অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা:

স্বাস্থ্যবাৰ্তা লিখা হৈছে

 

    পিতলৰ আচবাবে হাস্পতালৰ সংক্ৰমণ ৰোধ কৰিব পাৰে:

হাস্পতালৰ বিছনাৰ ৰেইলিঙে ৰোগীৰ শৰীৰলৈ সংক্ৰমণকাৰী বেক্টেৰিয়া প্ৰসাৰিত কৰে। সেয়া ৰোধ কৰিবলৈ আমেৰিকাৰ কেইখনমান হাস্পতালত তামৰ ৰেইলিং ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছেত। প্ৰমাণিত হৈছে যে তামে বেক্টেৰিয়া, ইষ্ট আৰু ভাইৰাছ ধ্বংস কৰে আৰু হাস্পতালৰ সংক্ৰমণৰ হাৰ ৫০ শতাংশ হ্ৰাস কৰে। কিছুমান হাস্পতালৰ ৰেইলিঙৰ উপৰি আন আচবাবত তাম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। উদাহৰণ স্বৰূপে তামৰ ছুইচ ব’ৰ্ড, শৌচাগাৰৰ ফ্লাচাৰ, স্নানাগাৰৰ ৰেইলিং, টেবুলৰ ওপৰভাগ আদি।

    ই-মেইলৰ ব্যৱহাৰ আৰু ষ্ট্ৰেছ:

ষ্ট্ৰেছৰ পৰা মুক্তি পোৱাৰ এক সহজ উপায় হ’ল ই-মেইল অবিৰতভাৱে বেছি সময় ব্যৱহাৰ নকৰা। কানাডাৰ এক গৱেষণাৰ পৰা এই কথা জানিব পৰা গৈছে। এই গৱেষণাত ১২০ জন প্ৰাপ্তবয়স্ক লোকক কোৱা হৈছিল যে তেওঁলোকে হয় মাত্ৰ দিনে তিনিবাৰ ই-মেইল খুলিব নতুবা যিমানবাৰ মন যায় সিমানবাৰ ই-মেইল খুলিব। দেখা গ’ল, যিসকলে মাত্ৰ তিনিবাৰকৈ ই-মেইল খুলিছে তেওঁলোকৰ ষ্ট্ৰেছৰ মাত্ৰা ভালেখিনি হ্ৰাস পাইছে।

    কেন্সাৰৰ নীৰৱ লক্ষণ:

অতি সম্প্ৰতি ব্ৰিটেইনত এক সম্পৰীক্ষা কৰা হৈছে ১,৭০০ মগজুৰ ওপৰত। এই মানুহখিনিৰ অনিৰ্ণীত কাহ অথবা প্ৰস্ৰাৱৰ সৈতে তেজ যোৱা দেখা গৈছিল। মানুহখিনিৰ শতকৰা দুই ভাগেহে ভাবিছিল তেওঁলোকৰ শ্বাসতন্ত্ৰ অথবা মূত্ৰাশয়ৰ কেন্সাৰ হ’ব পাৰে। কিন্তু এনে লক্ষণ পৰিলক্ষিত হ’লে আৰম্ভণিতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’লে কেন্সাৰ সোনকালে ধৰা পৰিব আৰু ফলপ্ৰসূ চিকিৎসাৰে নিৰাময় কৰিব পাৰিব।

    হেপাটাইটিছ-চি নিৰাময়ী ঔষধ:

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰতিষ্ঠানে(এইডিএ)এবিধ নতুন ঔষধ ব্যৱহাৰৰ অনুমতি দিছে। নাম হ’ল ‘ভাইকিৰা পাক’। এই ঔষধে হেপাটাইটিছ-চিৰ সংক্ৰমণ নিৰাময় কৰিব পাৰে। প্ৰসংগক্ৰমে হেপাটাইটিছ-চি যকৃতৰ কেন্সাৰৰ কাৰক। গতিকে হেপাটাইটিছ-চিৰ সংক্ৰমণ ৰোধ কৰিব পাৰিলে যকৃতৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

    ঔষধৰ কেপছুল খোৱাৰ সহজ উপায়:

ঔষধৰ কেপছুল খালে বহুতৰেই ডিঙিত লাগি ধৰে। ঔষধ ভিতৰলৈ ঠেলি পঠিয়াবলৈ গোটা খাদ্য গিলিব লগা হয়। জাৰ্মানীত কৰা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে কেপছুল খোৱাৰ এক সহজ উপায়ু। কেপছুল জিভাৰ ওপৰত লওঁতে অলপ পানী মুখত লৈ মূৰটো সমুখলৈ হাওলাই কেপছুল গিলিবলৈ চেষ্টা কৰক। কেপছুলৰ ওজন পানীতকৈ কম। গতিকে কেপছুল পানীত ওপঙি থাকিব আৰু পানীৰ সৈতে ডিঙি পাবগৈ। তাৰ পৰা পেটলৈ যাব।

    এজমা ৰোগী আৰু বুকুৰ বিষ:

গড় বয়স ৬২ বছৰ হোৱা ৭,০০০ এজমা ৰোগীৰ ওপৰত এক অধ্যয়ন কৰা হৈছিল। যিসকলৰ ৰোগ গভীৰ(serious) আছিল আৰু দৈনিক ঔষধ ব্যৱহাৰৰ প্ৰয়োজন হৈছিল, তেওঁলোকৰ শতকৰা ৬০ ভাগৰে দহ বছৰৰ ভিতৰত হাৰ্ট এটেক, ষ্ট্ৰ’ক আদি হোৱাৰ সম্ভাৱনা আছিল। এজমা হ’লে বুকুৰ বিষ হ’ব পাৰে। কিন্তু বিষৰ কাৰণ এজমা নহৈ হৃদৰোগৰ সম্ভাৱনাও হ’ব পাৰে। গতিকে এজমা ৰোগীয়ে বুকুৰ বিষ হ’লে হৃদৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত- যাতে হাৰ্ট এটেক, ষ্ট্ৰ’ক আদিৰ বলি হ’বলগীয়া নহয়।

    স্মৃতি বিভ্ৰমৰ কাৰণ কেতবোৰ খাদ্যও হ’ব পাৰে:

মাৰ্গাবিন, বিস্কুট(Cookies) আদিত ট্ৰেন্সফেট ব্যৱহাৰ কৰা হয়। ট্ৰেন্সফেটে হৃদৰোগৰ সৃষ্টি কৰিব পাৰে। এই কথা বহুতেই জানে। কিন্তু ট্ৰেন্সফেটে স্মৃতি বিভ্ৰমৰো সৃষ্টি কৰিব পাৰে বুলি প্ৰমাণিত হৈছে। এই সন্দৰ্ভত আমেৰিকাৰ হৃদৰোগ সন্থাই এক সম্পৰীক্ষা কৰি নিশ্চিত হৈছে যে ট্ৰেন্সফেট স্মৃতি বিভ্ৰাটৰ এক উল্লেখনীয় কাৰক।

    অধিক পৰিমাণে দৈ খালে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়:

সৰহকৈ দৈ খালে ডায়েবেটিছৰ সম্ভাৱনা ১৮ শতাংশ হ্ৰাস পায়। হাৰ্ভাৰ্ডত কৰা এক গৱেষণাৰ পৰা এই কথা জানিব পৰা গৈছে। দৈত যথেষ্ট পৰিমাণে(প্ৰোবায়’টিক থাকে আৰু ই ইনছুলিনৰ সংবেদনশীলতা উন্নত কৰে)। আৰু প্ৰদাহ প্ৰশমিত কৰে। অৱশ্যে এই সন্দৰ্ভত অধিক গৱেষণা তথা সম্পৰীক্ষণৰ প্ৰয়োজন আছে।

উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ জীৱন দত্ত বৰুৱা)

3.13793103448
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top