মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য সম্পৰ্কীয় কেইটিমান দিহা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য সম্পৰ্কীয় কেইটিমান দিহা

স্বাস্থ্য সম্পৰ্কীয় কেইটিমান দিহাৰ বিষয়ে লিখা হৈছে ।

মাছ খালে দীৰ্ঘজীৱী হ’ব পাৰে -

মাছ আৰু দীঘলীয়া শৃংখলৰ ওমেগা-৩ ফেটি এচিড সেৱন কৰি থাকিলে অকাল মৃত্যুৰ আশংকা হ্ৰাস পায়। এই কথা ‘ইন্টাৰনেল মেডিচিন’ নামৰ জাৰ্ণেলখনত প্ৰকাশ পাইছে। এই সম্পৰ্কীয় অধ্যয়নটোত ২,৪০,৭২৯ জন পুৰুষ আৰু ১,৮০,৪৮০ গৰাকী মহিলাৰ ওপৰত একেৰাহে ১৬ টা বছৰ নিৰীক্ষণ কৰা হৈছিল।

এই অধ্যয়নত প্ৰমাণ পোৱা গ’ল যে বেছি মাত্ৰাত মাছ আৰু দীঘলীয়া শৃংখলৰ ওমেলা ফেটি এচিড সেৱন কৰি থাকিলে অকাল মৃত্যুৰ হাৰ বহুলাংশে হ্ৰাস পায়।

বেছি পৰিমাণে মাছ সেৱন কৰা পুৰুষৰ সৈতে কম পৰিমাণে মাছ সেৱন কৰা পুৰুষৰ সংখ্যা তুলনা কৰি দেখা গ’ল যে, বেছি পৰিমাণে মাছ সেৱন কৰা পুৰুষৰ মাজত ৯ শতাংশ কমকৈ কাৰ্ডিও ভাস্কুলাৰ ৰোগত, ৬ শতাংশ কমকৈ কেন্সাৰ ৰোগত, ৩৭ শতাংশ কমকৈ ক্ৰণিক লিভাৰ ৰোগত মৃত্যু ঘটিল।

তেনেদৰে মহিলাৰ ক্ষেত্ৰতো ৮ শতাংশ কমকৈ পূৰ্ণ বয়ষ্কত মৃত্যু, ১০ শতাংশ কমকৈ কাৰ্ডিওভাস্কুলাৰ ৰোগত আৰু ৩৮ শতাংশ কমকৈ আলঝেইমাৰ ৰোগত মৃত্যু ঘটিল।

অৱশ্যে ভজা মাছ খোৱাৰ সৈতে পুৰুষৰ অকাল মৃত্যুৰ কোনো সম্পৰ্ক নাই। কিন্তু মহিলাৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ ৰোগ, শ্বাসতন্ত্ৰৰ ৰোগ আদি সকলো ৰোগৰ লগত ভজা মাছ খোৱাৰ সম্পৰ্ক আছে।

দীঘলীয়া শৃংখলৰ ওমেগা-৩ ফেটি এচিড সেৱনৰ ফলত পুৰুষৰ ক্ষেত্ৰত ক্ৰমে ১৫ শতাংশ আৰু ১৮ শতাংশ কমকৈ হৃদযন্ত্ৰৰ ৰোগত পুৰুষ আৰু মহিলাৰ মৃত্যুৰ সম্পৰ্ক থাকে।

মাংস কিয় খাব লাগে -

আমিষভোজীসকলে খাদ্যৰূপে গ্ৰহণ কৰিব পৰা প্ৰায় সকলো প্ৰাণীৰে মাংস খায়। তেওঁলোকৰ ভিতৰতো খাদ্যৰূপে গ্ৰহণ কৰিব পৰা মাংসৰ বাছ বিচাৰ আছে। বিভিন্ন সামাজিক পৰম্পৰা বা অসুখ-বিসুখ আৰু শৰীৰৰ গ্ৰহণযোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি বহুলোকে বিভিন্ন প্ৰাণীৰ মাংস সেৱন কৰে। যি মাংসই নেখাওক লাগে, প্ৰায় সকলো মাংসতে যথেষ্ট পৰিমাণে পুষ্টিগুণ থাকে।

শৰীৰৰ কাৰণে প্ৰয়োজন হোৱা ভালেমান পুষ্টি উপাদান এই মাংসত নিহিত থাকে। বিশেষভাৱে প্ৰায় সকলো প্ৰকাৰৰ মাংসতে পৰ্যাপ্ত মাত্ৰাত প্ৰোটিন আৰু ভিটামিন পোৱা যায়। এইবিলাক উপাদানে আমাৰ শৰীৰৰ ভালেমান প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰিব পাৰে।

আজি এই চুটি টোকাটোত আপোনালোকক ছাগলী আৰু ভেড়াৰ মাংসৰ উপকাৰিতাৰ বিষয়ে চমুকৈ দুটিমান কথা জনাব খুজিছো।

যিসকল লোকে শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল আৰু নিশকতীয়া, তেনে লোকে সপ্তাহত অতি কমেও দুবাৰ ছাগলীৰ মাংস নিশ্চয় সেৱন কৰিব লাগে।

এই মাংস পৰিমিত মাত্ৰাত কিছুদিন ধৰি খাই থাকিলে শৰীৰৰ সকলো ধৰণৰ দুৰ্বলতা অতি সোনকালে দূৰ হ’ব আৰু লগতে শৰীৰটোও হৃষ্ট-পুষ্ট হৈ পৰিব। কাৰণ ছাগলীৰ মাংসত বিভিন্ন পুষ্টি উপাদান আৰু প্ৰোটিন যথেষ্ট পৰিমাণে থাকে।

ছাগলী আৰু ভেড়াৰ মাংসত যথেষ্ট মাত্ৰাত আয়ৰণ পোৱা যায়। যদি কোনো ব্যক্তিৰ শৰীৰত আয়ৰণ কমি থাকে, তেনেহ’লে তেওঁব ছাগলীৰ মাংস বা ভেড়াৰ মাংস খাব লাগে।

যিসকল লোকৰ শৰীৰত ৰক্তাল্পতা বা তেজৰ পৰিমাণ কম থাকে, তেনে লোকে ভেড়া বা ছাগলীৰ মাংস খাই থাকিলে কম দিনৰ ভিতৰতে এই সমস্যা নিৰাময় হ’ব।

ছাগলী বা ভেড়াৰ মাংসত ভিটামিন ‘কে’ আৰু ‘এ’ পৰ্যাপ্ত মাত্ৰাত থাকে। এই মাংসত-

  • খনিজ লৱণ,
  • এমিনো এচিড,
  • প্ৰোটিন,
  • ফছফ’ৰাছৰ দৰে উপাদান পোৱা যায় আৰু শৰীৰৰ অন্য প্ৰয়োজনীয় দ্ৰব্যৰ অভাৱো পূৰণ কৰে।

সেয়ে যিসকল লোকে মাছ-মাংস আদি খোৱাত অন্য অসুবিধা বা বাধা নেথাকে, সেইসকল লোকে ছোৱালী বা ভেড়াৰ মাংস খাবলৈ লওক আৰু শৰীৰটোৰ দুৰ্বলতা আঁতৰাই সুস্থ-সবল হওক।

নিয়মীয়াকৈ কেঁচা পিয়াঁজ খাওক: সুস্থ হৈ থাকক -

আমি সকলোৱে এটা কথা জানো যে, বহুতে কেঁচা পিয়াঁজ খাবলৈ বেয়া পায়। বহুত কম লোকেহে আহাৰৰ লগত চালাড খালেও তাৰ লগত কেঁচা পিয়াঁজ খাবলৈ ভাল পায়। আপোনালোকে সম্ভৱতঃ জানে যে কেঁচা পিয়াঁজৰ ভালেমান ঔষধী গুণ আছে।

গৰমৰ দিনত মূল আহাৰৰ লগত কেঁচা পিয়াঁজ খালে শৰীৰৰ বহুত উপকাৰ হয়। গ্ৰীষ্মকালত গৰম বতাহ আৰু পৰিৱেশৰ অসহ্য গৰমৰ পৰা ৰক্ষা পাবলৈ মানুহে বতাহৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰে।

আপোনালোকৰ বহুতে হয়তো জানে যে কেঁচা পিয়াঁজ খাই থাকিলে ডায়েবেটিছ ৰোগীৰ বৰ্ধিত ‘ব্লাড চুগাৰ’ নিয়ন্ত্ৰণলৈ আহে।

সেয়ে ডায়েবেটিছত ভুগি থকা লোকে কেঁচা পিয়াঁজ নিয়মীয়াকৈ খাই থাকিব লাগে। কেঁচা পিয়াঁজ খাই থাকিলে শৰীৰত ইনচুলিনৰ নিঃসৰণ বৃদ্ধি পায়।

  • যিসকল লোকৰ কিডনিত পাথৰ হোৱাৰ সমস্যা আছে, তেওঁলোকে নিয়মীয়াকৈ কেঁচা পিয়াঁজ খাই থাকিব লাগে। নিয়মীয়াকৈ কেঁচা পিয়াঁজ খাই থাকিলে কিডনিৰ পাথৰ গলি যায়।
  • কেঁচা পিয়াঁজ খাই থাকিলে আমাৰ শৰীৰৰ ৰক্তপ্ৰবাহ স্বাভাৱিক হৈ থাকে। পিয়াঁজত থকা ক্ৰমিয়াম লৱণে ৰক্তপ্ৰৱাহ সবল কৰাত সহায় কৰে। লগতে এইবিধ উপাদানে তেজৰ অক্সিজেন গ্ৰহণৰ পৰিমাণো বৃদ্ধি কৰে।
  • আপোনালোকে হয়তো জানে যে, যিসকল লোকে নিয়মীয়াকৈ কেঁচা পিয়াঁজ খায়, তেওঁলোকৰ শৰীৰত কেন্সাৰ হোৱাৰ আশংকা নেথাকে। পিয়াঁজত থকা ছালফাৰে কেন্সাৰ ৰোগ সৃষ্টিৰ সুযোগেই নিদিয়ে।
  • কেঁচা পিয়াঁজত যথেষ্ট মাত্ৰাত খাদ্য আঁহ থাকে। এই আঁহে পেটত সঞ্চিত হৈ থকা মল পৰিষ্কাৰ কৰি নিষ্কাশন কৰাত সহায় কৰে। নিয়মীয়াকৈ কেঁচা পিয়াঁজ খাই থাকিলে কোষ্ঠকাঠিন্য নিৰাময় হয়।
  • পিয়াঁজত ফছফৰিক এচিড থাকে আৰু এইবিধ উপাদানে আমাৰ তেজ পৰিষ্কাৰ কৰাত ঔষধৰূপে কাম কৰে। পিয়াঁজ এটা মিহিকৈ বটি লৈ ৰাতি শোৱাৰ আগতে ভৰিৰ তলুৱাত লেপ দি শুই থাকক।

এই লেপৰ পৰা ফচফৰিক এচিড ভৰিৰ তলুৱাৰ মাজেদি শুহি লৈ শৰীৰৰ ধমনীৰে গৈ তেজৰ লগত মিহলি হৈ তেজৰ অশুদ্ধি দ্ৰব্যবোৰ আঁতৰাই পঠিয়ায়।

  • চাৰিটা পিয়াঁজ বটি লৈ চাটনি বনাওক আৰু তাৰ লগত সেই মগুটোৰ সমান পৰিমাণত ঘেঁহুৰ আটা মিহলাই গৰম কৰি লওক। এই মিশ্ৰণটো সামন্য পৰিমাণে গৰম হৈ থাকোঁতে পেটত লেপ এটা দি শুই দিয়ক। সঘনাই প্ৰস্ৰাৱ হৈ থকা বিকাৰ এই ব্যৱস্থা ল’লে বন্ধ হৈ যাব।
  • পিয়াঁজৰ ৰস আৰু মৌ সমান মাত্ৰাত লৈ ভালদৰে মিহলাই লৈ খাওক। ডিঙিৰ খচখচনি আৰু কাহ আদি লক্ষণ এই মিশ্ৰণৰ সেৱনে নিৰাময় কৰিব।

মাটিৰ বাচনত প্ৰস্তুত কৰক আহাৰ -

পুৰণি কালত মাটিৰ বাচনত আহাৰ প্ৰস্তুত কৰাৰ নিয়ম আছিল আৰু এই নিয়ম বহুযুগ ধৰি চলিছিল।

পিছলৈ অৱশ্যে লো আৰু অন্য ধাতুৰ বাচন-বৰ্তন উদ্ভাৱন হ’ল আৰু এনে বাচনত খাদ্য প্ৰস্তুত কৰাৰ ব্যৱস্থা হ’ল।

আধুনিকীকৰণৰ ফলত পুৰণি মাটিৰ বাচনৰ ব্যৱহাৰ ক্ৰমে লুপ্ত হৈ পৰিল। অৱশ্যে ভাৰতৰ ভালেমান মন্দিৰ আৰু পৌৰাণিক নীতি-নিয়মত চলা ভালেমান ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানে আজিও ধৰ্মীয় অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় আহাৰ আদি মাটিৰ বাচনতে প্ৰস্তুত কৰাৰ প্ৰথা চলি আছে। অৱশ্যে মন্দিৰবিলাকত ক্ৰমে বৃদ্ধি পাই অহা দৰ্শনাৰ্থী আৰু শিষ্য-প্ৰশিষ্যৰ বাবে বৃহৎ পৰিমাণত আহাৰ প্ৰস্তুত কৰিবলগা হোৱা বাবে মাটিৰ সৰু সৰু বাচনত খাদ্য প্ৰস্তুত কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিল বাবে মাটিৰ বাচন ব্যৱহাৰৰ অৱশিষ্ট পৰম্পৰাও লোপ পাই আহিছে।

কিন্তু আজিও এসময়ত মাটিৰ বাচনত ৰন্ধা-বঢ়া কৰা বহুতো বয়োজ্যেষ্ঠ লোকে মত প্ৰকাশ কৰে যে- মাটিৰ বাচনত ৰন্ধা আহাৰৰ সোৱাদ অতুলনীয় আৰু তেনে আহাৰ অতি স্বাস্থ্যসন্মত। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰতো মাটিৰ বাচনত কম জুইত ৰন্ধা আহাৰহে খোৱাৰ পৰামৰ্শ দিয়া আছে।

মাটিৰ বাচনত ৰন্ধা খাদ্যৰ উপকাৰিতাবোৰ এনে ধৰণৰ-

তৃপ্তিদায়ক আৰু পুষ্টিকাৰক -

মাটিৰ তাৱাত বনোৱা ৰুটি খাবলৈ যথেষ্ট সোৱদলগা হয় আৰু এনে ৰুটিৰ পুষ্টি উপাদান নষ্ট নহয়। এনে বাচনত বনোৱা ৰুটিৰ পুষ্টিগুণ বৃদ্ধি পায় আৰু এনে খাদ্যই শৰীৰৰ ৰোগৰ আশংকা নাশ কৰে।

কোষ্ঠবদ্ধতাৰ পৰা মুক্তি:

আজিকালি কৰ্মব্যস্ততাৰে ভৰা জীৱনশৈলীৰ মাজত কোষ্ঠবদ্ধতা এক এৰাব নোৱাৰা সমস্যা ৰূপে পৰিগণিত হৈছে।

দীৰ্ঘদিন ধৰি কোষ্ঠবদ্ধতাত ভুগি থকা লোকে মাটিৰ তাৱাত বনোৱা ৰুটি, মাটিৰ বাচনত বনোৱা দাইল, পাচলি আদি খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

পেটত গেছৰ পৰা মুক্তি:

মাটিৰ তাৱাত বনোৱা ৰুটি আৰু মাটিৰ চৰুত বনোৱা দাইল-তৰকাৰী আদি খাই থাকিলে পেটত গেছ জমা হোৱা সমস্যা নিজে নিজেই নাইকিয়া হয়।

যদি আপুনি দিনৰ দিনটো অফিচত বহি থকাৰ ফলত পেটত গেছ হোৱাৰ সমস্যাত ভুগিছে, তেনেহ’লে মাটিৰ বাচনত আপোনাৰ আহাৰ প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

স্বাস্থ্য সম্পৰ্কীয় কেইটিমান দিহা:

মাছ খালে দীৰ্ঘজীৱী হ’ব পাৰে:

মাছ আৰু দীঘলীয়া শৃংখলৰ ওমেগা-৩ ফেটি এচিড সেৱন কৰি থাকিলে অকাল মৃত্যুৰ আশংকা হ্ৰাস পায়। এই কথা ‘ইন্টাৰনেল মেডিচিন’ নামৰ জাৰ্ণেলখনত প্ৰকাশ পাইছে। এই সম্পৰ্কীয় অধ্যয়নটোত ২,৪০,৭২৯ জন পুৰুষ আৰু ১,৮০,৪৮০ গৰাকী মহিলাৰ ওপৰত একেৰাহে ১৬ টা বছৰ নিৰীক্ষণ কৰা হৈছিল।

এই অধ্যয়নত প্ৰমাণ পোৱা গ’ল যে বেছি মাত্ৰাত মাছ আৰু দীঘলীয়া শৃংখলৰ ওমেলা ফেটি এচিড সেৱন কৰি থাকিলে অকাল মৃত্যুৰ হাৰ বহুলাংশে হ্ৰাস পায়।

বেছি পৰিমাণে মাছ সেৱন কৰা পুৰুষৰ সৈতে কম পৰিমাণে মাছ সেৱন কৰা পুৰুষৰ সংখ্যা তুলনা কৰি দেখা গ’ল যে, বেছি পৰিমাণে মাছ সেৱন কৰা পুৰুষৰ মাজত ৯ শতাংশ কমকৈ কাৰ্ডিও ভাস্কুলাৰ ৰোগত, ৬ শতাংশ কমকৈ কেন্সাৰ ৰোগত, ৩৭ শতাংশ কমকৈ ক্ৰণিক লিভাৰ ৰোগত মৃত্যু ঘটিল।

তেনেদৰে মহিলাৰ ক্ষেত্ৰতো ৮ শতাংশ কমকৈ পূৰ্ণ বয়ষ্কত মৃত্যু, ১০ শতাংশ কমকৈ কাৰ্ডিওভাস্কুলাৰ ৰোগত আৰু ৩৮ শতাংশ কমকৈ আলঝেইমাৰ ৰোগত মৃত্যু ঘটিল।

অৱশ্যে ভজা মাছ খোৱাৰ সৈতে পুৰুষৰ অকাল মৃত্যুৰ কোনো সম্পৰ্ক নাই। কিন্তু মহিলাৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ ৰোগ, শ্বাসতন্ত্ৰৰ ৰোগ আদি সকলো ৰোগৰ লগত ভজা মাছ খোৱাৰ সম্পৰ্ক আছে।

দীঘলীয়া শৃংখলৰ ওমেগা-৩ ফেটি এচিড সেৱনৰ ফলত পুৰুষৰ ক্ষেত্ৰত ক্ৰমে ১৫ শতাংশ আৰু ১৮ শতাংশ কমকৈ হৃদযন্ত্ৰৰ ৰোগত পুৰুষ আৰু মহিলাৰ মৃত্যুৰ সম্পৰ্ক থাকে।

মাংস কিয় খাব লাগে:

আমিষভোজীসকলে খাদ্যৰূপে গ্ৰহণ কৰিব পৰা প্ৰায় সকলো প্ৰাণীৰে মাংস খায়। তেওঁলোকৰ ভিতৰতো খাদ্যৰূপে গ্ৰহণ কৰিব পৰা মাংসৰ বাছ বিচাৰ আছে। বিভিন্ন সামাজিক পৰম্পৰা বা অসুখ-বিসুখ আৰু শৰীৰৰ গ্ৰহণযোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি বহুলোকে বিভিন্ন প্ৰাণীৰ মাংস সেৱন কৰে। যি মাংসই নেখাওক লাগে, প্ৰায় সকলো মাংসতে যথেষ্ট পৰিমাণে পুষ্টিগুণ থাকে।

শৰীৰৰ কাৰণে প্ৰয়োজন হোৱা ভালেমান পুষ্টি উপাদান এই মাংসত নিহিত থাকে। বিশেষভাৱে প্ৰায় সকলো প্ৰকাৰৰ মাংসতে পৰ্যাপ্ত মাত্ৰাত প্ৰোটিন আৰু ভিটামিন পোৱা যায়। এইবিলাক উপাদানে আমাৰ শৰীৰৰ ভালেমান প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰিব পাৰে।

আজি এই চুটি টোকাটোত আপোনালোকক ছাগলী আৰু ভেড়াৰ মাংসৰ উপকাৰিতাৰ বিষয়ে চমুকৈ দুটিমান কথা জনাব খুজিছো।

যিসকল লোকে শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল আৰু নিশকতীয়া, তেনে লোকে সপ্তাহত অতি কমেও দুবাৰ ছাগলীৰ মাংস নিশ্চয় সেৱন কৰিব লাগে।

এই মাংস পৰিমিত মাত্ৰাত কিছুদিন ধৰি খাই থাকিলে শৰীৰৰ সকলো ধৰণৰ দুৰ্বলতা অতি সোনকালে দূৰ হ’ব আৰু লগতে শৰীৰটোও হৃষ্ট-পুষ্ট হৈ পৰিব। কাৰণ ছাগলীৰ মাংসত বিভিন্ন পুষ্টি উপাদান আৰু প্ৰোটিন যথেষ্ট পৰিমাণে থাকে।

ছাগলী আৰু ভেড়াৰ মাংসত যথেষ্ট মাত্ৰাত আয়ৰণ পোৱা যায়। যদি কোনো ব্যক্তিৰ শৰীৰত আয়ৰণ কমি থাকে, তেনেহ’লে তেওঁব ছাগলীৰ মাংস বা ভেড়াৰ মাংস খাব লাগে।

যিসকল লোকৰ শৰীৰত ৰক্তাল্পতা বা তেজৰ পৰিমাণ কম থাকে, তেনে লোকে ভেড়া বা ছাগলীৰ মাংস খাই থাকিলে কম দিনৰ ভিতৰতে এই সমস্যা নিৰাময় হ’ব।

ছাগলী বা ভেড়াৰ মাংসত ভিটামিন ‘কে’ আৰু ‘এ’ পৰ্যাপ্ত মাত্ৰাত থাকে। এই মাংসত-

  • খনিজ লৱণ,
  • এমিনো এচিড,
  • প্ৰোটিন,
  • ফছফ’ৰাছৰ দৰে উপাদান পোৱা যায় আৰু শৰীৰৰ অন্য প্ৰয়োজনীয় দ্ৰব্যৰ অভাৱো পূৰণ কৰে।

সেয়ে যিসকল লোকে মাছ-মাংস আদি খোৱাত অন্য অসুবিধা বা বাধা নেথাকে, সেইসকল লোকে ছোৱালী বা ভেড়াৰ মাংস খাবলৈ লওক আৰু শৰীৰটোৰ দুৰ্বলতা আঁতৰাই সুস্থ-সবল হওক।

নিয়মীয়াকৈ কেঁচা পিয়াঁজ খাওক: সুস্থ হৈ থাকক:

আমি সকলোৱে এটা কথা জানো যে, বহুতে কেঁচা পিয়াঁজ খাবলৈ বেয়া পায়। বহুত কম লোকেহে আহাৰৰ লগত চালাড খালেও তাৰ লগত কেঁচা পিয়াঁজ খাবলৈ ভাল পায়। আপোনালোকে সম্ভৱতঃ জানে যে কেঁচা পিয়াঁজৰ ভালেমান ঔষধী গুণ আছে।

গৰমৰ দিনত মূল আহাৰৰ লগত কেঁচা পিয়াঁজ খালে শৰীৰৰ বহুত উপকাৰ হয়। গ্ৰীষ্মকালত গৰম বতাহ আৰু পৰিৱেশৰ অসহ্য গৰমৰ পৰা ৰক্ষা পাবলৈ মানুহে বতাহৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰে।

আপোনালোকৰ বহুতে হয়তো জানে যে কেঁচা পিয়াঁজ খাই থাকিলে ডায়েবেটিছ ৰোগীৰ বৰ্ধিত ‘ব্লাড চুগাৰ’ নিয়ন্ত্ৰণলৈ আহে।

সেয়ে ডায়েবেটিছত ভুগি থকা লোকে কেঁচা পিয়াঁজ নিয়মীয়াকৈ খাই থাকিব লাগে। কেঁচা পিয়াঁজ খাই থাকিলে শৰীৰত ইনচুলিনৰ নিঃসৰণ বৃদ্ধি পায়।

  • যিসকল লোকৰ কিডনিত পাথৰ হোৱাৰ সমস্যা আছে, তেওঁলোকে নিয়মীয়াকৈ কেঁচা পিয়াঁজ খাই থাকিব লাগে। নিয়মীয়াকৈ কেঁচা পিয়াঁজ খাই থাকিলে কিডনিৰ পাথৰ গলি যায়।
  • কেঁচা পিয়াঁজ খাই থাকিলে আমাৰ শৰীৰৰ ৰক্তপ্ৰবাহ স্বাভাৱিক হৈ থাকে। পিয়াঁজত থকা ক্ৰমিয়াম লৱণে ৰক্তপ্ৰৱাহ সবল কৰাত সহায় কৰে। লগতে এইবিধ উপাদানে তেজৰ অক্সিজেন গ্ৰহণৰ পৰিমাণো বৃদ্ধি কৰে।
  • আপোনালোকে হয়তো জানে যে, যিসকল লোকে নিয়মীয়াকৈ কেঁচা পিয়াঁজ খায়, তেওঁলোকৰ শৰীৰত কেন্সাৰ হোৱাৰ আশংকা নেথাকে। পিয়াঁজত থকা ছালফাৰে কেন্সাৰ ৰোগ সৃষ্টিৰ সুযোগেই নিদিয়ে।
  • কেঁচা পিয়াঁজত যথেষ্ট মাত্ৰাত খাদ্য আঁহ থাকে। এই আঁহে পেটত সঞ্চিত হৈ থকা মল পৰিষ্কাৰ কৰি নিষ্কাশন কৰাত সহায় কৰে। নিয়মীয়াকৈ কেঁচা পিয়াঁজ খাই থাকিলে কোষ্ঠকাঠিন্য নিৰাময় হয়।
  • পিয়াঁজত ফছফৰিক এচিড থাকে আৰু এইবিধ উপাদানে আমাৰ তেজ পৰিষ্কাৰ কৰাত ঔষধৰূপে কাম কৰে। পিয়াঁজ এটা মিহিকৈ বটি লৈ ৰাতি শোৱাৰ আগতে ভৰিৰ তলুৱাত লেপ দি শুই থাকক।

এই লেপৰ পৰা ফচফৰিক এচিড ভৰিৰ তলুৱাৰ মাজেদি শুহি লৈ শৰীৰৰ ধমনীৰে গৈ তেজৰ লগত মিহলি হৈ তেজৰ অশুদ্ধি দ্ৰব্যবোৰ আঁতৰাই পঠিয়ায়।

  • চাৰিটা পিয়াঁজ বটি লৈ চাটনি বনাওক আৰু তাৰ লগত সেই মগুটোৰ সমান পৰিমাণত ঘেঁহুৰ আটা মিহলাই গৰম কৰি লওক। এই মিশ্ৰণটো সামন্য পৰিমাণে গৰম হৈ থাকোঁতে পেটত লেপ এটা দি শুই দিয়ক। সঘনাই প্ৰস্ৰাৱ হৈ থকা বিকাৰ এই ব্যৱস্থা ল’লে বন্ধ হৈ যাব।
  • পিয়াঁজৰ ৰস আৰু মৌ সমান মাত্ৰাত লৈ ভালদৰে মিহলাই লৈ খাওক। ডিঙিৰ খচখচনি আৰু কাহ আদি লক্ষণ এই মিশ্ৰণৰ সেৱনে নিৰাময় কৰিব।

মাটিৰ বাচনত প্ৰস্তুত কৰক আহাৰ:

পুৰণি কালত মাটিৰ বাচনত আহাৰ প্ৰস্তুত কৰাৰ নিয়ম আছিল আৰু এই নিয়ম বহুযুগ ধৰি চলিছিল।

পিছলৈ অৱশ্যে লো আৰু অন্য ধাতুৰ বাচন-বৰ্তন উদ্ভাৱন হ’ল আৰু এনে বাচনত খাদ্য প্ৰস্তুত কৰাৰ ব্যৱস্থা হ’ল।

আধুনিকীকৰণৰ ফলত পুৰণি মাটিৰ বাচনৰ ব্যৱহাৰ ক্ৰমে লুপ্ত হৈ পৰিল। অৱশ্যে ভাৰতৰ ভালেমান মন্দিৰ আৰু পৌৰাণিক নীতি-নিয়মত চলা ভালেমান ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানে আজিও ধৰ্মীয় অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় আহাৰ আদি মাটিৰ বাচনতে প্ৰস্তুত কৰাৰ প্ৰথা চলি আছে। অৱশ্যে মন্দিৰবিলাকত ক্ৰমে বৃদ্ধি পাই অহা দৰ্শনাৰ্থী আৰু শিষ্য-প্ৰশিষ্যৰ বাবে বৃহৎ পৰিমাণত আহাৰ প্ৰস্তুত কৰিবলগা হোৱা বাবে মাটিৰ সৰু সৰু বাচনত খাদ্য প্ৰস্তুত কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিল বাবে মাটিৰ বাচন ব্যৱহাৰৰ অৱশিষ্ট পৰম্পৰাও লোপ পাই আহিছে।

কিন্তু আজিও এসময়ত মাটিৰ বাচনত ৰন্ধা-বঢ়া কৰা বহুতো বয়োজ্যেষ্ঠ লোকে মত প্ৰকাশ কৰে যে- মাটিৰ বাচনত ৰন্ধা আহাৰৰ সোৱাদ অতুলনীয় আৰু তেনে আহাৰ অতি স্বাস্থ্যসন্মত। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰতো মাটিৰ বাচনত কম জুইত ৰন্ধা আহাৰহে খোৱাৰ পৰামৰ্শ দিয়া আছে।

মাটিৰ বাচনত ৰন্ধা খাদ্যৰ উপকাৰিতাবোৰ এনে ধৰণৰ-

তৃপ্তিদায়ক আৰু পুষ্টিকাৰক:

মাটিৰ তাৱাত বনোৱা ৰুটি খাবলৈ যথেষ্ট সোৱদলগা হয় আৰু এনে ৰুটিৰ পুষ্টি উপাদান নষ্ট নহয়। এনে বাচনত বনোৱা ৰুটিৰ পুষ্টিগুণ বৃদ্ধি পায় আৰু এনে খাদ্যই শৰীৰৰ ৰোগৰ আশংকা নাশ কৰে।

কোষ্ঠবদ্ধতাৰ পৰা মুক্তি:

আজিকালি কৰ্মব্যস্ততাৰে ভৰা জীৱনশৈলীৰ মাজত কোষ্ঠবদ্ধতা এক এৰাব নোৱাৰা সমস্যা ৰূপে পৰিগণিত হৈছে।

দীৰ্ঘদিন ধৰি কোষ্ঠবদ্ধতাত ভুগি থকা লোকে মাটিৰ তাৱাত বনোৱা ৰুটি, মাটিৰ বাচনত বনোৱা দাইল, পাচলি আদি খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

পেটত গেছৰ পৰা মুক্তি:

মাটিৰ তাৱাত বনোৱা ৰুটি আৰু মাটিৰ চৰুত বনোৱা দাইল-তৰকাৰী আদি খাই থাকিলে পেটত গেছ জমা হোৱা সমস্যা নিজে নিজেই নাইকিয়া হয়।

যদি আপুনি দিনৰ দিনটো অফিচত বহি থকাৰ ফলত পেটত গেছ হোৱাৰ সমস্যাত ভুগিছে, তেনেহ’লে মাটিৰ বাচনত আপোনাৰ আহাৰ প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top