মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য সমস্যাক অৱহেলা নকৰিব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য সমস্যাক অৱহেলা নকৰিব :

স্বাস্থ্য সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

শকত নহয় কিন্তু পেটুৱা -

সাধাৰণতে মানুহে শকত অথবা মেদবহুল হ’লেহে পিছলৈ ডায়েবেটিছ, হৃদৰোগ অথবা আন জটিল ৰোগ হোৱাৰ আশংকা কৰি সাৱধান হয়। কিন্তু শকত নহৈ যদি কেৱল পেটুৱা হয়, তেন্তে সিমান চিন্তা নকৰি তাক অৱহেলা কৰা দেখা যায়। দৰাচলতে মানুহ স্বাস্থ্যসন্মত ওজনৰ অধিকাৰী হৈ শকত অথবা মেদবহুল নহ’লেও যদি পেটৰ ঘেৰ ৩৫ ইঞ্চিতকৈ অধিক থাকে তেন্তে ডায়েবেটিছ, হৃদৰোগ আদি ৰোগ হোৱাৰ আশংকা বাঢ়ি যায়। তদুপৰি পেটুৱা মানুহে আগলৈ হালি দিলে হাওঁফাওঁত হেঁচা পৰে বাবে উশাহ লোৱাত কষ্ট হয়। বহু সময়ত পেটুৱা মানুহ চিৎ হৈ শুলে নাকেৰে ঘেৰঘেৰণি শব্দ(Snoring) ওলায়। অধ্যয়নে প্ৰমাণ কৰিছে যে শোৱাৰ সময়ত নাকৰ ঘেৰঘেৰণি শব্দ ওলালে ই কৰ’নাৰী ধমনীৰ বেৰ ডাঠ কৰে, ফলত ক’ৰনাৰী ধমনীত এথেৰ’স্ক্লেৰ’ছিছ হৈ নানা হৃদৰোগ হ’ব পাৰে। তদুপৰি শোৱাৰ সময়ত নাকৰ ঘেৰঘেৰণি শব্দ হোৱাৰ বাবে বহু সময়ত মানুহৰ বিবাহিত জীৱন সুখৰ নহয়। কেতিয়াবা বিবাহ বিচ্ছেদ পৰ্যন্ত হোৱা দেখা যায়। সেয়েহে পেটুৱা হোৱা সমস্যাক অৱহেলা কৰিব নালাগে। নিয়মীয়াকৈ শাৰীৰিক পৰিশ্ৰম কৰি, ব্যায়াম কৰি, চৰ্বি আৰু শৰ্কৰা জাতীয় খাদ্য কমাই প্ৰ’টিন, শাক-পাচলি আৰু ফল-মূল আদি অধিক আহাৰ হিচাপে গ্ৰহণ কৰি পেট কমাব লাগে। লাগিলে ডায়েটিছিয়ানৰ সহায় ল’ব লাগে।

দাঁতৰ গুৰিৰে তেজ ওলোৱা -

সাধাৰণতে দাঁতৰ গুৰিৰে তেজ ওলোৱা স্কাৰ্ভি ৰোগৰ বাবে হোৱা বুলি কেৱন ভিটামিন ‘চি’ খোৱা যায়। অনেক সময়ত ই দাঁতৰ গুৰিৰ বিক্টেৰিয়া সংক্ৰমণ হোৱা বাবেও হয়। ইয়াক অৱহেলা কৰিলে এই বেক্টেৰিয়া তেজগতিত সোমাই হৃদযন্ত্ৰ আৰু দাঁতৰ গুৰিৰে তেজ ওলাব পাৰে। এনে অৱহেলা নকৰি দন্ত চিকিৎসকৰ ওচৰলৈ যাব লাগে।

নাৰীৰ মাহেকীয়া সমস্যা -

কোনো নাৰীয়ে মাহেকীয়াৰ সমস্যা হ’লে তাক লুকাই ৰাখিব নালাগে। চিকিৎসকৰ ওচৰলৈ গৈ উপযুক্ত চিকিৎসা কৰি সুস্থ হ’ব লাগে। ডিছমেন’ৰিয়াত ভোগা জীয়ৰীয়ে সহজভাৱে লৈ থাকোঁতে দেখা যায় যে তেওঁ এণ্ডোমেট্ৰিঅ’ছিছতো ভুগিব পাৰে। মাহেকীয়াৰ সময়ত কম ৰক্তক্ষৰণ হোৱা ৰক্তহীনতা বা থাইৰয়ড হ’ৰমনজনিত সমস্যাৰ বাবেও হ’ব পাৰে। সঘনাই অনিয়মিত মাহেকীয়া হোৱা অথবা মাহেকীয়াত অধিক ৰক্তক্ষৰণ নাৰী হ’ৰমনৰ সমস্যা অথবা জৰায়ু অথবা ইউটেৰাছৰ কৰ্কট ৰোগৰ বাবেও হ’ব পাৰে। গৰ্ভৱতী হোৱা নাই অথচ নিয়মিত মাহেকীয়া হোৱা নাই, ই নাৰী হ’ৰমনৰ সমস্যাৰ বাবেও হ’ব পাৰে।

ভাগৰুৱা অনুভৱ হোৱা -

অলপতে ভাগৰ লগা, এলেহুৱা অনুভৱ কৰা, শক্তিহীন অনুভৱ কৰা, টোপনিৰপৰা উঠিব মন নোযোৱা, অনবৰতে টোপনি ভাব থকা আৰু বহিলেই টোপনি অহা আদি লক্ষণ দেখা দিলে তাক সহজভাৱে লৈ অৱহেলা নকৰিব। এইবোৰ ডায়েবেটিছ, থাইৰয়ড হ’ৰমনজনিত সমস্যা, ৰক্তৰ কৰ্কট অথবা অন্য কৰ্কট ৰোগৰো লক্ষণ হ’ব পাৰে। জটিল অৱস্থাৰ সৃষ্টি নৌহওঁতেই চিকিৎসকৰ ওচৰ চাপি চিকিৎসা কৰক।

নখ আৰু ছালৰ পৰিৱৰ্তন -

মানুহৰ নখৰ আকাৰ, আকৃতি বাবে ৰঙৰ পৰিৱৰ্তন হ’লে সাধাৰণ স্বাস্থ্য সমস্যা বুলি অৱহেলা কৰিব নালাগে। নখৰ এনেবোৰ পৰিৱৰ্তিত ৰূপে বহুতো আভ্যন্তৰীণ ৰোগৰ সম্ভেদ দিয়ে। ৰক্তহীনতাত ভোগা ব্যক্তিৰ নখ চামুচৰ দৰে হ’ব পাৰে। হাওঁফাওঁৰ কৰ্কট ৰোগ, হৃদযন্ত্ৰৰ ৰোগ আদিত নখৰ ক্লাবিং, একজিমাত নখ উজ্জ্বল হোৱা, ছ’ৰিঅ’ছিছত নখত পথালিকৈ ৰেখা আদি দেখা দিব পাৰে। অন্যহাতে, ছালৰ পৰিৱৰ্তনেও আভ্যন্তৰীণ ৰোগৰ সম্ভেদ দিয়ে। ছাল শেঁতা হোৱা ৰক্তহীনতা, ছালত ক’লা দাগ পৰা তেজৰ গোট মৰা সমস্যা, ছালৰ খজুৱতি, বৃক্কৰ বিকলতা, ডায়েবেটিছ, লিভাৰৰ সমস্যা, পিত্তৰ সমস্যা, পেলুৰ সমস্যা, ছাল হালধীয়া হোৱাটোৱে জণ্ডিচৰ সমস্যা থকা বুলি সম্ভেদ দিয়ে।

ওঁঠৰ পৰিৱৰ্তন: -

মানুহৰ ওঁঠৰ আকাৰ অথবা ৰং পৰিৱৰ্তন হ’লে সাধাৰণতে স্বাস্থ্য সমস্যা বুলি অৱহেলা কৰিব নালাগে। ওঁঠৰ আকাৰ ডাঙৰ হোৱাই খাদ্যতন্ত্ৰৰ সমস্যা আৰু এলাৰ্জীৰ সমস্যা থকা বুলি সম্ভেদ দিয়ে।

আনহাতে, ডেকা বয়সত ওঁটঃ ক্ষীণাই যোৱাই পিত্ত ৰসৰ সমস্যাৰ ইংগিত দিয়ে। ওঁঠৰ পৰিৱৰ্তিত ৰঙে বহুতো আভ্যন্তৰীণ ৰোগৰ সম্ভেদ দিয়ে। শেঁতা ওঁঠে ৰক্তহীনতা, উজ্জ্বল ৰঙা ওঁঠে থাইৰয়ড হ’ৰমনজনিত সমস্যা, অনিয়মিত হৃদযন্ত্ৰৰ ধপধপনি আৰু উচ্চ ৰক্তচাপ, ডাঠ তামবৰণীয়া ওঁঠে খাদ্যতন্ত্ৰৰ সমস্য, নীলা ওঁঠে ৰক্তৰ গোটমৰা ৰোগ, ওঁঠৰ চাৰিওপিনে ৰঙচুৱা হ’লে এলাৰ্জীৰ সমস্যা থকা বুলি সম্ভেদ দিয়ে। ওঁঠৰ কোণবোৰ ফাটি গৈ ৰঙচুৱা হোৱাই ভিটামিন ‘বি’ৰ অভাৱজনিত সমস্যা থকা সূচায়। ওঁঠৰ এনেবোৰ পৰিৱৰ্তন হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

মানসিক সমস্যা -

কথা পাহৰি যোৱা, হতাশাত ভোগা, ডিমেনচিয়া আদি মানসিক সমস্যাত ভুগিলে লাজতে অথবা সাধাৰণ সমস্যা বুলি অৱহেলা নকৰিব। সমাজৰ বেছিভাগ লোকেই মানসিক সমস্যাত ভোগে যদিও চিকিৎসকৰ সহায় লোৱা দেখা নাযায়। মানসিক সমস্যাৰ বাবে অনেকে নানা শাৰীৰিক সমস্যাত ভোগে। উদাহৰণস্বৰূপে, হতাশা অথবা ডিমেনচিয়াত ভোগা লোকৰ নিদ্ৰাহীনতা, হৃদযন্ত্ৰৰ ধপধপনি বঢ়া, ভাগৰ লগা আদি অধিক হোৱা দেখা যায়। ঠিক তেনেদৰে শাৰীৰিক সমস্যাৰ বাবেও মানসিক সমস্যাই দেখা দিব পাৰে। কৰ্কট ৰোগী, বৃক্কৰ বিকলতাত ভোগা ৰোগী অথবা মূৰত আঘাত পোৱা ৰোগীয়ে অনেক সময়ত মানসিক সমস্যাত ভোগা দেখা যায়। মানসিক সমস্যাক অৱহেলা নকৰি দেখা দিয়াৰ লগে লগে চিকিৎসা কৰিলে ই জটিল ৰূপ লোৱাৰ আগতেই অতি সোনকালেই আৰোগ্য হ’ব পাৰি। এনে কৰিলে ৰোগীৰ পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কৰ অৱনতি নঘটে আৰু কৰ্মক্ষেত্ৰ আৰু অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয়।

বিষ অনুভৱ -

মানুহে শৰীৰত অনুভৱ কৰা কোনো বিষকে সাধাৰণ স্বাস্থ্য সমস্যা বুলি অৱহেলা কৰিব নালাগে। মূৰ বিষালে মাইগ্ৰেইন বুলি অৱহেলা কৰি থাকোঁতে ই জটিল ৰূপ ল’ব পাৰে। সঘনাই হৈ থকা মূৰৰ বিষ মস্তিষ্কৰ অন্য ৰোগৰ বাবেও হ’ব পাৰে। মূৰৰ বিষৰ লগত যদি চকুৰে ধোঁৱা-কোৱা দেখা আৰু বমি হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে, কাৰণ অনেক সময়ত ই ব্ৰেইন ষ্ট্ৰোকৰ আশংকা বঢ়োৱাৰ লগতে এনে বিষ ব্ৰেইন টিউমাৰৰ বাবেও হ’ব পাৰে।

বুকুৰ বিষ যদিও হাৰ্ট এটেকৰ মুখ্য লক্ষণ নহয়, তথাপি অনেক সময়ত ই হাৰ্ট বাৰ্ণ, কাণৰ বিষ, দাঁতৰ বিষ অথবা বাহুৰ বিষ হিচাপেও দেখা দিয়ে। অনেক সময়ত মানুহে ওপৰ পেটৰ বিষ গেষ্ট্ৰাইটিছৰ বাবে হোৱা বুলি অৱহেলা কৰি নিজে নিজে গেষ্ট্ৰাইটিছৰ দৰব কিনি খায়। কিন্তু এনে বিষ, বিশেষকৈ হাৰ্ট বাৰ্ণ অনেক সময়ত ৰিফ্লাক্স ইছোফেগাইটিছৰ বাবেও হয়। সঘনাই এনে হৈ থাকিলে খাদ্যনলী অথবা পাকস্থলীৰ কৰ্কট ৰোগো হ’ব পাৰে। ডিঙি, পিঠি আদিৰ বিষ অনেক সময়ত মেৰুদণ্ডৰ আঘাতৰ বাবেও হ’ব পাৰে। অনেক সময়ত পিঠিৰ বিষ Multiple Myelomaৰ বাবেও হয়। চকুৰ বিষ ছাইনাছইটিছৰ উপৰি চকুৰ দৃষ্টিশক্তি পৰিৱৰ্তিত হোৱা বাবেও দেখা যায়।

যৌন সমস্যা আৰু যৌনৰোগ -

যৌন সম্পৰ্কত সমস্যা অথবা যৌনৰোগ, কোনোবিধকে সহজভাৱে লৈ অৱহেলা নকৰিব। ই মানসিক সমস্যা সৃষ্টি কৰাৰ লগতে পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কৰ অৱনতি ঘটায়। মহিলা এগৰাকীৰ এণ্ডোমেট্ৰিঅ’ছিছ থাকিলে যৌন সম্ভোগত বিষ অনুভৱ কৰিব পাৰে। যৌন সম্ভোগৰ সময়ত ৰক্তক্ষৰণ হ’লে জৰায়ুৰ কৰ্কট ৰোগ থাকিব পাৰে। পুৰুষ এগৰাকীৰ লিংগ সফীত নোহোৱা আৰু শীঘ্ৰ পতন ডায়েবেটিছ অথবা থাইৰয়ড হ’ৰমনজাতীয় সমস্যা থাকিলেও হ’ব পাৰে। এইবোৰ সমস্যাক অৱহেলা নকৰি উপযুক্ত চিকিৎসা কৰিলে আৰোগ্য হ’ব পাৰি। চিফিলিছ, গন’ৰিয়া, ক্লেইমাডিয়া, হাৰপিছ, এইচ আই ভি, ট্ৰাইক’মনিয়াছিছ আদি যৌনৰোগত ভুগিলে অৱহেলা নকৰি চিকিৎসা কৰিব লাগে। চিফিলিছ, গন’ৰিয়া, ক্লেইমাডিয়া, ট্ৰাইক’মনিয়াছিছ আদি যৌনৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। আগতীয়াকৈ যৌনৰোগ ধৰা পৰিলে পতি-পত্নী আৰু সন্তানক এইবোৰ যৌনৰোগৰপৰা বচাই ৰাখিব পাৰি।

এজমাৰ সমস্যা -

এজমা আৰু এজমা সৃষ্টি কৰিব পৰা এলাৰ্জীক সাধাৰণ স্বাস্থ্য সমস্যা বুলি অৱহেলা কৰিব নালাগে। অনেক সময়ত তেনে কৰিলে এজমাৰ বাবে হাওঁফাওঁৰ শক্তি কমি যায় আৰু ই হৃদযন্ত্ৰৰ ওপৰত অধিক কষ্ট দি হৃদযন্ত্ৰৰ ধপধপনি বঢ়াই হৃদৰোগৰ সৃষ্টি কৰিব পাৰে।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

 

2.94444444444
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top