অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

বদহজমৰ পৰা হাত সাৰিবলৈ -

  • মুখ মেলি বস্তু নোচোবাব। কাৰণ এনে কৰিলে খাদ্যৰ লগত বেছিকৈ বতাহ সোমাই হজম হোৱাত বাধা দিব।
  • আহাৰ খাই থকাৰ সময়ত মাজে মাজে পানী খোৱাতকৈ আহাৰৰ পিছতহে পানী খাব।
  • ভাত অকণ অকণকৈ সঘনাই খাব। খাদ্য লাহে লাহে ভালদৰে চোবাব। সহজে বদহজম কৰিব পৰা চৰ্বিযুক্ত খাদ্য, মচলাযুক্ত খাদ্য, মদ আদিৰ পৰা বিৰত থকাই শ্ৰেয়।
  • বেছি পৰিমাণৰ এচিডযুক্ত খাদ্য, যেনে- বিলাহী আদি কম পৰিমাণে খোৱা উচিত।
  • বিছনালৈ যোৱাৰ প্ৰায় তিনি ঘন্টা আগতে আহাৰ খাব পাৰিলে ভাল।
  • ধূম্ৰপান নকৰিব। বিশেষকৈ খোৱাৰ আগে আগে ধূম্ৰপান কৰিব নালাগে। ধূম্ৰপানে পাকস্থলীৰ লাইনিং উত্তেজিত কৰি খাদ্য হজম হোৱাত বাধা দিয়ে।
  • অতি বেছি আহাৰ নাখাব। অধিক আহাৰ খাই উঠি দৌৰা, খেলা-ধূলা কৰা আদি কাম কৰিলে বদহজম হয়। এনে কাম কৰাৰ অন্তত এঘন্টা আগত বা কামটো কৰি উঠিহে আহাৰ খাব লাগে।
  • খোৱাৰ সময়ত টেনচন লৈ নাখাব।
  • দেহত লিপিট খাই থকা পোছাক বদহজমৰ কাৰক হ’ব পাৰে। এনে পোছাকে পাকস্থলীক আটি ধৰি খাদ্য হজমত বাধা দিয়ে।
  • গাজৰ খায়নে? খাবলৈ ভাল নাপাই যদিও খাব। গাজৰত প্ৰচুৰ পৰিমাণে বিটা কেৰ’টিন থাকে, যিয়ে হাঁওফাঁও, মুখ, ডিঙি, পাকস্থলী, প্ৰষ্টেট, স্তন আদিৰ কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।
  • নহৰুৱে দেহৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। অধ্যয়নে প্ৰমাণ কৰিছে যে নহৰুৱে পাকস্থলীৰ কেন্সাৰ আৰু ক’লন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে। নহৰু একেবাৰে নোখোৱা বা অতি কমকৈ খোৱাসকলৰ তুলনাত নিয়মিতভাৱে কেঁচাই বা আঞ্জাত দি নহৰু খোৱা লোকসকলৰ ক’লন কেন্সাৰৰ সম্ভাৱনা দুই-তৃতীয়াংশ বা পাকস্থলীৰ কেন্সাৰৰ সম্ভাৱনা আধা হ্ৰাস পায়। তদুপৰি নহৰুৰ বেক্টেৰিয়ানাশক গুণো আছে।

দাঁত সিৰসিৰোৱাৰ প্ৰতিকাৰ -

দাঁতৰ সিৰসিৰণি বৰ অস্বস্তিদায়ক ৰোগ। সেই দুটা হ’ল-

১)উত্তেজকৰ প্ৰতি স্নায়ুতন্ত্ৰৰ সঁহাৰি কমাই দিয়া

২)ডেন্টিনেল টিউবিউলৰ ফুটাবিলাক বন্ধ কৰি দিয়া, দাঁত সিৰসিৰোৱাৰ প্ৰতিকাৰ হিচাপে এজন ব্যক্তিয়ে ঘৰতে কিছুমান যত্ন ল’ব পাৰে। সেইবোৰ হৈছে-

  • মুখগহ্বৰৰ সুস্থতা ধৰি ৰখা
  • নৰম ব্ৰাছৰ ব্যৱহাৰ
  • কম পৰিমাণৰ অম্লযুক্ত আহাৰ গ্ৰহণ
  • ফ্লৰাইডযুক্ত মুখ কুলকুলি কৰা ঔষধৰ ব্যৱহাৰ
  • উত্তেজকৰ প্ৰতি স্নায়ুতন্ত্ৰৰ সঁহাৰি কম কৰিব পৰা এজেন্ট(যেনে- পটাছিয়াম নাইট্ৰেট)যুক্ত পেষ্ট্ৰ নিয়মিত ব্যৱহাৰ। ঘৰত ল’ব পৰা যত্নৰ উপৰি দাঁতৰ সিৰসিৰণিত ভোগা ব্যক্তিয়ে অভিজ্ঞ দন্ত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

এই চিকিৎসাত-

  • দাঁতৰ ক্ষয় যোৱা অংশটো বিভিন্ন ধৰণৰ মেটেৰিয়েৰে পূৰ্ণ কৰা।
  • মুখত ওলাই থকা আৰু দাঁতৰ ক্ষয় যোৱা অংশত ফ্লৰাইডযুক্ত বাৰ্নিচ নাইবা ‘ডেন্টিন চিলাৰ’ৰ প্ৰয়োগ।
  • ক্ষয় যোৱা দাঁতৰ ওপৰত কৃত্ৰিমভাৱে তৈয়াৰী ক্ৰাউট স্থাপন।

আঙুলিৰে নাক নখজুৱাব -

আমাৰ নাকৰ ভিতৰখন বৰ সংবেদনশীল। ইয়াৰ ভিতৰত বহু সিৰা-উপ-সিৰা আৰু স্নায়ু আছে। নাকৰ ভিতৰত বায়ু প্ৰদূষণ, এলাৰ্জী আৰু বেক্টেৰিয়া বা ভেঁকুৰ জাতীয় ইনফেকচন থাকিলে পিৰপিৰাই থাকিব পাৰে, ফলত নাকৰ ভিতৰত আঙুলি ভৰাই শুকান আৱৰণীবোৰ এৰুৱাই থকাৰ অভ্যাস হয়। এনে অভ্যাসৰ ফলত নাকৰ ইনফেকচন বাঢ়ি যায় আৰু নাকৰ তেজ-পূজ ওলোৱাৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হয়। নাকৰ ভিতৰত ভেচলিন জাতীয় জেলী ব্যৱহাৰ কৰিলে মিউকাচ আৱৰণী শুকাই ছাল এৰাই যোৱা সমস্যা সমাধান কৰিব পাৰি। লগতে নাকত আঙুলি ভৰোৱা কু-অভ্যাস অজ্ঞানে পৰিত্যাগ কৰিবলৈ চেষ্টা কৰা উচিত।

পাথৰ নহ’বৰ বাবে কি কৰিব:

প্ৰস্ৰাৱত কেলচিয়াম, ফছফেট, অক্সিলেট, ইউৰিক এচিড আদি বস্তু থাকে যদিও প্ৰস্ৰাৱৰ পৰিমাণ বেছি হ’লে প্ৰস্ৰাৱত থকা অন্য পদাৰ্থৰ প্ৰভাৱত এইবোৰ দানা নহৈ দ্ৰৱণীয় পদাৰ্থ হৈ থাকে। কিন্তু প্ৰস্ৰাৱৰ পৰিমাণ কম হ’লে বা প্ৰস্ৰাৱত কেলচিয়াম বা ইউৰিক এচিড বেছিকৈ ওলাই গ’লে এনে পদাৰ্থ সকলোবোৰ গলি থাকিব নোৱাৰি দানা হ’বলৈ ধৰে। এই দানাবোৰ লগ লাগিয়েই পাত্থৰ হয়গৈ। গতিকে কিডনীৰ পাথৰ নহ’বৰ বাবে প্ৰস্ৰাৱত যাতে এইদৰে দানা হ’ব নোৱাৰে, তাৰ বাবে সকলোৱেই প্ৰচুৰ পানী খাব লাগে। লক্ষ্য কৰিব লাগে যে প্ৰস্ৰাৱৰ পৰিমাণযাতে তিনি লিটাৰমান হয়। গৰম দিনত আৰু বিশেষকৈ বেছি গৰম ঠাইলৈ গ’লে বা বেছি শাৰীৰিক পৰিশ্ৰম কৰিলে ইয়াতকৈ বহুত বেছি পানী খাব লাগিব। এবাৰ পাথৰ হোৱাসকলে এই বিষয়ত সতৰ্ক হোৱা উচিত।

হাৰ্ট এটেকৰ পূৰ্বাভাস -

  • হঠাৎ হোৱা বুকুৰ বিষ অথবা আগৰে পৰা হৈ থকা বিষ বৃদ্ধি হ’ব পাৰে। বুকুৰ বিষটো ওপৰলৈ আৰু বা তললৈ অথবা দুয়োখন হাতৰ পিনে যাব পাৰে।
  • হঠাৎ কোনো কাৰণ নোহোৱাকৈ বেছিকৈ ঘামি উঠিব পাৰে।
  • আচম্বিতে খুব অৱশ লাগিব পাৰে।
  • কেতিয়াবা অকস্মাতে অজ্ঞান হৈ যাব পাৰে।
  • উশাহ লোৱাত কষ্ট হ’ব পাৰে।

অৱশ্যে কেতিয়াবা কেতিয়াবা হাৰ্ট এটেকৰ কোনো পূৰ্বাভাস অনুভৱ কৰা নাযায়। বিশেষকৈ বহুমূত্ৰ ৰোগী, মহিলা আৰু বেছি বয়সিয়াল লোকৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ পূৰ্বাভাস পোৱা নাযাবও পাৰে।

চৰ্চৰণি খালে কি কৰিব -

আহাৰ খাওঁতে কেতিয়াবা খোৱা বস্তু শ্বাসনলীত সোমায়। ফলত কাহ উঠে। তেনে অৱস্থাত ডাঙৰ বিচৰাৰ সময় নাথাকে। সৰুৰে পৰা ডাঙৰলৈ সকলো লোকৰে এনে হ’ব পাৰে। সেয়ে খাওঁতে অন্যমনস্ক হৈ খোৱা অনুচিত। আনহাতে বেছিকৈ কথা পাতি আহাৰ গ্ৰহণ কৰা খাওঁতে উচ্চস্বৰে হঁহাটোও বিপজ্জনক। শুকান বস্তু অৰ্থাৎ গুড়িজাতীয় খাদ্য বস্তু কেতিয়াও গাল মাৰি খাব নালাগে। ডিঙিত কোনো বস্তু লাগি ধৰা লোকক আৰামেৰে চকীত বহাই দিয়ক। এখন হাত বুকুত ৰাখি আনখন হাতেৰে বুকুৰ ঠিক পিছফালে ৰাজহাড়ত জোৰেৰে ঢকা মাৰক। এনেদৰে চাৰিবাৰমান কৰিব। শিশুৰ ক্ষেত্ৰত মূৰটো সামান্য তললৈ হলাই ল’ব। ৰোগীৰ পিছফালে থিয় হৈ হাত দুখনেৰে ৰোগীৰ ওপৰ পেটত মেৰিয়াই ধৰক। দুখোখন হাতেৰে পেটৰ ওপৰৰ দিশত হেঁচা দিয়ক। যাতে হাঁওফাঁওৰ বতাহ বাহিৰ হয়। চাৰিবাৰমান এনে কৰিলে শ্বাসনলীত লাগি ধৰা খাদ্য ওলাই আহিব পাৰে।

কোনো কাৰণতে হাত সুমুৱাই ডিঙিৰ বস্তু উলিয়াবলৈ চেষ্টা নকৰিব। আৰোগ্য নহ’লে চিকিৎসালয়লৈ নিয়ক।

ফাষ্ট এইড বক্সত কি ৰাখিব -

আপোনাৰ ঘৰত ফাৰ্ষ্ট এইড বক্স আছেনে? কটা-ছিঙা হ’লে ডেটল, কপাহ, বেণ্ডেজ বিচাৰি হাবাথুৰি খাব নালাগে যদিহে এটা ফাৰ্ষ্ট এইড বক্স থাকে। এনে চিকিৎসাৰ জৰিয়তে ৰোগ সামান্য উপশম হোৱাৰ লগতে জীৱনলৈ অহা বিপদো বহুখিনি কমে। এই বক্সত কি ৰাখিব-

  • এটা বাৰ্নল বা পোৰা ঠাইত লগোৱা মলম।
  • এটা এন্টিবায়’টিক মলম।
  • বিভিন্ন ধৰণৰ বেণ্ডেজ।
  • কপাহ।
  • এটা থাৰ্মোমিটাৰ।
  • ঘা ধুবৰ বাবে এটুকুৰা চাবোন আৰু ডেটল জাতীয় তল।
  • ক্ৰেপ বেণ্ডেজ।
  • বিষ নিৰাময়ৰ স্প্ৰে।

এঘন্টা বেছিকৈ শোৱক -

লাগিলে আপোনাৰ কাম পৰি থাকক, তথাপি যদি পাৰে এঘন্টা বেছিকৈ শোৱক। কিয়নো আপোনাৰ জীৱনটো মূল্যৱান। জীয়াই থাকিলে কাম পাছতো কৰিব পাৰিব। এচাম চিকিৎসা বিজ্ঞানীয়ে কৈছে যে অধিক সময় শোৱা লোকৰ হৃদৰোগৰ আশংকা কম। অধিক সময় শুলে হৃদ ধমনীৰ কেলিচিফিকেচনৰ মাত্ৰা হ্ৰাস হয়। চিকাগো বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ৰিয়ান কিভে এই কথা প্ৰকাশ কৰিছে। তেওঁৰ ভাষ্য মতে শোৱাৰ মাত্ৰা আৰু গুণে একোজন ব্যক্তিৰ হৃদৰোগৰ আশংকা কমায়। ৩৫-৪৭ বছৰ বয়সৰ মানুহৰ ওপৰত চলোৱা এটা সমীক্ষাত এই তথ্য সদৰী হৈছে।

উৎস: নিয়মীয়া বাৰ্তা

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top