মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্যৰক্ষাত সূৰ্যোপত্তাপৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যৰক্ষাত সূৰ্যোপত্তাপৰ ভূমিকা

স্বাস্থ্যৰক্ষাত সূৰ্যোপত্তাপৰ ভূমিকাৰ বিষয়ে লিখা হৈছে ।

 

সূৰ্যোত্তাপ সুস্থ শৰীৰ আৰু সবল হাড়ৰ বাবে অতি প্ৰয়োজন । শৰীৰটোৱে যদি ঠিক মতে সূৰ্যোত্তাপ পায়, তেতিয়াহ’লে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰা যায় । সূৰ্যোত্তাপৰ আৰু বহুতো লাভালাভ আছে ।

হাড় শক্তিশালী হয় -

শাৰীৰিক বিকাশৰ হেতু হাড়বোৰ শক্তিশালী হোৱাৰ আৱশ্যক । এসময়ৰ ব্যক্তিসকল শাৰীৰিকভাৱে যথেষ্ট সবল আছিল আৰু আজিৰ মানুহতকৈ বহুত বেছি কাম কৰিব পাৰিছিল । ইয়াৰ প্ৰধান কাৰণ আছিল তেওঁলোকৰ শৰীৰে উচিত মাত্ৰাত সূৰ্যোত্তাপ আহৰণ কৰিছিল । এতিয়াৰ নিচিনাকৈ তেওঁলোকে নিজক কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰখা নাছিল অথবা বাহিৰলৈ ওলালে সূৰ্যৰ পোহৰৰ পৰা নিজক বচোৱাৰ প্ৰয়াস কৰা নাছিল । আপুনি যদি বিচাৰে যে আপুনি আৰু আপোনাৰ পৰিয়ালটি আৰু স্বাস্থ্যৱান হৈ ৰওক, তেন্তে প্ৰতিদিনে আধাঘণ্টা সূৰ্যোত্তাপ লওক । পুৱাবেলাৰ কোমল উত্তাপ লাভদায়ক ।

মস্তিষ্কৰ্ সুস্থতা বাঢ়ে -

এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে এন্ধাৰত থাকিলে ব্যক্তি ডিপ্ৰেচনৰ চিকাৰ হয় । সূৰ্যৰ পোহৰ নোপোৱাৰ ফলত মস্তিষ্কই ঠিক মতে কাম কৰিব নোৱাৰে । এষাৰ কথা ভাবকচোন কিয় সূৰ্যোদয়ৰ লগে লগে আমি বিচনা এৰো । আৰু যেতিয়াই ৰাতি হয়, আমাৰ কৰ্মস্পৃহা কমি আহিব ধৰে আৰু শেষত আমি শুবলৈ লওঁ । আচলতে ইয়াৰ পোনপটীয়া সংযোগ মস্তিষ্কৰ কাৰ্য পদ্ধতিৰ সৈতে । দিনত সূৰ্যৰ পোহৰৰ প্ৰভাৱত মগজুৱে সম্পূৰ্ণৰুপে শক্তি পায় আৰু আপোনাক সক্ৰিয় কৰি ৰাখে ।

ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে -

ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি আহিলে শৰীৰটো বিভিন্ন ধৰণৰ বেমাৰে আক্ৰমণ কৰে । সূৰ্যোত্তাপৰ যোগেদি শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয় আৰু প্ৰায়ে হৈ থকা জ্বৰ, পানী লগা, ডিঙিৰ সুৰসুৰণি ইত্যাদি সমস্যাৰ পৰা ৰেহাই পোৱা যায় ।

মধুমেহৰ পৰা সকাহ -

সঠিক মাত্ৰাত শৰীৰটোৱে সূৰ্যৰ পোহৰ পাই থাকিলে মধুমেহৰ নিচিনা সমস্যাৰ পৰাও সকাহ পোৱা যায় । তদুপৰি তেজ গোট নামাৰে । সূৰ্যৰ তাপ পালে শৰীৰৰ পৰা নাইট্ৰিক অক্সাইড গেছ বাহিৰ হয় যি কাৰণত শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাৰ সম্ভাৱনাও নাথাকে । ই তেজত শৰ্কৰাৰ মাত্ৰাও কমায় । ওজন স্বাভাৱিক হয় যাৰ ফলত শৰীৰত কলেষ্টেৰলৰ সমস্যা নহয় ।

তেজ পৰিষ্কাৰ কৰে -

সূৰ্যোত্তাপে তেজ পৰিষ্কাৰ কৰে । ইয়াৰ ফলত ছালৰ বহু ৰোগৰ পৰা হাত সাৰিব পৰা যায় । যদি আপোনাৰ খৰ, খজুৱতি আদিৰ সমস্যা যথেষ্ট বেছি, তেন্তে এতিয়াৰে পৰা সূৰ্যোত্তাপ নিয়মীয়াকৈ কিছু সময় লোৱাৰ অভ্যাস কৰক ।

দাঁতৰ সুস্থতা বঢ়ায় :-

দৈনিক আধা ঘণ্টাৰ সূৰ্যোত্তাপ দাঁতৰ কাৰণে অতি লাভদায়ক ।ইয়াৰ ফলস্বৰুপে দাঁতত হালধীয়া বৰণ নধৰে ।

শিশুৰ উচ্চতা বঢ়ায় -

যদি উপযুক্ত পৰিমাণৰ সুষম আহাৰ গ্ৰহণ কৰাৰ পিছতো শিশুৰ শাৰীৰিক বিকাশ ঠিক মতে হোৱা নাই আৰু তাৰ উচ্চতা সমবয়সীয়া শিশুৰ তুলনাত কম তেন্তে তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ গৈ ঔষধ খুৱাবলৈ আৰম্ভ কৰাৰ পৰিৱৰ্তে কিছু প্ৰাকৃতিক উপায় অৱলম্বন কৰক । শিশুক পুবাবেলাৰ সূৰ্যৰ পোহৰত ব্যায়াম কৰিবলৈ লওক ।

৯০ শতাংশ ব্যক্তি ভিটামিন ডিৰ অভাৱৰ চিকাৰ :-

আজি চহৰাঞ্চলৰ প্ৰায় ৯০ শতাংশ ব্যক্তি ভিটামিন-ডিৰ অভাৱগ্ৰস্ত হৈছে । ইয়াৰ মুখ্য কাৰণ হৈছে সূৰ্যোত্তাপৰ পৰা আঁতৰি থকা ।

ছালৰ লোকচান নহয়, লাভহে হয় -

সূৰ্যৰ তাপে ছালৰ বাহ্যিক তৰপটোৰ কোনো ক্ষতি নকৰে । বৰঞ্চ ই শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰি লাভান্বিতহে কৰে ।

চিকিৎসকে কি কয় ?

শিশুক সদায় এঘণ্টামান সময় সূৰ্যৰ পোহৰ পৰা ঠাইত খেলাৰ সুবিধা দিব লাগে । ইয়াৰ ফলস্বৰুপে সিহঁতৰ শৰীৰত কোনোদিনে ভিটামিন-ডিৰ অভাৱ হ’ব নোৱাৰে ।

জ্যেষ্ঠসকলে প্ৰতিদিনে অন্তত: আধা ঘণ্টা সূৰ্যৰ তাপ আহৰণ কৰা দৰকাৰ ।

কেলছিয়ামজাতীয় দৰব খোৱাৰ সলনি সূৰ্যৰ পোহৰ তথা ৰ’দত ওলাওক । ই ভিটামিন ডিৰ-প্ৰাকৃতিক স্ত্ৰোত ।

লেখিকা :- ডা: ৰীণা দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য

 

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top