মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য ৰক্ষাৰ কেইটিমান টিপচ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য ৰক্ষাৰ কেইটিমান টিপচ :

স্বাস্থ্য ৰক্ষাৰ কেইটিমান টিপচৰ বিষয়ে লিখা হৈছে ।

নিয়মীয়াকৈ খালী পেটত জিৰা খাওক

প্ৰতিঘৰ মানুহৰে পাকঘৰত জিৰাৰ ব্যৱহাৰ নিয়মীয়াকৈ হৈ থাকে। যিকোনো ব্যঞ্জন প্ৰস্তুতকৰণৰ সময়ত জিৰা দিলে ব্যঞ্জন সুগন্ধি আৰু সুস্বাদু হৈ পৰে। নিত্য ব্যৱহাৰ্য এইবিধ মছলাৰ উপকাৰিতাৰ বিষয়ে অধিকাংশ লোকেই নেজানে।

এই চুটি লেখাটিৰ যোগেদি আপোনাক জিৰাৰ ঔষধি আৰু খাদ্যগুণৰ বিষয়ে কিছু কথা জনাব বিচাৰিছো।

খালী পেটত জিৰা খোৱাৰ উপকাৰিতা:

*পুৱা শুই উঠি খালী পেটত তিয়াই থোৱা জিৰাৰ পানী খালে দিনটোৰ কাৰণে বিপাক ক্ৰিয়া বৃদ্ধি পাই থাকে।

দহ দিন ধৰি একেৰাহে পুৱা খালী পেটত জিৰা সেৱন কৰিলে শৰীৰৰ ৰক্ত শৰ্কৰাৰ(ব্লাড চুগাৰ) মাত্ৰা নিয়ন্ত্ৰণ হয়।

সেয়ে ডায়েবেটিছ বা মধুমেহ ৰোগীয়ে নিয়মীয়াকৈ জিৰা সেৱন কৰা উচিত।

*পুৱা খালী পেটত ১৫ গ্ৰাম জিৰা খাই এগিলাচ গৰম পানী খালে যিকোনো পেটৰ ৰোগ সম্পূৰ্ণ নিৰ্মূল হয়।

লগতে শৰীৰৰ ছাল সম্পৰ্কীয় যিকোনো সমস্যাও দূৰ হয়। লগতে নিয়মীয়াকৈ জিৰা সেৱন কৰি থাকিলে মুখৰ উজ্জ্বলতাও বৃদ্ধি পায়।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ

অন্য যিকোনো ৰোগ নিয়ন্ত্ৰণত ৰখাৰ লগতে আপোনাৰ ৰক্তচাপ নিয়মীয়াকৈ পৰীক্ষা কৰোৱাই পাৰ্যমানে নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে।

বিশেষভাৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো অতি জৰুৰী কাম। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ কাৰণে খোৱা-বোৱাৰ প্ৰতি সচেতন হোৱাটো অতি দৰকাৰী কথা।

কাৰণ খোৱা-বোৱাৰ ওপৰতে ৰক্তচাপ বৃদ্ধি হোৱা বা নোহোৱাটো বহু পৰিমাণে নিৰ্ভৰ কৰে।

ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ কাৰণে তলত মাত্ৰ তিনিবিধ খাদ্যৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰা হ’ল।

উচ্চ ৰক্তচাপত ভুগি থকা লোকে এইকেইবিধ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিলে উপকৃত হ’ব পাৰিব।

নহৰু

নিয়মীয়াকৈ কেঁচা নহৰু তিনিফোটা খাই থাকিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

নহৰুত ভালেকেইবিধ গুৰুত্বপূৰ্ণ ৰাসায়নিক উপাদান থাকে আৰু এইবিলাকে ধমনীত ডকা বান্ধি ৰোৱা চৰ্বিৰ বাধা আঁতৰাই তেজৰ চলাচল নিয়মীয়া কৰি ৰখাত সহায় কৰে।

কেঁচাকৈ নহৰু খাবলৈ বেয়া পালে পাচলি বা দাইল আদিৰ লগত নহৰু দি ৰান্ধিলেও নহৰুৰ গুণ পৰ্যাপ্ত মাত্ৰাত পোৱা যায়। সেয়ে এনেধৰণে নহৰু খাব পাৰি।

নাৰিকলৰ পানী:

প্ৰতিদিনে এটা নাৰিকলৰ পানী যিকোনো লোকেই সেৱন কৰা উচিত। নাৰিকলৰ পানী খাই থাকিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

কাৰণ নাৰিকলৰ পানীত থকা কেইবিধমান পুষ্টি দ্ৰব্যই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে।

পৰাপক্ষত নাৰিকলৰ পানী পুৱা শুই উঠিয়েই খালী পেটত খাব আৰু তেতিয়াহে বেছি উপকাৰ পাব।

কল:

পকা কলত যথেষ্ট পৰিমাণে পটাচিয়াম থাকে আৰু এইবিধ দ্ৰব্যই ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

সেয়ে উচ্চ ৰক্তচাপত ভুগি থকা লোকে প্ৰতিদিনে এটা বা দুটাকৈ পকা কল খাই থাকিব পাৰিলে ভাল ফল পাব।

শৰীৰত কমি যোৱা তেজ বৃদ্ধি কৰিবলৈ

সুবিধা পালে প্ৰায় সকলো লোকেই যিকোনো ফলৰ ৰস খাবলৈ ভাল পায়। আজি আমি এই চুটি লেখাটিত এনে এবিধ ৰসৰ কথা ক’বলৈ লৈছো, যি ৰস খালে আপোনাৰ শৰীৰৰ তেজ দুগুণলৈ বৃদ্ধি পাব পাৰে।

এই ৰস সকলো শ্ৰেণীৰ লোকৰ কাৰণেই শক্তিবৰ্ধক। এই ৰস খোৱাৰ কাৰণে পাৰ্যমানে যত্ন কৰক।

ইমান শক্তিদায়ক আৰু ৰক্তবৃদ্ধিকাৰক এইবিধ ৰস হ’ল- গাজৰৰ ৰস।

হয়, এই ৰস কেৱল গাজৰৰ পৰাই প্ৰস্তুত কৰা হয়।

এই ৰসৰ প্ৰস্তুতপ্ৰণালীও বৰ সহজ আৰু সকলো লোকেই সামান্য যত্ন কৰিলে ঘৰতে এই ৰস প্ৰস্তুত কৰি খাব পাৰে।

গাজৰৰ ৰসৰ কেইটিমান উপকাৰিতা:

*শৰীৰত তেজৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰে।

*শৰীৰৰ হাড়বিলাক শক্তিশালী কৰে।

*শৰীৰত পানীৰ অভাৱ আৰু কেলচিয়ামৰ অভাৱ দূৰ কৰে।

*যদি পেটত গেছ উৎপন্ন হয়, তেনেহ’লে এই ৰস খাই থাকিলে তেনে ধৰণৰ গেছৰ সমস্যা নহয়।

*শৰীৰটোক সম্পূৰ্ণৰূপে সুস্থ কৰি ৰখাত গাজৰৰ ৰসে বিশেষভাৱে সহায় কৰে।

ইমান উপকাৰী এই ৰস আপুনি যথাসম্ভৱ আগবেলাতে খোৱাৰ ব্যৱস্থা কৰিব। আবেলিলৈ এই ৰস খাবলৈ নথ’ব।

এই ৰস খাই থাকিলে শৰীৰত কোনো ধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া নহয়।

কেৰেলা খাওক

কোৱা হয়, সেউজীয়া শাক-পাচলি নিয়মীয়াকৈ খাই থাকিলে স্বাস্থ্য ভালে থাকে। সেউজীয়া শাক-পাচলিত যথেষ্ট পৰিমাণে ভিটামিন ‘এ’ আৰু ফলিক এচিড পোৱা যায়।

সেউজীয়া শাক-পাচলিয়ে শৰীৰৰ ৰক্তচাপ স্থিৰ কৰি ৰাখে, লগতে শৰীৰৰ ছালো যুৱাৱস্থাৰ দৰে থাকে।

কেৰেলাৰ সোৱাদ তিতা আৰু এই গুণটোৰ কাৰণেই কেৰেলাই ভালেমান ৰোগ প্ৰতিৰোধ কৰি ৰাখে আৰু কিছুমান ৰোগৰ উপশম ঘটায়।

পাথৰি ৰোগ:

মানুহৰ শৰীৰৰ অভ্যন্তৰৰ ভালেমান অংগত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ পাথৰ জমা হয়। ইয়াৰ ভিতৰত-

*কিডনি,

*মূত্ৰ নলী,

*পিত্তস্থলী আদিয়েই প্ৰধান।

এইবিলাক অংগত পাথৰ জমা হ’লে ভালেমান যন্ত্ৰণাদায়ক উপসৰ্গই দেখা দিয়ে। সেইবিলাকৰ ভিতৰত পিত্তস্থলী আৰু কিডনিত বিষ হয় আৰু মূত্ৰনলীত হোৱা পাথৰৰ ফলত মূত্ৰ অৱৰোধ হৈ তলপেটত প্ৰচণ্ড বিষ হ’ব পাৰে।

এনে অৱস্থা হ’লে প্ৰতিদিনে পুৱা খালী পেটত কেৰেলাৰ ৰস এগিলাচকৈ খোৱা উচিত।

এই ৰস একেৰাহে এসপ্তাহ খালে শৰীৰৰ যিকোনো অংগত হোৱা পাথৰ লাহে লাহে গলি গৈ বিষ-যন্ত্ৰণা নাইকিয়া হয়। কেৰেলাৰ ৰস খাই থাকিলে তেজৰ শৰ্কৰাৰও(ব্লাডচুগাৰ) নিয়ন্ত্ৰণত থাকে।

মূৰৰ বিষ:

মূৰৰ বিষ ভালেমানে কাৰণত হ’ব পাৰে। কিছুমান মূৰৰ বিষ দীৰ্ঘদিন ধৰি হৈ থাকে আৰু ৰোগীৰ অৱস্থা কাহিল কৰি তোলে।

তেনেদৰে আদকপালী বা মূৰৰ বিষ পুৱা সূৰ্য উদয়ৰ লগে লগে আৰম্ভ হয় আৰু সন্ধিয়া সূৰ্য অস্ত যোৱাৰ পিছত কিছু পৰিমাণে বিষ কমি আহে।

এনেধৰণৰ যিকোনো মূৰৰ বিষত কেৰেলাৰ পাতৰ ভৰণ বৰ উপকাৰী। কেৰেলাৰ পাত এমুঠি ছিঙি আনি ভালদৰে ধুই লৈ পটাত বটি লওক।

এই পাত বটা মগু মূৰত দি শুই থাকক। কিছু সময়ৰ পিছত মূৰৰ বিষ নাইকিয়া হ’ব। আদকপালী হ’লে যিফালে মূৰৰ বিষ থাকে, সেইফালে কপালত এই ভৰণ দি কাপোৰ এখনেৰে বান্ধি ৰাখিলে বিষ নাইকিয়া হয়।

আঁঠুৰ বিষ:

আঁঠুৰ বিষ হ’লে ৰোগীয়ে বৰ কষ্ট পায়। ৰোগীয়ে নিজৰ ভৰিত ভৰ দি থিয় হ’ব নোৱাৰে, খোজ দিব নোৱাৰে।

আনকি বিষাই থকা আঁঠুৰ ভৰিটো ভালদৰে কোচাব বা মেলিবও নোৱাৰে। সেয়ে এনে ধৰণৰ বিষত ভুগি থকা ৰোগীৰ কাৰণে তিতা কেৰেলা বৰ উপকাৰী।

ইয়াৰ বাবে এটা তিতা কেৰেলা বৰ পানীত সিদ্ধ কৰি পিটিকি লৈ কপাহী কাপোৰ এখনেৰে বান্ধি লওক।

ইয়াৰ পিছত এই মগুখিনিৰে সৈতে কাপোৰ এডোখৰ বিষাই থকা আঁঠুত বান্ধি ৰাখক। খুব কম সময়ৰ ভিতৰতে আপোনাৰ আঁঠুৰ বিষ উপশম হ’ব।

জুই বা গৰম বস্তুৱে পুৰিলে বৰ যন্ত্ৰণা হয়। এনেদৰে পোৰা ঘাডোখৰৰ ওপৰত যিমান পাৰি সোনকালে এটা কেঁচা তিতা কেৰেলা মিহিকৈ বটি লেপ দি ৰাখক। কিছু সময়ৰ পিছত পোৰা ঘা ডোখৰত পোৰণি নাইকিয়া হ’ব।

আহাৰ খোৱাৰ পিছত এই ৭ টা কাম কেতিয়াও নকৰিব

জীৱনশৈলী স্বাস্থ্যসন্মত আৰু নিয়মীয়া হ’লে আমাৰ শৰীৰটোৱে সেইবিলাক আয়ত্ত কৰি লয় আৰু আমি স্বাস্থ্যবান আৰু সুস্থ-সবল হৈ জীৱন-যাপন কৰিব পাৰো।

কিন্তু প্ৰতিদিনে পালন কৰি অহা নিয়ম-নীতিবিলাক হঠাতে সলনি হ’লে বা সময়ৰো পৰিৱৰ্তন ঘটিলে শৰীৰটোৱে তেনে সময় আৰু নতুন নীতি-নিয়মত অভ্যস্ত হ’ব নোৱাৰে আৰু তাৰ ফলত আমাৰ শৰীৰত ৰোগ সৃষ্টি হয়।

সেয়ে পূৰ্বৰে পৰা মানি চলি অহা দিনচৰ্যা, খাদ্য গ্ৰহণৰ নিয়ম, খাদ্যৰ প্ৰকাৰ আৰু কাম তথা জিৰণিৰ সময়ৰ হেৰফেৰ পৰাপক্ষত হ’ব নেলাগে।

আনকি যিকোনো পৰিৱেশত গ্ৰহণ কৰিলেও কেতিয়াবা শৰীৰে তাৰ সৈতে সহজ হৈ নপৰিব পাৰে।

তথাপি সময়ত শৰীৰটো তেনে পৰিৱেশত অভ্যস্ত হৈ পৰে আৰু তেনে ধৰণৰ গুৰুতৰ অসুখ-বিসুখৰ পৰা বাচি থাকিব পাৰে।

তেনেদৰে মূল আহাৰৰ পিছত অন্য কিছুমান আহাৰ যিমানেই উপকাৰী নহওক কিয়, খাব নেলাগে। কিছুমান খাদ্য উপকাৰী হ’লেও খোৱাৰ সময় বেলেগ বেলেগ। সেয়ে যেতিয়াই তেতিয়াই তেনে খাদ্য খাব নেলাগে।

আপোনালোকে নিশ্চয় জানে যে, দিনটোৰ মূল আহাৰ গ্ৰহণ কৰাৰ পিছত ফল কেতিয়াও খাব নেলাগে।

আহাৰ খোৱাৰ পিছত কম সময়ৰ ব্যৱধানত খোৱা ফলৰ পৰা শৰীৰৰ কোনো উপকাৰ নহয়, বৰং অপকাৰহে হ’ব পাৰে।

আহাৰ খোৱাৰ পিছতে ফল খালে পেটত গেছ হ’ব পাৰে আৰু তাৰ ফলত পেট বিষাব পাৰে।

বহুতো লোকে আহাৰ খাই উঠিয়ে শুবলৈ ভাল পায় আৰু বহুতৰ কাৰণে সেয়া অভ্যাসতে পৰিণত হৈছে।

কিন্তু আহাৰ খোৱাৰ পিছতে কোনো সময়ৰ ব্যৱধান নৰখাকৈ শুই পৰাটো শৰীৰৰ কাৰণে অপকাৰী হ’ব পাৰে।

খাই উঠিয়েই শুবলৈ ল’লে খোৱা খাদ্য ঠিকমতে হজম নহ’ব পাৰে। এই অভ্যাস গঢ়ি উঠিলে শৰীৰত মেদ বা চৰ্বি জমা হৈ মেদবহুলতাৰ চিকাৰ হ’ব পাৰে।

বহুতো লোকৰ মূল আহাৰ খোৱাৰ পিছতে মুহুদি কৰাৰ অভ্যাস আছে। মুহুদিৰ নামত বহু লোকে চিগাৰেট হুপে বা চূণ-ধপাত মিহলাই এখন তামোল চোবায়। বহুতে আকৌ খৈণী বা চাধা মুখত দিয়াৰো অভ্যাস গঢ়ি তুলিছে।

কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এইবিলাক অভ্যাসৰ কোনোটোৱে স্বাস্থ্যৰ পক্ষে অনুকূল নহয়। এইবিলাক অভ্যাসৰ পৰিণতিত যিকোনো ব্যক্তিৰে কেন্সাৰ হ’ব পাৰে।

বহুতে আকৌ দিনৰ মূল আহাৰৰ পিছত চাহ একাপ খোৱাৰো অভ্যাস গঢ়ি লৈছে। কিন্তু আহাৰ খোৱাৰ পিছতে চাহ খোৱাটো ভাল অভ্যাস নহয়।

কাৰণ আহাৰ খোৱাৰ পিছতে চাহ খাই দিলে খোৱা হজম নহয়। বহুতৰ আকৌ এই অভ্যাসে এচিডিটিৰ সমস্যা বৃদ্ধি কৰে।

এক নিৰ্দিষ্ট সময়ত গা-ধোৱা আৰু খোৱাৰ অভ্যাসে শৰীৰটোক সুস্থ কৰি ৰখাত যথেষ্ট বৰঙণি যোগায়। সেয়ে এই দুয়োটা কামৰ বাবে এক নিৰ্দিষ্ট সময় ৰক্ষা কৰা উচিত।

বহু লোকৰ আকৌ গা ধোৱা আৰু খোৱাৰ কোনো নিৰ্দিষ্ট সময় নেথাকে। যেতিয়াই সুবিধা হয়, তেতিয়া গা ধোৱা আৰু খোৱাৰ অভ্যাস গঢ়ি তোলাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

আনহাতে খাই উঠিলেই গা-ধোৱাটোও এটা বেয়া অভ্যাস। এ অভ্যাসে স্বাস্থ্যৰ হানি কৰে।

এই অভ্যাসৰ ফলত পেটৰ চাৰিওফালে তেজৰ প্ৰবাহ বাঢ়ি যায় আৰু পাচন ক্ৰিয়া মন্থৰ হৈ পৰে।

খোৱাৰ পিছতে গা-ধোৱাৰ অভ্যাসে পাচনতন্ত্ৰ দুৰ্বল কৰি তোলে।

এইকেইবিধ খাদ্য এমাহ ধৰি খাওকচোন

নিজৰ শৰীৰৰ বৃদ্ধি পোৱা ওজন আৰু প্ৰয়োজনতকৈ কম ওজন থাকিলে বহু লোকে অস্বস্তিত ভোগে। এই লোকসকলৰ বহুতেই নিজৰ শৰীৰটোক আঁটিল আৰু সুগঢ়ী কৰি তুলিবলৈ অহৰহ চেষ্টা কৰি থাকে।

কিন্তু অধিকাংশ লোকেই ইমান চেষ্টা কৰাৰ পিছতো বাঞ্ছিত ফল নেপায়।

শৰীৰটোক শক্তিশালী আৰু সুগঢ়ী কৰি তুলিবৰ কাৰণে যিমান ৱৰ্কআউট কৰি লগা হয়, সিমানে পুষ্টিকৰ খাদ্যও গ্ৰহণ কৰি থাকিব লাগে।

সেয়ে শৰীৰটো আঁটিল আৰু শক্তিশালী কৰিবৰ কাৰণে ৱৰ্কআউট কৰাৰ লগে লগে এই খাদ্য দ্ৰব্যবিলাকো খাই থকাৰ ব্যৱস্থা কৰক।

কণী:

কণী প্ৰোটিন আৰু চৰ্বিৰ এক বৰ দৰকাৰী উৎস। লগতে কণীত-

*ভিটামিন,

*কেলচিয়াম আৰু

*অন্য ভালেকেইবিধ পুষ্টি উপাদান থাকে।

সেয়ে কণীয়ে মানুহৰ শৰীৰক শক্তিশালী কৰি তোলাত প্ৰভূত সহায় কৰে। যদি আপুনি নিজৰ শৰীৰৰ ওজন বৃদ্ধি কৰি শৰীৰটো শক্তিশালী আৰু সুগঢ়ী কৰি তুলিব বিচাৰিছে, তেনেহলে দৈনিক অতি কমেও চাৰিটাকৈ কণী খোৱাৰ অভ্যাস কৰক।

কল আৰু গাখীৰ:

কল আৰু গাখীৰ আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী খাদ্য বুলি জনা যায়।

কাৰণ এই দুবিধ খাদ্যত পূৰা মাত্ৰাত-

*প্ৰোটিন,

*কেলচিয়াম,

*ভিটামিন আৰু

*কেবাবিধো পুষ্টি উপাদান থাকে।

যদি আপুনি নিৰামিষভোজী তেনেহ’লে আপুনি কল আৰু গাখীৰ নিয়মীয়াকৈ খোৱাৰ ব্যৱস্থা কৰক।

চয়াবিন:

চয়াবিন সাধাৰণতে পেকেটত পৰিশোধিত অৱস্থাত সৰু সৰু টুকুৰাৰ আকাৰত পোৱা ‘চয়া নাগেটক’হে সকলোৱে বুজি পায়।

কিন্তু আমি ইয়াত তেনে চয়াবিনৰ কথা কোৱা নাই। চয়াবিনৰ গুটি দেখাত মটৰ মাহৰ দৰে ঘূৰণীয়া মাহৰ কথাহে কৈছো।

এইজাতীয় মাহত-

*প্ৰোটিন,

*ভিটামিন,

*কেলচিয়ামৰ উপৰি প্ৰায় সকলো প্ৰকাৰৰ পুষ্টি উপাদান থকাৰ কাৰণে, শৰীৰটো মজবুত আৰু সুগঢ়ী কৰি তুলিবলৈ নিয়মীয়াকৈ চয়াবিনৰ গুটি খাব লাগে।

ৰাতি তিয়াই থোৱা এবাতি চয়াবিন পুৱা সেৱন কৰিব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top