অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

ওজন কমোৱা ঔষধ

শৰীৰৰ ওজন কমাবলৈ আজিকালি মানুহে কিমান যে কি নকৰে! জগিঙৰপৰা আৰম্ভ কৰি জিমলৈ যোৱালৈকে- যেনেকৈ য’ত সুবিধা হয় তাতেই ঘাম সৰাবলৈ প্ৰস্তুত হৈ থাকে স্থূলকায় পৰিয়ালৰ সদস্যসকল। তদুপৰি ফাষ্টফুডৰ দৰে জুতিলগা খাদ্যলৈ পিঠি দিয়াৰপৰা ডায়েটিঙলৈ জিভাক বান্ধি ৰখাৰ দৰে কচৰৎবোৰ আছেই। এইসকল লোকলৈ বুলি আছে এটা অতিশয় সুখবৰ। আমেৰিকাৰ লুইছিয়ানা ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেসকৰ সহযোগত আমেৰিকাৰ এটি কোম্পানীয়ে অতি শেহতীয়াকৈ জেলেছিছ ১০০ নামৰ এটি দৰৱ উদ্ভাৱন কৰি উলিয়াইছে। ওজন কমাব বিচৰাসকলে এতিয়াৰে কষ্টকৰ ব্যায়াম অথবা ডায়েটিং কৰাৰ সলনি প্ৰতিদিনে এটা টেবলেট সেৱন কৰি ছমাহত প্ৰায় ছয় কিলো ওজন হ্ৰাস কৰিবলৈ সক্ষম হ’ব। এই দাবী মুখ্য গৱেষক ফেংক গ্ৰীবৱেৰ। গৱেষকগৰাকীৰ মতে গছ-গছনিত উপলব্ধ চেলুলোজ আৰু ফাইবাৰৰ উপৰি টেঙা ফলত মজুত থকা চাইট্ৰিক এচিডৰ সহায়ত এই নতুন দৰববিধ তৈয়াৰ কৰা হৈছে। দৰববিধ গৈ পেট পোৱাৰ লগে লগে পানীৰ সংস্পৰ্শলৈ আহি ফুলিবলৈ ধৰে আৰু ক্ৰমে ই জেল(gel)ত পৰিণত হয়। ফলত ব্যক্তিবিশেষে পেটটো ভৰি থকা যেন অনুভৱ কৰে আৰু সেয়ে খুব কম মাত্ৰাত ভোজন কৰিব পাৰে। প্ৰাৰম্ভিক অধ্যয়নৰ কালত ৪৩৬ গৰাকী ব্যক্তিক জেলেছিছ-১০০ দৰব প্ৰতিদিনে দিনৰ আৰু নিশাৰ খাদ্য গ্ৰহণৰ আধাঘন্টা পূৰ্বে খাবলৈ দি ছমাহ পিছত ৫৯ শতাংশ লোকৰ ওজন গড়ে ছয় কিলোগ্ৰামকৈ আৰু ২৭ শতাংশ লোকৰ গড়ে দহ কিলোগ্ৰামকৈ হ্ৰাস পোৱাৰ কথা জানিব পাৰে গৱেষক ফ্ৰেংক গ্ৰীণৱে আৰু তেওঁৰ সহযোগীসকলে। গৱেষক গ্ৰীণৱেৰ মতে দৰববিধৰ কাৰ্য সমাধা হোৱাৰ পিছতে ই মল-মূত্ৰৰ জৰিয়তে বাহিৰ ওলাই যায়, গতিকে ই সম্পূৰ্ণ পাৰ্শ্বক্ৰিয়ৰহিত দৰবো।

ভাৰত আৰু নিউম’নিয়া

আগন্তুক ২০৩০ চনলৈ ভাৰতবৰ্ষৰ প্ৰায় ১৭ লাখ শিশুৰ নিউমি’নিয়াৰ ফলত অকালতে মৃত্যু হ’ব পাৰে। বৃটেইনৰ এটি বেচৰকাৰী সংস্থা ‘ছেভ দ্য চিলড্ৰেন’-এ যোৱা ১২ নৱেম্বৰৰ দিনা বিশ্ব নিউম’নিয়া দিৱস উপলক্ষে প্ৰকাশ কৰা ৰিপ’ৰ্টত এই সাৱধানবাণী শুনাইছে। ৰিপ’ৰ্টত লগতে এই কথাও প্ৰকাশ পাইছে যে সাম্প্ৰতিক সময়ত সংক্ৰমণৰ সহজ চিকিৎসা উপলব্ধ হোৱা সত্ত্বেও ভাৰত, পাকিস্তান, নাইজেৰিয়া আৰু কংগো গণৰাজ্য আদি দেশত নিউম’নিয়াৰ ফলত হোৱা মৃত্যুৰ হাৰ সৰ্বাধিক। মেলেৰিয়া, ডায়েৰীয়া আদিৰ তুলনাত নিউম’নিয়াৰ ফলত সমগ্ৰ বিশ্বজুৰি অধিক শিশুৰ মৃত্যু হয়। ৰিপ’ৰ্টত প্ৰকাশ পোৱা মতে নিউম’নিয়াক লৈ ৰাইজক সজাগ কআৰ ক্ষেত্ৰত কোনো কাৰ্যসূচীও লোৱা হোৱা নাই। ফলত সহজ চিকিৎসা ব্যৱস্থা উপলব্ধ হোৱা সত্ত্বেও বছৰি লাখত শিশুৱে অকাল মৃত্যুক সাৱটিবলগা হয়। ৰিপ’ৰ্টৰ মতে পাঁচ বছৰ অনূৰ্দ্ধৰ ৬.১০ লাখ শিশুক সময়ত টীকাকৰণেৰে, ১৯ লাখক কম দামী এন্টিবায়’টিকৰ সহায়েৰে আৰু ২৫ লাখক পুষ্টিকৰ আহাৰ খুৱাই নিউম’নিয়াৰপৰা হ’বলগা মৃত্যুৰপৰা হাত সৰাই ৰাখিব পৰা যায়। ‘ছেভ দ্য চিলড্ৰেন’ৰ চি ই অ’ পল ৰোণালডৰ মতে নিউম’নিয়াৰ সংক্ৰমণৰপৰা ৰক্ষা কৰাৰ হেতু বহুত সস্তাত দৰব পোৱা যায় কিন্তু সজাগতাৰ অভাৱৰ হেতু বছৰি প্ৰায় দহ লাখ শিশুৱে অকালতে মৃত্যুক সাবটিবলগা হয়।

উৎস: চন্দন কুমাৰ কলিতা(দৈনিক অসম)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top