মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন তথ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন তথ্য

স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন তথ্য লিখা হৈছে

অন্ধবিশ্বাসৰ ফলত হোৱা ৰোগঃ

 

যুক্তি বা বৈজ্ঞানিক ভিত্তি নোহোৱা পাৰস্পৰিকভাৱে চলি অহা কোনো কাম, পদ্ধতি বা বিশ্বাসেই হৈছে অন্ধবিশ্বাস। অতীজৰ মানুহৰ বেমাৰ-আজাৰ হলে ভূতে পোৱা বা অপদেৱতাই লম্ভা বুলি বিশ্বাস কৰি ৰোগীৰ প্ৰতি ল’ব লগা উপযুক্ত চিকিৎসকৰ পৰিৱৰ্তে চিকিৎসাৰ নামত নানান অত্যাচাৰ বা নিৰ্যাতন আদিহে কৰা হৈছিল বা পূজা-পাতল আদি কৰি অযথা ধন খৰচ কৰিছিল। ফলত ৰোগীক সংকটজনক অৱস্থালৈ ঠেলি দিয়া হৈছিল। এনে অন্ধবিশ্বাসৰ ফলত বহু ৰোগীয়ে বিনা চিকিৎসাৰে প্ৰাণ হেৰুৱাব লগা হৈছিল। বৰ্তমান বৈজ্ঞানিক যুগতো গাঁৱে-ভূঞে এনে অন্ধবিশ্বাসত ডুব গৈ থকা লোকৰ সংখ্যা কম হোৱা নাই।

সন্তান প্ৰসৱৰ পাছত সন্তানটোৰ নাই কাটি বহু লোকে নাই শুকাবৰ বাবে গোবৰ লেপন দিয়া দেখা যায়। এনে কৰিলে গোবৰত থকা বীজাণুৱে কেঁচুৱাটো ধনুষ্টংকাৰ ৰোগত আক্ৰান্ত হোৱাৰ বাবেহে বাট মুকলি কৰি দিয়া হয়। সেইদৰে কটা-ছিঙা আদিত ধূলি-বালি আদি দিয়া দেখা যায়। ইয়াৰ ফলত কটা-ছিঙা ঠাইত চেপ্টিক হোৱা দেখা যায়। পেটচলা বা ডায়েৰিয়াত শিশুক সাধাৰণতে বহু লোকে পানী খাবলৈ নিদিয়ে। পানী খালে শৌচৰ পৰিমাণ বৃদ্ধি পাব পাৰে এনে ভুল ধাৰণাৰ বাবে পানী খাবলৈ নিদিলে, ডিহাইড্ৰেচন হৈ শিশুৰ মৃত্যুমুখত পৰিব পাৰে। এইবোৰ ভুল ধাৰণা। বসন্ত, সৰু আই আদি বেমাৰ বীজাণুৰ বাবে হ’ব পাৰে বুলি এতিয়াও বহু লোকে নাজানে। সেইবাবে ভোগ দিয়া, নাম-কীৰ্তন আয়োজন কৰাতহে কিছুমানে চেষ্টা কৰা দেখা যায়। ই এক ভুল ধাৰণা। এই বেমাৰৰ আধুনিক চিকিৎসা আছে বাবে চিকিৎসকৰ ওচৰলৈ যাব লাগে। কুষ্ঠ ৰোগ হ’লে বহু মানুহে ভাবে যে এই ৰোগ বহু পাপৰ ফলত হয় বা কণী, গাখীৰ, ৰূপৰ টকা চুৰ কৰিলে হয় বুলি ভাবে। প্ৰকৃততে এই ৰোগ বীজাণুৰ দ্বাৰাহে হয়। সেয়ে ইয়াৰ আধুনিক চিকিৎসা থকা সত্ত্বেও বহু লোকে বিশ্বাস নকৰে।

সাপে কামুৰিলে আজিও বহু মানুহ বেজৰ ওচৰলৈ গৈ জৰা-ফুঁকা কৰাৰ প্ৰতিহে বিশ্বাস কৰে। সাপে কামোৰা বা খোঁটাৰ বাবে ৰোগীৰ চিকিৎসাৰ বাবে আধুনিক চিকিৎসা আছে। সেইদৰে টোপনিত দাঁত কৰচিলে ভূতে পোৱা বুলি অনেকে মৰা আঙঠা মুখত ভৰাই দিয়ে। ই এক অন্ধবিশ্বাস। ক্ৰিমিৰ বাবেও কেতিয়াবা ৰাতি ল’ৰা-ছোৱালীয়ে দাঁত কৰচিব পাৰে। এনে উদাহৰণ বহুত আছে।

ইনফ্লুয়েঞ্জা বেমাৰ হ’লে, হাত-ভৰি কাটিলে টেঙা খাবলৈ দিব নালাগে বুলি বহু মানুহে ভাবে। প্ৰকৃততে ভিটামিন ‘চি’ টেঙাত থকাৰ বাবে ঘা শুকুৱাত টেঙাই সহায়হে কৰে। সেয়ে অন্ধবিশ্বাসৰ ফলত আমাৰ সমাজৰ বহু মানুহ বহু ৰোগৰ বলি হয় আৰু বহু ধৰণৰ বেমাৰ-আজাৰৰ পৰা ৰক্ষা পাব নোৱাৰে। বিজ্ঞানসুলভ মানসিকতা গঠন, অন্ধবিশ্বাস দূৰ কৰি আধুনিক চিকিৎসা পদ্ধতি অৱলম্বন কৰাহে বৰ্তমান মানুহৰ কৰ্তব্য হোৱা উচিত।

(উৎসঃ খবৰ, উপেন দত্ত)।

অথঃ এস্পিৰিণ সংবাদঃ

 

প্ৰকৃততে যিটো দৰবৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো সেইটোৰ প্ৰচলন তাহানিখনৰে পৰাই এই পৃথিৱীৰ বুকুত আছে। বিগত শতিকাৰ আশীৰ দশকত আমি চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হৈ থকা অৱস্থাত ভেষজ বিজ্ঞানৰ পাঠ্যপুথিত এইবিধ দৰৱৰ গুণাগুণৰ বিষয়ে বিস্তাৰিতভাৱে পঢ়িবলৈ পাইছিলো। দৰৱবিধ একক আৰু আশ্চৰ্যকৰ বুলি এইবাবেই ক’ব লাগিব যে ইয়াৰ নতুন নতুন বৈশিষ্ট্যৰ বিষয়ে এতিয়াও বিজ্ঞানীসকলে সম্ভেদ লভিবলৈ ধৰিছে।

এইখিনিতে এটা কথা ধ্ৰুৱসত্য বুলি স্বীকাৰ কৰিবই লাগিব যে আজিৰ তাৰিখত লাইফ ষ্টাইল ডিজিজ বা জীৱন ধাৰণৰ ভ্ৰান্তিঘটিত ৰোগৰ প্ৰাদুৰ্ভাৱ অভাৱনীয়ভাৱে বাঢ়িছে। বহুমূত্ৰ, মেদবহুলতা, উচ্চ ৰক্তচাপ আদি ৰোগগ্ৰস্ত মানুহৰ সংখ্যা হুৰহুৰকৈ বৃদ্ধি পাইছে। পাছে পৰিতাপৰ আৰু আটাইতকৈ চিন্তনীয় কথাটো হৈছে যে এই ৰোগবোৰৰ কোনোটোৱেই সাধাৰণতে অকলে হোৱা দেখা নাযায়। উদাহৰণস্বৰূপে উচ্চ ৰক্তচাপৰ কথাই ধৰা যাওক। আৰম্ভণিতে এই ৰোগ অকলেই পৰিলক্ষিত হয় যদিও সময়ৰ সোঁতত মেদবহুলতাত ব্যক্তিজন আক্ৰান্ত হৈ তেজত লিপিডৰ মাত্ৰা বাঢ়িব পাৰে। ইয়াৰ উপৰঞ্চি হিচাপে এক সৰ্বব্যাপী প্ৰভাৱ আছে। অৰ্থাৎ ধৰি লোৱা হ’ল মেদবহুলতাৰ বিষয়ে। ইয়াৰ ফলশ্ৰুতি হিচাপে তেজত কলেষ্টেৰল বা লিপিডৰ পৰিমাণ বাঢ়ি এটা সময়ত (বহু বছৰৰ মূৰত) বহুমূত্ৰ বা উচ্চ ৰক্তচাপৰ উৎপত্তি হৈ কলিজাৰ ৰোগত ব্যক্তিগৰাকী আক্ৰান্ত হ’ব পাৰে।

ইয়াৰ ফলত কি হ’ব ? মানুহজনে নিতৌ বহুকেইটা দৰৱ খাবলৈ বাধ্য হ’ব। তেজত ছুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ এটা বা দুটা দৰৱ, ৰক্তচাপ আৰু লিপিড কমাবলৈ অতিৰিক্ত এটা বা দুটা দৰৱ খাবলগীয়া হ’ব। ইয়াৰ সৈতে খাদ্যপ্ৰাণ আৰু কেলছিয়াম টেবলেটযুক্ত কৰিলে ৰোগীজনৰ দৈনন্দিন দৰৱৰ তালিকাখনত এটা সময়ত দৰৱৰ সংখ্যা ছয়-সাতটা হ’বগৈ।

এনেবোৰ ৰোগীৰ জীৱন ধাৰণৰ কষ্টখিনিক সকাহ প্ৰদান কৰিবলৈ চিকিৎসা বিজ্ঞানীসকল নিঃসন্দেহে তৎপৰ হৈ আছে। আজিকালি ‘ফিক্সড্ ড্ৰাগ কম্বিনেচন’ (এফ ডি চি)-ৰ প্ৰচলন ঘটিছে, য’ত দুটা বা তিনিটা দৰৱ এক নিৰ্ধাৰিত নিৰিখত সমষ্টিগতভাৱে থাকে। এনেধৰণৰ দৰৱ ব্যৱহাৰ কৰিলে ৰোগীৰ বাবে ভালেখিনি সুবিধাজনক হয় যদিও সমষ্টিত থকা দৰৱবোৰে স্বকীয় কাম-কাজ ঈপ্সিত ধৰণে কৰিবলৈ সক্ষম নহয়। উদাহৰণস্বৰূপে কোনোবাটো দৰৱ ধৰি লোৱা যাওক আহাৰ খোৱাৰ পূৰ্বে খাব লাগে আৰু আন এটা দৰৱ খাদ্য গ্ৰহণৰ পাছত খোৱা যুগুত। পাছে ফিক্সড্ ড্ৰাগ কম্বিনেচনত দুয়োটা দৰৱ একেলগেই একে সময়তেই খাবলগীয়া হয়। তদুপৰি টেবলেটটোত দৰৱৰ মাত্ৰা ফিক্সড্ থকা হেতুকে পৰিমাণগত বঢ়া-টুটা কৰাও অসম্ভৱ হৈ পৰে। কেতিয়াবা অযুক্তিকৰভাৱে দৰৱ কম্বিনেচনৰ সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে কেতবোৰ বিপৰীত ধৰ্মী দৰৱৰ কম্বিনেচনৰ কথা ক’ব পাৰি। কেতিয়াবা আকৌ শৰীৰৰ একোটা নিৰ্দিষ্ট বিন্দু বা স্থান দখলৰ বাবে কম্বিনেচনৰ দৰৱকেইটাই প্ৰতিযোগিতা চলায়। ফলত কোনোটো দৰৱে ভালদৰে কাম-কাজ কৰিব নোৱাৰা হয়। এনে কম্বিনেচনৰ দৰৱবোৰ প্ৰকৃততে ৰাইজৰ জনপ্ৰিয় দাবীৰ প্ৰতি সঁহাৰি আৰু যুগৰ প্ৰত্যাহ্বানৰ সমুচিত উত্তৰ বুলিও গণ্য কৰিব পাৰি। বহুতে এইবোৰক ‘মেজিক বুলেট’ বুলিও আখ্যা দিয়ে। এইবোৰৰ সুবিধাও আছে- উদাহৰণস্বৰূপে দৰৱবোৰ তাকৰীয়া নিৰিখত থকা হেতুকে পাৰ্শ্বপ্ৰতিক্ৰিয়া তুলনামূলকভাৱে কম আৰু বেছি সুৰক্ষিত বুলিব পাৰি।

বুৰঞ্জীৰ পাত লুটিয়ালে গম পোৱা যায় যে বহুকেইটা শতিকাৰ পূৰ্বে ভাৰতীয়, চীনা, মিছৰীয় বা আমেৰিকাৰ প্ৰাচীন অধিবাসী ভাৰতীয়সকলৰ মাজত এই মেজিক বুলেট বা মকৰধ্বজৰ দৰে দৰৱৰ এটা ধাৰণাৰ প্ৰচলন আছিল। চিকিৎসকসকলে ‘স্পাইৰুৱা আলমেৰিয়া’ নামৰ এবিধ উদ্ভিদৰ ৰস চাহৰ পাত সিজোৱা পানী বা ৰাসায়নিক গুণাগুণযুক্ত পানীৰে সৈতে মিহলাই বাতবিষ, দাঁতৰ বিষ, আঘাত বা মূৰৰ বিষকে ধৰি নানা অসুখত সফলতাৰে ব্যৱহাৰ কৰিছিল। আধুনিক চিকিৎসা বিজ্ঞানৰ জনক হিপ্পোক্ৰেটিছে এই ৰস সফলতাৰে প্ৰসৱকালীন বিষ নিৰাময় কৰিবলৈকো ব্যৱহাৰ কৰিছিল। অৱশেষত আজিৰে পৰা প্ৰায় এশ বছৰৰ পূৰ্বে বেয়াৰ্ছ নামৰ ঔষধ প্ৰস্তুতকাৰী বহুজাতিক কোম্পানীটোত কৰ্মৰত হৈ থকা ফেলিক্স হপমেন নামৰ ৰসায়ন বিজ্ঞানীজনাই এই স্পাইৰিয়া আলমেৰিয়াত থকা সক্ৰিয় মৌলবিধ সংশ্লেষণ কৰি উলিয়ালে যিটো আজিকালি ‘ছেলিছাইলিক এচিড’ বুলি জনা যায়। আমি ব্যৱহাৰ কৰা এস্পিৰিণৰ ৰাসায়নিক নাম হৈছে ‘ছেলিছাইলিক এচিড’।

এস্পিৰিণে মূৰৰ বিষ হ্ৰাস কৰাৰ উপৰি জ্বৰনাশক আৰু বিষনাশকৰূপে কাম কৰে। তেজৰ চেকুৰা বা টুকুৰা গোট মৰাত বাধা দিবলৈকো এই দৰৱ ব্যৱহাৰ কৰিব পাৰি। গতিকে ষ্ট্ৰোক, হাৰ্ট এটেক আদিৰ লেখীয়া মাৰাত্মক ৰোগৰ প্ৰতিৰোধৰ উপৰি গৰ্ভপাতৰ প্ৰতিষেধক ৰূপেও ইয়াৰ এক ভূমিকা আছে। তদুপৰি স্মৃতিভ্ৰংশ আৰু ডিমেনছিয়া নামৰ বাৰ্ধক্যজনিত ৰোগৰ আৰম্ভণি পলম কৰাৰ ক্ষেত্ৰতো এস্পিৰিণৰ এটা ভূমিকা আছে। অন্ত্ৰৰ এক বিশেষ ধৰণৰ কৰ্কট ৰোগৰ (এডেনোকৰ্ছিনোমা) আক্ৰমণ শৰীৰত ৰোধ কৰিব পাৰি- যদিহে এস্পিৰিণ নিয়মীয়াকৈ খোৱা হয়। গতিকে এতিয়া পাশ্চাত্যৰ দেশবোৰত এনে ধৰণৰ উক্তিৰ প্ৰচলন ঘটিছে যে নিতৌ এটাকৈ এস্পিৰিণ টেবলেট খালে জীৱন ধাৰণৰ ত্ৰুটিঘটিত ৰোগবোৰ দূৰ কৰিব পাৰি।

ইয়াৰ উপৰি অৱশ্যে দৈহিক ওজন নিয়ন্ত্ৰণাধীন কৰি ৰখাৰ বাদেও নিয়মীয়াকৈ ব্যায়াম কৰাটো এনেবোৰ বেমাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত নিতান্তই প্ৰাসংগিক বুলি বিবেচিত হৈছে।

নিউকেষ্টল বিশ্ববিদ্যালয়ৰ অধ্যাপক ছাৰ জন বাৰ্ণৰ নেতৃত্বত চলা সমীক্ষাৰ ফলত দেখা গৈছে যে যিসকল ব্যক্তিৰ বংশগতভাৱে অন্ত্ৰত কৰ্কট ৰোগ হোৱাৰ বুৰঞ্জী আছে (অৰ্থাৎ তেজৰ সম্বন্ধযুক্ত মানুহবোৰৰ কোনোবা এজনৰ এই ৰোগ হৈছে)। তেওঁলোকে নিয়মীয়াকৈ এস্পিৰিণ খালে এই ৰোগত আক্ৰান্ত হোৱাৰ শংকা অৰ্ধেক কমে।

(উৎসঃ খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

 

যক্ষ্মা ৰোগ নিৰ্ণয়ৰ নতুন সমীক্ষাঃ

 

বৰ্তমানৰ যক্ষ্মা ৰোগ নিৰ্ণয়ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিৰ্ভৰযোগ্য নহয়। সেইবাবে ঔষধ সংবেদনশীল আৰু ৰিফাম্পিচিন প্ৰতিৰোধী যক্ষ্মাৰ বীজাণু চিনাক্ত কৰিবলৈ এক নতুন ব্যয়সাধ্য আনৱিক নিৰ্ণায়ক পৰীক্ষা ভাৰততে উদ্ভাৱন কৰা হৈছে। সম্প্ৰতি এই পৰীক্ষা বৈধকৰণ পৰ্যায়ত আছে। এই বৈধকৰণ কৰা হৈছে ‘ভাৰতীয় স্বাস্থ্য গৱেষণা’ৰ তত্ত্বাৱধানত।

গৱেষণা পৰিষদে নতুন পৰীক্ষা পদ্ধতিটো জনস্বাস্থ্য কেন্দ্ৰসমূহলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে। জনস্বাস্থ্য কেন্দ্ৰসমূহত বৰ্তমানে কফৰ স্মিয়েৰ অণুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰে। এই ব্যৱস্থাত সাফল্য ৫০ শতাংশ, কিন্তু পৰীক্ষা ব্যৱস্থাৰ দ্বাৰা ১০০ শতাংশ যক্ষ্মাৰ বীজাণু চিনাক্ত কৰিব পাৰিব বুলি আশা কৰা হৈছে।

নতুন পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম ট্ৰুনেট এমটিবি। এই পৰীক্ষাৰ বাবেও কফৰ নমুনা ব্যৱহাৰ কৰা হয়। এই পৰীক্ষা ১০ খন ৰাজ্যৰ ৫০ খন জিলাৰ অণুবৈক্ষণিক কেন্দ্ৰত কৰা হৈছে। এমাহৰ ভিতৰত প্ৰায় ১৮,০০০ কফৰ নমুনা পৰীক্ষা কৰা হ’ব, পিছৰ মাহত ফলাফল ঘোষণা কৰা হ’ব। ইতিমধ্যে নিৰ্দিষ্ট অণুবেক্ষণিক কেন্দ্ৰসমূহৰ ৮০ শতাংশত এই নতুন যন্ত্ৰ স্থাপিত কৰা হৈছে।

গৱেষণা পৰিষদে ভাৰতৰ চাৰিখন ঠাইত প্ৰায় ২৫০০ ৰোগীৰ কফৰ নমুনাৰ ৫০০০ পৰীক্ষা বৈধকৰণ কৰিছে। নমুনাসমূহৰ ৰিফাম্পিচিন প্ৰতিৰোধী যক্ষ্মা বীজাণুৰ পৰীক্ষা কৰা হৈছে। ফলাফল আশাব্যঞ্জক। ২০১৩ চনত ট্ৰুনেট এমটিবি যন্ত্ৰ ব্যৱহাৰ কৰি ১৯১ জন যক্ষ্মা ৰোগীৰ সংবেদনশীলতা পৰীক্ষা কৰা হৈছিল। এই ক্ষেত্ৰত ৯১ শতাংশ সাফল্য লাভ কৰা গৈছে। যক্ষ্মা ৰোগ নথকা ব্যক্তিৰ ক্ষেত্ৰত এনে সাফল্য ১০০ শতাংশ। এই অধ্যয়নৰ ফলাফল ‘PLOS ONE’ জাৰ্ণেলত প্ৰকাশ কৰা হৈছে। ট্ৰুনেট এমটিবি বেটাৰীচালিত আৰু হাতৰ মুঠিত ল’ব পৰা আকাৰৰ। পৰীক্ষাৰ বাবে ডি এন এ নিষ্কাশন কৰিবলৈ ২৫ মিনিট সময় লাগে। যক্ষ্মা ৰোগৰ বীজাণু চিনাক্ত কৰোতে লাগে উপৰঞ্চি ২৫ মিনিট সময়। ৰিফাম্পিচিন প্ৰতিৰোধ্যতা নিৰ্ণয় কৰোতে লাগে আৰু এঘণ্টা। আমেৰিকাত উদ্ভাৱন কৰা জিনএক্সপাৰ্ট যন্ত্ৰৰ বাবে কফৰ নমুনা লাগে ১ মিলিলিটাৰ। ট্ৰুনেট এমটিবিৰ বাবে লাগে ০.৫ মিলিলিটাৰ।

কাৰ্যসম্পাদন বৈধকৰণৰ উপৰি ক্ষেত্ৰভিত্তিক কাৰ্যক্ষমতা সম্ভাৱনীয়তাৰ দিশটোও পৰ্যবেক্ষণ কৰা হৈছে। যন্ত্ৰটোৱে উষ্ণ আৰু আৰ্দ্ৰ পৰিৱেশত কেনেদৰে কাৰ্যসম্পাদন কৰে, সেই দিশটোও নিৰীক্ষণ কৰা হৈছে। বিদ্যুৎ অবিহনে কাৰ্যক্ষম এই যন্ত্ৰটো চলাবৰ বাবে টেকনিচিয়ানক ন্যূনতম প্ৰশিক্ষণ দিলেও হয়। জিনএক্সপাৰ্ট যন্ত্ৰৰ বিপৰীতে ট্ৰুনেট এমটিবি ব্যৱহাৰ কৰি মাথোন যক্ষ্মা বীজাণু চিনাক্তকৰণেই নহয়, ৰিফাস্পিচিন প্ৰতিৰোধ্যতাত পৰীক্ষা কৰিব পাৰি। তদুপৰি এই যন্ত্ৰ ব্যৱহাৰ কৰি কৰা পৰীক্ষাৰ ব্যয়ো তুলনামূলকভাৱে প্ৰায় ৫০ শতাংশ কম।

জিনএক্সপাৰ্টৰ প্ৰযুক্তি উপাস্থিভিত্তিক। ট্ৰুনেট এমটিবিৰ প্ৰযুক্তি চিপভিত্তিক। সেই দিশৰ পৰা ট্ৰুনেট এমটিবিৰ অধিক পৰিৱেশপ্ৰেমী জিনএক্সপাৰ্টৰ পদ্ধতি আৱদ্ধ, ট্ৰুনেট এমটিবিৰ পদ্ধতি মুক্ত। এই যন্ত্ৰত পোনতে ডি এন এ নিষ্কাশন কৰা হয় আৰু তাৰে এটা অংশ পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়। এবাৰ পৰীক্ষা কৰি সফল নহ’লে দ্বিতীয়বাৰ পৰীক্ষা কৰা হয়। তদুপৰি নিষ্কাশিত ডি এন এ অন্য নিৰ্ণায়ক পৰীক্ষা তথা ৰিফাস্পিচিন প্ৰতিৰোধ্যতাও পৰীক্ষা কৰিব পাৰি। জিনএক্সপাৰ্টত এই পৰীক্ষাসমূহৰ বাবে অতিৰিক্ত ডি এন এৰ প্ৰয়োজন।

(উৎসঃ খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

 

কেম’থেৰাপীয়ে বৃদ্ধি কৰিছে কৰ্কটৰ ভয়াৱহতাঃ গৱেষণাত ভয়াৱহ তথ্যঃ

 

সমগ্ৰ বিশ্বতে সম্প্ৰতি মাৰাত্মক ৰূপ ধাৰণ কৰিছে কৰ্কট ৰোগে। এই ৰোগ আৰোগ্য কৰাৰ ক্ষেত্ৰত কেম’থেৰাপিয়ে উত্তম চিকিৎসা ব্যৱস্থা বুলি প্ৰচলিত হৈ অহা তথ্যক প্ৰত্যাহ্বান জনাইছে এদল বিজ্ঞানী গৱেষকৰ দলে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি বিগত পাঁচ জুলাইত প্ৰকাশিত হৈছে এই সন্দৰ্ভত এখন গৱেষণা পত্ৰ। ‘নিউ এডজুভেণ্ট কেমথেৰাপি ইনডিউছেছ ব্ৰেষ্ট কেণ্সাৰ মেটাছষ্টাছিছ থ্ৰু এ টিএএমইএম-মেডিএটেড মেকানিজিম’ শীৰ্ষক গৱেষণা পত্ৰখনত এইবুলি দাবী কৰা হৈছে যে কেম’থেৰাপিৰে কৰ্কট ৰোগৰ উপশম ঘটাৰ পৰিৱৰ্তে ইয়াৰ প্ৰয়োগে ৰোগীৰ শাৰীৰিক অৱস্থা পূৰ্বৰ তুলনাত অধিক জটিল কৰি তোলে। আনকি গৱেষণা পত্ৰখনত এইবুলিও দাবী কৰা হৈছে যে কেম’থেৰাপিৰ প্ৰয়োগৰ পাছতে এজন কৰ্কট ৰোগীৰ দেহৰ অন্যান্য অংশলৈও কৰ্কটৰ বীজাণু দ্ৰুতগতিত বিয়পি পৰে। ফলস্বৰূপে ৰোগীজনৰ স্বাস্থ্যৰ অৱনতি ঘটাকে আদি কৰি কোনো কোনো ক্ষেত্ৰত ইয়ে হৈ পৰে ৰোগীৰ মৃত্যুৰ অন্যতম এক কাৰক। আন্তৰ্জাতিক বিজ্ঞান জাৰ্ণাল ‘ছায়েণ্স ট্ৰাণ্সলেচনেল মেডিচিন’ৰ পাঁচ জুলাইত প্ৰকাশ পোৱা গৱেষণাটোৱে সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চিকিৎসকসকলৰ মাজত। আনকি এই বিষয়টোক লৈয়ে কৰ্কট বিশেষজ্ঞসকল হৈ পৰিছে বহুধা বিভক্ত। কিছু চিকিৎসকে এই বিষয়টো সমৰ্থন জনোৱাৰ বিপৰীতে আন কিছু কৰ্কট বিশেষজ্ঞই ইয়াক একেমুখে অস্বীকাৰ কৰিছে। উল্লেখ্য যে গৱেষণা পত্ৰখনত প্ৰকাশিত অনুসৰি প্ৰাথমিকভাৱে এন্দুৰৰ দেহত উক্ত ঔষধ প্ৰয়োগ কৰি চোৱা হৈছিল। ফলাফল আছিল ঋণাত্মক। একেদৰে পাছলৈ মানুহৰ দেহতো একেই প্ৰয়োগ কৰি কোনো ধৰণৰ ইতিবাচক ফল নাপালে গৱেষকৰ দলটোৱে। গৱেষণাকালতে বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰা অনুসৰি কেম’থেৰাপিৰ বাবে যি ঔষধ প্ৰয়োগ কৰা হয় সেইবোৰ অতি উচ্চ ক্ষমতাসম্পন্ন। ফলস্বৰূপে কেৱল বীজাণু ধ্বংস কৰাই নহয়, তেনে ঔষধৰ প্ৰয়োগে এজন ৰোগীৰ দেহৰ ভাল কোষসমূহকো প্ৰায় ধ্বংস কৰে। সেয়েহে কেম’থেৰাপি প্ৰয়োগৰ পাছতে একোগৰাকী কৰ্কট ৰোগীৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খায়। যিসকলৰ শৰীৰ অধিক ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন হয় তেওঁলোকে কিছুদিনলৈ জীয়াই থকাৰ সম্ভাৱনা থাকে যদিও যিসকলৰ শৰীৰ ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন নহয়, তেনে লোকৰ জীৱনবন্তি নুমায় অকালতে। অৱশ্যে গৱেষকৰ দলটোৱে যি তথ্য প্ৰকাশ কৰিছে তাক লৈ শংকা প্ৰকাশ কৰিছে বিশ্বৰ বহু আগশাৰীৰ কৰ্কট বিশেষজ্ঞই। স্মৰ্তব্য যে কৰ্কট ৰোগ নিৰাময়ৰ বাবে পূৰ্বৰে পৰাই অস্ত্ৰোপচাৰ, ৰেডিঅ’থেৰাপি, কেম’থেৰাপি আৰু টাৰ্গেটেডথেৰাপিৰ ব্যৱস্থা আছে। ইয়াৰ ভিতৰত সবাতোকৈ জনপ্ৰিয় তথা সহজ চিকিৎসা ব্যৱস্থাটোৱেই হ’ল কেম’থেৰাপি। কিন্তু এই কেম’থেৰাপিক লৈ বিজ্ঞানী-গৱেষকৰ দলটোৱে যি শংকা-সংশয় প্ৰকাশ কৰিছে সেয়া যথেষ্ট চিন্তা উদ্ৰেককাৰী। নিশ্চিতভাৱে এই গৱেষণা প্ৰকাশৰ পাছতে কেম’থেৰাপিৰ প্ৰয়োগ সন্দৰ্ভত নতুন গৱেষণাৰ দুৱাৰ মুকলি হৈছে বুলি প্ৰকাশ কৰিছে একাংশ বিজ্ঞানীয়ে।

(উৎসঃ খবৰ)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top