মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য ৰক্ষাত পিয়াঁজৰ ভূমিকা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য ৰক্ষাত পিয়াঁজৰ ভূমিকা :

স্বাস্থ্য ৰক্ষাত পিয়াঁজৰ ভূমিকাৰ বিষয়ে লিখা হৈছে ।

এটি সমীক্ষাযোগে গম পোৱা গৈছে যে পিয়াঁজ,আলু আৰু বিলাহী এই তিনি বিধ হ'ল মানুহে আটাইতকৈ বেচিকৈ গ্ৰহণ কৰা পাচলি৷ সঁচাই আমাৰ খাদ্য তালিকাত পিয়াঁজ হ'ল এবিধ এৰিব নোৱৰা সামগ্ৰী৷ পিয়াঁজৰ যিমানে মূল্যবৃদ্ধি হলেও আমাৰ পাকঘৰত পিয়াঁজ নোহোৱাকৈ এটা দিনো নাথাকে৷ আজিৰ স্বাস্থ্য বিষয়ৰ আলোচনাত সেই পিয়াঁজৰ বিষয়ে কিছু লাগতিয়াল কথা জনাব লৈছোঁ৷
পিয়াঁজৰ বৈজ্ঞানিক নাম হ'ল- Allium cepa৷ নহৰু হ'ল এই একে Allium বংশৰ৷ আন আনভাষাত পিয়াঁজ কি নামেৰে পৰিচিত চাওঁক – ইংৰাজীত Onion, হিন্দী, নেপালী, বাংলা আৰু পঞ্জাবীত প্যাঁজ, ওৰিয়াত পিয়াঁজা, তামিলত ভেনিগয়াম, তেলেগুত নিৰুলি আৰু উলিপায়েলু, মলয়ালমত চাভলা, কানাড়াত নেৰুলি আৰু উল্লিগাডে, গুজৰাটীত ডুংৰি, কোংকনীত পিয়াভু, মাৰাঠীত কান্দা, খাচীয়াত প্যাট, বড়ো ভাষাত সামবৰাম গোজা, কাৰ্বিত হাৰচুন, ডিমাচাত চামপ্ৰাং আৰু মিচিংসকলে দি:লাব্ বুলে৷ পিয়াঁজৰ অসমীয়াত আন এটা নাম হ'ল পনৰু৷ পিয়াঁজৰ বিষয়ে বুৰঞ্জীমূলক তথ্য: খৃষ্টপূৰ্ব ৬শতিকাত ৰচিত ভাৰতবৰ্ষৰ বিখ্যাত চিকিৎসা বিষয়ৰ গ্ৰন্থ 'চৰক সংহিতা'ত পিয়াঁজক ঔষধি গুণযুক্ত উদ্ভিদ বুলি বৰ্ণনা কৰিছে৷ Pedanius Dioscorides নামক গ্ৰীক চিকিৎসক এজনে ৭০ খৃষ্টাব্দত পিয়াঁজৰ ঔষধীয় গুণৰ কথা লিপিবদ্ধ কৰি থৈ গৈছে৷ চীন আৰু ইজিপ্ত দেশতো অতি প্ৰাচীন কালৰ পৰা পিয়াঁজৰ ঔষধ হিচাবে আদৰ চলি আহিছিল ৷পিয়াঁজৰ প্ৰমুখ উৎপাদনকাৰী দেশ কেইখনমানৰ নাম : ২০১৪চনত প্ৰকাশিত এক তথ্যমতে বিশ্বত সৰ্বোচ্চ পিয়াঁজ উৎপাদনকাৰী ৯খন দেশৰ নাম হ'ল- চীন, ভাৰত, আমেৰিকা, ইজিপ্ত, ইৰাণ, ৰাচিয়া, তুৰস্ক, পাকিস্তান আৰু ব্ৰাজিল ৷ইয়াৰ ওপৰিও পিয়াঁজৰ খেতি কৰা উল্লেখযোগ্য আৰু কিছুমান দেশ হ'ল - ইংলেণ্ড, ফ্ৰান্স, লিবিয়া, আলজেৰিয়া, মৰক্কো, আলবানিয়া, ম্যানমাৰ, ইণ্ডোনেচিয়া, আফগানিস্তান, উজবেকিস্তান, তাজিকিস্তান আৰু বাংলাদেশ ৷পিয়াঁজত কি কি লাগতিয়াল তত্ব থাকে? পিয়াঁজত থাকে flavonoids, Phytochemicals, polyphenol, ডায়েটেৰী ফাইবাৰ আদি অতি উপকাৰী তত্ব৷ এটা মজলীয়া আকাৰৰ পিয়াঁজত ৭৷ ৮গ্ৰাম কাৰ্বোহাইড্ৰেট, প্ৰটিন ১গ্ৰাম, ফেট ১০০মিলিগ্ৰাম আৰু ২৮ কেলৰি থাকে৷ ক'লেষ্টেৰলৰ পৰিমাণ শূণ্য৷ সঠিক হিচাবত ১০০গ্ৰাম পিয়াঁজত ৪৫ কেলৰি শক্তি থাকে৷ পিয়াঁজত থকা ভিটামিন সমূহ হ'ল - ফ'লেট, নিয়াচিন, পেন্টথেনিক এচিড, ৰাইবোফ্লেবিন, পেন্টথেনিক এচিড, ভিটামিন- এ, ভিটামিন-চি, ভিটামিন-ই ৷ ইলেকট্ৰলাইট হ'ল- প'টেচিয়াম আৰু চ'ডিয়াম৷ খনিজসমূহ হ'ল -কেলচিয়াম, আইৰণ, জিংক, মেগনেচিয়াম, মেংগানিজ, ক'পাৰ, ফচফ'ৰাচ, ক্ৰমিয়াম আৰু চেলেনিয়াম৷ ক্বেৰচেটিন(Quercetin) নামৰ এক অতি লাগতিয়াল এন্টিঅক্সিডেন্ট পিয়াঁজত থাকে৷ আৰু থাকে এন্থোচায়ানিন নামৰ ৰাসায়নিক তত্ব৷ পিয়াঁজত থকা চালফাৰৰ বাবে ইয়াৰ নিৰ্দিষ্ট গন্ধ নিৰ্গত হয় আৰু পিয়াঁজ কাটিলে আমাৰ চকুৰ পানী ওলায়৷
বিভিন্ন প্ৰকাৰৰ পিয়াঁজ: পিয়াঁজৰ বিভিন্ন প্ৰকাৰৰ প্ৰজাতি আছে৷ প্ৰজাতিভেদে আকাৰ, বৰণ আৰু গুণাগুণৰ কিছু তাৰতম্য থাকে৷ সাধাৰণতে প্ৰচলিত পিয়াঁজৰ কিছুমান প্ৰজাতিৰ নামাকৰণ এনেকুৱা-হালধীয়া পিয়াঁজ, ৰঙা পিয়াঁজ, বগা পিয়াঁজ, সেউজীয়া পিয়াঁজ, মিঠা পিয়াঁজ আদি৷ হালধীয়া পিয়াঁজত চুগাৰ আৰু চালফাৰ বেচিকৈ থাকে ৷ ৰঙা পিয়াঁজত চুগাৰ আৰু চালফাৰ কমকৈ থাকে ৷ মিঠা পিয়াঁজত চালফাৰ কম, পানীৰ পৰিমাণ বেচিকৈ থাকে ৷ বগা পিয়াঁজ সাধাৰণতে পিজ্জাত দিবলৈ ব্যৱহাৰ কৰে৷

চকুপানী নুটুকাকৈ পিয়াঁজ কেনেকৈ কাটিব?

- দিনটোৰ বাবে প্ৰয়োজন হোৱা পিয়াঁজকেইটা আগদিনা ৰাতি ফ্ৰিজত থৈ কাটিলে সিমান চকুত নধৰে৷
- বাকলি গুছোৱাৰ আগতে শিপাৰ অংশটো কিছু মাংসল অংশৰ সৈতে চোকা কটাৰীৰে ত্ৰিভূজ আকাৰকৈ কাটি পেলাই দিব ৷

- নাইবা বাকলি গুছোৱাৰ আগতে আগ অংশটো পোনতে কাটক ৷ তাৰ পিছত ঠিয়কৈ পিয়াঁজটো দুফাল কৰি নলগা বাকলিখন পেলাই দিয়ক ৷ এতিয়া ক্ৰমেও পৰা পৰা তললৈ কাটি যাওক ৷ শিপা অংশ শেষত পেলাই দিব ৷ পিয়াঁজ কেনেকৈ ব্যৱহৃত হয় ? আমাৰ মানুহে সাধাৰণতে যি কোনো আঞ্জা বা ভাজি ৰান্ধিবলৈ লওঁতে পোনতে পিয়াঁজ বা পাঁচফুৰণ ভাজি লয় ৷ মাংস ৰান্ধোতে আলুৰ সৈতে পিয়াঁজ বেচিকৈ দিলেহে খাবলৈ জুতি লগা হয় ৷ চালাড আৰু চাটনিত পিয়াঁজ অপৰিসাৰ্য্য ৷ ইয়াৰ ওপৰিও পিয়াঁজৰ পৰঠা, পকৰী, চুপ, পিজ্জা, আচাৰ আদি বনোৱা হয় ৷ কেঁচাই খোৱা পিয়াজত সিজোৱা পিয়াঁজতকৈ গুণ বেচি থাকে ৷

পিয়াঁজৰ বহুমুখী উপকাৰিতাৰ তালিকা  -

1.কৰ্কট ৰোগ প্ৰতিৰোধত অগ্ৰণী ভূমিকা – পিয়াঁজত থকা ক্বেৰচেটিন আৰু এন্থোচায়ানিন হ'ল কৰ্কট ৰোধ প্ৰতিৰোধত সহায়ক ৷ কেনেডাৰ গুৱেল্ফ বিশ্ববিদ্যালয়ত কৰা এক অধ্যয়ণত বক্ষ আৰু কল'নৰ কৰ্কট ৰোধ কৰাত পিয়াঁজৰ ভূমিকা প্ৰমাণিত হোৱা বুলি দাবী কৰা হৈছে ৷ তদুপৰি আন আন চিকিৎসা কেন্দ্ৰত লেৰিন্স, অভেৰী, খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে পিয়াঁজ ব্যৱহৃত হৈ আহিছে ৷ কেন্সাৰ প্ৰতিৰোধ কৰিবলৈ হলে দৈনিক এটা কেঁচা পিয়াঁজ খাবলৈ পৰামৰ্শ দিয়া হয় ৷

2.হৃদৰোগৰ পৰা সুৰক্ষা- অপকাৰী ক'লেষ্টৰেলৰ (LDL) পৰিমাণ হ্ৰাস কৰে ৷ আনহাতে উপকাৰী ক'লেষ্টৰেলৰ (HDL) পৰিমাণ বঢ়ায় ৷ তেজৰ নলীত চৰ্বি জমা (Atheloscerosis) হবলৈ নিদিয়ে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷

3.তেজত চুগাৰৰ পৰিমাণ কমোৱাত পিয়াঁজ সহায়ক - polyphenol, ক্ৰমিয়াম, চালফাৰযুক্ত পদাৰ্থ ( S-Methylcysteine) আৰু ক্বেৰচেটিনৰ বাবে তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস পায় ৷ ডায়েবেটিজৰ দৰব মেটফৰ্মিনৰ লগত এই সক্ৰিয়তা আৰু বেচি হয়৷

4.হাঁড়ৰ সুৰক্ষাত ভূমিকা-পিয়াঁজত থকা GPCS নামৰ তত্বৰ বাবে হাঁড়ৰ ক্ষয় (Osteoporosis) ৰোধ হয় ৷ প্ৰষ্টাগ্লেণ্ডিনক বাধা প্ৰদান কৰাৰ ফলত পিয়াঁজ নানা ধৰণৰ বাত ৰোগ আৰু বিষৰ উপশম ঘটোৱাত উপযোগী ৷

5. শৰীৰৰ ইমিউনিটি বঢ়ায়- পিয়াঁজত থকা চেলেনিয়াম আৰু নানাবিধ এন্টিঅক্সিডেন্টে শৰীৰক ৰোগ প্ৰতিৰোধক শক্তি যোগায় ৷

6. পাক প্ৰণালীৰ উপকাৰিতা - পিয়াঁজত থকা ইনুলিন নামৰ ফাইবাৰে শৌচ কচা,এচিডিটি আৰু পেটৰ বিষ আতৰায় ৷

7. শ্বাসপ্ৰণালীৰ অসুখ কমোৱাত সহায়ক- আমেৰিকান অধ্যয়ণত পিয়াঁজ এলাৰ্জিক ৰাইনাইটিচ আৰু এজমাত উপকাৰী সিদ্ধ হৈছে ৷

8. চকুৰ উপকাৰিতা- পিয়াঁজত থকা ভিটামিন-ই আৰু চালফাৰৰ বাবে গ্ল'কমা, কেটেৰেক্ট,মেকুলাৰ ডিজেনেৰেচন আদি ৰোগ প্ৰতিৰোধ হয় ৷

9. যৌন সক্ষমতা বৃদ্ধি - ইউগেণ্ডা দেশত অতি প্ৰাচীন কালৰ পৰা পিয়াঁজ যৌন অক্ষমতাৰ (Erectile Dysfunction) চিকিৎসাত ব্যৱহৃত হৈ আহিছে ৷ এই ক্ষেত্ৰত পিয়াঁজ আৰু মৌজোলৰ সংমিশ্ৰণ বেচি উপযোগী ৷

10. কৰ্ণৰোগৰ চিকিৎসা - দুই এটোপাল পিয়াঁজৰ ৰস ঢালিলে কাণৰ বিষ আৰু সংক্ৰমণ নিৰাময় হয় ৷

11. মস্তিষ্কৰ স্বাস্থ্য ৰক্ষাত ভূমিকা- এন্টিঅক্সিডেন্ট, চালফাৰ আৰু খনিজৰ উপস্থিতিয়ে মৃগীৰোগ, মূৰঘূৰণি, স্মৃতিশক্তি হ্ৰাস আদি ৰোগ প্ৰতিৰোধ কৰে ৷

12. ছালৰ বাবে উপযোগিতা- ভিটামিন- এ, ভিটামিন-চি, ভিটামিন-ইৰ উপস্থিতিয়ে চৰ্মৰোগ ৰোধ কৰে ৷ ছালৰ উজ্বলতা বঢ়ায় ৷

13. আচিনাইৰ চিকিৎসা - পিয়াঁজ পিচি অলিভ অইলৰ লগত মিহলাই ঘঁহিলে আচিনাই ভাল হয় ৷
14. চুলিৰ ক্ষেত্ৰত উপকাৰিতা -চুলি পকা,অকালতে সৰা, ওকনি আৰু উফিৰ চিকিৎসাত পিয়াঁজ আৰু নেমৰ ৰস চুলিত মালিশ কৰাৰ পৰামৰ্শ দিয়া হয় ৷

15. মুখ আৰু দাঁতৰ সুৰক্ষা- Streptococcus sobirinus আৰু Streptococcus mutans বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত দাঁতত গাত বা কেভেটি হয় ৷ পিয়াঁজ হ'ল বেক্টেৰিয়া বিনাশক ৷

16. বাৰ্ধক্যৰোধক গুণ - এয়া ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ইৰ বাবেই সম্ভৱ ৷

17. ষ্ট্ৰেচ কমোৱাত ভূমিকা প্ৰমাণিত হৈছে আৰু পিয়াঁজ ভাল নিদ্ৰা অহাত সহায়ক হয় ৷

18. ৰজোনিবৃত্তিৰ (মেনোপ'জ) সময়ত উপকাৰী ৷ কেলচিয়াম আৰু ভিটামিনসমূহ ইয়াৰ বাবে উপযোগী ৷

19. শক্তি আৰু ষ্টেমিনা বৃদ্ধি কৰোতা বুলি প্ৰমাণিত বনৌষধি ৷

20. কলেৰা প্ৰতিৰোধক -পিয়াঁজে ক'লেৰাৰ জীৱাণু বিনষ্ট কৰে ৷

21. জীৱাণুৰ সংক্ৰমণৰ পৰা সুৰক্ষা - ই-কলাই, চালমোনেলা আদি অনেক বেক্টেৰিয়া ই বিনষ্ট কৰিবলৈ সক্ষম ৷

22. এলাৰ্জিত ভূমিকা - ক্বেৰচেটিনে এন্টিহিষ্টামিনিকৰ ভূমিকা পালন কৰে ৷

23. ক'লা দাগ আদি আতৰায় - ক'লাদাগ আৰু টেটুৰ দাগ আতৰাবলৈ পিচা পিয়াজ দৈৰ সৈতে মিহলাই মালিশ কৰিব লাগে ৷

24. পোক পতংগই বিন্ধাৰ চিকিৎসা - মৌ মাখি,বৰল আদিয়ে বিন্ধিলে পিচা পিয়াঁজৰ লেপ লগাব লাগে ৷

25. তিল (Mole) আতৰোৱাৰ প্ৰয়াস -কিছুমান তিল এমাহমান কেঁচা পিয়াঁজৰ ৰস সানিলে নাইকীয়া হোৱা দেখা যায় ৷

26. জ্বৰৰ উপশম ঘটাবলৈ সমৰ্থ ৷

27. নাকৰ ৰক্তক্ষৰণ বন্ধ কৰিবলৈ উতলা পানীত পিয়াঁজ মিহলাই ভাপ লব দিব লাগে ৷

পিয়াঁজৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া আৰু লবলগীয়া সতৰ্কতা : পিয়াঁজ সাধাৰণতে এবিধ অহিত নকৰা নিৰীহ খাদ্য ৷ খুব কম মানুহৰহে ইয়াক সেৱন কৰিলে বা ছালত প্ৰয়োগ কৰিলে এলাৰ্জি দেখা দিয়ে ৷ তদুপৰি দেখা গৈছে দৈনিক ৩৫ মিলিগ্ৰাম পিয়াঁজ মাহৰ পিছত মাহ ধৰি খালেও একো অপকাৰ বা পাৰ্শ্বক্ৰিয়া নহয় ৷

পিয়াঁজৰ ব্যৱহাৰত সতৰ্কতা লবলগীয়া অৱস্থাসমূহ হ'ল -

*ৰক্তক্ষৰণৰত ভোগা ৰোগীয়ে সাৱধানতা লব কিয়নো পিয়াঁজে তেজ গোট মৰা (Clotting) কমায়।

*যি কোনো অপাৰেচনৰ সন্মুখীন হবলগীয়া ৰোগীয়ে ১০দিনমানৰ আগৰ পৰা পিঁয়াজ সেৱন বন্ধ ৰাখিব যাতে তেজ গোট মৰাত বিলম্ব হোৱাত ভূগিবলগীয়া নহয় ৷

*ডায়েবেটিজ ৰোগীয়ে পিয়াঁজ সেৱন কৰাৰ ফলত চুগাৰৰ পৰিমাণ হ্ৰাস হোৱা দিশতোলৈ চকু ৰাখিব।

*গৰ্ভৱতী মাতৃ আৰু স্তনপান কৰোৱা মাতৃয়ে খাদ্যত ব্যৱহৃত নিয়মীয়া মাত্ৰাৰ পিয়াঁজহে গ্ৰহণ কৰিব৷

আৰু মোখনিত কবলগীয়া এষাৰ  -

আগতে কাটি ৰখা পিয়াঁজ অহিতকাৰী বুলি এক প্ৰচলিত ভ্ৰান্ত ধাৰণা আছে৷ আমেৰিকাৰ "নেশ্বনেল অনিয়ন এচচিয়েচনে" এক স্পষ্টীকৰণত এইদৰে কৈছে – পিয়াঁজৰ জীৱানুনাশক গুণ আছে বুলি জৰ্জিয়া বিশ্ববিদ্যালয়ত কৰা অধ্যয়ণত প্ৰমাণিত হৈছে ৷ কাটি ৰখা পিয়াঁজ বিষাক্ত হৈ পৰে, ফুড পইজনিং কৰিব পাৰে, তাত বেক্টেৰিয়াই বাঁহ লয় - আদি কথা সত্য নহয় ৷ কটা পিয়াঁজ বন্ধবাচনত ফ্ৰিজত এসপ্তাহলৈ সংৰক্ষণ কৰিব পাৰি ৷

লেখক: ডা° ভূপেন শইকীয়া(নিয়মীয়া বাৰ্তা)

2.63157894737
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top