অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

হাপানি আক্ৰান্ত শিশুৰ বাবে -

হাপানি ৰোগত আক্ৰান্ত শিশুৰ কাৰণে ফেটী এচিডযুক্ত মাছ সেৱন খুবেই উপকাৰী হ’ব পাৰে। অতি শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নৰ আলমত অষ্ট্ৰেলিয়াৰ লা ট্ৰ’ব বিশ্ববিদ্যালয়ৰ গৱেষক মাৰিয়া পেপমিশ্বেলে এই কথা প্ৰকাশ কৰিছে।

অধ্যয়নৰপৰা প্ৰাপ্ত তথ্যৰ আধাৰত গৱেষকগৰাকীয়ে এই মত ব্যক্ত কৰিছে যে পুষ্টিকৰ ভোজনৰদ্বাৰা হাপানি ৰোগৰ লক্ষণক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ। চৰ্বিযুক্ত সাগৰীয় মাছ, যেনে-

*ছেমন,

*ট্ৰাউট,

*ছাৰ্ডাইন আদিত অ’মেগা-৩ ফেটী এচিড পোৱা যায়, যাৰ হাপানি ৰোগৰ শ্ৰীবৃদ্ধিত বাধা দিয়াৰ গুণ আছে।

‘হিউমেন নিউট্ৰেচন এণ্ড ডায়েটেটিক্স’ নামৰ পত্ৰিকাখনত গৱেষক মাৰিয়া পেপমিশ্বেলৰ উদ্বুতিৰে প্ৰকাশ পোৱা গৱেষণামূলক নিবন্ধটোত লগতে এই কথাও প্ৰকাশ পাইছে যে সপ্তাহত মাথোঁ দুবাৰলৈ হাপানিপীড়িত শিশুক এনেধৰণৰ পুষ্টিকৰ মাছ খাবলৈ দিলে তেওঁলোকৰ হাঁওফাঁওৰ কাৰ্যপ্ৰণালী ভালেখিনি ভালকৈ অহা দেখা যায়।

এন্টিবায়’টিক সম্পৰ্কত আশাব্যঞ্জক বাতৰি  -

সৰু একো একোটাহঁত বেমাৰতে এন্টিবায়’টিক সেৱনৰ ফলত এতিয়া এন্টিবায়’টিক অৰ্থাৎ এন্টিবায়’টিকৰ কামত বাধা প্ৰদান কৰাৰ দৰে ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। যাৰ ফলত সংক্ৰমণজনিত ৰোগৰ চিকিৎসা কৰাটো ডাঙৰ প্ৰত্যাহ্বান স্বৰূপে দেখা দিছে।

এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ অতি শেহতীয়াকৈ জাপানৰ এটি ঔষধ কোম্পানী শ্বিয়োনোগী চেফিডেৰ’কল(Cefiderocol) নামৰ এবিধ বিশেষ এন্টিবায়’টিক দৰব উদ্ভাৱন কৰি উলিয়াইছে।

আন্তঃৰাষ্ট্ৰীয় মেডিকেল জাৰ্ণাল ‘দ্য লেঞ্চেত’ত প্ৰকাশ পোৱা এই সংক্ৰান্তীয় গৱেষণামূলক নিবন্ধটোত প্ৰকাশ পোৱা মতে, কোম্পানীটোৱে ইতিমধ্যে ১৫ খন দেশৰ ৬৭ খন হাস্পতালৰ ৪৪৮ গৰাকী ৰোগীৰ ওপৰত দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল সফলতাৰে সম্পন্ন কৰিছে।

নিবন্ধটোত প্ৰকাশ পোৱা মতে, এন্টিবায়’টিক আৰু আন দৰবৰ প্ৰতি প্ৰতিৰোধক হৈ উঠা বীজাণুক এই নতুন দৰববিধে চকুত ধূলি দি ধ্বংস কৰিবলৈ সক্ষম হ’ব। দৰবৰ উদ্ভাৱকগণৰ মতে, যেতিয়া কোনো ব্যক্তিৰ শৰীৰত মাৰাত্মক সংক্ৰমণ হয় তেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই সুকীয়া সুকীয়া পদ্ধতিৰে কাম কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰে এটা পদ্ধতি হ’ল আইৰণৰ অভাৱৰ বাতাৱৰণ সৃষ্টি। কিয়নো বেক্টেৰিয়াক জীয়াই থাকিবলৈ আইৰণৰ প্ৰয়োজন হয়। নতুন দৰববিধত মজুত থকা থকা বিশেষ গুণে এন্টিবায়’টিক আইৰণৰ সৈতে সংযুক্ত কৰি দিয়ে যি বেক্টেৰিয়াৰ নিজৰ আইৰণ ট্ৰেন্সপোৰ্ট ছিষ্টেমৰ জৰিয়তে বাহিৰ ওলাই আহে। এইদৰে নতুন দৰববিধৰ সহায়ত বেক্টেৰিয়াক ভিতৰৰপৰাই ধ্বংস কৰি দিব পৰাটো সম্ভৱ।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

সূৰ্য নমস্কাৰ -

*প্ৰথমে উশাহ এৰি দুয়োখন হাতেৰে নমস্কাৰ কৰাৰ ভংগীত পোন হৈ থিয় দিব।

*এইবাৰ উশাহ লৈ দুয়োখন হাত পোন কৰি ওপৰলৈ তুলিব। এতিয়া হাত দুখন মূৰৰ পিছফালে নি হাউলি দিব।

*এই অৱস্থাত থাকি উশাহ এৰি সন্মুখৰ ফালে হাউলি দিব আৰু হাত দুখন ভৰিৰ দুয়োকাষে ৰাখি মাটি স্পৰ্শ কৰিব। কপালখনেৰে আঁঠু স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব। আঁঠু দুটা যাতে ভাঁজ নালাগে মন কৰিব।

*এই অৱস্থাৰ পৰা উশাহ লৈ সোঁভৰিখন সন্মুখৰ ফালে ভাঁজ কৰি ৰাখিব আৰু হাত দুখন সোঁ আঁঠুত ৰাখিব। বাঁওভৰিখন পিছফালে পোন কৰি মেলি দিব। বাওঁভৰিৰ আঁঠুটোৰে মাটিত স্পৰ্শ কৰাৰ চেষ্টা কৰিব। সন্মুখৰ ফালে চাব।

*এইবাৰ উশাহ বন্ধ কৰি হাত দুখন সন্মুখৰ ফালে পোন কৰি ৰাখিব। ভৰিৰ পতাৰ ওপৰত ভৰ দি দেহটো ওপৰলৈ তোলাৰ চেষ্টা কৰিব। মনত ৰাখিব হাত দুখন যে ঠিক দুই কান্ধৰ তলতে থাকে।

*উশাহ এৰি দেহটোৰে মাটিত স্পৰ্শ কৰিব। থুঁতৰি আৰু আঁঠু মাটিত লগাই নিতম্বভাগ ওপৰলৈ তোলাৰ চেষ্টা কৰিব।

*উশাহ লৈ মূৰটো পোন কৰি ওপৰলৈ চাব। কঁকালৰ পৰা ভৰিৰ অংশ মাটিত লগাই ৰাখিব।

*ইয়াৰ পিছত উশাহ এৰি হাত আৰু ভৰি পোন কৰি ৰাখি নিতম্ব ওপৰলৈ তুলিব। মূৰ দুই হাতৰ মাজত ৰাখিব।

*এইবাৰ উশাহ লৈ বাঁও ভৰি ভাঁজ কৰি সন্মুখৰ ফালে ৰাখিব আৰু হাত দুখন ভৰিৰ দুয়োকাষে ৰাখিব। সোঁ ভৰি পোন কৰি আঁঠু মাটিত লগাই ৰাখিব। সন্মুখলৈ চাব।

*এই অৱস্থাৰ পৰা উশাহ এৰি সোঁ ভৰিখন বাওঁভৰিৰ কাষলৈ আনি হাত দুখন ভৰিৰ দুয়োফালে ৰাখি নিতম্ব ওপৰলৈ তুলিব। কপাল আঁঠুত লগোৱাৰ চেষ্টা কৰিব।

*এইবাৰ উশাহ লৈ হাত দুখন পোন কৰি ৰাখি মূৰটো পিছফালে ভাঁজ কৰি দিব।

*এতিয়া উশাহ এৰি হাত দুখনেৰে নমস্কাৰ ভংগী কৰিব। ইয়াৰ পিছত দেহৰ দুইকাষে হাত দুখন ৰাখি পোন হৈ থিয় হ’ব।

উপকাৰিতা -

ৰক্ত সঞ্চালন বৃদ্ধি পায়। পেশীবোৰ বেছি নমনীয় হয়। ডিঙি আৰু ভৰিৰ অধিক নমনীয়তা বাঢ়ে। শৰীৰ শিথিলকৰণৰ বাবে-

*ভৰিৰ গাঁঠি ঘূৰোৱা,

*হাতৰ গাঁঠি ঘুৰোৱা,

*আঁঠু ঘূৰোৱা,

*কান্ধ ঘূৰোৱা,

*ডিঙি ঘূৰোৱা,

*কঁকাল ঘূৰোৱা,

*ছাইড বেডিং,

*হস্তমুদ্ৰা,

*পদমুদ্ৰা,

*চকু ঘূৰোৱা আদি কৰিব পাৰে।

লেখক: বসন্ত মজুমদাৰ(নিয়মীয়া বাৰ্তা)

সুখী জীৱনৰ টিপছ -

*প্ৰচুৰ পানী খাব।

*পুষ্টিকৰ খাদ্য খাব।

*মিঠাই দোকানৰ খাদ্যসমূহ বৰ্জন কৰিব।

*শৰীৰক পৰ্যাপ্ত জিৰণি দিব।

*যি কাৰ্য কৰি আনন্দ পায়, তাকে কৰক।

*যি কাম কৰে, তাতে আনন্দ পাবলৈ চেষ্টা কৰক।

*মনৰ কথাবোৰ কৈ মনটো পাতল কৰক।

*হাঁহিবলৈ শিকক আৰু চেষ্টা কৰক।

*শিশু আৰু প্ৰাকৃতিক পৰিৱেশৰ লগত সময় কটাওক।

*বন্ধু-বান্ধৱৰ লগত হাঁহি-মাতি মিলামিচা কৰক।

*নিজৰ কৰ্তব্য-কামত উৎকৰ্ষ চেষ্টা কৰিবলৈ চেষ্টা কৰক।

*প্ৰত্যেক দিনেই কিছু সময় মৌনভাৱে পালন কৰক।

*প্ৰত্যেক দিনেই ‘অভিযোগবিহীন দিন’ হিচাপে কৰিবলৈ চেষ্টা কৰক।

*প্ৰত্যেক খোজতে, প্ৰত্যেক ব্যক্তিকে ধন্যবাদ দিবলৈ চেষ্টা কৰক।

*জীৱনটোক অতি গম্ভীৰভাৱে নলৈ হাঁহি-মাতি পাৰ কৰিবলৈ শিকক।

*প্ৰত্যাশাক যিমান পাৰি এৰাই চলক।

আঙুলি অৱশ হ’লে কি কৰিব?

সাধাৰণতে গৰ্ভৱতী মহিলাৰ এই সমস্যা বেছিকৈ হয়। তেওঁলোকৰ হাতৰ আঙুলিবোৰ অৱশ হৈ যায়, জিনজিনাই, বিষায় বা কেতিয়াবা ফুলি উঠে। চিকিৎসা বিজ্ঞানৰ ভাষাত এই সমস্যাক কাৰ্পাল টানেল ছিনড্ৰম বুলি কোৱা হয়। পুৰুষৰ তুলনাত মহিলাৰ এই সমস্যা তিনি গুণ বেছি। আমাৰ হাতত কিছুমান সৰু সৰু টানেল বা গহ্বৰ আছে- যিবোৰক কাৰ্পাল টানেল বুলি কোৱা হয়।

এইবোৰৰ জৰিয়তে বিভিন্ন সিৰা বা স্নায়ু হাতত প্ৰৱেশ কৰে। ইয়াৰ অন্যতম হ’ল ছিডিয়ান নাৰ্ভ। কোনো কাৰণত এই গহ্বৰত এই নাৰ্ভ চেপা খাই এইধৰণৰ সমস্যা হয়। গৰ্ভকালীন সময় বা মেন’প’জৰ সময়ত মহিলাৰ এই সমস্যা হোৱা দেখা যায়।

*থাইৰয়ডৰ সমস্যা,

*ডায়েবেটিছ,

*গাঁঠিৰ বিষৰ বাবেও এনে হ’ব পাৰে।

কেতিয়াবা বেহেলাবাদক, গ’লফ খেলুৱৈ বা হাতেৰে কাম কৰা শিপিনী এই সমস্যাত ভোগা দেখা যায়। এই সমস্যাত নানাভাৱে চিকিৎসা হ’ব পাৰে। স্নায়ুৰ বিষ বেছিকৈ হ’লে বিষৰ ঔষধ দিয়াৰ লগতে বিশ্ৰাম আৰু ফিজিঅ’থেৰাপীৰে চিকিৎসা কৰা হয়।

কেতিয়াবা অস্ত্ৰোপচাৰৰো প্ৰয়োজন হয়। শৰীৰত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰাৰ প্ৰয়োজন। যিসকলে কাৰ্যালয়ত লিখা-পঢ়া কাম বেছিকৈ কৰে বা কম্পিউটাৰত টাইপ কৰে, তেওঁলোকে আধা ঘন্টাৰ মূৰে মূৰে হাতৰ আঙুলি মেলি ধৰি পুনৰ মুঠি মাৰিব লাগে। অৰ্থাৎ জোৰ কৰি মুঠি ধৰি কেইছেকেণ্ডমানৰ মূৰত মুঠি খুলি আঙুলি বাহিৰলৈ মেলি দিব লাগে। আপুনি বুজি উঠিব লাগিব যে আপোনাৰ আঙুলিৰ ওপৰত এই ব্যায়ামৰ জৰিয়তে হেঁচা পৰিছে।

গৰ্ভৱতী মহিলাৰ ব্যায়াম -

দেহটোক সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখিবলৈ শাৰীৰিক ব্যায়ামৰ বিশেষ প্ৰয়োজন। গৰ্ভৱতী অৱস্থাৰ প্ৰথমছোৱাত ঘৰৰ বা চাকৰিৰ কাম-কাজ আগৰ দৰেই কৰি থাকিলে বেলেগ শাৰীৰিক ব্যায়াম নকৰিলেও হয়। এই সময়ত খোজকঢ়া শৰীৰৰ কাৰণে অতি উত্তম।

গৰ্ভধাৰণ কোনো ৰোগ নহয়। এটি সুস্থ-সবল শিশু জন্ম দিবৰ বাবে মানসিকভাৱে প্ৰস্তুত হওক। স্বাস্থ্যসন্মত জীৱন প্ৰণালী আৰু সুষম আহাৰে এইক্ষেত্ৰত আপোনাক সহায় কৰিব। ধূমপান গৰ্ভৱতী মহিলাৰ বাবে অতিশয় ক্ষতিকাৰক।

একেদৰেই এই সময়ত সুৰাপান কৰাও অনুচিত। গৰ্ভৱতী মহিলাসকলে সদায় গা ধুই পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগে। মহিলাসকলে কোমল আৰু আৰামদায়ক কপাহী কাপোৰ পৰিধান কৰাটো প্ৰয়োজনীয়।

আৰাম আৰু ভাল টোপনি গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী। টোপনি নাহিলেও দুপৰীয়া বিছনাত কাতি হৈ থাকি ভাল কিতাপ, আলোচনী পঢ়াৰ অভ্যাস কৰিব লাগে।

ঘৰুৱা সৰু-সুৰা কাম গৰ্ভৱতী মহিলাই অনায়াসে কৰিব পাৰে আৰু ই মহিলাগৰাকীৰ স্বাস্থ্যৰ বাবেও উপকাৰী। কিন্তু বেছি কষ্টকৰ কাম কৰিলে গৰ্ভস্থ শিশুৱে কষ্ট পাব পাৰে। সেয়ে কষ্টকৰ কাম বা ব্যায়ামৰ পৰা আঁতৰত থকা উচিত।

এটি শিশু জন্ম দিয়াৰ আগতে স্বামী-স্ত্ৰীয়ে মনলৈ অহা সকলো কথা খৰচি মাৰি জানি লোৱা উচিত। কোনো বিষয়তে সংকোচ কৰিব নালাগে।

নিজৰ জানিবলগীয়া কথাবোৰ চিকিৎসক বা চিকিৎসা কৰ্মীকহে সুধিব লাগে। কেতিয়াবা সাধাৰণ মানুহে সহজ কথাবোৰ বেছি জটিল কৰি বুজাই মনত ভয় ভাব সুমুৱাই দিয়ে।

দেহটোক সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখিবলৈ শাৰীৰিক ব্যায়ামৰ বিশেষ প্ৰয়োজন। গৰ্ভৱতী অৱস্থাৰ প্ৰথমছোৱাত ঘৰৰ বা চাকৰিৰ কাম-কাজ আগৰ দৰেই কৰি থাকিলে বেলেগ শাৰীৰিক ব্যায়াম নকৰিলেও হয়। এই সময়ত খোজকঢ়া শৰীৰৰ কাৰণে অতি উত্তম।

গৰ্ভধাৰণৰ শেষত তিনি মাহত খোজ কাঢ়িলে প্ৰসৱৰ কাৰণে শিশুটোৱে জৰায়ুত সঠিক অৱস্থান গ্ৰহণ কৰে। গৰ্ভৱতী মহিলাই যোগাভ্যাস কৰিলে মানসিক উত্তেজনাৰ পৰা হাত সাৰি থাকিব পাৰি।

সাধাৰণতে গৰ্ভধাৰণ ২৮ সপ্তাহ অতিক্ৰম কৰাৰ পাছত মহিলাগৰাকীক দৈনন্দিত কাম-কাজত কিছু অসুবিধা আহি পৰে। এই সময়ছোৱাত বিশেষ ব্যায়ামৰ প্ৰয়োজন হয়। চিকিৎসকৰ লগত আলোচনা কৰিলে সমাধান ওলাব।

শিশুৰ ডায়েৰীয়া -

ডায়েৰীয়া বুলিলে শিশুৰ পেটচলা ৰোগকে বুজা যায়। আমাৰ দেশত প্ৰতিবছৰে ডায়েৰীয়া ৰোগত মৃত্যূমুখত পৰা শিশুৰ সংখ্যাই অধিক। শিশু বুলি ক’লে সাধাৰণতে জন্মৰ পৰা ১২ বছৰ বয়সলৈকে ধৰা যায়। কিন্তু ৬ বছৰৰ তলৰ শিশুৰ ডায়েৰীয়া ৰোগ বেছিকৈ হোৱা দেখা যায়।

ডায়েৰীয়া হ’লে শিশুৰ দেহৰ পৰা পানীভাগ আৰু লৱণ বাহিৰ হৈ যায়। আমাৰ শৰীৰৰ বেছিভাগ অংশই পানী। ইয়াৰ ফলত শিশুৰ শৰীৰৰ পৰা পানী ওলাই গৈ শৰীৰ সোনকালে শুকাই যায়। শিশুৰ এই অৱস্থাটোক ডিহাইড্ৰেচন বুলি কোৱা হয়। এই সময়ত আক্ৰান্ত শিশুক লৱণ মিহলি পানী খুওৱা হয়। অন্যথা শিশুৰ মজৃত্যু ঘটিব পাৰে।

ডিহাইড্ৰেচনত শিশুৰ শাৰীৰিক অৱস্থা এনেধৰণৰ-

ক)শিশুৱে পিয়াহত ছটফটাই থাকিব বা কান্দি থাকিব।

খ)চকু দুটা কোটৰলৈ সোমাই যাব আৰু সৰু কেঁচুৱাৰ তালু ভিতৰলৈ সোমাই যাব।

গ)প্ৰস্ৰাৱৰ পৰিমাণ কমি যাব।

ঘ)ওঁঠ, জিভা, গাৰ ছাল আদি শুকাই যাব।

ঙ)জ্বৰ থাকিবও পাৰে, নাথাকিবও পাৰে।

চ)শিশু লেবেজান হৈ পৰিব।

ছ)প্ৰথম অৱস্থাত শৌচ হোৱাৰ লগতে বমিও হ’ব পাৰে।

জ)সঘনাই ডায়েৰীয়াত ভোগা শিশু পুষ্টিহীনতাত ভোগে। ভাৰতৰ ৫০ ভাগ শিশুৱেই পুষ্টিহীনতাত ভোগে।

ঝ)সঘনাই ডায়েৰীয়া হোৱা শিশুৰ শৰীৰৰ পৰা দেহৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থ, ভিটামিন আদি বাহিৰ হৈ যায়।

ঞ)ভোক কমকৈ লাগে।

ট)ভাৰতবৰ্ষৰ বহু শিশু অন্ধবিশ্বাসৰ বাবেও ডায়েৰীয়াৰ চিকাৰ হয়।

ঠ)চিকিৎসকসকলেও ৰোগীৰ পৰিয়ালক ডায়েৰীয়া ৰোগৰ বিষয়ে ভালদৰে বুজাই নিদিয়ে।

উৎস: নিয়মীয়া বাৰ্তা

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top