অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

 

আইচক্ৰীম:

*গৰমত শৰীৰ শাঁত পেলাবলৈ আইচক্ৰীম খাওক। কিয়নো আইচক্ৰীম ভিটামিনৰ অফুৰন্ত ভাণ্ডাৰ। ভিটামিন এ, বি৬, বি১২, চি, চি, ই আৰু কে পোৱা যায়। এইবোৰৰ ভিতৰত আইচক্ৰীমত পোৱা কে ভিটামিনে তেজ গোট মৰাত বাধা দিয়ে। ইয়াৰ বাহিৰেও আইচক্ৰীমত নিয়াছিন, থিয়াছিন আৰু ৰিব’ ফ্লেডিনো সহজতে পোৱা যায়।

*আইচক্ৰীমে ওজন বৃদ্ধি কৰাত সহায় কৰে। আইচক্ৰীম পুষ্টিদায়ক। ইয়াত উচ্চমানৰ কাৰ্ব’হাইড্ৰেট, ফেটছ আৰু প্ৰ’টিন থাকে বাবে ডায়েবেটিছ ৰোগীৰ বাবে উৎকৃষ্ট নহয়।

*আপুনি জানিলে আচৰিত হ’ব যে আইচক্ৰীমে মগজু সক্ৰিয় কৰে। আইচক্ৰীমে ষ্ট্ৰেছ কমায় আৰু মানুহ সুখী হোৱাৰ হৰম’নবোৰৰ সমতা স্থাপন কৰে।

*আইচক্ৰীম গাখীৰৰ পৰা প্ৰস্তুত কৰে বাবে ইয়াত এল ট্ৰিপটোফেন থাকে। ইয়াৰ জৰিয়তে শৰীৰৰ স্নায়ুৰ ওপৰত প্ৰভাৱ পৰে। সেয়ে ইনছ’ মেনিয়াতো ইয়াৰ প্ৰভাৱ পৰে। সবাতোকৈ ডাঙৰ গুণটো হৈছে আইচক্ৰীম বৰ উপভোগ্য আৰু আকৰ্ষণীয়।

 

প্ৰাণ খুলি হাঁহক:

জোৰকৈ মৰা খোলা এটা হাঁহি কাহ বা হাঁচিতকৈ অধিক সংক্ৰামক। অৱশ্যে আন বেমাৰৰ সংক্ৰমণে বিপদত পেলোৱাৰ বিপৰীতে হাঁহিয়ে অন্তৰংগতা আৰু সুখৰ অনুভৱ বঢ়াই তুলি সমৱেতসকলৰ মনবোৰক এডাল ডোলেৰে বান্ধি পেলায়। কাৰণ এজনে হঁহা দেখিলে আনজনেও হাঁহে। হাঁহিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

*শৰীৰত শক্তি যোগান ধৰে,

*ষ্ট্ৰেছৰ পৰা মুক্তি দিয়ে,

*বিষ নিৰাময় কৰে, অৰ্থাৎ বিনা পইচাত হাঁহিৰ পৰা লাভ কৰিব পাৰি বহু গুণ।

*জোৰকৈ মৰা এটা হাঁহিয়ে ৪৫ মিনিটলৈ মানুহৰ শৰীৰৰ পেশীবোৰক আৰাম দিয়ে।

*ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। ষ্ট্ৰেছ হৰম’ন কমাই প্ৰতিৰোধী কোষবোৰ সংক্ৰমণৰ লগত যুঁজ কৰা এন্টি’বডী বঢ়াই তোলে।

*এণ্ড’ম’ৰফিনৰ নিঃসৰণ বৃদ্ধি কৰি মনটোক উৎফুল্লিত কৰি ৰখাত সহায় কৰে।

*তেজ পৰিবাহী নলিকাবোৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি তেজ পৰিবহণ উন্নত কৰি হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে।

*উদ্বিগ্নতা, খং, দুখ দূৰ কৰে।

*হাঁহিবলৈ চেষ্টা কৰক, উপায় অৱলম্বন কৰক।

*শোৱনি কোঠাত, কম্পিউটাৰ বা ম’বাইলৰ স্ক্ৰীন ছেভাৰত হাঁহি উঠা ফটো লগাওক।

*জীৱনত ঘটা বহু বিষয়েই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। গতিকে এই কথাবোৰৰ বিষয়ে দকৈ চিন্তা নকৰি হাঁহিবলৈ আৰম্ভ কৰক।

*সকলো সময়তে হাঁহক আৰু হাঁহিমুখীয়া হৈ থাকক।

 

পিঠিৰ বিষ:

হঠাতে কেতিয়াবা পিঠি লৰচৰ কৰিব নোৱাৰাকৈ বিষাই উঠে। পিঠিৰ বিষ বৰ যন্ত্ৰণাদায়ক। কিয়নো ভালকৈ শুবও নোৱাৰি, বহিও থাকিব নোৱাৰি।

বিশেষজ্ঞ চিকিৎসকে এই সমস্যাৰ পৰা হাত সাৰি থকাৰ কেইটামান নিয়ম উল্লেখ কৰিছে। সেইকেইটা হ’ল-

*পোন হৈ থিয় হ’ব, পোন হৈ বহিব আৰু ৰাতি শোওঁতেও ৰাজহাড় পোন কৰি শুব।

*ওখ চেণ্ডেল বেছিকৈ নিপিন্ধিব। এনে অভ্যাসে ৰাজহাড় আৰু পিঠিৰ পেশীবোৰ দুৰ্বল কৰে।

*যিকোনো কঠিন কাম কৰোঁতে পিঠিখনক অত্যধিক কষ্ট নিদিব।

*বিশেষকৈ পুৰুষসকলে গধুৰ বস্তু দাঙিব লগা হ’লে পিঠিখনৰ সহায় লয়। এইক্ষেত্ৰত চাব যাতে শুদ্ধ ভংগিমাত পিঠিখনৰ ওপৰত হেঁচা পৰে। কঁকালখন হাউলাই কোনো গধুৰ বস্তু দাঙিব নালাগে। প্ৰথমে ৰাজহাড় পোন কৰি বহাৰ ভংগিমাত বহি ল’ব লাগে আৰু পিঠিত জোৰ নিদিয়াকৈ কেৱল ভৰি দুখনত জোৰ দি গধুৰ বস্তু দাঙিব লাগে।

*নিয়মিতভাৱে ব্যায়াম কৰি পিঠিৰ পেশীবোৰ সবল কৰিবলৈ চেষ্টা কৰিব লাগে।

*যিকোনো কাম কৰি থাকোঁতে শৰীৰটোক কোনো কাৰণতে কষ্টদায়ক ভংগীত ৰাখিব নালাগে। উদাহৰণস্বৰূপে- পাকঘৰৰ বেছিনটো যদি যথেষ্ট ওখ নহয়, তেন্তে আপুনি দিনৰ পিছত দিন প্ৰয়োজনতকৈ বেছি হাউলি বাচন ধুব লাগিব।

ই শৰীৰৰ বাবে ক্ষতিকাৰক। সেয়ে বেছিনটো, ভাত ৰন্ধা গেছৰ টেবুলখন, পঢ়া-লিখা কৰা টেবুল নিজৰ জোখত বনাই ল’ব। অস্ত্ৰোপচাৰৰ বিছনাখনৰ বাবে বহু চাপৰ শল্য চিকিৎসকৰ ডিঙি আৰু পিঠিৰ বিষ হয়।

*কোনো গধুৰ বস্তু গাৰ জোৰেৰে টানিবলৈ বা ঠেলিবলৈ চেষ্টা নকৰিব।

ইমানখিনি নিয়ম মানি চলাৰ পিছতো যদি পিঠিৰ বিষ হয়, তেন্তে জৰা-ফুঁকা কৰি অথবা স্ব-চিকিৎসা গ্ৰহণ নকৰিব। সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

মুখ কুলি কৰাৰ নিয়ম:

আপুনি খোৱাৰ পিছত মুখখনৰ ভিতৰভাগ ভালদৰে ধোৱেনে? বিশেষকৈ মুখ কুলি কৰিলে দাঁত আৰু দাঁতৰ মাজত লাগি থকা খাদ্য আঁতৰি যোৱাত সহায় হয়। খোৱা বস্তু দাঁতত লাগি থকা বাবেই দাঁতৰ বিষ আৰু পায়েৰিয়া পৰ্যন্ত হয়। সেয়ে খাদ্য গ্ৰহণ কৰাৰ পিছত মুখ কুলি কৰিব লাগে। ই মুখৰ দুৰ্গন্ধ কমোৱাতো সহায় কৰে।

নিয়ম:

মুখ কুলি কৰোঁতে মুখত যথেষ্ট পানী ভৰাই লৈ দাঁত দুই পাৰি কামুৰি ধৰি জোৰ কৰি কুলি কৰিব লাগে। দাঁত দুই পাৰি কামুৰি নল’লে কুলি কৰা পানী দাঁতৰ ওপৰেদি বাগৰি যায় আৰু দাঁত কামুৰি কুলি কৰিলে পানীখিনি দাঁতবোৰৰ মাজেদি পাৰ হৈ যায়।

এইদৰে দাঁতৰ মাজেদি পানী অহা-যোৱা কৰোঁতে দাঁতৰ গাত আৰু মাজত লাগি থকা খোৱা বস্তুৰ অংশবোৰ দাঁতৰ পৰা আঁতৰি গৈ দাঁত আৰু মুখ পৰিষ্কাৰ কৰে।

 

চিগাৰেট আৰু চেৰিব্ৰেল ষ্ট্ৰ’ক:

চিগাৰেট খাব নালাগে- সেই কথা প্ৰতিজন চিগাৰেট খোৱা মানুহেই জানে। তেওঁলোকে এইটোও জানে যে এই চিগাৰেটৰ পৰা কেঞ্চাৰ পৰ্যন্ত হ’ব পাৰে। কিন্তু তেওঁলোকৰ সেই জ্ঞানৰ ওচৰত চিগাৰেটৰ প্ৰতি থকা আসক্তিয়ে হাৰ মানে। সেইবাবেই সকলো জানি-বুজিও এটাৰ পিছত এতা চিগাৰেট জ্বলাই নিজৰ জীৱনক বিপদৰ ফালে আগুৱাই নি থাকে।

চিগাৰেট সেৱন কৰাৰ সময়ত সেৱনকাৰীয়ে ৪,০০০ বিধ ৰাসায়নিক দ্ৰব্য গ্ৰহণ কৰে আৰু ইয়াৰে প্ৰায় ৪২ বিধেই কেঞ্চাৰ ৰোগ সৃষ্টিকাৰী বুলি চিকিৎসা বিজ্ঞানত প্ৰমাণ হৈছে। নতুনকৈ যিসকলে প্ৰতিদিনে চিগাৰেট খাবলৈ শিকে, সেই ন-শিকাৰুসকলে নাজানে যে ধূমপানে শৰীৰৰ ধমনীবোৰক কঠিন আৰু অনমনীয় কৰি তোলে।

ফলত ধমনীৰ ভিতৰত কলেষ্টেৰল জমা হয়। যিয়ে ধমনীৰ ৰক্তপ্ৰৱাহত বাধাৰ সৃষ্টি কৰে আৰু মগজুৰ এক অংশত তেজৰ যোগান বন্ধ হৈ যায়। ইয়াৰ পৰিণতিত হোৱা ষ্ট্ৰ’ককেই ষ্ট্ৰ’ক বোলে। অনমনীয় ধমনীত্বোৰে বৰ্ধিত ৰক্তচাপৰ বেগ সহ্য কৰিব নোৱাৰি ধমনীত ফেট মেলে। এইদৰেই সৃষ্টি হয় হেমা’জিক ষ্ট্ৰ’কৰ। দৈহিক পৰিশ্ৰমৰ অভাৱেও ষ্ট্ৰ’কৰ সম্ভাৱনা বঢ়ায়। সেয়ে আজিয়েই চিগাৰেট সেৱন বন্ধ কৰি সুস্থভাৱে জীয়াই থাকিবলৈ দিনটোত ৪০ মিনিট খোজকঢ়াৰ অভ্যাস কৰক।

 

মধুৰিআম:

অসমত প্ৰচুৰ পৰিমাণে হোৱা এবিধ ফল হ’ল মধুৰিআম। সুগন্ধি, সুস্বাদু এইবিধ ফল অসমত যথেষ্ট উৎপাদন হয়। বিশেষকৈ গ্ৰামাঞ্চলৰ লোকে মধুৰিআম কিনি খাব লগা নহয়। সহজতে পোৱা এইবিধ ফলৰ বহু গুণ। ফলৰ লগতে ইয়াৰ পাতো বহু গুণবিশিষ্ট।

মধুৰিআম তেজৰ বাবে মহৌষধ। ই শৰীৰত দূষিত তেজ পৰিষ্কাৰ কৰে, তেজ বৃদ্ধি কৰে। তেজৰ পৰা হ’ব পৰা বিভিন্ন ৰোগ নিয়ন্ত্ৰণ কৰে। চৰ্মৰোগ, ঘা, ফোঁহা আদি নিয়ন্ত্ৰণতো মধুৰিআম উপাদেয়। কোষ্ঠকাঠিন্য আঁতৰাই শৌচ খোলোচা কৰে।

অৱশ্যে কোষ্ঠকাঠিন্যৰ ক্ষেত্ৰত মধুৰিআমৰ গুটিবোৰ গুচাই খাব লাগে। শৰীৰৰ শক্তিবৰ্ধন আৰু হৃদযন্ত্ৰ সবল কৰাতো মধুৰিআম উপাদেয়। মধুৰিআমে পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি আৰু বল বৃদ্ধি কৰে, বীৰ্য বৃদ্ধি কৰে।

ই মানুহৰ শ্বাসতন্ত্ৰ সবল কৰা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, চৰ্বি কমোৱা, দাঁত আৰু হাড়ৰ শ্ৰীবৃদ্ধিত সহায় কৰে। মধুৰিআম নিয়মিত খালে তেজত হিম’গ্লবিনৰ পৰিমাণ বাঢ়ি যায়। পেলুৰ পৰা পৰিত্ৰাণ পাবলৈও মধুৰিআম উত্তম।

মধুৰিআমে কাহৰ পৰাও পৰিত্ৰাণ দিয়ে, চৰ্দি নিৰাময় কৰে আৰু পিত্ত নাশ কৰে। খজুৱতি আৰু ঘামচি হ’লে একেৰাহে কেইদিনমান মধুৰিআম খালে উপশম হয়। পেট ফুলা বা বদহজমত ই উপাদেয়।

ফলৰ দৰে ইয়াৰ অন্যান্য অংশৰো বহু উপকাৰ আছে। ইয়াৰ পাত বটি লেপ দিলে বিষ নিৰাময় হয়। পাতৰ ৰসে গ্ৰহণী, ডায়েৰিয়া, পেলু নিয়ন্ত্ৰণ কৰে।

*দাঁতৰ বিষ,

*মুখ-জিভাৰ ঘা,

*দুৰ্গন্ধ আদিত ইয়াৰ পাত চোবালে উপশম হয়।

যকৃতৰ ৰোগতো মধুৰিআমৰ কোমল পাতৰ ৰস উত্তম। মুঠতে অসমত সহজলভ্য মধুৰিআম অন্যন্য গুণকাৰী ফল হিচাপে চিহ্নিত হৈ আহিছে। ইয়াৰ ৰস উলিয়াই জাম জেলি কৰিও খাব পাৰি।

 

অমৰা:

অসমত পোৱা এবিধ অনন্য গুণসম্পন্ন ফল হ’ল অমৰা। ভাদ মাহৰ পৰা আঘোণ পৰ্যন্ত অমৰা পোৱা যায়। বহু লোকে নিজৰ বাৰীত অমৰা ৰোপণ কৰা উপৰি হাবি-জংঘল, পথাৰ, নৈৰ পাৰ, বনাঞ্চল আদিতো অমৰা পোৱা যায়। আমৰ দৰে গোন্ধৰ বাবেই ইয়াক ইংৰাজীত Wield Mango, অৰ্থাৎ হাবিৰ আম বুলি কোৱা হয়। পূৰ্বৰে পৰা অমৰাই অসমীয়া সমাজত গুৰুত্ব পাই আহিছে। বিশেষকৈ অমৰাৰ আঞ্জাৰ বিভিন্ন জুতিত অসমীয়া সিদ্ধহস্ত। সুগন্ধি, সুস্বাদু এই ফলৰ আছে অনেক গুণ। ইয়াৰ ঔসধি গুণ ত্ৰিফলাৰ সমপৰ্যায়ৰ বুলি ধৰা হয়।

আয়ুৰ্বেদ শাস্ত্ৰত অমৰা ৰক্তশোধক আৰু ৰক্তদোষ নিবাৰক বুলি উল্লেখ আছে। বৰ্তমান সময়ত অধিকাংশ লোকে ভোগা পিত্ত ৰোগত অমৰা অতি উত্তম ফল। ই চকুৰ বিভিন্ন বিকাৰ উপশম কৰে। অমৰাই অজীৰ্ণতা নাশ কৰে আৰু ভোক বৃদ্ধি কৰে, যকৃতৰ দোষ নিৰাময় কৰি যকৃতৰ শক্তি বৃদ্ধি কৰে। হাঁওফাঁওৰ ৰোগতো অমৰা উপাদেয় ফল। অমৰা নিয়মিত খালে বল বৃদ্ধি, বীৰ্য বৃদ্ধি ঘটে। গ্ৰহণী ৰোগত অমৰাৰে সামান্য নিমখ আৰু চেনি মিহলাই কেইবাৰমান খালে ৰোগ আৰোগ্য হয়। বমি ভাব হ’লে অমৰা নিমখেৰে মিহলাই খালে বমি ভাব নোহোৱা হয়।

*ছালৰ ৰোগ,

*পেটৰ ৰোগৰ ত্ৰিফলাৰ সমানে উপকাৰী হ’ল অমৰা।

অমৰাৰ ফলৰ লগতে বিভিন্ন অংশও উপাদেয়।

*বাতবিষ,

*হাঁওফাঁও,

*শ্বাস ৰোগ,

*শাও পৰা,

*ৰক্তগ্ৰহণী,

*কেঁচুমূৰীয়া,

*পিত্ত ৰোগ,

*পুৰুষত্ব হ্ৰাস আদিত অমৰা গছৰ ছালৰ ৰস নিয়মিত খালে উপশম হয়।

পোৰা ঘা শুকুৱাবলৈ গুটি গুড়ি কৰি লগালে শুকায়। ভৰিৰ আঙুলি পানীয়ে খালে অমৰা গুটি পুৰি মিঠাতেলেৰে সানি অসমীয়া কৃষকে লগা অহা দেখা যায়। মুঠতে অসমত পোৱা অন্যতম সুলভ গুণকাৰী ফল হ’ল অমৰা। অমৰা আচাৰ কৰিও খাব পাৰি। অমৰা চকলিয়াই সামান্য নিমখৰ লগত মিহলাই খালে ৪০ বিধ ৰোগত ঔষধৰ কাম কৰে।

 

চৰ্দি লাগিলে কি কৰিব?

দেখাত সাধাৰণ যেন লাগিলেও চৰ্দি লগা অসুখটো বৰ অস্বস্তিদায়ক। নাকেৰে পানী বৈ থাকিলে মানুহৰ সকলো কাম কৰিবলৈকে অসুবিধা হয়। কিন্তু চৰ্দি লগা বেমাৰটোৰ চিকিৎসা সাধাৰণ যত্নত যিমান সোনকালে আৰোগ্য হয়, ডাক্তৰী চিকিৎসাতো আৰু বেছি পলমহে হয়।

কৰণীয়:

আমি গ্ৰহণ কৰা খাদ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতাৰ নিয়ম পালন কৰিব লাগে। চৰ্দি লগাকে ধৰি সকলো ৰোগকে বাধা দিবলৈ প্ৰথমেই শৰীৰক সকলোবোৰ পুষ্টি যোগান ধৰিব লাগিব। বিশেষকৈ পুৱাৰ আহাৰ এনেদৰে গ্ৰহণ কৰিব লাগে, যাতে দিনটোৰ বাবে প্ৰয়োজনীয় বেছিভাগ পুষ্টিয়েই শৰীৰে লাভ কৰে। সেয়ে পুৱাৰ আহাৰ গ্ৰহণ নকৰাকৈ ঘৰৰ পৰা ওলোৱা অনুচিত।

*চৰ্দি লাগিলে হাত দুখন ঘনাই নাকলৈ গৈ থাকে। শৰীৰত বিভিন্ন ৰোগৰ বীজাণু হাত দুখনৰ জৰিয়তেই শৰীৰলৈ সংক্ৰমিত হয়। পৰাপক্ষত হাতেৰে নাকৰ পানী মচিবলৈ চেষ্টা নকৰি এখন চাফা ৰুমাল ল’ব পাৰে। সকলোতকৈ ভাল কাগজৰ ৰুমাল। এইবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পেলাই দিব পাৰি।

*গৰম পানী খাওক, সামান্য আদা আৰু নেমুৰ ৰস দি ল’ব পাৰে।

 

চকুযুৰিৰ কাৰণে:

আমাৰ মৰমৰ চকুযুৰিৰ কাৰণে তলৰ নিয়মখিনি মানি চলিলে ‘আই ষ্টেইন’ পৰাৰ পৰা হাত সাৰিব পাৰি-

*বহু সময় ধৰি কম্পিউটাৰত কাম কৰি থাকিব নালাগে। মাজে মাজে কম্পিউটাৰৰ টেবুলৰ পৰাব উঠি গৈ এপাক ফুৰি অৰ্থাৎ খোজকাঢ়ি চকুযুৰি সজীৱ কৰি দিব লাগে।

*চিলাই কৰি থাকোঁতে একেৰাহে চিলাইখিনিলৈ চাই নাথাকি বেজীটোলৈ চাই থাকিব লাগে। তেতিয়া দৃষ্টিশক্তি এঠাইত আবদ্ধ নাথাকে।

*মানসিক চিন্তা-ভাবনা, নিদ্ৰাহীনতা আদি যিমান পাৰি এৰাই চলিব লাগে। শাৰীৰিক অসুস্থতা যেনে- পুষ্টিহীনতা, হাইপ’থাইৰয়ডিজম আদিৰ সঠিক চিকিৎসা কৰিব লাগে।

*একেৰাহে বহু সময় ধৰি পঢ়া-শুনা কৰি থাকিব লগা হ’লে বিশেষকৈ পৰীক্ষাৰ্থীসকলে মাজে-মাজে চকুক জিৰণি দিয়াটো নিতান্তই আৱশ্যক। চকীখনতে চকু মুদি কিছু সময় বহি বা চকু মুদি বহি পঢ়াবিলাক মনত পেলাবলৈ চেষ্টা কৰিব পৰি। নতুবা খিৰিকীৰে বাহিৰৰ সেউজীয়া গছ-গছনি, ফুলনি আদি চাই চকুক জিৰণি দিব পাৰি।

*বাওঁফালৰ পৰা পোহৰ আৰু টেবুল লাইটৰ পোহৰত পঢ়া-শুনা কৰা উচিত। তেনে কৰিলে পোহৰৰ ৰশ্মি চকুত প্ৰতিফলিত হৈ পৰে। কিতাপ আৰু চকুৰ দূৰত্ব সদায় ওঠৰ ইঞ্চিমান হ’ব লাগে।

উৎস: নিয়মীয়া বাৰ্তা

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top