মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্যৰ বাবে হিতকাৰী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যৰ বাবে হিতকাৰী :

স্বাস্থ্যৰ বাবে হিতকাৰীৰ বিষয়ে লিখা হৈছে ।

 

কুহুমীয়া গৰম পানী সেৱন -

 


ঠাণ্ডাৰ দিনত বহুতৰে গৰম পানী খোৱা অভ্যাস আছে যদিও উৎকট গৰমৰ দিনকেইটাত গৰম পানী খোৱাৰ কথা ভাবিবই নোৱাৰি । এনে দিনত দেহ শীতল কৰিবলৈ আমি কেৱল ঠান্ডাতকৈও ঠান্ডাহে বিচাৰো । ক্ষন্তেকীয়া স্বস্তিবোধৰ বাহিৰে তেনে ঠান্ডা পানীয়ে আমাৰ দেহৰ কি কি ক্ষতি হব পাৰে আগৰ খন্ডত বৰ্নোৱা হৈছে ।পিছে নিয়মিত স্বাভাৱিক গৰম পানী খালে দেহৰ বাবে কি কি স্থায়ী লাভকাৰী গুণ পাব পাৰি সেই বিষয়ে জানো আহক
প্ৰথমে প্ৰকৃতিৰ অন্য জীৱজন্তুসমুহৰ পানী সেৱন পদ্ধতিলৈ লক্ষ কৰি চাওঁহক-
জীৱজন্তুৱে সাধাৰনতে নৈ বিল, খাল,দোং,বা যতেই পানী দেখে সেইবোৰকে খাই তৃষ্ণা নিবাৰন কৰে । পোহনীয়া জন্তু সমুহেও অস্বাভাৱিক গৰম বা অতি ঠান্ডা পানীতকৈ স্বাভাৱিক প্ৰকৃতিৰ অনুকুল তাপমাত্ৰাৰ পানী লাহে লাহে খাইহে ভাল পায় :যাৰ ফলত আমি মানুহৰ তুলনাত জীৱজন্তুৰ পাকস্থলি , পাচন শক্তি ,ৰোগ প্ৰতিৰোধ ক্ষমতা অতি বেচি ।
পানীয়েই হল জীৱৰ প্ৰান , উশাহ নিশাহৰ নিচিনা পানীৰ অবিহনে জীৱ জীয়াই থকাতোে অসম্ভৱ । মানুহ সুস্থভাৱে জীয়াই থাকিবলৈ দিনে কমেও ৩িনিৰ পৰা চাৰি লিটাৰ পানী সদায়ে প্ৰয়োজন । জীৱ জন্তুৱে খোৱাৰ নিচিনা মানুহেও প্ৰকৃতিৰ স্বাভাৱিক তথা দেহৰ উত্তাপৰ অনুকুল সামঞ্জস্যৰ পানী খোৱাটোহে বিধেয় ।
থোৰতে কবলৈ হলে শীত -গ্ৰীষ্ম সকলো সময়তে সাধাৰন বা পৰাপক্ষত কুহুমীয়া গৰম নাইবা পানী উতলাই ঠান্ডা কৰি খোৱা অতি উত্তম । বিশেষকৈ ৰাতিপুৱা শুই উঠিয়েই ২/৩গিলাচ এনে বিশুদ্ধ পানী খোৱা দেহসুৰক্ষাৰ বাবে অতি উত্তম ।
১) ৰাতিপুৱা খালিপেটত ২-৩ গিলাচ কুহুমীয়া গৰম পানী খালে পেট পৰিস্কাৰ হয় , শৌচ খোলোচা হোৱাৰ লগতে কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হবলগীয়া নানা ৰোগ আৰোগ্য হয় । পেটত জমা হোৱা অলাগতিয়াল পদাৰ্থ বাহিৰ কৰায় , পিত্ত ও গেচৰ সমস্যা (এচিডিতি)আতৰাৰ লগতে পেটৰ নানা ৰোগ উপসম হয় ।
২) দৈনিক ৰাতিপুৱা বা পৰাপক্ষত সকলো সময়তে কুহুমীয়া গৰম পানী খোৱা অভ্যাসত দেহ নিৰোগী হয়, অতিৰিক্ত চৰ্বি  ওজন হ্ৰাস হয় ।
৩) এজমা ,কাহ ,হাপানি ৰোগীৰ বাবে অতি উত্তম । ভিতৰত জমা হোৱা টক্সিক্ এলিমেন্ট বাহিৰ কৰাই দিয়ে ।
৪) সৌন্দৰ্য চৰ্চাত সঠিক পৰিমানত নিয়মিত কুহুমীয়া গৰম পানী সেৱন কৰিলে চালৰ সৌন্দৰ্য বৃদ্ধি হয় অন্যহাতে অকাল বাৰ্ধক্য, বৃক্ক ,লিভাৰ দৌৰ্বল্য দুৰ হয় ।
৫) মুত্ৰকৃচ্ছ, বা প্ৰস্ৰাৱজনীত ৰোগ উপসম হয় ।
৬) দেহৰ ক্লান্তি /অৱসাদ দুৰ হয় ।
৭)পানী উতলাই ঠান্ডা কৰি খালে দুষিত পানীৰ পৰা হব পৰা ৰোগ আৰোগ্য হয় ।
৮) ৰক্তসঞ্চালন নিয়মিত হয় ,ৰক্তবিকাৰ, দেহৰ বিষ বেদনা দুৰ হয় ।
৯) ৰুগীয়া লোকে কম কমকৈ সঘনাই বিশুদ্ধ কুহুমীয়া গৰম পানী খালে সোনকালে ৰোগ আৰোগ্য হোৱাত সহায়ক হয় আৰু দুৰ্বলতা দুৰ হয় লগতে ঔষধৰ পাৰ্শক্ৰিযা নাইকিয়া হয় ।
১০) সঠিক সময় আৰু শঠিক মাত্ৰানুসাৰে বিশুদ্ধ স্বাভাৱিক উষ্ণতাৰ পানী খালে বিভিন্ন ৰোগত ঔষধৰ সমানেই কাম কৰাৰ লগতে দেহৰ ৰোগ বাধা দিব পৰা ক্ষমতা বৃদ্ধি হয় ।


পানী সেৱনৰ সঠিক সময়-


ভোকত ভাত পিয়াহত পানী,তাক নাখালে স্বাস্থহানি । সেয়ে ভোকত ভাত খোৱাৰ নিচিনাকৈ আমাৰ শৰীৰে যেতিয়াই পানী বিচাৰে তেতিয়াই খোৱাটো যুগুত । সেইনুলি গৰমত অত্যধিক মাত্ৰাত খোৱা উচিত নহয় । আনহাতে ঠান্ডাদিনত কমকৈ পিয়াহ লাগে বুলি কম মাত্ৰাত খোৱাটোও অনুচিত ।
ৰাতিপুৱা শুই উঠি , আহাৰ খোৱাৰ এঘন্টা আগত নাইবা ১ঘন্টা পিচত বা তৃষ্ণাবোধ কৰামতে যিকোনো সময়ত খাব পাৰে ।
ফলাহাৰ বা ভাত খোৱাৰ সময়ত নাইবা খোৱাৰ অন্তত পানী বেচিকৈ খালে হজম ক্ৰিয়াত বাধা হয় । সেয়ে এঘন্টা পিচত খাব ।
চাহ খোৱাৰ পাচত কেতিয়াও পানী নেখাব ।
মনত ৰাখিব :
পানী সদায় লাহে লাহে খোৱাটোহে যুগুত।
থিয় হৈ বা দৌৰাদৌৰিকৈ আহাৰ পানী খোৱা খুবেই ক্ষতিকৰ ।
আহাৰ পানী ,জুলী্য়া দ্ৰব্য, গাখীৰ ৰসাল ফল আদিৰ জৰিয়তে আমি যি পানীভাগ দিনটোত খাও তাৰ পৰিমান বয়সৰ অনুকুলে (সুস্থ বা ৰুগীয়া )সকলো লোকে ১ৰ পৰা ৪ লিটাৰ হোৱাটো বাঞ্চনীয় । ৰোগ ভেদে পৰিমানৰ তাৰতম্য হয় ।
* বিনা কাৰনত অত্যধিক পানী খোৱা আৰু একেবাৰে কমকৈ খোৱাটো দেহৰ বাবে অতি অহিতকাৰক ।
*স্বাভাৱিক উষ্ণতাতকৈ অস্বাভাৱিক গৰম বা ঠান্ডা পানীয়েহে দেহত ৰোগ বিয়পায় ।
*বন্ধু সকল পৰাপক্ষত ওপৰত উল্লেখিত স্বাভাৱিক নিয়ম বিধিৰে পানী খাই চাওকচোন ।
বতৰৰ ৰসাল ফল প্ৰচুৰ পৰিমানে খাব ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.71428571429
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top