অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা :

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

 

শৰীৰৰ ওজন কমোৱাত সহায় কৰে জালুকে -

দক্ষিণ ভাৰত, বিশেষকৈ কেৰালাত প্ৰচুৰ পৰিমাণে জালুক উৎপন্ন হয়। বিশ্বৰ ভিতৰত ভিয়েটনামত সৰ্বাধিক জালুক উৎপন্ন হয়। জালুকত পিপেৰিন নামৰ এবিধ শক্তিশালী দ্ৰব্য থাকে। জালুকৰ উপকাৰী গুণসমূহ হ’ল-

১)জালুকে পাকস্থলীত হাইড্ৰ’ক্লৰিক এচিডৰ ক্ষৰণ বৃদ্ধি কৰি হজম প্ৰক্ৰিয়াত সহায় কৰে।

২)জালুকে দেহৰ ওজন কমোৱাত সহায় কৰে।

৩)আয়ুৰ্বেদিক চিকিৎসাত পানীলগা জ্বৰ, ছাইনাছাইটিছ, এজমা আৰু নাক সোপা মাৰি ধৰা আদি ৰোগত জালুক ব্যৱহাৰ কৰা হয়।

৪)মিচিগান বিশ্ববিদ্যালয়ৰ গৱেষকৰ মতে জালুক আৰু হালধি একেলগে সেৱন কৰিলে স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধ হয়।

মাইগ্ৰেইনত ভুগিছে যদি -

কাৰক যিয়েই নহ’লেও মাইগ্ৰেইন নে আন কাৰণত মূৰৰ বিষ হৈছে তাক থিৰাং কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী মস্তিষ্কৰ চিটিস্কেন বা এম আৰ আই কৰিব লাগে। মাত্ৰ মাইগ্ৰেইনৰ উপসৰ্গবিলাক কমাবলৈ চিকিৎসকে কিছুমান দৰব দিয়ে। মূৰ বিষ কমাবলৈ আৰু টোপনি আহিবলৈ বিষনাশক দৰব, বমি কমাবলৈ আৰু টোপনি আহিবলৈ দৰব দিয়া হয়। মাইগ্ৰেইন আৰম্ভ হোৱাৰ লগে লগে ৰোগীয়ে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। আন্ধাৰ ঘৰত পৰ্যাপ্ত জিৰণি ল’ব লাগে। মূৰত ঠাণ্ডা কাপোৰ দিব লাগে। হুলস্থূলীয়া পৰিৱেশৰ পৰা আঁতৰি আহিব লাগে। যি কাৰক আৰু পৰিৱেশৰ সন্মুখীন হ’লে ব্যক্তি এজনে মাইগ্ৰেইনত ভোগে, সেই কাৰক আৰু পৰিৱেশবোৰৰ পৰা ব্যক্তিজনে আঁতৰি থাকিব লাগে। মাইগ্ৰেইন অনুভূত হোৱাৰ আগে আগে যিবোৰ পৰিৱেশ আৰু কাৰকৰ সন্মুখীন হৈছিল, সেই কাৰকবোৰৰ কথা লিখি থৈ দি পিছলৈ তেনে পৰিৱেশ আৰু কাৰকবোৰৰ পৰা আঁতৰি থাকি লাগে। মাইগ্ৰেইন প্ৰতিৰোধ কৰিবলৈ হ’লে ব্যক্তি এজনে ব্ৰেছিং এক্সাৰচাইজ, ধ্যান আৰু যোগ কৰিব লাগে। পুষ্টিকৰ আহাৰ খাব লাগে, মাজে সময়ে পৰিৱেশ সলনি কৰিব লাগে।

 

পুৰুষো আক্ৰান্ত হ’ব পাৰে স্তন কৰ্কটত -

স্তন কৰ্কটত মহিলাসকলে আক্ৰান্ত বুলি আমাৰ মাজত থকা ধাৰণা ভুল। পুৰুষো আক্ৰান্ত হ’ব পাৰে স্তন কৰ্কটত। বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৪ চনৰ বিশ্ব কৰ্কট প্ৰতিবেদন অনুসৰি , বৰ্তমান যি হাৰত কৰ্কটত আক্ৰান্তৰ প্ৰৱণতা বৃদ্ধি পাইছে, তেনে হৈ থাকিলে ২০৩০ চনলৈকে ৭৭ বছৰ বয়সৰ পূৰ্বে প্ৰতি পাঁচগৰাকী পুৰুষৰ মাজৰ এজন এই ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা দেখা যাব। একেদৰে প্ৰতি আঠগৰাকীৰ মাজত এজনে এই দুৰাৰোগ্য ৰোগবিধত মৃত্যুবৰণ কৰিবলগীয়া হোৱাৰ আশংকা ব্যক্ত কৰিছে। সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে পুৰুষৰ স্তন কৰ্কটৰ আশংকা বৃদ্ধি পায় যদিও তৰুণ প্ৰজন্মও এই শংকাৰ পৰা মুক্ত নহয়। অৱশ্যে কি কাৰণে পুৰুষসকল স্তন কৰ্কটত আক্ৰান্ত হয় তাৰ কোনো বাখ্যা আগবঢ়োৱা হোৱা নাই। বংশগত নাইবা জিনগত ৰোগ ‘ক্লিন’ফেল্টাৰ’ৰ বাবেও এই ৰোগবিধত আক্ৰান্ত হ’ব পাৰে এজন লোক। পুৰুষৰ শৰীৰত এটি অতিৰিক্ত এক্স ক্ৰম’জ’ম থকাৰ বাবে এই ৰোগবিধ হৈ থাকে। এই কাৰণতো পুৰুষৰ স্তন কৰ্কটৰ শংকা ১৫ৰ পৰা ৫০ শতাংশ বৃদ্ধি পায়।

 

শাৰীৰিক মিলনে উপশম কৰে বেদনা -

মূৰৰ বিষ নাইবা শৰীৰৰ আন কোনো অংশত বিষ অনুভৱ হ’লে আমি সাধাৰণতে ‘পেইনকিলাৰ’ৰ আশ্ৰয় লওঁ। এনেধৰণৰ দৰবৰ ব্যৱহাৰৰ ফলত কিন্তু শৰীৰত পাৰ্শ্বক্ৰিয়া বহুগুণে বৃদ্ধি পায়। কিন্তু শেহতীয়া এক গৱেষণাত উপলব্ধ তথ্যই এনে দৰব ব্যৱহাৰকাৰীলৈ সুখবৰ কঢ়িয়াইছে। আমেৰিকাৰ স্ত্ৰীৰোগ বিশেষজ্ঞ লৰেন ষ্ট্ৰেইশাৰৰ মতে, দৈহিক মিলনে মূৰৰ বিষৰ উপশম ঘটাব পাৰে। শেহতীয়াভাৱে এক সাক্ষাৎকাৰত বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে আৰু কয় যে শাৰীৰিক মিলন গাঁথিৰ বিষৰ বাবেও উপকাৰী। তেওঁৰ মতে, দৈহিক মিলনৰ সময়ত পুৰুষ-নাৰী উভয়ৰে শৰীৰৰ পৰা নিঃসৰণ হয় এণ্ড্ৰোফিন। শৰীৰৰ পৰা বেছি পৰিমাণে এণ্ড্ৰোফিন বাহিৰ হৈ যোৱাৰ ফলতেই মূৰৰ বিষৰ পৰা সোনকালে উপশম পাব পাৰি। তেওঁ দাবী কৰে যে যৌন মিলনে শৰীৰৰ বিভিন্ন অংশৰ বিষ নিৰাময়ত সহায় কৰে।

 

পিঁয়াজে প্ৰতিৰোধ কৰে দুৰাৰোগ্য কৰ্কট -

ব্ৰুকলি, পালেং, গাজৰকে ধৰি বহু পাচলি আছে, যিবোৰত কৰ্কট ৰোগ প্ৰতিৰোধী গুণ আছে বুলি বিভিন্ন সময়ত গৱেষকসকলে দাবী কৰি আহিছে। শেহতীয়াভাৱে এই তালিকাত সংযোজিত হোৱা পাচলিবিধ হৈছে পিঁয়াজ। ৰঙা পিঁয়াজ খোৱাৰ অভ্যাসে এজন লোকক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পৰা বচাব পাৰে। শেহতীয়া এক গৱেষণাত উপলব্ধ তথ্য অনুসৰি পিঁয়াজত থকা কুৱেৰচেটিন, এলিচিন আৰু ক্ৰ’মিয়ান নামৰ উপাদানকেইবিধে কৰ্কট প্ৰতিৰোধ কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে। পিঁয়াজত হেনে কিছু পুষ্টিকৰ উপাদান থাকে যে এইবোৰে বেক্টেৰিয়া ধ্বংস কৰাৰ লগতে সংক্ৰমণ ৰোধ কৰি ৰোগ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰি তোলে। এই উপাদানসমূহ কাৰ্যকৰী কৰি তোলাত সহায়ত হিচাপে যি বৃহৎ পৰিমাণৰ ফ্লেভনয়ডৰ প্ৰয়োজন হয় সেয়াও পিঁয়াজত অধিক মাত্ৰাত থাকে। বহু গৱেষণাত উপলব্ধ তথ্য অনুসৰি এইবিধ পাচলিত উপলব্ধ উচ্চমাত্ৰাৰ কুৱেৰচেটিনে অস্ত্ৰ আৰু প্ৰজনন সংক্ৰান্তীয় কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰে।

 

ছাইনাছাইটিছ প্ৰতিৰোধ -

প্ৰতিৰোধেই ছাইনাছাইটিছ ৰোগৰ পৰা হাত সৰাৰ একমাত্ৰ উপায়। বতাহত থকা অসংখ্য ধূলি-মাকতি, ধোঁৱা আদি যেতিয়া উশাহৰ লগত নাকৰ ভিতৰলৈ সোমাই যায় আৰু নাকৰ পেৰানেজল ছাইনাছত লাগি ৰৈ যায়, লাহে লাহে তাত বীজাণুৰ দ্বাৰা সংক্ৰমণ ঘটে। সেয়ে যদি বতাহত থকা ধূলি-মাকতি আদি উশাহত ভিতৰলৈ সোমোৱাত বাধা দিব পৰা যায়, তেতিয়া ইয়াৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। এই ৰোগৰ পৰা স্থায়ী উপশম পাবলৈ ধূলি-ধোঁৱা, ঠাণ্ডা আদিৰ পৰা আঁতৰি থাকিব লাগিব। স্কুটাৰ, মটৰচাইকেল আদি চলাওঁতে নাকত মাক্স পিন্ধি চলাব লাগে। দেহত অত্যধিক ঠাণ্ডা লগাব নালাগে। অফিচ, বজাৰ বা ধূলিময় পৰিৱেশত কাম কৰি আহি অলপ কুহুমীয়া গৰম পানীত নিমখ মিহলি কৰি নাকৰ ভিতৰখন চাফা কৰিব লাগে, তেতিয়াহে নাকটো ৰোগাক্ৰান্ত হোৱাৰ পৰা বচাব পাৰি। নিজৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ৰাখিব লাগে। ছাইনাছৰ ৰোগ হ’ব পৰা পৰিস্থিতিৰ পৰা সদায় আঁতৰি থাকিব লাগে।

 

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ডালচেনি -

বিভিন্ন খাদ্যৰ সোৱাদ আৰু সুগন্ধ বৃদ্ধি কৰিবলৈ ডালচেনি প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়। ডালচেনিয়ে তেজৰ চেনিৰ(ব্লাড ছুগাৰ) পৰিমাণ নিয়ন্ত্ৰণ কৰে। ডায়েবেটিছ ৰোগীৰ বাবে ই বিশেষ উপকাৰী। পেটৰ অসুখ কৰা বীজাণু যেনে- ইক’লাই, ছালম’নেলা আদি ডালচেনিয়ে নাশ কৰে। পাকস্থলী আৰু ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ডালচেনিৰ তেলে। ডালচেনিৰ গাঁঠিৰ বিষ আৰু হাড় পাতল বা থুলুকা হোৱাৰ ৰোগ হ্ৰাস কৰে। ডালচেনিৰ গুড়ি(চিনাম’ন পাউডাৰ) বটলত কিনিবলৈ পোৱা যায়। এই গুড়ি বিভিন্ন খাদ্য আৰু চাহ, কফি আদি পানীয়ত মিহলাই সেৱন কৰিব পাৰি।

উৎস: নিয়মীয়া বাৰ্তা

2.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top