia (অত্যধিক তৃষ্ণাতুৰ অনুভুতি)।

বহুমূত্র ৰোগৰ তৃতীয় ধৰণৰ উপসৰ্গসমষ্টি জটিলতাবোৰৰ বাহ্যিক প্রকাশস্বৰূপ হয়। এনে ধৰণৰ জটিলতাবোৰ কিডনী, কলিজা বা স্নায়ুকে ধৰি নানা অংগজনিত হয়। এতিয়া এই নিৱন্ধটিৰ আলোচনাৰ বিষয়বস্তুৰ (অর্থাৎ উপসর্গবিহীন ৰোগ) অংশ হিচাপে প্রশ্ন উঠিব পাৰে যে উপসর্গ নেথাকিলে কোনো ব্যক্তিয়েই চিকিৎসকৰ ওচৰ চপাৰ প্রশ্ন নুঠে আৰু এনে পৰিস্থিতিত ৰোগ ধৰা পৰিব কিদৰে ? অন্য কোনো পৰিস্থিতিত ব্যক্তিগৰাকীয়ে চিকিৎসকৰ পৰামর্শ অনুযায়ী ‘চুগাৰ’ পৰীক্ষা কৰিলে ৰোগবিধ ধৰা পৰে।

কলিজাৰ এনে কেতবোৰ ৰোগ আছে, যিবোৰৰ নেকি নীৰৱেই শৰীৰত তীব্রতা বৃদ্ধি হৈ এটা সময়ত গুৰুতৰ পৰিসৰত বাহ্যিক প্রকাশ ঘটিব পাৰে। ইয়াৰে ভিতৰত অন্যতম মাৰাত্মক ৰোগবিধ হৈছে হার্ট এটেক। এজন ব্যক্তিৰ হার্ট এটেক যি কোনো সময়, স্থান বা পৰিৱেশতে হ’ব পাৰে। যি কোনো ব্যক্তি যি কোনো সময়তে ইয়াৰ ভুক্তভোগী হ’ব পাৰে। হার্ট এটেক হ’লে ৰোগীৰ বুকুৰ সন্মুখৰ পিনে (বাঁওফালে) প্রচণ্ড বিষ অনুভূত হয়। আনুষঙ্গিকভাৱে থাকে দুর্বলতা, ঘাম নিঃসৰণ, ওকালি অহা, বমি আৰু দুঃশ্চিন্তা। ৰোগীৰ বুকুখনত চেপি দিয়া ধৰণে বা গধুৰ বোজা কঢ়িওৱা (Sensation of tightness or heaviness) বিষ অনুভূত হয়—যিটোৱে নেকি হার্ট এটেকৰ বিষয়ে নিশ্চিতি প্রদান কৰে। পাছে এনে কিছুমান ব্যক্তি আছে, যিসকল হার্ট এটেকত আক্রান্ত হ’লেও কোনো ধৰণৰ উপসর্গত নোভোগে। এনে ধৰণৰ Silent heart attack বোলে। চিকিৎসা বিজ্ঞানৰ পৰিভাষাত এই অৱস্থাটিক Silent AMT (Acute myocardial Infarction) বোলে।

আমি সকলোৱেই জীৱনত এবাৰৰ বাবে হ’লেও পেটৰ বিষত আক্রান্ত হওঁ। বদহজম, ডায়েৰিয়া, কোষ্ঠকাঠিন্যতা আদি উপসৰ্গৰ আনুষঙ্গিক বৈশিষ্ট্য হ’ব পাৰে পেটৰ বিষ। এনে ক্ষেত্ৰত বিশেষ চিন্তনীয় একো নেথাকে। পাছে উদ্বেগজনক বিষয়টি হয়গৈ যেতিয়া নেকি পেটৰ আভ্যন্তৰত ঘটা কোনো গুৰুতৰ ৰোগৰ উপসর্গ হিচাপে পেটৰ বিষত কোনো এগৰাকী ব্যক্তি আক্রান্ত হয়। মাজে সময়ে এনেধৰণে ভিন্ন তীব্রতাযুক্ত পেটৰ বিষৰ সৃষ্টি হ’লে অৱহেলা কৰাটো অনুচিত। অনতিপলমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। পেটৰ বিষৰ কাৰকবোৰৰ বিষয়ে চমুকৈ এই নিৱন্ধত উল্লেখ কৰিলোহঁক—

পাকস্থলীৰ ঘা (Ulcer)

বিভিন্ন কাৰণবশতঃ ব্যক্তি বিশেষে বিষনাশক দৰৱ (এছ পিৰিন বা NSAID শ্রেণীভুক্ত) নিয়মীয়াভাৱে সেৱন কৰিবলগীয়া হ’লে পাকস্থলীত ঘা হ’ব পাৰে। এই ধৰণৰ ঘাৰ উপস্থিতিত এইছ পাইলৰি (H.pylori) বীজাণুৰ দ্রুত বংশবৃদ্ধি ঘটে। ভালেমান বছৰলৈকে এনে ধৰণৰ বীজাণু সুপ্ত অৱস্থাত থাকে। এই বেক্টেৰিয়াৰ বাবে পেটৰ বিষ হ'লে PP শ্রেণীভুক্ত দৰৱৰ লগতে প্রতিজৈৱিক দৰৱৰ ক’ৰ্চ’ এমাহলৈকে চিকিৎসকৰ পৰামর্শ অনুযায়ী খাবলগীয়া হয়।

জি ই আৰ ডি (G.E.R.D)

অনিয়মীয়াভাৱে খাদ্য গ্রহণ কৰিলে বা খোৱা-বোৱাত বিসঙ্গতি ঘটিলে (জ্বলা-ভজা বা পোৰা বস্তু বেছিকৈ খালে) বুকুখন জ্বলা-পোৰা কৰিব পাৰে বা মুখেদি টেঙাপানী নিৰ্গত হয়। পাকস্থলীত মাত্ৰাধিক এচিড বা অম্লৰ সৃষ্টি হোৱা বাবেই এই অৱস্থাত ৰোগীয়ে ভোগে । খাদ্যনলী আৰু পাকস্থলীৰ মাজত অৱস্থিত কপাটে (Sphincter) ভালদৰে কাম কৰিবলৈ অসমর্থ হ’লে এই ৰোগৰ সৃষ্টি হয়। দীঘলীয়া সময়ৰ বাবে এই ৰোগত ভুগি থাকিলে খাদ্যনলীত কর্কট ৰোগ হোৱাৰ শংকা বাঢ়ে। সেয়েহে উপৰোক্ত উপসৰ্গবোৰ সতকাই পৰিলক্ষিত হ’লেও সাধাৰণ পর্যায়ভুক্ত বুলি ভাবি অৱহেলা কৰা অনুচিত। অন্যথা বিষম পৰিণতিৰ সৃষ্টি হ’ব পাৰে।

দুগ্ধ আৰু দুগ্ধজাত দ্রব্যৰ প্ৰতি অসহশীলতা (Milk intocerance)

ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ বাসিন্দাসকলৰ এক বুজন সংখ্যকেই বংশগত কাৰকৰ প্ৰভাৱত এই অৱস্থাটিৰ ভুক্তভোগী হয় যদিও নিচেই সাধাৰণ বা স্বাভাৱিক পৰিঘটনাৰ সামান্য বিচ্যুতি বুলি গণ্য কৰি বিষয়টি গাপ দি থয়। সামান্য বেছিকৈ গাখীৰ খালেই পেটচলা ৰোগবিধ প্রকৃততে উলাই কৰিবলগীয়া বিষয় নহয়। গাখীৰৰ বাদেও ঘেঁহু, বার্লি আদি খাদ্য খালে চিলিয়াক (Coeliac) ৰোগৰ সৃষ্টি হয়। আইচক্ৰীম, দৈ বা আলুৰ চিপচ এনে ৰোগৰ উপস্থিতিত খাব নেলাগে। গ্লুটেনযুক্ত আহাৰৰ এই ৰোগ সৃষ্টিত এক ভূমিকা আছে।

পৰিশেষত কওঁ যে কোনো উপসৰ্গৰ উপস্থিতি অবিহনে বা সামান্যতম উপসৰ্গৰ জৰিয়তেও কোনো গুৰুতৰ ৰোগে আত্মপ্রকাশ কৰে। গতিকেই প্ৰতিষেধকমূলক ব্যৱস্থা হৈছে ৰোগাৰোগ্যতকৈ শ্ৰেষ্ঠতৰ।

লিখক: ডা: মিহিৰ কুমাৰ গোস্বামী।

 

 

 

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক