অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বীমা- এটি অৱলোকন

স্বাস্থ্য বীমা- এটি অৱলোকন

আমাৰ দৈনন্দিন জীৱন যাপনত সুস্বাস্থ্যৰ ভূমিকা যে অপৰিসীম এই চিৰ সত্য কথাষাৰ হয়তো কোনেও নুই কৰিব নোৱাৰিব। বিজ্ঞ লোকেও কয় বোলে স্বাস্থ্যই পৰম ধন। পৰিয়ালৰ সকলো সদস্যৰ লগতে সমাজৰ সকলোৰে সুস্বাস্থ্য আমাৰ সকলোৰে কাম্য। সদায় সুস্বাস্থ্যৰে জীয়াই থকাটো কাম্য হলেও পিছে বেমাৰ আজাৰ বা দুৰ্ঘটনাজনিত কাৰণত মাজে সময়ে আমাৰ সকলোৰে স্বাস্থ্যৰ অৱনতি হয়। যি কাৰণতে নহওক পিছে কাৰোবাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ পৰিয়ালটোৰ আৰ্থিক স্বাস্থ্যৰ ওপৰতো পোনপটীয়াকৈ পৰে। চিকিৎসা বিজ্ঞানৰ ন ন উদ্ভাৱনে বৰ্তমান প্ৰায়বোৰ ৰোগৰে নিৰাময়ৰ উপায় সম্ভৱ কৰি তুলিছে যদিও এই চিকিৎসাসমূহ যথেষ্ট ব্যয়বহুল হোৱা বাবে সৰ্বসাধাৰণৰ বাবে ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতে দহবাৰ ভাবিবলগীয়া হয়। পৰিয়ালৰ কোনো এজন সদস্য ৰোগত ভুগি থকাটো অতিকৈ অসহনীয়, গাঁঠিৰ ধন ভাঙি হ’লেও চিকিৎসা কৰাবই লাগিব। অন্য অৰ্থত বৰ্তমান সময়ত চিকিৎসা ব্যয় এক এৰাব নোৱাৰা আপদ বুলিলেও বেছি কোৱা নহয়। যিসকল চাকৰিয়ালে চিকিৎসা বানচ বা Mediclaim আঁচনিৰ সুবিধা লাভ কৰে তেওঁলোকে অলপ সকাহ পায় কিন্তু বেছিভাগ লোকৰ বাবে চিকিৎসা ব্যয় বহন কৰাটো অত্যন্ত দুৰূহ হৈ পৰে। এইখিনিতে প্ৰশ্ন হয় যে এই চিকিৎসা ব্যয়ৰ ৰূপত হোৱা আৰ্থিক ক্ষতিৰ পৰা ৰক্ষা পোৱাৰ কিবা উপায় আছেনে? নিশ্চয় আছে। অৱশ্যে এয়া নিৰ্ভৰ কৰিব পৰিয়ালৰ আৰ্থিক পৰিকল্পনাৰ ওপৰত। সাধাৰণতে আৰ্থিক পৰিকল্পনা বুলি কলেই বেংকত কৰা সঞ্চয়, ফিক্সড ডিপজিট, পি পি এফ, মিউচুৱেল ফাণ্ড-শ্বেয়াৰ বজাৰত কৰা বিনিয়োগ, জীৱন বীমা আদিৰ কথা প্ৰথমতেই আমাৰ মনলৈ আহে। এইবিলাক দৰকাৰী আহিলাৰ লগতে চিকিৎসা ব্যয়ৰ শিতানটোও আমাৰ আৰ্থিক পৰিকল্পনাৰ অন্তৰ্ভুক্ত কৰি লোৱা উচিত। এতিয়া প্ৰশ্ন হয় চিকিৎসা ব্যয়ৰ বাবে কেনেধৰণৰ আৰ্থিক পৰিকল্পনা সম্ভৱ? অনাকাংক্ষিত চিকিৎসা ব্যয়ৰ বাবে কেনেদৰে আমি সাজু হৈ থাকিব পাৰোঁ?

পৰিয়ালৰ কোনো এজন সদস্য বেমাৰত পৰিলে প্ৰথমতেই চিকিৎসকৰ ওচৰলৈ লৈ যোৱাটো হ’ল প্ৰথম কৰ্তব্য। প্ৰাথমিক চিকিৎসাৰ বাবে যেনেতেনে খৰচৰ যোগাৰ হৈ যায় আৰু ইয়াৰ বাবে কৰা খৰচো খুউব এটা বেছি নহয়। কিন্তু প্ৰাথমিক চিকিৎসাৰ ফলত আৰোগ্য লাভ নকৰিলে বা কোনো জটিল ৰোগ ধৰা পৰিলে উন্নত চিকিৎসাৰ বাবে অনিচ্ছা স্বত্বেও গাঁঠিৰ ধন ভাঙিবলগীয়া হয়। এই গাঁঠিৰ ধন হব পাৰে বেংকৰ জমা টকা, অন্য কোনো উদ্দেশ্যত ৰখা ফিক্স ডিপজিট বা কোনো সম্পত্তি বন্ধকীত ৰাখি বা বিক্ৰী কৰি যোগাৰ কৰা কষ্টোপাৰ্জিত ধন। বহুক্ষেত্ৰত ধাৰ ঋণ লৈও উন্নত চিকিৎসাৰ বাবে ধন যোগাৰ কৰিবলগীয়া হয়। এই ধন চিকিৎসাৰ বাবে ব্যয় কৰাৰ পাছত ক্ষতিপূৰণৰ কোনো উপায় নাথাকে আৰু ফলত পৰিয়ালটো কিছুদিনৰ বাবে হলেও আৰ্থিক অনাটনৰ সন্মুখীন হ’বলগীয়া হয়। চিকিৎসা ব্যয়ৰ ৰূপত হোৱা আৰ্থিক ক্ষতিৰ পৰা সকাহ পোৱাৰ একমাত্ৰ উপায় হৈছে মেডিক্লেইম বা স্বাস্থ্য বীমা। স্বাস্থ্য বীমা আমাৰ দেশৰ বীমা উদ্যোগত বহুদিনৰ পৰাই আছে যদিও তুলনামূলকভাৱে জীৱন বীমাতকৈ কম জনপ্ৰিয় আৰু সেয়ে বৰ্তমানো সমাজৰ বেছিভাগ লোকেই এইবিধ আৰ্থিক সঁজুলিৰ সা-সুবিধাসমূহৰ বিষয়ে অজ্ঞ। সহজ অৰ্থত স্বাস্থ্য বীমা বুলি ক’লে স্বাস্থ্যৰক্ষাৰ বাবে কৰা আৰ্থিক ব্যয়ৰ ক্ষতিপূৰণক বুজিব লাগিব। এই ক্ষতিপূৰণ দুই প্ৰকাৰৰ হব পাৰে-প্ৰকৃত চিকিৎসাৰ খৰচ বহন আৰু পূৰ্বনিৰ্ধাৰিত হাৰত ক্ষতিপূৰণ।

চাকৰিয়ালসকলে লাভ কৰা স্বাস্থ্য বীমা আঁচনিৰ অধীনত সাধাৰণতে প্ৰকৃত চিকিৎসাৰ খৰচৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসাৰ লগত জড়িত কিছুমান আনুষংগিক খৰচ এই আঁচনিৰ অন্তৰ্ভুক্ত নহয়। অন্যহাতে বৰ্তমান বীমা বজাৰখনত জনপ্ৰিয় হ’বলৈ ধৰা স্বাস্থ্য বীমা আঁচনিসমূহৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ পূৰ্বনিৰ্ধাৰিত হৈ থাকে আৰু সেয়ে এনে আঁচনিৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ আঁচনিখনৰ ওপৰত নিৰ্ভৰ কৰে, চিকিৎসাৰ খৰচৰ ওপৰত নিৰ্ভৰ নকৰে। এই আলোচনাত কেৱল স্বাস্থ্য বীমাৰ পৰা পাব পৰা সুবিধা সমূহৰ বিষয়ে সংক্ষেপে বিবৰণ দিবলৈ প্ৰয়াস কৰা হৈছে।

এতিয়া প্ৰশ্ন হয় স্বাস্থ্য বীমা আঁচনিৰ দ্বাৰা আমি কেনেদৰে আৰ্থিক সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰোঁ? স্বাস্থ্য বীমা আঁচনিয়ে আমাক কেনেধৰণৰ আৰ্থিক সুবিধা প্ৰদান কৰে?

সাধাৰণতে স্বাস্থ্য বীমা আঁচনিসমূহে প্ৰদান কৰা সুবিধাসমূহ কোম্পানী আৰু যোজনা অনুসৰি বেলেগ বেলেগ হয় যদিও সাধাৰণীকৰণ কৰি এই সুবিধাসমূহক প্ৰধানকৈ তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি।

১. Hospital Cash Benefit (HCB):- বীমাধাৰকে (Policyholder) চিকিৎসালয়ত এক নিৰ্দিষ্ট সময়তকৈ অধিক সময় ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰিবলগীয়া হলে দৈনিক ভিত্তিত পূৰ্বনিৰ্ধাৰিত হাৰত এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি এই সুবিধাৰ আধাৰত প্ৰদান কৰা হয়। উদাহৰণ স্বৰূপে ধৰা হ’ল কোনো এজন লোকৰ ২০০০ টকা HCB ৰ সুবিধা থকা স্বাস্থ্য বীমা যোজনাৰ অধীনত বীমা কৰোৱা আছে। এতিয়া যদি লোকজনে ৫ দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় তেন্তে লোকজনে প্ৰথম ২৪ ঘণ্টা বাদ দি চাৰি দিনৰ বাবে দৈনিক ২০০০ টকাকৈ মুঠ ৮০০০ টকা HCB Claim যোগে লাভ কৰিব। Intensive Care Unit (ICU) ত চিকিৎসাধীন হ’বলগীয়া হলে HCB ৰ পৰিমাণ দুগুণ বা ততোধিক হব পাৰে। প্ৰথম ২৪ ঘণ্টা চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়খিনি আঁচনিখনে সামৰি নলয় যদিও চিকিৎসালয়ত সাত দিন বা ততোধিক সময় চিকিৎসাধীন হৈ থাকিলে এই ২৪ ঘণ্টাৰ বাবেও বীমাধাৰকে HCB ৰ ধনৰাশি লাভ কৰে। অৰ্থাৎ যদি বীমাধাৰক আঠ দিনৰ বাবে চিকিৎসাধীন হৈ থাকে তেন্তে HCB ৰ পৰিমাণ হব ২০০০X৮=১৬০০০ টকা। অৱশ্যে উল্লেখ কৰা প্ৰয়োজন যে কোম্পানী আৰু যোজনা অনুসৰি এই সময়খিনি(২৪ ঘণ্টা) বেলেগ বেলেগ হব পাৰে। (অৰ্থাৎ কিছুমান যোজনাত ২৮ ঘণ্টা, কিছুমানত ৪৮, কিছুমানত ৫২ আকৌ কিছুমান যোজনাত ৭২ ঘণ্টালৈকে হব পাৰে।)

২. Major Surgical Benefit (MSB): বীমাধাৰকে স্বাস্থ্য বীমা যোজনা খনৰ তালিকাভুক্ত কিছুমান নিৰ্দিষ্ট শল্য চিকিৎসা গ্ৰহণ কৰিবলগীয়া হলে এই সুবিধা লাভ কৰে। এই সুবিধাৰ অধীনত পাবপৰা ধনৰাশি HCB ৰ ২০ গুণৰ পৰা ১০০ গুণলৈকে হব পাৰে আৰু এই ধনৰাশি শল্য চিকিৎসাৰ প্ৰকাৰ অৰ্থাৎ Major, Semi Major বা Minor আদিৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে ওপৰত দিয়া উদাহৰণৰ ব্যক্তিজনৰ ক্ষেত্ৰত যদি তালিকাভুক্ত কোনো এটা শল্য চিকিৎসা প্ৰদান কৰা হয় তেন্তে ব্যক্তিজনে যোজনা খনৰ অধীনত নিম্নতম ২০০০X২০= ৪০০০ টকা আৰু সৰ্বোচ্চ ২০০০X১০০= ২০০০০০ টকা MSB দাবী কৰিব পাৰে। এই MSB ৰ পৰিমাণ শল্য চিকিৎসাৰ জটিলতাৰ ওপৰত নিৰ্ভৰশীল বুলিব পাৰি।

৩. Day Care Procedure Benefit (DCPB): স্বাস্থ্য বীমা যোজনা খনৰ তালিকাভুক্ত কিছুমান নিৰ্দিষ্ট Day Care চিকিৎসাৰ বাবে এই সুবিধা প্ৰদান কৰা হয়। এই সুবিধাৰ অধীনত পাব পৰা ধনৰাশিও MSB ৰ দৰে HCB ৰ ওপৰত নিৰ্ভৰ কৰে।

৪. Other Surgical Benefit (OSB): MSB আৰু DCPB ৰ আওঁতাত নপৰা বা তালিকাভুক্ত নোহোৱা শল্য চিকিৎসাৰ বাবে এই সুবিধা প্ৰদান কৰা হয়। এই সুবিধাৰ অধীনত পাব পৰা ধনৰাশিও MSB ৰ দৰে HCB ৰ ওপৰত নিৰ্ভৰ কৰে।

৫. Critical Illness Benefit: কিছুমান নিৰ্দিষ্ট বেমাৰৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰা হয় আৰু এই সুবিধাৰ অধীনত এক নিৰ্দিষ্ট ধনৰাশি বীমাধাৰকক প্ৰদান কৰা হয়।

৬. Domiciliary Treatment Benefit (DTB): ঘৰতে লোৱা চিকিৎসাৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰা হয়। এই সুবিধাও সাধাৰণতে HCB ৰ ওপৰত নিৰ্ভৰ কৰে।

৭. Pre and Post Hospitalization Benefit: সাধাৰণতে চিকিৎসালয়ত ভৰ্তি হোৱাৰ নিৰ্দিষ্ট কিছু দিনৰ আগৰপৰা আৰু চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ কিছুদিনৰ পাছলৈকে হোৱা খৰচৰ ক্ষতিপূৰণ হিচাপে এই শিতানৰ দ্বাৰা কিছু ধন বীমাধাৰকক প্ৰদান কৰা হয়।

এই সুবিধাসমূহৰ ওপৰিও কিছুমান যোজনাই এম্বুলেঞ্চ, এনাস্থেচিয়া, ফিজিওথেৰাপি আদিৰ বাবে সুকীয়াকৈ ধনৰাশি প্ৰদান কৰে। ইয়াৰোপৰি প্ৰায় প্ৰতিটো কোম্পানীয়ে ন’ক্লেইম বোনাচ, বছৰি এক নিৰ্দিষ্ট পৰিমাণত HCB ৰ লগতে MSB, DCPT, DTB OSB আদিৰ জৰিয়তে পাব পৰা ধনৰাশিৰ পৰিমাণ বৃদ্ধি আদি সুবিধা প্ৰদান কৰে।

ওপৰৰ আলোচনাত স্বাস্থ্য বীমা যোজনাৰ অধীনত কেনেধৰণৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰা হয় সেয়া সাধাৰণীকৰণ কৰি কেৱল মাত্ৰ উল্লেখহে কৰা হৈছে। এয়া কোনো কোম্পানীৰ এখন যোজনাৰ বৰ্ণনা নহয়। কোম্পানী অনুসৰি আৰু যোজনা অনুসৰি এই সুবিধাবিলাকৰ যোগ বিয়োগ হোৱাটো স্বাভাৱিক।

অন্যহাতে স্বাস্থ্য বীমা আঁচনিৰ আকৌ দুটা প্ৰকাৰ আছে- ব্যক্তিগত আৰু ফেমিলী ফ্ল’টাৰ। ব্যক্তিগত স্বাস্থ্য বীমা আঁচনিয়ে কেৱল মাত্ৰ এজন বীমাধাৰকক বীমা প্ৰদান কৰে। অন্যহাতে ফেমিলী ফ্ল’টাৰ আঁচনিয়ে গোটেই পৰিয়ালকে বীমা প্ৰদান কৰে। ফেমিলী ফ্ল’টাৰ আঁচনিৰ ক্ষেত্ৰত এজন মুখ্য বীমাধাৰক থাকে আৰু মূখ্য বীমাধাৰকৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলকো যেনে পিতৃ-মাতৃ, পত্নী, পুত্ৰ-জীয়ৰী আদি সকলোকে একেখন যোজনাৰ অধীনত স্বাস্থ্য বীমাৰ সুবিধা প্ৰদান কৰে।

দাবী নিষ্পত্তি (Claim)- দাবী নিষ্পত্তিৰ ক্ষেত্ৰত স্বাস্থ্য বীমা কোম্পানীসমূহে সাধাৰণতে তৃতীয় পক্ষৰ (TPA- Third Party Administrator) অনুসন্ধানৰ ওপৰত নিৰ্ভৰ কৰে। বীমাধাৰকে দাবী কৃত ধনৰাশি যাতে কোনো আহুকাল নোহোৱাকৈ লাভ কৰে সেই উদ্দেশ্যে কোম্পানীসমূহে সাধাৰণতে দুই প্ৰকাৰৰ সুবিধা প্ৰদান কৰে-

১. নগদৰহিত (Cashless Hospitalization) চিকিৎসাৰ সুবিধা- বীমা কোম্পানীৰ অনুমোদন প্ৰাপ্ত কিছুমান চিকিৎসালয়ত (Network Hospital) বীমাধাৰকে চিকিৎসা গ্ৰহণ কৰিলে এই সুবিধা গ্ৰহণ কৰিব পাৰে।

২. চিকিৎসা ব্যয়ৰ ক্ষতিপূৰণ (Reimbursement)- অনুজ্ঞা প্ৰাপ্ত যিকোনো চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ পাছত বীমা প্ৰদাতাক যাৱতীয় নথি পত্ৰ দাখিল কৰিলে চিকিৎসা ব্যয়ৰ ক্ষতিপূৰণ হিচাপে যোজনা খনৰ অধীনত দাবী কৃত ধনৰাশি বীমাধাৰকক প্ৰদান কৰা হয়।

লিখক: মিণ্টু বৰগোঁহাই

শেহতীয়া উন্নীতকৰণ: : 5/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate