অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

হাত নিমজ কৰাৰ উপায় -

আমি সকলোৱে মুখৰ ছালখনক লৈ যিমান সচেতন, সেই অনুপাতে হাত দুখনৰ কথা বিশেষ নাভাবোঁ। কিন্তু মানুহৰ লগত কথা পাতোঁতে বা কাম কৰোঁতে সকলোৱে হাত দুখনলৈ চায়। সেয়ে হাতৰ ছাল যদি মসৃণ আৰু কোমল হয়, তেন্তে ছাল বাৰু কেনেকুৱা?

আপোনাৰ হাতখন যদি ৰুক্ষ, তেন্তে আমি আপোনাক এটা সহজ উপায় দিব পাৰোঁ। এবাৰ চেষ্টা কৰি চাব পাৰে। কি কৰিব লাগিব- আধা কাপ নাৰিকল তেল, আধা কাপ চেনি, নেমু ৰস অলপমান, কটনৰ মোজা এযোৰ। প্ৰথমে এই মিশ্ৰণখিনি এটা বাউলত লৈ মিহলাই লওক।

এতিয়া এই মিশ্ৰণেৰে হাত দুখন মালিচ কৰি দিয়ক। কাগজৰ ৰুমাল ব্যৱহাৰ কৰি হাতৰ পৰা চেনি আৰু অতিৰিক্ত তেলখিনি গুচাই দিয়ক।

এতিয়া গোটেই ৰাতি হাত দুখনত মোজা পিন্ধি থাকিব। পুৱালৈ দেখিব তেলখিনি ছালে শুহি লৈছে। আপোনাৰ হাতৰ ছাল নিমজ আৰু উজ্জ্বল দেখাব।

ফ্ৰীজত কণী বেছি দিন নাৰাখিব -

সাধাৰণতে গৰম দিনতকৈ ঠাণ্ডাৰ দিনত কণী বেছিকৈ খোৱা হয়। কণী আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী যদিও কণী খাওঁতে সাৱধান হ’ব লাগে যাতে স্বাস্থ্যৰ ক্ষতি নকৰে। কণীৰ পৰা প্ৰ’টিন, কেলচিয়াম আৰু অ’মেগা-৩ ফেটি এচিড পোৱা যাব।

সেয়ে শৰীৰচৰ্চাবিদসকলে কণীৰ বগা অংশ খাই মাংসপেশী শক্তিশালী কৰে। কণীত থকা কেলচিয়ামে দাঁত আৰু হাড় শক্তিশালী কৰে। কিন্তু বহু দিন কণী ফ্ৰীজত থাকিলে কণীত থকা উপাদানবোৰ নষ্ট হয়।

ফ্ৰীজত থাকিলে খাদ্য সুৰক্ষিত হয় যদিও দীৰ্ঘদিন ধৰি থাকিলে খাদ্যপ্ৰাণ নষ্ট হয়। খাদ্যৰ পুষ্টিগুণ হ্ৰাস পোৱাৰ লগত তেনে খাদ্য খালে শৰীৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। সেয়ে সৰহকৈ শাক-পাচলি কিনি ফ্ৰীজত ভৰাই বহুত দিন খাই থকাৰ অভ্যাস পৰিত্যাগ কৰক।

ষ্ট্ৰ’ক ৰোগীৰ প্ৰাথমিক চিকিৎসা -

  • যদিহে কোনো এজন ব্যক্তিৰ ষ্ট্ৰ’ক হোৱা বুলি ভাবিছে, তেতিয়াহ’লে পলম নকৰাকৈ ১০৮ এম্বুলেঞ্চ মাতি পঠিয়াওক। যিমান সোনকালে ৰোগীজন চিকিৎসকৰ ওচৰ পায় সিমানেই মংগল।
  • মানুহজনৰ নামটো সোধক। ষ্ট্ৰ’ক হ’লে কথা ক’ব নোৱাৰিব অথবা ক’লেও খোকোজা লাগিব।
  • মানুহজনৰ হাত দুখন নিজ হাতেৰে ধৰি, তেওঁক জোৰেৰে ধৰিবলৈ কওক। ৰোগীজনে এখন হাতহে জোৰেৰে ধৰিব পাৰিব।
  • মানুহজনে কথাৰ সঁহাৰি দিব পাৰিছে মানে তেওঁ সচেতন অৱস্থাত আছে। যদিহে সঁহাৰি দিব পৰা নাই, তেন্তে ৰোগীজন অচেতন অৱস্থাত আছে বুলি ধৰিব লাগে।
  • সচেতন অৱস্থাত থাকিলে মজিয়াত শুৱাই দি মূৰ আৰু ডিঙিৰ ফালে গাৰু দি সুস্থিৰ কৰি ৰাখক। মূৰটো এফলীয়া কৰি দিব লাগে, যাতে মুখত জমা হোৱা বিজলুৱা পদাৰ্থ বাহিৰলৈ ওলাই আহিব পাৰে।
  • টান কাপোৰ ঢিলা কৰি দিয়ক।
  • মুখৰ পৰা ওলোৱা বিজলুৱা থু কপাহেৰে আঁতৰাই পেলাওক।
  • শ্বাসনলীত কিবা থাকিলে উলিয়াই শ্বাসনলী মুক্ত কৰি ৰাখক, যাতে উশাহ-নিশাহ ভালকৈ লৈ থাকিব পাৰে, ৰোগীজনক অভয় দান দিয়ক। কম্বলেৰে গাটো ঢাকি দিয়ক, যাতে ঠাণ্ডা নালাগে।
  • মুখেৰে একো খাবলৈ নিদিব,(পানী বা গোটা বস্তু।)

স্মৃতিবৰ্ধক মেধা ৰসায়ন -

ৰূপ-লাৱণ্যই যেনেদৰে মানুহক আকৰ্ষিত কৰে, ঠিক তেনেদৰে ধী(Cognition), ধৃতি(Retention capacity), স্মৃতি, আত্মবিশ্বাস, মেধা আৰু জ্ঞানৰ প্ৰভাকান্তিয়েও মানুহৰ প্ৰতি মানুহৰ আকৰ্ষণ আৰু সন্মানৰ কাৰণ হৈ পৰে।

মেধা আৰু স্মৃতিশক্তি যদিও একে নহয়, তথাপি এটাক আনটোৰ পৰিপূৰক বুলি ক’ব পৰা যায়। অনেক সময়ত দুৰ্বল স্মৃতিশক্তিৰ বাবে অনেক অনেক বিপদৰ সন্মুখীন হ’ব লগা হোৱা দেখা যায়।

সঘনাই ইটো-সিটো পাহৰি যোৱা বা ছাত্ৰাৱস্থাত ল’ৰা-ছোৱালীৰ পঢ়া কথাবোৰ মনত নথকা আদি সমস্যাই প্ৰায়েই ল’ৰা-ছোৱালী আৰু পিতৃ-মাতৃক বিব্ৰত কৰা দেখা যায়। মেধা আৰু স্মৃতিশক্তি কম-বেছি হোৱা কথাটো অসংখ্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

এই বিষয়ে বহু গৱেষণাৰ কামো চলি আছে। গৱেষণা চলি আছে মেধা বৃদ্ধিকাৰী দৰব উদ্ভাৱনৰ বিষয়েও।

আজি আমি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখিত তথা ঘৰুৱাভাৱে অতি সহজে প্ৰস্তুত কৰা সেৱন কৰিব পৰা চাৰিবিধ মেধাবৰ্ধক ৰসায়ন যোগৰ বিষয়ে ক’বলৈ ওলাইছোঁ।

সেইবোৰ এনেধৰণৰ-

১)সৰু মানিমুনি শিপাৰে সৈতে উভালি শীতল, পৰিষ্কাৰ পানীৰে ধুই তাক পিচি ৰস উলিয়াই ল’ব লাগে।

প্ৰতিদিনে এনেদৰে উলিয়াই লোৱা ১০-২০ মিঃলিঃ মানিমুনিৰ ৰস সমপৰিমাণৰ খাতি মৌৰ লগত পুৱা-গধূলি দিনে দুবাৰকৈ সেৱন কৰিব লাগে।

২)৩-৬ গ্ৰাম য়স্থিমধুৰ চূৰ্ণ গো দুগ্ধ একাপৰ লগত পুৱা-গধূলি দিনে দুবাৰকৈ পান কৰিব লাগে।

৩)গুডুচীৰ ঠাৰি আৰু পাতৰ ৰস ১০-২০ মিঃলিঃ সমপৰিমাণৰ খাতি মৌৰ লগত পুৱা-গধূলি প্ৰতিদিনে দুবাৰকৈ খাব লাগে।

৪)শংখপুষ্পীৰ শিপা আৰু ফুল পটাত পিচি ৫-২০ গ্ৰাম কল্প বনাই লৈ গো দুগ্ধ একাপৰ লগত পুৱা-গধূলি প্ৰ্তিদিনে দুবাৰকৈ খাব লাগে।

প্ৰতিদিনে এই যোগ নিয়মিতভাৱে সেৱনৰ অভ্যাস কৰিলে মস্তিষ্ক সবল হয় আৰু স্মৃতিশক্তি বৃদ্ধিৰ দৰে সুফল লাভ কৰিব পৰা যায়।

নাকেৰে তেজ ওলোৱা সমস্যা -

ফাগুন মাহৰ শুকান বতৰত জলবায়ু শুকান হৈ যায়। তেনে বতৰত শুকান বতাহৰ বাবে নাকৰ ভিতৰ অংশটো শুকাই যায়। তেতিয়া তেজ ওলাবলৈ ধৰে। অন্য সময়তো এনেদৰে নাকৰ পৰা তেজ ওলালেও শুকান বতৰত তেজ বেছিকৈ ওলায়।

তেজ ওলোৱাৰ বিভিন্ন কাৰণ আছে যদিও সাধাৰণতে যিসকলে সঘনাই এনে সমস্যাত ভোগে তেওঁলোকৰ ভিতৰত কম বয়সীয়াৰ বেছিকৈ হয়। সঘনাই চৰ্দি-কাহ আদিত ভুগিলে অথবা আঙুলিৰে নাকৰ ভিতৰখন খজুৱাই থাকিলেও তেজ ওলোৱাৰ আশংকা থাকে। বেছি ঠাণ্ডা পৰিলে কিছুমানে সদায় গা নোধোৱে।

দুই-তিনি দিনৰ মূৰত গা ধোৱাসকলৰ এই সমস্যা বেছিকৈ হয়। নাকেৰে তেজ ওলালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। বিছনাত শুই দিওঁতে মূৰটো সামান্য ওখ কৰি ৰাখিব লাগে।

গৰ্ভৱতীৰ ভৰি ফুলে কিয়?

গৰ্ভধাৰণৰ সময় বাঢ়ি অহাৰ লগে লগে বহু গৰ্ভৱতী মহিলাৰ ভৰি ফুলাটোও একপ্ৰকাৰ স্বাভাৱিক লক্ষণ। কেতিয়াবা বহু সময় বহি থাকিলেও এনে হয়। গৰ্ভধাৰণৰ সময়ত দেহত তলফালে অৰ্থাৎ ভৰিত পানী জমা হয়।

ইয়াৰ উপৰি তলৰ পৰা ওপৰলৈ অৰ্থাৎ দেহৰ আন আন অংশলৈ যাব নোৱাৰি তাতেই জমা হৈ ৰয়। ফলত ভৰি দুখন ফুলি আহে। গৰ্ভাৱস্থাৰ বাবে ভৰি ফুলিলে ৰাতি শোৱাৰ সময়ত ভৰি দুখন অলপ ওচৰত থ’ব। কেঁচা নিমখ খাব নালাগে।

উৎস: নিয়মীয়া বাৰ্তা

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top