অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

 

হৃদৰোগ আৰু গাখীৰজাত সামগ্ৰী -

ইমানদিনে এই ধাৰণা কৰি অহা হৈছিল যে দুগ্ধজাত সামগ্ৰী বিশেষকৈ চৰ্বিৰে ভৰপূৰ গাখীৰ, পনীৰ আৰু মাখন খালে হৃদৰোগ কিম্বা ষ্ট্ৰোক হোৱাৰ আশংকা বৃদ্ধি পায়। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নৰ জৰিয়তে আমেৰিকাৰ টেক্সাছ ইউনিভাৰ্ছিটীৰ গৱেষক অধ্যাপক মৰ্ছিয়া অ’ট্টোৱে প্ৰকাশ কৰিছে যে চৰ্বিৰে ভৰি থাকিলেও গাখীৰৰপৰা তৈয়াৰী খাদ্য সামগ্ৰীয়ে হৃদৰোগ কিম্বা ষ্ট্ৰোক হোৱাৰ আশংকা বঢ়াই নোতোলে। হৃদৰোগ কিম্বা অসমত হোৱা মৃত্যুৰ সৈতে ‘ডেইৰী ফেট’ৰ কোনো ধৰণৰ সম্বন্ধ নাই। অধ্যাপক অট্টোৱে ৬৫ বছৰ ঊৰ্দ্ধৰ প্ৰায় তিনি হেজাৰগৰাকী ব্যক্তিৰ ওপৰত সুদীৰ্ঘ ২২ বছৰ কাল গৱেষণা কৰি দুগ্ধজাত খাদ্যত পোৱা তিনিৰকমৰ ফেটী এচিডৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। কিন্তু অধ্যয়নৰ অন্তত কোনো এক প্ৰকাৰৰ ফেটী এচিডে হাৰ্ট ষ্ট্ৰোক হোৱাৰ আশংকা বঢ়াই তোলাৰ বিষয়ে জানিবলৈ সক্ষম নহ’ল। বিপৰীতে দুগ্ধজাত খাদ্যত মজুত থকা এবিধ ফেটী এচিডে ষ্ট্ৰোকৰদ্বাৰা মৃত্যু হোৱাৰ আশংকা হ্ৰাস কৰাৰ বিষয়েহে জানিব পাৰে।

 

অষ্টিঅ’প’ৰ’ছিছত আক্ৰান্ত হ’লে -

বয়স বাঢ়ি যোৱাৰ লগে লগে হাড় দুৰ্বল হোৱাটো এটা সাধাৰণ ঘটনা। আজিকালি আকৌ বৃদ্ধ কালতো বহুতো লোক অষ্টিঅ’প’ৰ’ছিছ ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এই ৰোগত আক্ৰান্তজনৰ সৰু একোটাহঁত আঘাততে কিম্বা আঘাত নোপোৱাকৈয়ে হাড় ভগাটো এটা সাধাৰণ পৰিঘটনা। পিছে এই ৰোগত আক্ৰান্তসকলে নিজৰ দৈনন্দিন খাদ্য তালিকাখনত সামান্য পৰিৱৰ্তন আনি হৃষ্ট-পুষ্ট হৈ থাকিব পাৰে। এই কথা প্ৰকাশ কৰিছে বৃটেইনৰ ইষ্ট এংলিয়া ইউনিভাৰ্ছিটীৰ গৱেষক ছুছেন ফেয়াৰৱেডাৰ টেটে। অতি শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নৰ জৰিয়তে গৱেষক টেটে জানিব পাৰে যে অষ্টিঅ’প’ৰ’ছিছ ৰোগত আক্ৰান্ত ব্যক্তিয়ে মেডিটেৰেনিয়ান খাদ্য গ্ৰহণ কৰি হাড়ৰ হ’ব পৰা যিকোনো ক্ষতি হ্ৰাস কৰিব পাৰে। হাড়ৰ ক্ষতি ৰোধত খাদ্যৰ ভূমিকা সম্বন্ধীয় এইটো প্ৰথম গৱেষণা বুলি দাবী কৰা গৱেষক টেটে ৬৫ৰ পৰা ৭৯ বছৰ বয়সৰ এহেজাৰ ব্যক্তিৰ ওপৰত অধ্যয়ন চলাই অষ্টিঅ’প’ৰ’ছিছ ৰোগত মেডিটেৰেনিয়ন খাদ্যৰ ইতিবাচক প্ৰভাৱৰ কথা জানিব পাৰে। মেডিটেৰেনিয়ন খাদ্যই মূলতঃ ফল-পাচলি, আখৰোট, বাদাম, মাছ আদিক সামৰি লয়।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top