মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্যৰ ওপৰত আৰ্ছেনিকৰ প্ৰভাৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যৰ ওপৰত আৰ্ছেনিকৰ প্ৰভাৱ :

স্বাস্থ্যৰ ওপৰত আৰ্ছেনিকৰ প্ৰভাৱৰ বিষয়ে লিখা হৈছে ।

আমাৰ ৰাজ্যৰ কেতবোৰ অঞ্চলৰ জলাশয়ৰ পানীত আৰ্ছেনিক নামৰ পদাৰ্থ থকাৰ প্ৰমাণ ওলাইছে, যি পদাৰ্থই মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি মানুহ আতংকিত নোহোৱাকৈ থকা নাই।

ই গোন্ধহীন, বৰণহীন তথা প্ৰায় সোৱাদহীন পদাৰ্থ যিটো সাংঘাতিক ধৰণে বিয়পি আছে মাটি, পানী, বায়ুৰ উপৰি সকলো জীৱ দেহতে ই সিঁচৰিত হৈ থাকে।

আৰ্ছেনিক যদিও স্বাভাৱিকভাৱে পৰিৱেশত বিদ্যমান, ইয়াৰ ঘনীভূত অৱস্থা বৃদ্ধি পাইছে আৰু মানুহৰ ক্ৰিয়া-কলাপৰ ফলত ই অতিশয় সাংঘাটিক ধৰণে বিস্তৃত হৈ পৰিছে।

আৰ্ছেনিকৰ কেতবোৰ গুণ ধাতুৰ লগত মিলে যদিও আন কেতবোৰ গুণ অধাতুবিশিষ্ট হোৱা হেতুকে এই মৌলটো স্বাভাৱিকভাৱে বিয়পি থাকে।

বিশ্ব স্বাস্থ্য সংস্থাই জীৱমণ্ডলত আৰ্ছেনিক বৃদ্ধি পাই থকাটো নিকৃষ্টতম গণ বিকৃতকৰণ হিচাপে চিনাক্ত কৰিছে।

  • পিতৃপক্ষীয় পদাৰ্থৰ অৱক্ষয়,
  • আগ্নেয়গিৰিৰ উদগীৰণ,
  • সাগৰৰ ছাটি আদিয়ে স্বাভাৱিকভাৱে আৰ্ছেনিক মুকলি কৰে, যি প্ৰক্ৰিয়াক আৰ্ছেনিকৰ ভূজিনীয় উৎপত্তি বুলি কোৱা হয়।

ধাতুৰ আকাৰ তপতাই শোধন কৰোঁতে উৎপন্ন হোৱা বৰ্জিত দ্ৰব্য, ৰাসায়নিক মাৰণান্ত্ৰ আৰু আৰ্ছেনিক জড়িত অপকাৰী কীটনাশক দ্ৰব্য আদিৰপৰা আৰ্ছেনিক মুকলি হয়।

মানুহৰ ক্ষেত্ৰত আৰ্ছেনিকৰ বিষক্ৰিয়াক আৰ্ছেনিক’ছিছ বোলা হয়, যিয়ে কেতবোৰ বিশাল অঞ্চল উচ্চ মাত্ৰাত বিষাক্ত কৰে। এইক্ষেত্ৰত আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হ’ল খোৱাপানী একমাত্ৰ আৰ্ছেনিকৰদ্বাৰা দূষিতকৰণ।

এই মৌলই দূষিত কৰা ভূপৃষ্ঠৰ তলৰ পানী বিস্তৃতভাৱে খেতিপথাৰত শস্য উৎপাদনৰ বাবে জলসিঞ্চন কৰা হয় যিহেতু আৰ্ছেনিকৰ বিষাক্তকৰণক প্ৰধানকৈ আওকাণ কৰা হয়।

এই মৌল পৰ্যাপ্ত পৰিমাণে থকা পথাৰত উৎপাদন কৰা শাক-পাচলিত আৰ্ছেনিক পৰিপূৰ্ণ হৈ থাকে যি পাচলি খাদ্য হিচাপে গ্ৰহণ কৰিলে তাত থকা আৰ্ছেনিক মানুহৰ দেহত প্ৰৱেশ কৰি অথন্তৰৰ সৃষ্টি কৰিব পাৰে।

দূষিত শাক-পাচলি ভক্ষণ কৰা পশুধনৰ দেহো বিষাক্ত আৰ্ছেনিকে বিষতুল্য কৰে আৰু এইবোৰৰ আহৰণ কৰা মানৱ খাদ্যও বিষেৰে ভৰি পৰে।

আৰ্ছেনিকে বিষাক্ত কৰি জীয়াতু ভোগোৱা লোকৰ ক্ষেত্ৰত দেখা দিয়া লক্ষণবোৰ হ’ল-

  • ছালৰ বিকাৰ,
  • শাৰীৰিক দুৰ্বলতা,
  • আৱেগপ্ৰৱণ,
  • মানসিক অৱস্থা,
  • খোৱাৰ প্ৰতি বিৰাগ,
  • ওকালি,
  • বমিৰ লগতে পেটচলা ৰোগ অথবা কোষ্ঠকাঠিন্যতাত ভোগায়।

বিষাক্ত পদাৰ্থৰ আক্ৰমণৰ কোব চৰিলে লক্ষণবোৰ অতি বৈশিষ্ট্যসূচক অৱয়ৱ লাভ কৰে, যিবোৰৰ ভিতৰত-

  • তীব্ৰ পেটচলা ৰোগ,
  • দেহৰ ছালে স্বাভাৱিক ৰং ধাৰণ নকৰা,
  • আৰ্ছেনিক সম্পৰ্কীয় বিমৰ্ষতা,
  • যকৃৎ প্ৰসাৰিত হোৱা,
  • শ্বাস বিকাৰ আৰু
  • চৰ্ম কৰ্কট ৰোগৰ লক্ষণ প্ৰধান।

জটিল পৰিস্থিতিত ৰক্ত সঞ্চালনৰ অভাৱত দেহকোষৰ ক্ষয় ঘটা ৰোগত ভুগি ভৰি, হাত আদি অংগ অকামিলা হয় আৰু মাৰাত্মক বিকাৰে গা কৰি উঠে।

আৰ্ছেনিকমুক্ত পানী পাবলৈ পানী শোধন কাৰখানা এক নিৰ্ভৰযোগ্য উপায়। সাম্প্ৰতিক কালত পানীৰপৰা বিষাক্ত আৰ্ছেনিক আঁতৰ কৰিবলৈ বহুতো উপায় উদ্ভাৱন কৰা হৈছে, যিবোৰত বিজ্ঞানপ্ৰদত্ত প্ৰযুক্তিবিদ্যাৰ কৌশল ব্যৱহৃত হয়।

ঘৰুৱা পৰিৱেশত ব্যৱহাৰ কৰা পানী শোধন কৰা ফিল্টাৰৰ জৰিয়তেও পানীৰপৰা আৰ্ছেনিক আঁতৰাব পাৰি।

কেতবোৰ সময়ত পানী শোধন কৰিবলৈ উমৈহতীয়া ব্যৱস্থা বৰ্তমান যাৰ জৰিয়তে আৰ্ছেনিকমুক্ত পানী লাভ কৰিব পাৰি।

খান্দি লোৱা কুঁৱা, পুখুৰী আদিৰ পানী সাধাৰণতে আৰ্ছেনিকমুক্ত হয়, যিবোৰৰ পানী আহৰণ কৰি নিৰ্ভয়ে খাব পাৰি।

নলীৰে পানী যোগান ধৰা প্ৰণালীতো পানীত সাধাৰণতে আৰ্ছেনিক নাথাকে, কিয়নো যোগান ধৰাৰ আগেয়ে এই পানী শোধন কৰি আৰ্ছেনিক তথা আন দূষিত পদাৰ্থ আঁতৰোৱা হয়।

পৰম্পৰা অনুসৰি অসমীয়া লোকসকলে পানী শোধন কৰি বিশুদ্ধ খোৱাপানী পাবলৈ বিশেষ ধৰণৰ বালি ব্যৱহাৰ কৰে, যাৰ জৰিয়তে পানীত থকা লো পৰিস্ৰাৱণৰ জৰিয়তে আঁতৰ কৰে, কিয়নো এই লো সুস্বাস্থ্যৰ পৰিপন্থী বুলি প্ৰমাণ পোৱা গৈছে।

সাম্প্ৰতিক কালৰ গৱেষণাই প্ৰমাণ কৰা মতে, পানীত থকা লো মৌলবিধে এক বান্ধনী অভিৱৰ্তী হিচাপে কাৰ্য সম্পদান কৰে বাবে ঐতিহ্য-ৰীতি অনুসৰি ই খোৱাপানীৰপৰা আৰ্ছেনিক গুচাবলৈ সক্ৰিয় হৈ থাকে।

পুখুৰীৰ পানী খাবলৈ ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ ওপৰত আৰ্ছেনিকৰ কোনো প্ৰভাৱ নপৰে। বৰষুণৰ পানী লো, আৰ্ছেনিক আদি সংগ্ৰহ কৰি কামত লগালে আৰ্ছেনিকমুক্ত খোৱাপানী খাই বেমাৰৰ আক্ৰমণ ৰোধ কৰিব পাৰি। খেতিপথাৰত ফছফেট, ছালফেট আৰু নাইট্ৰেট প্ৰয়োগ কৰিলে মাটিত আৰ্ছেনিকৰ পৰিমাণ হ্ৰাস পায়, যাৰ পৰিণতিত এই মৌল উদ্ভিদ দেহত প্ৰৱেশ কৰাত অন্তৰায়ৰ সৃষ্টি হয়। এনে পৰিস্থিতিত আৰ্ছেনিক খাদ্য-শৃংখলত প্ৰৱেশ কৰাত ব্যৰ্থ হয়, যাৰ ফলত আৰ্ছেনিকৰ বিষক্ৰিয়া সংঘটিত হোৱাৰ পথ পূৰাপূৰি ৰুদ্ধ হয়, যি পৰিপ্ৰেক্ষিতত প্ৰাণী তথা মানুহ আৰ্ছেনিক সংক্ৰমণৰ পৰা মুক্ত হৈ থাকে।

লেখক: আনন্দ দেৱগোস্বামী(দৈনিক অসম)

1.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top