অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

শীতত স্বাস্থ্যৰ যতন

যিসকল ব্যক্তিয়ে শীতকালতো নিজৰ সৌন্দৰ্য অটুট ৰাখে, তেওঁলোকে কেনেধৰণে নিজক পৰিচৰ্যা কৰে, শীতকালতো চৰ্দিৰ পৰা নিজক কেনেকৈ আঁতৰত ৰাখে, নিজক কেনেকৈ ধুনীয়া কৰি ৰাখে, সহজে বেমাৰ ঢুকি নাপায়, তেওঁলোকৰ এই কিটিপবোৰ সকলোৰে জানিবলৈ মন নাযায়নে?

এই লেখাত উল্লেখ কৰা সাতটা কিটিপৰ যিকোনো এটা তাতোকৈ ভাল কিটিপ এটা গ্ৰহণ কৰি আপুনিও সেইসকলৰ অন্যতম হ’ব পাৰে।

  • মালিচ কৰক:

বিভিন্ন গৱেষণাৰ পৰা গম পোৱা গৈছে যে, মালিচ কৰিলে-

  • উদ্বিগ্নতা,
  • ৰক্তচাপ,
  • হৃদস্পন্দন কমে আৰু ইয়াৰ ফলত ৰোগ প্ৰতিষেধক ক্ষমতাও বাঢ়ে।

থেৰাপিষ্টজনৰ স্পৰ্শ যদি টান হয় তেতিয়াহ’লে বিষ অনুভৱ কৰিব পাৰে। বিশেষজ্ঞৰ মতে এনেকুৱা মালিচ এমাহৰ মূৰত এদিন কৰিলেও সুফল পায়।

  • ঠাণ্ডা শ্বাৱাৰ লওক:
    • ঠাণ্ডা শ্বাৱাৰ ল’লে শক্তি বাঢ়ে,
    • মাইগ্ৰেইন কমে,
    • তেজৰ সঠিক পৰিমাণে চলাচল হয় আৰু বিষ কমায় তাৰ লগতে নাৰীক ঊৰ্ধমুখী হোৱাত সহায় কৰে।

গেষ্ট্ৰিকৰ বাবে আদা খাওক

বহুপুৰণি কালৰে পৰা আদা গেষ্ট্ৰিকজনিত অসুখ-বিসুখৰ প্ৰতিকাৰক হিচাপে ব্যৱহাৰ হৈ আহিছে।

প্ৰায় সকলো মানুহৰে সাধাৰণ বেমাৰ হিচাপে পৰিগণিত হোৱা গেষ্ট্ৰিকৰ বাবে আদা এক মহৌষধ। শুকাই গুড়ি কৰিলে বা ৰান্ধিলে আদা বেছি ফলদায়ক হ’ব পাৰে।

হাত পৰিষ্কাৰকৈ ধোৱক(বহুবাৰ):

বেক্টেৰিয়াজনিত অসুখৰ পৰা আঁতৰত থাকিবলৈ কবিৰলগীয়া প্ৰথমটো কামেই হ’ল হাত পৰিষ্কাৰকৈ ধোৱা। কুহুমীয়া পানীৰে সদায় বিশ ছেকেণ্ডৰ বাবে চাবোনেদি হাত ধুব লাগে।

কিলাকুটিৰ বাহিৰে হাতৰ সকলো অংশতে চাবোন ব্যৱহাৰ কৰিব লাগে আৰু নখৰ ভিতৰৰ মলিবোৰ আঁতৰাই ভালকৈ ধুব লাগেফ।

বাগিচাৰ পৰা অহাৰ পাচত, কামৰ পৰা অহাৰ পাচত আৰু মাছ-মাংস ধোৱাৰ পিচতো হাত ভালকৈ ধুব লাগে।

ভিটামিন চি যুক্ত খাদ্য খাওক:

অত্যধিক পৰিমাণৰ চিন্তা গ্ৰাস কৰা বা ষ্ট্ৰেছত ভোগাসকলে ভিটামিন চি যুক্ত খাদ্য খাব লাগে। কিছু গৱেষকৰ মতে যিসকল মানুহে ষ্ট্ৰেছত ভোগে তেওঁলোকৰ বাবে ভিটামিন চি যথেষ্ট ফলদায়ক হয়।

তদুপৰি ভিটামিন চিয়ে হৃদৰোগ প্ৰতিৰোধ কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন চৰ্মৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে।

নহৰু বেছিকৈ খাওক:

নহৰু বেছিকৈ খাব লাগে কাৰণ,

  • যিয়ে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়ায়,
  • লগতে দৈনন্দিন হৈ থকা সুৰা-সুৰা অসুখ প্ৰতিৰোধ কৰে,
  • কৰ্কট ৰোগৰ বীজাণুৰ শক্তি কমাই আনে আৰু হৃদযন্ত্ৰ ভালে ৰাখে।

নিজকে ইতিবাচক চিন্তাৰে পৰিপূৰ্ণ কৰক:

যিসকল মানুহে ইতিবাচক চিন্তাৰ সৈতে কাম কৰে তেওঁলোকৰ স্বাস্ত্য সদায় ভালে থাকে। ধনাত্মক দৃষ্টিভংগীৰে কাম কৰি শৰীৰত এন্টিব’ডি বাঢ়ে আৰু স্বাস্থ্য ভালে থাকে।

শিশুটিক ঠাণ্ডা লাগিবলৈ নিদিব

শীতৰ আগমনৰ লগে লগে মাতৃসকল কণ কণ শিশুহঁতৰ স্বাস্থ্যক লৈ অধিক চিন্তিত হৈ উঠে। শীতৰ জ্বৰ, চৰ্দি, কাহ আদিবোৰ একেবাৰে সাধাৰণ বিষয়।

জ্বৰ, নাকৰ পৰা পানী ওলাই থকা বা কাহ আদিবোৰ বয়স অনুসৰি সাধাৰণ ঔষধ সেৱন কৰিলেই সহজে ভাল হয়। কেতিয়াবা আকৌ ঔষধৰো বিশেষ প্ৰয়োজন নহয়।

নিমখ পানীৰে নাক পৰিষ্কাৰ কৰি থাকিলে বা কেৱল মাতৃদুগ্ধ পান কৰিলে নহ’লে বা পৰ্যাপ্ত পৰিমাণে জুলীয়া খাদ্য খায়ো সাধাৰণ ৰোগ নিৰাময় হয়। বাহৰ পাতৰ ৰস অথবা মৌ আদিও এনে ধৰণৰ ৰোগত উপকাৰী।

শীতত হোৱা শিশুৰ চৰ্দি-কাহ আদি বেছিভাগেই ভাইৰাছজনিত। এনে ৰোগত এন্টিবায়’টিকৰ বিশেষ প্ৰয়োজন নাথাকে।

অৱশ্যে চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰিলে শিশুৰ ক্ষতি হ’ব পাৰে। ঘৰুৱা চিকিৎসাৰেই বেছিভাগ চৰ্দি-কাহ ভাল হয়।

এইখিনি সময়ত কুহুমীয়া পানীৰে শিশুক গা ধুৱাব লাগে। নাক বন্ধ হ’লে নিমখ-পানীৰ ড্ৰপ ব্যৱহাৰ কৰিব পাৰি।

তদুপৰি ফাৰ্মাচীতো শিশু উপযোগী নেজলছ, ড্ৰপ পোৱা যায়। কাহ হ’লেও প্ৰথমেই ঔষধ ব্যৱহাৰ নকৰি ঘৰুৱা উপায়েৰে প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

আধা কাপ লাল চাহৰ লগত কেইফোটমান নেমুৰ ৰস আৰু মৌ মিহলাই খুৱাব পাৰে। অথবা আধাকাপ গৰম পানীত নেমুৰস কেইফোটামান, মৌ আৰু তুলসীপাতৰ ৰস মিহলাই খুৱালেও শিশুৱে কাহ, চৰ্দি আদি ৰোগৰ পৰা সহজে সকাহ পায়।

আদা-চাহৰ লগত মৌ মিহলাই খুৱালেও শিশুৰ শৰীৰত গৰম অনুভৱ কৰে। জ্বৰ এশ ডিগ্ৰী চেলছিয়াছৰ ওপৰ হ’লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি পেৰাচিটামল চিৰাপ খুৱাব পাৰে। তদুপৰি কোমল টাৱেল তিয়াই বাৰে শিশুৰ গা মোহাৰি দিব লাগে।

শিশুৰ শ্বাসনলী অতি সংবেদনশীল। সেয়ে শীতত হাপানীৰ প্ৰকোপ বাঢ়ে। শিশু এই ৰোগত আক্ৰান্ত হ’লে ঘৰত কাৰ্পেট ৰখাটো অনুচিত। নোম থকা চাদৰ বা কম্বলো ব্যৱহাৰ কৰিব নালাগে।

শিশুৰ ছাল আৰু শ্বাসতন্ত্ৰ অতি কোমল আৰু অপৈণত। সেয়ে শিশুৱে উত্তাপ ধৰি ৰাখিব নোৱাৰে আৰু সহজে ঠাণ্ডা অনুভৱ কৰে।

সেয়ে শিশুক পৰ্যাপ্ত পৰিমাণৰ গৰম কাপোৰ পৰিধান কৰাব লাগে। অৱশ্যে গৰম কাপোৰ পৰিধানৰ অৰ্থ এয়া নহয় যে নাক-মুখ বন্ধ কৰি কঠিন কাপোৰ মেৰিয়াই আগুৰি ৰাখিব।

শীতৰ কাপোৰ যাতে আৰামদায়ক হয়, সেই কথাটো মন কৰিব লাগিব। শীতত ঘাম বাহিৰ নোহোৱাৰ বাবে প্ৰস্ৰাৱ বেছিকৈ হয়। সেয়ে প্ৰস্ৰাৱ বেছিকৈ কৰিছে বুলি চিন্তাৰ কোনো কাৰণ নাই।

বহুতেই প্ৰস্তাৱ বেছিকৈ কৰিছে বুলি শিশুক মাতৃদুগ্ধ কমকৈ পান কৰোৱা দেখা যায় বা জুলীয়া খাদ্য কমকৈ খুৱায়। এনে কৰাটো একেবাৰেই অনুচিত। কাৰণ, ইয়াৰ ফলত শিশুৰ কিডনীৰ লগতে অন্যান্য অংগৰো ক্ষতি হ’ব পাৰে।

শিশুক পৰ্যাপ্ত পৰিমাণে পুৱাৰ ৰ’দত ৰাখিব লাগে। পুৱা গা ধোৱাৰ পূৰ্বে বহুতেই গাত সৰিয়হ তেলৰ মালিচ দিয়ে। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই যদিও অপকাৰো নাই।

ঋতু অনুসৰি শিশুৰ নানা ৰোগ হ’ব পাৰে। ইয়াৰ বাবে চিন্তাৰ কোনো কাৰণ নাই। ৰাতি শুৱাৰ পূৰ্বে গ্লিচাৰিনৰ লগত পানী মিহলাই শিশুৰ হাত-ভৰি আদিত লগাব পাৰে।

শীতত শিশুক সূতাৰ ডাঠ কাপোৰ পিন্ধাব লাগে। ঊলৰ কাপোৰ পিন্ধালে শৰীৰত সৰু সৰু ঘামচিৰ দৰে ফোঁহা হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে ফ্লানেলৰ কাপোৰ পিন্ধাবও পাৰে।

ৰাতি শুৱাৰ পৰত শিশুক গৰম কাপোৰ বা মোজা, টুপী আদি পিন্ধাই শুৱাব নালাগে। শিশুৰ বিছনা, গাৰু আদি নিয়মিত ৰ’দত দিব লাগে।

শিশুৰ যতনৰ ক্ষেত্ৰত আৰু কেইটিমান কথা মনত ৰখা উচিত। যেনে ধৰক, শিশুৰ ছাল শুকান হৈ থাকিবলৈ দিব নালাগে।

দিনে দুই-তিনিবাৰ বেবী অইল বা বেৰী ক্ৰীম লগাব লাগে। পুৱা-গধূলি কাণ ঢকা টুপী আৰু গৰম কাপোৰ পিন্ধাই ৰাখিব লাগে। ৰাতি ডাইপাৰ পিন্ধাই শুৱাব লাগে।

তদুপৰি ৰাতি টোপনিতে শিশুৰ কাণ, নাক, চকু যাতে লেপ বা কম্বলত তলত ঢাক খাই নাযায়, সেই কথাত সাৱধান হ’ব লাগে।

শীতত শিশুৰ সাধাৰণ সমস্যা

  • জ্বৰ,
  • চৰ্দি,
  • কাহ,
  • হাপানী আদি বাঢ়ি যায়।

এনে অৱস্থাত বিশেষভাৱে চিন্তিত নহৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকৰ সু-পৰামৰ্শ আৰু আপোনাৰ সাৱধানতাই শীতৰ দিনকেইটাতো আপোনাৰ মৰমৰ সন্তানটিক সুস্থ কৰি ৰাখিব।

জাংক ফুডৰ বিকল্প আছেনে?

জাংক ফুড বুলিলেই মনলৈ আহে ৰোগ, চাওমিন, ম’ম’, চিপছ ইত্যাদি। সকলো মানুহৰে প্ৰিয় হৈ পৰিছে জাংক ফুড। জুতি লগাকৈ ৰন্ধা জাংকফুডৰ বিপণী, ৰেষ্টুৰেন্টবোৰ এতিয়া নাই ক’ত?

সকলোতে উপলব্ধ- কলেজৰ সন্মুখত, ৰাস্তাৰ কাষত ইত্যাদি। কিন্তু ক্ৰমান্বয়ে সমাজৰ ব্যাধিস্বৰূপ হৈ পৰে জাংক ফুডে শৰীৰ বিধ্বস্ত কৰি পেলাইছে।

জাংক ফুডৰ প্ৰতি লোভ এৰাব নোৱাৰি কিছুমান ল’ৰা-ছোৱালীয়ে বদহজমৰ অসুখত ভুগিছে।

বহুতে হয়তো ভাবে জাংক ফুড খাবই লাগিব, কাৰণ ফুডৰ বিকল্প নাই। কিন্তু ড° কাজল পাণ্ডিয়া য়েপ্টা, ডায়েটেটিকছৰ মুৰব্বী বিশেষজ্ঞৰ মতে জাংক ফুডৰ বিকল্প আছে।

তেওঁ গুৰুগ্ৰামৰ মেডান্ট, দ্য মেডিচিটিৰ বিশেষজ্ঞ। তেওঁ দহবিধ বিশেষ খাদ্যৰ পৰামৰ্শ আগবঢ়াইছে। যিকেইবিধ জাংক ফুডৰ বিকল্প হ’ব পাৰে।

  • সিজোৱা আলু : পটেছিয়ামৰ অন্যতম প্ৰধান উৎস হ’ল সিজোৱা আলু। সিজোৱা আলুৱে গেছ কমোৱাত সহায় কৰে।
  • গুটি : বিভিন্ন ধৰণৰ মিনাৰেলেৰে পৰিপূৰ্ণ গুটি যেনে-
    • সৰিয়হৰ গুটি,
    • ৰঙালাওৰ গুটি আদিয়ে জিংকৰ পৰিমাণ বঢ়াই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • অ’টছ : অ’টছ এবিধ আঁহযুক্ত খাদ্য, যিয়ে মানুহক সজীৱ কৰি ৰখাত সহায় কৰে। নিয়মীয়াকৈ অ’টছ খালে শৰীৰ ভালে থাকে।
  • বেৰী: প’লিফেৰল এন্টিঅক্সিডেন্টেৰে পৰিপূৰ্ণ বেৰীয়ে চৰ্বি কমোৱাত সহায় কৰে আৰু মাংসপেশীৰ মাজেদি তেজ চলাচল কৰাত সহায় কৰে।
  • শুকান ফল-মূল
    • শুকান ফল-মূল যেনে-
    • বাদাম,
    • খিচমিচ আদিয়ে শৰীৰত প্ৰ’টিন যোগান ধৰে। শুকান ফল-মূলসমূহ স্বাস্থ্যৰ যোগান ধৰে।

শুকান ফল-মূলসমূহ স্বাস্থ্যৰ বাবে আটাইতকৈ উপযোগী।

  • স্প্ৰাউট: স্প্ৰাউট প্ৰ’টিন আৰু আঁহেৰে পূৰ্ণ আৰু স্প্ৰাউটৰ কেল’ৰি একেবাৰে নিম্ন। শৰীৰৰ বাবে স্প্ৰাউটসমূহ।
  • ভজা বাদাম: ভজা বাদামতো প্ৰ’টিন আৰু মিনাৰেল থাকে যিয়ে শৰীৰত পুষ্টি যোগান ধৰে।
  • ফল-মূল: শৰীৰৰ বাবে ফল-মূল কিমান উপযোগী সেয়া পুনৰাই কিমান উপকাৰী সেয়া পুনৰাই নক’লেও হ’ব।

ফল-মূলৰ ভিতৰত থকা ভিটামিন, আঁহ আদিয়ে শৰীৰক পুষ্টি যোগান ধৰে।

  • য়োগহাৰ্ট: য়োগহাৰ্টত যথেষ্ট পৰিমাণে কেলছিয়াম আৰু মেগনেছিয়াম থাকে আৰু শৰীৰত ভাল বেক্টেৰীয়া যোগান ধৰে।
  • ভজাচানা: ভজা চানা আৰু পপকৰ্ন চৰ্বিযুক্ত আৰু নিম্ন কেলৰিযুক্ত খাদ্য হোৱা বাবে অফিচত টিফিন হিচাপে লৈ যোৱাৰ বাবে উপযুক্ত।

উৎস: সাদিন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top