অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

 

অফিচত কাম কৰোঁতে -

অফিচত টেবুলত বহি কাম কৰি থাকোঁতে কেইটামান সাধাৰণ নিয়ম মানি চলিলে আপোনাৰ শৰীৰটোৱে আৰাম পোৱাৰ লগতে স্বাস্থ্যও ভালে থাকিব।

*প্ৰতিঘন্টাতেই চুটি চুটি কেইটামান ব্ৰেক ল’ব। ভৰি, বাহু টনাটনি কৰিব। থিয় হ’ব আৰু বহিব। মুঠতে টেবুলত ভংগিমাত কেইবাঘন্টাজুৰি বহি নাথাকিব।

*যদি সমুখলৈ বেছিকৈ হাউলি কাম কৰাৰ অভ্যাস, তেন্তে মাজে মাজে পিছলৈ হাউলি দিবলৈ চেষ্টা কৰিব। কান্ধ দুখন ওপৰলৈ দাঙি দিব।

*আপোনাৰ আঁঠু, আঙুলি, হাতৰ গাঁঠি আদি বহু সময় ধৰি একেধৰণে ভাঁজ কৰি নাৰাখিব।

*ফোনত কথা পাতি থাকোঁতে বা কিবা পঢ়ি থাকোঁতে জঠৰ হৈ নাযাব।

*মাজে-সময়ে এক-দুই মিনিট কামৰ মাজত খোজ কাঢ়িব। ডকুমেন্ট আদি পঢ়াৰ সময়ত বা কিবা ক্ৰিয়েটিভ কথা চিন্তা কৰাৰ সময়ত অফিচৰ কোঠা বা কৰিড’ৰত খোজ কাঢ়িও কাম কৰিব পৰা যায়।

*মুঠৰ ওপৰত মাজে-সময়ে কৰা শাৰীৰিক সক্ৰিয়তাইাপোনাৰ কৰ্মত মনোযোগহে বৃদ্ধি কৰিব। আপোনাৰ ভাগৰুৱা ভাব বহুখিনি নোহোৱা কৰিব।

 

চকলেট খাওক -

আপুনি বাৰু চকলেট খায়নে? আপুনি নিশ্চয় মনতে ভাবিছে যে এইটো কেনেধৰণৰ প্ৰশ্ন? চকলেট সৰু ল’ৰা-ছোৱালীৰ খোৱাবস্তু। আনকি দেখিবলৈ মৰম লগা লাহী দেহৰ যুৱকক ‘চকলেট বয়’ বুলি কয়। ছোৱালীক চকলেট কি বুলি সুধিলে ডাঙৰকতো বাদেই, সৰুকো বুজোৱাৰ প্ৰয়োজন নাই। সিহঁতে খাই ভালপোৱা তালিকাখনৰ ওপৰতে চকলেটে স্থান পায়। বহুত ডাঙৰৰো চকলেট বুলিলে মুখলৈ পানী আহে। কিন্তু এই সোৱাদ লগা চকলেট যেতিয়া নিজে খাব লগা হয় বা আনক দিব লগা হয়, তেতিয়া মনলৈ শংকা আহে কিজানি অপকাৰ হয়। চকলেট খালে দাঁত নষ্ট হয় আৰু চৰ্বি বৃদ্ধি পায় বুলি এটা ধাৰণা আছে। চকলেট খাই ভালপোৱাসকলৰ বাবে সুখবৰ যে শেহতীয়া গৱেষণাত এই কথা প্ৰমাণ হৈছে যে চকলেটে শৰীৰৰ ক্ষতি নকৰে। বৰং উপকাৰহে কৰে। চকলেট খালে কিছুমান ৰোগৰ পৰা আৰোগ্য হোৱাত সহায় হয়। আমাৰ মগজুত থকা চেৰটনিনৰ পৰিমাণ চকলেটে হ্ৰাস কৰে। চেৰিটনিনৰ কাম-

*খং,

*উচ্ছৃংখলতা,

*দেহৰ উষ্ণতা,

*মনৰ অৱস্থা,

*টোপনি,

*বমি,

*ভোক আদি নিয়ন্ত্ৰণ কৰা।

অৰ্থাৎ এই সকলোবোৰ চেৰিটনিনৰ দ্বাৰা পৰিচালিত হয়। বিভিন্ন পৰীক্ষাৰ পৰা দেখা গৈছে যে ক’লা চকলেট খালে খং কমে। অৱশ্যে বগা চকলেটৰ এই গুণ নাথাকে। কিন্তু ক’লা বেছিকৈ খাব নালাগে। কাৰণ ক’লা চকলেটত যথেষ্ট পলিফিনল থাকে। অতিৰিক্ত পলিফিনলে চেৰটনিনৰ পৰিমাণ বৃদ্ধি কৰে। আনহাতে, ক’লা চকলেটত কম পৰিমাণে চেনি থাকে। ইয়াৰ লগত বাদামজাতীয় উপাদান থাকিলে উপকাৰিতা বেছি হয়। অৱশ্যে বেছিকৈ খালে স্নায়ুতন্ত্ৰ উত্তেজিত হ’ব পাৰে। যিসকল যুৱতীৰ মাহেকীয়া ঋতুকালত তলপেটৰ বিষ হয়, তেওঁলোকে মাহেকীয়া হোৱাৰ দুদিন মান আগৰে পৰাই এটাকৈ ক’লা চকলেট খালে এই সমস্যাৰ পৰা বহুখিনি সকাহ পায়।

 

ৰুমালখনো ৰোগৰ বাহক -

অতি পৰিচিত এখন ৰুমাল। তিনিটা আখৰৰ এই শব্দটিত সাঙোৰ খাই থাকে এটুকুৰা কাপোৰ। কিন্তু ইয়াৰ সঠিক-সদ্ব্যৱহাৰ জানে কেইজনে? সেয়ে এই নিয়মবোৰ পালন কৰিব-

*কেতিয়াও লেতেৰা ৰুমাল ব্যৱহাৰ কৰিব নালাগে। নিজৰ ব্যৱহাৰ নালাগে। নিজৰ ব্যৱহাৰ কৰা ৰুমালখন প্ৰতিদিনেই ধুইহে ব্যৱহাৰ কৰিব লাগে। বিশেষকৈ পানীলগা অসুখ হ’লে পেকেটত এখন ৰুমাল লৈ বেগত দুখনমান ৰুমাল আছুতীয়াকৈ ল’বলৈ নাপাহৰিব।

*হাত-মুখ মুচিবলৈ সদায় কপাহী ৰুমাল ব্যৱহাৰ কৰিব। ছিল্কৰ ৰুমাল ফেশ্বনৰ বাবেহে।

*নাক বা ঘাম মোহৰা ৰুমাল ব্যৱহাৰৰ পিছত আছুতীয়াকৈ থৈ দিব। সেইখন ভালদৰে ধোৱাৰ পিছতহে ব্যৱহাৰ কৰিব।

*পুৰুষসকলে এখন ৰঙৰ বা বগা ৰুমাল ব্যৱহাৰ কৰিলে ভাল দেখি। ইয়াৰ বিপৰীতে মহিলাসকলৰ ৰুমাল দেখাত ধুনীয়া হ’লে ভাল।

*প্ৰয়োজনত নিজৰ ৰুমালখন আন কাৰোবাক ব্যৱহাৰৰ বাবে দিবলগীয়া হ’লে ৰুমালখন যাতে চফা হয়, তাৰ প্ৰতি সচেতন হ’ব। মনত ৰাখিব এখন লেতেৰা ৰুমালে আপোনাৰ ভাবমূৰ্তি নষ্ট কৰিব পাৰে।

*ৰুমালত ধূলি-মাকতি লাগে বাবে বিভিন্ন ৰোগৰ বাহক। সেয়ে ৰুমাল ধোৱা অভ্যাস থকা ভাল।

*নিজৰ পকেটৰ বাহিৰে টেবুলত, ড্ৰয়াৰত, চকীত ৰুমাল থোৱা অভ্যাস স্বাস্থ্যসন্মত নহয়।

 

শোৱনিকোঠাত ফুল -

টাবত ফুল ৰুই ভালপোৱাসকলৰ বাবে সুখবৰ। ঘৰৰ ভিতৰত টাব থ’লে কেৱল আপোনাৰেই ভাল নালাগে, গোটেই কোঠাটোকে উজলাই তোলে। ই আমাৰ স্বাস্থ্যতো যথেষ্ট প্ৰভাৱ পেলায়। বিশেষকৈ যিসকলৰ এয়াৰ কণ্ডিচনাৰ আছে, তেওঁলোকে দুৱাৰ-খিৰিকী বন্ধ ৰাখে। তেনে কোঠাত কমেও দুটা হ’লেও টাব থোৱাটো স্বাস্থ্যসন্মত। ঘৰৰ ভিতৰত ৰখা টাবৰ গছবোৰত বেছি পাত থকা হ’লে ভাল। শেহতীয়াকৈ মানসিক স্বাস্থ্যবিষয়ক এক গৱেষণাত এই কথা প্ৰমাণ হৈছে যে পাতল গোন্ধযুক্ত ফুলৰ টাব শোৱনিকোঠাত থ’লে গৃহস্থৰ টোপনি ভাল হয়। তদুপৰি, ফুলৰ সুগন্ধত শোৱা মানুহে সুন্দৰ সপোন দেখে। এই সন্দৰ্ভত ১৫ গৰাকী ব্যক্তিৰ ওপৰত ৩০ দিন ধৰি চলোৱা এটা সমীক্ষাত এই কথা প্ৰমাণ হৈছে যে গভীৰ নিদ্ৰাত থকা এই ব্যক্তিসকলে সুন্দৰ সপোন দেখি আছিল। টোপনিত থাকোঁতে তেওঁলোকৰ চকুৰ পতাবোৰ কঁপি উঠিছিল। টোপনি যোৱা অৱস্থাত সুগন্ধ টাবৰ ফুল আঁতৰাই গেলা কণী থকা বাচন সুমুৱাই পৰীক্ষা কৰা হৈছিল। আনহাতে, মাজে-সময়ে কোঠাটোত কোনো বস্তু নৰখাকৈও টোপনি যাবলৈ দিয়া হৈছিল। এনেকৈ কৰা পৰীক্ষাত প্ৰ্মাণ হৈছিল যে সুগন্ধত ভাল টোপনি আহে।

 

গৰমত মাছ-মাংস কমাই খাওক -

আমি সকলোৱে জানো যে মাংস হ’ল প্ৰ’টিনজাতীয় খাদ্য। প্ৰতি ১০০ গ্ৰাম মাংসত ১৫-২০ শতাংশ চৰ্বিৰ উপৰি ফ্ৰী কলেষ্টেৰলো থাকে। সেয়ে বেছিকৈ মাংস খালে কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়। গৰমৰ দিনতে বেছি মাংস খালে হজমৰ সমস্যাই দেখা দিয়ে। প্ৰয়োজনতকৈ অধিক প্ৰ’টিন গ্ৰহণ কৰাসকলৰ এই সমস্যা হোৱা দেখা যায়। বিশেষকৈ বয়সিয়াল ব্যক্তিসকলে বয়স বাঢ়ি যোৱাৰ লগে লগে মাংস খোৱাৰ অভ্যাস কমাই আনিব লাগে। মাংসৰ পৰা পোৱা প্ৰতিগ্ৰাম প্ৰ’টিনত বহুত কেলৰি পোৱা যায়। বেছিকৈ মাংস খালে কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিয়ে। এই সমস্যাৰ পৰা এৰাই চলিবলৈ মাংস কম খোৱাৰ উপৰি ভালদৰে সিজাই খাব লাগে। একেদৰে, বেছিকৈ কণী খোৱাসকলে কুহুমটো খাব নালাগে। তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ’লে ৰক্ত নলী আৰু হৃদযন্ত্ৰৰ সমস্যাই গা কৰি উঠাৰ সম্ভাৱনা থাকে। গৰমৰ দিনত এচিডিটিৰ সমস্যাও বৃদ্ধি পায়। সেয়ে হজম কৰিব পৰা খাদ্য খাব লাগে। বেছি তেল থকা মাছ খাব নালাগে। বেছিকৈ মাছ খালেও গৰমত কেতিয়াবা বদহজম  হ’ব পাৰে।

 

ওঁঠযুৰি ভালে ৰাখিবৰ বাবে -

*মিঠাতেলেৰে লিপষ্টিক উঠাবলৈ চেষ্টা কৰিব।

*ৰাতি শোৱাৰ সময়ত গ্লিচাৰিনেৰে ওঁঠযুৰি মালিচ কৰিব।

*সম্ভৱ হ’লে দিনে একাপকৈ গাজৰৰ ৰস খাব। তেনে কৰিলে ওঁঠৰ উজ্জ্বলতা বাঢ়িব।

*গৰ্ভৱতী মহিলাই লিপষ্টিক লগোৱাৰ আগতে সামান্য পৰিমাণে মৌ লগাই ল’লে ওঁঠযুৰি ভালে থাকে।

*নিয়মীয়া লিপষ্টিক লগালে ওঁঠ ক’লা পৰিব পাৰে। এনে অৱস্থাত দিনে দুবাৰকৈ তিয়ঁহৰ ৰস আৰু নেমুৰ ৰস মিহলাই ওঁঠত লগাব লাগে।

*লিপষ্টিক লগালে ওঁঠত কেতিয়াও পাউডাৰ লগাব নালাগে। পাউডাৰ লগালে ওঁঠ শুকাই ফাটিবলৈ ধৰে।

 

প্ৰতিদিনে কিমান পানী খোৱা উচিত -

এজন মানুহে প্ৰতিদিনে কিমান পানী খাব লাগে সেই বিষয়ে বিভিন্নজনে বিভিন্ন মত পোষণ কৰে। সম্প্ৰতি চিকিৎসা বিজ্ঞানত প্ৰকাশ পোৱা তথ্য অনুসৰি এজন মানুহে প্ৰতিদিনে কিমান পানী খাব লাগে সেইটো নিৰ্ভৰ কৰে তেওঁৰ ওজনৰ ওপৰত। অৰ্থাৎ-

 

শৰীৰৰ ওজন

পানীৰ পৰিমাণ

৪৫ কেজি

১.৯ লিটাৰ

৫০ কেজি

২.১ লিটাৰ

৫৫ কেজি

২.৩ লিটাৰ

৬০ কেজি

২.৫ লিটাৰ

৬৫ কেজি

২.৭ লিটাৰ

৭০ কেজি

২.৯ লিটাৰ

৭৫ কেজি

৩.২ লিটাৰ

৮০ কেজি

৩.৫ লিটাৰ

৯০ কেজি

৩.৯ লিটাৰ

৯৫ কেজি

৪.১ লিটাৰ

১০০ কেজি

৪.৩ লিটাৰ

 

উৎস: নিয়মীয়া বাৰ্তা

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top