অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

মালিচ লওক

গা বিষালে বা কেতিয়াবা মহা-ভৰি টানি ধৰিলে মালিচ ল’বলৈ মন যায়। মালিচ ল’লে শৰীৰত আৰাম পোৱা যায়। চিকিৎসা বিজ্ঞানে এই কথা প্ৰমাণ কৰিছে যে মালিচে মানসিক চাপ আৰু উদ্বিগ্নতা কমোৱাত সহায় কৰে। তলত মালিচ কেনেদৰে ল’ব লাগে সেই বিষয়ে কেইটামান নিয়ম উল্লেখ কৰা হৈছে-

  • মালিচ লোৱাৰ সময়ত পৰাপক্ষত লওঁতাজনে মজিয়াত বা বিছনাত শুই ল’ব লাগে। শুবলৈ অসুবিধা হ’লে অথবা বহি ল’বলগা হ’লে শৰীৰটো ঢিলা কৰি চকীত আৰাম কৰি বহিব লাগে। শৰীৰত লিপিট খাই থকা পোছাক পিন্ধিব নালাগে। মালিচ লওঁতে মনটো সুস্থিৰ কৰি ৰাখিব লাগে।
  • মালিচ দিওঁতে শুবলৈ সাজু কৰা বিছনাখনৰ কাপোৰ পৰিষ্কাৰ হোৱা প্ৰয়োজন। কেতিয়াবা একেলগে দুটা ছেটি মালিচ দিবলগীয়া হ’লে প্ৰথমবাৰ ব্যৱহাৰ কৰা কাপোৰ পিছৰবাৰ ব্যৱহাৰ কৰিব নালাগে। মনত ৰাখিব যে মালিচ লওঁতাজনে মনেৰে সন্তুষ্ট হোৱা প্ৰয়োজন।
  • মালিচ লওঁতে নিজে ভাল লগা তেল বা ক্ৰীম ব্যৱহাৰ কৰিব। মালিচ দিয়া মানুহজনেও চাফা কাপোৰ পিন্ধা প্ৰয়োজন।
  • কোনো কাৰণতেই হাতৰ হেঁচা বেছি হ’লে সহ্য নকৰিব, অযথা ডিঙি ফুটুৱা, আঙুলি ফুটুৱা এইবোৰ এৰাই চলিব।

নিজকে চাপমুক্ত কৰি ৰাখক

  • মানসিক চাপৰ পৰা মুক্তি লাভৰ তেনে নিৰ্দিষ্ট ঔষধ নাই যদিও আমি নিজে চেষ্টা কৰি মানসিক ভাৰসাম্য ৰক্ষা কৰিব পাৰোঁ। অৱশ্যে তাৰ বাবে কেইটামান নিয়ম পালন কৰিব লাগিব।
  • আমি বুজিব লাগিব যে পৃথিৱীত এনে কোনো সমস্য়া নাই, যিবোৰৰ সমাধান সূত্ৰ উলিয়াব নোৱাৰি।
  • যিকোনো সমস্যাৰ সন্মুখীন হ’লে পিতৃ-মাতৃ বা বন্ধু-বান্ধৱৰ লগত আলোচনা কৰা উচিত।
  • দিনটোৰ এখন কাৰ্যসূচী বনাই গুৰুত্বপূৰ্ণ কাম আগতে শেষ কৰাৰ অভ্যাস কৰক।
  • শাৰীৰিক-মানসিক ক্ষতি হোৱা কামৰ পৰা নিজকে আঁতৰাই ৰখাটো মংগলজনক।
  • মনোযোগেৰে কাম কৰাৰ অভ্যাস কৰ্ম সফলতা আনে।
  • গান শুনা বা নিজৰ ভাল কাম প্ৰতিদিনে কিছু সময় কৰক।

সন্তানক পেলুৰ পৰা ৰক্ষা কৰিবলৈ

আপোনাৰ সন্তানে খোজ কাঢ়িবলৈ শিকাৰ লগে লগে সি পেলুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তলত উল্লেখ কৰা কথাকেইটাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে আপুনি সন্তানক পেলুৰ আক্ৰমণৰ পৰা দূৰত ৰাখিব পাৰে।

  • আপোনাৰ সন্তানৰ বয়স দুই বছৰ হোৱাৰ লগে লগে পেলুনাশক চিকিৎসা দিয়ক।
  • কেঁচুৱাৰ নেপি নিয়মিতভাৱে সলনি কৰক।
  • বীজাণু নাশকেৰে আপোনাৰ ঘৰৰ ভিতৰ আৰু বাহিৰে পৰিষ্কাৰ কৰি ৰাখক।
  • খোজ কাঢ়িবলৈ শিকাৰ লগে লগে তাক জোতা পিন্ধাই ৰাখিব।
  • লেতেৰা জলাশয়, সেমেকা মাটি আদিৰ ওচৰত শিশুক খেলিবলৈ নিদিব।
  • সদায় পৰিষ্কাৰ আৰু শুকান ঠাইত খেলিবলৈ দিয়ক।
  • সদায় চকু ৰাখিব যাতে আপোনাৰ সন্তানে পৰিষ্কাৰ পায়খানালৈ যায়।
  • নিজৰ পায়খানা পৰিষ্কাৰ কৰি ৰাখক।
  • চকু ৰাখক যাতে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই আহাৰৰ আগত আৰু পায়খানাৰ পিছত চাবোনেৰে হাত ভালদৰে ধোৱে।
  • সন্তানৰ হাতৰ নখ চুটি আৰু পৰিষ্কাৰ কৰি ৰাখক। কিয়নো নখৰ তলত পেলুৰ কণী লাগি থাকিব পাৰে আৰু ঘৰৰ আন সদস্যও ইয়াৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে।
  • সিজোৱা বা ফিল্টাৰ কৰা পানী খাওক।
  • ফল আৰু শাক-পাচলি পৰিষ্কাৰ পানীৰে ধোৱক।
  • সতেজ মাছ আৰু মাংস সম্পূৰ্ণ সিজোৱাৰ পিছতহে খাব লাগে।
  • ঘৰত বনকৰা ল’ৰা-ছোৱালী থাকিলে তাকো পৰিষ্কাৰ হৈ থাকিবলৈ শিকাওক।

ক’লন কেন্সাৰ

অন্ত্ৰনলীৰ একেবাৰে তলৰ অংশক কোৱা হয়। বৃহদান্ত্ৰ আৰু এই বৃহদান্ত্ৰৰ এটা অংশ হ’ল ক’লন। মধ্যবিত্তসকলৰ মাজত আজিকালি এই ক’লন অংশত হোৱা কেন্সাৰৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিজ্ঞানীসকলে কৈছে ৱযে ভিটামিন ‘ডি’য়ে কেন্সাৰ প্ৰতিৰোধক হিচাপে কাম কৰে ভিটামিন ডিৰ এটা ভাল উৎস। ‘য়োগহাৰ্ট’ নামৰ গাখীৰৰ পৰা তৈয়াৰ কৰা দৈ জাতীয় খাদ্য ক’লন কেন্সাৰ প্ৰতিৰোধৰ বাবে বিশেষ উপকাৰী বুলি বিবেচিত হৈছে। লেক্ট’বেছিলাছ এচিড’ফিলাছ নামৰ গাখীৰ দৈ কৰা বেক্টেৰিয়াবিধ সংযোগ কৰি তৈয়াৰ কৰা ‘য়োগহাৰ্ট’ নামৰ খাদ্যবিধে ৪০ শতাংশ ক’লন কেন্সাৰৰ ঘটনা হ্ৰাস কৰিব পাৰে বুলি বিজ্ঞানীসকল নিশ্চিত হৈছে আমাৰ পৰিৱেশত উল্লিখিত বেক্টেৰিয়াৰ দ্বাৰা বিশেষভাৱে তৈয়াৰ কৰা ‘য়োগহাৰ্ট’ উপলব্ধ নহয় যদিও সাধাৰণভাৱে পোৱা দৈ জাতীয় খাদ্যয়ো ইয়াৰ প্ৰয়োজন বহুখিনি পূৰণ কৰিব পাৰে।

ক’লন কেন্সাৰ জনিত ৰোগৰ বাবে অৱশ্যে মাংস আৰু মাংসৰ জৰিয়তে পোৱা চৰ্বি মুঠেও উপকাৰী নহয়। ইটোৰ পাছত সিটো অধ্যয়নে এই কথা প্ৰমাণ কৰিছে যে যিবিলাক দেশত মাংস আৰু মাংসজনিত চৰ্বিৰ ব্যৱহাৰ অধিক, সেইবোৰ দেশত ক’লন কেন্সাৰৰ মাত্ৰা সৰ্বাধিক। বিশেষকৈ ৰঙা মাংস আৰু এলকহলে ক’লন কেন্সাৰৰ সম্ভাৱনা বঢ়ায়। আমেৰিকাৰ কৃষি বিভাগৰ ঔষধি উদ্ভিদৰ বিশেষজ্ঞ ড° জিম ডিউকৰ পৰিয়ালৰ বুৰঞ্জীত ক’লন কেন্সাৰৰ এক ইতিহাস আছিল। অন্ত্ৰনলীত হোৱা এটা বইলৰ জৰিয়তে তেওঁৰো ক’লন কেন্সাৰৰ বীজ ৰোপণ হৈছিল। কিন্তু উচ্চ আঁহযুক্ত শাক-পাচলি গ্ৰহণ কৰি আৰু মাংসজাতীয় খাদ্য সমূলঞ্চে বৰ্জন কৰি তেওঁ ইয়াৰ পৰা মুক্ত জীৱন যাপন কৰিব পাৰিছিল।

বৃদ্ধাৱস্থাক বাধা দিয়াৰ উপায়

মানুহৰ শৰীৰটো অসংখ্য কোষৰ সমষ্টি। দেহৰ কোষসমূহৰ জন্ম-মৃত্যুৰ নিৰন্তৰ প্ৰক্ৰিয়াটো ডেকা কাল পাৰ হোৱাৰ পিছত ব্যাহত হয়। অৰ্থাৎ তেতিয়া পুৰণি কোষৰ সৃষ্টিৰ হাৰ কমি যায়। সাধাৰণতে মাংসপেশী, যকৃত গ্ৰন্থি আৰু স্নায়ুকোষবোৰ বেছিকৈ হ্ৰাস পায়। এই সময়ছোৱাতে মানুহ বৃদ্ধ অৱস্থালৈ গতি কৰে। তজবজীয়া মানুহ এগৰাকীয়ে বৃদ্ধি অৱস্থালৈ গতি কৰা আৰু বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে ফ্ৰী ৰেডিকেলছসমূহে। কিন্তু এটা কথা নিশ্চিত যে সকলো প্ৰাণীয়ে বয়স বাঢ়িবই আৰু বয়স বঢ়াৰ ফলত জীৱবলৈ যিদৰে বৃদ্ধাৱস্থা আহে, সেইদৰে বয়সজনিত সমস্যাবোৰেও দেখা দিবই। অৱশ্যে সাৱধানতা অৱলম্বন কৰি বাৰ্ধক্যক কিছু পৰিমাণে ধৰি ৰাখিব পৰা যায়। এই নিয়মবোৰ কম বয়সৰ পৰাই পালন কৰিব লাগিব। তেনে সুফল আশা কৰিব পাৰি।

  • ধূমপান ত্যাগ কৰা। ধূমপানে ফ্ৰী ৰেডিকেলছ বঢ়ায়। ই হাৰ্টৰ ৰোগ আৰু কেন্সাৰ ৰোগৰ সম্ভাৱনা বঢ়ায়।
  • বয়স বঢ়াৰ লগে লগে দৈহিক উচ্চতাৰ লগত ওজনৰ সংগতি থকাটো অনিবাৰ্য। সেয়ে চৰ্বিযুক্ত আহাৰ কমাই খাব লাগে।
  • দৈনন্দিন আহাৰৰ তালিকাত ফলমূলক অন্তৰ্ভূক্ত কৰিব লাগে। ফলমূলে আয়ুস বঢ়ায়।
  • প্ৰতিদিনে ব্যায়াম কৰিব লাগে। ব্যায়ামে ডায়েবেটিছ আৰু হাৰ্টৰ ৰোগ প্ৰতিৰোধ কৰে।
  • নিয়মীয়াকৈ আসন বা প্ৰাণায়াম কৰিলে অক্সিজেন সৰবৰাহত সুবিধা হয়। ই আমাৰ শৰীৰৰ প্ৰতিটো অংগক প্ৰাণশক্তি দিয়ে আৰু ফ্ৰী ৰেডিকেলছক ধ্বংস কৰে।
  • ভিটামিন ‘বি’যুক্ত খাদ্য খাওক অথবা চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভিটামিন ‘বি’ কমপ্লেক্স গ্ৰহণ কৰক। ই আপোনাৰ মানসিক উদ্বিগ্নতাৰ পৰা আঁতৰত ৰাখিব।

গ্ৰীন টী কিয় খাব লাগে

১)কেন্সাৰ প্ৰতিৰোধক।

২)কলেষ্টেৰল হ্ৰাস কৰে।

৩)দন্ত ক্ষয় হ্ৰাস কৰে।

৪)হৃদৰোগ প্ৰতিৰোধ কৰে।

৫)ওজন হ্ৰাস কৰে।

৬)ডায়েবেটিছ ৰোধ কৰে।

৭)এন্টি ফাইৰেল এজেন্ট।

৮)ৰক্ত সঞ্চালন বৃদ্ধি কৰে।

৯)দাঁতৰ এনামেল ক্ষমতা বৃদ্ধি কৰে।

১০)মুখৰ বেক্টেৰিয়া নাশ কৰে।

১১)এন্টি অক্সিডেন্ট।

১২)ডিমেনচিয়া প্ৰতিৰোধ কৰে।

১৩)ফুড পইজনিং ৰোধ কৰে।

১৪)ছাল সুন্দৰ কৰে।

১৫)শ্বাস-প্ৰশ্বাস ৰোগ আৰোগ্য কৰাত সহায় কৰে।

উৎস: নিয়মীয়া বাৰ্তা

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top