অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

দাঁতৰ কাৰণে কি খাব?

প্ৰতিদিনে ৮০০ মিলিগ্ৰামকৈ কেলচিয়াম খালে দাঁতৰ আলুৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে। গাখীৰ, চীজ আদি খাদ্যই প্ৰচুৰ পৰিমাণে কেলচিয়ামৰ যোগান ধৰে যিয়ে দাঁতৰ মাৰিৰ হাড় শক্তিশালী কৰে।

পঞ্চাশ বছৰৰ তলৰ মহিলাই দিনে এহাজাৰ মিলিগ্ৰামকৈ আৰু পঞ্চাশ বছৰৰ ওপৰৰ মহিলাই বাৰশ মিলিগ্ৰামকৈ কেলচিয়াম খোৱা উচিত। এনে অভ্যাসে দাঁত আৰু আলু মজবুত কৰে।

ভিটামিন চিক আমাৰ শৰীৰৰ বাবে চিমেন্ট বুলি ধৰিব পাৰি। কিয়নো ই শৰীৰৰ কোষসমূহৰ ইটোৰ লগত আনটোক জোৰা লগাই ৰাখে।

ভিটামিন চি যিদৰে আমাৰ ছালখনৰ বাবে প্ৰয়োজনীয় সেইদৰে ই আমাৰ দাঁতৰ আলুৰ টিছুসমূহ স্বাস্থ্যৱান কৰি ৰাখিবলৈ আৱশ্যকীয়।

ৰাফেলৰ নিউয়ৰ্ক ইউনিভাৰ্ছিটীৰ অন্তৰ্গত ষ্টেট ইউনিভাৰ্ছিটীয়ে বাৰ হাজাৰ প্ৰাপ্তবয়স্ক লোকৰ ওপৰত চলোৱা এটা সমীক্ষাত এই কথা প্ৰমাণ হৈছে যে যিসকল লোকে দিনে ৬০ মিঃগ্ৰামতকৈ কম ভিটামিন চি খায় সেইসকলৰ দাঁতৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি। দিনে ১৮০ মিঃগ্ৰাম বা ততোধিক ভিটামিন চি খোৱা লোকৰ দাঁতৰ আলু ৰোগ কমকৈ হয়।

শুদ্ধ ভংগিমাৰ দিহা:

  1. তলৰ পৰা গধুৰ বস্তু উঠাওঁতে গাটো বেঁকা কৰি কেতিয়াও উঠাব নালাগে। প্ৰথমতে বহি লৈ তাৰ পিছত বস্তুটো উঠাব লাগে।
  2. গাটো এফালৰ পৰা আনফালে ঘূৰাওঁতে প্ৰথমতে ঘূৰাব লাগে ভৰি দুখন, তাৰ পিছতহে গাটো ঘূৰাব লাগে।
  3. টেবুলত লিখা-পঢ়া কৰোঁতে ডিঙি আৰু পিঠি চিধা কৰি ৰাখিব লাগে।
  4. ল’ৰা-ছোৱালীক বিছনাত শুই পঢ়িব দিব নালাগে।
  5. গৱেষণাৰ পৰা প্ৰমাণ হৈছে যে শুদ্ধ ভংগিমাত শৰীৰটো ৰাখিলে বস্তু বিষৰ ৰোগৰ পৰা আঁতৰত থাকিব লাগে।

কাণৰ অস্থিকাঠিন্য ৰোগ -

মানৱগ কৰ্ণৰ ই এক বিশেষ ধৰণৰ ৰোগ। এই ৰোগত এখন বা দুয়োখন কাণৰ মধ্যকৰ্ণৰ শব্দ পৰিবাহী অস্থিবোৰত কাঠিন্য ৰোগ হৈ এইবোৰ আঠা লাগি ধৰে আৰু লৰচৰ কৰিব নোৱাৰা হয়। ফলত শব্দ পৰিবহণত বাধা প্ৰাপ্ত হয় আৰু শ্ৰৱণ শক্তি হ্ৰাস পায়।

এই ৰোগ সাধাৰণতে মধ্য বয়সত আৰম্ভ হৈ ক্ৰমান্বয়ে বাঢ়ি যায়। পৰিবাহী আৰু স্নায়ুজনিত বধিৰতা হোৱা দেখা যায়। ককেচিয় শ্ৰেণীৰ লোকসকলৰ মাজত এই ৰোগ অধিক পৰিমাণে দেখা যায়।

বহু লোকৰ ক্ষেত্ৰত এই ৰোগ অধিক বংশাণুক্ৰমিকভাৱে হোৱা দেখা যায়। পুৰুষতকৈ স্ত্ৰীৰ ক্ষেত্ৰত এই ৰোধ অধিক হোৱা দেখা যায়। মধ্যকৰ্ণৰ মেলিয়াছ, ইনকাছ আৰু ষ্টাপিছ নামৰ তিনিডাল শব্দ পৰিবাহী অস্থি থাকে। এই অস্থি শৃংখলাই মধ্যকৰ্ণৰ পৰ্দাৰ পৰা শব্দবোৰ অন্তঃকৰ্ণলৈ পৰিবহণ কৰে। ষ্টাপিছ অস্থিৰ পদফলকত এই ৰোগে আক্ৰমণ কৰি লৰচৰ কৰিব নোৱাৰা কৰে। ফলত অন্তঃকৰ্ণলৈ পৰিবহণত বাধাপ্ৰাপ্ত হয়, অস্থি কাঠিন্য ৰোগ মধ্যকৰ্ণ আৰু অন্তঃকৰ্ণৰ বিভিন্ন স্থানত হ’ব পাৰে।

মাত্ৰা অনুসৰি এই ৰোগত তিনিভাগত বিভক্ত কৰা হয়।

এই ৰোগত অন্তঃকৰ্ণৰ শ্ৰৱণ শক্তি ভাল হৈ থাকে। সেয়েহে এইক্ষেত্ৰত-

  1. অস্ত্ৰোপচাৰ আৰু
  2. শ্ৰৱণ যন্ত্ৰৰ ব্যৱস্থাৰ- এই দুই ধৰণে চিকিৎসা কৰা হয়।

অস্ত্ৰোপচাৰ:

মধ্যকৰ্নৰ অস্থি কাঠিন্য ৰোগত বিশেষজ্ঞসকলে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ষ্টাপিছ অস্থিৰ পদফলকত অস্ত্ৰোপচাৰ কৰে। এই পদফলকত মাইক্ৰ’ড্ৰিল বা লেডাৰ ৰশ্মিৰ সহায়ত ছিদ্ৰ কৰা হয়। তাৰ পাছত ইনকাছ অস্থিৰ পৰা অন্তঃকৰ্ণলৈ শব্দ পৰিবহণ পুনৰ স্থাপন হয়।

এই অস্ত্ৰোপচাৰ স্থানীয় সংজ্ঞা হৰণ পদ্ধতিত কৰা হয়। ফলত ৰোগীয়ে তৎক্ষণাৎ শুনিবলৈ সক্ষম হয়। এই অস্ত্ৰোপচাৰ অতি দক্ষতাৰে নকৰিলে শ্ৰৱণ শক্তি লোপ পোৱাৰ সম্ভাৱনা আছে।

শ্ৰৱণ যন্ত্ৰৰ ব্যৱহাৰ:

ৰোগী অস্ত্ৰোপচাৰ কৰিবলৈ আগ্ৰহী নহ’লে বা অস্ত্ৰোপচাৰৰ বাবে উপযুক্ত নহ’লে শ্ৰৱণ যন্ত্ৰ দিয়া হয় আৰু ৰোগীয়ে শুনিবলৈ সক্ষম হয়। কিছুমান ক্ষেত্ৰত কাণৰ কাষৰ হাড়ত অস্ত্ৰোপচাৰ কৰি বিশেষ ধৰণৰ শ্ৰৱণ যন্ত্ৰ স্থাপন কৰা হয়।

এই ৰোগ বয়সৰ লগে লগে ক্ৰমান্বয়ে বাঢ়ি যায় আৰু শেষ বয়সত অধিক বধিৰতা ৰোগত ভুগিবলগীয়া হয়। এই ৰোগত ঔষধ ব্যৱহাৰ কৰি এতিয়াও বিশেষ সুফল লাভ কৰা হোৱা নাই। অট’ফ্লৰ নামৰ ছডিয়াম ফ্ল’ৰাইড ব্যৱহাৰ কৰা হয় যদিও ফলাফল উৎসাহজনক নহয়।

সু-স্বাস্থ্যৰ বাবে মানসিক শান্তি -

মানুহৰ জীৱনটো কেতিয়াও অসম্পূৰ্ণভাৱে সমস্যামুক্ত নহয়। কোন সময়ত কেতিয়া বিপদ আহে, সেই কথা কোনেও নাজানে। বিপদ আহিলে স্বাভাৱিকতে আপুনি বিচলিত হ’ব। কিন্তু সাৱধান হ’ব যাতে কেতিয়াও ধৰাশায়ী হোৱাকৈ বিচলিত নহ’ব। কেতিয়াবা এনেও হয় যে এটাৰ পিছত আন এটাকৈ বিপদৰ লানি লাগে। বিপদত বিচলিত নহ’ব, এনে কথাও হ’ব নোৱাৰে।

কিন্তু যিহেতু মৃত্যু পৰ্যন্ত মানুহ জীয়াই থাকিবই লাগিব, গতিকে যিমানদূৰ সম্ভৱ ধৈৰ্য ধৰি বিপদৰ আঘাতো সহ্য কৰিবলৈ চেষ্টা কৰিব লাগিব।

তাকে কৰিব নোৱাৰিলে ইটোৰ পিছত সিটোকৈ চাইকছমেটিক ৰোগে, অৰ্থাৎ দুশ্চিন্তাই শৰীৰত সৃষ্টি কৰা ৰোগে মানুহক আক্ৰমণ কৰিয়েই থাকিব। বিপদ বা সংকটৰ সন্মুখত মানসিক প্ৰশান্তি ৰক্ষা কৰিব নোৱাৰাটো হ’ল বহুতো ৰোগৰ প্ৰধান কাৰণ।

বদহজমৰ পৰা হাত সাৰিবলৈ -

আপোনাৰ বাৰু মাজে মাজে বদহজম হয় নেকি? এই বদহজমৰ সমস্যাটো আপুনি ইচ্ছা কৰিলেই এৰাই চলিব পাৰে। খাদ্যাভ্যাসৰ ওপৰত এই সমস্যা বহুখিনি নিৰ্ভৰ কৰে। আপোনাৰ অকণমান খাদ্য সচেতনতাই এই সমস্যাৰ পৰা নিলগত ৰখাত সহায় কৰিব।

আহাৰ গ্ৰহণ কৰোঁতে পানী খোৱাৰ অভ্যাস আছে যদি আজিয়েই ত্যাগ কৰক। আহাৰ খোৱা অন্ততঃ আধাঘন্তা পিছতহে পানী খাওক। আহাৰ গ্ৰহণ কৰোঁতে বেছিকৈ বাৰ্তালাপ নকৰিব।

এনে কৰিলে খাদ্যৰ লগত বতাহ বেছিকৈ সোমায়। ফলত খাদ্য হজম হোৱাত ব্যাঘাত জন্মে। খাদ্য সদায় ভালদৰে চোবাই খাব লাগে। সঠিকভাৱে চোবালে আহাৰ হজম হোৱাত সহায় হয়।

বদহজমৰ পৰা ৰেহাই পাবলৈ কম চৰ্বিযুক্ত আহাৰ, মচলাবিহীন খাদ্য, মদ আদিৰ পৰা বিৰত থকাই শ্ৰেয়। দিনত কোনো কাৰণত তেনে আহাৰ গ্ৰহণ কৰিব লগা হ’লেও ৰাতি তেনে আহাৰ গ্ৰহণ কৰাটো তেনেই অনুচিত।

খোৱাৰ সময়ত অযথা টেনছন লৈ আহাৰ গ্ৰহণ নকৰিব। বেছি পৰিমাণৰ এচিডযুক্ত খাদ্য গ্ৰহণ নকৰাই ভাল। যেনে- বিলাহী আদি কম পৰিমাণে খোৱা উচিত। অতিৰিক্ত আহাৰ কোনো কাৰণত গ্ৰহণ কৰিব নালাগে।

আহাৰ খাওঁতে পিছত অলপ খাব পৰাকৈ গ্ৰহণ কৰিব লাগে। অতিৰিক্ত আহাৰে হজম হোৱাত ব্যাঘাত জন্মায়। আহাৰ গ্ৰহণ কৰিয়েই বিছনাত বাগৰি দিব নালাগে। আহাৰ গ্ৰহণ কৰাৰ দুঘন্টামানৰ পিছতহে বিছনালৈ যাব লাগে।

মাজে মাজে আহাৰৰ লগত নহৰু খোৱাৰ অভ্যাস কৰক। নহৰুৱে পাকস্থলীৰ কেঞ্চাৰ আৰু ক’লন কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে।

উৎস: নিয়মীয়া বাৰ্তা

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top