অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

মানসিক উদ্বিগ্নতাক প্ৰশ্ৰয় নিদিব -

মধ্য বয়সত অতি বেছি মানসিক উদ্বিগ্নতা মস্তিষ্কৰ স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক হ’ব পাৰে। হাৰ্ভাৰ্ড ইউনিভাৰ্ছিটীৰ গৱেষক জাষ্টিন বি আৰু তেওঁৰ সহযোগীসকলে অতি শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নৰ আলমত এই কথা প্ৰকাশ কৰিছে। ৪০ৰ পৰা ৫০ বছৰ বয়সৰ ২ হাজাৰ ব্যক্তিক সামৰি কৰা অধ্যয়নৰ কালত গৱেষকগণে জানিব পাৰে যে যিসকলৰ ৰক্তত উদ্বিগ্নতাৰ সৈতে সম্পৰ্ক থকা কাৰ্টিছ’ল হৰ্ম’ন অধিক মাত্ৰাত পোৱা গৈছিল তেওঁলোকৰ স্মৃতি সম্বন্ধীয় কাৰ্যক্ষমতা খুব এটা ভাল নাছিল। আনকি কাৰ্টিছল হৰ্ম’ন উচ্চ মাত্ৰাত থকা লোকসকলৰ মস্তিষ্কৰ আয়তনো আপাতত সৰু হোৱা দেখিবলৈ পায় গৱেষকগণে। মুখ্য গৱেষক জাষ্টিন বিৰ মতে মধ্য বয়সত মানুহৰ স্মৃতিশক্তি হ্ৰাস পোৱা আৰু মস্তিষ্কৰ আকাৰ সংকুচিত হোৱাৰ এক অন্যতম কাৰণ হ’ল মানসিক উদ্বিগ্নতা। সেয়ে এই বয়সত যিমান দূৰ সম্ভৱ উদ্বিগ্নতাক প্ৰশয় নিদিয়াকৈ জীৱন আগবঢ়াই নিয়াৰ চেষ্টা কৰিব লাগে।

হৃদৰোগীৰ বাবে গুৰুত্বপূৰ্ণ -

হৃদয় ৰোগত আক্ৰান্তসকলে ৰোগ-উত্তৰ জীৱনত কৰা যিকোনো কাম-কাজ খুব সাৱধানেৰে কৰিব লাগে। শেহতীয়াকৈ কৰা এক অধ্যয়নৰপৰা প্ৰাপ্ত তথ্যৰ আধাৰত গৱেষকে এই মত ব্যক্ত কৰিছে যে হৃদৰোগীয়ে দৈনিন্দন কাম-কাজ কৰাৰ সময়ত প্ৰতি ২০ মিনিটৰ অন্তৰে অন্তৰে একোটা বিৰতি ল’ব লাগে। কম্পিউটাৰত কিবা কৰি থকাৰ সময়ত নাইবা টিভি চোৱাৰ সময়ত অথবা এনেয়ে বহি থাকিলেও প্ৰতি ২০ মিনিট মূৰত এটা ৭ মিনিটৰ বিৰতি ল’ব লাগে। এই বিৰতিৰ সময়ত লঘু শাৰীৰিক গতি-বিধি যেন কিছুদূৰ খোজকঢ়াৰ অভ্যাস কৰিব লাগে। এনে কৰাৰ ফলত হৃদৰোগীৰ জীৱনকাল দীঘলীয়া হ’ব পাৰে। কানাডাস্থিত এলবাৰ্ট ইউনিভাৰ্ছিটীৰ গৱেষক এলাৰ ৰামাডীৰ মতে নিয়মত নচলাসকলৰ আনহাতে, আকৌ জীৱনকাল চমু হ’ব পাৰে। গৱেষকগৰাকীৰ মতে প্ৰতি ২০ মিনিটৰ মূৰে মূৰে এটা ব্ৰেক লৈ শাৰীৰিক গতিবিধি অক্ষুণ্ণ ৰখাৰ ফলত শাৰীৰৰ প্ৰায় ৭৭০ কেল’ৰী শক্তি নষ্ট হয় যি হৃদৰোগীৰ স্বাস্থ্যৰ বাবে খুবেই গুৰুত্বপূৰ্ণ।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

কেনচাৰ আৰু বৰ্তমান চিকিৎসা পদ্ধতি -

বৰ্তমানৰ ভয়ানক ব্যাধি কেনচাৰৰ এলোপেথিক চিকিৎসা এজন কেনচাৰ বিশেষজ্ঞ বা অনকল'জিস্টে কৰে। চিকিৎসা প্ৰটকল মতে হয়। ২০০ বিধৰো বেছি কৰ্কট ৰোগৰ চিকিৎসাত চাৰিটা চিকিৎসা প্ৰনালী ব্যৱহাৰ কৰা হয়।

  • শৈল চিকিৎসা বা অপাৰেচন,
  • কেমোথেৰাপী,
  • ৰেডিঅ থেৰাপী,
  • কোবাল্ট থেৰাপী।

ইয়াৰে কেমো থেৰাপী চিকিৎসাই সাধাৰণতে বেছিকৈ কৰা হয়। কেমোথেৰাপী আৰম্ভ কৰাৰ পিছত ৰোগীৰ কৰ্কট আক্ৰান্ত কোষ নষ্ট কৰাৰ নামত সম্পূৰ্ণ দেহৰ কোষ নষ্ট কৰা হয়। কাৰণ ৰোগীৰ চুলিৰ কোষ নাইকীয়া হোৱাটো প্ৰথম লক্ষণ।

কেনচাৰ কৰবাত আছিল। চুলি কিয় ধ্বংস কৰিলা? পিছৰ কেমো সাপ্তাহিক/মাহেকীয়া/পষেকীয়া হব পাৰে। কিন্তু কেমো লোৱাৰ আগত চিবিচি কৰিব লাগিব। আৰ বি চি/ হিমগ্লবিন/ টোটেল কাউন্ট/ডাব্লিউ বি চি /ক্ৰিয়েটিনি আগৰ কেমোৱে কিমান নাইকীয়া কৰিলে তাৰ জোখ মাখ লাগে।

যদি হিমগ্লবিন ১২-১৫ থকা ৰোগীৰ ৮ ৰ তলত আহিল ব্লাড লওক। প্লেটলেট কমিলে কোনোবা ডনাৰৰ পৰা প্লেটলেট লওক। টিচি বা টোটেল কাউন্ট কমিলে পেটত ১৭০০ টকিয়া ফিলগ্ৰাস্টিন বেজি লওক। ই গ্ৰথ ইন্জেক্সণ। মানে আগৰ কেমোত কেনচাৰ চেল ধ্বংস কৰাৰ নামত দেহাৰ সম্পূৰ্ণ ভাল কোষ শেষ কৰি গ্ৰথ ইন্জেকচনে টোটেল কাউন্ট বঢ়োৱাৰ নামত কেনচাৰ কোষো বঢ়াব।

এইটো চিকিৎসা হল নে অত্যাচাৰ /লৰা ধেমালী? ৰোগী বাচিব নে? চিবিচি টেস্ট দিয়া অনকলিস্টে এইটো নিশ্চিত কৰিলে যে কেমো দি ৰোগী জনৰ শৰীৰৰ কিমান প্ৰাণময় কোষ নষ্ট কৰিলো। কিন্তু এনে টেস্ট এটা কিয় কৰোৱাৰ ব্যৱস্থা বা সাহস অথবা বিকল্প নাই যে হাজাৰৰ পৰা লাখ টকীয়া কেমো দিয়াৰ আগত কেনচাৰ কোষ ইমান আছিল বৰ্তমান কমি ইমানলৈ আহিল।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top