মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্যৱান হৈ থাকিব খোজে নেকি? তেন্তে কান্দক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যৱান হৈ থাকিব খোজে নেকি? তেন্তে কান্দক

কিবা আজৱ কথা যেন লগা নাইনে? সুস্বাস্থ্যৰ সৈতে বাৰু কান্দোনৰ কিহৰ সম্পৰ্ক আছে তাক জানি লওকচোন। আমি সকলোৱেই জানো যে, আমি যদি সশব্দে হাঁহিব পাৰো তেন্তে তেনে হাঁহিৰ ফলত আমাৰ হৃদৰোগৰ আশংকা কমি থাকে।

কিবা আজৱ কথা যেন লগা নাইনে? সুস্বাস্থ্যৰ সৈতে বাৰু কান্দোনৰ কিহৰ সম্পৰ্ক আছে তাক জানি লওকচোন। আমি সকলোৱেই জানো যে, আমি যদি সশব্দে হাঁহিব পাৰো তেন্তে তেনে হাঁহিৰ ফলত আমাৰ হৃদৰোগৰ আশংকা কমি থাকে। পিচে কান্দোনেও আপোনাৰ শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে। বিজ্ঞানীসকলৰ মতে কান্দোন তিনিপ্ৰকাৰৰ আছে- আত্মবাচক কান্দোন, একেলেথাৰিৰ কান্দোন আৰু আৱেগিক কান্দোন। পিচে এই তিনিবিধ কান্দোনৰ ভিতৰত মানুহে মাথোন আৱেগিক কান্দোনহে বেছিকৈ কান্দি থাকে। নিউৰো বিজ্ঞানী আৰু চকুপানীৰ গৱেষক ড° উইলিয়াম এইচ ফ্ৰে’-২ নামৰ বিজ্ঞানীজনে গৱেষণা কৰাৰ পিচত ঘোষণা কৰিছে যে, শতকৰা ৮৫ ভাগ মহিলা আৰু শতকৰা ৭৩ ভাগ পুৰুষে হতাশা বা খঙত কান্দে। একোটা বছৰত এগৰাকী মহিলাই ৪৭ বাৰ আৰু এজন পুৰুষে সাতবাৰ কান্দে। এই কান্দোন গড়ে ৬ মিনিটলৈকে স্থায়ী হয়। বিজ্ঞানীজনৰ মতে সাধাৰণতে নিশা ৭ বজাৰ সময়ৰ ভিতৰত কান্দোনবোৰ অধিক পৰিমাণৰ হয়। কান্দোন শুনি আপোনাৰ ভাল নালাগিব পাৰে, পিচে বিজ্ঞানীসকলে কান্দোতাজনৰ কান্দোনৰ মাজত সুস্বাস্থ্যৰ কিছুমান উঁহ বিচাৰি পাইছে।

কান্দোনে মানসিক চাপ কমায়-

 

ওপৰত উল্লেখ কৰা ড° উইলিয়াম এইচ ফ্ৰে-২ (এওঁ এজন বায়’কেমিষ্ট আৰু Psychiatry Research Labories. St Paul Ramsey Medical Centre ৰ অধ্যাপক তথা মিন’ছটা চহৰত থকা আলঝেইমাৰছ্‌ গৱেষণা কেন্দ্ৰৰ সঞ্চালক) নামৰ গৱেষকজনে ব্যক্ত কৰিছে যে, ‘আমাৰ শৰীৰত চাপ সৃষ্টি কৰা ৰাসায়নিক পদাৰ্থবোৰ কান্দোনে আঁতৰাই পঠিয়ায়।’ অতিৰিক্ত মানসিক চাপে (ষ্ট্ৰে’চ্‌) হৃদপিণ্ডৰ স্পন্দন স্তব্ধ (হাৰ্ট এটেক) কৰা আৰু ষ্ট্ৰ’ক হোৱাৰ আশংকা বৃদ্ধি কৰে। পিচে কান্দোনৰ ফলত মানসিক চাপ কমি যোৱাত হৃদৰোগত সম্ভাৱনা কমি যায়।

চকু পৰিষ্কাৰ কৰে-

 

এইটো সাধাৰণ ঘটনা যে, পিয়াঁজ কাটি থাকোতে প্ৰায়বোৰ মানুহৰে চকুপানী ওলায়, পিচে জানেনে আপুনি, এই ঘটনাত আমনি পালেও এনে চকুপানীয়েও আপোনাৰ চকুহাল পৰিষ্কাৰ বা চাফা কৰি ৰাখে। কাৰণ পিয়াঁজত থকা ৰাসায়নিক পদাৰ্থবোৰে চকুৰ উপৰিভাগত আঘাত কৰি চালফিউৰিক এচিডৰ উৎপাদন কৰে; এই পদাৰ্থই কান্দোন বা চকুপানী ওলোৱা বন্ধ কৰে। চকুপানীত লাইচোজাইম নামৰ এনে এবিধ পদাৰ্থ আছে, যি নেকি বেক্টেৰিয়া প্ৰতিৰোধী, ভাইৰাছ প্ৰতিৰোধী। তদুপৰি চকুপানীত থকা গ্লুক’জে চকুৰ ভিতৰখন সুস্থ ৰখাত সহায় কৰে।

ৰক্তচাপ কমায়-

 

কান্দোনে ৰক্তচাপ আৰু স্পন্দন (পাল্‌চ্‌)কমাই ৰাখি শৰীৰটোক স্বাস্থ্যৱান কৰে। দুখ অথবা শোক পালে আপুনি কান্দিবলৈ চেষ্টা কৰক, যাৰ ফলত আপোনাৰ শৰীৰৰ উচ্চ ৰক্তচাপ কমি থাকিব।

 

শৰীৰৰ মেংগানিজ পদাৰ্থক হ্ৰাস কৰে-

 

শৰীৰত থকা মেংগানিজ পদাৰ্থবিধে মনোভাৱ বা মুডৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। কান্দোনে শৰীৰৰ মাংগানিজ পদাৰ্থক হ্ৰাস কৰি পেলায়। সেয়েহে কন্দাৰ পিচত আপোনাৰ মনটো ফৰকাল হৈ পৰে, মুড বা মনোভাৱ ভাললৈ আহে।

আৱেগক প্ৰকাশ কৰে-

 

জানেনে মানুহৰ বাহিৰেও কিছুমান স্তন্যপায়ী প্ৰাণীয়েও কান্দিব পাৰে। পিচে এনে প্ৰাণীয়ে মানুহৰ দৰে আৱেগিক হৈ কান্দিব নোৱাৰে। একমাত্ৰ মানুহেহে কান্দি নিজৰ আৱেগক প্ৰকাশ কৰিব জানে। কান্দোনৰ মাজেৰে মানুহে শোক-বেজাৰ, দুখ-যন্ত্ৰণাক আনৰ আগত প্ৰকাশ কৰে। মনৰ মাজত থকা দুখ-বেজাৰক আতঁৰ কৰিবৰ কাৰণে কান্দোনেই হৈছে আটাইতকৈ ভাল উপায়। গতিকে মনৰ মাজত দুখ-বেজাৰবোৰ জোৰকৈ চেপি ৰখাৰ সলনি আন মানুহে নেদেখাকৈ এসোঁতা কান্দি ল’বচোন।

উৎস: সাদিন।

3.11538461538
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top