বৰ্তমানৰ যান্ত্ৰিক যুগত মানৱ সমাজৰ অধিকাংশ বেমাৰেই জীৱনশৈলীজনিত। অস্বাস্থ্যকৰ খোৱা- বোৱা, শাৰীৰিক শ্ৰমৰ অভাৱ, মানসিক চাপ, নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ ইত্যাদিয়ে এই ৰোগসমূহৰ প্ৰধান উৎস। জীৱনশৈলীজনিত ৰোগ বুলি ক’লে মূলতে বৰ্তমান মহামাৰীৰ ৰুপ ধাৰণ কৰা ৰক্তচাপ, মধুমেহ, হৃদৰোগ, থাইৰয়ড, ইউৰিক এচিড আদিয়েই প্ৰধান। এই ৰোগসমূহ এবাৰ আৰম্ভ হ’লে তাক সম্পূৰ্ণ নিৰাময় কৰাটো কঠিন হৈ পৰে। এইক্ষেত্ৰত শৃংখলাবদ্ধ জীৱনশৈলী আৰু আজীৱন ঔষধ খোৱাই একমাত্ৰ উপায় হৈ পৰে। জনসাধাৰণক জুৰুলা কৰা এই শাৰীৰিক সমস্যাসমূহৰ পৰা সকাহ দিবলৈ বিশ্বজুৰি বিভিন্ন অধ্যয়ন কৰা হৈছে। এই অধ্যয়নসমূহে বিশ্বাসযোগ্যভাৱে প্ৰতিপন্ন কৰিছে যে দৈনিক ব্যায়ামৰ চিকিৎসাজনিত বহু উপকাৰ প্ৰায় সকলো বয়সৰ ব্যক্তিৰ ওপৰতেই পৰা পৰিলক্ষিত হয়। দৈনিক ব্যায়ামে চিকিৎসাজনিত শংকা কমোৱাত আৰু স্বাস্থ্যজনিক ব্যয় হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায়। দীৰ্ঘম্যাদী অধ্যয়নৰ পৰা এইটো বুজা গৈছে যে দৈনিক ব্যায়াম নকৰাৰ ফলত দৈহিক যি ক্ষতি হয়, সেইটো ডেৰ পেকেট ধূমপান কৰাৰ সমান। পৰিতাপৰ বিষয় যে বেছিভাগ লোকেই দৈনিক ব্যায়ামৰ স্বাস্থ্যজনিত উপকাৰিতাৰ প্ৰতি সচেতন নহয়। স্বাস্থ্য সংক্ৰান্তীয় অৱস্থাবোৰ ওপৰত দৈনিক ব্যায়ামৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। এইবোৰৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্যসমূহ নিম্নলিখিত ধৰণে আলোচনা কৰিব পাৰি।
মগজু-নাকৰ ৰক্তপ্ৰবাহত সুফল -
১) দৈনিক ব্যায়াম কৰাৰ ফলত মগজুলৈ ৰক্তপ্ৰবাহ সুচাৰুৰপে হয়। ফলত মগজুত মানসিক স্থিতি সলনি কৰিব পৰা ৰাসায়নিক দ্ৰব্য নি:সৰণ কৰা। এই ৰাসায়নিকবোৰ মানসিক চাপ আৰু মানসিক স্থিতিৰ ওপৰত ধনাত্মক প্ৰভাৱ পেলায়। ই মানসিক চাপৰ ফলত উৎপন্ন হোৱা ভাগৰ নোহোৱা কৰিব পাৰে আৰু লগতে শাৰীৰিক বিষ নিৰাময় কৰিব পাৰে। টোপনি অহাত সহায় কৰে। মগজুলৈ বৰ্ধিত ৰক্ত আৰু অক্সিজেন প্ৰবাহৰ বাবে নিউৰনবোৰ কাৰ্যক্ষম হৈ উঠে আৰু স্মৃতিশক্তি বৃদ্ধি হয়।
২) নাকৰ ৰুদ্ধতা নিয়ন্ত্ৰণ কৰিবলৈ ব্যায়ামেই এটা শাৰীৰিক প্ৰ্ভাৱশালী প্ৰক্ৰিয়া। ব্যায়ামে নাকলৈ ৰক্তপ্ৰবাহ সুচাৰু কৰি এলাৰ্জিজনিত সমস্যাসমূহ দূৰ কৰে। চকুৰ মণিৰ ভিতৰৰ উচ্চ চাপৰ ফলত হোৱা গ্লুকমা ব্যায়ামৰ দ্বাৰা উপশম হয়।
ব্যায়ামে কেন্সাৰ হোৱাৰ আশংকা কমাই ৰাখিব পাৰে। কাৰণ দৈনিক ব্যায়াম কৰাৰ ফলত দেহত চৰ্বি কমে আৰু শৰীৰৰ ভৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকে। ই ভোক দমাই ৰাখিব পাৰে। পেটৰ পেশী মজবুত হোৱাৰ বাবে মলত্যাগ কৰা সহজ হয়। ব্যায়ামে মহিলাৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰি তাৰ লগত জড়িত পি এম এছ সমস্যা নিয়ন্ত্ৰণ কৰে। ই ভেৰিক’জ ভেইনৰ লগত জড়িত সমস্যাবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ইয়াক বিয়পি পৰাতো ৰোধ কৰে।
অস্থি ৰোগ নিৰাময়ৰ কাৰক -
ব্যায়ামে অস্থি-সন্ধিসমূহ চলাচল কৰিবলৈ বাধ্য কৰি অস্থি- সন্ধি তৰল উৎপাদন কৰা তথা কোমল অস্থিৰ মাজেৰে সমভাৱে বিলাই দি চাৰিওকাষে পৰিসঞ্চালিত হ’বলৈ বাধ্য কৰে। আঁঠুৰ চাৰিওফালৰ পেশী, লিগামেণ্ট, টেনডন ইত্যাদি সবল কৰি আঁঠুৱে বেছি ভৰ সহ্য কৰিব পৰা কৰি তোলে। হাতৰ পেশী তথা অস্থি-সন্ধিসমূহ মজবুত কৰে। পেটৰ পেশী আৰু তল কঁকালৰ পেশীসমূহ মজবুত কৰি কঁকালৰ বিষ উপশম কৰে। হেমটিং পেশী দীঘলকৈ প্ৰসাৰিত কৰে আৰু টেনডনসমূহত শক্তিশালী কৰে বাবে সেইবোৰে অধিক চাপ সহ্য কৰিব পাৰে। ব্যায়াম কৰিলে হাড়ৰ ঘনত্ব বাঢ়ে। যাৰ বাবে ‘অষ্টিঅ’পৰছিছ’ত ভোগাসকলৰ হাড় ভগাৰ আশংকা কমে।
গতিকে ফঁহিয়াই চালে বুজিবলৈ অতি সহজ যে ব্যায়ামৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ৰ ক্ষেত্ৰত অৱদান অপৰিসীম। দৈনিক ব্যায়ামে শৰীৰ সুস্থ ৰাখি ৰোগ নিয়ন্ত্ৰণ তথা নিৰাময় কৰে। এইবাবেই ব্যায়ামক আমি এফালৰ পৰা ঔষধৰ লগতো তুলনা কৰিব পাৰো।
কলেষ্ট্ৰৰেলৰ ভাৰসাম্য ৰক্ষাত সহায়ক -
দৈনিক ব্যায়ামে ৰক্তনলিকাবোৰ সুকোমল কৰে। ফলত ৰক্তপ্ৰবাহ বাঢ়ে আৰু সেইবাবে শৰীৰে ৰক্তপ্ৰবাহৰ পৰা সহজে অক্সিজেন আহৰণ কৰিব পাৰে। ইয়াৰ ফলত ভাল কলেষ্ট্ৰৰেল (এইচ ডি এল) ৰক্তপ্ৰবাহত বাঢ়ে। যাৰ বাবে বেয়া কলেষ্ট্ৰৰেল (এল ডি এল) কমে। মধুমেহ ৰোগীৰ ক্ষেত্ৰতো ব্যায়ামে তেজত শৰ্কৰাৰ পৰিমাণ কমোৱা, মাংসপেশী তথা হৃৎপিণ্ড মজবুত কৰা আদিত সহায় কৰে। শৰীৰত বিভিন্ন প্ৰক্ৰিয়াবোৰৰ সালসলনি কৰি সমূহীয়াভাৱে হৃদৰোগৰ সম্ভাৱনা কমাই ৰাখে। ব্যায়ামে ৰক্তপ্ৰবাহত ৰক্তচাপ সৃষ্টি কৰিব পৰা ৰসায়নৰ পৰিমাণ কমাই ৰক্তনলিকাবোৰ সুকোমল কৰে। ই ভাল কলেষ্ট্ৰৰেল আৰু এন্দ্ৰ’ৰফিনছ ৰক্তপ্ৰবাহত বঢ়াই, স্থিতিশীল অৱস্থাৰ হাৰ্টৰেট কমাই ৰক্তনলিকাৰ সংবেদনশীলতা বঢ়ায় আৰু শৰীৰৰ ভৰ সঠিক ৰাখি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। ই সূক্ষ্ম ৰক্তনলিকাবোৰৰ প্ৰবাহ উন্নত কৰে আৰু শৰীৰৰ সহন শক্তি বঢ়ায়।
লেখক: ভাস্কৰ কৌশিক (দেওবৰীয়া সম্ভাৰ)
শেহতীয়া উন্নীতকৰণ: : 1/11/2024