মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্যসন্মত খাদ্য তালিকা ব্যায়ামেৰে পৰিত্ৰাণ লাভ কৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যসন্মত খাদ্য তালিকা ব্যায়ামেৰে পৰিত্ৰাণ লাভ কৰক

স্বাস্থ্যসন্মত খাদ্য তালিকা ব্যায়ামেৰে পৰিত্ৰাণ লাভ কৰক, সেই বিষয়ে লিখা হৈছে ।

শৰীৰ আৰু শাৰীৰিক গঠন সম্পৰ্কে ভিন্নজনৰ ভিন্ন মত। খীন বা পাতল দেহাকৃতিৰ বহু মানুহে সদায়ে নিজক দুৰ্বল বুলি হতাশাত ভোগে। আনহাতে এচাম শকত-আবত মানুহৰ নিজৰ দেহটোক লৈ চিন্তাৰ অন্ত নাই।

কেনেকৈ ইমান শকত হ’ল, কি কৰিব, কি নকৰিব ইত্যাদি নিজক লৈ হেজাৰ সমস্যা। অৱশ্যে এজন ব্যক্তিৰ শাৰীৰিক উচ্চতাৰ লগত ওজনৰ বিশেষ তাৰতম্য দেখিলে ই চিন্তাৰ কাৰণ হৈ পৰে। তেতিয়া শকত হ’বলৈ ধৰা মানুহে খাদ্যৰ তালিকাখনত হস্তক্ষেপ কৰে বা নিয়ন্ত্ৰণ কৰি খাদ্য কমাই খাবলৈ ধৰে।

অৰ্থাৎ তেওঁৰ দেহত হোৱা মেদ বৃদ্ধি খাদ্যৰ পৰাই হৈছে বুলি ধৰি লয়। কিন্তু পৰিপুষ্টিবিদসকলৰ মতে অধিক কেলৰি গ্ৰহণৰ বাবে এজন ব্যক্তিৰ দেহৰ ওজন বৃদ্ধি নহয়, কেলৰি খৰচ নকৰা বাবেহে ওজন বৃদ্ধি হয় আৰু ই এটা সময়ত মেদবহুলতাত পৰিণত হয়।

আনহাতে যি মেদ বা চৰ্বিয়ে আমাৰ শাৰীৰিক গঠন নষ্ট কৰাৰ লগতে শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰে, সেই চৰ্বিয়ে আকৌ আমাৰ দেহৰ স্বাভাৱিক উত্তাপ বজাই ৰখাত সহায় কৰাৰ লগতে উঠা-বহা, খোজ কঢ়া আৰু দৈহিক সৌন্দৰ্য ৰক্ষাও কৰে। কিন্তু এটা কথা ঠিক যে দেহত অতিৰিক্ত চৰ্বি বা মেদ সঞ্চিত হ’লে দেহযন্ত্ৰ পৰিচালনাত অসুবিধাৰ সৃষ্টি হয়।

অতিৰিক্ত চৰ্বিয়ে আমাৰ হৃদযন্ত্ৰ, হাওঁফাওঁৰ স্নায়ুপেশীৰ স্বাভাৱিক অৱস্থাৰ পৰিবৰ্তন ঘটায় আৰু দেহত বিভিন্ন ৰোগৰ আৰম্ভণি হয়। এইদৰে দিন, মাহ, বছৰ বাগৰি যোৱাৰ পিচত মেদবহুল লোকৰ-

  • বহুমূত্ৰ,
  • উচ্চ ৰক্তচাপ,
  • আঁঠু আৰু কঁকালৰ বিষ,
  • হৃদৰোগ ইত্যাদি হোৱা দেখা যায়।

আজিৰ আধুনিক সমাজখনত অতিৰিক্ত মেদ বৃদ্ধিক এক ৰোগ হিচাপে গণ্য কৰা হৈছে আৰু এইক্ষেত্ৰত চিকিৎসা বিজ্ঞানীসকলে কয় যে শাৰীৰিক পৰিশ্ৰমবিমুখিতাই এই ৰোগৰ প্ৰধান উৎস। তথাপি দিনত অধিক বিশ্ৰাম বা টোপনি যোৱা, অতিমাত্ৰা চৰ্বিযুক্ত খাদ্য গ্ৰহণ, যেনে-

  • ডাঙৰ মাছ,
  • মাংস,
  • গাখীৰ,
  • ঘিউ,
  • মাখন আৰু চানাৰে তৈয়াৰী মিঠাই খোৱাটোও আন এক কাৰণ।

এটা কথা ঠিক যে মেদ ৰোগত আক্ৰান্ত ব্যক্তিৰ স্বাস্থ্যমুখ নাথাকে আৰু সহজে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাযায়। মেদ বৃদ্ধি ৰোগ বংশগতভাৱেও আৰ্জিত হয়।

কিন্তু শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি সজাগ হ’লে বংশগত বা অন্য কাৰণত হ’লেও এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। সাধাৰণতে পুৰুষতকৈ মহিলাসকল এই মেদ ৰোগত সহজে আক্ৰান্ত হোৱাৰ আশংকা বেছি।

এই সন্দৰ্ভত এক পৰিসংখ্যাত কোৱা হৈছে যে নগৰীয়া যান্ত্ৰিক জীৱন যাপন পদ্ধতিৰ ফলত আৰু গাঁৱৰ মধ্যবিত্ত পৰিয়ালসমূহত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।

ইয়াৰ কাৰণ হিচাপে ক’ব পাৰি যে নগৰীয়া জীৱনত শাৰীৰিক পৰিশ্ৰমবিমুখিতা, মুখৰ জুতিৰ খাতিৰত সদায় অত্যধিক তেল আৰু চৰ্বিযুক্ত খাদ্যৰ ব্যৱহাৰ, মহিলাসকলৰ কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নথকাকৈ প্ৰস্তুত কৰা ৰান্ধনিশালখন মেদ বৃদ্ধিৰ অন্যতম কাৰণ।

এই আলোচনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে মেদ বৃদ্ধি বা মেদবহুলতা ৰোগৰ মূল কাৰণ হিচাপে ক’ব পাৰি যে শাৰীৰিক পৰিশ্ৰম এৰি আলসুৱা জীৱন যাপন আৰু লোভৰ বশৱৰ্তী হৈ চৰ্বিযুক্ত খাদ্যাভ্যাস গঢ়ি তোলা আৰু সুসংহত খাদ্যনীতিৰ অজ্ঞতাই মূল কাৰণ।

প্ৰতিকাৰেই প্ৰথম চিকিৎসা -

শৰীৰৰ মেদ কমোৱাৰ বাবে আজিকালি সৰু- ডাঙৰ প্ৰায়বোৰ চহৰৰ চুকে-কোণে বহুতো ব্যায়াম প্ৰতিষ্ঠান গঢ়ি উঠিছে। ই এক শুভ লক্ষণ যদিও ইয়াৰ পৰা সকলো শ্ৰেণীৰ মানুহ উপকৃত হোৱা দেখা নাযায়। কাৰণ ব্যৱস্থাটো ব্যয়বহুল তথা মানুহৰ হাতত সময়ৰো অভাৱ।

আনহাতে আজিকালি শৰীৰৰ মেদ কমোৱাৰ বাবে কিছুমান দৰব ওলাইছে, যিবোৰ বজাৰত সহজেই উপলব্ধ।

বহুতে এইবোৰ ব্যৱহাৰো কৰিছে। কিন্তু এই ধৰণৰ ঔষধ ব্যৱহাৰ কৰি শৰীৰৰ ওজন বা মেদ কমোৱাটো ক্ষতিকাৰক। এইবোৰ ঔষধে আমাৰ স্বাভাৱিক ক্ষুধা বিনষ্ট কৰে।

দেহৰ তাপ নিয়ন্ত্ৰণ কৰা চৰ্বি গঠনত বাধা প্ৰদান কৰাৰ লগতে অসংখ্য চৰ্বিকোষ নষ্ট কৰি পেলায়।

মুঠতে ঔষধৰ পাৰ্শ্বক্ৰিয়াই শৰীৰৰ আন বহুতো অপকাৰ কৰিব পাৰে। আমাৰ দেহৰ অতিৰিক্ত চৰ্বি কমোৱাৰ বাবে আটাইতকৈ নিৰ্ভৰযোগ্য ব্যৱস্থা হৈছে নিয়মিতভাৱে যোগ চৰ্চা কৰা।

যোগ চৰ্চা পাৰ্শ্বক্ৰিয়াহীন আৰু অৰ্থব্যয়মুক্ত হোৱা বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকে নিজৰ ঘৰতে অভ্যাসৰ ধাৰাবাহিকতা গঢ়ি তুলিব পাৰে। যোগ চৰ্চাই ৰোগ নিয়ন্ত্ৰণ কৰাৰ লগতে দেহত এক ৰোগ প্ৰতিষেধক ক্ষমতা গঢ়ি তুলিব পাৰে।

আন এটা মূল কথা হৈছে- যোগ বিধিৰ লগতে এক সুসংহত খাদ্যাভ্যাস গঢ়ি তুলিলে জীৱনটোক এক যৌগিক নীতি আৰু নিয়মৰ মাজত ধৰি ৰাখিব পৰা যায়। তেতিয়া বহুতো ৰোগ আপোনা-আপুনি নিয়ন্ত্ৰণ হোৱাৰ লগতে শৰীৰৰ গঠনো সুন্দৰ হৈ পৰিব।

মানুহৰ উচ্চতা অনুযায়ী থাকিবলগীয়া ওজনৰ তালিকা -

 

ওখ

পুৰুষ (কি:গ্ৰাম)

মহিলা (কি:গ্ৰাম)

৫ ফুট ২ চে:মি:

৫০-৫৬

৪৫-৫১

৫ ফুট ৫ চে:মি:

৫২-৫৭

৪৭-৫২

৫ ফুট ৭ চে: মি:

৫৩-৫৮

৪৮-৫৪

৫ ফুট ১০ চে:মি:

৫৫-৬০

৫০-৫৫

৫ ফুট ১২ চে: মি:

৫৬-৬১

৫১

৫ ফুট ১৫ চে:মি:

৫৮-৬৩

৫৩-৫৯

৫ ফুট ১৭ চে:মি:

৬০-৬৫

৫৪-৬১

৫ ফুট ২০ চে:মি:

৬১-৬৬

৫৬-৬৩

৫ ফুট ২৩ চে:মি:

৬৩-৬৯

৫৯-৬৫

৫ ফুট ২৫ চে:মি:

৬৪-৭০

৬০-৬৬

৫ ফুট ২৮ চে:মি:

৬৬-৭২

৬২-৬৮

৬ ফুট ১ চে: মি:

৬৮-৭৪

৬৩-৭০

৬ ফুট ৩ চে:মি:

৭০-৭৭

৬৬-৭২

৬ ফুট ৬ চে:মি:

৭২-৭৮

৬৮-৭৪

৬ ফুট ৮ চে: মি:

৭৪-৮২

৬৯-৭৬

কি খাব, কি নাখাব -

আপোনাৰ খাদ্য তালিকাত আঁহজাতীয় উপাদান বেছিকৈ থকা আৰু কেলৰিৰ পৰিমাণ কম থকা খাদ্যক প্ৰাধান্য দিয়ক।

আঁহজাতীয় খাদ্যই পাকস্থলীটো সোনকালে পূৰ কৰাৰ লগতে আমাৰ ক্ষুদ্ৰান্তৰ পৰা নি:সৰিত হ’ৰমন ৰসৰ মাত্ৰা কমাই ৰাখে।

বিশেষজ্ঞসকলৰ মতে নিয়মীয়াকৈ আহাৰৰ লগত চালাদ খাব লাগে। শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কেঁচা চালাদ হিচাপে বিলাহী, তিয়ঁহ, গাজৰ, বীট, বন্ধাকবি আদি (কম কেলৰিযুক্ত হোৱা বাবে) সদায় গ্ৰহণ কৰিব পাৰে।

আনহাতে আঁহজাতীয় খাদ্য হিচাপে চাকি আটা, কৰ্নফেক্স, বুট, গজালি ওলোৱা মগু, সুমথিৰা, গাখীৰৰ পৰা ক্ৰীম বা স্নেহ পদাৰ্থখিনি আঁতৰাই পেলোৱাৰ পিচত কৰা দৈ খাব পাৰে। খাদ্য তালিকাত আপুনি আলু বাদ দিছে নেকি?

ভয় নকৰিব। আলু খালে ওজন বৃদ্ধি নহয়, যদিহে তাক সিজাই খায়। কিন্তু তেলত ভাজি খালে তাৰ পৰা উচ্চমানৰ কেলৰি শৰীৰলৈ আহিব পাৰে। ফলত ওজন আৰু মেদ বৃদ্ধি পাব। কিন্তু প্ৰচুৰ পৰিমাণ পানী খাব পাৰে, ইয়াত বাধা আৰু ভয় নাই।

যোগ চিকিৎসা -

মেদ ৰোগীসকলে সদায় পুৱা শয্যা ত্যাগ কৰাৰ পিচতে মলত্যাগ হৈছে নে নাই এই কথাটোৰ প্ৰতি গুৰুত্ব দিব। কাৰণ পুৱাতে প্ৰাকৃতিকভাৱে মলত্যাগ নহ’লে মেদ ৰোগীৰ স্থূলকায় শৰীৰ গধুৰ আৰু জঠৰ হৈ পৰে।

স্বাভাৱিক মলত্যাগৰ বাবে সপ্তাহত এদিন হ’লেও সহজ বস্তিক্ৰিয়া প্ৰয়োগ কৰিব। লগতে তলত দিয়া ধৰণে পুৱাতে দুই গিলাচ পানী খাই অলপ সময় খোজ কাঢ়ি ঘৰলৈ আহি যোগ অভ্যাস কৰিব।

১) সূৰ্য নমস্কাৰ – ৫ বাৰ

২) পদহ তাসন – ৬-৮ বাৰ

৩) পৱনমুক্তাসন – ৪-৫ বাৰ

৪) কুম্ভীৰাসন – ১০ বাৰ

৫) ভূজংগাসন – ৮ বাৰ

৬) মকৰাসান – ৫ বাৰ

৭) সহজ অগ্নিসাৰ – ৪০ বাৰ

৮) কপালভাতি – ১২০ বাৰ

৯) সূৰ্যবেদ প্ৰাণায়াম – ৩ মিনিট

১০) অনুলোম- বিলোম – ৫ মিনিট

১১) শৱাসন – ২-৩ মিনিট ।

যোগ অভ্যাসৰ বাবে এটা কথা মনত ৰখা দৰকাৰ যে গধুৰ আহাৰ খাই বা পেটত খাদ্য থাকিলে যোগ চৰ্চা কৰিব নালাগে। প্ৰধান আহাৰৰ ৩-৪ ঘণ্টাৰ পিচতহে যোগ অভ্যাস কৰিব লাগে।

গধূলি :-

কটিচক্ৰাসন – ১০ বাৰ

তিৰ্যক তাৰাসন- ১০ বাৰ

সৰ্বাংগাসন – ৩-৫ মিনিট

মৎস্যাসন – ২ মিনিট

যোগমুদ্ৰা – ৬-৮ বাৰ

পশ্চিমোত্তানাসন – ৪ বাৰ (যদিহে কঁকালৰ বিষ নাথাকে)

শশংগাসন – ৪ বাৰ , সহজ প্ৰাণায়াম নং ১,৩,৭ প্ৰত্যেকটো ২ মিনিটকৈ ।

শৱাসন- ২ মিনিট।

নিয়ম আৰু পথ্য -

মেদবহুল ব্যক্তি ভোজনবিলাসী হয় বাবে খাদ্য নিৰ্বাচনত সতৰ্ক হ’ব। চৰ্বিযুক্ত আহাৰ, মিঠা বস্তু খোৱাৰ পৰা বিৰত থাকিব। শিশুৰ ক্ষেত্ৰত চকলেট, আইচক্ৰীম খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব। ৰাতিৰ খাদ্য তালিকাখন সৰু কৰিব।

পুৱা যিমান পাৰি সোনকালে শয্যা ত্যাগ কৰি খালী পেটত এক-দুই গিলাচ পানীৰ লগত নেমুৰস আৰু শুদ্ধ মৌজোল খাই ভ্ৰমণ প্ৰাণায়াম কৰিব। মাহত দুদিন উপবাস কৰিলে শৰীৰৰ মেদ কমোৱাত সহায়ক হ’ব।

লেখক :- হৰিপ্ৰসাদ তালুকদাৰ

উৎস :- দেওবৰীয়া সম্ভাৰ

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top