অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

উপকাৰী ফল ৰবাব টেঙা -

সচৰাচৰ বতৰৰ ফল-মূল খোৱাটো মানুহৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। ইয়াৰ ভিতৰত এবিধ অন্যতম উপকাৰী ফল হৈছে ৰবাব টেঙা। এতিয়া ৰবাব টেঙাৰে বতৰ গতিকে আপোনাৰ পৰিয়ালৰ আটায়ে মিলিজুলি ৰবাব টেঙা খাওক আৰু সুস্থ-সবল, নিৰোগী হওক।

উল্লেখ্য যে ৰোগ উপশম আৰু নিৰাময়ৰ বাবে ৰবাব টেঙাত বিভিন্ন উপাদান নিহিত হৈ আছে- ৰবাব টেঙাৰ ৰসে কৰ্কটৰ কোষ বিভাজনত বাধাৰ সৃষ্টি কৰিব পাৰে।

মানৱ দেহৰ শৰ্কৰা নিয়ন্ত্ৰণত ৰবাব টেঙাৰ ৰস পৰম উপকাৰী। দেহৰ ক’লেষ্টেৰল হ্ৰাস কৰাত ইয়াৰ আঁহযুক্ত পদাৰ্থসমূহৰ অৰিহণা অন্যতম।

হৃদৰোগ প্ৰতিহত কৰাত ৰবাব টেঙাৰ আছে অনন্য গুণ। ৰবাব টেঙা খোৱাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হয়। দেহৰ অতিৰিক্ত ওজন হ্ৰাস কৰাত ই উপকাৰী।

ইয়াত পোৱা উল্লেখযোগ্য উপাদানসমূহ হ’ল হৈছে-

  • মেগনেছিয়াম,
  • মেংগানিজ,
  • কেল’ৰি,
  • আয়ৰন,
  • কেলচিয়াম,
  • ভিটামিন চি,
  • ভিটামিন ই,
  • আঁহযুক্ত পদাৰ্থ,
  • প্ৰ’টিন,
  • কাৰ্বহাইড্ৰেট আদি।

এইবোৰ মানুহৰ ৰোগ নিৰাময় আৰু উপশমৰ অতি আৱশ্যকীয় দৰব।

লেখক: ঘনশ্যাম দাস(অসম বাণী)

ঘোঁৰা নিম -

ঘোঁৰা নিম এবিধ আমাৰ সকলোৰে পৰিচিত গছ। ইয়াৰ ইংৰাজী নাম ‘পাৰ্ছিয়ান লিলেক’। ইয়াৰ উপৰি ‘হোৱাইট চিদাৰ’ আৰু ‘চাইনাবেৰী’ নামেৰেও ইয়াক জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম ‘মেলিয়া আজেডেৰাক’। ই বহু বৰ্ষজীৱী মধ্যমীয়া বৃক্ষ।

ইয়াৰ পাত কেঁচা অৱস্থাত সেউজীয়া। নিম পাততকৈ অকণমান বহল ঘোঁৰা নিমৰ পাত। ঘোঁৰা নিম গছ দহ-বাৰ মিটাৰমান ওখ হয়।

এই গছৰ বাকলি ডাঠ আৰু মাটিয়া বৰণৰ। ই চিৰসেউজ বা পৰ্ণপাতী পাতবোৰ ত্ৰিশৰ পৰা ষাঠি ছেন্টিমিটাৰমান দীঘল।

মাৰ্চৰ পৰা আগষ্টলৈ থোপাকৈ অসংখ্য ফুল ফুলে। ফুলবোৰ তৰা আকৃতিৰ। ফুলৰ পৰা ফল হয়। ফল কেঁচা অৱস্থাত সেউজীয়া, পূৰঠ হ’লে হালধীয়া বৰণৰ হয়। পূৰঠ গুটিৰ পৰা গজালি ওলায়।

ঘোঁৰা নিম সাধাৰণতে ছাঁ দিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ঘোঁৰা নিমৰ ফুল, বাকলি, ফল, পাত আদি-

  • মূৰৰ বিষ,
  • শ্বাসৰোগ,
  • ঘূৰণীয়া কৃমি আদি ৰোগত ব্যৱহাৰ কৰা হয়।

লোকবিশ্বাস মতে ঘোঁৰা নিমৰ বতাহে ৰোগৰ বীজাণু নাশ কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

শীতকালিৰ সৌন্দৰ্য চৰ্চা -

শীতকালি ছালৰ যত্ন লোৱাৰ বাবে কেইটামান উপায় আগবঢ়োৱা।

  • আমি ছাল আৰু চুলিত খুব গৰম পানী ব্যৱহাৰ কৰিব নালাগে। কুহুমীয়া পানী উপযুক্ত। গৰম পানীৰ অতিৰিক্ত ব্যৱহাৰৰ ফলত ছাল শোটোৰা হয়, নোমছিদ্ৰ ডাঙৰ হয় আৰু শুকান ছাল হয়।
  • সদায় ত্ৰিশ মিনিটকৈ ব্যায়াম কৰিব লাগে। ব্যায়ামৰ ফলত তেজ চলাচল হয়, হজম শক্তি সঠিক থাকে। ছালখন শুকান নহয়, বৰঞ্চ কোমল আৰু মিহি হয়।
  • শীতকালিৰ ক্ষাৰ যুক্ত চাবোন ব্যৱহাৰ কৰিব নালাগে। অৰগেনিক অইলযুক্ত চাবোন ব্যৱহাৰ কৰিব লাগে। গাখীৰযুক্ত, লেভেণ্ডাৰযুক্ত, অলিভযুক্ত নতুবা প্ৰাকৃতিক সামগ্ৰীৰ দ্বাৰা তৈয়াৰী সামগ্ৰী ব্যৱহাৰ কৰিব লাগে।
  • মুখৰ ক্ষেত্ৰত গোলাপৰ পাহি, জ্যেষ্টমধু, আমলখি, গাখীৰ, অনন্তমূল, ছালকুঁৱৰী, তুলসীৰ পাত, পদিনাৰ পাত, নিম আৰু নেমুৰ পাত, গাজৰৰ ৰস ইত্যাদিৰ প্ৰলেপ ব্যৱহাৰ কৰিব পাৰে।
  • ত্ৰিফলা, আমলখি, চন্দন ইত্যাদি শৰীৰত ব্যৱহাৰ কৰিব লাগে। ই ছালৰ পৰা ট’ক্সিন আঁতৰোৱাত সহায় কৰে।
  • যদি আমাৰ ছাল খুব শুকান হয়, তেন্তে সেউজীয়া পাচলিৰ চুপ সদায় খাব। ই ছালক সতেজ কৰি ৰখাত সহায় কৰিব।
  • পুৱাৰ আহাৰত বাদাম, মগু, নাৰিকলৰ সতেজ খাদ্য ইত্যাদি খাব। ইয়াত প্ৰাকৃতিকভাৱে মিঠা পোৱা যায় আৰু ছালৰ সতেজতা থাকে।
  • ৰাতি শোৱাৰ আগেয়ে সদায় শৰীৰত নিজেই মালিচ কৰিব লাগে। ই ছালক মইশ্ব’ কৰি ৰাখে। তেজ চলাচল হয়। ট’ক্সিন নাশ কৰে। কুহুমীয়া নাৰিকল বা তিল তেলৰ মালিচ উপযুক্ত।

আমাৰ হাত আৰু ভৰিৰ গাঠিসমূহ, পেট, ডিঙিত দিব। মালিচৰ আগেয়ে কুহুমীয়া পানীৰেই গা ধুব। পাছত মালিচ লৈ শুই থাকিব। ৰাতি ভাল টোপনি আহিব।

  • আমাৰ ছালক সতেজ কৰি ৰখাৰ বাবে কুহুমীয়া পানীত আমলখি এটুকুৰা মিহলাই খাব। বজাৰৰ মিঠা ক’লড ড্ৰিংকছ নাখাব। ই বহুত অনিষ্টকাৰক।
  • শীতকালি আমাৰ শৰীৰৰ বাবে বাহিৰৰ পৰাও মইশ্ব’ৰাইজাৰৰ প্ৰয়োজন হয়। সেইবাবে প্ৰাকৃতিক সামগ্ৰীযুক্ত মইশ্ব’ৰাইজাৰ লগাব।
  • গা ধোৱাৰ আগেয়ে চাবোনৰ সলনি ওটমিল আৰু দৈ, এচিকুট হালধিৰ লগত দুচামুচ তেতেলীৰ পানী মিহলাই ল’ব। এয়া প্ৰলেপ তৈয়াৰ শৰীৰত লগাব।

১৫/২০ মিনিটৰ পাছত ঘঁহি ঘঁহি ধুই দিব। ই ছালৰ মসৃণতা ধৰি ৰখাত সহায় কৰিব। ছালৰ উজ্জ্বলতাও বাঢ়িব।

উৎস: অসম বাণী(ভানু শৰ্মা)

শৰতৰ শেৱালিজোপাৰো আছে অনেক ঔষধি গুণ -

শৰতৰ শেৱালিৰ মিঠা সুৱাস আৰু সৌন্দৰ্যক লৈ কবি-সাহিত্যিকসকলৰ মনত উদয় হয় কত যে সৃষ্টিৰ সমল!

কিন্তু শৰতৰ এই শুভ্ৰ শেৱালি কেৱল যে কবি-সাহিত্যিকৰ ৰচনাৰাজিৰ মাজতে আৱদ্ধ হৈ আছে তেনে নহয়। আনহাতে চিকিৎসক আৰু কবিৰাজ সকলৰ গৱেষণাতো।

শৰতৰ শেৱালি বিভিন্ন ঔষধি গুণেৰে পৰিপূৰ্ণ বুলি প্ৰমাণিত হৈছে। সি যি কি নহওক, শেৱালি ফুলৰ লগতে গছজোপাৰ প্ৰতিটো অংশই উৎকৃষ্ট ঔষধি গুণেৰে সমৃদ্ধ-

  • গছজোপাৰ পাত, গুটি, ছাল, শিপা আদি প্ৰতিবিধে মানৱ দেহৰ বিভিন্ন ৰোগ উপশম আৰু সম্পূৰ্ণ নিৰাময়ৰ পৰম মহৌষধৰ কাম কৰে।
  • পেটৰ ৰোগ, বাতবিষ, জ্বৰ আদিত শেৱালি গছৰ কোমল পাতৰ মহৌষধস্বৰূপে সুফল দিয়ে।
  • পেলু বা কৃমি নাশ কাৰত সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত পাতৰ ৰসে উৎকৃষ্ট দৰবৰ কাম কৰে। ফুলৰ ৰসৰ কৃমি নাশৰ বাবে উত্তম ঔষধ।
  • মেলেৰিয়া জ্বৰত পাতৰ ৰসৰ লগত অকণমান গুৰ মিহলাই একেৰাহে কিছু দিন সেৱন কৰিলে সুফল পোৱা যায়।
  • জিভাৰ ঘাঁ বা মুখৰ ভিতৰত হোৱা ঘা নিৰাময়ৰ বাবে শেৱালি ফুলা বা পাতৰ ৰস উত্তম মহৌষধ।
  • পাতল পায়খানা হ’লে পাতৰ ৰস সেৱনে সুফল দিয়ে।
  • হৃদৰোগত আক্ৰান্ত ব্যক্তিয়ে গছৰ ছালৰ চূৰ্ণ আধা চামুচকৈ একাপ পানীৰ লগত মিশ্ৰণ কৰি পুৱা আৰু আবেলি নিয়মীয়াকৈ একেৰাহে কেইসপ্তাহমান খালে সুফল পোৱা যায়।
  • শৰীৰৰ মেদ বৃদ্ধি প্ৰতিৰোধত ছালৰ চূৰ্ণই উৎকৃষ্ট দৰৱৰ কাম কৰে।
  • সায়েটিকা নামৰ ৰোগবিধৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ কোমল পাত এমুঠি পানীত উতলাই সেই পানীখিনি চেঁচা কৰি খাব লাগে।
  • কাহ আৰু চৰ্দি লাগি মাত ভাঙিলে কোমল পাতৰ ৰস আৰু ফুলৰ আঞ্জাই ৰোগ নিৰাময়ত পৰম মহৌষধৰ কাম কৰে।
  • কোমল পাত, শিপাৰ ৰস আৰু ফুলে মানুহৰ কঁকালৰ বিষ নিৰাময়ত সুফল দিয়ে।
  • গছৰ কেঁচা গুটি নাৰিকলৰ তেলৰ সৈতে ভালদৰে মিশ্ৰণ কৰি মূৰত ঘঁহিলে চুলি সৰা বন্ধ হোৱাৰ উপৰি মূৰৰ খজুৱতিও নাইকিয়া হয়।
  • বহুমূত্ৰ(diabetes) ৰোগত ইয়াৰ পাত, শিপা আৰু ফুলৰ ৰসে ৰোগ নিয়ন্ত্ৰণত উৎকৃষ্ট দৰৱৰ কাম কৰে।

গতিকে ইমানবোৰ ঔষধি গুণেৰে সমৃদ্ধ এই গছবিধক বিলুপ্তিৰ পথৰ পৰা ৰক্ষা কৰি আমি সকলোৱে পুনৰ অতি যতনেৰে ঘৰৰ বাৰীত ৰোপণ কৰিব লাগে।

লেখক: ঘনশ্যাম দাস(অসম বাণী)

‘কল’: মগজুৰ বিকাশৰ সহায়ক -

পাতনি:

কল এবিধ সুস্বাদু মিঠা ফল। ই বলকাৰক। স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত কলৰ মহিমা অপৰিসীম। কথাতে কয় ‘সু-ফল কদলী, সু-তিৰি ফেদেলী’। ‘কলত বাঢ়ে বল, শাকত বাঢ়ে মল’। কল খেতিৰে লংকাৰ বনিজ হাততে পোৱা সত্য- আটায়ে জানে।

অসমীয়া ভাষাত ‘কল’, বাংলা ভাষাত ‘ক’লা’, ইংৰাজী ভাষাত ‘বানানা’, উদ্ভিদ বিজ্ঞানৰ ভাষাত ‘বানানা-চেটাইভা’। এইবিধ ফল অসমত উভৈনদী।

গুণাগুণ আৰু গৱেষণাৰ তথ্য -

‘মগজু’ৰ বিকাশৰ বাবে-

  • তৈল পদাৰ্থ,
  • চৰ্বি পদাৰ্থ,
  • ফলাহাৰ,
  • শাক-পাচলি প্ৰ’টিনজাতীয় খাদ্য,
  • প্ৰচুৰ পৰিমাণৰ্ভিটামিন আৰু
  • খনিজ পদাৰ্থৰ প্ৰয়োজন।

ইয়াৰ পৰিমাণ কম হ’লে সুস্থ মানসিক অৱস্থাৰ ব্যতিক্ৰম ঘটিব পাৰে। কল এনে এবিধ তুলনামূলকভাৱে সস্তা ফলাহাৰ, যিয়ে মগজুৰ সু-স্বাস্থ্য, স্মৰণশক্তি বৃদ্ধিত অভাৱনীয় প্ৰভাৱ পেলায়।

কল কম কেলৰীযুক্ত ফল হোৱাৰ প্ৰধান কাৰণবোৰ হ’ল কম চৰ্বি, শাহ পদাৰ্থযুক্ত, কিন্তু ক’লেষ্টেৰল’ মুক্ত।

কলত ‘ফ্ৰুক্টছ’(Fructose) থকা বাবে ই শক্তিবৰ্ধক। কলত ‘ভিটামিন বি-৬’, মেগনেচিয়াম প্ৰচুৰ পৰিমাণে বিদ্যমান বাবে মগজু বিকাশৰ সহায়ক হয়।

১৯৯৬ চনতে আমেৰিকাৰ ‘বষ্টন’ বিশ্ববিদ্যালয়ৰ এক গৱেষণাৰ তথ্যত প্ৰমাণিত হৈছে যে কলত থকা ভিটামিন বি-৬ মগজু বিকাশত সহায়ক হয়।

কলে মগজু শীতল কৰাৰ ফলস্বৰূপে দৈহিক গঠন, মুখৰ সৌন্দৰ্য বৃদ্ধি, আচৰণ আৰু ব্যৱহাৰতো প্ৰভাৱ পেলায়। সকলোবিধ কল একে উপাদানেৰে গঠিত। সেয়েহে ‘মালভোগ’ কলেই উৎকৃষ্ট বুলি ভবাৰ কোনো যুক্তি নাই।

বিশেষকৈ শিশু, শিক্ষাৰ্থীসকলে ‘চানা’, ‘চিপছ’ আদিৰ প্ৰতি অহেতুক দুৰ্বলতা আঁতৰাই প্ৰতি দিনে দুটাকৈ কল খোৱাৰ অভ্যাস কৰিলে সুফল পোৱাটো এশ শতাংশই নিশ্চিত।

লেখক: ডাঃ কৃপাসিন্ধু অধিকাৰী(অসম বাণী)

অমৃতত বিহ -

প্ৰকৃতিয়ে আমাক মুক্তহস্তে বায়ু-পানীকে ধৰি বিভিন্ন খাদ্য৭অশস্য, শাক-পাচলি, ফল-মূল আদি যিবোৰ অমূল্য সামগ্ৰী আঁচল ওপচাই দিছে, সেইবোৰ সঁচাকৈয়ে অমৃতোপম, যিবোৰে অহৰ্নিশে দিছে আমাৰ জীৱনৰ সঞ্জীৱনী শক্তি দেহৰ পুষ্ট আৰু মনৰ সন্তুষ্টি। কিন্তু বৰ দুখ আৰু পৰিতাপৰ কথা যে আমাৰ জীৱনশক্তিস্বৰূপ প্ৰকৃতিৰ এই অনবদ্য উপহাৰ তথা অমৃতোপম সামগ্ৰীবোৰৰ লগতে কৃতঘ্ন মানুহে নিজৰ অদূৰদৰ্শী তথা অপৰিণামদৰ্শী দুষ্কাৰ্যৰ জৰিয়তে জননীসম প্ৰকৃতিক বিকৃতিৰ মুখলৈ ঠেলি, অমৃতত বিহ ঢলাই নহয়, সমগ্ৰ জীৱ জগতলৈকে ভয়ানক ভাবুকি কঢ়িয়াই আনিছে।

কৃষিৰ ক্ষেত্ৰত আজি যথোপযুক্ত জৈৱিক সাৰৰ বিপৰীতে মাত্ৰাধিক ৰাসায়নিক সাৰ আৰু মাৰাত্মক কীটনাশকৰ বহুল প্ৰয়োগে চৌপাশৰ বায়ু-মাটিকে ধৰি বিভিন্ন খাদ্যসম্ভাৰ আৰু সমগ্ৰ পৰিৱেশ প্ৰদূষিত কৰি তুলি মানুহকে ধৰি সমস্ত জীৱকূলক ‘শ্ল’পয়জনিং’-ৰ গৰাহলৈ ঠেলি পঠিয়াইছে।

কিয়নো কৃষিকাৰ্যত ব্যৱহাৰ হোৱা কীটনাশকবোৰ অতিশয় বিষাক্ত আৰু মাৰাত্মক প্ৰকৃতিৰ। এইবোৰ খেতিত নিয়ম মতে প্ৰয়োগ হ’লেও উৎপাদিত শস্যবোৰত ইয়াৰ পাৰ্শ্বক্ৰিয়া বহু দিনলৈ থাকি যায়। অশিক্ষিত আৰু অপ্ৰশিক্ষিত কৃষকৰ হাতত এইবোৰৰ কু-প্ৰভাৱ আৰু কেইবাগুণে বাঢ়ি যায়।

ফলত অমৃতত বিহে ছানি ধৰে। কীটনাশকবোৰৰ বাহিৰ খাদ্য দ্ৰব্যৰ কৃত্ৰিম ৰংবোৰেও আজি অমৃতত বিহ ঢালি জনস্বাস্থ্যৰ ব্যাপক অনিষ্ট সাধন কৰিছে।

ৰঙৰ প্ৰতি মানুহৰ দুৰ্বলতা সহজাত হ’লেও কৃত্ৰিম ৰংবোৰ কিন্তু মানৱ দেহৰ বাবে অত্যন্ত হানিকাৰক।

কৃত্ৰিম ৰঙত থকা ৰাসায়নিক পদাৰ্থবোৰে যেতিয়া খাদ্য দ্ৰব্যৰ মাজেৰে দেহত প্ৰৱেশ কৰে, তেতিয়া সেইবোৰে দৈহিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অনেক দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰিব পাৰে বুলি খাদ্য বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য মতে,

  • দাইল-চেনি,
  • চাহপাত,
  • কফি,
  • গাখীৰ,
  • বিভিন্ন প্ৰকাৰৰ মিঠাই,
  • আচাৰ,
  • হালধি,
  • ধনিয়া গুড়ি,
  • ফুলকবি,
  • বেঙেনা আদিত প্ৰয়োগ কৰা ৰঞ্জক পদাৰ্থবোৰ যথেষ্ট অপকাৰী আৰু ৰোগ সৃটিকাৰী উপাদানেৰে ভৰা।

এই ৰঞ্জক পদাৰ্থবোৰত দেহত কেন্সাৰ সৃষ্টি কৰিব পৰা ‘কাৰ্ছিন’জেনিক’(Carcinogenic) উপাদান থাকে। মিঠাইত মিহলোৱা ‘মেটানিল ইয়েলো’, ‘ৰডামাইন-বি’ আদি ৰঞ্জক পদাৰ্থবোৰো দেহৰ বাবে বৰ ক্ষতিকাৰক।

বেঙেনাত প্ৰয়োগ হোৱা ‘কাৰ্ব’ফিউৰান’ নামৰ পদাৰ্থবিধো দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক। প্ৰাকৃতিক ৰঙৰ উৎস ‘হালশি’ও ‘লেড ক্ৰমেত’ নামৰ কৃত্ৰিম ৰঙৰ কবলত, যিয়ে ৰক্তহীনতাকে ধৰি মগজুৰ ক্ষতিসাধন কৰে। আচাৰত ব্যৱহাৰ কৰা ‘কপাৰছল্টে’ বৃক্কৰ ক্ষতি সাধে।

সজাগতাৰ সাৱধানতাই একমাত্ৰ উপায় -

আমি যথাসম্ভৱ সাৱধানতা অৱলম্বন কৰি উল্লিখিত পদাৰ্তসমূহৰ পৰা আঁতৰি থকাৰ গত্যন্তৰ নাই। ‘ৰংগুড়া’(হালধি), আচাৰ, মিঠাই আদি পাৰ্যমানে নিজেই অলপ কষ্ট কৰি হ’লেও প্ৰস্তুত কৰি লোৱাৰ ব্যৱস্থা কৰিব লাগিব নতুবা নিজে চাই-চিতি কৃত্ৰিম ৰঙৰ বস্তু পৰিহাৰ কৰি চলিব পাৰিব লাগিব।

কীটনাশক কু-প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ’লে বজাৰৰ পৰা অনা ফল-মূল, শাক-পাচলি ভালদৰে ধুই-পখালি ব্যৱহাৰ কৰিব লাগিব আৰু সম্ভৱ ক্ষেত্ৰত কিছুমান পাচলি নিমখ-হালধি গৰম পানীত তিয়াই থৈ পাছত ভালদৰে ধুই-পখালি লৈ ব্যৱহাৰ কৰিব লাগিব।

নিমখ মিহলি গৰম পানীত তিয়াই থৈ পাচলিৰ ব্যৱহাৰ কৰিলে কীটনাশকৰ কু-প্ৰভাৱ বহুলাংশে নাইকিয়া হয় বুলি খাদ্য বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। এনেদৰে ‘জাগি শুই বাচি খাব’ পাৰিলেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰিম।

লেখক: ভুৱনেশ্বৰ ডেকা(অসম বাণী)

শুচিবায়ুগ্ৰস্ততা সুখী জীৱনৰ অন্তৰায় -

আমাৰ সমাজত এনেকুৱা বিশেষ প্ৰকৃতিৰ কিছুমান লোক আছে, যিয়ে একেটা কামকে বাৰে বাৰে কৰি থাকে। এই শ্ৰেণীৰ লোকে কিছুমান দৈনন্দিন কাম এবাৰ কৰিয়ে ক্ষান্ত নাথাকে বা সন্তুষ্টি লাভ নকৰে।

কোনো এটা কাম, যেনে- হাত-ভৰি ভালদৰে ধুই উঠিও পুনৰ ধুব ধৰে, কিবা লেতেৰা বস্তু, ধূলি-মাকতি আদি লাগিল বুলি ভাবি।

দুবাৰ-খিৰিকীৰ হুকটো বা তলাটো(প্ৰয়োজনৰ সময়ত) মাৰি বাৰে বাৰে পৰীক্ষা কৰে, হুকটো বা তলাটো ভালদৰে লাগিল নে নাই বুলি ভাবি।

গৃহিণীয়ে ৰান্ধিবলৈ যতনাই লোৱা দাউল-চাউল বা শাক-পাচলিবোৰ ভালদৰে ধুই উঠিও পুনৰ মনৰ খুদুৱনিত ভোগে ভালদৰে ধোৱা নহ’লে বুলি ভাবি। পুনৰ ধুই সময় অপচয় কৰিও মনৰ অশান্তি, উদ্বিগ্নতাত ভোগে।

বহুতে আকৌ খাবলৈ লোৱা পানী গিলাছ বা চাহকাপতো কিবা পৰা বুলি ভাবি ওপৰে অলপমান পেলাই দি নাইবা বেছি হোৱাৰ অজুহাতত আনৰ কাপত ঢালি দি খাইহে কিছু শাস্তি পায়।

পৰীক্ষা হলত কিছুমান ছাত্ৰ-ছাত্ৰীয়ে বহীত ৰোল নম্বৰটো বা প্ৰশ্ন কাকতৰ ক্ৰমাংকবোৰ ঠিকমতে লিখা হ’ল নে নাই, তাকে ভাবি মূৰ গৰম কৰে। এনেকৈ এচাম লোকে অনাহকতে অশান্তি-উদ্বিগ্নতাত ভোগে।

প্ৰকৃততে ই হৈছে একপ্ৰকাৰ মনোৰোগ, যিবিধ ৰোগত আক্ৰান্ত ব্যক্তিৰ মনত বিৰামহীনভাৱে একেটা কথাই ক্ৰিয়া কৰি থাকে।

চিকিৎসা বিজ্ঞানৰ ভাষাত এইবিধ ৰোগক সংক্ষেপতে অ’-চি-ডি(O-C-D) অৰ্থাৎ ‘অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰ’ বা পৰিচিত ভাষাত ‘শুচিবায়ুগ্ৰস্ততা’ বুলি কোৱা হয়।

সাধাৰণতে জাতি-ধৰ্ম-লিংগ তথা বয়স নিৰ্বিশেষে সকলো এটা সময়ত(শৈশৱ বা কৈশোৰৰ পাছত) এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

এই ৰোগত ভোগা লোকৰ একেজনৰে একাধিক ‘অবছেছন’(Obsession) অৰ্থাৎ বিভিন্ন ধৰণৰ ভ্ৰান্তি মেনিয়া(Mania) ফবিয়া(Phobia) আৰু কম্পালছন(Compulsion) অৰ্থাৎ বাধ্যবাধকতা থাকিব পাৰে।

সাধাৰণতে প্ৰায়েই দেখিবলৈ পোৱা এই ‘অবছেছন’সমূহ হৈছে-

  • লেতেৰা হোৱাৰ,
  • সংক্ৰমিত হোৱাৰ,
  • দুৰ্ঘটনাত পতিত হোৱাৰ ভয়,
  • নিজৰ কাম-কাজ ভালদৰে সম্পন্ন নোহোৱাৰ শংকা আদি।

কম্পালছনবোৰ হ’ল- বাৰে বাৰে ধোৱন, ঘৰৰ বিভিন্ন সামগ্ৰীৰ ছুইচ, হুক, তলা আদি বাৰে বাৰে পৰীক্ষা কৰাকে ধৰি একে কামৰ পুনৰাবৃত্তি, সন্দেহপৰায়ণ হোৱা আদি।

আধুনিক চিকিৎসা বিজ্ঞানৰ গৱেষণালব্ধ তথ্য মতে, মানুহৰ মগজুত থকা ‘ছেৰটনিন’ নামৰ ৰাসায়নিক পদাৰ্থবিধৰ ভাৰসাম্যহীনতাৰ বাবে এই ৰোগ হ’ব পাৰে।

ই এবিধ ব্যক্তিৰ মনৰ মাজত লুকাই থকা গোপন ৰোগ। আক্ৰান্ত ব্যক্তিয়ে নিজকে কোনো ৰোগত ভোগা বুলি নাভাবে আৰু শুচিবায়ুগ্ৰস্ততাৰ লগত সহ অৱস্থান কৰি সমাজত সুকলমে চলি থাকে যদিও সময়ত ই সহজে আনৰ চকুত ধৰা পৰিব পাৰে।

এইবিধ মনোৰোগৰো যথোচিত চিকিৎসা আছে। মনৰ এই ‘মেনিয়া’ ভ্ৰান্তি আদি আঁতৰাবলৈ উপযুক্ত চিকিৎসকৰ ওচৰ চপাটো নিতান্তই বাঞ্ছনীয়।

লেখক: ভুবনেশ্বৰ ডেকা(অসম বাণী)

শীতত শিশুৰ ৰোগ আৰু সৌন্দৰ্য চৰ্চা -

চাওঁতে চাওঁতে পুনৰ আহিল শীত। আমনি লগা গৰমৰ পৰা কিছু সকাহ পোৱাৰ সময়। কিন্তু এই সময়ছোৱাতে আমাৰ শিশু আৰু বৃদ্ধসকলৰ-

  • পানীলগা,
  • জ্বৰ,
  • গাৰ বিষ,
  • এলাৰ্জী আদি বেছিকৈ হ’ব ধৰে।

কেতিয়াবা হাঁপানি আৰু ভাইৰাচজনিত পাতল পায়খানাৰ দ্বাৰা আক্ৰান্ত নোহোৱাকৈ নাথাকে। প্ৰকৃততে বতৰৰ পৰিৱৰ্তনৰ ফলত এনে ধৰণৰ ৰোগসমূহে আক্ৰমণ কৰে।

সেয়ে শীতৰ দিনকেইটাত আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা যেন অটুট থাকে তাৰ বাবে যত্ন লোৱা উচিত।

কিন্তু প্ৰথম পদক্ষেপ বুলিলে ঠাণ্ডা লগাৰ পৰা সাৱধানে থকাটো প্ৰয়োজনীয়। আনহাতে ৰোগ যেন অধিক বিয়পি নপৰে তাৰ বাবে চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন।

কোনো কোনোৰ আকৌ ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈ পাতল পায়খানা হ’ব ধৰে। এই ৰোগ এজনৰ পৰা আনজনলৈ সংক্ৰমণৰ দ্বাৰাও বিয়পে।

সেয়ে শিশুৰ যত্ন লওঁতে বা খাদ্য ৰান্ধোতে হাত ভালদৰে চাবোনেৰে ধুই ল’ব লাগে। অৰ্থাৎ ৰোগীৰ যত্ন লোৱা ব্যক্তিগৰাকীয়ে নিজৰ চাফ-চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

শীতত চৰ্দি-কাহ এটি সাধাৰণ সমস্যা হ’লেও আন এটা সমস্যা হ’ল- টনছিলাইটিছ। সাধাৰনতে শিশু আৰু বয়োজ্যেষ্ঠসকলে এই ক্ষেত্ৰত অধিক ভোগা দেখা যায়।

সংক্ৰমণৰ বাবে এই ৰোগ হয়। আনহাতে শিশু আৰু বৃদ্ধসকলৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা কম হোৱা বাবে শীঘ্ৰে আক্ৰান্ত হয়।

খুব বেছিকৈ কাহিলে বা কথা ক’লে মাতটো ভাঙি যায় বা বহি যায়। এনে অৱস্থাত গৰম পানী বা ৰঙা চাহ খালে সকাহ পোৱা যায়।

বহু লোকে কুলকুলি কৰে, কিন্তু গৰম পানীৰ বাবে কন্ঠনলীয়ে কষ্ট পায়। ইয়াতকৈ উত্তম কন্ঠনলীক আৰাম দিয়াটো। যিমান পাৰে কথা কমকৈ কোৱা উচিত।

সাধাৰণতে শীত অহাৰ লগে লগে আমি খোৱাপানী, ফল-মূলৰ ৰস আদি কমাই খাওঁ। ফলত শৰীৰত পানীৰ পৰিমাণ তথা ভিটামিন ‘বি’ৰ পৰিমাণ কমি যোৱাৰ ফলত ওঁঠ ফাটিবলৈ ধৰে।

আকৌ মাউথ আলচাৰৰ ৰোগতো ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়ে এই সময়ছোৱাত যথেষ্ট পৰিমাণে পানী, ফলৰ ৰস আদি খাব লাগে।

শৰীৰৰ আন ৰোগৰ উপৰি শীতকালি গাঁথিৰ বিষ থকাসকলৰ বেছি বিষ হ’ব ধৰে। অনে অৱস্থাত সদায় গৰম পানীৰ সেক আদি দিয়াৰ উপৰি ব্যায়াম আদি কৰিব লাগে। কিছু সকাহ পোৱা যায়।

এইবাৰ আহো শীতত সৌন্দৰ্য চৰ্চাৰ বিষয়ে। সৌন্দৰ্য বুলিলেই প্ৰথমেই আমাৰ ছালখনৰ কথাকে মনলৈ আহে। শীতত আমাৰ ছালৰ যতন অধিক ল’ব লগা হয়।

সেয়ে প্ৰয়োজন অধিক পানীয় গ্ৰহণ কৰা। মাইশ্ব’ৰাইজাৰ হিচাপে পদিনা পাতৰ ৰস, মৌ আৰু নিম পাতৰ ৰস মিহলাই লগালে ছাল উজ্জ্বল আৰু সমস্যাবিহীন হৈ থাকিব।

তেলেতীয়া ছালৰ গৰাকীয়ে এচামুচ মূলতানী মাটিৰ লগত এচামুচ গাখীৰৰ বগা অংশ তিয়ঁহৰ ৰসৰ লগত মিহলাই লগালে উপকৃত হ’ব। এই বতৰত শুকান ছাল অধিক শুকান হয়।

সেয়ে ক্লজমন হিচাপে গাখীৰৰ ৰস ব্যৱহাৰ কৰিলে উত্তম ফল পোৱা যায়। শীতত ওঁঠযুৰিৰ পৰিচৰ্যা খুবেই প্ৰয়োজন। ফটা, ক’লা পৰা আদিৰ বাবে সৌন্দৰ্য ম্লান হোৱা দেখা যায়।

নিশা শুবলৈ যোৱাৰ আগেয়ে কেঁচা গাখীৰত কপাহ তিয়াই ওঁঠ পৰিষ্কাৰ কৰিব পাৰে। যদি ক’লা পৰে তেতিয়া কেইটোপালমান নেমুৰ ৰসৰ লগত মৌ মিহলাই লগালে ওঁঠৰ ৰং স্বাভাৱিক হয়। বাদাম তেল সানিলে ওঁঠ দুটি যথেষ্ট কোমল হ’ব।

গোৰোহাৰ যতন:

শীতকালি ভৰিৰ গোৰোহা বা গেৰোৱা ফটা সমস্যা প্ৰায় লোকৰে হয়। কিন্তু কিছু লোকৰ আকৌ অধিক গেৰোৱা ফটা দেখা যায়।

সেয়ে শীতৰ আৰম্ভণি হোৱাৰ পৰাই যতনৰ প্ৰয়োজন। এটা চৰিয়াত কুহুমীয়া গৰম পানীত শ্বেম্পু মিহলাই ভৰি দুখন দহ মিনিট সময় জুবুৰিয়াই থওক। কোমল ব্ৰাচেৰে গেৰোৱাৰ লগতে গোটেইখন ভৰি ঘঁহি ধোঁৱক।

পিউমিচ ষ্ট’নৰ সহায়ত গেৰোৱাৰ মৃত ছালসমূহ ঘঁহি গুচাই ল’ব। পুনৰ আৰু পৰিষ্কাৰ কুহুমীয়া পানীত ভৰি দুখন ধুই উন্নত মানৰ ফুটকেয়াৰ লোচন লগাব। গোৰোহাৰ বাবে আন এটা লোচন তৈয়াৰ কৰি থ’ব পাৰে। সম পৰিমাণৰ গ্লিচাৰিন আৰু গোলাপ জল মিহলাই ফ্ৰীজত থওক। মাজে মাজে ভৰি দুখনত লগাব।

ওজন বঢ়া:

শীতত ওজন বাঢ়ি অহা আন এটা সমস্যা। কিয়নো এই বতৰত এলাহ হোৱাৰ উপৰি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত এপিটাইট বৃদ্ধি হয় ফলত অধিক খাদ্য গ্ৰহণ কৰা হয়।

সেয় খাদ্য গ্ৰহণ অনুসৰি শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন। অধিক চৰ্বীযুক্ত আহাৰ পৰিহাৰ কৰিব লাগে। কিন্তু গ্ৰহণ কৰা আহাৰ সন্তোলিত হোৱা প্ৰয়োজন।

বাঢ়ি অহা পেট কমাবলৈ:

সাধাৰণ চাহকাপৰ সলনি গ্ৰীন টি খোৱাৰ অভ্যাস যথেষ্ট ফলপ্ৰসূ। মনত ৰাখিব গ্ৰীন টীৰ ফলাফল তিনি মাহমান পাছতহে ধৰিব পৰা যায়। গ্ৰীন টীৰ দ্বাৰা মেটাবলিক ৰেট বৃদ্ধি হোৱাৰ উপৰি এন্টি অক্সিডেন্টেৰে ভৰপূৰ।

  • ব্ৰ’কলি, ৰন্ধাকবি শীতত যথেষ্ট পৰিমাণে পোৱা যায়। ব্ৰ’কলিয়ে শৰীৰৰ চৰ্বী জমা হোৱাত বাধা প্ৰদান কৰে।

আনহাতে বন্ধাকবিত যথেষ্ট এন্টি অক্সিডেন্ট মজুত থকাৰ উপৰি ভিটামিন ‘চি’ পোৱা যায়। ভাতৰ পৰিমাণ কমাই দি সৰহ পৰিমাণ বন্ধাকবি খাব পাৰে।

  • সাধাৰণতে চাউলৰ সলনি ব্ৰাউন ৰাইচ খাব পাৰে। কম কেলৰিযুক্ত হোৱাৰ উপৰি ফাইবাৰসমৃদ্ধ।

লেখিকা: শ্ৰুতি জৈন(অসম বাণী)

খোৱাৰ মাজত পানী খোৱাৰ অভ্যাস আছে নেকি -

পানী খোৱাতো আমাৰ সকলোৰে শৰীৰৰ কাৰণে ভাল। কিন্তু সকলো কামেই অতিৰিক্ত হোৱাউচিত নহয়। প্ৰতিদিনে দুই-আঢ়ৈ লিটাৰ পানী হোৱা ভাল।

কিন্তু ইয়াৰ অধিক হ’লে কিডনীত অতিৰিক্ত চাপ পৰে। পানী খোৱাৰ লগতে সেয়েহে কিডনী ভালে ৰখা কথাটোও চিন্তা কৰিব লাগিব।

কিছুমানৰ ভাত খোৱাৰ মাজত পানী খোৱাৰ অভ্যাস। ই স্বাস্থ্যৰ পক্ষে যথেষ্ট ক্ষতিকাৰক। খোৱাৰ সময়ত আমাৰ শৰীৰত কিছুমান ষ্ট’মাক এচিড, ডাইজেষ্টিভ এনজাইম নিসৃত হয়, যিয়ে খাদ্য হজমত সহায় কৰে।

কিন্তু পানী খাই থাকিলে এই এনজাইমে কাম কৰাত বাধাৰ সৃষ্টি হয়। এই এনজাইমবোৰে কাম কৰিবলৈ অপাৰগ হ’লে ক্ৰমান্বয়ে দেখা দিবলৈ ধৰিব হজমৰ সমস্যা অথবা এচিডিটী।

খোৱাৰ সময়ত অতিৰিক্ত পানী খোৱাৰ ফলত তেজত ইনচুলিনৰ মাত্ৰা বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। কনষ্টিপেচন, গেছৰ সমস্যায়ো দেখা দিব পাৰে।

তাৰ উপৰি এইটোও সঁচা কথা যে পানী খাই পেট ভৰিলে আচল আহাৰ খোৱাৰ পৰা বঞ্চিত হয়। তাৰ ফলত শৰীৰে পাবলগীয়া আহাৰৰ গুণাগুণৰ পৰাও বঞ্চিত হয়।

গতিকে সকলো ফালৰ পৰা খোৱাৰ মাজত পানী খোৱা বাৰণ বুলিয়েই ধৰি ল’ব লাগে। বিশেষজ্ঞসকলে খোৱাৰ আধা ঘন্টাৰ পাছতহে পানী খাবলৈ কয়।

পিছে আধা ঘন্টা নোৱাৰিলেও খোৱাৰ কিছু সময়ৰ পাছতহে পানী খোৱা উচিত। যাতে খাদ্য আৰু এনজাইমৰ কামবোৰ ঠিক মতে হোৱাৰ সময় মিলে।

লেখিকা: সীমা চক্ৰৱৰ্তী(অসম বাণী)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক