মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্যৰ বিষয়ে জানিবলগীয়া কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যৰ বিষয়ে জানিবলগীয়া কথা

স্বাস্থ্যৰ বিষয়ে জানিবলগীয়া কথা লিখা হৈছে

ভৰিৰ নখৰ যন্ত্ৰণাত ভুগিছে নেকি ?

 

বহুতো লোকৰ ভৰিৰ বুঢ়া আঙুলিত নানাধৰণৰ সমস্যা হয়, যাৰ কাৰণে তেওঁ যন্ত্ৰণাত ভুগিবলগাত পৰে। ভৰিৰ নখত যদি ভেঁকুৰ (ফাংগাছ) জাতীয় বস্তুৰ সংক্ৰমণ হৈ থাকে তেন্তে নখবোৰ সম্পূৰ্ণৰূপে ভাঙি যাব। তদুপৰি এনে সংক্ৰমণৰ কাৰণে নখৰ ৰঙো নষ্ট হৈ যায়। যদিহে সংক্ৰমণ বেছিকৈ বাঢ়ি যায় তেন্তে ভৰিৰ নখটো নখৰ কাষৰ (নেইনা বেড) পৰা পৃথক হৈ পৰে আৰু তাৰপিচতেই আৰম্ভ হৈ যায় অতিপাত বিষ, দুৰ্গন্ধও। যদিহে আপোনাৰ নখৰ অৱস্থা অতিপাত বেয়ালৈ ঢাল খাইছে তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত হ’ব। পিচে তাৰ আগতে কিছুমান ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰিলে আপোনাৰ নখৰ সমস্যাটো সমাধান হৈ যাব। নখত ভেঁকুৰ সংক্ৰমণ কমাবলৈ কিছুমান ঘৰুৱা উপাদান আৰু পদ্ধতি তলত দিয়া হ’ল।

আপেল চিডাৰ ভিনেগাৰঃ আপেল চিডাৰ ভিনেগাৰৰ মাজত এণ্টি বেক্টেৰিয়া বা বেক্টেৰিয়া প্ৰতিৰোধী উপাদানবিধ থাকে। সেয়ে ই ফাংগাছ বা ভেঁকুৰৰ কাৰণে হোৱা সংক্ৰমণ কমোৱাৰ ক্ষেত্ৰত কাম কৰে। আপেল চিডাৰ ভিনেগাৰত আপোনাৰ আক্ৰান্ত হোৱা নখটোক প্ৰতিদিনে আধাঘণ্টা সময়ৰ কাৰণে ডুবাই ৰাখক।

বেকিং চডাঃ বেকিং চডাৰ প্ৰকৃতি হ’ল আলকেলাইন বা ক্ষাৰজাতীয় প্ৰকৃতি। ভৰিৰ নখৰ ভেঁকুৰৰ সংক্ৰমণ কমোৱাত সুন্দৰভাৱে কাম কৰে।

বেকিং চডাৰ সৈতে পানী মিহলাই এটা লেপন (পেষ্ট) প্ৰস্তুত কৰক। এতিয়া এই লেপনটো ২০ মিনিট সময় নখত লগাই থওক।

নহৰুঃ নহৰুক ভেঁকুৰ প্ৰতিৰোধক বুলি জনা যায়। কেইফুটামান নহৰু থেতালি লওক। কুহুমীয়া পানীৰ মাজত ইয়াক ৰাখক, এতিয়া আক্ৰান্ত হোৱা নখটোক এই পানীত কিছুসময় ডুবাই ৰাখক। যিমানদিনলৈ আক্ৰান্ত নখটো আৰোগ্য নহয়, সিমান দিন এই পদ্ধতিটোক ব্যৱহাৰ কৰিব।

হালধিঃ হালধি এণ্টিচেপ্টিক হিচাপে জনাজাত। হালধিয়ে নখৰ এনে ৰোগৰ প্ৰতিকাৰ কৰাৰ উপৰি এনে ৰোগক প্ৰতিৰোধো কৰিব পাৰে। পানীৰ সৈতে এক চাহ চামুচ হালধি মিহলাই এটা লেপন প্ৰস্তুত কৰক। এই লেপনটো আক্ৰান্ত হোৱা নখটোৰ ওপৰত সানি থ’ব। লেপন দিয়াৰ পিচত ৩ বা ৪ ঘণ্টা অপেক্ষা কৰক আৰু তাৰপাচত নখটো ভালকৈ ধুই পেলাব।

পিঁয়াজঃ পিঁয়াজৰ মাজত ভেঁকুৰ প্ৰতিৰোধী (এণ্টি ফাংগাছ) গুণ থাকে। সেয়েহে পিঁয়াজে ভেঁকুৰ ধ্বংস কৰিব পাৰে। পিঁয়াজৰ পাতল টুকুৰা কাটি লওক। এতিয়া এনে টুকুৰা (শ্লাইচ্) আক্ৰান্ত নখটোৰ ওপৰত একেৰাহে ২০ মিনিট সময় ৰাখক। তাৰপাচত নখটো ধুই পেলাব।

 

শিশুৱে কিমান পানী খোৱাটো উচিত ?

 

সকলো শিশুৰ ক্ষেত্ৰত খোৱা পানীৰ পৰিমাণ একে নহয়। শিশু এটিয়ে কিমান পৰিমাণৰ পানী খাব, তাক নিৰ্ভৰ কৰিব শিশুটিৰ শৰীৰৰ জ্বৰ-ব্যাধি, ওজন আৰু বয়সৰ ওপৰতহে। যদিহে শিশুটিৰ জ্বৰ হৈ আছে তেন্তে তাৰ বাবে পানীৰ প্ৰয়োজন আন সুস্থ শিশুতকৈ অধিক বেছি হ’ব। ডায়েৰীয়া বা পেটৰ অসুখ হ’লেও পানী বেছিকৈ খোৱাৰ প্ৰয়োজন হৈ পৰে। আনবোৰ ক্ষেত্ৰত যেনে- বেছিকৈ গৰম পৰিলে, বেছিকৈ খেলা-ধূলা কৰিলে শিশু এটিয়ে বেছি পৰিমাণৰ পানী খোৱা উচিত। আনহাতে, শিশু এটিৰ শৰীৰত যদি পানী জমা হয় অথবা ইডিমা ৰোগ হ’লে শিশুটিক বৰ কম পৰিমাণৰ পানীহে খাবলৈ দিয়া উচিত হ’ব।

শিশু এটিৰ দৈনিক পানীৰ চাহিদা কিমান ?

 

বয়স

পানীৰ চাহিদা

৭ মাহৰ পৰা ১২ মাহলৈ

আধা লিটাৰৰ পৰা প্ৰায় এক লিটাৰ

১ বছৰৰ পৰা ৩ বছৰলৈ

এক লিটাৰৰ পৰা ডেৰ লিটাৰ

৪ বছৰৰ পৰা ৮ বছৰলৈ

ডেৰ লিটাৰৰ পৰা দুই লিটাৰ

৯ বছৰৰ পৰা ১৬ বছৰলৈ

দুই লিটাৰৰ পৰা আঢ়ৈ লিটাৰলৈ

পিচে পানীৰ এই চাহিদা হ’ল শিশুটিয়ে গ্ৰহণ কৰা মুঠ জুলীয়া দ্ৰব্যহে- এয়া যে কেৱল পানীহে হ’ব, সেই কথাটো নহয়। শিশুটিৰ দেহৰ ভিতৰলৈ যিকোনো প্ৰকাৰৰ জুলীয়া দ্ৰব্য গ’লেও পানীৰ চাহিদা পূৰণ হ’ব। উদাহৰণস্বৰূপে আপোনাৰ পাঁচ বছৰীয়া শিশু সন্তানটিক হিচাপ কৰি দৈনিক ডেৰ লিটাৰ পানী নুখুৱালেও হয়, কাৰণ সেই শিশুটিয়ে দৈনিক যি পৰিমাণৰ গৰুৰ গাখীৰ খাই থাকে, সেই গাখীৰত শতকৰা ৮৭ ভাগেই জুলীয়া দ্ৰব্য। সেইদৰে দৈত ৮৯ শতাংশ, আনাৰসত ৮৮ শতাংশ, কলত ৭০ শতাংশ, আমত ৮১ শতাংশ, পটলত ৯৩ শতাংশ পানী থাকে। গতিকে শিশুটিক হিচাপমতে পানী খুওৱা নহ’ল বুলি আপুনি চিন্তা কৰি থাকিব নালাগে। আন এটা কথালৈকো আপুনি লক্ষ্য কৰিব লাগিব। সেয়া হ’ল পানীৰ অভাৱ পূৰণ কৰিবৰ কাৰণে শিশুটিক আপুনি ক’ল্ড ড্ৰিংকচ্ বা শীতল পানীয় আৰু পেকেটত থকা ফলৰ ৰস নুখুৱাব কিন্তু! শিশু এটিৰ ক্ষেত্ৰত খোৱা পানীৰ পৰিমাণ কম হৈছে নেকি তাক বুজিবলৈ শিশুটিৰ প্ৰস্ৰাৱৰ মাত্ৰা পৰীক্ষা কৰক। শিশু এটিয়ে দৈনিক যি হাৰত প্ৰস্ৰাৱ কৰি থাকে, তাৰ বিপৰীতে যদিহে শিশুটিয়ে কম পৰিমাণৰ পানী গ্ৰহণ কৰি থাকে, তেন্তে তাৰ প্ৰস্ৰাৱ কৰাৰ হাৰ কমি যাব। কম পৰিমাণৰ পানী গ্ৰহণ কৰিলে শিশুটিৰ দেহত আন কিছুমান লক্ষণো প্ৰকাশ পায় যেনে- শিশুটি বেচ অস্থিৰ হৈ থাকিব, চকু দুটা ভিতৰলৈ সোমাই যাব, জিভাখন শুকাই যাব, নাড়ীৰ স্পন্দন বা পালছ দুৰ্বল অথবা খৰগতিৰ হৈ পৰিব।

ছমাহ বয়সৰ পৰাই শিশুটিক ওপৰঞ্চি পানী খুৱাব লাগিব। এবছৰীয়া শিশুৱে সাধাৰণতে নিজে নিজে পানী খাব পাৰে বা জানে। শিশুটিয়ে খিচিৰী খোৱাৰ পাচত তাক প্লাষ্টিক বা মেলামাইনেৰে তৈয়াৰী গিলাচত পানী খাবলৈ দিব। শিশুটিক ৰঙীন, ধুনীয়া আকৰ্ষণীয় মেলামাইন বা ষ্টীলৰ মগ বা গিলাচত পানী ঢালি শিশুটিয়ে কেনেকৈ ধীৰে ধীৰে পানী পিব লাগে, তাক ধৈৰ্যসহকাৰে শিকাওক। পিচলৈ দেখিব যে, শিশুটিয়ে নিজেই পানী খাবলৈ ইচ্ছা কৰিব। তদুপৰি শিশুটি অসুস্থ হ’লে, জ্বৰ আদি থাকিলে, পেটৰ অসুখ বা ডায়েৰীয়াত ভুগিলে শিশুটিক যেন অধিক পৰিমাণৰ পানী খুৱাবলৈ নাপাহৰে।

 

দুপৰীয়া আহাৰ কৰাৰ পিচত আমাৰ কিয় টোপনি আহে ?

 

আপুনি মন কৰিছেনে যে দুপৰীয়া আহাৰ খোৱাৰ পিচত আপোনাৰ টোপনি আহে। পিচে চিন্তা নকৰিব কাৰণ, এইক্ষেত্ৰত আপুনি অকলশৰীয়া ব্যক্তি নহয়। পৃথিৱীৰ বেছিভাগ মানুহৰে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিচত টোপনি ধৰে। এতিয়া প্ৰশ্ন হৈছে যে, দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিচত আমাৰনো কিয় টোপনি ধৰে-

লিউক কোটিনহো নামৰ পুষ্টিবিদ আৰু ফিজিকেল ফিটনেছ (শৰীৰটোক কৰ্মঠ কৰি ৰখা) বিভাগৰ বিশেষজ্ঞ এজনৰ মতে আপুনি যদি শৰীৰটোৰ প্ৰয়োজনৰ তুলনাত অধিক মাত্ৰাত খাদ্য গ্ৰহণ কৰে, তেতিয়া আপোনাৰ শৰীৰত ইনচুলিনৰ মাত্ৰা (লেভেল) উঠা-নমা কৰি ঠাকে। আমি নজনাকৈয়ে আমি যিকোনো খাদ্য খোৱাৰ পিচতেই আমাৰ তেজত চেনিৰ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ দেহৰ ভিতৰত থকা পেনক্ৰিয়াছ নামৰ অংগটোৱে ইনচুলিন উৎপাদন কৰিবলৈ ধৰে। অধিক মাত্ৰাত খাদ্য গ্ৰহণ কৰিলে পেনক্ৰিয়াছে অধিক ইনচুলিন উৎপাদন কৰে। পিচে দেহত ইনচুলিনৰ যদি বেছিকৈ উৎপাদন হয় তেতিয়া শৰীটোত দুটা ঘটনা ঘটে। প্ৰথমটো হৈছে- শৰীৰত টোপনিৰ হৰম’ন উৎপাদন হয়। এই হৰম’নে আপোনাৰ মগজুলৈ গৈ হজম প্ৰক্ৰিয়াৰ মাধ্যমত চেৰোটোনিন আৰু মেলাটোনিনলৈ পৰিণত হয়। এই মেলাটোনিন নামৰ উপাদানবিধেই হৈছে টোপনি ধৰাৰ বাবে প্ৰয়োজনীয় হৰম’নবিধ।

দ্বিতীয়টো ঘটনা হ’ল ? আমি যদি উচ্চ মাত্ৰাৰ কাৰ্ব’হাইড্ৰেট সমৃদ্ধ খাদ্য খাওঁ তেতিয়া ইয়াক হজম কৰিবলৈ আমাৰ শৰীৰটোৱে বহুত বেছি পৰিমাণৰ শক্তি খৰচ কৰিবলগাত পৰে। লিউক কোটিনহো নামৰ বিশেষজ্ঞজনৰ মতে বৰ বেছি গধুৰ খাদ্য খালে তাক হজম কৰিবলৈ যাওঁতে শৰীৰটোৱে ৬০ৰ পৰা ৭৫ ভাগ শক্তি প্ৰয়োগ কৰিবলগাত পৰে। ইমান বেছি শক্তি ক্ষয় হোৱাৰ বাবেও ভাগৰত আমাৰ টোপনি ধৰে। পিচে কেৱল উচ্চ মাত্ৰাৰ কাৰ্ব’হাইড্ৰেট সমৃদ্ধ খাদ্যৰ ক্ষেত্ৰতো এনেদৰে শক্তি ক্ষয় বা ব্যৱহৃত নহয়, অধিক প্ৰ’টিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰতো একেটা ঘটনাই ঘটে।

পিচে এনেধৰণে অহা টোপনিক আপুনি কেনেকৈ এৰাই চলিব ? অধিক প্ৰ’টিন আৰু অধিক চৰ্বিজাতীয় খাদ্য খালে আপুনি বিপদত পৰে অৰ্থাৎ ভুগিব লাগে। কাৰণ এই জাতীয় খাদ্যবোৰ হজম কৰিবলৈ যাওঁতে শৰীৰটোৰ বেছি শক্তি খৰচ হৈ যাব। সেয়েহে দুপৰীয়া পৰত বৰ বেছিকৈ খাদ্য নাখাব। দুপৰীয়া যদি আপুনি পাতল খাদ্য গ্ৰহণ কৰে তেন্তে এই টোপনি ধৰাৰ অনুভৱটো কমাই দিয়াত তেনে খাদ্যই সহায় কৰিব। যদিহে তাৰপিচতো দুপৰীয়া আপোনাৰ টোপনি ধৰে তেতিয়া কিন্তু চিকিৎসকৰ পৰা পৰামৰ্শ ল’বলৈ নাপাহৰে যেন।

 

আপোনাৰ নাকে ঘোৰ্ঘোৰাই নেকি ?

 

নাকৰ ঘোৰ্ঘোৰণিৰ শব্দই মানুহক লাজত পেলায় কাৰণ আপুনি গভীৰ নিদ্ৰাত পৰিলেহে আপোনাৰ নাকে ঘোৰ্ঘোৰায়, সেয়ে এই অসুবিধাটো আপুনি নিজে গম নাপায়, আনেহে আপোনাক ক’লে গম পায়। পশ্চিমীয়া দেশত পতিৰ নাকৰ ঘোৰ্ঘোৰণিত অতিষ্ঠ হৈ পত্নীয়ে বিবাহ বিচ্ছেদৰ আবেদন কৰাৰ অনেক উদাহৰণ আছে। যিয়েই নহওক আপোনাৰ নাকৰ ঘোৰ্ঘোৰণিয়ে আনৰ নিদ্ৰাত ব্যাঘাত জন্মায়, সেইটো সঁচা কথা। নিঃশব্দ বা গভীৰ টোপনিৰ কাৰণে আমাৰ প্ৰয়োজন হয় দেহৰ পেশীবোৰৰ শিথিলতা যাৰ কাৰণে আমাৰ টোপনিৰ গুণগত মানদণ্ড উত্তম হৈ পৰে। আনহাতে টোপনিত নাক ঘোৰ্ঘোৰোৱা প্ৰক্ৰিয়াটোক ‘শ্লিপ্‌এগনিয়া’ বোলা হয়। টোপনি অহাৰ পৰত ১০ ছেকেণ্ড বা তাৰো বেছি সময় আমাৰ শ্বাস-প্ৰশ্বাস সম্পূৰ্ণ অথবা অলপ পৰিমাণে বন্ধ যদি হৈ যায় তেতিয়া ইয়াৰ কাৰণে আমাৰ শৰীৰৰ অক্সিজেন শতকৰা তিনিভাগতকৈ যদিহে অধিক অংশ কমি যায়, তেতিয়া সেই প্ৰক্ৰিয়াটোক ‘শ্লিপ্‌এগনিয়া’ বোলে। টোপনিত নাকৰ ঘোৰ্ঘোৰণিৰ সমস্যাটো কমাবলৈ হ’লে আমাৰ শৰীৰৰ পেশীবোৰ শিথিল হোৱা, তেজৰ চলাচল অতি উত্তম হোৱাৰ লগতে টোপনিৰ হৰম’নবোৰৰ ভালকৈ নিঃসৰণ হোৱাটোৰ অতি প্ৰয়োজন। যদিহে আপোনাৰ নাকৰ ঘোৰ্ঘোৰণিৰ সমস্যাটো অতিমাত্ৰাৰ হয় তেন্তে আপুনি চিকিৎসকৰ ওচৰলৈ গৈ পৰামৰ্শ লোৱাটো উচিত। পিচে আপুনি হয়তো নাজানে যে নাকৰ ঘোৰ্ঘোৰণি কমোৱাত কিছুমান বিশেষ খাদ্য খালেও এই সমস্যাৰ ক্ষেত্ৰত আপুনি উপকৃত হ’ব। ঘোৰ্ঘোৰণি সমস্যা কমোৱাৰ বাবে আপুনি তলত দিয়া খাদ্যবোৰ গ্ৰহণ কৰক।

  • খাদ্যৰ উপাদানসমূহঃ আপেল এটা, এটা নেমুৰ সম্পূৰ্ণ ৰস, এটা পূৰঠ গাজৰৰ ৰস, সামান্য পৰিমাণৰ আদা।

খাদ্যৰ প্ৰস্তুত প্ৰণালীঃ

ওপৰত দিয়া আটাইবোৰ উপাদান মিহলাই মিক্সিত গুৰি কৰক। টোপনিত পৰাৰ আধা ঘণ্টাৰ পূৰ্বে আপুনি উপৰোক্ত মিশ্ৰণবিধ খাব।

আদাৰ গুণঃ আদাই আমাৰ তেজ চলাচল বঢ়োৱাত সহায় কৰে। হজম প্ৰক্ৰিয়া ভাল কৰে আৰু শৰীৰৰ পেশীবোৰক শিথিল কৰে।

আপেলৰ গুণঃ আপেলত পটাচিয়াম আৰু ভিটামিন বি-৬ থাকে। এই উপাদানবোৰে আপোনাৰ ভাল বা গভীৰ টোপনি অহাৰ ক্ষেত্ৰত সহায় কৰে। তদুপৰি আপেলত থকা ভিটামিন ‘চি’য়ে আমাৰ শ্বাস-প্ৰশ্বাস উত্তম হোৱাত সহায় কৰে। তদুপৰি টোপনিত পৰাৰ পূৰ্বে শৰীৰটোক শিথিল কৰাত সহযোগিতা আগবঢ়ায়।

নেমুটেঙাৰ গুণঃ নেমুৰ ৰস খালে ভাল টোপনি আহে। নেমু ৰসত থাকে আলকেলাইন্। আলকেলাইনে আমাৰ খাদ্য হজম কৰা প্ৰক্ৰিয়াটোক সহায় কৰে।

গাজৰৰ গুণঃ আমি জানো যে গাজৰত আলফা কেৰোটিন থাকে। যি আমাৰ গভীৰ টোপনি অহাৰ বাবে সহায় কৰে।

(উৎসঃ সাদিন)।

2.91304347826
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top