অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যবাৰ্তা :

 

সন্তানৰ স্বাস্থ্য আৰু মাতৃৰ অভ্যাস -

সন্তান শকত হোৱাটো বহু পৰিমাণে নিৰ্ভৰ কৰে মাতৃৰ জীৱনশৈলীৰ ওপৰত। মাতৃৰ জীৱনশৈলী আৰু সন্তান স্থূলকায় হোৱাৰ মাজত থকা সম্পৰ্কৰ কথা শেহতীয়াকৈ উদঘাটন কৰিছে আমেৰিকাৰ হাৰ্ভাৰ্ড ইউনিভাৰ্ছিটীৰ টি এইচ চেন স্কুল অব পাব্লিক হেলথৰ গৱেষক ক্যুই ছনে।

গৱেষকগৰাকীয়ে ১৬,৯৪৫ গৰাকী মহিলা আৰু তেওঁলোকৰ ৯ৰ পৰা বয়সৰ ২৪,২৮৯ গৰাকী সন্তানৰ ওপৰত চলোৱা অধ্যয়নৰ কালত জানিব পাৰে যে সেইসকল সন্তানৰ শকত হোৱাৰ সম্ভাৱনা ৭৫ শতাংশপৰ্যন্ত কম থাকে যিসকলৰ মাতৃয়ে নিয়মীয়াকৈ পুষ্টিকৰ খাদ্য খোৱাৰ লগত ধূলপান এৰাই চলে আৰু সদায় ব্যায়াম কৰে। আকৌ যিসকল মাতৃয়ে নিজকে হৃষ্ট-পুষ্ট ৰাখিবলৈ সক্ষম হয় আৰু লগতে ধূমপানৰপৰা নিলগত থাকে, তেনে মহিলাৰ সন্তান স্থূলকায় হোৱাৰ আশংকা ৫৬ শতাংশ পৰ্যন্ত হ্ৰাস পায়। অধ্যয়নৰ কালত গৱেষকগৰাকীয়ে লগতে এই কথাও জানিবলৈ সক্ষম হয় যে মাতৃৰ সুস্থ জীৱনশৈলীয়ে সন্তান শকত হোৱাৰ আশংকা ভালেখিনি নাইকিয়া কৰে।

সহজ হ’ব ছাৰক’পেনিয়াৰ চিনাক্তকৰণ -

বৃদ্ধ বয়সত দেখা দিয়া এবিধ ৰোগ হ’ল ছাৰক’পেনিয়া। এই ৰোগবিধ হ’লে মাংসপেশীবোৰ দুৰ্বল হয় তথা এইবোৰৰ কাৰ্যক্ষমতা হ্ৰাস পায়। লাখৰ ঘৰত বৃদ্ধ লোক এই ৰোগত আক্ৰান্ত হয়। ৰোগবিধৰ ফলত বৃদ্ধ লোকৰ শাৰীৰিক সন্তুলন অক্ষুণ্ণ ৰখাত সমস্যাই দেখা দিয়ে। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ’ল এয়া যে বৃদ্ধ বয়সত মাংসপেশীৰ ক্ষমতা হ্ৰাস পোৱাৰ বিষয়ে সঠিককৈ জনাটো আজিও সম্ভৱ হৈ উঠা নাই।

অতি শেহতীয়াকৈ আমেৰিকাৰ আৰ্টিফিচিয়েল কোম্পানীৰ সহযোগত গৱেষক পলিনা মেম’শ্বিনাই ‘মেচিন লাৰ্ণিং টেকনিক’ উদ্ভাৱন কৰি উলিয়াইছে। এই নতুন প্ৰযুক্তিৰ সহায়ত মাংসপেশীৰ দশা কেনেকুৱা, সেয়া জানিব পৰা যাব। তদুপৰি ইয়াৰ সহায়ত মাংসপেশীৰ জৈৱিক বয়সৰ বিষয়েও অনুমান কৰিব পৰাত সহায়ক হ’ব। যাৰ ৰোগৰ চিনাক্তকৰণ সহজসাধ্য হৈ পৰিব বুলি আশা প্ৰকাশ কৰিছে গৱেষক পলিনা মেম’শ্বিনাই।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

শেহতীয়া উন্নীতকৰণ: : 1/18/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate