অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ -

১)সদায় এক নিৰ্দিষ্ট সময়ত বিছনালৈ যোৱা আৰু পুৱা এক নিৰ্দিষ্ট সময়ত শোৱাপাটী ত্যাগ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। পৰাপক্ষত নিশা আহাৰ গ্ৰহণ কৰাৰ পিছত অহা ভাত ঘুমটিকণ কেতিয়াও ত্যাগ কৰিব নালাগে।

২)ৰাতি শোৱাৰ আগে আগে ৰাগিয়াল বস্তু বা মাদক দ্ৰব্য গ্ৰহণ কৰা অনুচিত।

৩)শোৱাৰ আগতে অযথা চিন্তাবোৰ মনলৈ নানি ঈশ্বৰৰ নাম লৈ চকুহাল জপাব লাগে।

৪)শয়ন কক্ষৰ পৰিৱেশ শান্তিময় কম পোহৰৰ হোৱা বাঞ্ছনীয়। সম্প্ৰতি টোপনি বাঘ্যাত জন্মোৱাৰ অন্যতম কাৰণ হ’ল ম’বাইল ফোন। শোৱাৰ আগে আগে বা বিছনাত পৰাৰ সময়ত ম’বাইল ফোনৰ ব্যৱহাৰ য’তদূৰ সম্ভৱ কমাই দিব লাগে।

৫)টোপনি যাতে গভীৰ হয় আৰু সাতৰ পৰা আঠ ঘন্টা সময় যাতে সম্পূৰ্ণ নিদ্ৰা হয় তাৰ প্ৰতি সচেতন হ’ব লাগে।

৬)শোৱাৰ আগে আগে ডাঙৰ শব্দ সৃষ্টি কৰা বা লাউড মিউজিকৰ গান শুনিব লাগে।

৭)টোপনি যাৰ কম তেওঁলোকে দিনত শুব নালাগে।

একে ভংগীতে বেছি সময় বহি নাথাকিব -

কৰ্কট ৰোগক নিয়তিলৈ এৰি দিয়াৰ সলনি তেনে জটিল ৰোগৰ পৰা হাত সৰাৰ বাবে চিকিৎসা বিজ্ঞানীসকলে শেহতীয়াভাৱে কেতবোৰ অতি সাধাৰণ অথচ সকলোৱে চলিব পৰা পৰামৰ্শ আগবঢ়াইছে।

  • অত্যধিক মদ্যপান,
  • ধুম্ৰপান,
  • মেদবহুলতা আৰু সূৰ্যৰ প্ৰখৰ ৰ’দৰ পৰা নিজক আঁতৰাই ৰাখিলে কৰ্কট ৰোগৰ আশংকাৰ পৰা বহুখিনি নিলগত থাকিব পৰা যায়।বিগত মাহত চিকিৎসকসকলে সাৱধানবাণী শুনাইছে যে একে ঠাইতে অধিক সময় বহি থকাটো অতি ক্ষতিকাৰক।

জাৰ্মানীৰ ৰেজেনবাৰ্গ বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে, একে ঠাইতে কোনো লোকে দুঘন্টাতকৈ অধিক সময় বহি থাকিলে বিভিন্নধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা অন্ততঃ দহ শতাংশ বৃদ্ধি পায়।

শাৰীৰিকভাৱে অতি সক্ষম লোকেও যদি একে স্থানতে দীৰ্ঘসময় ধৰি বহি থাকে, তেন্তে তেনে লোকৰো কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

সেয়ে শৰীৰটোক বেছি সময় জঠৰ হৈ থাকিবলৈ নিদিব। একেদৰে ফ্ৰীজত ফলমূল ৰাখোতেও সাৱধান হওক। ফ্ৰীজত অতি ঠাণ্ডাত ফলমূলৰ কৰ্কট প্ৰতিৰোধ গুণ লোপ পায়।

ফলত বিটা কেৰ’টিন নষ্ট নহ’বৰ বাবে ফ্ৰীজত ফলমূল থ’বলৈ সুকীয়া টেমা ব্যৱহাৰ কৰক। একেদৰে নিমখৰ ব্যৱহাৰ পৰিমিত হওক।

পাকস্থলী কৰ্কটৰ অন্যতম কাৰক নিমখ। সেয়ে নিতৌ ছয় গ্ৰামতকৈ কম নিমখ খাবলৈ যত্ন কৰক।

প্ৰস্ৰাৱৰ জ্বলা-পোৰা নহ’বলৈ -

  • দিনে ৬-৮ গিলাচ পানী খাব লাগে।
  • ৰিফাইন আহাৰ, মদ, চেনিৰ পৰা আঁতৰি থাকিব লাগে।
  • ভিটামিন চি, বিটা কেৰ’টিন, জিংক থকা আহাৰ নিয়মিত সেৱন কৰিব লাগে।
  • প্ৰস্ৰাৱ লাগিলে লগে লগে প্ৰস্ৰাৱ কৰা অভ্যাস কৰিব লাগে।
  • যৌন সংগমৰ আগত আৰু পিছত প্ৰস্ৰাৱ কৰিব লাগে।
  • মূত্ৰনলীৰ বেমাৰ প্ৰস্ৰাৱ জ্বলা-পোৰা আদি থকা অৱস্থাত যৌন সংগমৰ পৰা আঁতৰত থাকিব লাগে।
  • প্ৰস্ৰাৱৰ পিছত গুপ্তাংগ পৰিষ্কাৰকৈ ধুব লাগে।
  • প্ৰত্যেক দিনা অন্তৰ্বাস সলনি কৰিব লাগে। অতিৰিক্ত টান আৰু ছালত লাগি থকা অন্তৰ্বাস পৰিধান কৰা অনুচিত।
  • বাথটাবত গা ধুলে আধাঘন্টাতকৈ বেছি সময় টাবত থাকিব নালাগে।

পোহনীয়া জীৱৰ পৰা সাৱধান -

১)যিসকলে কুকুৰ-মেকুৰী আদি সৰু জন্তু মৰমতে অথবা আমোদ-প্ৰমোদৰ বাবে পোহে, তেওঁলোকে নিয়মীয়াকৈ প্ৰতিষেধক টিকা, বিশেষকৈ জলাতংকৰ টিকা জন্তুটোক দিয়াৰ ব্যৱস্থা কৰিব লাগে।

২)হাকোটা পেলুকে আদি কৰি বহুবোৰ পেলু কুকুৰ-মেকুৰীৰ পৰা মানুহলৈ বিয়পে। সেয়েহে পোহনীয়া জন্তুক নিয়মীয়াকৈ পেলুৰ ঔষধ খুৱাব লাগে।

৩)বনৰীয়া জীৱ-জন্তু আৰু চৰাইৰ দেহত বহুবোৰ ৰোগ সৃষ্টিকাৰী বীজাণু কোনো ৰোগৰ লক্ষণ নেদেখুৱাকৈ থাকিব পাৰে।

সেয়ে কোনো কাৰণতে বনৰীয়া জীৱ-জন্তু বা চৰাই ধৰিবলৈ অথবা সিহঁতৰ মাংস ভক্ষণ কৰিবলৈ যত্ন কৰিব নালাগে।

৪)মহ, মাখি, চিকৰা, কুকুৰ মাখি, উৰহ আদি কীট-পতংগই বহুবোৰ ৰোগ জন্তুৰ পৰা মানুহলৈ বিয়পায়।

পৰিষ্কাৰ পৰিৱেশত এনেধৰণৰ বাহকবোৰৰ সংখ্যা নিয়ন্ত্ৰিত হৈ থাকে। সেয়েহে জীৱ-জন্তু পুহিলে সিহঁতক পৰিষ্কাৰকৈ ৰখাৰ লগতে যিমান পৰা যায় পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ যত্ন কৰিব লাগে।

৫)যিকোনো মাংসভোজী জন্তুৱে কামুৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। গাঁৱলীয়া বেজ-ওজা, বনদৰব আদিয়ে জলাতংক ৰোগ প্ৰতিৰোধ কৰিব নোৱাৰে। সেয়ে জলাতংক প্ৰতিৰোধী টিকা ল’ব লাগে।

নৱজাতকৰ কেতবোৰ সাধাৰণ সমস্যা -

নৱজাতকক লৈ প্ৰতিগৰাকী পিতৃ-মাতৃৰ যিদৰে কল্পনাৰ অন্ত নাই, তেনেদৰেই সমস্যাৰো অন্ত নাই। বেছিকৈ কান্দিলে, বমি কৰিলে বা সৰু সৰু সমস্যাত অভিভাৱকসকল হাবাথুৰি খায়।

সকলোৰে বাবে সহজতে চিকিৎসকৰ কাষ চপাটো সম্ভৱ হৈ নুঠে। সেয়ে গাঁৱলীয়া ডোল-তাবিজেৰে ৰোগ প্ৰতিৰোধ কৰিব বিচাৰে। এই সকলো ভ্ৰান্ত ধাৰণা।

এটা কথা মনত ৰখা আৱশ্যক যে কেঁচুৱাৰ অসুখত ভয় খাব নালাগে। কেৱল কেঁচুৱাটো ভালদৰে নিৰীক্ষণ কৰক। সকলো সময়তে চিকিৎসকৰ কাষ চপা সম্ভৱ নহ’লেও টেলিফোনত অসুখৰ লক্ষণৰ বিৱৰণ দি পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

ব্ৰইলাৰ মাংস স্বাস্থ্যসন্মতনে?

সম্প্ৰতি ব্ৰইলাৰ মাংসৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ অন্যতম কাৰণ হৈছে দেশী মুৰ্গীতকৈ ব্ৰইলাৰ খাই বিশেষকৈ ল’ৰা-ছোৱালীয়ে ভাল পায়, কিয়নো ব্ৰইলাৰ মাংস বেছি মঙহাল।

আনহাতে, দেশী মুৰ্গীৰ তুলনাত দামৰো পাৰ্থক্য থকা বাবে বহুতে এইবিধ মাংসক প্ৰাধান্য দিয়ে। মাছৰ তুলনাত সৰু ল’ৰা-ছোৱালীৰ মাংসৰ প্ৰতি দুৰ্বলতা বেছি দেখা যায়। কিছু আপুনি নজনাকৈয়ে ব্ৰইলাৰ মুৰ্গীয়ে আপোনাৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে।

ব্ৰইলাৰ মুৰ্গীৰ জনপ্ৰিয়তা আৰু দিনকদিনে বৃদ্ধি পোৱা ব্যাপক চাহিদা পূৰণ কৰি অত্যধিক মুনাফা লাভৰ স্বাৰ্থত একাংশ অসাধু ব্যৱসায়ীয়ে এই ব্ৰইলাৰ মুৰ্গী ব্যাপক হাৰত এন্টিবায়’টিক ব্যৱহাৰ কৰা দেখা গৈছে।

এই এন্টিবায়’টিকবোৰ মানুহৰ দেহত প্ৰৱেশ কৰিছে। চেন্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰণমেন্ট লেব’ৰেটৰীৰ এক সমীক্ষাত প্ৰমাণ হৈছে যে বহুতো ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মত মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ছয়বিধ এন্টিবায়’টিক ব্যৱহাৰ কৰা হয়। সেইবোৰ হ’ল-

  • Oxytetracyline,
  • Chlortertracycline,
  • Doxycycline,
  • Enrofloxacin,
  • Ciprotloxacin,
  • Neomycine ।

সাধাৰণতে কোনো ৰোগত ব্যৱহাৰ কৰা এই ঔষধবোৰ ৰোগ নহ’বৰ বাবে ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে, এই এন্টিবায়’টিকবোৰ বিভিন্ন জীৱাণুৰ দ্বাৰা অকাৰণে মুৰ্গীৰ মাংসৰ দ্বাৰা মানুহৰ শৰীৰত প্ৰৱেশ কৰাত বিভিন্ন মাইক্ৰ’ বেক্টেৰীয়া বা বীজাণুসমূহৰ এই এন্টিবায়’টিকৰ প্ৰতিৰোধী ক্ষমতা দিনকদিনে বৃদ্ধি পাব ধৰিছে।

যাৰ বাবে বৰ্তমান সময়ত মানুহৰ দেহত সৰু-সৰু ৰোগ হ’লেও সহজতে ভাল হোৱাতো দুঃসাধ্য হৈ পৰিছে। ফলত মানুহৰ জীৱনলৈ আশংকা নামি আহিছে।

চেপটিক, নিউম’নিয়া, টিউমাৰ কুলাচিচৰ দৰে ৰোগৰ চিকিৎসা দিনকদিনে জটিল হৈ পৰিছে। ফলত মানুহৰ জীৱনলৈ আশংকা নামি আহিছে। সম্প্ৰতি পশ্চিমীয়া দেশত পশু পক্ষীত এন্টিবায়’টিক দিয়াটো দণ্ডনীয় অপৰাধ ৰূপে চিহ্নিত হৈছে। আনহাতে, আমাৰ দেশত বাধাহীনভাৱে ব্যৱহাৰ কৰি থকা হৈছে।

আপোনাৰ যদি ডায়েবেটিছ আছে -

ডায়েবেটিছ আক্ৰান্ত ব্যক্তিৰ হৃদযন্ত্ৰৰ অসুখ হোৱাৰ সম্ভাৱনা আন ব্যক্তিতকৈ ১৯ গুণ বেছি। এই ৰোগৰ ফলত কৰ’নেৰী ধমনীকে আদি কৰি যিকোনো ধমনীৰ আকাৰ সৰু হৈ যায় আৰু ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

প্ৰায় সকলোৱেই জানে যে ডায়েবেটিছ হ’লে তেজত চেনিৰ পৰিমাণ বাঢ়ি যায় আৰু প্ৰস্ৰাৱত চেনি নিঃসৰণ হয়।

সাধাৰণ অৱস্থাত আমাৰ তেজতে থকা চেনিখিনি ইনছুলিন নামৰ হৰম’নে নিয়ন্ত্ৰণ কৰি ৰাখে। এই ইনছুলিন অগ্নাশয়ত থকা বিটা কোষবোৰে উৎপাদন কৰে।

কিন্তু কোনো কোনো ব্যক্তিৰ এই বিটা কোষবোৰ আদ বয়সতে মৰি যায়, আৰু শৰীৰত ইনছুলিন উৎপাদন বন্ধ হৈ পৰে।

কি কাৰণতনো কোনো কোনো লোকৰ এই বিটা কোষবোৰ অকালতে মৰি যায়, তাক চিকিৎসা বিজ্ঞানীসকলে এতিয়াও ঠাৱৰ কৰিব পৰা নাই। সাধাৰণতে খালী পেটত প্ৰতি এশ মিলিলিটাৰ তেজত ১৪০ মিলিগ্ৰাম আৰু আহাৰ খোৱাৰ দুই ঘন্টাৰ পিছত প্ৰতি এশ মিলিলিটাৰ তেজত ২০০ মিলিগ্ৰামৰ ওপৰত চেনি থাকিলে সু-চিকিৎসাৰ প্ৰয়োজন।

যদিও ডায়েবেটিছ সম্পূৰ্ণ নিৰাময় কৰাটো সম্ভৱ নহয়, তথাপি খাদ্য নিয়ন্ত্ৰণৰ দ্বাৰা চেনিৰ পৰিমাণ কমাই খাই তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব পাৰি। শ্বেতসাৰ আৰু চৰ্বিজাতীয় খাদ্য কমাই খাই তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

আপোনাৰ পিতৃবংশৰ আৰু মাতৃবংশত যদি ডায়েবেটিছৰ ইতিহাস আছে অথবা যদি আপোনাৰ বয়স চল্লিশৰ ডেওনা পাৰ হৈছে, তেন্তে খাদ্য নিয়ন্ত্ৰণৰ অভ্যাস কৰাই সু-স্বাস্থ্যৰ বাবে শ্ৰেষ্ঠ উপায়।

কাণৰ লতিৰ বিষ -

কাণৰ লতিৰ বিষটো ঘাইকৈ মহিলাসকলৰ হয়। তেওঁলোকে কাণত যিবোৰ অলংকাৰ পিন্ধে, সেই অলংকাৰবোৰ কোনো কোনো মহিলাৰ কাণৰ লতিত এলাৰ্জীৰ সৃষ্টি কৰে।

লতিটো বিষায়, খজুৱায়, কেতিয়াবা ৰঙা ৰঙা দাগ পৰে। তেনে হোৱাৰ কাৰণ যে বিভিন্ন ধাতুৰ পৰা তৈয়াৰ কৰা অলংকাৰ সেই কথা বেছিভাগ মহিলাই বুজি নাপায়। ফলত সমস্যাটোৰ মূল কাৰণ দূৰ কৰিবলৈ চেষ্টা নকৰি ৰোগৰ লক্ষণবোৰৰ চিকিৎসা কৰাতহে তেওঁলোক ব্যস্ত হৈ পৰে।

কাণৰ লতিত বিষ বা খজুৱতি হ’লে যিটো প্ৰথমতে কৰা উচিত সেইটো হ’ল অলংকাৰ পিন্ধিবলৈ বাদ দিয়া। এলাৰ্জীৰ সৃষ্টি কৰা সেই অলংকাৰ পিন্ধিবলৈ চিৰকাললৈ বাদ দিব লাগিব। কাৰণ কাণৰ লতিৰ বিষটো ভাল হোৱাৰ পাছত একেবিধ অলংকাৰ আকৌ পিন্ধিলে পুনৰ একেটা সমস্যাই দেখা দিব।

কাৰণ লতিত খজুৱতি হ’লে কেতিয়াও নুখজুৱাব, কাৰণ খজুৱালেই বীজাণুৰ সংক্ৰমণ হ’ব। খজুৱতি অসহ্য হ’লে ফাৰ্মাচিত ডাক্তৰৰ প্ৰেছক্ৰিপচন নোহোৱাকৈ পোৱা হাইড্ৰ কৰট্ৰিচন ক্ৰীম লগাব। কাণৰ লতিত কেতিয়াও আঙুলি বা হাতখন নলগাব।

আঙুলিৰ স্পৰ্শ লাগিলেই সমস্যা জটিল হ’ব। বীজাণুনাশক চাবোন ব্যৱহাৰ কৰি আক্ৰান্ত লতি দুটা পৰিষ্কাৰ কৰি ৰাখিব।

কাণৰ লতিৰ অসুখটো ভাল হোৱাৰ পাছত পুনৰ অলংকাৰ পিন্ধিবলৈ মন গ’লে কেৱল বেছি কেৰেটসম্পন্ন সোণৰ বা বিশুদ্ধ ৰূপৰ ফুলি পিন্ধিব। খজুৱতি বা বিষ হোৱা কাণৰ লতিটোত নেইল পলিচ লগালেও বিষ বা খজুৱতি কিছু উপশম হ’ব পাৰে।

ঔষধৰ ক্ষেত্ৰত সচেতন হওক -

আপুনি খোৱা ঔষধৰ বিষয়ে জানেনে? এই পৃথিৱীত বিচিত্ৰ মনৰ মানুহ আছে। কিছুমান মানুহ আছে নমৰালৈকে শিকিব বিচাৰে বা গণিব বিচাৰে। কিছুমান আছে নিজে কষ্ট কৰিবলৈ টান পায়, কিন্তু আনে ক’লে জানিবলৈ বিচাৰে।

আন কিছুমান আছে জানিবলৈ একেবাৰে আগ্ৰহ নাই। আপুনি কোনবিধত পৰে নিজে জানিবলৈ চেষ্টা কৰক। আৰু নিজকে প্ৰথম শ্ৰেণীটোলৈ আনিবলৈ চেষ্টা কৰক। এতিয়া মূল বিষয়লৈ আহো আপুনি নিয়মীয়া ঔষধ খাই নেকি?

  • উচ্চ ৰক্তচাপ,
  • থাইৰয়ড,
  • ডায়েবেটিছ আদিত নিয়মীয়াকৈ ঔষধ খাব লাগে।

বছৰ বছৰ ধৰি ঔষধ কিনোতে কেতিয়াবা ফাৰ্মাচীত ঔষধৰ নামটো কৈয়েই কিনি আনো। কেতিয়াবা এনেও হয় যে ৰোগীয়ে কি ঔষধ খাইছে, কেৱল নিজেহে জানে, ঘৰৰ আন সদস্যই নাজানে, তেনে অৱস্থাত ৰোগী অচেতন হ’লে বিপদ হয়।

সেয়ে কি ঔষধ খাইছে সেই বিষয়ে সকলোৱে জনাকৈ এখন বহীত লিখি থ’ব লাগে। কোন সময়ত, কিমান মাত্ৰাত খায় সেই কথাও লিখি ৰাখিব।

পনীয়া ঔষধ চামুচত বাকী নিৰ্ধাৰিত মাত্ৰাতহে খাব লাগে। চকুত দিয়া ঔষধ আদি জোখ অনুযায়ী দিয়াটো অতি জৰুৰী।

অন্যথা বিপদ হ’ব পাৰে। নিজে খোৱা ঔষধৰ পাৰ্শ্বক্ৰিয়া জনা প্ৰয়োজন। নিজ খুচি মতে ছমাহৰ মূৰে মূৰে চিকিৎসকৰ লগত আলোচনা কৰিব, নিজে খোৱা ঔষধৰ ক্ষেত্ৰত সাৱধান হ’ব, সচেতন হ’ব।

শিশুৰ পেটৰ বিষ -

শিশুৰ পেটৰ বিষৰ সমস্যাটো ডাঙৰতকৈ কিছু বেলেগ। সাধাৰণতে এবছৰৰ তলৰ শিশুৱে পেট যে বিষাইছে সেই কথা অনুভৱ কৰিব পাৰিলেও ক’ব নোৱাৰে।

তেনে শিশুৱে কৰা প্ৰতিক্ৰিয়াৰ ওপৰতহে অভিভাৱকে ধাৰণা কৰি লয় আৰু চিকিৎসকৰ পৰামৰ্শ লয়। কথা ক’বলৈ শিকাৰ লগে লগে শিশুৱে শাৰীৰিক বিসংগতিৰ বিষয়ে অভিভাৱকক জনাব পাৰে। কিন্তু তেতিয়াও সিহঁতে ভালদৰে বুজাই ক’ব নোৱাৰে।

সেয়ে পেটৰ বিষৰ ঔষধ নিজৰ ইচ্ছামতে খুৱাব নালাগে। পেটৰ বিষ হ’লে শিশুক চিকিৎসকৰ ওচৰলৈ নিব লাগে।

কিয়নো কেতিয়াবা শিশু এপেণ্ডিছাইটিছ ৰোগতো ভোগা দেখা যায়। হঠাতে হোৱা এনে ৰোগত অতি সোনকালে চিকিৎসা গ্ৰহণ নকৰিলে এপেণ্ডিক্স ফাটি গৈ গুৰুতৰ ৰোগ ধাৰণ কৰিব পাৰে।

কেতিয়াবা শিশু পিত্তথলীৰ পাত্থৰৰ ৰোগতো ভোগা দেখা যায়। চাৰি-পাঁচ বছৰীয়া শিশুৰো পিত্তথলীৰ পাথৰৰ ৰোগৰ অস্ত্ৰোপচাৰ কৰা হয়।

কেতিয়াবা শিশুৰ পেটৰ বিষ ক্ষুদ্ৰান্ত্ৰৰ ৰোগৰ বাবেও বেছিকৈ হোৱা দেখা যায়। ক্ষুদ্ৰান্ত্ৰৰ ভিতৰত পেলুৱে বাহ ল’লে শিশুৱে পেটৰ বিষত ভোগে। এনে বিষ পেটৰ সোঁমাজত হয়। চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

তেলে চুলিক কিদৰে সহায় কৰে -

আপুনি চুলিত তেল নলায়নে? চুলিত তেল মালিচ কৰিলে চুলি ভালে থাকে সেই ধাৰণা কিছু বৈজ্ঞানিক বিশ্লেষণৰ ওপৰত প্ৰতিষ্ঠিত।

চুলিত তেল মালিচ কৰিলে চুলি আৰু ছালৰ ৰুক্ষ ভাবটো নোহোৱা হয়। চুলিৰ গুৰিবোৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়।

ভালদৰে তেল মালিচ কৰিলে তেলবোৰ যেতিয়া গুৰিত সোমায়, বেছি সতেজ অনুভৱ কৰা যায় আৰু চুলিৰ আৰ্দ্ৰতাও অক্ষুণ্ণ থাকে। চুলিত মালিচ দিবৰ বাবে নাৰিকল তেলেই উৎকৃষ্ট তেল। মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ চিকিৎসাৰ ক্ষেত্ৰতো তেল মালিচে বহুখিনি সহায় কৰে।

মূৰ ধোৱাৰ এঘন্টামান আগতে সামান্য গৰম কৰি তেল লগাব লাগে আৰু সপ্তাহত এদিন তেল লগালেই যথেষ্ট। খুব জোৰে জোৰে তেল মালিচ কৰিব নালাগে আৰু সমগ্ৰ ৰাতি তেল লগাই থোৱাও অনুচিত।

তেল লগাই বাহিৰত ৰ’দত ঘূৰিব নালাগে। তেনে কৰিলে ধূলি-বালি আকৰ্ষিত কৰি ছালখন লেতেৰা হৈ পৰে আৰু কেতিয়াবা এনেবোৰ কাৰণত শালমইনাও উঠা দেখা যায়।

চুলিৰ নিয়মীয়া পৰিচৰ্যাৰ ক্ষেত্ৰত সুষম আহাৰ গ্ৰহণ কৰি তেলত বেছি ভজা-পোৰা খাদ্য খাব নালাগে। প্ৰতিদিনে কমেও আঠ-দহ গিলাচ পানী খাব পাৰিলে ভাল।

  • সেউজীয়া শাক-পাচলি,
  • গজালি ওলোৱা মগু,
  • বীন,
  • গাজৰ,
  • তিয়ঁহ,
  • বিলাহী,
  • নেমু,
  • জালুক আদি চুলিৰ বাবে উপকাৰী।

প্ৰতিদিনে ছয়ৰ পৰা আঠ ঘন্টাকৈ নিয়মীয়াকৈ টোপনি যাব পাৰিলে ভাল। তীব্ৰ মানসিক চাপ আৰু শাৰীৰিক পৰিশ্ৰমেও চুলি বেছিকৈ সৰাত ক্ৰিয়া কৰে। এনে ধৰণেৰে নিয়মীয়া যতন ল’লে চুলিকোছা ধুনীয়া হৈ থাকে।

সাধাৰণ মূৰ্ছা যোৱা অৱস্থা -

কিছুমান মানুহ বহু সময় ধৰি একে ঠাইতে থিয় হৈ থাকিলে, তেজ বা দুৰ্ঘটনা দেখিলে, হঠাৎ মানসিক আঘাত পালে খন্তেকতে অজ্ঞান হৈ পৰে।

কিছুমানৰ আকৌ সামান্য তেজ গ’লে, ৰক্তহীন, দুৰ্বল হৈ থাকিলে বা বেছি জ্বৰ হ’লে এনে অৱস্থা সহজতে হয়। এনে হোৱাৰ আগতে-

  • ঘামি অহা,
  • ঘাম ওলোৱা,
  • বমি ভাব হোৱা,
  • ঘনাই উশাহ লোৱা,
  • বুকু ধপধপোৱা আৰু
  • মনতো ভুল লগা যেন হ’ব পাৰে।

অজ্ঞান হোৱাৰ লগে লগে ৰোগী শেঁতা পৰে। কিন্তু এনে ৰোগীৰ নাড়ী আৰু হৃদস্পন্দন পোৱা যায়। নাড়ী অৱশ্যে প্ৰথমে খৰকৈ চলি পিছত লাহে লাহে চলিব ধৰে। ৰোগীৰ নাড়ী, হৃদস্পন্দন আৰু উশাহ চলি থকা বাবে কাৰ্ডিয়েক এৰেষ্ট বুলি ভুলকৈ ভাবিব নালাগে। ইয়াৰ পৰা কোনো বিপদ নহয়।

হঠাৎ শৰীৰত ৰক্তশ্চাপৰ সমতা ৰক্ষা কৰা ব্যৱস্থাটোৱে কাম নকৰা হোৱাৰ ফলত ৰক্তচাপ একেবাৰে কমি যোৱাৰ কাৰণেহে হয়।

এনে ৰোগীক মাটিত শুৱাই দিব লাগে আৰু বিছনাত শুৱালে, বিছনাৰ ভৰিৰ ফালটো এক ফুটমান ওখ কৰি দিব লাগে।

মাটিত শুৱালে ভৰি দুয়োটা কিছু ওপৰলৈ দাঙি ধৰিব লাগে, যাতে তেজ মগজুৰ ফালে বেছি চলাচল কৰে। ৰোগী খন্তেক পিছতে সুস্থ হৈ পৰে।

জ্বৰ হ’লে কি কৰিব -

  • জ্বৰ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। আক্ৰান্ত ব্যক্তিয়ে পৰিয়ালৰ আন সুস্থ লোকৰ পৰা আঁতৰত থাকিব লাগে। বহুত মানুহৰ সমাগম হোৱা ঠাইৰ পৰা আঁতৰি থাকিব লাগে।
  • কাহোতে বা হাঁচি মাৰোঁতে মুখ আৰু নাকত ৰুমাল দি ল’ব লাগে। এনে অভ্যাসে আন ব্যক্তিলৈ ৰোগ সংক্ৰমণত বাধা দিয়ে।
  • মুখত মাস্ক ব্যৱহাৰ কৰা উচিত। পৰ্যাপ্ত জিৰণি ল’ব লাগে আৰু ভালকৈ প্ৰতিদিনে অতি কমেও ৮ ঘন্টামান টোপনি যাবলৈ দিব লাগে।
  • প্ৰচুৰ পৰিমাণে কুহুমীয়া পানী, ডাবৰ পানী আৰু ফলৰ ৰস খাব লাগে।
  • পনীয়া আহাৰ গ্ৰহণ কৰিব লাগে। যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাময়িকভাৱে হ্ৰাস পায়। গতিকে খোৱা-বোৱাত সতৰ্ক হ’ব লাগে। ফলমূল, সেউজীয়া শাক-পাচলি আৰু পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাব লাগে, যাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
  • খোৱা-বোৱাৰ অহাত ধুই ল’ব লাগে। নিতৌ কুহুমীয়া পানীৰে গা ধুই পৰিষ্কাৰ হৈ থাকিব লাগে। গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে।
  • মুকলি ঠাইত ব্যায়াম, খেল-ধেমালি আদি কৰিব লাগে।
  • বিছনা-পত্ৰ ৰ’দত গৰম কৰি দিব লাগে।

সন্তানে দাঁত কৰচি থাকিলে -

সাধাৰণতে ৰাতি শুই থকা অৱস্থাত ল’ৰা-ছোৱালীয়ে দাঁত কৰচিব পাৰে। দিনৰ সাৰ পাই থকা অৱস্থাত এনে নকৰে। দন্ত চিকিৎসাত এই কাৰ্যক বাক্সিজিম বুলি কোৱা হয়। দাঁত কৰচি থকা অভ্যাস পুৰুষ-মহিলা, ল’ৰা-ছোৱালী নিৰ্বিশেষে যিকোনো বয়সতে এই সমস্যা দেখা যায় যদিও ল’ৰা-ছোৱালীৰ এই সমস্যা বেছি। বহু মানুহৰ ক্ষেত্ৰত খং উঠিলে, মানসিক অশান্তিত ভুগিলে দাঁত কৰচা দেখা যায়। ধঁপাত-সুৰাপান আদিৰ ব্যৱহাৰেও দাঁত কৰচি থকা অভ্যাসত অৰিহণা যোগায়।

দীৰ্ঘদিন ধৰি দাঁত কৰচি থকা অভ্যাসৰ কাৰণে দাঁতৰ উপৰিভাগৰ এনামেল ক্ৰমে ক্ষয় যায়। ফলস্বৰূপে দাঁতত ঠাণ্ডা, গৰম, টেঙা, মিঠাজাতীয় খাদ্য খোৱাৰ সময়ত সিৰসিৰণি অনুভৱ হয়। দাঁত কৰচা স্বভাৱটো মানসিক অৱস্থাৰে প্ৰতিফলন কাৰণে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

উৎস: নিয়মীয়া বাৰ্তা

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top