মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্যৰ বাবে অপকাৰী এলুমিনিয়াম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যৰ বাবে অপকাৰী এলুমিনিয়াম

আমাৰ স্বাস্থ্যৰ বাবে ছ’ডিয়াম,পটাছিয়াম,কেলছিয়াম,মেগনেছিয়াম,লো,তাম আদি বিভিন্ন ধাতুবোৰ যেনেদৰে উপকাৰী

চমু বিৱৰণ

আমাৰ স্বাস্থ্যৰ বাবে ছ’ডিয়াম,পটাছিয়াম,কেলছিয়াম,মেগনেছিয়াম,লো,তাম আদি বিভিন্ন ধাতুবোৰ যেনেদৰে উপকাৰী আৰু অত্যাৱশ্যকীয়, ঠিক তেনেদৰে এনে কেইবিধমান ধাতু আছে যিবোৰ আমাৰ দেহ তথা স্বাস্থ্যৰ বাবে অপকাৰী| আমাৰ স্বাস্থ্যৰ অপকাৰী এই ধাতুবোৰৰ ভিতৰত পাৰা,সীহ,নিকেল,কেডি্‌মিয়াম,এলুমিনিয়াম আদি প্ৰ্ধান|এই উল্লিখিত অপকাৰী ধাতুবোৰৰ ভিতৰত এলুমিনিয়াম প্ৰধান|

এলুমিনিয়ামৰ অপকাৰিতা

এলুমিনিয়াম ধাতুবিধ আমাৰ দৈনন্দিন জীৱন যাত্ৰা প্ৰণালীৰ এক অপৰিহাৰ্য অংগ স্বৰূপ| কিয়নো এলুমিনিয়াম ধাতুৰ বিভিন্ন বাচন-বৰ্তন ৰান্ধন-বাঢ়ন, খাদ্য পৰিৱেশন,খাৱন কাৰ্য আদিৰ লগত সদায় পুৱাৰ পৰা ৰাতিলৈ আমাৰ প্ৰাত্যহিক জীৱনৰ সৈতে ষোল্ল অনাই সংযোজিত হৈ থাকে| পুৱাৰ চাহৰ কেট্‌লীটোৰপৰা  চামুচখনলৈ,দিন-ৰাতিৰ বিভিন্ন কাৰ্যৰ লগত জড়িত কেৰাহী,চচ্‌পেন,কুকাৰ আদি প্ৰায়ভাগ বাচনেই এলুমিনিয়ামৰ| ৰন্ধন কাৰ্যত অহৰ্নিশে ব্যৱহাৰ হোৱা এই এলুমিনিয়ামৰ বিভিন্ন পাত্ৰৰ পৰা অতি সূক্ষ্ম ৰূপত আমাৰ দেহত এলুমিনিয়ামৰ প্ৰৱেশ ঘটে| তদুপৰি এলুমিনিয়ামৰ পাত্ৰত টেঙা, খাৰ আদিৰে প্ৰস্তত কৰা খাদ্যসম্ভাৰ ৰাখিলে,সেই খাদ্য সামগ্ৰীৰ লগত এলুমিনিয়াম অতি সহজে দ্ৰৱীভূত হৈ পৰে| এনেদৰে আমি ক’ব নোৱাৰাকৈয়ে দিনৰ পিছত দিন ধৰি সূক্ষ্মৰূপত আমাৰে দেহত এলুমিনিয়াম ধাতুৰ প্ৰৱেশ ঘটি থাকে|আনহাতে,কিছুমান মিঠাইৰ উপৰিভাগত ৰূপালী বৰণৰ যি পাতল ৰূপৰ প্ৰলেপন দিয়া হয়,সেইবোৰ মিঠাইৰ বেছিভাগতেই ৰূপৰ সলনি এলুমিনিয়ামৰ প্ৰলেপ দিয়াটো খাদ্য বিশ্লেষণকাৰীসকলৰ পৰীক্ষাত প্ৰমাণিত হৈছে|

এলুমিনিয়ামৰ প্ৰৱেশে শৰীৰত কৰা ক্ষতিসাধন

অহৰহৰ আমাৰ দেহত ঘটি থকা এলুমিনিয়ামৰ প্ৰৱেশে শৰীৰত সাংঘাতিক ধৰণে ক্ষতি কৰে| এনেদৰে অতিমাত্ৰা এলুমিনিয়াম দেহত প্ৰৱেশ কৰিলে ই যকৃত,বৃক্ক,মগজু,হাড়ৰ মজ্জা আৰু পেৰাথাইৰয়ড্‌ গ্ৰন্থিত জমা হৈ পৰি স্বাস্থ্যৰ ভয়ানক ক্ষতিসাধন কৰে| চিকিৎসা বিজ্ঞানীসকলে মগজুত প্ৰ্ৱেশ কৰা এলুমিনিয়ামে মগজুৰ মাৰাত্মক ৰোগ আলঝেইমাৰৰ সৃষ্টি কৰিব পাৰে বুলি প্ৰকাশ কৰিছে| আলঝেইমাৰ ৰোগত মৃত্যু হোৱা ৰোগীৰ মগজু বিশ্লেষণ কৰি চিকিৎসা বিজ্ঞানীসকলে মগজুত অত্যাধিক মাত্ৰাত এলুমিনিয়াম জমা হোৱাতো প্ৰ্ত্যক্ষ কৰিছিল |ই বৃদ্ধাৱস্থাত এক ভয়ানক ৰোগ,যি ৰোগত ৰোগীয়ে নিজৰ নাম-ঠিকনা পৰ্যন্ত পাহৰি যাব পাৰে| সেয়ে আমি সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ পাৰ্যমানে এলুমিনিয়ামৰ মাত্ৰাধিক ব্যৱহাৰৰ পৰা আতৰ থকাটো উচিত|

লেখক: ভূৱনেশ্বৰ ডেকা

উৎস: দৈনিক অসম

3.19230769231
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top