অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

হ’বলগীয়া মাতৃসকললৈ কেতবোৰ পৰামৰ্শ -

  • স্বাস্থ্যকৰ আৰু সুষম আহাৰ এগৰাকী সন্তানসম্ভৱা মাতৃৰ বাবে অতিকৈ প্ৰ্য়োজনীয়।
  • পৰিমাণতকৈ আহাৰৰ গুনগত দিশৰ ওপৰত নজৰ ৰাখিব লাগে।
  • সহজে হজম হোৱা পাতল আহাৰ দুই – তিনি ঘন্টাৰ বিৰতিত গ্ৰহন কৰিব লাগে।
  • ৰক্ত উৎপাদন আৰু কোষ গঠনত সহায়  হোৱা প্ৰ’টিনযুক্ত আহাৰ, যেনে – মাংস, মাছ, কণী, চিজ, পনিৰ, দাইল, উৰহী আদি প্ৰচুৰ পৰিমানে খাব লাগে।
  • সেউজীয়া শাক-পাচলি উত্তম আহাৰৰ অন্তৰ্ভূক্ত।
  • কেঁচা অথৱা আংশিকভাৱে সিদ্ধ কণী বা আন আহাৰ বৰ্জনীয়।
  • কেফেইনযুক্ত দ্ৰব্য যেনে কফী বা চাহ তেনেই কম পৰিমানে গ্ৰহন কৰাটো ভাল।
  • প্ৰ্চুৰ পৰিমানে পানী খাওক।
  • এই সময়ছোৱাত সাধাৰণতে বমিৰ ভাৱ হয়। আদাই এইক্ষেত্ৰত আপোনাক সহায় কৰিব।
  • সন্তান গৰ্ভত থকাৰ সময়ত ধূমপান এৰাই চলিব লাগে।
  • মদ এৰাই চলক।
  • ধূমপান কৰা ব্যক্তিৰ পৰা গৰ্ভবতী মহিলা আঁতৰি থকা উচিত।
  • গৰ্ভধাৰণৰ প্ৰথম তিনি মাহ আৰু শেষৰ ছয় সপ্তাহত গাড়ীৰে ভ্ৰমন কৰোঁতে সাৱধান হ’ব, খলা –বমা পথ বা জোকাৰণি এৰাই চলিব।
  • দীঘলীয়া সময়জুৰি ভ্ৰমন নকৰিব।
  • ভ্ৰমনলৈ যাওঁতে আহাৰ আৰু পানী লগত নিব আৰু চিকিৎসাকৰ বিষয়ে বিত্ং তথ্য আগতীয়াকৈ জানি ল’ব।

লেখিকা: ডাঃ কল্পনা চৌধুৰী (নিয়মীয়া ৱাৰ্তা)

বিজ্ঞাপন দেখি খাদ্য আৰু পানীয় নিকিনিব -

বৃহৎ খাদ্য প্ৰস্তুতকাৰী কোম্পানীবোৰে তেওঁলোকে প্ৰস্তুত কৰা খাদ্য আৰু পানীয়ৰ প্ৰতি গ্ৰাহকক আকৃষ্ট কৰিবলৈ বহু টকা খৰছ কৰে, বিজ্ঞাপনৰ দ্বাৰা গ্ৰাহকক পতিয়ন নিয়াবলৈ চেষ্টা কৰা হয় যে এনেকুৱা স্বাস্থ্যবৰ্ধক আহাৰ আৰু পানীয় খালে মানুহ শক্তিশালী, চিৰ তৰুন আৰু দীৰ্ঘজীৱী হয়। অতি আকৰ্ষনীয় ৰংচঙীয়া পেকেটত এই খাদ্য আৰু পানীয়বোৰ বজাৰত মুকলি কৰি দিয়া হয়। স্বাস্থ্য ভাল কৰাৰ লোভত মানুহেও সেইবোৰক বিনা বিচাৰে গোগ্ৰাসে খায়।

আচলতে এনেকুৱা বেছিভাগ খাদ্য আৰু পানীয়ই মানুহৰ কাৰণে অপকাৰী। ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ সময়ত বা স্বাভাৱিক খাদ্য খাব নোৱাৰাৰ সময়ত বজাৰত কিনিবলৈ পোৱা যায়। প্ৰকৃততে এনে খাদ্যৰ প্ৰয়োজন নাই। কোৱা বাহুল্য যে বজাৰত পেকেট কৰি বিক্ৰী কৰা খাদ্য বা পানীয়ৰ গুনাগুণ অতিৰঞ্জিত কৰি প্ৰচাৰ কৰা হয়। শৰীৰৰ ওজন কমাব পৰা কোনো খাদ্য নাই। ওজন কমাবলৈ হ’লে শাৰীৰিক সক্ৰিয়তা বঢ়াব নোৱাৰি। বজাৰত কিনিবলৈ পোৱা দামী খাদ্য আৰু পানীয়ই আমাক সাময়িকভাৱে কিছু সকাহ দিয়ে। কিন্তু দীৰ্ঘদিন ব্যৱহাৰ কৰিলে শাৰীৰিক ক্ষতি হয়।

উৎস: নিয়মীয়া বাৰ্তা

আপুনি খোৱা গাখীৰ বিশুদ্ধনে -

গাঁৱৰ বেছিভাগ মানুহৰ ঘৰতে গৰু পোহে বাবে বিশুদ্ধ গাখীৰ খাবলৈ পায়। কিন্তু নগৰীয়া অঞ্চলত সৰহভাগ মানুহেই গুৱালৰ গাখীৰ খায়। গুৱালৰ গাখীৰত পানী মিহলাই বেছি কৰাৰ এটা বদনাম আছে। অৱশ্যে এই বদনাম সম্পূৰ্ণভাৱে নুই কৰিব নোৱাৰি। যিহেতু গাখীৰ খোৱাটো আমাৰ অভ্যাস, সেয়ে সাধাৰণ কেইটামান পৰীক্ষা কৰিয়েই গাখীৰৰ বিশুদ্ধতাৰ বিষয়ে জানিব পাৰি-

ক)এটা লেক্টমিটাৰ কিনি ল’ব। লেক্টমিটাৰেৰে পৰীক্ষা কৰিলে পানী মিহলাইছেনে নাই আৰু যদি মিহলাইছে কিমান মিহলাইছে জানিব পাৰি।

খ)বেছিভাগ গুৱালে গাখীৰত ষ্টাৰ্ছ মিহলাই ডাঠ কৰে। এনে কৰোঁতে যদি কৰ্নফ্লৰে মিহলাইছে, তেন্তে লেক্টমিটাৰেৰে পৰীক্ষা কৰিলেও গম পোৱা নাযায়। আপুনি ৰঙচুৱা টিনচাৰ আয়’ডিন এটোপাল অকনমান গাখীৰত দি দিয়ক। যদিহে ষ্টাৰ্ছ মিহলাইছে, তেন্তে গাখীৰৰ ৰং নীলা হ’ব।

গ)চৰকাৰী-বেচৰকাৰী ছীল মৰা কোম্পানীৰ গাখীৰ খোৱা অভ্যাস কৰক।

উৎস: নিয়মীয়া বাৰ্তা

নখচুকীয়া হ’লে কি কৰিব -

নখচুকীয়া হ’ল হাত বা ভৰিৰ নখবোৰক আবৰি ৰখা ছালৰ ভাজ আৰু অন্য কলাসমূহৰ প্ৰদাহ হৈ ৰঙা পৰি বিষ হোৱা আৰু ফুলি যোৱা এক অৱস্থা। ই হঠাৎ আৰম্ভ হৈ তীব্ৰ লক্ষণযুক্ত হ’ব পাৰে বা দীৰ্ঘস্থায়ী হৈ নখ আৰু ইয়াৰ কাষৰ কলাসমূহৰ ক্ষতি কৰিব পাৰে। সাধাৰণতে গৃহিণী, ঘৰুৱা কাম-বন কৰা লোক, বেছিকৈ বাচন ধোৱা লোক, ধোবা, মাছ-মাংস কটা বচা কৰা ব্যক্তি, কৃষিকৰ্মত নিয়োজিত হোৱা ব্যক্তি আৰু লেবৰেটৰীত কাম কৰা ব্যক্তিৰো হোৱা দেখা যায়। দীৰ্ঘ সময় ধৰি পানীত হাত-ভৰি তিতি থাকিলে আৰু নখত চাবোন বা ক্ষাৰযুক্ত দ্ৰব্য লাগি থাকিলে নখত প্ৰথমে ঘাঁ লাগে। তাৰ ওপৰত লাহে লাহে বেক্টেৰিয়াৰ সংক্ৰমণ হয়। এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰথমেই ক্ষতিকাৰক দ্ৰব্যৰ পৰা আঁতৰত থকা প্ৰয়োজন। কাম কৰি উঠি হাত-ভৰিৰ নখ কম ক্ষাৰযুক্ত চাবোনেৰে ধুই ভালদৰে পৰিষ্কাৰ কৰি শুকান কৰি ৰাখিব লাগে। কেতিয়াবা নখৰ কাষবোৰ ভিতৰৰ ফালে সোমাই যোৱাৰ ফলত নখৰ চুকবোৰৰ বিষ হয়। তেনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। বেছিদিন নেইল পেইন্ট লগাই থোৱাটোও নখৰ বাবে ক্ষতিকাৰক।

উৎস: নিয়মীয়া বাৰ্তা

স্বাস্থ্যৰ বাবে সাঁতোৰ -

ল’ৰালি কালত আমি গাঁৱৰ নদীত সাঁতুৰিছিলোঁ। কিন্তু সাঁতোৰ যে স্বাস্থ্যৰ কাৰণে উপকাৰী কোনোদিনেই ভবা নাছিলোঁ। নদীত সাঁতুৰিব পাৰোঁ- এইটোৱেই আছিল আমাৰ গৌৰৱ। বহুতে এনে গৌৰৱ অৰ্জনৰ বাবেই নগৰে-চহৰে গঢ়ি উঠা ছুইমিং পুল অথবা গুৱাহাটীৰ দীঘলীপুখুৰীৰ লেখীয়া আন আন অঞ্চলত থকা সৰু-বৰ পুখুৰীত নিজৰ ল’ৰা-ছোৱালীক প্ৰশিক্ষকৰ লগত সাঁতোৰৰ প্ৰশিক্ষণ ল’বলৈ দিয়ে, যাতে কেতিয়াবা পানীত হোৱা দুৰ্ঘটনাৰ বাবে নিজকে বচাব পাৰে। আত্মৰক্ষাৰ উপৰি সাঁতোৰে যে আমাৰ স্বাস্থ্য ৰক্ষাত অনেক অৰিহণা যোগায় তাক বহুতে ভাবিয়েই নাচায়। খোজ কঢ়া, জগিং কৰা আদিতকৈও সাঁতোৰে দেহৰ হাত-ভৰিৰ মাংসপেশীৰ সঞ্চালন বেছি কৰে। সাঁতুৰি থাকোঁতে দেহৰ ৰক্ত সঞ্চালন আৰু অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায় আৰু সেইবাবেই হৃদপিণ্ডই ৰক্তপাম্প কৰি হৃদ ধমনীৰে খৰতকীয়া গতিৰে দেহৰ কোষসমূহলৈ প্ৰেৰণ কৰে। দেহৰ ওজন কমাবলৈ পৰা ব্যায়ামৰ ভিতৰত সাঁতোৰেই অতি উত্তম মাধ্যম। এজন মানুহৰ ওজন যদি এহাজাৰ পাউণ্ড, তেনেহ’লে তেওঁ প্ৰতি ঘন্টাত ৩২৫ কেল’ৰি শক্তি দহন কৰিব পাৰে। অৱশ্যে এইক্ষেত্ৰত প্ৰতি মিনিটত ১৫০ ফুট গতিত সাঁতুৰিব লাগিব। লগে লগে দেহৰ ওজনৰ লগতে কেল’ৰি দহনৰ গতিও বৃদ্ধি পাব। আজিকালি বয়সিয়াল লোকেও ছুইমিং পুলত সাঁতোৰ শিকিব বিচাৰে। কিন্তু সাঁতোৰৰ প্ৰশিক্ষণ লোৱাৰ আগতে চিকিৎসকৰ হতুৱাই দেহটো পৰীক্ষা কৰি লোৱা বাঞ্ছনীয়া যিসকলৰ হাৰ্টৰ অসুখ আছে অথবা ডায়েবেটিছ ৰোগত ভুগিছে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। নতুন লোকে অকলশৰে কেতিয়াও সাঁতুৰিব নালাগে। লগত প্ৰশিক্ষক থাকিলে মংগল। ভুলকৈ সাঁতুৰিলে তেজৰ সঞ্চালনত বিজুতি ঘটিব পাৰে। সদায় খালী পেটেৰেহে সাঁতুৰিব লাগে। ভৰা পেটে সাঁতুৰিলে দেহৰ মাংসপেশীৰ পঞ্চাঘাত ৰোগ হ’ব পাৰে। মনত ৰাখিব সাঁতোৰাৰ আগতে দহ মিনিটমান ব্যায়াম কৰি দেহটো গৰম কৰি ল’ব লাগে, যাতে উশাহ-নিশাহ প্ৰক্ৰিয়া আৰু ৰক্ত সঞ্চালনৰ গতি বৃদ্ধি পায়। ঠিক তেনেদৰে সাঁতোৰাৰ পিছত দেহাটো ঠাণ্ডা কৰি ল’লে দেহত লাহে লাহে স্বাভাৱিক উত্তাপ বৃদ্ধি পাব আৰু ধমনীৰ গতিও স্বাভাৱিক হ’ব। যদি উশাহ-নিশাহত কষ্ট হয়, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। নিয়মিত পৰিমাণত সাঁতুৰিলে মনৰ দৃঢ়তা বাঢ়ে, চিন্তামুক্ত হয়, হাত-ভৰি, কঁকাল-পিঠিৰ মাংসপেশীৰ শক্তি বৃদ্ধি পায় আৰু ৰাতি গভীৰ টোপনি হয়।

লেখক: পবিত্ৰ কুমাৰ পাটোৱাৰী(নিয়মীয়া বাৰ্তা)

সুন্দৰ ছালৰ কাৰণে ভিটামিন ‘ই’ -

আপুনি যদি এজন কোমল, নৰম আৰু যৌৱনসুলভ ছালৰ অধিকাৰী হ’ব খোজে, তেন্তে এই কথা নিশ্চয়কৈ জানিব যে তাৰ কাৰণে ভিটামিন ‘ই’তকৈ অধিক ফলদায়ক বস্তু আন একোৱেই নাই। এইবিধ ভিটামিনে ছালখন পুনৰ সজীৱ কৰি তোলে। বয়সৰ প্ৰভাৱত ছালত যিবোৰ দাগ আৰু বলিৰেখা পৰে, সেইবোৰো ভিটামিন ‘ই’য়ে নোহোৱা কৰে। কিন্তু ছাল সুন্দৰ কৰাৰ আশাত ভিটামিন ‘ই’ টপাটপ গিলাৰ আগতে আপুনি চিকিৎসকৰ এটা সাৱধান বাণী সদায় মনত ৰাখিব। সেয়া হ’ল ভিটামিন ‘ই’ পানীত গলি নাযায়, ফলত ই শৰীৰত জমা হৈ থাকে। আপুনি যদি চাৰিশ মিলিগ্ৰামৰ একোটা ভিটামিন ‘ই’ কেপছুল বছৰত মাত্ৰ পোন্ধৰ দিনৰ কাৰণে খায়, তেন্তে গোটেই বছৰটোৰ কাৰণে ছাল সজীৱ আৰু সুন্দৰ কৰি ৰাখিবলৈ সিয়েই যথেষ্ট।

উৎস: নিয়মীয়া বাৰ্তা

হাৰ্ট এটেক -

হৃদৰোগ মানে হৃদপিণ্ডৰ সিৰা-উপসিৰাত কলেষ্টেৰল জাতীয় পদাৰ্থ জমা হৈ তেজৰ নলী সৰু কৰি পেলোৱাৰ বাবে হৃদপিণ্ডৰ মাংসপেশী নষ্ট বা মৰি যোৱাটোকে বুজায়। হাৰ্টৰ অসুখৰ বাবে হোৱা মৃত্যুৰ ৫০ শতাংশ হয় হাৰ্ট এটেকৰ বাবে। কিন্তু হৃদৰোগৰ কাৰণসমূহ নিয়ন্ত্ৰণ কৰি ৰাখিলে আমি হৃদৰোগৰ পৰা আঁতৰি থাকিব পাৰোঁ। গতিকে হৃদৰোগৰ কাৰণ আৰু ইয়াৰ লক্ষণসমূহ আমি সকলোৱে জনা উচিত।

কাৰণ:

নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা কাৰণসমূহ -

  • উচ্চ ৰক্তচাপ(High BP)
  • মধুমেহ(Diabetes)।
  • ধূমপান(Smoking)
  • অত্যধিক মদ্যপান(Alchohol)
  • অতিৰিক্ত ওজন(Obesity)
  • অস্বাস্থ্যকৰ খাদ্যাভ্যাস(High Fatty Diet)
  • মানসিক চাপ বা বিষণ্ণতা(Mental Stress)।

বয়স:

বয়স বঢ়াৰ লগে লগে হৃদৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

লিংগ:

মহিলাতকৈ পুৰুষৰ হৃদৰোগত আক্ৰান্তৰ হাৰ বেছি।

হৃদৰোগৰ লক্ষণ -

বুকুৰ বিষ বা গধুৰ গধুৰ ভাব। যদি কোনো গধুৰ কাম কৰোঁতে নতুবা বেগাই খোজকাঢ়িবলগীয়া হ’লে বুকুৰ বিষ হয় আৰু অলপ সময় বিশ্ৰাম কৰাৰ লগে লগে বিষ কমি যায়, তেতিয়াহ’লে সেই বিষটো হৃদৰোগৰ লক্ষণ হ’ব পাৰে। বহু সময়ত বিষ ডিঙি, হাত, পিঠি বা ওপৰ পেটলৈও যাব পাৰে। কেতিয়াবা বমি বমি ভাব, শ্বাস-প্ৰশ্বাসত কষ্ট, অত্যধিক ঘাম ওলোৱা বা হঠাৎ অচেতন হৈ যোৱাও হৃদৰোগৰ আনুষংগিক লক্ষণ হ’ব পাৰে।

চিকিৎসা -

যদি কোনো লোকে হৃদৰোগৰ লক্ষণসমূহ অনুভৱ কৰে, তেতিয়াহ’লে অতি সোনকালেই ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকে প্ৰাথমিক পৰীক্ষা, ইচিজি আৰু তেজৰ পৰীক্ষা আৰু Echo Cardiography ৰ বাবে উপদেশ দিব পাৰে। পৰৱৰ্তী পৰ্যায়ত Coronary Angiography কৰা হয়, তেজৰ নলী ব্লক আছেনে নাই তাক চাবলৈ। যদিহে হৃদপিণ্ডৰ তেজৰ নলীত কোনো বাধা থাকে, তেন্তে অতি সোনকালেই তাক Angioplasty বা By-pass-Surgery কৰি খুলি দিব লাগে।

এইখিনি চিকিৎসা অতি কম সময়ৰ ভিতৰত নাপালে ৰোগীজন স্থায়ীভাৱে হৃদপিণ্ড দুৰ্বল বা মৃত্যুমুখত পৰিব পাৰে।

প্ৰতিৰোধ -

আমি সকলোৱে হৃদৰোগৰ আটাইবোৰ সমস্যা প্ৰতিৰোধ কৰিব নোৱাৰোঁ যদিও ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ তলত দিয়া নিয়মসমূহ মানি চলা উচিত-

১)ধূমপানৰ পৰা বিৰত থকা।

২)BP আৰু Blood Sugar নিয়মিতৰূপে পৰীক্ষা কৰা আৰু তাক নিয়ন্ত্ৰণ কৰি ৰখা।

৩)ওজন কমোৱা।

৪)দৈনিক ব্যায়াম। খৰকৈ খোজকঢ়া, দৌৰা আদি কমেও ৩০ মিনিট দৈনিক কৰিব লাগে।

৫)মানসিক চাপ কপোৱা। Meditation বা যোগাভ্যাস ইত্যাদি।

৬)সুষম আহাৰ। প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ফলমূল খাব লাগে।

লেখক: ডাঃ জয়ন্ত গগৈ(নিয়মীয়া বাৰ্তা)

সুখৰ দহটা মন্ত্ৰ -

১)পুৱা সোনকালে উঠক:

পুৱা সোনকালে বিছনা এৰিবলৈ যত্ন কৰক। প্ৰথমে অলপ কষ্ট হ’ব যদিও লাহে লাহে এইটো সম্ভৱ হৈ উঠিব। পুৱা সোনকালে উঠি দিনটোৰ কাম-কাজ আগতীয়াকৈ আৰম্ভ কৰিব। তেনে কৰিলে সময়ৰ নাটনিৰ বাবে কৰিবলৈ বাকী থাকি যোৱা কামৰ সমস্যাটো নোহোৱা হ’ব।

২)অত্যধিক কষ্ট পৰিহাৰ কৰক:

প্ৰয়োজনতকৈ বেছিকৈ কষ্ট কৰিলে স্বাস্থ্যৰ ক্ষতি কৰে। মানসিক চাপ বৃদ্ধি পাব। কামৰ আনন্দ ল’বলৈ চেষ্টা কৰক। পৰাপক্ষত দিনটোত কৰিবলগীয়া কামৰ এখন সূচী বনাই লওক। কামৰ মাজত জিৰণিৰ বাবেও কিছু সময় ৰাখিলে সুস্থভাৱে পৰিশ্ৰম কৰাত সহায় হয়।

৩)ধৈৰ্যশীল হ’বলৈ চেষ্টা কৰক:

অলপতে বিচলিত নহ’ব। মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। এনেধৰণৰ মানসিক প্ৰস্তুতিয়ে সকলো ব্যক্তিকে অধিক দায়িত্বশীল কৰি তোলে।

৪)ওজন কমাওক:

যদিহে আপোনাৰ শৰীৰৰ ওজন বেছি অৰ্থাৎ শৰীৰৰ চৰ্বী বেছি, তেতিয়াহ’লে ওজন কমাওক। ওজন কমালে কেৱল দেখাত ধুনীয়া হৈয়েই নাথাকিব, আপোনাৰ কৰ্মদক্ষতাও বৃদ্ধি পাব।

৫)সহানুভুতিশীল হওক:

আনৰ প্ৰ্তি দেখুওৱা সহমৰ্মিতাই সকলোৰে মনত আনন্দ দিয়ে। আনৰ দুখ-কষ্ট আৰু আনন্দৰ সমভাগী হওক। বেলেগৰ সমস্যাত সহায় কৰক। এনে মনোভাৱে বিমল আনন্দ দিয়ে।

৬)ব্যায়াম কৰক:

নিতৌ কিছু সময় ব্যায়ামৰ অভ্যাস কৰি শৰীৰ সুস্থ ৰাখিবলৈ চেষ্টা কৰক। ব্যায়ামে নিৰোগী হৈ থকাত সহায় কৰে।

৭)সুষম আহাৰ গ্ৰহণ কৰক:

শৰীৰ ভালে ৰাখিবলৈ যেনে ধৰণৰ আহাৰৰ প্ৰয়োজন, তেনে ধৰণৰ আহাৰ গ্ৰহণ কৰক। প্ৰথমে এই অভ্যাস কৰোঁতে কিছু কষ্ট হ’ব যদিও লাহে লাহে ভাল লাগিব। বেছিভাগ মানুহৰ আহাৰ স্বাস্থ্যসন্মত নহয়। অত্যধিক তেল-মচলাই খাদ্যৰ গুণ নষ্ট কৰে।

৮)ইতিবাচক চিন্তা কৰক:

ইতিবাচক চিন্তাধাৰাই বহু সমস্যাৰ সমাধান কৰে। সমস্যা এটা সমাধান কৰাৰ আগতে নেতিবাচক ধাৰণা লোৱা অনুচিত। সমস্যা সমাধান কৰাটো যথেষ্ট কঠিন। সকলো সমস্যাৰে সমাধান আছে।

৯)আয় চাই ব্যয় কৰক:

সদায় এখন বাজেট বনাইছে কাম কৰিব। বাজেট নিমিলিলে অতিৰিক্ত খৰচ কমাওক। এনে কৰিলে কেৱল আৰ্থিক নাটনিয়েই নহয়, আপোনাৰ মানসিক চাপো কমিব।

১০)জীৱনটো উপভোগ কৰক:

ডাঙৰ কৃতকাৰ্যতাত আনন্দ কৰাৰ লগতে জীৱনৰ দৈনন্দিন সৰুসুৰা ঘটনাবোৰো উপভোগ কৰক। পৰিয়ালৰ সকলো সদস্যৰ লগত হাঁহি-ধেমালিৰে কথা পাতিলে মানসিক দুশ্চিন্তা কম। সন্তানৰ লগত খেলক। ভাল লগা গান শুনক। কেতিয়াবা কেতিয়াবা বৰষুণত তিতি নাচিবলৈ চেষ্টা কৰক।

উৎস: নিয়মীয়া বাৰ্তা

নখৰ যত্ন -

ছাল আৰু চুলিৰ দৰে নখৰ যত্ন লোৱাটো খুব আৱশ্যক। নখৰ যদি নিয়মিত যত্ন লোৱা নহয়, তেনেহ’লে নখবোৰ পাতল হয় আৰু ভাঙি যায়। লগতে কেতিয়াবা ফাংগাছ বা বেক্টিৰিয়াৰ দ্বাৰা আক্ৰান্ত হয়। নখ কটাৰ আগতে সদায়ে ১৫ মিনিট কুহুমীয়া পানীত ভিজাই থ’ব লাগে আৰু তাৰ পাছত নখ কাটিব লাগে। নখ সদায় পৰিষ্কাৰ কৰি ৰখাটো আৱশ্যক। নখৰ বৃদ্ধি আৰু নখ পাতল নহ’বলৈ সদায়ে ভিটামিন আৰু কেলচিয়ামযুক্ত আহাৰ খোৱাটো বাধ্যতামূলক। নখত জেতুকা লগালে ফাংগাছ বা বেক্টেৰিয়া আক্ৰান্ত নহয়। ৰাতি শুৱাৰ আগতে কেশৰ তেল, বাদাম তেল নখত ঘঁহি শুলে নখ পাতল নহয় আৰু নখ কোমল হৈ থাকে।

ফাংগাছ বা বেক্টেৰিয়া আক্ৰান্ত ৰোগৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাধ্যতামূলক।

উৎস: নিয়মীয়া বাৰ্তা

চুলিৰ যতন -

সমগ্ৰ শৰীৰ আৰু মুখমণ্ডলত আৱৰি থকা ছালখনৰ যিদৰে যত্ন লোৱা বিধিসমূহ ওপৰত উল্লেখ কৰা হৈছে, ঠিক সেইদৰে আমাৰ শৰীৰৰ অপৰিহাৰ্য অংশ হিচাপে ছালৰ দৰে চুলিখিনিৰো যত্ন লোৱাটো খুবই প্ৰয়োজন। আজিকালি দেখা যায় যে খুব কম বয়সৰ পৰা ল’ৰা-ছোৱালীৰ চুলি পকে, চুলি সৰাৰ সমস্যাই দেখা দিয়ে। গতিকে ছালৰ যত্ন লোৱাৰ দৰে চুলিৰ সৌন্দৰ্য, চুলিৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ আমি ফলমূল, শাক-পাচলিকে ধৰি পানী খোৱাটো খুব আৱশ্যক। আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে যে পিত্ত আৰু বাত দোষৰ বাবে চুলি পকা বা চুলিৰ অন্যান্য সমস্যা, যেনে-

  • অকালতে চুলি সৰা,
  • চুলি পকা,
  • টকৌৱে খোৱা আদি সমস্যাই দেখা দিয়ে।

তদুপৰি-

  • খুব তেলেতীয়া খাদ্য,
  • ধূলি,
  • মানসিক চাপ,
  • শৰীৰত ফ’লিক এচিড,
  • কপাৰ,
  • জিংক আদিৰ অভাৱত চুলি পকে আৰু চুলিৰ নানা সমস্যাই দেখা দিয়ে।

তলত উল্লেখ কৰা বিধিসমূহ অৱলম্বন কৰিলে আমি চুলিৰ সমস্যাৰ পৰা হাত সাৰি থাকি পাৰোঁ-

১)চুলিৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে অতি কমেও ২.৫-৩ লিটাৰ পানী খোৱাটো খুব আৱশ্যক।

২)সেউজীয়া শাক-পাচলি, ফলমূল যি বতৰত উপলব্ধ হয়, খোৱাটো খুব আৱশ্যক।

৩)আমলখি নিতৌ ২ টাকৈ খাব লাগে, কাৰণ চুলিৰ বাবে ভিটামিন চি খুবেই আৱশ্যক।

৪)জবা ফুল, জবা ফুলৰ কুমলীয়া পাত, নাৰিকল তেলৰ লগত মিশ্ৰণ বনাই চুলিৰ গুৰিত ১৫ মিনিট ৰাখিলে চুলি মিহি হয়, চুলি গজে আৰু চুলি পকাৰ পৰাও উপশম পায়।

৫)ছালকুঁৱৰী, অলিভ অইল, মেথি পাউডাৰ, বাদামৰ পাউডাৰৰ লেপন বনাই চুলিৰ গুৰিত ১৫ মিনিট লগাই কোমল ছেম্পু দি চুলি ধুই দিলে মিহি, চুলি সৰা, চুলি পকাৰ পৰাও উপশম পায়।

৬)তিলৰ লেপন নিতৌ এবাৰকৈ লগালে চুলি নথকা ঠাইত চুলি গজিবলৈ লয়। তিলৰ তেল ব্যৱহাৰ কৰিলেও উপকৃত হয়।

৭)আমলখিৰ ৰস, নেমুৰ ৰস একেলগে মিহলাই চুলিৰ গুৰিত ১৫ মিনিট সানি ৰাখি থৈ দিলে সৰা আৰু উফিৰ পৰা হাত সাৰিব পাৰিব।

৮)অলিভ অইলৰ লগত কণীৰ বগা অংশটো মিহলাই সপ্তাহত দুবাৰকৈ লগালে চুলি মিহি হয়, চুলি ফটা আৰু খৰখৰীয়া ছালৰ পৰা উপশম পায়।

৯)এলোভেৰাৰ ৰসৰ লগত সমান পৰিমাণৰ আমলখিৰ ৰস চুলিৰ গুৰিত ১৫ মিনিট ৰাখিলে চুলি গজাবলৈ এলোভেৰাৰ ৰসৰ সৈতে মেথি পাউডাৰ আৰু বাদামৰ পাউডাৰ মিহলাই কৰা মিশ্ৰণ ১৫ মিনিট ঘঁহি হৈ দিলে চুলিৰ গুৰিত হোৱা লেতেৰা হ্ৰাস হয়।

১০)চুলি ঘন কৰিবলৈ আৰু চুলি গজাবলৈ এলোভেৰাৰ ৰসৰ সৈতে মেথি পাউডাৰ মিহলাই কৰা মিশ্ৰণ ১৫ মিনিট চুলিৰ গুৰিত লগালে ভাল ফল পায়। সপ্তাহত ২ বাৰকৈ দৈ চুলিৰ গুৰিত লগালে চুলি মিহি আৰু উজ্জ্বলতা বৃদ্ধি পায়।

১১)জেতুকাৰ পাত, পিঁয়াজ, মেথি পাউডাৰ, নাৰিকলৰ তেল, সপ্তাহত দুবাৰকৈ ঘঁহিলে চুলি ক’লা হয়, চুলি সৰা বন্ধ হয়, টকৌৱে খোৱা ঠাইত চুলি গজে।

১২)পিয়াঁজ আৰু নহৰু দি নাৰিকলৰ তেল গৰম কৰি অলপ কুহুমীয়া কৰি লৈ চুলিৰ গুৰিত ঘঁহিলে চুলি ঘন হয়, উজ্জ্বলতা বৃদ্ধি হয়, লগত টকৌৱে খালে উপশম পায়।

১৩)নৰসিংহ পাতৰ চাটনি, তিলৰ চাটনি খালে চুলি পকা, উফিৰ পৰা উপশম পায়।

ওপৰত উল্লেখ কৰা বিধিসমূহ ব্যৱহাৰ কৰিলে সুফল পাব পাৰি। যদি চুলিৰ বিশেষ সমস্যা থাকে, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসা লোৱাটো প্ৰয়োজনীয়।

উৎস: নিয়মীয়া বাৰ্তা

আহাৰত ছয় ৰসৰ ভূমিকা -

আমাৰ আহাৰ বা বিভিন্ন খাদ্য পদাৰ্থৰ সুষমতা আৰু স্বাদ বৈচিত্ৰ্যত ছয় ৰসৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ সমস্ত খাদ্য সম্ভাৰ ছয় ৰসৰ সৈতে সংযুক্ত। খাদ্য দ্ৰব্যৰ এই ছয় ৰসক আয়ুৰ্বেদ শাস্ত্ৰত ‘ষড় ৰস’ বুলি খ্যাত আৰু এই ছয় প্ৰকাৰৰ ৰস হৈছে-

১)মিঠা,

২)তিতা,

৩)টেঙা,

৪)লুণীয়া,

৫)কেঁহা আৰু

৬)জ্বলা।

আমাৰ দৈহিক পৰিপুষ্টিৰ ক্ষেত্ৰত উক্ত আটাইবোৰ ৰসৰে সুকীয়া সুকীয়া ভূমিকা আছে। আমাৰ আহাৰত বা ভোজ্য পদাৰ্থবিলাকত একত্ৰ একাধিক ৰসৰ সমাহাৰ ঘটে। এই আটাইবোৰ ৰসেই বিভিন্ন খাদ্যপ্ৰাণসমৃদ্ধ, শৰীৰৰ পুষ্টি আৰু মনৰ তুষ্টিত যিবিলাকৰ পৰিমিত বা সন্তুলিত ৰূপত এক বিশেষ ভূমিক থাকে। অৱশ্যে দুই-এক ৰস পৰস্পৰবিৰোধী প্ৰকৃতিৰ। ইয়াক একেলগে খালে বিৰুদ্ধভোজন হয়। যেনে- তিতাৰ সৈতে টেঙা বা টেঙাৰ সৈতে খাৰ খাব নলগাৰ বিধান আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি আহিছে।

১)মিঠা:

মিঠা ৰসৰ ৰজা বুলিব পাৰি। ই বাল-বৃদ্ধ সকলোৰে প্ৰিয়। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি এই মিঠাৰস বায়ু পিত্তনাশক, শক্তিবৰ্ধক, পুষ্টিকাৰক, চকু আৰু কন্ঠৰ বাবে উপকাৰী। ইয়াৰ আধিক্যত মধুমেহ, মেদবহুলতা, মেদবহুলতা, কৃমিৰ বৃদ্ধি আৰু কফৰ সৃষ্টি হ’ব পাৰে।

২)টেঙা:

টেঙা ৰস খাদ্যপ্ৰাণ ‘গ’ সমৃদ্ধ, সুস্বাস্থ্যত যাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই পাচক প্ৰকৃতিৰ লগতে ৰুচিকাৰক, ৰক্তবৰ্ধক, বায়ু নাশক আৰু পানীলগাকে ধৰি কৰ্কট ৰোগ পৰ্যন্ত প্ৰতিৰোধক। ইয়াৰো মাত্ৰাধিক সেৱনে দেহৰ অনিষ্ট কৰিব পাৰে।

৩)তিতা:

তিতা ৰস তেজ পৰিষ্কাৰক, কফ, কৃমিনাশক, পিত্ত প্ৰশমক, মেলেৰিয়া, বহুমূত্ৰ আদি প্ৰতিৰোধক। ইয়াৰ অধিক সেৱনে পিত্ত বঢ়ায়, শুক্ৰ ক্ষয় কৰে।

৪)লুণীয়া:

ই ৰুচিকাৰক আৰু পাচক। ই মুখৰ দুৰ্গন্ধ আৰু মুখগহ্বৰৰ বীজাণু নাশ কৰিব পাৰে। ইয়াৰ আধিক্যই ৰক্তচাপ বঢ়ায়, অকালপক্কতা আনে।

৫)কেঁচা:

ই কন্ঠ আৰু জিভাৰ বাবে উপকাৰী। ৰক্তশোধক, দেহৰ ক্ষতস্থান পূৰক। অধিক সেৱনে হৃদপীড়া কৰিব পাৰে।

৬)জ্বলা:

ই গৰম প্ৰকৃতিৰ। শৰীৰৰ দূষিত পদাৰ্থ দূৰ কৰাত ইয়াৰ এক বিশেষ ভূমিকা আছে। ই ভোক বঢ়ায়, কৃমি দোষ কৰে, যৌন উত্তেজনা বঢ়ায়। ইয়াৰ মাত্ৰাধিক্যই গ্ৰহণী, পিত্ত আদি ৰোগ বৃদ্ধি কৰে।

আমাৰ খাদ্যৰ সুষমতাত এই আটাইবোৰ ৰসৰে এক বিশেষ ভূমিকা আছে যদিও পৰিমিত বা সন্তুলিত ৰূপতহে আমি এইবোৰ সেৱন কৰিব লাগে। মিঠা বেছিকৈ খোৱা, তিতা মুঠেও নোখোৱা প্ৰকৃতিৰ হ’ব নালাগে। আমাৰ দৈনন্দিন খাদ্য তালিকাত এই আটাইবোৰ ৰসৰ উপস্থিতিৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগে। যেনে- তিতাৰ সৈতে টেঙা বা টেঙাৰ সৈতে খাৰ খাব নালাগে। একেদিনাই আটাইবোৰ ৰস সমৃদ্ধ খাদ্য সেৱন কৰিলে হিতে বিপৰীত হ’ব পাৰে।

লেখক: ভুবনেশ্বৰ ডেকা(নিয়মীয়া বাৰ্তা)

শিশুৱে খেলি থাকোঁতে -

কেতিয়াবা শিশুৱে খেলি থাকোঁতে নাকৰ ফুটাৰে কোনো বস্তু সোমালে উলিয়াবলৈ কেতিয়াও চেষ্টা কৰিব নালাগে। যিটো নাকৰ ফুটাৰে বস্তুটো সোমাইছে তাৰ বিপৰীতে ফুটাটোৰে মিহি কোমল কাগজ এটুকুৰা সুমুৱাই দিব লাগে। এনে কৰিলে নাকটো পিৰপিৰাই শিশুটোৱে হাঁচিয়াব। তেতিয়া নাকত সোমোৱা বস্তুটো আপোনা-আপুনি ওলাই আহিব। অৱশ্যে তেতিয়াও যদি বস্তুটো নাকৰ পৰা বাহিৰ ওলোৱা নাই, তেন্তে ঘৰত চেষ্টা নকৰি শিশুটিক ততালিকে নাক, কাণ, আৰু ডিঙি চিকিৎসকৰ ওচৰলৈ আনিব লাগে।

শৈশৱতে শিশুৱে খেলি থাকোঁতে নানা ধৰণৰ আকস্মিক দুৰ্ঘটনাৰ সন্মুখীন হয়। কেতিয়াবা শিশুৱে দুখ পাই নাকৰ পৰা তেজ ওলাবলৈ ধৰে। এনে অৱস্থাত শিশুটিক কেতিয়াও সন্মুখৰ ফালে হাউলি বহিবলৈ দিব নালাগে। বৰফ বা ঠাণ্ডা পানীত কোমল কাপোৰ তিয়াই লৈ নাকৰ ওপৰত দহ মিনিটমান ৰাখিব লাগে। এনেকৈ ৰাখোতে বেছিকৈ লৰচৰ কৰিবলৈ দিয়া অনুচিত। কপাহ তিয়াই পিঠিৰ পাছফালে আৰু ওপৰ ওঁঠতো দিব পাৰিলে ভাল। ইয়াৰ পিছতো যদি তেজ ওলোৱা বন্ধ নহয়, তেতিয়াহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

উৎস: নিয়মীয়া বাৰ্তা

ডায়েবেটিছ ৰোগ আৰু ভাত -

ডায়েবেটিক ৰোগী তথা যিসকলৰ দেহৰ ওজন নিয়ন্ত্ৰণৰ সমস্যা আছে, তেওঁলোকে মধ্যম জোখৰ এবাটি ভাত প্ৰতিদিনে নিশ্চিত মনে খাব পাৰে। তেওঁলোকে কেৱল মন কৰিব লাগে যাতে সিজোৱা ভাতৰ পৰা পানীখিনি সম্পূৰ্ণৰূপে আঁতৰোৱা হয়।

ডায়েবেটিছ ৰোগত ভোগা লোকসকলে যিবোৰ খাদ্য বস্তু খোৱাৰ ক্ষেত্ৰত সত্ৰ্কতা অৱলম্বন কৰে, সেইবোৰৰ ভিতৰত অন্যতম হ’ল ভাত। এইক্ষেত্ৰত চিকিৎসকসকলেও সাধাৰণতে পৰামৰ্শ দিয়ে- ‘ভাত কমাই খাব। পাৰিলে ৰাতিৰ সাঁজত ৰুটী খাব’। চিকিৎসকৰ এই পৰামৰ্শৰ প্ৰধান কাৰণ হ’ল ভাতৰ চেনি বৃদ্ধিৰ সূচাংক(Glycemic index) বেছি। অৰ্থাৎ আমাৰ শৰীৰত ভাত অতি সোনকালে গ্লুক’জলৈ ৰূপান্তৰিত হয়, যিটো ডায়েবেটিক ৰোগীৰ বাবে ক্ষতিকাৰক। তদুপৰি ভাত শ্বেতসাৰ জাতীয় খাদ্য। ইয়াত প্ৰ’টিনৰ পৰিমাণ কম। গতিকে এইবোৰে মেদবহুলতাত ইন্ধন যোগায় আৰু দেহৰ ওজন নিয়ন্ত্ৰণৰ প্ৰচেষ্টাও বিফল কৰে। সেইবাবে বহুতে ভাত নাইবা চাউলৰ দ্বাৰা প্ৰস্তুত আন খাদ্য বস্তু খাবলৈ ভয় কৰে।

পিছে আমাৰ দেশৰ পূৰ্বাঞ্চল আৰু দাক্ষিণাত্যৰ ৰাজ্যসমূহত সৰ্বসাধাৰণ ৰাইজৰ ভাতেই প্ৰধান আহাৰ। তেওঁলোকে ৰুটী খাবলৈ বৰ আগ্ৰহী নহয়। কিয়নো ৰুটী খালে পেট নভৰা যেন অনুভৱ হয়। গতিকে তেওঁলোকৰ বাবে ভাতৰ আন বিকল্প নাই। অৱশ্যে কিছুমান ডায়েবেটিক ৰোগীয়ে উখোৱা চাউলৰ ভাত খায় কিন্তু এইবিধ মুগা বৰণৰ চাউল সকলোৰে পছন্দৰ খাদ্য নহয়। কিছুমান ব্যঞ্জনৰ লগত এই চাউলৰ ভাত খাবলৈ বহুতে ভাল নাপায়। বেছিভাগ মানুহেই ধকধকীয়া বগা চাউলৰ ভাত খাই ভাল পায়। গতিকে ‘সাপো মৰক লাঠীও নাভাঙক’ এই নীতি মনত ৰাখি কেতবোৰ বিশেষ পদ্ধতি অৱলম্বন কৰিলে ডায়েবেটিছত ভোগা ৰোগীয়েও নিশ্চিন্ত মনেৰে ভাত খাব পাৰে।

১)আজিকালি বেছিভাগ ক্ষেত্ৰতে ভাত প্ৰেছাৰ কুকাৰত ৰন্ধা হয়। এই পদ্ধতিত চাউলত থকা শ্বেতসাৰখিনি চাউলতে থাকি যায়। ৰাইচ কুকাৰত ৰান্ধিলেও একে ধৰণে শ্বেতসাৰ থাকি যায়। পিছে আমি যদি কোনো এটা পাত্ৰত পানী লৈ তাত চাউলখিনি উতলিব দিওঁ আৰু চাউল সিজাৰ পাছত পানীখিনি সম্পূৰ্ণৰূপে নিগৰাওঁ, তেন্তে সেই পানীৰ লগতে চাউলত থকা শ্বেতসাৰ আঁতৰি যাব। তেনে পদ্ধতিত ৰন্ধা ভাত ডায়েবেটিক ৰোগীৰ বাবে উপকাৰী।

২)ভাতৰ চেনি বৃদ্ধিৰ সূচাংক বেছি যদিও এই সূচাংক এক পদ্ধতিৰ দ্বাৰা কিছু কমাব পাৰি। এইটো কৰা হয় ভাতৰ উপাদান সলনি কৰি। এই পদ্ধতিত ভাতৰ লগত কেইবিধমান পাচলি(যেনে- গাজৰ, মটৰ, বিন, ফুলকবি আদি) যোগ দিয়া হয়। যিহেতু পাচলিবোৰৰ পাচন সোনকালে নহয়, গতিকে ভাত গ্লুক’জলৈ ৰূপান্তৰিত হওঁতে বেছি সময় লয়। অৰ্থাৎ লাহে লাহে হয়। ফলত ভাতৰ চেনি বৃদ্ধিৰ সূচাংক কমি যায়।

৩)ডায়েবেটিক ৰোগী তথা যিসকলৰ দেহৰ ওজন নিয়ন্ত্ৰণৰ সমস্যা আছে, তেওঁলোকে মধ্যম জোখৰ এবাটি ভাত প্ৰতিদিনে নিশ্চিত মনে খাব পাৰে। তেওঁলোকে কেৱল মন কাৰিব লাগে যাতে সিজোৱা ভাতৰ পৰা পানীখিনি সম্পূৰ্ণৰূপে আঁতৰোৱা হয়।

৪)আন এটা উল্লেখযোগ্য কথা হ’ল সকলো ধানৰ ভাতৰ চন্নি বৃদ্ধিৰ সূচাংক একে নহয়। বেছিভাগ ধানৰ চাউলৰ চেনি মধ্যমীয়া ধৰণৰ বুলি জনা যায়। গতিকে এনে চাউলৰ ভাত খালে ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা কম। আনহাতে কিছুমান ডাঙৰ চাউলৰ চেনি বৃদ্ধিৰ সূচাংক বেছি। সেইবাবে তেনে চাউল ব্যৱহাৰ নকৰাই ভাল।

পিছে ডায়েবেটিছ ৰোগৰ বাবে অকল ভাতৰ ওপৰত সমুদায় দোষ জাপি দিয়া অনুচিত। কিয়নো ডায়েবেটিছ ৰোগৰ কাৰক আছে। সেইবোৰৰ ভিতৰত ব্যক্তি এজনৰ খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, জীৱনশৈলী উল্লেখযোগ্য। তাদুপৰি বংশগত কাৰণতো এই ৰোগ হ’ব পাৰে। গতিকে আন কাৰকসমূহৰ প্ৰতিও সজাগ হোৱা আৱশ্যক।

লেখক: ড° এ কে জিয়াউদ্দিন আহমেদ(নিয়মীয়া বাৰ্তা)

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক